ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh অধ্যায় ১৩ পৃষ্ঠা ১২৫-১৩৩
  • জীৱনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিকোণ ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিকোণ ৰাখক
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • জীৱনৰ প্ৰতি সন্মান
  • তেজৰ প্ৰতি সন্মান
  • তেজ ব্যৱহাৰ কৰাৰ একমাত্ৰ সঠিক কাৰণ
  • জীৱন—এক মূল্যৱান উপহাৰ
    বাইবেলে আমাক কি শিকায়?
  • উপহাৰ হিচাবে পোৱা আপোনাৰ জীৱনটোৰ প্ৰতি সঠিক মূল্যাঙ্কন দেখুৱাউক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ দৰে আপুনিও জীৱনক বহুমূলীয়া বুলি গণ্য কৰেনে?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
বাইবেলে প্ৰকৃততে কি শিকায়?
bh অধ্যায় ১৩ পৃষ্ঠা ১২৫-১৩৩

তেৰ অধ্যায়

জীৱনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিকোণ ৰাখক

  • জীৱনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভংগী কি?

  • গৰ্ভপাতৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভংগী কি?

  • আমি জীৱনৰ প্ৰতি কেনেকৈ সন্মান দেখুৱা উচিত?

১. সকলো জীৱিত প্ৰাণীৰ সৃষ্টিকৰ্ত্তা কোন?

যিৰিমিয়া নামৰ ভৱিষ্যতবক্তাজনে এইদৰে কৈছিল: “যিহোৱা সত্য ঈশ্বৰ, তেওঁ জীৱন্ত ঈশ্বৰ।” (যিৰিমিয়া ১০:১০) ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰ হৈছে সকলো জীৱিত প্ৰাণীৰ সৃষ্টিকৰ্ত্তা। স্বৰ্গীয় প্ৰাণীবোৰে ঈশ্বৰৰ বিষয়ে এইদৰে কৈছে: “কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” (প্ৰকাশিত বাক্য ৪:১১) ঈশ্বৰলৈ প্ৰশংসা কৰি ৰজা দায়ূদে এইদৰে কৈছিল: “কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে।” (গীতমালা ৩৬:৯) প্ৰকৃততে কʼবলৈ গʼলে, আমাৰ জীৱন হৈছে ঈশ্বৰৰপৰা এক উপহাৰ।

২. ঈশ্বৰে আমাক জীৱিত ৰাখিবলৈ কি প্ৰবন্ধ কৰিলে?

২ যিহোৱা ঈশ্বৰে মাত্ৰ আমাক সৃষ্টি কৰাই নহয়, কিন্তু আমাৰ জীৱনৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিছে। (পাঁচনিৰ কৰ্ম্ম ১৭:২৮) এই সুন্দৰ পৃথিৱীখনত ঈশ্বৰে আমাৰ বাবে আহাৰ, পানী আৰু বায়ু আদিৰ প্ৰবন্ধ কৰিছে। (পাঁচনিৰ কৰ্ম্ম ১৪:১৫-১৭ পঢ়ক।) আমি উপভোগ কৰিব পৰাকৈ ঈশ্বৰে এই সকলোবোৰ সৃষ্টি কৰিলে। যদি আমি এই সকলোবোৰ ভালদৰে উপভোগ কৰিব বিচাৰোঁ, তেন্তে আমি ঈশ্বৰৰ নিয়মবোৰ শিকিব লাগিব আৰু সেইবোৰ নিজৰ জীৱনত পালন কৰিব লাগিব।—যিচয়া ৪৮:১৭, ১৮.

জীৱনৰ প্ৰতি সন্মান

৩. হেবলৰ হত্যাক ঈশ্বৰে কেনে দৃষ্টিৰে চাইছিল?

৩ আমি নিজৰ আৰু আনৰ জীৱনৰ প্ৰতি সন্মান দেখুৱাটো ঈশ্বৰে আমাৰপৰা বিচাৰে। উদাহৰণস্বৰূপে, আদম আৰু হৱাৰ সময়ছোৱালৈ মনত পেলাওক। এদিনাখন আদমৰ পুত্ৰ কয়িনে নিজৰ ভায়েক হেবলৰ ওপৰত বৰ খং উঠা দেখা গʼল। ইয়াৰ ফলত সি যে এক গভীৰ পাপ কৰিব পাৰে তাৰ বিষয়ে যিহোৱা ঈশ্বৰে তাক সাৱধান কৰিলে। কিন্তু কয়িনে যিহোৱাৰ এই সাৱধানবাণীলৈ আওকাণ কৰিলে। ফলস্বৰূপে, “কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।” (আদিপুস্তক ৪:৩-৮) নিজৰ ভায়েকক হত্যা কৰাৰ বাবে যিহোৱাই কয়িনক শাস্তি দিছিল।—আদিপুস্তক ৪:৯-১১.

৪. মোচিৰ ব্যৱস্থাত, ঈশ্বৰে জীৱনৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখিছে?

৪ বহু বছৰৰ পাছত ঈশ্বৰে ইস্ৰায়েলী লোকসকলক ব্যৱস্থা দিছিল, যাতে তেওঁলোকে যিহোৱাৰ ইচ্ছা অনুসৰি তেওঁক সেৱা কৰিব পাৰে। যিহেতু এই ব্যৱস্থা মোচিৰ দ্বাৰা দিয়া হৈছিল, সেইবাবে ইয়াক মোচিৰ ব্যৱস্থা বুলিও কোৱা হয়। নৰ-হত্যাৰ বিষয়ে মোচিৰ ব্যৱস্থাই এইদৰে কৈছে: “তুমি নৰ-বধ নকৰিবা।” (দ্বিতীয় বিবৰণ ৫:১৭) এই ব্যৱস্থা অনুসৰি ইস্ৰায়েলীসকলক ঈশ্বৰে দেখুৱালে যে তেওঁ নিজেই মানৱ জীৱনক মূল্যৱান বুলি ভাবে আৰু সকলোৱে আনৰ জীৱনকো মূল্যৱান বুলি ভবা উচিত।

৫. গৰ্ভপাতৰ বিষয়ে আমি কেনে দৃষ্টিভংগী ৰখা উচিত?

৫ এতিয়া প্ৰশ্ন হʼব পাৰে যে মাকৰ গৰ্ভত থকা সন্তানৰ বিষয়েনো কি? মোচিৰ ব্যৱস্থা অনুসৰি গৰ্ভত থকা সন্তানক হত্যা কৰাটো ভুল বুলি কোৱা হৈছে। অজন্মা শিশুৰ জীৱনো যিহোৱা ঈশ্বৰৰ বাবে মূল্যৱান। (যাত্ৰাপুস্তক ২১:২২, ২৩; গীতমালা ১২৭:৩ পঢ়ক।) ইয়াৰ অৰ্থ হৈছে গৰ্ভপাত কৰা অনুচিত।

৬. আমি কিয় সংগী মানৱক ঘৃণা কৰা উচিত নহয়?

৬ জীৱনৰ প্ৰতি সন্মান দেখুৱাৰ অৰ্থ হৈছে সংগী মানৱৰ প্ৰতিও সঠিক মনোভাব ৰখা। বাইবেলে উল্লেখ কৰিছে যে “যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ নৰ-বধী; আৰু কোনো নৰ-বধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা।” (১ যোহন ৩:১৫) যদি আমি অনন্ত জীৱন পাব বিচাৰোঁ, তেনেহʼলে আমি সংগী মানৱৰ প্ৰতি থকা ঘৃণাভাব সম্পূৰ্ণৰূপে আমাৰ হৃদয়ৰপৰা উলিয়াই পেলাব লাগিব আৰু এজনে-আনজনক ভাল পাবলৈ শিকিব লাগিব।—১ যোহন ৩:১১, ১২.

৭. জীৱনৰ প্ৰতি অসন্মান দেখুৱা এনে কিছুমান অভ্যাস কি?

৭ নিজৰ জীৱনৰ প্ৰতি সন্মান দেখুৱাৰ বিষয়েনো কি? সাধাৰণতে, কোনো মানুহে মৰিবলৈ ইচ্ছা নকৰে, কিন্তু এনে কিছুমান লোক আছে যিয়ে আনন্দ-ফুৰ্ত্তিৰ বাবে নিজৰ প্ৰাণৰ লগত খেলা কৰে। উদাহৰণস্বৰূপে, বহুতে ধঁপাত, পাণ-তামোল, বিড়ি-চিগাৰেট বা অন্যান্য মাদক দ্ৰব্য সেৱন কৰি আনন্দ লʼব বিচাৰে। এই পদাৰ্থবোৰ শৰীৰৰ বাবে হানিকাৰক আৰু ই কেতিয়াবা প্ৰাণঘাতকো হʼব পাৰে। যি লোকসকলে এইবোৰ দৈনিকভাৱে ব্যৱহাৰ কৰে, তেওঁলোকে জীৱন ঈশ্বৰৰ ফালৰপৰা পোৱা এক উপহাৰ বুলি স্বীকাৰ নকৰে। এই অভ্যাসবোৰ ঈশ্বৰৰ দৃষ্টিত অপবিত্ৰ। (ৰোমীয়া ৬:১৯; ১২:১; ২ কৰিন্থীয়া ৭:১ পঢ়ক।) যদি আমি ঈশ্বৰক সেৱা কৰিব বিচাৰোঁ, তেনেহʼলে এই অভ্যাসবোৰ সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগিব। এইবোৰ ত্যাগ কৰিবলৈ আপোনাৰ বাবে হয়তো সহজ নহʼবও পাৰে, কিন্তু মনত ৰাখিব যে যিহোৱা ঈশ্বৰে আমাক প্ৰয়োজনীয় সহায় আগবঢ়াব। আমাৰ এই জীৱন ঈশ্বৰৰ ফালৰপৰা এক উপহাৰ বুলি ভালদৰে যত্ন লʼলে তেওঁ আনন্দিত হয়।

৮. আমি নিজৰ তথা আনৰ নিৰাপত্তাৰ বাবে কিয় মনোযোগ দিয়া উচিত?

৮ যদি আমাৰ জীৱনৰ প্ৰতি সন্মান থাকে, তেনেহʼলে আমি নিজৰ তথা আনৰ নিৰাপত্তাৰ বাবেও মনোযোগ দিম। আমি আনন্দ-ফুৰ্ত্তিৰ বাবে আমাৰ জীৱনটো কোনো ধৰণৰ বিপদত নেপেলাম আৰু সদায় সাৱধানতা অৱলম্বন কৰিম। আমি যান-বাহন চলাওঁতে কোনো ধৰণৰ বেপৰোৱা নহʼম আৰু হিংসাত্মক খেল-ধেমালিৰপৰা আঁতৰি থাকিম। (গীতমালা ১১:৫) ইস্ৰায়েলী লোকসকলক দিয়া ব্যৱস্থাত এইদৰে উল্লেখ কৰা হৈছিল: “কোনো মানুহ তোমাৰ ঘৰৰ চালৰ পৰা পৰিলে তুমি নিজ ঘৰৰ ওপৰত ৰক্তপাতৰ দোষ নঘটাবৰ নিমিত্তে, তুমি নতুন ঘৰ সাজিলে, তাৰ চালৰ ওপৰত চাৰিওফালে বেৰ নিৰ্ম্মাণ কৰিবা।” (দ্বিতীয় বিবৰণ ২২:৮) ইয়াত উল্লেখ কৰা ব্যৱস্থাৰ মূল সাৰাংশ হৈছে যে আপোনাৰ ঘৰখন পৰিপাটিকৈ আৰু শৃংখলাবদ্ধভাৱে ৰখা। কোনো মানুহে যাতে পিছলি নপৰে তাৰ বাবে আপোনাৰ ঘৰৰ পদূলিমুখখন পৰিষ্কাৰকৈ ৰখা উচিত। যদি আপোনাৰ কিবা মটৰ-গাড়ী আছে, তেনেহʼলে সেইখন ভাল অৱস্থাত ৰাখক। মনত ৰাখিব যে আপোনাৰ ঘৰ বা মটৰ-গাড়ীৰ বাবে নিজৰ তথা আনৰ যাতে প্ৰাণ হানি নহয়।

৯. যদি আমাৰ জীৱনৰ প্ৰতি সন্মান থাকে, তেনেহʼলে আমি পশু-পক্ষীৰ লগত কেনে ব্যৱহাৰ কৰা উচিত?

৯ পশু-পক্ষীৰ জীৱনৰ বিষয়েনো কি? সৃষ্টিকৰ্ত্তাৰ দৃষ্টিত পশু-পক্ষীৰ জীৱনো পবিত্ৰ। পশু-পক্ষীৰ আক্ৰমণৰপৰা নিজকে ৰক্ষা কৰিবলৈ আৰু খাদ্য তথা বস্ত্ৰৰ বাবে বধ কৰিবলৈ ঈশ্বৰে অনুমতি দিছে। (আদিপুস্তক ৩:২১; ৯:৩; যাত্ৰাপুস্তক ২১:২৮) কিন্তু আমি মনত ৰখা উচিত যে পশু-পক্ষীক যন্ত্ৰণা দিয়া বা মাত্ৰ আনন্দ-ফুৰ্ত্তিৰ বাবে হত্যা কৰা উচিত নহয়। আনন্দ-ফুৰ্ত্তিৰ বাবে পশু-পক্ষীক হত্যা কৰাৰ কামত জড়িত থকা লোকসকলে দেখুৱায় যে তেওঁলোকৰ দৃষ্টিত জীৱনৰ কোনো মূল্য নাই।—হিতোপদেশ ১২:১০.

তেজৰ প্ৰতি সন্মান

১০. জীৱন আৰু তেজৰ সম্বন্ধ আছে বুলি ঈশ্বৰে কেনেকৈ দেখুৱালে?

১০ কয়িনে নিজৰ ভায়েক হেবলক হত্যা কৰাৰ পাছত, যিহোৱাই কয়িনক এইদৰে কৈছিল: “তোমাৰ ভায়েৰাৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰিছে।” (আদিপুস্তক ৪:১০) ঈশ্বৰে হেবলৰ তেজৰ বিষয়ে উল্লেখ কৰাৰ অৰ্থ হৈছে যে তেওঁ হেবলৰ প্ৰাণৰ বিষয়ে কʼব বিচাৰিছিল। কয়িনে হেবলক হত্যা কৰাৰ বাবে তেওঁক শাস্তি দিয়াৰ প্ৰয়োজন আছিল। এনে লাগে যেন হেবলৰ তেজে বা প্ৰাণে যিহোৱাৰপৰা ন্যায় বিচাৰিছে। জীৱন আৰু তেজৰ যে সম্বন্ধ আছে, এই বিষয়ে নোহৰ জল-প্লাৱনৰ পাছৰ ঘটনাই বৰ্ণনা কৰে। জল-প্লাৱনৰ আগতে পৃথিৱীত বাস কৰা লোকসকলে শাক-পাচলি, ফল-মূল, শস্য, বাদাম জাতীয় আদি খাদ্যৰূপে গ্ৰহণ কৰিছিল। কিন্তু জল-প্লাৱনৰ পাছত যিহোৱা ঈশ্বৰে নোহ আৰু তেওঁৰ সন্তানবিলাকক কৈছিল: “লৰিচৰি ফুৰা সকলো জীৱজন্তু তোমালোকৰ আহাৰৰ নিমিত্তে হব।” মন কৰিবলগীয়া কথা যে যিহোৱা ঈশ্বৰে তেওঁলোকক এই আজ্ঞা দিছিল: “তোমালোকে মঙহ তাৰ প্ৰাণ অৰ্থাৎ তেজেৰে সৈতে নেখাবা।” (আদিপুস্তক ১:২৯; ৯:৩, ৪) ইয়াৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে যিহোৱা ঈশ্বৰৰ দৃষ্টিত প্ৰাণীৰ জীৱন তাৰ তেজৰ লগত সম্বন্ধ আছে।

১১. নোহৰ সময়ৰপৰা ঈশ্বৰে তেজৰ বিষয়ে কি আজ্ঞা দিছিল?

১১ তেজ আহাৰ হিচাপে গ্ৰহণ নকৰাৰ যোগেদি আমি ইয়াৰ প্ৰতি সন্মান দেখুৱাওঁ। ইস্ৰায়েলীসকলক দিয়া ব্যৱস্থাত যিহোৱা ঈশ্বৰে এই আজ্ঞা দিছিল: “যি কোনো লোকে . . . পশু বা চৰাই চিকাৰত মাৰিব, তেওঁ তাৰ তেজ উলিয়াই ধুলিত ঢাকি থব। . . . এই হেতুকে মই ইস্ৰায়েলৰ সন্তানবিলাকক কলোঁ, তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা।” (লেবীয়া পুস্তক ১৭:১৩, ১৪) এই কথাফাঁকি লিখাৰ প্ৰায় ৮০০ বছৰৰ আগতেই ঈশ্বৰে নোহক তেজ নাখাবলৈ আজ্ঞা দিছিল আৰু এই আজ্ঞা এতিয়াও প্ৰযোজ্য হৈ আছে। তেজৰ বিষয়ে যিহোৱাৰ দৃষ্টিকোণ আছিল সম্পূৰ্ণ স্পষ্ট: তেওঁৰ সেৱকসকলে মাংস খাব পাৰে কিন্তু তেজ খাব নোৱাৰে। তেওঁলোকে তেজ মাটিত ঢালি দিয়াৰ প্ৰয়োজন আছিল। তেজ মাটিত ঢালি দিয়াৰ অৰ্থ হৈছে যে প্ৰাণীৰ জীৱন ঈশ্বৰলৈ আকৌ উভতাই দিয়া।

১২. প্ৰথম শতিকাত পবিত্ৰ আত্মাৰ সহায়ত তেজৰ সম্বন্ধে কি আজ্ঞা দিয়া হৈছিল আৰু এই আজ্ঞা আজিও কিয় প্ৰযোজ্য?

১২ আজিও সত্য খ্ৰীষ্টানসকলক তেজ নাখাবলৈ আজ্ঞা দিয়া হৈছে। প্ৰথম শতিকাত, পাঁচনিসকল আৰু যীচুক অনুকৰণ কৰা কিছুমান লোকে এখন সভা আয়োজন কৰিছিল। খ্ৰীষ্টান মণ্ডলীবোৰত কি কি আজ্ঞা পালন কৰা হʼব তাৰ বিষয়ে এই সভাত সিদ্ধান্ত লোৱা হৈছিল। তেওঁলোকে এই সিদ্ধান্তত উপণিত হʼল: “তোমালোকে দেৱতাৰ প্ৰসাদ, তেজ, টেঁটু-চেপা দি [যʼত মাংসত তেজ থাকি যায়] মৰা জন্তু খোৱা, আৰু ব্যভিচাৰ, এইবোৰৰ পৰা পৃথক থাকিবা; এই কৰ্ত্তব্য কৰ্ম্মত বাজে, তোমালোকৰ ওপৰত আন একো ভাৰ নিদিবলৈ, পবিত্ৰ আত্মা আৰু আমিও উচিত দেখিলোঁ। এইবোৰৰ পৰা তোমালোকে নিজকে ৰাখিলে, তোমালোকৰ ভাল হব।” (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯; ২১:২৫) গতিকে আমি যিকোনো পৰিস্থিতিতে ‘তেজৰপৰা পৃথকে’ থকা উচিত। ঈশ্বৰৰ দৃষ্টিত যেনেকৈ মূৰ্ত্তিপূজা আৰু যৌন অনৈতিকতাৰপৰা আঁতৰি থকা উচিত, ঠিক সেইদৰে আমি তেজৰ পৰাও পৃথকে থকা অতি প্ৰয়োজন।

এটা বটলত থকা নিচাযুক্ত দব্য এজন ব্যক্তিৰ বাহুত সোমোৱাইছ

যদি ডাক্তৰে আপোনাক মদ খাবলৈ মানা কৰিছে, তেনেহʼলে আপুনি ৰক্তনলীৰ যোগেদি এই মদ গ্ৰহণ কৰিবনে?

১৩. বৰ্ণনা কৰক যে কিয় তেজৰপৰা পৃথকে থকাৰ আজ্ঞাত তেজ সঞ্চাৰণো জড়িত আছে।

১৩ তেজৰপৰা পৃথকে থকাৰ অৰ্থ তেজ লোৱাৰপৰা আঁতৰি থকা নেকি? এক কথাত কʼবলৈ গʼলে, হয়। ইয়াক বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। এজন চিকিৎসকে আপোনাক মদ খাবলৈ মানা কৰিছে। ইয়াৰ অৰ্থ এইটো নেকি যে আপুনি মদ খাব নোৱাৰে, কিন্তু ৰক্তনলীৰ যোগেদি এই মদ গ্ৰহণ কৰিব পাৰে? কেতিয়াও নোৱাৰে! ঠিক সেইদৰে, তেজৰপৰা আঁতৰি থকাৰ অৰ্থ হৈছে যে আমি যিকোনো প্ৰকাৰে ইয়াক গ্ৰহণ কৰিব নালাগে। গতিকে, তেজৰপৰা পৃথকে থকা আজ্ঞাৰ অৰ্থ হৈছে যে আমি কোনো ব্যক্তিক আমাৰ শৰীৰত তেজ সঞ্চাৰণ কৰিবলৈ অনুমতি নিদিম।

১৪, ১৫. যদি ডাক্তৰে এজন সত্য খ্ৰীষ্টানক তেজ লʼবলৈ কয়, তেনেহʼলে তেওঁ কি কৰা উচিত আৰু কিয়?

১৪ এজন সত্য খ্ৰীষ্টানে আঘাত হোৱাৰ ফলত বা কিবা কাৰণত অস্ত্ৰোপচাৰ কৰাৰ সময়ত যদি ডাক্তৰে তেওঁক তেজ লʼবলৈ কয়, তেনেহʼলেনো কি? ডাক্তৰে হয়তো কʼব পাৰে যে যদি তেওঁক তেজ দিয়া নহয়, তেনেহʼলে তেওঁৰ মৃত্যু হʼব পাৰে? এইটো সঁচা যে কোনো সত্য খ্ৰীষ্টানে কেতিয়াও মৰিব নিবিচাৰে। তাৰ পৰিৱৰ্তে, তেওঁলোকে ঈশ্বৰে দিয়া এই অমূল্য জীৱনক বচাবলৈ তেজ ব্যৱহাৰ নকৰা যিকোনো চিকিৎসা পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰস্তুত। তেওঁলোকে এনে ডাক্তৰৰ লগত যোগাযোগ কৰিব যিবিলাকে তেজ নিদিয়াকৈ আৰু তেজৰ সলনি অন্য কিবা পদ্ধতিৰে চিকিৎসা কৰিবলৈ সন্মত থাকে।

১৫ এজন সত্য খ্ৰীষ্টানে এই দুষ্ট ব্যৱস্থাত মাত্ৰ কেইদিনমান জীয়াই থাকিবলৈ ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবনে? যীচুৱে এইদৰে কৈছিল: “কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ তাক পাব।” (মথি ১৬:২৫) আমি কেতিয়াও মৰিব নিবিচাৰোঁ। কিন্তু যদি আমি ঈশ্বৰৰ আজ্ঞা উলংঘন কৰি আমাৰ বৰ্তমানৰ জীৱন ৰক্ষা কৰিব বিচাৰোঁ, তেনেহʼলে আমি আহিবলগীয়া নতুন পৃথিৱীত অনন্ত জীৱন হেৰুৱাব পাৰোঁ। গতিকে, ঈশ্বৰে দিয়া নিয়মবোৰ বিশ্বাস কৰাই হৈছে, আমাৰ বাবে বুদ্ধিমানৰ কাম। যদি কিবা কাৰণ বশত আমাৰ মৃত্যু হয়, তেনেহʼলে সৃষ্টিকৰ্ত্তাই আমাক পুনৰুত্থান কৰিব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস থকা উচিত।—যোহন ৫:২৮, ২৯; ইব্ৰী ১১:৬.

১৬. ঈশ্বৰৰ সেৱকসকলে যিকোনো পৰিস্থিতিত তেজৰ সম্বন্ধে দিয়া আজ্ঞাক কি কৰিবলৈ প্ৰস্তুত আছে?

১৬ বৰ্তমান সময়তো ঈশ্বৰৰ সেৱকসকলে যিকোনো পৰিস্থিতিত তেজৰ বিষয়ে দিয়া আজ্ঞাক পালন কৰিবলৈ প্ৰস্তুত আছে। তেওঁলোকে কোনো প্ৰকাৰে তেজ নাখাব আৰু কোনো ধৰণে চিকিৎসা সম্বন্ধীয় বিষয়ৰ বাবেও তেজ গ্ৰহণ নকৰিব।a তেওঁলোকে নিশ্চিত যে তেজৰ সৃষ্টিকৰ্ত্তাই যি কৰিব সেই সকলোবোৰ তেওঁলোকৰ ভালৰ কাৰণে হʼব। আপুনি ইয়াৰ ওপৰত বিশ্বাস কৰিব পাৰেনে?

তেজ ব্যৱহাৰ কৰাৰ একমাত্ৰ সঠিক কাৰণ

১৭. যিহোৱা ঈশ্বৰে অনুমোদন কৰা ব্যৱস্থাত প্ৰাচীন ইস্ৰায়েলীসকলে তেজক কেনেকৈ সঠিকৰূপে ব্যৱহাৰ কৰিছিল?

১৭ মোচিৰ ব্যৱস্থাত তেজ ব্যৱহাৰ কৰাৰ সঠিক কাৰণ বৰ্ণনা কৰিছে। সেই কাৰণটো কি বাৰু? যিহোৱা ঈশ্বৰে কেনেধৰণৰ উপাসনা বিচাৰে, তাৰ বিষয়ে প্ৰাচীন ইস্ৰায়েলী লোকসকলক তেওঁ উল্লেখ কৰিছিল। যিহোৱাই আজ্ঞা দিছিল: “কিয়নো শৰীৰৰ প্ৰাণ [বা জীৱন] তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদিৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক।” (লেবীয়া পুস্তক ১৭:১১) যেতিয়া ইস্ৰায়েলী লোকসকলে কোনো ধৰণৰ পাপ কৰে, তেতিয়া তেওঁলোকে পাপৰ প্ৰায়শ্চিত্তৰ বাবে এটা জন্তু বলিদান কৰি তাৰ অলপ তেজ বেদীত ছটিয়াব লাগিছিল। এই বেদীটো প্ৰথমতে ঈশ্বৰৰ আবাস স্থানত ৰখা হৈছিল আৰু পাছলৈ ইয়াক ঈশ্বৰৰ উপাসনা গৃহলৈ স্থানান্তৰ কৰা হয়। এই বলিদানবোৰতহে মাত্ৰ তেজৰ সঠিক ব্যৱহাৰ হৈছিল।

১৮. যীচুৱে কৰা বলিদানৰ তেজৰপৰা আমাৰ কি লাভ আৰু আশীৰ্ব্বাদ আছে?

১৮ বৰ্তমান সময়ত সত্য খ্ৰীষ্টানসকলে মোচিৰ ব্যৱস্থাৰ অধীনত নাই আৰু তেওঁলোকে জন্তু বলিদান কৰি বেদীত তেজ ছটিয়াৰো প্ৰয়োজন নাই। (ইব্ৰী ১০:১) কিন্তু মন কৰিবলগীয়া কথা যে প্ৰাচীন ইস্ৰায়েলীসকলৰ সময়ত বেদীত তেজ ছটিয়াৰ কথাটো আন এক বিষয়ৰ পূৰ্বাভাস আছিল। সেয়া হৈছে, ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ অমূল্য বলিদান। আমি পঞ্চম অধ্যায়ত শিকিছিলোঁ যে যীচু খ্ৰীষ্টই আমাৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰিলে আৰু তেওঁ নিজৰ তেজ বেদীত আগবঢ়ালে। তাৰ পাছত যীচু খ্ৰীষ্ট স্বৰ্গলৈ গʼল আৰু তাত তেওঁ মুক্তিপণৰূপে দিয়া নিজৰ সিদ্ধ জীৱনৰ মূল্য ঈশ্বৰলৈ আগবঢ়ালে। (ইব্ৰী ৯:১১, ১২) ইয়াৰ ফলত, পাপৰ ক্ষমা পোৱা আৰু আমি অনন্ত জীৱন জীয়াই থকাৰ পথ মুকলি হʼল। (মথি ২০:২৮; যোহন ৩:১৬) সঁচাকৈ, তেজৰ সঠিক ব্যৱহাৰে আমাৰ জীৱনৰ বাবে এক বিশেষ অৰ্থ ৰাখে। (১ পিতৰ ১:১৮, ১৯) যীচুৱে কৰা বলিদানৰ তেজৰ ওপৰত বিশ্বাস কৰিলেহে আমি উদ্ধাৰ পাম।

চিকিৎসালয়ত এগৰাকী খীষ্টানে বাইবেলে তেজৰ বিষয়ে কি কৈছ, তাৰ বিষয়ে চিকিৎসকক বৰ্ণনা কৰিছ

আপুনি জীৱন আৰু তেজৰ প্ৰতি কেনেকৈ সন্মান দেখুৱাব?

১৯. “আটাইৰে তেজৰ পৰা শুচি” হʼবলৈ আমি কি কৰা উচিত?

১৯ যিহোৱা ঈশ্বৰে দিয়া জীৱনৰ বাবে আমি সদায় তেওঁলৈ কৃতজ্ঞ। যীচু খ্ৰীষ্টৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ যোগেদি যে অনন্ত জীৱন আছে, এই বিষয়ে আনক জনাবলৈ আমাক প্ৰেৰণা নকৰেনে? যিহোৱা ঈশ্বৰৰ নিচিনাকৈ আমিও যদি আনৰ জীৱনৰ প্ৰতি চিন্তা কৰোঁ, তেনেহʼলে আমি নিশ্চয় উৎসাহেৰে এই বিষয়ে আনক জনাম। (যিহিষ্কেল ৩:১৭-২১ পঢ়ক।) যদি আমি যত্নেৰে এই দায়িত্ব পালন কৰোঁ, তেনেহʼলে আমিও পাঁচনি পৌলৰ দৰে কʼব পাৰিম: “এই হেতুকে মই যে আটাইৰে তেজৰ পৰা শুচি, ইয়াৰ সাক্ষ্য আজি তোমালোকক দিছোঁ; কিয়নো তোমালোকক ঈশ্বৰৰ আটাই আলচ জনাবলৈ পাছ নুহুঁহকিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ২০:২৬, ২৭) সকলোকে ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জনোৱাৰ যোগেদি প্ৰমাণ কৰিব পাৰোঁ যে আমি জীৱন আৰু তেজৰ প্ৰতি সন্মান দেখুৱাওঁ।

আমি জীৱনৰ প্ৰতি সন্মান দেখুৱাওঁ

  • গৰ্ভত থকা শিশুৰ প্ৰাণ নোলোৱাৰ যোগেদি

  • বেয়া অভ্যাসবোৰ ত্যাগ কৰাৰ যোগেদি

  • সংগী মানৱৰ প্ৰতি থকা ঘৃণাভাব সম্পূৰ্ণৰূপে আমাৰ হৃদয়ৰপৰা উলিয়াই পেলোৱাৰ যোগেদি

    ১. এটি অজন্মা সন্তান; ২. এজন ব্যক্তিয়ে চিগাৰেটৰ পেকেটটা মোচৰিছ; ৩. বেলেগ বেলেগ পৃষ্ঠভূমিৰপৰা অহা দুজন বধু

a তেজ লোৱাৰ পৰিৱৰ্তে আৰু কি কৰিব পাৰি, তাৰ বিষয়ে অধিক জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা প্ৰহৰীবুৰুজ ১ জুলাই ২০০৪ উল্লেখ কৰা “উপহাৰ হিচাবে পোৱা আপোনাৰ জীৱনটোৰ প্ৰতি সঠিক মূল্যাঙ্কন দেখুৱাউক,” “জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক” আৰু “যিহোৱাৰ সাক্ষীসকলে নামমাত্ৰাত হলেও তেজৰ কোনো অংশ গ্ৰহণ কৰেনে?” নামৰ লেখবোৰ চাওক।

বাইবেলে কি শিকায়

  • জীৱন হৈছে ঈশ্বৰৰপৰা এক উপহাৰ।—গীতমালা ৩৬:৯; প্ৰকাশিত বাক্য ৪:১১.

  • গৰ্ভপাত কৰা অনুচিত, অজন্মা শিশুও ঈশ্বৰৰ দৃষ্টিত মূল্যৱান।—যাত্ৰাপুস্তক ২১:২২, ২৩; গীতমালা ১২৭:৩.

  • আমাৰ জীৱন বিপদত নেপেলাওঁ আৰু তেজ নোখোৱাৰ যোগেদি আমি জীৱনৰ প্ৰতি সন্মান দেখুৱাওঁ।—দ্বিতীয় বিবৰণ ৫:১৭; পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক