ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lv পৃষ্ঠা ২৪৬-পৃষ্ঠা ২৪৯ অনু. ২
  • তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি
  • “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • মিল থকা বিষয়
  • তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • পাঠকসকলৰ প্ৰশ্ন
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ দৰে আপুনিও জীৱনক বহুমূলীয়া বুলি গণ্য কৰেনে?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
lv পৃষ্ঠা ২৪৬-পৃষ্ঠা ২৪৯ অনু. ২

অতিৰিক্ত লেখ

তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি

তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ। তেজৰ চাৰিটা মৌলিক উপাদান হৈছে প্লাজ্‌মা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু প্লেটলেটছ্‌। এই চাৰিটা উপাদানৰপৰা তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ উলিওৱা হয়। উদাহৰণস্বৰূপে, লোহিত ৰক্ত কণিকাত হিমʼগ্লবিন নামৰ এক প্ৰʼটিন থাকে। এনীমিয়া হোৱা ৰোগী বা কিবা কাৰণত শৰীৰৰপৰা তেজ বৈ, তেজৰ পৰিমাণ কম হোৱা ৰোগীক চিকিৎসা কৰিবলৈ মানৱ বা জীৱ-জন্তুৰ হিমʼগ্লবিনৰপৰা তৈয়াৰ কৰা কিছুমান ঔষধ ব্যৱহাৰ কৰে।

প্লাজ্‌মাত ৯০ শতাংশ পানী থাকে। ইয়াত বহুতো হʼৰমোন, অজৈৱ লৱণ, এনজাইম্‌, নিউট্ৰিয়েন্টচ্‌, খনিজ আৰু শৰ্কৰা আদি পদাৰ্থ পোৱা যায়। প্লাজ্‌মাত এনে পদাৰ্থ আছে যিয়ে আঘাত পোৱাৰ সময়ত অধিক তেজ প্ৰবাহিত হʼবলৈ নিদিয়ে আৰু শৰীৰত ৰোগৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। প্লাজ্‌মাত এলবুমিন নামৰ প্ৰʼটিনো পোৱা যায়। যদি এজন ব্যক্তিৰ শৰীৰত ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি নাথাকে, তেনেহʼলে চিকিৎসকে হয়তো গামা গ্লʼবুলিনৰ বেজি লʼবলৈ কʼব পাৰে। ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি থকা ব্যক্তিৰ প্লাজ্‌মাৰপৰা গামা গ্লʼবুলিন তৈয়াৰ কৰা হয়। শ্বেত ৰক্ত কণিকাৰপৰা ইনটাৰফিৰণ আৰু ইনটাৰল্যুকিন বাহিৰ কৰা হয়, যি সাধাৰণতে সংক্ৰামক আৰু কেন্সাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

সত্য খ্ৰীষ্টানসকলে এনেধৰণৰ চিকিৎসা পদ্ধতি গ্ৰহণ কৰা উচিতনে, যʼত তেজৰপৰা বাহিৰ কৰা কিছুমান পদাৰ্থ ব্যৱহাৰ কৰা হয়? ইয়াৰ বিষয়ে বাইবেলে কোনো ধৰা-বন্ধা নিয়ম বান্ধি দিয়া নাই। সেইবাবে, প্ৰতিজন ব্যক্তিয়ে ঈশ্বৰৰ আগত নিজৰ প্ৰশিক্ষিত বিবেকৰ সহায়ত নিৰ্ণয় লোৱা উচিত। কিছুমান লোকে হয়তো তেজৰ কোনো উপাদান গ্ৰহণ নকৰে। তেওঁলোকে ইয়াৰ কাৰণ বৰ্ণনা কৰে যে ইস্ৰায়েলীসকলক যিহোৱা ঈশ্বৰে জীৱ-জন্তুৰ তেজ ‘মাটিত ঢালিবলৈ’ আজ্ঞা দিছিল। (দ্বিতীয় বিবৰণ ১২:২২-২৪) আন কিছুমানে এনে চিকিৎসা গ্ৰহণ কৰে যʼত তেজৰপৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ ব্যৱহাৰ কৰা হয়। কিন্তু তেওঁলোকেও তেজ বা তেজৰ মুল উপাদানবোৰ গ্ৰহণ নকৰে। তেওঁলোকে বিশ্বাস কৰে যে যেতিয়া এটা প্ৰাণীৰপৰা কোনো তেজ উলিয়াই, তাৰপৰা বেলেগ বেলেগ পদাৰ্থ বাহিৰ কৰা হয়, তেতিয়া সেই পদাৰ্থবোৰ সেই প্ৰাণীৰ জীৱনক চিত্ৰিত নকৰে।

তেজৰ উপাদানৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত, এই প্ৰশ্নবোৰ বিবেচনা কৰক: যদি মই তেজৰ কোনো অংশ গ্ৰহণ নকৰোঁ বুলি নিৰ্ণয় লৈছোঁ, তেনেহʼলে মই জানোঁনে যে তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশৰপৰা তৈয়াৰী কৰা এনে কোনো ঔষধ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা, যিবোৰে ৰোগৰ বিৰুদ্ধে যুঁজ কৰিবলৈ শক্তি দিয়ে অথবা তেজ বন্ধ কৰাত বা গোট মৰাত সহায় কৰে? মই চিকিৎসকক তেজৰপৰা বাহিৰ কৰা এটা বা তাতোতকৈ অধিক অংশ গ্ৰহণ কৰা বা নকৰাৰ কাৰণ বৰ্ণনা কৰিব পাৰিমনে?

অস্ত্ৰোপচাৰ পদ্ধতি। ইয়াত হিমʼডাইলুশ্বান আৰু ছেল ছালৱেজ আদি পদ্ধতি জড়িত আছে। হিমʼডাইলুশ্বান এনে এক পদ্ধতি, যʼত অস্ত্ৰোপচাৰ কৰাৰ সময়ত এজন ৰোগীৰ অলপ তেজ জমা কৰি ৰখা হয় আৰু শৰীৰত থকা তেজৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে এবিধ ঔষধ দিয়া হয়। অস্ত্ৰোপচাৰৰ পাছত জমা কৰি ৰখা তেজখিনি পুনৰ ৰোগীৰ শৰীৰত দিয়া হয়। ছেল ছালৱেজ এনে এক পদ্ধতি, যʼত অস্ত্ৰোপচাৰ কৰাৰ সময়ত ওলোৱা তেজখিনি এটা মেচিনৰ দ্বাৰা জমা কৰি ৰখা হয় আৰু পাছত ৰোগীৰ শৰীৰত পুনৰ দিয়া হয়। অস্ত্ৰোপচাৰৰ সময়ত কটা ঠাইৰপৰা ওলোৱা তেজখিনি জমা কৰা হয় আৰু এটা মেচিনৰ সহায়ত পৰিষ্কাৰ কৰি পুনৰ শৰীৰত দিয়া হয়। এই পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে বিভিন্ন চিকিৎসকে বিভিন্ন উপায় অৱলম্বন কৰে। সেইবাবে এজন খ্ৰীষ্টানে অস্ত্ৰোপচাৰ কৰাৰ আগতে চিকিৎসকক সোধা উচিত যে তেওঁ কোনটো উপায় অৱলম্বন কৰিব।

এনে পদ্ধতিৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত নিজকে সোধক: ‘যদি মোৰ শৰীৰৰপৰা কিবা প্ৰকাৰে অলপ তেজ উলিওৱা হয় আৰু কিছুসময়ৰ বাবে তাৰ প্ৰবাহত বাধা আহে, তেনেহʼলে এতিয়াও সেই তেজক মোৰ শৰীৰৰ ভাগ আৰু ইয়াক ‘মাটিত ঢালি দিয়াৰ’ প্ৰয়োজন নাই বুলি মানিবলৈ মোৰ বিবেকে অনুমতি দিবনে? (দ্বিতীয় বিবৰণ ১২:২৩, ২৪) যদি চিকিৎসাৰ সময়ত মোৰ অলপ তেজ শৰীৰৰপৰা উলিওৱা হয় আৰু তাত কিবা সাল-সলনি কৰি পুনৰ মোৰ শৰীৰত দিয়া হয়, তেনেহʼলে মোৰ বিবেকক আঘাত কৰিব নেকি? মই এই বিষয়ে জানোঁ নেকি যে চিকিৎসাৰ বাবে মোৰ নিজৰ তেজ ব্যৱহাৰ কৰা বিষয়ৰ লগত জড়িত থকা সকলো চিকিৎসা গ্ৰহণ নকৰোঁ বুলি কʼলে, মই ডায়েলাইছিছ আৰু হাৰ্ট-লাং বাইপাছ মেচিন আদি চিকিৎসা পদ্ধতি গ্ৰহণ নকৰিম?’

তেজ, তেজৰ চাৰিটা মৌলিক উপাদান আৰু তেজৰ ক্ষুদ অংশ

এজন সত্য খ্ৰীষ্টানে অস্ত্ৰোপচাৰ কৰাৰ সময়ত নিজৰ তেজৰ ব্যৱহাৰ কেনেদৰে কৰিব, তাৰে বিষয়ে তেওঁ নিজে নিৰ্ণয় লোৱা উচিত। এই কথা সকলো ধৰণৰ পৰীক্ষা আৰু আধুনিক চিকিৎসা পদ্ধতিৰ ওপৰতো প্ৰযোজ্য, যʼত ৰোগীৰ শৰীৰৰপৰা অলপ তেজ বাহিৰ কৰা হয় আৰু কিবা প্ৰকাৰে সাল-সলনি কৰি শৰীৰত পুনৰ দিয়া হয়।

চিকিৎসকক সুধিবলগীয়া প্ৰশ্ন

যদি আপোনাক এনে কিবা অস্ত্ৰোপচাৰ বা চিকিৎসা কৰিবলগীয়া হয়, যʼত তেজৰপৰা প্ৰস্তুত কৰা ঔষধ ব্যৱহাৰ হʼব পাৰে, তেনেহʼলে এই কথা মনত ৰখা উচিত যে আপোনাৰ ওচৰত ডিউৰেবল পাৱাৰ অৱ এটৰ্নী (DPA) বা আন কোনো বৈধ নথি-পত্ৰ থাকে। ইয়ে আপোনাক এটা বৈধ নথি-পত্ৰ হিচাপে তেজ সঞ্চাৰণৰপৰা সুৰক্ষিত ৰাখিব। ইয়াৰ উপৰিও আপুনি নিজৰ চিকিৎসকক পৰৱৰ্তী প্ৰশ্নবোৰ সুধিব পাৰে:

  • মোৰ চিকিৎসাৰ লগত জড়িত থকা আন আন চিকিৎসক, নাৰ্চ আৰু অন্যান্য লোকসকলে জানেনে যে মই এজন যিহোৱাৰ সাক্ষী হওঁ আৰু যিকোনো পৰিস্থিতিতে মোৰ শৰীৰত (তেজ, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেটছ্‌ বা প্লাজ্‌মা) তেজ সঞ্চাৰণ কৰা নহʼব?

  • যদি মোক এনেধৰণৰ ঔষধ লোৱাৰ বাবে কোৱা হয়, যি তেজৰপৰা উলিওৱা পদাৰ্থৰপৰা তৈয়াৰ কৰা হৈছে, তেনেহʼলে সেই ঔষধত কি কি আছে? এই ঔষধ মোক কিমান দিয়া হʼব আৰু কেনেকৈ দিয়া হʼব?

  • যদি মোৰ বিবেকে তেজৰপৰা বাহিৰ কৰা পদাৰ্থ লোৱাৰ বাবে অনুমতি দিয়ে, তেনেহʼলে এই চিকিৎসাত কি কি জটিলতা আছে? এই চিকিৎসা পদ্ধতিৰ বাহিৰে আন কিবা উপায় আছে নেকি?

ওপৰত উল্লেখ কৰা যিকোনো বিষয় নিৰ্ণয় লোৱাৰ আগতে নিজৰ চিন্তাৰ বিষয়ে যিহোৱা ঈশ্বৰক প্ৰাৰ্থনাত জনাওক। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে যিসকলে তেওঁক ‘যাচনা কৰে’ তেওঁলোকক যিহোৱা ঈশ্বৰে প্ৰজ্ঞা দিয়ে।—যাকোব ১:৫, ৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক