অধ্যায় ৭
ঈশ্বৰৰ দৰে আপুনিও জীৱনক বহুমূলীয়া বুলি গণ্য কৰেনে?
“তোমাৰ লগত জীৱনৰ ভুমুক আছে।”—গীতমালা ৩৬:৯.
১, ২. যিহোৱা ঈশ্বৰে আমাক কি এক বহুমূলীয়া উপহাৰ দিছে আৰু কিয় বাৰু?
স্বৰ্গত থকা পিতৃ যিহোৱা ঈশ্বৰে আমাক এক বহুমূলীয়া উপহাৰ দিছে। এই উপহাৰ হৈছে আমাৰ জীৱন। ইয়াৰ লগতে ঈশ্বৰে আমাক বুদ্ধিও দিছে যাৰ বাবে আমি ঈশ্বৰৰ গুণবোৰ প্ৰতিফলিত কৰিবলৈ সক্ষম হওঁ। (আদিপুস্তক ১:২৭) এই বহুমূলীয়া উপহাৰৰ বাবে আমি বাইবেলৰ সিদ্ধান্তবোৰ বুজিবলৈ সমৰ্থ হৈছোঁ। বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰা এজন আধ্যাত্মিকভাৱে পৰিপক্ক ব্যক্তি আৰু “জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ” হʼব পাৰিম।—ইব্ৰী ৫:১৪.
২ বৰ্তমান সময়ত বাইবেলৰ সিদ্ধান্তবোৰ বুজাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। জগতখন ইমানেই জটিল হৈ পৰিছে যে প্ৰতিটো পৰিস্থিতিৰ বাবে আইন-কানুন তৈয়াৰ কৰাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে, চিকিৎসাৰ সময়ত ব্যৱহাৰ হোৱা দ্ৰব্য আৰু প্ৰক্ৰিয়াৰ লগত জড়িত থকা তেজৰ বিষয়ে চিন্তা কৰক। যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ ইচ্ছা কৰা লোকসকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ বিষয় হয়। যদি আমি ইয়াৰ লগত জড়িত থকা বাইবেলৰ সিদ্ধান্তবোৰ বুজি পাওঁ, তেনেহʼলে আমি সঠিক নিৰ্ণয় লʼবলৈ সক্ষম হʼম আৰু ইয়ে আমাক শুদ্ধ বিবেক বজাই ৰাখিবলৈ আৰু নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিবলৈ সহায় কৰিব। (হিতোপদেশ ২:৬-১১) আহক আমি ইয়াৰে কিছুমান সিদ্ধান্তৰ বিষয়ে আলোচনা কৰোঁ।
জীৱন আৰু তেজ পবিত্ৰ হয়
৩, ৪. তেজ পবিত্ৰ হয় বুলি বাইবেলত প্ৰথমবাৰৰ বাবে কʼত উল্লেখ কৰা হৈছে আৰু কি সিদ্ধান্তৰ আধাৰত প্ৰমাণিত যে তেজ পবিত্ৰ হয়?
৩ কয়িনে নিজৰ ভাই হেবলক হত্যা কৰাৰ পাছত যিহোৱা ঈশ্বৰে স্পষ্ট কৰিছিল যে জীৱন আৰু তেজৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। ঈশ্বৰৰ দৃষ্টিত এই দুয়োটাই পবিত্ৰ। ঈশ্বৰে কয়িনক কৈছিল, “তোমাৰ ভায়েৰাৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰিছে।” (আদিপুস্তক ৪:১০) যিহোৱা ঈশ্বৰৰ দৃষ্টিত হেবলৰ তেজে হেবলৰ জীৱনক চিত্ৰিত কৰে যাক নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল। হেবলৰ মৃত্যুৰ প্ৰতিশোধ লʼবলৈ তেওঁৰ তেজে যেন ঈশ্বৰক অনুৰোধ কৰিছে।—ইব্ৰী ১২:২৪.
৪ নোহৰ জলপ্লাৱনৰ পাছত যিহোৱা ঈশ্বৰে মানৱজাতিক জীৱ-জন্তুৰ মাংস খাবলৈ অনুমতি দিছিল কিন্তু তেজ খাবলৈ নিষেধ কৰিছিল। ঈশ্বৰে কৈছিল, “তোমালোকে মঙহ তাৰ প্ৰাণ অৰ্থাৎ তেজেৰে সৈতে নেখাবা। তোমালোকৰ প্ৰাণযুক্ত তেজ বাহিৰ কৰাৰ প্ৰতিকাৰ মই অৱশ্যে সাধিম।” (আদিপুস্তক ৯:৪, ৫) এই আজ্ঞা নোহৰ সকলো সতি-সন্ততি অৰ্থাৎ আমাৰ ওপৰতো প্ৰয়োগ হয়। যিহোৱা ঈশ্বৰে অতীতত কয়িনক কোৱা এই কথাষাৰ পুনৰ দুহৰাই যে তেজ সকলো প্ৰাণীৰ জীৱন আৰু প্ৰাণক চিত্ৰিত কৰে। জীৱনৰ ভুমুক হৈছে যিহোৱা ঈশ্বৰ। সেইবাবে, জীৱন আৰু তেজক অসন্মান কৰা লোকসকলৰ বিচাৰ ঈশ্বৰে কৰিব।—গীতমালা ৩৬:৯.
৫, ৬. তেজ পবিত্ৰ আৰু বহুমূলীয়া হয় বুলি মোচিৰ নিয়মে কেনেকৈ প্ৰমাণ কৰে? (“জীৱ-জন্তুৰ জীৱনৰ প্ৰতি সন্মান দেখুৱাওক” নামৰ বক্সত চাওক।)
৫ মোচিৰ নিয়মৰ পৰাও দুটা গুৰুত্বপূৰ্ণ সত্যতাৰ বিষয়ে স্পষ্টৰূপে বুজিব পাৰি যে তেজ পবিত্ৰ হয় আৰু ই প্ৰাণক চিত্ৰিত কৰে। ইয়াৰ বিষয়ে লেবীয়া পুস্তক ১৭:১০, ১১ পদত এইদৰে বৰ্ণনা কৰে: “যি কোনো মানুহে . . . কোনো প্ৰকাৰ তেজ খাব, মই সেই তেজ খোৱা জনলৈ কোন্দোৱাকৈ চাম, আৰু তাৰ লোকবিলাকৰ মাজৰ পৰা তাক উচ্ছন্ন কৰিম। কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদিৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক।”a—“তেজৰ প্ৰায়শ্চিত্ত কৰাৰ শক্তি” নামৰ বক্সত চাওক।
৬ যদি বধ কৰা জীৱ-জন্তুৰ তেজ বেদীৰ ওপৰত ঢালি দিয়া নহয়, তেনেহʼলে সেই তেজ মাটিত ঢালি দিয়া হৈছিল। এনে কৰাৰ যোগেদি ইয়াৰ প্ৰকৃত গৰাকী অৰ্থাৎ যিহোৱা ঈশ্বৰলৈ পুনৰ উভতাই দিয়াক চিত্ৰিত কৰে। (দ্বিতীয় বিবৰণ ১২:১৬; যিহিষ্কেল ১৮:৪) কিন্তু মন কৰিবলগীয়া কথা যে ইস্ৰায়েলীসকলক খোৱাৰ বাবে ব্যৱহাৰ কৰা জীৱ-জন্তুৰ মাংসৰপৰা অন্তিম টোপাল তেজ বাহিৰ নোহোৱালৈকে চেষ্টা কৰি থাকিবলৈ কোৱা নাছিল। যদি কোনো জীৱ-জন্তুক সঠিকভাৱে বধ কৰা হয় আৰু তাৰ তেজ ভালদৰে উলিয়াই দিয়া হয়, তেনেহʼলে এজন ইস্ৰায়েলীয়ে শুদ্ধ বিবেকেৰে সেই মাংস খাব পাৰে। কিয়নো এনে কৰাৰ যোগেদি সৃষ্টিকৰ্তাৰ প্ৰতি সন্মান দেখুৱা হʼব।
৭. দায়ূদে কেনেকৈ দেখুৱাইছিল যে তেওঁ তেজক পবিত্ৰ বুলি গণ্য কৰে?
৭ দায়ূদ যিহোৱা ঈশ্বৰৰ “মনৰ দৰে” এজন ব্যক্তি আছিল। (পাঁচনিৰ কৰ্ম্ম ১৩:২২) ঈশ্বৰে তেজৰ বিষয়ে দিয়া নিয়মৰ আঁৰত থকা সিদ্ধান্তৰ বিষয়ে তেওঁ ভালদৰে বুজি পাইছিল। এবাৰ দায়ূদৰ বৰ পিয়াহ লাগিছিল। তেতিয়া তেওঁৰ তিনিজন সৈনিকে নিজৰ জীৱন বিপদত পেলাই শত্ৰু পক্ষৰ ছাউনিৰ মাজত থকা নাদৰপৰা পানী আনি দায়ূদক দিছিল। সেই সময়ত দায়ূদে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? তেওঁ কৈছিল, “এয়ে জানো আঁচলত নিজ প্ৰাণ লৈ যোৱা মানুহবিলাকৰ তেজ নহয়?” দায়ূদৰ দৃষ্টিত সেই পানী তিনিজন সৈনিকৰ তেজৰ সমান আছিল। সেইবাবে, পিয়াহ লগাৰ সত্ত্বেও তেওঁ সেই পানী “যিহোৱাৰ উদ্দেশে ঢালি” দিছিল।—২ চমূৱেল ২৩:১৫-১৭.
৮, ৯. খ্ৰীষ্টান মণ্ডলী স্থাপন হোৱাৰ পাছত তেজ আৰু জীৱনৰ বিষয়ে যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী সলনি হৈছিল নেকি? বৰ্ণনা কৰক।
৮ নোহক তেজৰ বিষয়ে আজ্ঞা দিয়া প্ৰায় ২,৪০০ বছৰৰ পাছত আৰু মোচিৰ নিয়ম দিয়া প্ৰায় ১,৫০০ বছৰৰ পাছত, যিহোৱা ঈশ্বৰে প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীৰ প্ৰশাসন গোষ্ঠীক এইদৰে লিখিবলৈ প্ৰেৰিত কৰিছিল, “তোমালোকে দেৱতাৰ প্ৰসাদ, তেজ, টেঁটু-চেপা দি মৰা জন্তু খোৱা, আৰু ব্যভিচাৰ, এইবোৰৰ পৰা পৃথক থাকিবা; এই কৰ্ত্তব্য কৰ্ম্মত বাজে, তোমালোকৰ ওপৰত আন একো ভাৰ নিদিবলৈ, পবিত্ৰ আত্মা আৰু আমিও উচিত দেখিলোঁ।”—পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯.
৯ প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীয়ে স্পষ্টৰূপে বুজিব পাৰিছিল যে তেজ পবিত্ৰ হয় আৰু তেজক অপব্যৱহাৰ কৰাটো মূৰ্তিপূজা বা ব্যভিচাৰ কৰাৰ লগত তুলনা কৰিছে। বৰ্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলেও এই দৃষ্টিভংগীক গ্ৰহণ কৰে। তেজৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বাইবেলৰ সিদ্ধান্তবোৰৰ বিষয়ে চিন্তা কৰে আৰু সেইবোৰ পালন কৰাৰ যোগেদি ঈশ্বৰে আনন্দিত হোৱা নিৰ্ণয়বোৰ লʼবলৈ সক্ষম হয়।
চিকিৎসাৰ ক্ষেত্ৰত তেজৰ ব্যৱহাৰ
তেজৰ অংশবোৰ গ্ৰহণ কৰাৰ বিষয়ে মই এজন চিকিৎসকক কেনেকৈ বৰ্ণনা কৰিম?
১০, ১১. (ক) তেজ আৰু তাৰ চাৰিটা মূল উপাদান লোৱাৰ ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে কেনে দৃষ্টিভংগী ৰাখে? (খ) তেজ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কি বিষয়ে সত্য খ্ৰীষ্টানসকলৰ দৃষ্টিভংগী বেলেগ বেলেগ হʼব পাৰে?
১০ যিহোৱাৰ সাক্ষীসকলে এই কথা বুজিব পাৰিছে যে ‘তেজৰপৰা পৃথকে’ থকাৰ অৰ্থ হৈছে চিকিৎসাৰ বাবে তেজ সঞ্চাৰণ কৰা আৰু তেজ দান কৰা বা প্ৰয়োজনৰ সময়ত ব্যৱহাৰ কৰিবলৈ নিজৰ তেজ জমা ৰখা উচিত নহয়। ঈশ্বৰৰ নিয়মৰ প্ৰতি সন্মান থকাৰ বাবে তেওঁলোকে তেজৰ চাৰিটা মূল উপাদানো গ্ৰহণ নকৰে। এই উপাদানকেইটা হৈছে লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেটছ্ আৰু প্লাজ্মা।
১১ আধুনিক প্ৰযুক্তি বিদ্যাৰ সহায়ত তেজৰ এই চাৰিটা মূল উপাদানৰপৰা কিছুমান সৰু সৰু পদাৰ্থ বা অংশ উলিওৱা হৈছে আৰু এইবোৰ বিভিন্ন ধৰণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। এই অংশবোৰ এজন খ্ৰীষ্টানে চিকিৎসাৰ বাবে গ্ৰহণ কৰিব পাৰেনে? তেওঁ এই অংশবোৰক কেৱল পদাৰ্থ বুলি ভাবে, নে “তেজ” বুলি গণ্য কৰে? এই বিষয়ে প্ৰতিজন খ্ৰীষ্টানে ব্যক্তিগতভাৱে নিৰ্ণয় লোৱা উচিত। ঠিক সেইদৰে হিমʼডায়েলাইছিছ্, হিমʼডাইলুশ্বান, ছেল ছালৱেজ আদিৰ ক্ষেত্ৰত মেচিনৰ যোগেদি আমাৰ নিজৰ তেজ শৰীৰত পুনৰ ভৰাব পাৰে আৰু এনে পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত, তেজ আমাৰ শৰীৰৰপৰা উলিয়াই বেলেগে জমা কৰি ৰখা নহয়। “তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি” নামৰ অতিৰিক্ত লেখত চাওক।
১২. আমি বিবেকৰ আধাৰত নিৰ্ণয় লোৱাৰ সময়ত কি কথা ধ্যান দিয়া উচিত?
১২ এই বিষয়ে আমি লোৱা ব্যক্তিগত নিৰ্ণয়বোৰে যিহোৱা ঈশ্বৰৰ বাবে গুৰুত্বপূৰ্ণ নহয় নেকি? নিশ্চয় গুৰুত্বপূৰ্ণ হয়। আমাৰ চিন্তা-ভাৱনা আৰু আমি কি উদ্দেশ্যেৰে নিৰ্ণয়বোৰ লওঁ, তাৰ বিষয়ে ঈশ্বৰে ধ্যান দিয়ে। (হিতোপদেশ ১৭:৩; ২৪:১২ পঢ়ক।) সেইবাবে, চিকিৎসাত ব্যৱহাৰ হʼবলগীয়া ঔষধ বা পদ্ধতিৰ বিষয়ে প্ৰাৰ্থনাপূৰ্বক অনুসন্ধান কৰাৰ পাছত, আমি বাইবেলৰ দ্বাৰা প্ৰশিক্ষণ পোৱা বিবেকৰ কথা শুনি নিৰ্ণয় লোৱা উচিত। (ৰোমীয়া ১৪:২, ২২, ২৩) নিঃসন্দেহ, এই বিষয়ে আমাৰ বাবে আনে নিৰ্ণয় নলʼব অথবা আমিও আনক এইদৰে সোধা উচিত নহয়, “যদি মোৰ ঠাইত আপুনি হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?” এনে বিষয়বোৰত প্ৰতিজন খ্ৰীষ্টানে “নিজে নিজৰ ভাৰ” বোৱা উচিত।b—গালাতীয়া ৬:৫; ৰোমীয়া ১৪:১২; “মই তেজক পবিত্ৰ বুলি গণ্য কৰোঁনে?” নামৰ বক্সত চাওক।
যিহোৱাৰ নিয়ম—পিতৃৰ প্ৰেমক প্ৰকাশ কৰে
১৩. যিহোৱা ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰে তেওঁৰ বিষয়ে কি প্ৰমাণ কৰে? বৰ্ণনা কৰক।
১৩ বাইবেলত দিয়া নিয়ম আৰু সিদ্ধান্তবোৰে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰ হৈছে এজন বিজ্ঞ আইনদাতা আৰু নিজৰ লʼৰা-ছোৱালীৰ হিতৰ বাবে চিন্তা কৰা এজন মৰমিয়াল পিতৃ। (গীতমালা ১৯:৭-১১) ‘তেজৰপৰা পৃথকে’ থকা এই আজ্ঞা স্বাস্থ্যৰ সম্বন্ধে নিয়ম হিচাপে দিয়া হোৱা নাছিল। কিন্তু ইয়াক পালন কৰিলে তেজ সঞ্চাৰণৰপৰা উদ্ভৱ হোৱা সমস্যাৰপৰা আঁতৰি থাকিবলৈ আমাক সহায় কৰে। (পাঁচনিৰ কৰ্ম্ম ১৫:২০) বৰ্তমান সময়ত চিকিৎসাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে তেজ সঞ্চাৰণ নকৰাকৈ কৰা অস্ত্ৰোপচাৰ এক “উন্নত মানৰ” পদ্ধতি বুলি বিবেচনা কৰে। এই উন্নত মানৰ চিকিৎসা পদ্ধতিবোৰৰ বাবে সত্য খ্ৰীষ্টানসকলে নিশ্চিত কৰিব পাৰিছে যে যিহোৱা ঈশ্বৰৰ প্ৰজ্ঞা অসীম আৰু তেওঁ এজন মৰমিয়াল পিতৃ।—যিচয়া ৫৫:৯ পঢ়ক; যোহন ১৪:২১, ২৩.
১৪, ১৫. (ক) যিহোৱা ঈশ্বৰৰ কোনবোৰ নিয়মে প্ৰমাণ কৰে যে তেওঁ নিজৰ সেৱকসকলক প্ৰেম কৰে? (খ) সুৰক্ষাৰ বাবে দিয়া এই নিয়মবোৰৰ আঁৰত থকা সিদ্ধান্তবোৰ আপুনি কেনেকৈ পালন কৰিব?
১৪ প্ৰাচীন ইস্ৰায়েলীসকলক দিয়া নিয়মবোৰৰপৰা আমি বুজিব পাৰোঁ যে যিহোৱা ঈশ্বৰে নিজৰ সেৱকসকলৰ হিতৰ বাবে চিন্তা কৰে। উদাহৰণস্বৰূপে, ইস্ৰায়েলীসকলৰ ঘৰৰ ছাদৰ চাৰিওকাষে প্ৰাচীৰ দিয়াৰ নিয়ম আছিল। সাধাৰণতে, ঘৰৰ ছাদৰ ওপৰত বহুতো কাম-কাজ কৰা হয় আৰু কোনো দুৰ্ঘটনা যাতে নঘটে তাৰ বাবে এনে নিয়ম দিয়া হৈছিল। (দ্বিতীয় বিবৰণ ২২:৮; ১ চমূৱেল ৯:২৫, ২৬; নহিমিয়া ৮:১৬; পাঁচনিৰ কৰ্ম্ম ১০:৯) ইয়াৰ উপৰিও, আনৰ প্ৰাণ হানি কৰিব পৰা গৰুক বান্ধি ৰাখিবলৈ ঈশ্বৰে আজ্ঞা দিছিল। (যাত্ৰাপুস্তক ২১:২৮, ২৯) এই আজ্ঞাবোৰক আওকাণ কৰা এজন ব্যক্তিয়ে দেখুৱাই যে তেওঁ আনৰ হিতৰ বাবে অলপো চিন্তা নকৰে আৰু ইয়াৰ বাবে তেওঁ কাৰোৱাৰ মৃত্যুৰ কাৰণো হʼব পাৰে।
১৫ আপুনি এই নিয়মবোৰৰ আঁৰত থকা সিদ্ধান্তবোৰ কেনেকৈ পালন কৰিব? আপুনি গাড়ী-মটৰ ভালদৰে চলাইনে? গাড়ী-মটৰ চলোৱাৰ সময়ত আপুনি সাৱধানতা অৱলম্বন কৰেনে? আপুনি ঘৰখন ভালদৰে ৰাখেনে? আপুনি পোহা জীৱ-জন্তুবোৰৰ বাবে নিজৰ বা আনৰ কোনো বিপদ হʼব পাৰে নেকি? আপুনি কাম কৰা ঠাইখনৰ বিষয়েনো কি? কেনেধৰণৰ মনোৰঞ্জন আপুনি উপভোগ কৰে? জানি-শুনি বিপদত পেলোৱাৰ বাবে কিছুমান দেশত যুৱক-যুৱতীসকলৰ মৃত্যুৰ প্ৰধান কাৰণ হৈছে গাড়ী-মটৰৰ দুৰ্ঘটনা। কিন্তু ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ বিচৰা যুৱক-যুৱতীসকলে জীৱনক বহুমূলীয়া বুলি গণ্য কৰে আৰু বিপদজনক খেলত ভাগ লোৱাৰ যোগেদি নিজৰ জীৱন বিপদত নেপেলায়। ডেকা বয়সত মোৰ একো নহʼব, এনে ভাৱনাৰপৰা তেওঁলোকে দূৰে থাকে। তেওঁলোকে ক্ষতিকৰ কাৰ্য্যবোৰৰপৰা আঁতৰি থাকে আৰু যৌৱনৰ আনন্দ উপভোগ কৰে।—উপদেশক ১১:৯, ১০.
১৬. বাইবেলৰ কোনটো সিদ্ধান্তৰ অনুসৰি গৰ্ভপাত কৰাটো উচিত নহয়? (ফুটনোটতো চাওক।)
১৬ যিহোৱা ঈশ্বৰৰ দৃষ্টিত অজন্মা সন্তানৰ জীৱনো বহুমূলীয়া। প্ৰাচীন ইস্ৰায়েলীসকলৰ সময়ত গৰ্ভৱতী তিৰোতাক যদি কোনোবাই আঘাত কৰে আৰু পৰিণামস্বৰূপে মাক বা সন্তানৰ মৃত্যু হয়, তেনেহʼলে ঈশ্বৰৰ দৃষ্টিত সেই ব্যক্তিজনক নৰহত্যাকাৰী বুলি দোষীসাব্যস্ত কৰা হৈছিল আৰু তেওঁ “প্ৰাণৰ সলনি প্ৰাণ” দিবলগীয়া হৈছিল।c (যাত্ৰাপুস্তক ২১:২২, ২৩ পঢ়ক।) নিজৰ স্বাৰ্থ আৰু অনৈতিক কাৰ্য্যৰ বাবে প্ৰতিবছৰে হাজাৰ হাজাৰ অজন্মা সন্তানক ইচ্ছাকৃতভাৱে গৰ্ভপাত কৰি হত্যা কৰা হৈছে। কল্পনা কৰকচোন, এনেবোৰ কাৰ্য্য দেখি যিহোৱা ঈশ্বৰৰ কেনে অনুভৱ হয়?
১৭. এগৰাকী তিৰোতাই যদি বাইবেলৰ সত্য জনাৰ আগতে গৰ্ভপাত কৰিছিল, তেনেহʼলে আপুনি তাইক কেনেকৈ সান্ত্বনা দিব?
১৭ যদি এগৰাকী তিৰোতাই বাইবেলৰ সত্য জনাৰ আগতে গৰ্ভপাত কৰিছিল, তেনেহʼলে তাইৰ বিষয়ে কি কʼব পাৰি? তাইক যিহোৱা ঈশ্বৰে দয়া দেখুৱাই ক্ষমা কৰিবনে? যদি কোনো এজন ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰে, তেনেহʼলে যীচুৰ বলিদানৰ আধাৰত তেওঁক যিহোৱা ঈশ্বৰে ক্ষমা কৰিব। (গীতমালা ১০৩:৮-১৪; ইফিচীয়া ১:৭) আচলতে যীচুৱে নিজেই এইদৰে কৈছিল, “মই ধাৰ্ম্মিকক নহয়; কিন্তু মন পালটাবলৈ, পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”—লূক ৫:৩২.
হৃদয়ৰপৰা ঘৃণা ভাৱনা ত্যাগ কৰক
১৮. হিংসাত্মক কাৰ্য্যবোৰ হোৱাৰ প্ৰকৃত কাৰণৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে?
১৮ আমি আনক ক্ষতি কৰাৰপৰা কেৱল আঁতৰি থকাটোৱেই যথেষ্ট নহয়। আমাৰ হৃদয়ৰপৰা ঘৃণা ভাৱনা একেবাৰে দূৰ কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। এই ঘৃণা ভাৱনাৰ বাবে বৰ্তমান সময়ত বহুতো হিংসাত্মক কাৰ্য্য দেখিবলৈ পোৱা যায়। পাঁচনি যোহনে লিখিছিল, “যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ নৰ-বধী।” (১ যোহন ৩:১৫) এনে ব্যক্তিয়ে কেৱল নিজৰ ভাইক বেয়া পোৱাই নহয়, কিন্তু ভাইজনৰ মৃত্যু হোৱাটোও তেওঁ আশা কৰে। তেওঁৰ শত্ৰুতা বিভিন্নধৰণে দেখিবলৈ পোৱা যায়। ভাইজনক ক্ষতি কৰাৰ মনোভাবেৰে তেওঁৰ ওপৰত মিছা অভিযোগ আনে বা এনেধৰণৰ কলংক আনিব বিচাৰে যে তেওঁ ঈশ্বৰৰ দৃষ্টিত দণ্ড পোৱাৰ যোগ্য। (লেবীয়া পুস্তক ১৯:১৬; দ্বিতীয় বিবৰণ ১৯:১৮-২১; মথি ৫:২২) সেইবাবে, যদি আনৰ প্ৰতি আমাৰ অলপো ঘৃণা ভাৱনা থাকে, তেনেহʼলে হৃদয়ৰপৰা তাক তৎক্ষনাত বাহিৰ কৰাৰ প্ৰয়োজন।—যাকোব ১:১৪, ১৫; ৪:১-৩.
১৯. বাইবেলৰ সিদ্ধান্ত অনুসৰি চলা এজন ব্যক্তিয়ে গীতমালা ১১:৫ আৰু ফিলিপীয়া ৪:৮, ৯ পদৰ বিষয়ে কেনে দৃষ্টিভংগী ৰাখে?
১৯ যিসকল লোকে যিহোৱা ঈশ্বৰৰ দৰে জীৱনক বহুমূলীয়া বুলি গণ্য কৰে আৰু ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ বিচাৰে, তেওঁলোকে সকলো ধৰণৰ হিংসাত্মক কাৰ্য্যৰপৰা আঁতৰি থাকে। ইয়াৰ বিষয়ে গীতমালা ১১:৫ কৈছে, “দুষ্ট আৰু অত্যাচাৰপ্ৰিয় লোকক তেওঁৰ আত্মাই ঘিণ কৰে।” এই বাক্যৰ অনুসৰি যিহোৱা ঈশ্বৰে কি ঘিণ কৰে তাৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও, আমি কেনেধৰণৰ জীৱন অতিবাহিত কৰা উচিত তাৰ ওপৰত সিদ্ধান্তও দিছে। ইয়াৰ বাবে ঈশ্বৰক প্ৰেম কৰা লোকসকলে হিংসাত্মক কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰা মনোৰঞ্জনৰপৰা আঁতৰি থাকিবলৈ সক্ষম হৈছে। ‘শান্তিৰ আকৰ ঈশ্বৰে’ তেওঁৰ সেৱকসকলক প্ৰীতিকৰ, সদাচাৰ, প্ৰশংসনীয় আদি বিষয়বোৰেৰে মন আৰু হৃদয় পূৰ কৰিবলৈ উৎসাহিত কৰিছে আৰু এইবোৰে তেওঁলোকক শান্তি বজাই ৰাখিবলৈ সহায় কৰে।—ফিলিপীয়া ৪:৮, ৯ পঢ়ক।
ৰক্তপাতৰ দোষী হোৱা সংগঠনৰপৰা আঁতৰি থাকক
২০-২২. সত্য খ্ৰীষ্টানসকলে জগতৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখে আৰু কিয়?
২০ যিহোৱা ঈশ্বৰৰ দৃষ্টিত চয়তানৰ গোটেই জগতখন ৰক্তপাতৰ দায়ী। ইয়াৰ ৰাজনীতি ব্যৱস্থাক, শাস্ত্ৰত এটা হিংস্ৰ পশুৰ লগত তুলনা কৰিছে আৰু ইয়ে লাখ লাখ লোকৰ লগতে বহুতো যিহোৱাৰ সাক্ষীৰ ৰক্তপাতত জড়িত আছে। (দানিয়েল ৮:৩, ৪, ২০-২২; প্ৰকাশিত বাক্য ১৩:১, ২, ৭, ৮) এই হিংস্ৰ পশুক সমৰ্থন কৰা ব্যৱসায় আৰু বিজ্ঞানে এনে কিছুমান ভয়ংকৰ অস্ত্ৰ-সস্ত্ৰ তৈয়াৰ কৰিছে যাৰ বিষয়ে আমি কল্পনাই কৰিব নোৱাৰোঁ। এই অস্ত্ৰ-সস্ত্ৰবোৰৰপৰা ব্যৱসায় কৰি তেওঁলোকে অজস্ৰ ধন-সম্পত্তি উপাৰ্জন কৰিছে। গতিকে এই কথাষাৰ কিমান সত্য যে “গোটেই জগত পাপ-আত্মাৰ অধীনত” আছে।—১ যোহন ৫:১৯.
২১ শাস্ত্ৰই বৰ্ণনা কৰিছে যে যীচুৰ শিষ্যসকল এই “জগতৰ নহয়।” তেওঁলোকে জগতৰ ৰাজনীতি আৰু যুদ্ধবোৰৰ প্ৰতি সম্পূৰ্ণ নিৰপেক্ষতা বজাই ৰাখে। সেইবাবে, তেওঁলোকে ব্যক্তিগতভাৱে আৰু সমূহীয়া হিচাপে ৰক্তপাতৰ দোষী নহয়।d (যোহন ১৫:১৯; ১৭:১৬) যীচুৰ আৰ্হি অনুকৰণ কৰি তেওঁলোকে তাড়না কৰা লোকসকলৰ লগত হাই-কাজিয়া নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে শত্ৰুবিলাকক প্ৰেম কৰে আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনাও কৰে।—মথি ৫:৪৪; ৰোমীয়া ১২:১৭-২১.
২২ “মহা-বাবিল” অৰ্থাৎ গোটেই জগতত বিস্তাৰিত হৈ থকা মিছা ধৰ্মই হৈছে ৰক্তপাতৰ বাবে বেছি দায়ী আৰু সেইবাবে সত্য খ্ৰীষ্টানসকলে ইয়াৰ লগত একো সম্বন্ধ নাৰাখে। ঈশ্বৰৰ বাক্যই বৰ্ণনা কৰিছে, “ভাববাদীসকল আৰু পবিত্ৰবিলাক আদি কৰি যিমান লোকক পৃথিবীত বধ কৰা হল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গল।” গতিকে আমাক সতৰ্ক কৰা হৈছে, “হে মোৰ লোকসকল . . . তাইৰ পৰা ওলাই আহাঁ।”—প্ৰকাশিত বাক্য ১৭:৬; ১৮:২, ৪, ২৪.
২৩. মহা-বাবিলৰপৰা ওলাই অহাৰ অৰ্থ কি?
২৩ আমি আমাৰ নাম কোনো সংগঠনৰ সদস্যপদৰপৰা কেৱল উঠাই লোৱাই মহা-বাবিলপৰা পৃথকে থকাক নুবুজায়। ইয়াৰ বাবে আমি অনৈতিকতা, ৰাজনীতিত ভাগ লোৱা আৰু যিকোনো প্ৰকাৰে ধন-সম্পত্তি ঘটা আদি অসৎ কাৰ্য্যবোৰ ঘৃণা কৰা উচিত, যিবোৰ মিছা ধৰ্মই পালন কৰে বা সমৰ্থন কৰে। (গীতমালা ৯৭:১০ পঢ়ক; প্ৰকাশিত বাক্য ১৮:৭, ৯, ১১-১৭) এনেধৰণৰ কাৰ্য্যবোৰৰ বাবে সঘনাই ৰক্তপাত হোৱা দেখিবলৈ পোৱা যায়।
২৪, ২৫. (ক) ৰক্তপাত কৰা এজন ব্যক্তিয়ে অনুতাপ কৰিলে, কিহৰ আধাৰত যিহোৱা ঈশ্বৰে তেওঁক ক্ষমা কৰিব পাৰে? (খ) ইয়ে আমাক ইস্ৰায়েলীসকলৰ সময়ত থকা কি ব্যৱস্থাৰ বিষয়ে মনত পেলাই দিয়ে?
২৪ সমৰ্পণ আৰু বাপ্তিষ্মা লোৱাৰ আগতে আমি সকলোৱে কিবা নহয় কিবা প্ৰকাৰে চয়তানৰ ব্যৱস্থাক সমৰ্থন কৰিছিলোঁ। সেইবাবে, আমিও কিছু পৰিমাণে জগতৰ ৰক্তপাতৰ দায়ী। কিন্তু আমি আমাৰ জীৱনত পৰিৱৰ্তন কৰি, যীচুৰ বলিদানৰ ওপৰত বিশ্বাস আৰু নিজৰ জীৱন যিহোৱা ঈশ্বৰলৈ সমৰ্পণ কৰাৰ বাবে আমি ঈশ্বৰৰপৰা ক্ষমা লাভ কৰিলোঁ আৰু আধ্যাত্মিক সুৰক্ষা পাবলৈ সক্ষম হলোঁ। (পাঁচনিৰ কৰ্ম্ম ৩:১৯) ইস্ৰায়েলৰ সময়ত ব্যৱস্থা কৰা আশ্ৰয় নগৰ এনেধৰণে সুৰক্ষাৰ এক আৰ্হি আছিল।—গণনা পুস্তক ৩৫:১১-১৫; দ্বিতীয় বিবৰণ ২১:১-৯.
২৫ এই আশ্ৰয় নগৰ কিয় নিৰ্মাণ কৰা হৈছিল? যদি এজন ইস্ৰায়েলীয়ে ভূলক্ৰমে কাৰোবাক হত্যা কৰে, তেনেহʼলে তেওঁ কোনো এখন আশ্ৰয় নগৰলৈ পলাই যাবলগীয়া হৈছিল। তাত থকা উপযুক্ত বিচাৰকে বিচাৰ কৰাৰ পাছত, ভুলক্ৰমে হত্যা কৰা ব্যক্তিজনে প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সেই আশ্ৰয় নগৰত থাকিব লাগিছিল। ইয়াৰ পাছতহে তেওঁ আশ্ৰয় নগৰ এৰি যিকোনো ঠাইত বাস কৰিব পাৰিছিল। এই উদাহৰণৰপৰা আমি বুজিব পাৰোঁ যে যিহোৱা ঈশ্বৰ দয়ালু আৰু মানুহৰ জীৱনকো বহুমূলীয়া বুলি গণ্য কৰে। বৰ্তমান সময়তো যিহোৱা ঈশ্বৰে প্ৰাচীন ইস্ৰায়েলীসকলৰ দৰে আমাৰ বাবে আশ্ৰয় নগৰৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাৰ আধাৰ হৈছে যীচুৰ মুক্তিপণস্বৰূপ বলিদান। আমি ভুলক্ৰমে কেতিয়াবা জীৱন আৰু তেজৰ পবিত্ৰতাৰ বিষয়ে দিয়া যিহোৱা ঈশ্বৰৰ আজ্ঞা উলংঘন কৰোঁ, কিন্তু এই ব্যৱস্থাৰ বাবে আমি মৃত্যুদণ্ড পোৱাৰ পৰা ৰক্ষা পাওঁ। আপুনি এই ব্যৱস্থাৰ প্ৰতি মূল্যাংকন দেখুৱাইনে? আপুনি এই মূল্যাংকন কেনেকৈ দেখুৱাব পাৰে? এটা উপায় হৈছে আহিবলগীয়া ‘মহাক্লেশৰপৰা’ উদ্ধাৰ পাবলৈ ঈশ্বৰে ব্যৱস্থা কৰা সুৰক্ষাৰ বিষয়ে আনক জানিবলৈ সহায় কৰা।—মথি ২৪:২১; ২ কৰিন্থীয়া ৬:১, ২.
ঘোষণা কাৰ্য্য কৰাৰদ্বাৰা জীৱনৰ প্ৰতি মূল্যাংকন দেখুৱাওক
২৬-২৮. বৰ্তমান সময়ত আমাৰ ওপৰত যি দায়িত্ব আছে, সেই একে দায়িত্ব যিহিষ্কেলৰ ওপৰত আছিল বুলি কেনেকৈ কʼব পাৰোঁ? আমি নিজকে ঈশ্বৰৰ প্ৰেমত কেনেকৈ ৰাখিব পাৰোঁ?
২৬ বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলৰ ওপৰত থকা দায়িত্ব, ভৱিষ্যতবক্তা যিহিষ্কেলকো দিয়া হৈছিল। যিহোৱা ঈশ্বৰে তেওঁক ইস্ৰায়েলীসকলৰ প্ৰহৰী হিচাপে কাম কৰিবলৈ দায়িত্ব দিছিল। ঈশ্বৰে যিহিষ্কেলক কৈছিল, “তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা।” যদি তেওঁ ঈশ্বৰে দিয়া এই দায়িত্ব পালন নকৰিলেহেঁতেন, তেনেহʼলে যিৰূচালেমৰ ধ্বংসত মৃত্যু হোৱা লোকসকলৰ তেজৰ দোষ তেওঁৰ ওপৰত আহিলহেঁতেন। (যিহিষ্কেল ৩৩:৭-৯) কিন্তু যিহিষ্কেলে যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল আৰু তেওঁ কাৰো ৰক্তপাতৰ দোষী হোৱা নাছিল।
২৭ বৰ্তমান সময়তো চয়তানৰ ব্যৱস্থা ধ্বংস হʼবলৈ গৈ আছে। সেইবাবে, যিহোৱাৰ সাক্ষীসকলে ৰাজ্যৰ শুভবাৰ্ত্তা জনোৱাৰ লগতে ঈশ্বৰে “প্ৰতিফল দিয়া দিন” ঘোষণা কৰাটো এক দায়িত্ব আৰু সন্মানৰ বিষয় বুলি গণ্য কৰে। (যিচয়া ৬১:২; মথি ২৪:১৪) এই গুৰুত্বপূৰ্ণ কাৰ্য্যত আপুনি সম্পূৰ্ণৰূপে ভাগ লৈছেনে? পাঁচনি পৌলে ঘোষণা কৰা কাৰ্য্যক গভীৰভাৱে লৈছিল। সেইবাবে, তেওঁ কʼব পাৰিছিল, “মই যে আটাইৰে তেজৰ পৰা শুচি, ইয়াৰ সাক্ষ্য আজি তোমালোকক দিছোঁ; কিয়নো তোমালোকক ঈশ্বৰৰ আটাই আলচ জনাবলৈ পাছ নুহুঁহকিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ২০:২৬, ২৭) পৌলে আমাৰ বাবে কি যে এক উত্তম উদাহৰণ ৰাখিলে!
২৮ নিঃসন্দেহ, এজন পিতৃ হিচাপে যিহোৱা ঈশ্বৰে আমাক প্ৰেম কৰে। কিন্তু যদি আমি তেওঁৰ প্ৰেমত নিজকে ৰাখিবলৈ বিচাৰোঁ, তেনেহʼলে তেজ আৰু জীৱনক বহুমূলীয়া বুলি গণ্য কৰাই আমাৰ বাবে যথেষ্ট নহয়। ইয়াৰ উপৰিও আমি যিহোৱা ঈশ্বৰৰ দৃষ্টিত শুদ্ধ বা পবিত্ৰ হৈ থাকিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আমি শিকিবলৈ পাম।
a “শৰীৰৰ প্ৰাণ তেজত থাকে,” ঈশ্বৰৰ এই উক্তিৰ বিষয়ে চাইন্টিফিক্ আমেৰিকান নামৰ আলোচনীখনে এইদৰে মন্তব্য কৰিছে, “এইটো সত্য যে তেজে জীৱনক চিত্ৰিত কৰে। কিন্তু বাস্তৱতে, সকলো ৰক্তকণিকাই জীৱনৰ বাবে অতি আৱশ্যক।”
b যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত প্ৰহৰীবুৰুজ ২০০৪, ১ ডিচেম্বৰ ২১-২৬ পৃষ্ঠাত চাওক।
c কিছুমান বাইবেলত এই পদৰ অনুবাদ এনেদৰে কৰা হৈছে যে কেৱল মাতৃৰ মৃত্যু হʼলেহে আঘাত কৰা ব্যক্তিজনক মৃত্যুদণ্ড দিয়া হʼব। কিন্তু বাইবেলৰ শব্দবোৰৰ ওপৰত অধ্যয়ন কৰা বিদ্বানসকলে বৰ্ণনা কৰিছে যে ইব্ৰী শাস্ত্ৰত এই পদ যিধৰণে লিখা হৈছে, তাৰদ্বাৰা “এই অৰ্থ বিচাৰি উলিওৱা অসম্ভৱ, কিয়নো ইয়াত কেৱল মাতৃয়ে আঘাত পোৱাৰ বাবে শাস্তি দিয়াৰ কথা উল্লেখ কৰিছে।” ইয়াকো লক্ষ্য কৰক যে এই পদৰ অনুসৰি তিৰোতা গৰাকীয়ে কিমান মাহৰ গৰ্ভৱতী আছিল তাৰ ওপৰত ব্যক্তিজনৰ শাস্তি নিৰ্ভৰ নকৰে। ইয়াৰ পৰিৱৰ্তে যদি প্ৰাণ লোৱা হৈছে, তেনেহʼলে প্ৰাণৰ সলনি প্ৰাণ দিবলগীয়া হৈছিল।
d “জগতৰপৰা কেনেকৈ পৃথকে থাকিব” ৫ অধ্যায়ত চাওক।
e অধিক জানিবলৈ “তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি” নামৰ অতিৰিক্ত লেখত চাওক।