ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৭/১ পৃষ্ঠা ১৩-১৮
  • জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঔষধ হিচাপে তেজৰ ব্যৱহাৰ
  • বিবেকে আদায় কৰা ভূমিকা
  • পাঠকসকলৰ প্ৰশ্ন
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • ঈশ্বৰৰ দৰে আপুনিও জীৱনক বহুমূলীয়া বুলি গণ্য কৰেনে?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
আৰু চাওক
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৭/১ পৃষ্ঠা ১৩-১৮

জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক

“যি জনাই, স্বৰ্গ, পৃথিবী, সাগৰ, আৰু তাৰ মাজত থকা সকলোকে স্ৰজিলে, . . . এনে যি জীৱনময় ঈশ্বৰ, তেওঁলৈ যেন তোমালোকে . . . ঘূৰিবা।”—পাঁচনিৰ কৰ্ম্ম ১৪:১৫-১৭.

১, ২. যিহোৱাক এজন “জীৱনময় সত্য ঈশ্বৰ” হিচাবে বিশ্বাস কৰাটো কিয় এক যুক্তিসঙ্গত বিষয়?

পাঁচনি পৌল আৰু বাৰ্ণব্বাই লুস্ত্ৰা নগৰত এজন ব্যক্তিক সুস্থ কৰাৰ পিছত, তাৰ লোকবিলাকক আশ্বাস দি পৌলে এইদৰে কৈছিল: “আমিও তোমালোকৰ নিচিনা সুখ-দুখ ভোগী মানুহহে। যি জনাই, স্বৰ্গ, পৃথিবী, সাগৰ, আৰু তাৰ মাজত থকা সকলোকে স্ৰজিলে, . . . এনে যি জীৱনময় ঈশ্বৰ, তেওঁলৈ যেন তোমালোকে এই অসাৰ্থক দেৱতাবোৰৰ পৰা ঘূৰিবা, এই নিমিত্তে আমি তোমালোকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছো।”—পাঁচনিৰ কৰ্ম্ম ১৪:১৫-১৭.

২ বাস্তৱতে যিহোৱা কোনো নিৰ্জীৱ প্ৰতিমা নহয় কিন্তু “জীৱনময় সত্য ঈশ্বৰ।” (যিৰিমিয়া ১০:১০; ১ থিচলনীকীয়া ১:৯, ১০) তেওঁ এজন জীৱনময় ঈশ্বৰ হোৱা উপৰিও আমাৰ জীৱনৰ উৎস। আনকি এই বিষয়ে বাইবেলেও কৈছে যে, “তেৱেঁই সকলোকে জীৱন, নিশ্বাস, আৰু আটাই বস্তু দিয়ে।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৫) তেওঁ আমাৰ বৰ্তমান আৰু ভৱিষ্যত জীৱনটো সুখী হোৱাৰ প্ৰতি অতি আগ্ৰহী। এই সন্দৰ্ভত পাঁচনি পৌলে কৈছিল যে, ঈশ্বৰে “মঙ্গলকাৰী হৈ তোমালোকলৈ আকাশৰ পৰা বৰষুণ বৰষাই, শস্য উৎপন্ন হোৱা বতৰ কৰি, আহাৰ আৰু আনন্দৰে তোমালোকৰ হৃদয় তৃপ্ত কৰাই, সাক্ষী নথকাকৈ নিজকে নেৰিলে।”—পাঁচনিৰ কৰ্ম্ম ১৪:১৭.

৩. আমি কিয় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখা উচিত?

৩ আমাৰ জীৱনৰ প্ৰতি দেখুৱা আগ্ৰহকতাই ঈশ্বৰৰ মাৰ্গদৰ্শনক ভাৰসা কৰাৰ বহুতো কাৰণ দাঙি ধৰিছে। (গীত ১৪৭:৮; মথি ৫:৪৫) কিছুমানে বাইবেলৰ নিৰ্দ্দেশনাক ভালদৰে বুজিব নোৱাৰি বা কঠোৰ বুলি ভাবি বিপৰীত প্ৰতিক্ৰিয়া দেখুৱাইছে। তথাপিও তেওঁৰ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখাটো এক বুদ্ধিমানৰ বিষয় হʼব। উদাহৰণস্বৰূপে, এজন ইস্ৰায়েলী ব্যক্তিয়ে মৰা শৱ স্পৰ্শ নকৰাৰ আজ্ঞাক বুজি নোপোৱা স্বত্বেও পালন কৰি লাভৱান হৈছিল। সৰ্ব্বপ্ৰথমে, তেওঁৰ এনে আজ্ঞাকাৰীতাই তেওঁক জীৱনময় ঈশ্বৰৰ কাষ চাপিবলৈ আৰু বহুতো ৰোগৰ পৰা ৰক্ষা পাবলৈ সহায় কৰিছিল।—লেবীয়া পুস্তক ৫:২; ১১:২৪.

৪, ৫. (ক) খ্ৰীষ্টান সমাজ আৰম্ভ হোৱা বহু সময়ৰ পূৰ্ব্বেই যিহোৱাই তেজৰ সম্বন্ধে কেনে নিৰ্দ্দেশনা দিছিল? (খ) আমি কেনেকৈ জানো যে তেজৰ সম্বন্ধে দিয়া এই আজ্ঞা খ্ৰীষ্টানসকলৰ বাবেও প্ৰযোজ্য?

৪ একেইদৰে তেজৰ সম্বন্ধে দিয়া নিৰ্দ্দেশনাৰ ওপৰতো ভাৰসা ৰাখা উচিত। তেওঁ নোহৰ দ্বাৰা সমুদায় মানৱজাতিক তেজ খোৱাৰ পৰা বিৰত থাকিবলৈ কৈছিল। পিছলৈ মোচিৰ ব্যৱস্থাৰ দ্বাৰা তেওঁ স্পষ্টকৈ জনাইছিল যে পাপৰ পৰা ক্ষমা পাবলৈ কেৱল অনুমোদিত তেজহে বেদীৰ ওপৰত ছটিয়া উচিত। এনে নিৰ্দ্দেশনাবোৰৰ যোগেদি তেওঁ ভৱিষ্যতে এক বিশেষভাৱে তেজক ব্যৱহাৰ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিল আৰু সেইয়া আছিল যীচুৰ মুক্তিপণ বলিদানৰ দ্বাৰা অনেকৰ জীৱন উদ্ধাৰ। (ইব্ৰী ৯:১৪) বাস্তৱতে আমাৰ কল্যাণ আৰু জীৱনৰ বিষয়ে ভাবিহে তেওঁ তেনে নিৰ্দ্দেশনা দিছিল। আদিপুস্তক ৯:৪ পদটোৰ বিষয়ে আলোচনা কৰি ১৯ দশকৰ এদম ক্লাৰ্ক নামৰ বাইবেল বিদ্বানজনে এইদৰে কৈছিল: “প্ৰাচ্য দেশৰ খ্ৰীষ্টানসকলে নোহক দিয়া আজ্ঞাক গম্ভীৰতাৰে পালন কৰিছিল . . . তেওঁলোকে ব্যৱস্থাৰ অনুসৰি তেজ খোৱাৰ পৰা আঁতৰি আছিল, কিয়নো ই জগতৰ পাপৰ নিমিত্তে তেজ দিবলগীয়াক বুজাইছিল; পাঁচনিবিলাকে লিখা শুভবাৰ্ত্তা কিতাপে তেজৰ পৰা আঁতৰি থাকিবলৈ কৈছিল, কিয়নো ইয়াক পাপ ক্ষমা কৰাৰ অৰ্থে তেজ দিয়া হৈছে বুলি সদায়ে বিবেচনা কৰিব লাগিছিল।”

৫ সেই বিদ্বানজনে হয়তো যীচুৰ সেৱাকাৰ্য্যৰ ওপৰত আধাৰিত কৰি লিখা শুভবাৰ্ত্তা কিতাপৰ বিষয়ে উল্লেখ কৰিছিল। যʼত আমাৰ নিমিত্তে ঈশ্বৰে নিজৰ পুত্ৰক বলিদান হʼবলৈ পঠোৱা আৰু তেওঁৰ তেজৰ দ্বাৰা অনন্ত জীৱনৰ পথ মুকলি কৰা বিষয়ে সন্মিলিত আছে। (মথি ২০:২৮; যোহন ৩:১৬; ৰোমীয়া ৫:৮, ৯) বিদ্বানজনে দিয়া এই মন্তব্যত পিছলৈ যীচুৱে তেওঁৰ শিষ্যবিলাকক তেজৰ সম্বন্ধে দিয়া আজ্ঞাও অন্তৰ্ভূক্ত কৰিছিল।

৬. তেজৰ সম্বন্ধে খ্ৰীষ্টানসকলক কেনে নিৰ্দ্দেশনা দিয়া হʼল আৰু কিয়?

৬ আপুনি হয়তো জানে যে ঈশ্বৰে ইস্ৰায়েলসকলক কেইবাশ আজ্ঞা দিছিল। কিন্তু যীচুৰ মৃত্যুৰ পিছত সেই আজ্ঞাবোৰ তেওঁৰ শিষ্যসকলৰ বাবে প্ৰযোজ্য হৈ নাথাকিল। (ৰোমীয়া ৭:৪, ৬; কলচীয়া ২:১৩, ১৪, ১৭; ইব্ৰী ৮:৬, ১৩) তথাপিও সময় অতিক্ৰম কৰাৰ লগে লগে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ মাজত এক বিষয়ত বাদ-বিবাদৰ সৃষ্টি হৈছিল। সেই বাদ-বিবাদৰ বিষয়তো আছিল, অন্যজাতিৰ সদস্যসকলে যীচুৰ তেজৰ পৰা লাভৱান হʼবলৈ মোচিৰ ব্যৱস্থাৰ অনুসাৰে চুন্নৎ হোৱাটো আৱশ্যক হয় নে নহয়? সা.যু. ৪৯ চনত এই বাদ-বিবাদৰ বিষয়টোক সমাধান কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে এক নিৰ্ণয় লʼলে। (পাঁচনিৰ কৰ্ম্ম ১৫ অধ্যায়) ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা মাৰ্গদৰ্শিত হৈ পাঁচনি আৰু বৃদ্ধলোকে সকলোকে জনালে যে চুন্নৎ কৰাৰ আৱশ্যকতা যীচুৰ মৃত্যুৰ সৈতে অন্ত পৰিল। তথাপিও খ্ৰীষ্টানসকলে কিছুমান নিৰ্দ্দিষ্ট ঈশ্বৰীয় আৱশ্যকতাসমূহ পালন কৰিব লাগিছিল। মণ্ডলীসমূহলৈ লিখা এখন পত্ৰত প্ৰশাসন গোষ্ঠীয়ে এইদৰে কৈছিল: “তোমালোকে দেৱতাৰ প্ৰসাদ, তেজ, টেঁটু-চেপা দি মৰা জন্তু খোৱা, আৰু ব্যভিচাৰ, এইবোৰৰ পৰা পৃথক থাকিবা; এই কৰ্ত্তব্য কৰ্ম্মত বাজে, তোমালোকৰ ওপৰত আন একো ভাৰ নিদিবলৈ, পবিত্ৰ আত্মা আৰু আমিও উচিত দেখিলোঁ। এইবোৰৰ পৰা তোমালোকে নিজকে ৰাখিলে, তোমালোকৰ ভাল হʼব।”—পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯.

৭ খ্ৰীষ্টানসকলৰ বাবে ‘তেজৰ পৰা বিৰত’ থকাটো কিমান গুৰুত্বপূৰ্ণ?

৭ নৈতিকভাৱে শুদ্ধ থাকিবলৈ যিদৰে ব্যভিচাৰ আৰু মূৰ্ত্তিপূজাৰ পৰা আঁতৰি থকাটো এক গম্ভীৰ বিষয়, ঠিক তেনেদৰে তেজৰ পৰা বিৰত থকাটোও গম্ভীৰ বিষয় বুলি প্ৰশাসন গোষ্ঠীয়ে বিবেচনা কৰিলে। ইয়ে তেজৰ সম্বন্ধে থকা নিষেধাজ্ঞাক এক গম্ভীৰ বিষয় বুলি দাঙি ধৰিছে। যিসকল খ্ৰীষ্টানে জানিবুজি ব্যভিচাৰ বা মূৰ্ত্তিপূজা কৰে তেওঁলোকে “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব;” আৰু তেওঁলোকে “গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব, এয়ে দ্বিতীয় মৃত্যু।” (১ কৰিন্থীয়া ৬:৯, ১০; প্ৰকাশিত বাক্য ২১:৮; ২২:১৫) লক্ষ্য কৰক যে তেজৰ পবিত্ৰতাৰ সম্বন্ধে থকা আজ্ঞাক উলঙ্ঘন কৰাৰ অৰ্থ হৈছে চিৰকলীয়া মৃত্যু। কিন্তু যীচুৰ বলিদানৰ প্ৰতি দেখুৱা শ্ৰদ্ধাই চিৰকলীয়া জীৱনলৈ পৰিচালিত কৰে।

৮. কিহে দেখুৱাইছে যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে তেজৰ সম্বন্ধে থকা নিৰ্দ্দেশনাক গম্ভীৰতাৰে পালন কৰিছিল?

৮ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনেকৈ তেজৰ সম্বন্ধে থকা নিৰ্দ্দেশনাক বুজিছিল আৰু পালন কৰিছিল? ক্লাৰ্কে কোৱা কথাষাৰক পুনৰাই সোঁৱৰক, যʼত তেওঁ এইদৰে কৈছিল: “শুভবাৰ্ত্তা কিতাপে তেজৰ পৰা আঁতৰি থাকিবলৈ কৈছিল, কিয়নো ইয়াক পাপ ক্ষমা কৰাৰ অৰ্থে তেজ দিয়া হৈছে বুলি সদায়ে বিবেচনা কৰিব লাগিছিল।” আনকি ইতিহাসেও কৈছে যে খ্ৰীষ্টানসকলে এই বিষয়টোক গম্ভীৰতাৰে বিবেচনা কৰিছিল। উদাহৰণস্বৰূপে, বুৰঞ্জীবিদ টাৰ্টুলিয়ানে এইদৰে কৈছিল: “যেতিয়া ক্ৰীড়াভূমিত কোনো দুজন ভয়ানক অপৰাধীৰ মাজত যুঁজ হয় তেতিয়া দৰ্শকসকলৰ ভিতৰত কিছুমানে এই আশাৰে উপস্থিত হৈছিল যে কেনেকৈ যুঁজত মৃত্যু হোৱা ব্যক্তি জনৰ সতেজ তেজ পান কৰি . . . তেওঁবিলাকৰ মৃগীৰোগ সুস্থ হʼব পাৰে।” টাৰ্টুলিয়ানে আগলৈ এইদৰে কয় যে, তেজ পান কৰা মূৰ্ত্তিপূজক বিপৰীতে খ্ৰীষ্টানসকলে “নিজৰ আহাৰত আনকি জীৱ-জন্তুৰো তেজ মিহলি নকৰিছিল।” . . . খ্ৰীষ্টানসকলক যাতনা দিয়াৰ অৰ্থে তেজপূৰ্ণ চচিজ খাবলৈ বল প্ৰয়োগ কৰিছিল। আপুনি অৱশ্যেই জানে যে তেওঁলোকৰ বাবে তেনে কৰাটো অবৈধ আছিল।” আনকি খ্ৰীষ্টানসকলে মৃত্যুৰ সম্মুখীন হোৱাৰ স্বত্বেও তেজ খোৱাৰ পৰা বিৰত থাকিল। প্ৰকৃততে তেওঁলোকৰ বাবে এই ঈশ্বৰীয় নিৰ্দ্দেশনা পালন কৰাটো এক গম্ভীৰ বিষয় আছিল।

৯. তেজ গ্ৰহণ নকৰাৰ উপৰিও তেজ নোখোৱাৰ সৈতে পোনপটীয়াকৈ আৰু কি সন্মিলিত আছে?

৯ কিছুমানে হয়তো ভাবিছিল যে আচলতে প্ৰশাসন গোষ্ঠীয়ে তেজেৰে সৈতে মাংস বা তেজ পান নকৰিবলৈ অথবা তেজ মিশ্ৰিত থকা যিকোনো বস্তু খাবলৈ নিষেধ কৰিছে। বাস্তৱতে সেইয়া আছিল ঈশ্বৰে নোহক দিয়া প্ৰথম আজ্ঞা। তদুপৰি শুভবাৰ্ত্তা কিতাপে খ্ৰীষ্টানসকলক ‘তেজ আৰু টেঁটু-চেপা দি মৰা জন্তু খোৱাৰ পৰা বিৰত থাকিবলৈ’ কৈছিল। (আদিপুস্তক ৯:৩, ৪; পাঁচনিৰ কৰ্ম্ম ২১:২৫) যিয়েই নহওক, প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে ইয়াৰ সৈতে সন্মিলিত থকা অন্য বিষয়বোৰকো জানিছিল। যেনে, চিকিৎসাৰ বাবে কোনো প্ৰকাৰে তেজ গ্ৰহণ নকৰা। টাৰ্টুলিয়ানে কৈছিল যে মূৰ্ত্তিপূজকসকলে মৃগীৰোগৰ পৰা সুস্থ হʼবলৈ সতেজ তেজ পান কৰিছিল। তদুপৰি স্বাস্থ্য উন্নত বা বেমাৰ চিকিৎসা কৰিবলৈ তেজ ব্যৱহাৰ কৰা হৈছিল। যিহেতু খ্ৰীষ্টানসকলে তেজৰ পৰা বিৰত থকাৰ বাবে কোনো কাৰণ, আনকি “চিকিৎসাৰ” বাবেও তেজ গ্ৰহণ কৰা নাছিল। তেওঁলোকে নিজৰ জীৱন বিপদপন্ন অৱস্থাত থকাৰ স্বত্বেও তেজৰ পৰা বিৰত থকা আজ্ঞাক পালন কৰিলে।

ঔষধ হিচাপে তেজৰ ব্যৱহাৰ

১০. চিকিৎসাৰ ক্ষেত্ৰত তেজক অন্য কেনে ধৰণে ব্যৱহাৰ কৰা হয়, কিন্তু এই সম্বন্ধে কেনে প্ৰশ্নবোৰ উত্থাপন হৈছে?

১০ বৰ্তমান সময়ত চিকিৎসাৰ সম্বন্ধে তেজ ব্যৱহাৰ কৰাটো এক সাধাৰণ বিষয় হৈ পৰিছে। প্ৰাচীন সময়ত ৰক্তদান কৰোঁতাজনৰ তেজ কোনো বিভাগত বিভক্ত নকৰাকৈ সংৰক্ষিত কৰি থৈছিল আৰু সেই তেজখিনি সম্ভৱতঃ যুদ্ধত আহত হোৱা ৰোগীজনক দিয়া হৈছিল। কিন্তু সময় অতিক্ৰম কৰা লগে লগে গৱেষণাকাৰীসকলে তেজক চাৰিটা মূল উপাদানত বিভক্ত কৰিবলৈ শিকিলে। এনে উপাদানবোৰ সঞ্চাৰণ কৰাৰ বাবে চিকিৎসকবিলাকে বেছি সংখ্যক ৰোগীক তেজ দিবলৈ সক্ষম হʼল। যেনে, এজন আঘাতপ্ৰাপ্ত ব্যক্তিক প্লাজমা, আনকি তেজৰ আন উপাদানবোৰ তাতকৈ অধিক ৰোগীক দিব পাৰি। নিৰন্তৰে কৰা গৱেষণাৰ দ্বাৰা জানিব পৰা গৈছে যে প্লাজমাৰ পৰা এনে বহুতো অংশ উলিয়াব পৰা যায় যি অন্য ৰোগীসকলক দিব পাৰি। এনে ধৰণৰ চিকিৎসাৰ প্ৰতি এজন প্ৰকৃত খ্ৰীষ্টানে কেনে মনোবৃত্তি দেখুৱায়? তেওঁ হয়তো তেজ সঞ্চাৰণ কৰাৰ পৰা আঁতৰি থাকিবলৈ দৃঢ়সঙ্কল্প লৈছে। কিন্তু চিকিৎসকে তেওঁক লোহিত ৰক্ত কণিকা গ্ৰহণ কৰিবলৈ জোৰ দিছে অথবা তেওঁক এনে ধৰণৰ চিকিৎসা কৰিবলৈ আগবাঢ়ি আহিছে যʼত তেজৰ এক ক্ষুদ্ৰ ভগ্নাংশ জড়িত আছে। এনে পৰিস্থিতিত ঈশ্বৰৰ এজন উপাসকে তেজৰ পবিত্ৰতা আৰু যীচুৰ বলিদানৰ তেজে যে বৃহৎমাত্ৰাত জীৱনৰক্ষক হয় এই বিষয়ে মনত ৰাখি কেনে সিদ্ধান্ত লব?

১১. বহু সময়ৰ আগেতে যিহোৱাৰ সাক্ষীসকলে তেজৰ সম্বন্ধে কেনে এক সিদ্ধান্ত স্পষ্টকৈ দাঙি ধৰিলে?

১১ এই সম্বন্ধে বহু সময়ৰ আগতে যিহোৱাৰ সাক্ষীসকলে নিজৰ সিদ্ধান্তৰ বিষয়ে স্পষ্টকৈ দাঙি ধৰিছিল। উদাহৰণস্বৰূপে, তেওঁলোকে লিখা জ্যাৰনেল অৱ দ্য আমেৰিকান এছʼছিয়েইশ্বন নামৰ আলোচনীখনত প্ৰকাশ কৰিছিল (নম্ববেৰ ২৭, ১৯৮১ চন; তেজে কেনেকৈ আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰে?, নামৰ ব্ৰচাৰখনৰ ২৭-২৯ পৃষ্ঠাত পুনৰাই ছপা কৰা হৈছে)।a সেই লেখটোৰ বিষয়বস্তু বাইবেলৰ আদিপুস্তক, লেবীয়া পুস্তক আৰু পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপবোৰৰ ওপৰত আধাৰিত আছিল। এই আলোচনীখনত এইদৰে কোৱা হৈছে: “যদিও সেই বাইবেলৰ কিতাপবোৰত পোনপটীয়াকৈ চিকিৎসাৰ সম্বন্ধে কোনো নিয়ম দিয়া নাই, তথাপিও যিহোৱাৰ সাক্ষীসকলে লোহিত ৰক্ত কণিকা, প্লাজমা, শ্বেত ৰক্ত কণিকা আৰু প্লেটলেট গ্ৰহণ কৰাটো তেজ সঞ্চাৰণ হিচাবে দৃষ্টি কৰে।।” ২০০১ চনত প্ৰকাশ কৰা জৰুৰীকালীন চিকিৎসা (ইমাৰজেঞ্চি কেয়াৰ) নামৰ পাঠ্যপুস্তকখনৰ “তেজ সংমিশ্ৰণ” নামৰ শিৰোনামাৰ অন্তৰ্গত তেজৰ সম্পৰ্কে এইদৰে কোৱা হয়: “তেজ হৈছে, প্লাজমা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু প্লেটলেটৰ দ্বাৰা গঠিত।” সেইবাবে সম্পূৰ্ণ তেজ বা ইয়াৰ চাৰিটা মূল উপাদানেই নহওক কিয়, যিহোৱাৰ সাক্ষীসকলে সঞ্চাৰণ কৰাৰ পৰা বিৰত থাকে।

১২. (ক) তেজৰ মূল চাৰিবিধ উপাদানৰ পৰা পৃথক কৰা ভগ্নাংশবোৰৰ সম্পৰ্কে কেনে বিচাধাৰা প্ৰস্তুত কৰা হৈছে? (খ) আপুনি এই বিষয়ে অধিককৈ জানিবলৈ কি কৰিব পাৰে?

১২ সেই চিকিৎসাৰ লেখটোৱে আগলৈ এইদৰে কৈছিল: “যিহোৱাৰ সাক্ষীসকলৰ ধৰ্ম্মই এলবুমিন, ইমোনে গ্লʼবুলিন, হিমʼফিলিয়া আদি গ্ৰহণ কৰাৰ প্ৰতি সম্পূৰ্ণকৈ নিষেধাজ্ঞা দিয়া নাই। এনে ধৰণৰ চিকিৎসা প্ৰণালীবোৰ গ্ৰহণ কৰিব বা নকৰিব, সেইটো হৈছে প্ৰত্যেকজন ব্যক্তিৰ নিজা নিৰ্ণয়।” ১৯৮১ চনৰ পৰা তেজৰ বহুতো অংশ (চাৰিবিধ মূল উপাদানৰ পৰা পৃথক কৰা ভগ্নাংশবোৰ) পৃথক কৰা হৈছে। এই বিষয়ে ১৫ জুন, ২০০০ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ “পাঠসকসকলৰ প্ৰশ্ন” নামৰ লেখটোৰ অন্তৰ্গত ব্যৱহাৰিক সহায় আগবঢ়োৱা হৈছিল। অধিকাংশ পাঠকৰ লাভৰ অৰ্থে সেই লেখটো পুনৰাই এই আলোচনীখনৰ ২৯-৩১ পৃষ্ঠাত ছপা কৰা হৈছে। এই লেখটোত বিস্তাৰিতভাৱে আৰু বহুতো যুক্তি দাঙি ধৰা হৈছে আৰু লগতে ১৯৮১ চনত উল্লেখ কৰা মূল কাৰণবোৰৰ সৈতে আপুনি কিয় সন্মত হʼব, তাৰ বিষয়েও কোৱা হৈছে।

বিবেকে আদায় কৰা ভূমিকা

১৩, ১৪. (ক) বিবেক কি আৰু তেজৰ সম্বন্ধে ই কেনে ভূমিকা আদায় কৰে? (খ) ইস্ৰায়েলসকলক মাংস খোৱাৰ সম্বন্ধে ঈশ্বৰে কি আজ্ঞা দিছিল আৰু সম্ভৱতঃ কেনে ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হৈছিল?

১৩ তেনে ধৰণৰ জ্ঞানে আমাৰ বিবেকক পৰিচালিত কৰিবলৈ প্ৰেৰিত কৰে। কিয় কৰে? কিয়নো খ্ৰীষ্টানসকলে ঈশ্বৰীয় নিৰ্দ্দেশনাৰ অনুসৰি চলাৰ আৱশ্যকতাৰ সৈতে সন্মত। তথাপিও কিছুমান বিষয়ত তেওঁলোকে ব্যক্তিগতভাৱে নিৰ্ণয় লোৱা উচিত আৰু ইয়াৰ বাবে বিবেকে এক প্ৰমুখ ভূমিকা আদায় কৰে। সাধাৰণতে নৈতিক বিষয়বোৰত ভাল বেয়া বিচাৰ কৰাৰ বাবে বিবেকৰ জন্মগত আৰ্হতা আছে। (ৰোমীয়া ২:১৪, ১৫) তথাপিও আপুনি জানে যে বিবেকে সদায়ে সঠিক পথলৈ পৰিচালিত নকৰে।b কিয়নো বাইবেলে কৈছে যে আনসকলৰ তুলনাত কিছুমানৰ ‘দুৰ্ব্বল বিবেক’ আছে। (১ কৰিন্থীয়া ৮:১২) উদাহৰণস্বৰূপে, খ্ৰীষ্টানসকলৰ কিছুমানে হয়তো ঈশ্বৰৰ উদ্দেশ্য, তেওঁৰ বিচাৰধাৰা আৰু সেইবোৰক নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ ক্ৰমান্বয়ে বা দ্ৰুতভাৱে শিকি উন্নতি কৰে। এই বিষয়ে স্পষ্টকৈ বুজিবলৈ আমি ইহুদীসকল আৰু মাংস খোৱাৰ বিষয়টোক বিবেচনা কৰিব পাৰোঁ।

১৪ বাইবেলে স্পষ্টকৈ কৈছে যে ঈশ্বৰৰ আজ্ঞাকাৰী খ্ৰীষ্টানে তেজেৰে সৈতে মাংস খোৱাৰ পৰা বিৰত থাকিব। ই ইমানেই এক গুৰুত্বপূৰ্ণ বিষয় আছিল যে এজন ইস্ৰায়েল সৈনিকে জৰুৰীকালীন অৱস্থাটো যদি তেজেৰে সৈতে মাংস খাই তেন্তে তেওঁক জঘন্য পাপী বুলি দোষী সাব্যস্ত কৰা হৈছিল। (দ্বিতীয় বিবৰণ ১২:১৫, ১৬; ১ চমূৱেল ১৪:৩১-৩৫) সেই সময়টো আন বহুতো প্ৰশ্নৰ উত্তৰ স্পষ্ট হʼবলগীয়া আছিল। যেনে, যদি এজন ইস্ৰায়েল ব্যক্তিয়ে খাবলৈ এটা মেৰ বধ কৰে তেন্তে কিমান সোনকালে তাৰ তেজখিনি বোৱাই দিব লাগিছিল? ইয়াৰ বাবে তেওঁক মেৰটোৰ টেটু কাটিব লাগিছিল নে? সম্পূৰ্ণকৈ তেজখিনি বৈ নোযোৱালৈকে তেওঁ মেৰটোক উভটা কৰি ওলোমাই ৰাখিব লাগিছিল নে? কিমান সময়লৈকে তেনেদৰে ৰাখিব লাগিছিল? যদি পূৰ্ণবয়স্ক গৰু এটা বধ কৰে তেন্তে তাৰ তেজ সম্পূৰ্ণকৈ ওলাই যাবলৈ কি কৰিব লাগিব? তেজ ওলাই যোৱাৰ পিছটো যদি কিছু পৰিমাণে তেজ থাকি যায় তেন্তে তেওঁ সেই মাংস খাব পাৰিবনে? তেনে মাংস খাব পাৰে নে নোৱাৰে, এই বিষয়ে কোনে নিৰ্ণয় কৰিব পাৰে?

১৫. মাংস খোৱাৰ সম্বন্ধে কিছুমান ইহুদীয়ে কেনে মনোবৃত্তি ৰাখিলে, কিন্তু এই বিষয়ে ঈশ্বৰৰ নিৰ্দ্দেশনা কি?

১৫ কল্পনা কৰক যে এজন প্ৰকৃত ইহুদী ব্যক্তিয়ে কেনেকৈ সেই পৰিস্থিতিবোৰৰ সম্মুখীন হʼবলগীয়া হৈছিল। তেওঁ হয়তো বজাৰত বেচা মাংস কিনিবলৈ বন্ধ কৰাটোৱে উত্তম বুলি ভাবিছিল। বেচিবলৈ অনা মাংস সম্ভৱতঃ দেৱতালৈ উৎসৰ্গ কৰা হৈছে বুলি ভাবি আন এজনে মাংস কিনিবলৈ ত্যাগ দিছিল। আন কিছুমান ইহুদীয়ে হয়তো ব্যৱস্থাৰ অনুসাৰে তেজখিনি সম্পূৰ্ণকৈ ওলোৱাৰ পিছতহে মাংস খাব পাৰে বুলি ভাবিছিল।c (মথি ২৩:২৩, ২৪) তেনে ধৰণৰ ভিন্ন প্ৰতিক্ৰিয়াবোৰৰ বিষয়ে আপুনি কি ভাবে? তদুপৰি যিহোৱা ঈশ্বৰে ওপৰত উল্লেখ কৰা কাৰ্য্যবোৰৰ সম্পৰ্কে কোনো ব্যৱস্থা নিদিয়াৰ বাবে এজন ইহুদী ব্যক্তিৰ মনত উত্থাপন হোৱা প্ৰশ্নসমূহৰ প্ৰত্যেকটোৰে উত্তৰ পাবলৈ ইহুদী ধৰ্ম্ম গুৰুসকলৰ পৰিষদক সোধাটো উত্তম হʼলহেঁতেননে? যদিও তেনে ধৰণৰ ৰীতি-নীতি ইহুদী সমাজত প্ৰচলিত আছিল, তথাপিও যিহোৱা ঈশ্বৰে সত্য উপাসকসকলক তেজৰ সম্পৰ্কে তেনেদৰে নিৰ্ণয় লোৱাটো নিবিচাৰা দেখি আমি কিমান যে আনন্দিত হৈছোঁ। ঈশ্বৰে কেৱল প্ৰাথমিক নিৰ্দ্দেশনা দি বধ কৰা জন্তুৰ তেজখিনি ওলোৱা আৰু পৰিস্কাৰ কৰাৰ বিষয়ে উল্লেখ কৰিলে।—যোহন ৮:৩২.

১৬. তেজৰ মূল উপাদানৰ ভগ্নাংশৰ পৰা তৈয়াৰ কৰা বেজী লবলৈ প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত কিয় ভিন্ন মতামত দেখিবলৈ পোৱা যায়?

১৬ আমি ১১ আৰু ১২ অনুচ্ছেদত যিহোৱাৰ সাক্ষীসকলে তেজ সঞ্চাৰণ বা ইয়াৰ চাৰিবিধ উপাদান, যেনে, প্লাজমা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু প্লেটলেট গ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ বিষয়ে জানিব পাৰিলোঁ। তেজৰ মুখ্য উপাদানৰ পৰা বিভক্ত কৰা এক ক্ষুদ্ৰ ভগ্নাংশ যেনে, ৰোগৰ সৈতে যুঁজ বা সাপৰ বিষৰ পৰা ৰক্ষা পাবলৈ এন্টিবডিযুক্ত ছিৰাম ব্যৱহাৰ কৰাৰ বিষয়ে কি কʼব পাৰি? (৩০ পৃষ্ঠাৰ ৪ অনুচ্ছেদত চাওক।) কিছুমানে কয় যে আচলতে তেনে ধৰণৰ ক্ষুদ্ৰ ভগ্নাংশবোৰত তেজ নাথাকে আৰু তাক গ্ৰহণ কৰাটো ‘তেজ লোৱাৰ পৰা বিৰত থকা’ বাইবেলৰ আজ্ঞাৰো অন্তৰ্গত নহয়। (পাঁচনিৰ কৰ্ম্ম ১৫:২৯; ২১:২৫; ৩১ পৃষ্ঠাৰ ১ অনুচ্ছেদত চাওক) এই বিষয়ে খ্ৰীষ্টানসকলে ব্যক্তি সকলে যি নিৰ্ণয় লব তাৰ বাবে তেওঁলোক স্বয়ং জবাবদিহি। তেজ (মানুহ বা জীৱ-জন্তুৰ) বা ইয়াৰ উপাদানৰ পৰা ওলোৱা ক্ষুদ্ৰ অংশ গ্ৰহণ কৰিব নে নকৰে, তাৰ নিৰ্ণয় তেওঁলোকৰ বিবেকে লব।d কিছুমানে হয়তো ৰোগ বা সাপৰ বিষৰ পৰা ৰক্ষা পাবলৈ তেজৰ উপাদানৰ আন ক্ষুদ্ৰ ভগ্নাংশবোৰ গ্ৰহণ নকৰাকৈ কেৱল প্লাজমা প্ৰʼটিনৰ বেজী লব পাৰে। ইয়াৰ উপৰিও খ্ৰীষ্টানসকলে তেজৰ মূল উপাদানৰ কোনো এটা ভগ্নাংশৰ পৰা উৎপন্ন কৰা এনে কোনো দ্ৰব্য গ্ৰহণ নকৰে যিবোৰ গ্ৰহণ কৰাৰ অৰ্থ হৈছে সম্পূৰ্ণ তেজ সংঞ্চাৰণ কৰাৰ দৰে প্ৰায়ে একেই হʼব পাৰে আৰু যিয়ে শৰীৰত জীৱন-ৰক্ষকৰ ভূমিকা আদায় কৰে।

১৭. (ক) তেজৰ উপাদানসমূহৰ ভগ্নাংশৰ সম্বন্ধে উঠা প্ৰশ্নবোৰক সমাধান কৰিবলৈ আমাৰ বিবেকে কেনেকৈ আমাক সহায় কৰিব পাৰে? (খ) এই সম্বন্ধে লোৱা নিৰ্ণয়বোৰ কিয় এক সাধাৰণ বিষয় নহয়?

১৭ বাইবেলে কৈছে যে এনে ধৰণৰ নিৰ্ণয় লবলৈ বিবেকে আমাক সহায় কৰিব পাৰে। ইয়াৰ বাবে সৰ্ব্বপ্ৰথম পদক্ষেপটো হৈছে, ঈশ্বৰৰ বাক্যই এই সম্বন্ধে কি কৈছে আৰু কেনেকৈ বিবেকক প্ৰশিক্ষিত কৰিব পাৰি, সেই বিষয়ে শিকা উচিত। তেনে প্ৰশিক্ষিত বিবেকৰ দ্বাৰা আনে আমাৰ বাবে নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে আমি নিজেই বাইবেলীয় নিৰ্দ্দেশনাৰ অনুসাৰে নিৰ্ণয় লবলৈ সহায় লাভ কৰিম। (গীত ২৫:৪, ৫) কিছুমানে তেজৰ উপাদানৰ ভগ্নাংশবোৰ গ্ৰহণ কৰাৰ সম্বন্ধে এইদৰে ভাবিছিল যে, ‘এইটো কোনো গম্ভীৰ বিষয় নহয়, ইয়াৰ বাবে বিবেকৰ দ্বাৰা নিৰ্ণয় লব পাৰি।’ তেনে ধৰণৰ যুক্তি দাঙি ধৰাটো প্ৰকৃততে ভুল হʼব। যদিও ই এক ব্যক্তিগত বিষয়, তথাপিও ইয়াক সাধাৰণভাৱে দৃষ্টি কৰাটো উচিত নহয়। ই এক গম্ভীৰ বিষয় হʼব পাৰে। কিয়নো আমাৰ এনে ধৰণৰ মনোবৃত্তিয়ে ভিন্ন মতামত ৰাখাসকলৰ বিবেকত আঘাত কৰিব পাৰে। মাংসৰ সম্বন্ধে পাঁচনি পৌলে দিয়া উপদেশৰ পৰা আমি বুজিব পাৰিছোঁ যে সম্ভৱতঃ বেচিবলৈ অনা মাংসখিনি প্ৰথমতে মিছা দেৱতালৈ বলিদান কৰা হৈছিল। সেইবাবে এজন খ্ৰীষ্টানে ‘দুৰ্ব্বলজনৰ বিবেকক আঘাত কৰাৰ পৰা’ সতৰ্ক হৈ থকা উচিত। যদি আনৰ বাধাৰ কাৰণ হৈ পৰে, তেন্তে তেওঁ ‘যিজন ভাইৰ নিমিত্তে খ্ৰীষ্ট মৰিল, সেই দুৰ্ব্বল জনাৰ বিনষ্ট’ আৰু যীচুৰ বিৰোদ্ধে পাপ কৰিছে। তেজৰ ক্ষুদ্ৰ ভগ্নাংশ লোৱাটো যদিও এটা সাধাৰণ আৰু ব্যক্তিগত নিৰ্ণয়ৰ বিষয়, তথাপিও ইয়াক গভীৰ বুলি লোৱা উচিত।—১ কৰিন্থীয়া ৮:৮, ১১-১৩; ১০:২৫-৩১.

১৮. এজন খ্ৰীষ্টানে কেনেকৈ তেজৰ সম্বন্ধে নিৰ্ণয় লওঁতে নিজ বিবেকক নিষ্ক্ৰিয় কৰাৰ পৰা আঁতৰি থাকিব পাৰে?

১৮ তেজৰ সম্বন্ধে থকা অন্য এটা বিষয়ে বিবেচনা কৰক যি ইয়াৰ গম্ভীৰতাৰ বিষয়ে জোৰ দি উল্লেখ কৰিছে। ই আপোনাক ব্যক্তিগতভাৱে প্ৰভাৱিত কৰিব পাৰে। যদি আপুনি লোৱা তেজৰ উপাদানে আপোনাৰ বাইবেল প্ৰশিক্ষিত বিবেকক দংশিত কৰিছে তেন্তে তাৰ প্ৰতি অৱশ্যেই মনোযোগ দিয়া উচিত। কোনোবাই যদি কৈছে যে, “নিশ্চিন্ত মনেৰে আপুনি ইয়াক লওক, একো হানি নহʼব,” তেন্তে তেওঁৰ কথাত প্ৰত্যয় গৈ নিজৰ বিবেকক বশ নকৰিব। তদুপৰি মনত ৰাখক যে বহুতে আনৰ কথা শুনি নিজৰ বিবেকক প্ৰায়ে নিষ্ক্ৰিয় কৰি পেলাইছে, মিছা মাতিবলৈ শিকিছে আৰু অন্য বেয়া কাৰ্য্য কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰকৃত খ্ৰীষ্টানসকলে অৱশ্যেই তেনে ধৰণৰ অভ্যাস কৰাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিব।—২ চমূৱেল ২৪:১০; ১ তীমথিয় ৪:১, ২.

১৯. তেজৰ সম্বন্ধে থকা চিকিৎসাৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত আমি সদায়ে কি মনত ৰাখা উচিত?

১৯ এই আলোচনীখনৰ ২৯-৩১ পৃষ্ঠাত পুনৰাই ছপা কৰি প্ৰকাশ কৰা প্ৰশ্নৰ উত্তৰত এইদৰে কোৱা হৈছে: “এনে বিচাৰধাৰা আৰু নিৰ্ণয় যিমানে ভিন্ন নহওঁক কিয়, তাৰ পৰা কোনো প্ৰভাৱ নপৰে বুলি ভাবটো সঠিক হʼবনে? অৱশ্যেই হʼব। কিয়নো এইটো হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়।” বিশেষকৈ আমাৰ সম্বন্ধ “জীৱনময় ঈশ্বৰৰ” সৈতে থকাৰ কাৰণে ই হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। কেৱল এই সম্বন্ধই আমাক অনন্ত জীৱনলৈ পৰিচালিত কৰিব, কিয়নো ই যীচুৰ বোৱতী তেজৰ ওপৰত আধাৰিত। সেয়েহে তেজৰ প্ৰতি এক উচ্চ দৃষ্টিভঙ্গী বজাই ৰাখাৰ অৰ্থ হৈছে ঈশ্বৰে জীৱন ৰক্ষাৰ অৰ্থে কৰা প্ৰবন্ধৰ প্ৰতি গভীৰ মূল্যাঙ্কন কৰা। সেইবাবে পাঁচনি পৌলে এই বিষয়ে সঠিককৈ এইদৰে কʼব পাৰিলে: “তোমালোকে . . . আশাহীন আৰু ঈশ্বৰহীন হৈ, এই জগতত আছিলা, ইয়াক সোঁৱৰা। কিন্তু এতিয়া খ্ৰীষ্ট যীচুত আছা দেখি, আগেয়ে দূৰ হলেও, তোমালোক খ্ৰীষ্টৰ তেজৰ দ্বাৰাই ওচৰ হলা।”—ইফিচীয়া ২:১২, ১৩. (w04 6/15)

[ফুটনোটবোৰ]

a যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

b এবাৰ চাৰিজন খ্ৰীষ্টান ব্যক্তিৰ সৈতে পাঁচনি পৌলে নিজকে ৰাজহুৱাভাৱে শুচি কৰিবলৈ মন্দিৰলৈ যাবলগীয়া হৈছিল। সেই সময়লৈকে মোচিৰ ব্যৱস্থা কাৰ্য্যকাৰী হৈ নথাকৰ স্বত্বেও তেওঁ যিৰূচালেমৰ বৃদ্ধলোকে কোৱা অনুসাৰে কাৰ্য্য কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২১:২৩-২৫) তথাপিও কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে হয়তো তেনে ধৰণে মন্দিৰলৈ যোৱা বা তেনে ব্যৱস্থা পালন কৰাটো বাধ্যতামূলক বুলি নভাবিছিল। প্ৰত্যেকৰে ভিন্ন বিবেক আছিল আৰু আজিও সেই একেইদৰে দেখিবলৈ পোৱা যায়।

c এনচাইক্লোপিডিয়া জুডাইকাʼত মাংস “শুচি” কৰাৰ সম্বন্ধে “জটিল আৰু অতি ক্ষুদ্ৰ” বিষয়ে পৰিলেখ দিয়া আছে। ইয়াত কোৱা হৈছে যে কিমান সময়লৈকে মাংসখিনি পানীত, তেজখিনি বৈ যোৱাৰ বাবে কেনে উপযুক্ত ঠাইত, নিমখ হানি থোৱা আৰু কিমানবাৰ ঠাণ্ডা পানীত ধোৱা উচিত।

d বৰ্তমান সময়ত কিছুমান ইনজেক্সনত মুখ্য বা সক্ৰিয়ভাৱে তেজৰ সংমিশ্ৰণ নাথাকে। কিন্তু কিছুমান ক্ষেত্ৰত হয়তো তেজৰ ক্ষুদ্ৰ ভগ্নাংশ, যেনে এলবুমিন মিহলাব পাৰে।—অক্টোবৰ ১, ১৯৯৪ চনৰ প্ৰহৰীবুৰুজʼত দিয়া “পাঠসকলৰ প্ৰশ্ন” নামৰ লেখটো চাওক।

আপুনি কেনেকৈ উত্তৰ দিব?

• তেজৰ সম্বন্ধে ঈশ্বৰে নোহ, ইস্ৰায়েল জাতি আৰু খ্ৰীষ্টানসকলক কেনে নিৰ্দ্দেশনা দিছিল?

• তেজৰ সম্বন্ধে যিহোৱাৰ সাক্ষীসকলে কি গ্ৰহণ কৰিবলৈ সম্পূৰ্ণকৈ অস্বীকাৰ কৰে?

• তেজৰ মূল উপাদানৰ পৰা বিভক্ত কৰা ক্ষুদ্ৰ ভগ্নাংশ গ্ৰহণ কৰাটো কেনে অৰ্থত এজন ব্যক্তিৰ বিবেকৰ ওপৰত আধাৰিত, কিন্তু ইয়াৰ অৰ্থ প্ৰকৃততে কি নহয়?

• কোনো নিৰ্ণয় লোৱাৰ সময়ত আমি কিয় ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধক মনত ৰাখা উচিত?

[১৬ পৃষ্ঠাৰ তালিকা]

(সম্পূৰ্ণ তালিকাখনৰ বাবে অনুগ্ৰহ কৰি আলোচনীখন চাওক)

তেজৰ সম্বন্ধে লোৱা মুখ্য পদক্ষেপ

সম্পূৰ্ণ তেজ

▾ ▾ ▾ ▾

গ্ৰহণযোগ্য নহয় লোহিত ৰক্ত কণিকা শ্বেত ৰক্ত কণিকা প্লেটলেট

প্লাজমা

এজন খ্ৰীষ্টান ▾ ▾ ▾ ▾

ব্যক্তিয়ে স্বয়ং নিৰ্ণয় কৰা

লোহিত ৰক্ত কণিকাৰ ভগ্নাংশ শ্বেত ৰক্ত কণিকাৰ ভগ্নাংশ প্লেটলেটৰ ভগ্নাংশ প্লাজমাৰ ভগ্নাংশ

[১৭ পৃষ্ঠাৰ ছবি]

তেজৰ উপাদানৰ ভগ্নাংশ গ্ৰহণ কৰাৰ সম্বন্ধে লোৱা নিৰ্ণয়ৰ সময়ত আপুনি নিজ বিবেকক আওকাণ নকৰিব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক