ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr19 ডিচেম্বৰ পৃষ্ঠা ১-৮
  • ডিচেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
  • উপশীৰ্ষক
  • ডিচেম্বৰ ২-৮
  • ডিচেম্বৰ ৯-১৫
  • ডিচেম্বৰ ১৬-২২
  • ডিচেম্বৰ ২৩-২৯
  • অগাধ ঠাইৰপৰা ওলাই অহা
  • ডিচেম্বৰ ৩০–জানুৱাৰী ৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
mwbr19 ডিচেম্বৰ পৃষ্ঠা ১-৮

ডিচেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

ডিচেম্বৰ ২-৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ৭-৯

“গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে”

it-১ ৯৯৭ ¶১

বৰ লোকসমূহ

এতিয়া প্ৰশ্ন হʼব পাৰে যে যদি “বৰ লোকসমূহ” এনে ব্যক্তি হয়, যিসকলে উদ্ধাৰ লাভ কৰিব আৰু পৃথিৱীত জীয়াই থাকিব, তেনেহʼলে এনেকৈ কিয় কোৱা হৈছে যে তেওঁলোক ঈশ্বৰৰ “সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে”? (প্ৰকা ৭:৯) বাইবেলে যেতিয়া কাৰোবাৰ আগত ‘থিয় হোৱাৰ’ কথা কয়, তেনেহʼলে প্ৰায়ে ইয়াৰ অৰ্থ হৈছে সেই ব্যক্তি বা সমূহৰ ওপৰত, ওচৰত থকাজনৰ অনুমোদন আছে। (গীত ১:৫; ৫:৫; হিতো ২২:২৯, এন আমেৰিকান ট্ৰানচলেশ্ব্যান; লূক ১:১৯) প্ৰকাশিত বাক্য কিতাপৰ আগৰ অধ্যায়ত “পৃথিবীৰ ৰজাসকল, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্তবিলাকে, সকলো দাস আৰু স্বাধীন লোকে” ‘সেই সিংহাসনত বহি থকা জনাৰ সন্মুখৰ পৰা, আৰু সেই মেৰ পোৱালিৰ ক্ৰোধৰ পৰা’ লুকাব বিচাৰে, ‘কিয়নো তেওঁলোকৰ ক্ৰোধৰ তহা-দিন আহিল, আৰু কোনে থাকিব পাৰে?’ (প্ৰকা ৬:১৫-১৭; লূক ২১:৩৬ পদৰ লগত তুলনা কৰক।) ইয়ে দেখুৱায় যে “বৰ লোকসমূহ” হৈছে সেইসকল ব্যক্তি, যিসকলে ক্ৰোধৰ দিনা উদ্ধাৰ লাভ কৰিব আৰু তেওঁলোকে ঈশ্বৰ আৰু মেৰ পোৱালিৰ সন্মুখত “থিয়” হৈ থাকিব পাৰিব, কিয়নো তেওঁলোকে দুয়োজনৰপৰা অনুমোদন লাভ কৰিছে।

it-২ ১১২৭ ¶৪

ক্লেশ

যিৰূচালেম ধ্বংস হোৱাৰ প্ৰায় ৩০ বছৰৰ পাছত, পাঁচনি যোহনক বৰ লোকসমূহৰ বিষয়ে কোৱা হৈছিল যে “এওঁবিলাক সেই মহা-ক্লেশৰ পৰা অহা লোক।” এই বৰ লোকসমূহ সকলো ৰাষ্ট্ৰ, জাতি আৰু ভাষাৰপৰা আহিছে। (প্ৰকা ৭:১৩, ১৪) এয়া সত্য যে এক বৰ লোকসমূহে “মহা-ক্লেশৰ পৰা” ওলাই আহিছে অৰ্থাৎ তেওঁলোকে মহা-ক্লেশৰপৰা উদ্ধাৰ পাইছে। ইয়াৰ লগত মিল থকা কথা পাঁচনিৰ কৰ্ম্ম ৭:৯, ১০ পদত পোৱা যায়। ইয়াত কৈছে: ‘ঈশ্বৰে তেওঁৰ [যোচেফৰ] সঙ্গী হৈ, সকলো ক্লেশৰ পৰা তেওঁক উদ্ধাৰ কৰিলে।’ যোচেফে ক্লেশৰপৰা উদ্ধাৰ হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ কেৱল সেইবোৰ সহন কৰিব পাৰিলে, কিন্তু তেওঁ সন্মুখীন হোৱা সকলো শাৰীৰিক আৰু মানসিক দুখ-কষ্টকো সহন কৰিব পাৰিলে।

it-১ ৯৯৬-৯৯৭

বৰ লোকসমূহ

তেওঁলোকৰ পৰিচয়। প্ৰকাশিত বাক্য কিতাপৰ ৭ অধ্যায় আৰু আন অধ্যায়বোৰত ‘বৰ লোকসমূহৰ’ পৰিচয় দিয়া হৈছে। প্ৰকাশিত বাক্য ৭:১৫-১৭ পদত এইদৰে কৈছে, ঈশ্বৰে “এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব,” তেওঁলোকক “জীৱন-জলৰ ভুমুকৰ ওচৰলৈ নিব” আৰু “এওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব।” প্ৰকাশিত বাক্য ২১:২-৪ পদবোৰত আমি একেই বৰ্ণনা পাওঁ: ‘মানুহবিলাকৰ সহিত ঈশ্বৰে নিবাস কৰিব,’ ঈশ্বৰে “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব” আৰু “মৃত্যু আৰু নহব।” এই দৰ্শনত এনে লোকৰ বিষয়ে কোৱা হোৱা নাই, যিসকলে স্বৰ্গলৈ যাব, যʼৰপৰা ‘নতুন যিৰূচালেম’ আহিব, কিন্তু ইয়াত পৃথিৱীৰ বাবে আশা থকা মানৱজাতিৰ বিষয়ে কোৱা হৈছে।

আধ্যাত্মিক ৰত্ন বিচাৰক

re ১১৫ ¶৪

ইস্ৰায়েলৰ ঈশ্বৰে মোহৰ মাৰিছে

৪ নিঃসন্দেহ এই চাৰিজন স্বৰ্গদূতে চাৰিটা স্বৰ্গদূতৰ সমূহক চিত্ৰিত কৰে, যাক যিহোৱা ঈশ্বৰে নিৰ্ধাৰিত সময়লৈকে ন্যায় বিচাৰৰ বাবে ব্যৱহাৰ কৰিব। যেতিয়া এই স্বৰ্গদূতসকলে এই বায়ু অৰ্থাৎ ঈশ্বৰৰ ক্ৰোধক চাৰিও দিশৰপৰা একেলগে এৰিব, তেতিয়া ভয়ংকৰ ধ্বংস হʼব। যিদৰে এই চাৰি বায়ুৰ যোগেদি এলমীয়াবিলাকক সংহাৰ কৰিছিল আৰু তেওঁলোকৰ ছিন্ন-ভিন্ন কৰিছিল, তেনেকৈ আজিও বৃহৎ পৰিমাণে হʼব। (যিৰিমিয়া ৪৯:৩৬-৩৮) যিহোৱা ঈশ্বৰে আম্মোনৰ জাতিক যি ‘বাʼমৰলীৰে’ ধ্বংস কৰিছিল, এই ধুমুহা তাতকৈ বেছি ভয়ংকৰ হʼব। (আমোচ ১:১৩-১৫) যিহোৱাৰ ক্ৰোধৰ দিনত চয়তানৰ সংগঠনৰ কোনো অংশই থিয় দিব নোৱাৰিব। সেইসময়ত যিহোৱা ঈশ্বৰে অনন্ত কালৰ বাবে নিজৰ সাৰ্ব্বভৌমত্বক পবিত্ৰকৃত কৰিব।—গীত ৮৩:১৫, ১৮; যিচয়া ২৯:৫, ৬.

it-১ ১২

আবদ্দোন

অগাধ ঠাইৰ দূত বা আবদ্দোন কোন হয়?

প্ৰকাশিত বাক্য ৯:১১ পদত “আবদ্দোন” নামৰ বাবে “অগাধ ঠাইৰ দূত” বুলি ব্যৱহাৰ কৰিছে। ইয়াৰ গ্ৰীক নাম হৈছে আপল্লুয়োন আৰু এই শব্দৰ অৰ্থ হৈছে “ধ্বংসকাৰী।” ১৯ শতিকাত এয়া দেখুৱাবলৈ চেষ্টা কৰা হৈছিল যে এই পদত কৰা ভৱিষ্যতবাণী সম্ৰাট ভেচপিয়ান, মোহম্মদ আৰু নেপুলিয়নৰ ওপৰত পূৰ হৈছিল। অগাধ ঠাইৰ দুষ্ট স্বৰ্গদূতসকলক সাধাৰণতে “চয়তান” বুলি বিবেচনা কৰা হৈছিল। ই এক মন কৰিবলগীয়া বিষয় আছিল। কিন্তু প্ৰকাশিত বাক্য ২০:১-৩ পদত এনে এজন স্বৰ্গদূতৰ বিষয়ে কোৱা হৈছে, যাৰ ওচৰত “অগাধ ঠাইৰ চাবি” আছে আৰু তেওঁ ঈশ্বৰৰ প্ৰতিনিধি হিচাপে স্বৰ্গৰপৰা কাম কৰিছে। তেওঁ “চয়তান” নহয়, কিয়নো চয়তান হোৱা হʼলে তেওঁ কেনেকৈ চয়তানক বান্ধি অগাধ ঠাইত পেলাব পাৰে। প্ৰকাশিত বাক্য ৯:১১ পদৰ বিষয়ে দি ইনট্যাৰপ্ৰিট্যাৰ বাইবেলে এইদৰে টিপ্পনী কৰিছে: “আবদ্দোন হৈছে ঈশ্বৰৰ এজন স্বৰ্গদূত, চয়তান নহয় আৰু তেওঁ ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি ধ্বংস কৰাৰ কাম কৰে।”

হীব্ৰুশাস্ত্ৰৰপৰা বুজিব পাৰি যে ‘আবদ্দোন’ চিয়োল আৰু হেডীজৰ লগত মিল আছে। প্ৰকাশিত বাক্য ১:১৮ পদত যীচু খ্ৰীষ্টই এইদৰে কৈছে: “মই . . . অনন্ত কাললৈকে জীয়াই আছোঁ; আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে।” লূক ৮:৩১ পদৰ অনুসৰি তেওঁক অগাধ ঠাইৰ ওপৰত অধিকাৰ দিয়া হৈছে। ইব্ৰী ২:১৪ পদৰপৰা বুজিব পাৰোঁ যে যীচুৰ ওচৰত চয়তানক ধ্বংস কৰাৰ শক্তি আছে, কিয়নো এই পদত কৈছে যে যীচু তেজ আৰু মাংসৰ ভাগী হৈ “মৃত্যুৰ পৰাক্ৰম থকাটোক, অৰ্থাৎ চয়তানক মৃত্যুৰ দ্বাৰাই অকৰ্ম্মণ্য” কৰিলে। প্ৰকাশিত বাক্য ১৯:১১-১৬ পদত স্পষ্টভাৱে উল্লেখ কৰিছে যে যীচু খ্ৰীষ্টই হৈছে, ঈশ্বৰে নিযুক্ত কৰা ধ্বংসকাৰী বা ঘাতক।—আপল্লুয়োন চাওক।

ডিচেম্বৰ ৯-১৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১০-১২

“‘দুজন সাক্ষীক’ হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে”

w১৪ ১১/১৫ ৩০

পাঠকসকলৰ প্ৰশ্ন

প্ৰকাশিত বাক্য কিতাপৰ ১১ অধ্যায়ত উল্লেখ কৰা দুজন সাক্ষী কোন?

◼ প্ৰকাশিত বাক্য ১১:৩ পদত এনে দুজন সাক্ষীৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসকলে ১,২৬০ দিনলৈকে ভৱিষ্যতবাণী কৰিব। বৰ্ণনা কৰা হৈছে যে এটা পশুৱে “তেওঁবিলাকক জয় কৰি বধ কৰিব।” কিন্তু “চাৰে তিন দিনৰ” পাছত এই দুজন সাক্ষীক পুনৰ জীৱন দিয়া হʼব আৰু ইয়াক দেখা লোকসকলে আচৰিত হʼব। —প্ৰকা. ১১:৭, ১১.

এই দুজন সাক্ষী কোন? এই বিৱৰণত দিয়া দুটা কথাই আমাক দুজন সাক্ষীক চিনাক্ত কৰিবলৈ সহায় কৰিব। প্ৰথমটো হৈছে, এই দুজন সাক্ষীক ‘দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ’ হিচাপে চিত্ৰিত কৰা হৈছে। (প্ৰকা. ১১:৪) এই কথাই আমাক জখৰিয়াই কৰা ভৱিষ্যতবাণীৰ সেই দীপাধাৰ আৰু দুজোপা জলফাই গছক মনত পেলাই দিয়ে। সেই দুজোপা জলফাই গছে “দুজন অভিষিক্ত” (এ নিউ হিন্দী ট্ৰানচল্যেশ্বন) লোক অৰ্থাৎ জৰুব্বাবিল আৰু মহা-পুৰোহিত যিহোচূৱাক চিত্ৰিত কৰিছে, যিসকলে “গোটেই পৃথিবীৰ যিহোৱাৰ ওচৰত থিয় হৈ” থাকে। (জখ. ৪:১-৩, ১৪) দ্বিতীয়টো হৈছে, এই বিৱৰণত কোৱা হৈছে যে দুজন সাক্ষীয়ে মোচি আৰু এলিয়াই দেখুৱাৰ দৰে একেই চিহ্নবোৰ দেখুৱাইছে।—প্ৰকাশিত বাক্য ১১:৫, ৬ পদক গণনাপুস্তক ১৬:১-৭, ২৮-৩৫ আৰু ১ ৰাজাৱলি ১৭:১; ১৮:৪১-৪৫ পদৰ লগত তুলনা কৰক।

প্ৰকাশিত বাক্য আৰু জখৰিয়া দুয়োখন কিতাপতে এনে কি বিষয় মিল থকা দেখিবলৈ পোৱা যায়? এই দুয়োখন কিতাপে ঈশ্বৰৰ সেই অভিষিক্ত লোকৰ ফালে ইংগিত দিয়ে, যিসকলে কঠিন পৰিস্থিতিত ঈশ্বৰৰ লোকসকলৰ নেতৃত্ব দিছিল। ইয়াৰ অৰ্থ হৈছে প্ৰকাশিত বাক্য কিতাপৰ ১১ অধ্যায়ৰ পূৰ্ণতাত যেতিয়া ১৯১৪ চনত ঈশ্বৰৰ ৰাজ্যৰ আৰম্ভ হয়, তেতিয়া ঈশ্বৰৰ লোকসকলৰ হৈ নেতৃত্ব দিয়া অভিষিক্ত ভাইসকলে চাৰে তিনি বছৰলৈকে “চট পিন্ধি” প্ৰচাৰ কাম কৰে।

যেতিয়া এই অভিষিক্ত লোকে চট পিন্ধি নিজৰ ঘোষণাৰ কাম পূৰ কৰিব, তেতিয়া তেওঁলোকক লাক্ষণিক অৰ্থত হত্যা কৰা হয়। এয়া সেইসময়ত হৈছিল যেতিয়া চাৰে তিনি বছৰৰ তুলনাত অতি কম সময়ৰ বাবে অৰ্থাৎ লাক্ষণিক অৰ্থত চাৰে তিনি দিনৰ বাবে জেলত বন্দী কৰা হয়। শত্ৰুবোৰৰ দৃষ্টিত ঈশ্বৰৰ লোকসকলৰ কাম-কাজবোৰ মাৰি পেলোৱা হৈছিল, যাৰ বাবে শত্ৰুবিলাকে আনন্দ কৰিছিল।—প্ৰকা. ১১:৮-১০.

কিন্তু, ভৱিষ্যতবাণীত উল্লেখ কৰা হৈছিল যে চাৰে তিনি দিনৰ পাছত সেই দুজন সাক্ষীক পুনৰ জীৱন দিয়া হʼব। এই অভিষিক্ত লোকসকলক কেৱল জেলৰপৰা মুকলি কৰাই নহয়, কিন্তু যিসকলে বিশ্বাসী হৈ থাকিল তেওঁলোকে প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰপৰা এক বিশেষ দায়িত্ব লাভ কৰে। ১৯১৯ চনত তেওঁলোকেও সেই লোকসকলৰ লগত জড়িত আছিল, যিসকলক “বিশ্বাসী বুদ্ধিমান দাস” হিচাপে নিযুক্ত কৰা হৈছিল, যাতে এই দাসে শেষ-কালত ঈশ্বৰৰ সেৱকসকলৰ আধ্যাত্মিক প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰে।—মথি ২৪:৪৫-৪৭; প্ৰকা. ১১:১১, ১২.

মন কৰিবলগীয়া বিষয় যে প্ৰকাশিত বাক্য ১১:১, ২ পদত কৈছে যে এই ঘটনাবোৰৰ সম্পৰ্ক সেই সময়ৰ লগত আছে, যেতিয়া আধ্যাত্মিক মন্দিৰক জোখা হৈছিল। মলাখী কিতাপৰ ৩ অধ্যায়তো আধ্যাত্মিক মন্দিৰক পৰিদৰ্শন কৰাৰ বিষয়ে উল্লেখ আছে আৰু ইয়াৰ পাছতে মন্দিৰ শুচি কৰাৰ সময় আৰম্ভ হʼব। (মলা. ৩:১-৪) আধ্যাত্মিক মন্দিৰক পৰিদৰ্শন কৰা আৰু শুচি কৰাৰ কাম কেতিয়ালৈকে চলি থাকিল? এই কাম ১৯১৪ চনৰপৰা ১৯১৯ চনৰ আৰম্ভণিৰ সময়লৈকে চলিল। এই সময়ছোৱাত প্ৰকাশিত বাক্য কিতাপৰ ১১ অধ্যায়ত উল্লেখ কৰা ১,২৬০ দিন (৪২ মাহ) আৰু লাক্ষণিক অৰ্থত চাৰে তিনি দিন জড়িত আছে।

আমি আনন্দিত যে যিহোৱা ঈশ্বৰে আধ্যাত্মিক অৰ্থত শুচি কৰাৰ এই কামৰ ব্যৱস্থা কৰে, যাতে তেওঁ বিশেষ লোকক উত্তম কামৰ বাবে শুচি কৰিব পাৰে। (তীত ২:১৪) ইয়াৰ উপৰিও, আমি বিশ্বাসী অভিষিক্ত ভাইসকলে ৰখা উদাহৰণৰ বাবেও কৃতজ্ঞ। তেওঁলোকে পৰীক্ষাৰ সময়ছোৱাত নেতৃত্ব দিছিল আৰু এইদৰে তেওঁলোকে লাক্ষণিক অৰ্থত দুজন সাক্ষী হিচাপে সেৱা কৰিছিল।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ৮৮০-৮৮১

নুৰা

লাক্ষণিক অৰ্থ। লাক্ষণিক অৰ্থত “নুৰা” শব্দটো বাইবেলত কেইবাবাৰো ব্যৱহাৰ হৈছে। যিহিষ্কেল আৰু জখৰিয়াই দুয়ো ফালে লিখা এখন নুৰা দেখিছিল। সাধাৰণতে নুৰাৰ এটা ফালে লিখা হয়। কিন্তু দুয়ো ফালে লিখা নুৰাই হয়তো নুৰাখনত লিখা ন্যায়ৰ বাৰ্ত্তা অতি গম্ভীৰ আৰু গুৰুত্বতাক বুজায়। (যিহি ২:৯–৩:৩; জখ ৫:১-৪) প্ৰকাশিত বাক্য কিতাপৰ দৰ্শনত, সিংহাসনত বহাজনৰ সোঁহাতত সাতটা মোহৰ মৰা এখন নুৰা আছিল। ঈশ্বৰৰ মেৰ পোৱালিয়ে ইয়াক নুখুলালৈকে কোনেও বুজিব নোৱাৰে যে নুৰাখনত কি লিখা আছে। (প্ৰকা ৫:১, ১২; ৬:১, ১২-১৪) পাছলৈ যোহনে দৰ্শনত এখন নুৰা দেখিছিল আৰু তাক খাবলৈ তেওঁক আজ্ঞা দিয়া হৈছিল। নুৰাখন খোৱাত যোহনে মৌৰ দৰে সোৱাদ পাইছিল, কিন্তু পেটত তিতা লাগিছিল। যিহেতু নুৰাখন খোলা আছিল আৰু মোহৰ মৰা হোৱা নাছিল, সেইবাবে যোহনে নুৰাখনৰ বাৰ্ত্তা বুজিব পাৰিছিল। বাৰ্ত্তাটো বুজি পোৱাটো যোহনৰ বাবে “মৌৰ” দৰে সোৱাদ লাগিল, কিন্তু পাছলৈ তেওঁক যি ভৱিষ্যতবাণী কৰিবলগীয়া আছিল, সেয়া তিতা আছিল। (প্ৰকা ১০:১-১১) যিহিষ্কেলেৰ লগতো এইদৰেই হৈছিল, তেওঁকো এখন নুৰা দিয়া হৈছিল, যʼত “বিলাপ, শোক, আৰু সন্তাপৰ কথা লিখা আছিল।”—যিহি ২:১০.

it-২ ১৮৭ ¶৭-৯

প্ৰসৱ বেদনা

প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰা যোহনৰ দৰ্শনত তেওঁ এগৰাকী তিৰোতাক “প্ৰসৱ বেদনাৰে পীড়িত হৈ আটাহ পাৰি” কান্দি থকা দেখিছিল। তাই “পুত্ৰ সন্তান প্ৰসৱ কৰিলে; তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব।” যদিও নাগে সেই পুত্ৰক গ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু “সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হল।” (প্ৰকা ১২:১, ২, ৪-৬) সেই পুত্ৰক ঈশ্বৰৰ ওচৰলৈ লৈ যোৱাৰ অৰ্থ হৈছে, ঈশ্বৰে স্বীকাৰ কৰে যে সেই পুত্ৰটি তেওঁৰ হয়। প্ৰাচীন সময়ত নতুনকৈ জন্মা সন্তানক পিতৃৰ ওচৰলৈ নিয়া হৈছিল, যাতে তেওঁ স্বীকাৰ কৰে যে সন্তানটি তেওঁৰেই হয়। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে “তিৰোতা” হৈছে ঈশ্বৰৰ “পত্নী,” “উৰ্দ্ধলোকত থকা যিৰূচালেম,” হয় আৰু খ্ৰীষ্টৰ লগতে অভিষিক্ত ভাইসকলৰ “মাতৃ” হয়।—গালা ৪:২৬; ইব্ৰী ২:১১, ১২, ১৭.

ঈশ্বৰৰ স্বৰ্গীয় “তিৰোতা” সিদ্ধ আৰু সন্তান প্ৰসৱ কৰা তাইৰ বেদনা লাক্ষণিক আছিল। প্ৰসৱ বেদনাৰ লাক্ষণিক অৰ্থ হৈছে “তিৰোতা” গৰাকীয়ে যিকোনো সময়ত সন্তান প্ৰসৱ কৰিব।—প্ৰকা ১২:২.

এই “পুত্ৰ সন্তান” কোন হয়? তেওঁ “লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব।” এই ভৱিষ্যতবাণী গীতমালা ২:৬-৯ পদত ঈশ্বৰৰ ৰাজ্যৰ ৰজাৰ বিষয়ে কোৱা হৈছিল। কিন্তু যোহনে এই দৰ্শন পৃথিৱীত যীচু খ্ৰীষ্ট জন্ম হোৱা, মৃত্যু হোৱা আৰু পুনৰুত্থান হোৱাৰ বহু বছৰৰ পাছত দেখিছিল। সেইবাবে, কʼব পাৰি যে ইয়াত মচীহৰ ৰাজ্যৰ স্থাপনৰ বিষয়ে কোৱা হৈছে, যাৰ অধিকাৰ যীচু খ্ৰীষ্টৰ হাতত অৰ্পণ কৰা হৈছে। যীচু খ্ৰীষ্টক মৃত্যুৰপৰা জীয়াই তোলা হৈছিল আৰু তেওঁ “ঈশ্বৰৰ সোঁফালে বহি, তেতিয়াৰে পৰা তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰি-পীৰা কৰা নোহোৱামানলৈকে অপেক্ষা কৰি আছে।”—ইব্ৰী ১০:১২, ১৩; গীত ১১০:১; প্ৰকা ১২:১০.

ডিচেম্বৰ ১৬-২২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১৩-১৬

“হিংস্ৰ পশুবোৰক ভয় নাখাব”

w১২ ৬/১৫ ৮-৯ ¶৬

যিহোৱা হৈছে “নিগূঢ়-বিষয় প্ৰকাশক”

৬ প্ৰথম শতিকাৰ সময়ছোৱাত পুনৰ জীৱিত হোৱা যীচুৱে যোহনক কিছুমান আচৰিত দৰ্শন দেখুৱায়। (প্ৰকা. ১:১) সেইবোৰৰ ভিতৰত এটা হৈছে, দৰ্শনত যোহনে এটা নাগক সাগৰৰ পাৰত থিয় হৈ থকা দেখিলে। এই নাগে চয়তানক চিত্ৰিত কৰে। (প্ৰকাশিত বাক্য ১৩:১, ২ পঢ়ক।) ইয়াৰ পাছত তেওঁ এক আচৰিত ধৰণৰ পশু পানীৰপৰা ওপৰলৈ উঠি অহা দেখিলে, যাৰ সাতোটা মূৰ আছিল আৰু তাক চয়তানে এক বৰ অধিকাৰ দিলে। আগলৈ যোহনে আৰু এটা সেন্দুৰ বৰণীয়া পশু দেখিলে। এই পশু প্ৰকাশিত বাক্য ১৩:১ পদত বৰ্ণনা কৰা পশুটোৰ প্ৰতিমূৰ্ত্তি আছিল। তাৰো সাতোটা মূৰ আছিল আৰু তাৰ সাতোটা মূৰে ‘সাত জন ৰজাক’ অথবা চৰকাৰক চিত্ৰিত কৰে। (প্ৰকা. ১৩:১৪, ১৫; ১৭:৩, ৯, ১০) যেতিয়া যোহনে এই কথাবোৰ লিখি আছিল, তেতিয়া পাঁচজন পতিত হৈছিল। এজন বৰ্তমানত আছে আৰু “আন জন এতিয়া নৌ হয়।” এই চৰকাৰ বা বিশ্ব শক্তি কোনটো আছিল? আহক প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰা সাতোটা মূৰ থকা এই পশুৰ বিষয়ে আলোচনা কৰোঁ আৰু চাম যে এই মূৰে কিহক চিত্ৰিত কৰে। আমি এয়াও চাম যে এই চৰকাৰবোৰৰ বিষয়ে দানিয়েলৰ কিতাপত কি কৈছে। কিয়নো ইয়াৰে কিছুমান চৰকাৰ অস্তিত্বত অহাৰ শ শ বছৰৰ আগতে দানিয়েলৰ ভৱিষ্যতবাণীত তেওঁলোকৰ বিষয়ে উল্লেখ আছে।

re ১৯৪ ¶২৬

দুটা হিংস্ৰ পশুৰ মাজত যুদ্ধ

২৬ এওঁ কোন হʼব পাৰে? ব্ৰিটেইন আমেৰিকা, বিশ্ব শক্তি। এয়া প্ৰথম পশুটোৰ সাতোটা মূৰৰ সমান, কিন্তু ইয়াৰ এক বিশেষ ভূমিকা আছে! যদি আমি দৰ্শনত দেখা এই পশুৰ বিষয়ে ধ্যান কৰোঁ, তেনেহʼলে আমি বুজিব পাৰিম যে ইয়ে অকলশৰীয়াকৈ বিশ্ব শক্তি হিচাপে কি কি কাম কৰিছে। দুটা শিং থকা এই লাক্ষণিক পশুটো, দুটা ৰাজনৈতিক শক্তিৰে গঠিত হৈছে। এই দুয়োটা ৰাজনৈতিক শক্তি যদিও বেলেগ বেলেগ, কিন্তু তেওঁলোকে একে সময়তে শাসন কৰিছে। ইয়াৰ “মেৰ পোৱালিৰ নিচিনা” দুটা শিঙৰ অৰ্থ হৈছে তেওঁলোকে শান্ত আৰু নম্ৰ হোৱাৰ বেশ ধৰিছে। লগতে ই এক ভাল চৰকাৰ হোৱাৰো ভাও ধৰে, যাৰ ওপৰত লোকসকলে বিশ্বাস কৰিব পাৰে। এই লাক্ষণিক পশুটোৱে “নাগৰ নিচিনা” কথা কয় অৰ্থাৎ যেতিয়া কোনোবাই তেওঁ দিয়া নিয়ম-কানুন নামানে, তেতিয়া তেওঁ নানা ধৰণৰ চাপ আৰু তাড়না দিয়ে। তেওঁ ঈশ্বৰৰ মেৰ পোৱালিয়ে শাসন কৰা ঈশ্বৰৰ ৰাজ্যৰ অধীনত থাকিবলৈ উৎসাহিত নকৰে। ইয়াৰ পৰিৱৰ্তে, ইয়ে মহা নাগ চয়তানৰ ইচ্ছা পূৰ কৰে। ইয়ে দেশভক্তিৰ ভাৱনা আৰু ঘৃণা ভাৱক সমৰ্থন কৰে, যাৰ যোগেদি এই লাক্ষণিক পশুটোক উপাসনা কৰা হয়।

re ১৯৫ ¶৩০-৩১

দুটা হিংস্ৰ পশুৰ মাজত যুদ্ধ

৩০ ইতিহাসত হোৱা ঘটনাৰপৰা বুজিব পাৰি যে এই প্ৰতিমূৰ্তি এনে এক সংগঠন, যাক আৰম্ভ কৰিবলৈ আমেৰিকা আৰু ব্ৰিটেইনে প্ৰস্তাৱ দিছিল আৰু তাক সমৰ্থন আৰু সহায় আগবঢ়াইছিল। এই সংগঠন প্ৰথমে ৰাষ্ট্ৰ সংঘ বুলি জনাজাত আছিল। প্ৰকাশিত বাক্য ১৭ অধ্যায়ত ইয়াক এক সেন্দুৰ বৰণীয়া জীৱিত পশুৰ লগত তুলনা কৰা হৈছে। এই আন্তঃৰাষ্ট্ৰীয় সংগঠনে দাবী কৰে যে ইয়ে গোটেই পৃথিৱীৰ মানৱজাতিৰ মাজত শান্তি আৰু সুৰক্ষা আনিব আৰু এইদৰে তেওঁ ‘কথা কয়।’ কিন্তু বাস্তৱতে এই সংগঠন এক মঞ্চ হৈ পৰিছে, যʼত এখন দেশে আন এখন দেশক অপমান কৰে আৰু কটু বাক্যৰে কথা কয়। যদি কোনো এখন দেশে এই সংগঠনৰ অধিকাৰক মানিবলৈ অস্বীকাৰ কৰে, তেনেহʼলে ইয়ে তেওঁলোকৰ ওপৰত বাধা দিয়ে আৰু সমস্যাৰ সৃষ্টি কৰে। ৰাষ্ট্ৰ সংঘই সেই দেশবোৰক সংগঠনৰপৰা বাহিৰ কৰি দিছিল, যিসকলে তাৰ চিন্তাধাৰা অনুসৰি চলিবলৈ বিফল হৈছিল। মহাক্লেশৰ আৰম্ভণিত, এই পশুৰ প্ৰতিমূৰ্ত্তিৰ “শিং” অৰ্থাৎ তাৰ সৈন্য-বাহিনীৰ শক্তিয়ে বেশ্যাক ধ্বংস কৰিবলৈ নিজৰ ভূমিকা পালন কৰিব।—প্ৰকাশিত বাক্য ৭:১৪; ১৭:৮, ১৬.

৩১ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছৰপৰা বৰ্তমান সময়লৈকে পশুৰ প্ৰতিমূৰ্ত্তি ৰাষ্ট্ৰ সংঘই বহুতো লোকক হত্যা কৰিছিল। উদহাৰণস্বৰূপে, ১৯৫০ চনত ৰাষ্ট্ৰ সংঘৰ সৈন্যই উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত হোৱা যুদ্ধত বাধা দি উত্তৰ কোৰিয়া আৰু চীনৰ প্ৰায় ১৪,২০,০০০ লোকক হত্যা কৰিছিল। ঠিক সেইদৰে, ৰাষ্ট্ৰ সংঘই ১৯৬০ চনৰপৰা ১৯৬৪ চনলৈকে কংগুত (কিনছাছা) সক্ৰিয় হৈ আছিল। ইয়াৰ উপৰিও, জগতৰ নেতাসকলে পʼপ যেনে, পৌল ষষ্ঠম আৰু জʼন পৌল দ্বিতীয়ই বিশ্বাসেৰে কয় যে গোটেই পৃথিৱীত শান্তি আনিবলৈ এই প্ৰতিমূৰ্ত্তিয়ে হৈছে শেষ আশা। তেওঁলোকে এই কথাত জোৰ দিয়ে যে যদি কোনো ব্যক্তিয়ে এই মূৰ্ত্তিৰ অধীনত নাথাকে, তেনেহʼলে তেওঁ নিজৰ ওপৰত বিনাশ আনিব। যিসকলে প্ৰতিমূৰ্ত্তিৰ অধীনত নাথাকে আৰু তাৰ উপাসনা কৰিবলৈ অস্বীকাৰ কৰে, তেওঁলোকক লাক্ষণিকভাৱে ধ্বংস কৰি দিয়া হয়।—দ্বিতীয় বিবৰণ ৫:৮, ৯.

w০৯ ২/১৫ ৪ ¶২

প্ৰকাশিত বাক্য কিতাপখনৰ আলোকপাত—২

১৩:১৬, ১৭. আমাক “কিনাবেচা” কৰা আদি দৈনন্দিন কামৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হʼব লগা হয়। কিন্তু ইয়াৰ বাবে আমি সেই পশুটোক আমাৰ জীৱনত অধিকাৰ চলাবলৈ দিয়া উচিত নহয়। নিজৰ “হাতত বা কপালত ছাব” মৰাৰ অৰ্থ হৈছে যিদৰে পশুৱে বিচাৰে, আমিও সেইদৰে ভাবোঁ বা কাম কৰোঁ।

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৯ ২/১৫ ৪ ¶৫

প্ৰকাশিত বাক্য কিতাপখনৰ আলোকপাত—২

১৬:১৩-১৬. ‘অশুচি আত্মাৰ’ অৰ্থ হৈছে দুষ্ট স্বৰ্গদূতৰ মিছা কথা, যাৰ দ্বাৰা তেওঁলোকে জগতৰ ৰজাসকলক ভ্ৰান্ত কৰি ৰাখিছে। তেওঁলোকে এয়া সেই কাৰণে কৰে, যাতে ঈশ্বৰৰ ক্ৰোধৰ সাত বাতি ওলাই অহাত এই ৰজাসকলে যিহোৱাৰ ফলীয়া হোৱাৰ পৰিৱৰ্তে তেওঁৰ বিপক্ষে হৈ যায়।—মথি ২৪:৪২, ৪৪.

w১৫ ৭/১৫ ১৬ ¶৯

“তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”!

৯ মহা-ক্লেশৰ সময়ত ‘ৰাজ্যৰ শুভবাৰ্ত্তা’ ঘোষণা কৰাৰ সময় নহʼব। এই কামৰ সময় আগতেই পাৰ হৈ যাব। এয়া প্ৰকৃততে “শেষ” কালৰ সময় হʼব। (মথি ২৪:১৪) সেইসময়ত ঈশ্বৰৰ লোকসকলে ন্যায়ৰ বাৰ্ত্তা শুনাব, যাৰ প্ৰভাৱ সকলোৰে ওপৰত পৰিব। তেওঁলোকৰ বাৰ্ত্তা হয়তো এয়া হʼব পাৰে যে দুষ্টতাৰে ভৰা চয়তানৰ জগত অতি সোনকালে শেষ হʼব। বাইবেলত এই বাৰ্ত্তাক শিলাবৃষ্টিৰ লগত তুলনা কৰা হৈছে। তাত এইদৰে লিখা আছে: “মানুহৰ ওপৰত, আকাশৰ পৰা এমোন এমোন গধুৰ হোৱা এনে মহা-শিলাবৃষ্টি হল; এই শিলাবৃষ্টিৰূপ উৎপাত কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি মহান।”—প্ৰকা. ১৬:২১.

ডিচেম্বৰ ২৩-২৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১৭-১৯

“ঈশ্বৰৰ যুদ্ধই সকলোবোৰ যুদ্ধ শেষ কৰিব”

w০৮ ৪/১ ৮ ¶৩-৪

হৰমাগিদোন—ঈশ্বৰৰ যুদ্ধই সকলোবোৰ যুদ্ধ শেষ কৰিব

যেতিয়ালৈকে দুষ্ট লোকসকলৰ হাতত শক্তি থাকিব, তেতিয়ালৈকে ধাৰ্মিক লোকসকলে শান্তি আৰু সুৰক্ষাত নাথাকিব। (হিতোপদেশ ২৯:২; উপদেশক ৮:৯) দৰাচলতে, আমি ভ্ৰষ্ট আৰু দুষ্ট লোকসকলক বেয়া কাৰ্য্যৰপৰা আঁতৰাব নোৱাৰোঁ। গতিকে, দুষ্ট লোকসকল নাইকিয়া কৰাৰ পাছতহে পৃথিৱীত সদায় কালৰ বাবে শান্তি আৰু ন্যায় হʼব। চলোমনে এইদৰে কৈছিল: “দুষ্ট লোক ধাৰ্ম্মিকৰ মুক্তিৰ মূল্যস্বৰূপ।”—হিতোপদেশ ২১:১৮.

যিহোৱা হৈছে ন্যায়ী ঈশ্বৰ। সেইবাবে আমি নিশ্চিত হʼব পাৰোঁ যে তেওঁ ন্যায়েৰে দুষ্ট লোকসকলৰ ন্যায় বিচাৰ কৰিব। অব্ৰাহামে এইদৰে সুধিছিল: “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই জানো ন্যায়-বিচাৰ নকৰিব?” অব্ৰাহামে উত্তৰ পালে যে ঈশ্বৰ সদায় ন্যায় বিচাৰ কৰিব। (আদিপুস্তক ১৮:২৫) ইয়াৰ উপৰিও, বাইবেলে আমাক আশ্বাস দিয়ে যে যিহোৱা ঈশ্বৰে দুষ্ট লোকক ধ্বংস কৰাত আনন্দ নকৰে, কিন্তু এয়া হৈছে তেওঁৰ শেষ পদক্ষেপ।—যিহিষ্কেল ১৮:৩২; ২ পিতৰ ৩:৯.

it-১ ১১৪৬ ¶১

ঘোঁৰা

পাঁচনি যোহনে লাক্ষণিক দৰ্শনত, যীচু খ্ৰীষ্টক বগা ঘোঁৰাত মহিমাম্বিত হৈ অহা দেখিছে আৰু তেওঁৰ লগত বগা ঘোঁৰাত বহি অহা স্বৰ্গত থকা সেনা-বাহিনীয়ে সহযোগ কৰিছে। এই দৰ্শনৰ দ্বাৰাই যোহনে বুজিব পাৰিলে যে খ্ৰীষ্টই ঈশ্বৰ আৰু পিতৃ যিহোৱাৰ হৈ সকলো শত্ৰুৰ বিৰুদ্ধে ধাৰ্মিকতা আৰু ন্যায়েৰে যুদ্ধ কৰিব। (প্ৰকা ১৯:১১, ১৪) ইয়াৰ আগতে, খ্ৰীষ্টই ৰাজকীয় পদক্ষেপ লৈছে আৰু বিভিন্ন অশ্বাৰোহীয়ে বিভিন্ন দুখ-কষ্টক চিত্ৰিত কৰে।—প্ৰকা ৬:২-৮.

re ২৮৬ ¶২৪

যুঁজাৰু ৰজাই হৰমাগিদোনত জয়লাভ কৰে

২৪ সাতোটা মূৰ আৰু দহোটা শিং থকা এটা পশু সাগৰৰপৰা ওলাই আহিছে। ইয়ে চয়তানৰ ৰাজনৈতিক সংগঠনক চিত্ৰিত কৰে। পশু আৰু মিছা ভৱিষ্যতবক্তা যি সপ্তম বিশ্ব শক্তিক চিত্ৰিত কৰে, সেই সকলোৰে পতন হʼব। (প্ৰকাশিত বাক্য ১৩:১, ১১-১৩; ১৬:১৩) যিসকলে ঈশ্বৰৰ লোকসকলৰ বিৰুদ্ধে হয়, তেওঁলোকক “জীয়াই” জীয়াই “জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা” হʼব। এয়া সঁচাকৈ জুই আৰু গন্ধকৰ এক সৰোবৰ হয় নেকি? নহয়। যেনেকৈ পশু আৰু মিছা ভৱিষ্যতবক্তা কোনো সঁচা জীৱ-জন্তু নহয়, ঠিক সেইদৰে ইয়ো কোনো জুই আৰু গন্ধকৰ সৰোবৰ নহয়। ইয়াৰ পৰিৱৰ্তে, ইয়ে সম্পূৰ্ণৰূপে হোৱা বিনাশক চিত্ৰিত কৰে, যʼত দ্বিতীয় পুনৰুত্থানৰ কোনো আশা নাই। ইয়াতেই চয়তান, মৃত্যু আৰু হেডীজক পেলোৱা হʼব। (প্ৰকাশিত বাক্য ২০:১০, ১৪) এয়া কোনো এনে ঠাই নহয়, যʼত দুষ্ট লোকসকলক যাতনা দিয়া হয়, কিয়নো যিহোৱা ঈশ্বৰে এনে কাম কৰা কল্পনাকো ঘৃণা কৰে।—যিৰিমিয়া ১৯:৫; ৩২:৩৫; ১ যোহন ৪:৮, ১৬.

re ২৮৬ ¶২৫

যুঁজাৰু ৰজাই হৰমাগিদোনত জয়লাভ কৰে

২৫ যিসকল লোক পোনপটিয়াকৈ চৰকাৰৰ ভাগ নহয়, কিন্তু তেওঁলোকে এই ভ্ৰষ্ট জগতৰ আওপকীয়াকৈ এক ভাগ হয়, তেওঁলোকক “ঘোঁৰাত উঠা জনাৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা” হʼব। যীচুৱে তেওঁলোকক মৃত্যুদণ্ড পোৱাৰ যোগ্য বুলি কʼব। যিহেতু তেওঁলোকক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হʼব বুলি উল্লেখ কৰা নাই, তেন্তে আমি তেওঁলোকৰ পুনৰুত্থান হʼব বুলি আশা কৰিব পাৰোঁনে? নোৱাৰোঁ। কিয়নো এনে কʼতো লিখা হোৱা নাই যে যিহোৱাই নিযুক্ত কৰা ন্যায়ীজনে, যিসকলক ন্যায় কৰিছে, তেওঁলোকক পুনৰ পুনৰুত্থান কৰা হʼব। যীচুৱে নিজেই কৈছিল যে যিসকল “মেৰ” নহয়, তেওঁলোক “চয়তান আৰু তাৰ দূতবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ . . . গুচি” যাব অৰ্থাৎ “অনন্ত দণ্ডলৈ।” (মথি ২৫:৩৩, ৪১, ৪৬) এইদৰে ন্যায়ৰ দিনত “ভক্তিহীন মানুহবিলাকৰ বিচাৰ আৰু বিনাশ” কৰা হʼব।—২ পিতৰ ৩:৭; নহূম ১:২, ৭-৯; মলাখী ৪:১.

আধ্যাত্মিক ৰত্ন বিচাৰক

re ২৪৭-২৪৮ ¶৫-৬

এক সমস্যা সমাধান হʼল

৫ ‘পশু আছিল।’ এই পশুৱেই ১৯২০ চনৰ ১০ জানুৱাৰীপৰা ৰাষ্ট্ৰ সংঘ হিচাপে অস্তিত্বত আহে আৰু কিছু বছৰৰ সময়ছোৱাত ৬৩ খন বেলেগ বেলেগ দেশ ইয়াৰ ভাগ হৈ পৰে। কিন্তু, জাপান, জাৰ্মানী আৰু ইটালীয়ে এই সংঘৰ সম্পৰ্কত নাথাকে আৰু সংযুক্ত ৰাষ্ট্ৰক, ৰাষ্ট্ৰ সংঘৰপৰা উলিয়াই দিয়া হয়। ১৯৩৯ চনৰ চেপ্টেম্বৰ মাহত জাৰ্মানীৰ নাজী শাসকে দ্বিতীয় বিশ্ব যুদ্ধৰ আৰম্ভ কৰে আৰু ৰাষ্ট্ৰ সংঘই জগতত শান্তি আনিবলৈ বিফল হʼল। পাছত ৰাষ্ট্ৰ সংঘ নিষ্ক্ৰিয়তাত সোমাই পৰে। ১৯৪২ চনলৈকে ৰাষ্ট্ৰ সংঘৰ অস্তিত্ব নাইকিয়া হৈ পৰে। আগতেও নহয় আৰু পাছতো নহয়, যিহোৱা ঈশ্বৰে সঠিক সময়ত দৰ্শনৰ অৰ্থ ভালদৰে বুজাই দিয়ে। নতুন পৃথিৱী ঈশ্বৰশাসিত সভাত, এন. এইচ. নʼৰে কৰা ভৱিষ্যতবাণীৰ অনুসৰি ঘোষণা কৰিছিল যে “পশু নাথাকিব।” তাৰ পাছত তেওঁ সুধিছিল, “ৰাষ্ট্ৰ সংঘ অগাধ ঠাইতে পৰি থাকিব নেকি?” প্ৰকাশিত বাক্য ১৭:৮ পদৰপৰা উত্তৰ দিছিল: “ৰাষ্ট্ৰ সংঘ পুনৰ বাঢ়িব” আৰু এইদৰেই হয়। ইয়ে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰৰ ভৱিষ্যতবাণী পূৰ হʼল।

অগাধ ঠাইৰপৰা ওলাই অহা

৬ সেন্দুৰ বৰণীয়া পশুৱে অগাধ ঠাইৰপৰা ওলাই আহে। ১৯৪৫ চনৰ ২৬ জুনত আমেৰিকাৰ চেন ফ্ৰান্সিচকʼত ৫০ খন দেশে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ প্ৰস্তাৱনা স্বীকাৰ কৰে। ইয়াৰ উদ্দেশ্য আছিল, “আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বজাই ৰখা।” ৰাষ্ট্ৰ সংঘ আৰু সংযুক্ত ৰাষ্ট্ৰৰ মাজত বহুতো মিল আছিল। দ্যা ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই এইদৰে কৈছে: “কিছুমান ক্ষেত্ৰত সংযুক্ত ৰাষ্ট্ৰ, ৰাষ্ট্ৰ সংঘৰ দৰে আছিল, যাক প্ৰথম বিশ্বযুদ্ধৰ পাছত স্থাপন কৰা হৈছিল। যিকেইখন দেশক লৈ সংযুক্ত ৰাষ্ট্ৰ গঠন কৰা হৈছিল, তাৰ মাজত বহুতো দেশ প্ৰথমে ৰাষ্ট্ৰ সংঘৰ ভাগ আছিল। ৰাষ্ট্ৰ সংঘৰ দৰে সংযুক্ত ৰাষ্ট্ৰৰ স্থাপন কৰাৰ উদ্দেশ্য আছিল, ৰাষ্ট্ৰৰ মাজত শান্তি স্থাপন কৰা। সংযুক্ত ৰাষ্ট্ৰত ভাগ লোৱা বেছিভাগ সদস্য ৰাষ্ট্ৰ সংঘৰ ভাগ আছিল।” প্ৰকৃততে সংযুক্ত ৰাষ্ট্ৰই সেন্দুৰ বৰণীয়া পশু হিচাপে পুনৰ আহিল। ৰাষ্ট্ৰ সংঘত ৬৩ সদস্য আছিল, কিন্তু সংযুক্ত ৰাষ্ট্ৰত ১৯০ আছিল। সংযুক্ত ৰাষ্ট্ৰই, ৰাষ্ট্ৰ সংঘতকৈ বহুতো দায়িত্ব গ্ৰহণ কৰে।

w১২ ৬/১৫ ১৮ ¶১৭

“অলপতে যি যি ঘটিব,” যিহোৱাই তাক প্ৰকাশ কৰিছে

১৭ মিছা ধৰ্ম্ম নিজেই নিজেই শেষ হৈ নাযাব। যেতিয়ালৈকে যিহোৱা ঈশ্বৰে অধিকাৰত থকা লোকসকলৰ মনত নিজৰ চিন্তা-ধাৰা পূৰ নকৰিব, তেতিয়ালৈকে সেই বেশ্যাই নিজৰ শক্তি দেখুৱাব আৰু ৰজাসকলক নিজৰ ইচ্ছাৰে নচুৱাব। (প্ৰকাশিত বাক্য ১৭:১৬, ১৭ পঢ়ক।) অতি সোনকালে যিহোৱা ঈশ্বৰে জগতৰ ৰাজনৈতিক শক্তিবোৰক, যাক সংযুক্ত ৰাষ্ট্ৰ বুলি চিত্ৰিত কৰা হৈছে, তেওঁ বেশ্যা অৰ্থাৎ মিছা ধৰ্ম্মক আক্ৰমণ কৰিবলৈ উৎসাহিত কৰিব। তেওঁ তাইৰ সৌন্দৰ্য্যতা শেষ কৰি দিব আৰু তাইৰ সকলো ধন-সম্পত্তি ধ্বংশ কৰি দিব। কিছু দশকৰ আগত লাগিছিল যে ধৰ্ম্মৰ এনে অৱস্থা হʼব নোৱাৰে। কিন্তু আজি, সেন্দুৰ বৰণীয়া পশুৰ ওপৰত বহি থকা বেশ্যাই অস্থিৰ হোৱা দেখিবলৈ পোৱা গৈছে। তাই নিজৰ ঠাইৰপৰা লাহে লাহে নপৰিব, কিন্তু হঠাতে পৰিব আৰু হিংস্ৰ হৈ পৰিব।—প্ৰকা. ১৮:৭, ৮, ১৫-১৯.

ডিচেম্বৰ ৩০–জানুৱাৰী ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ২০-২২

“চোৱা, মই সকলোকে নতুন কৰোঁ”

re ৩০১ ¶২

নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী

২ যোহন জন্ম হোৱাৰ শ শ বছৰৰ আগতে যিহোৱাই যিচয়াক এইদৰে কৈছিল: “মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবী সৃষ্টি কৰোঁ; আৰু পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব।” (যিচয়া ৬৫:১৭; ৬৬:২২) যেতিয়া বিশ্বাসী যিহুদীসকল ৭০ বছৰৰ পাছত খ্ৰীষ্টপূৰ্ব ৫৩৭ চনত বাবিলৰ দাসত্বৰপৰা যিৰূচালেমলৈ উভতি আহিলে, তেতিয়া প্ৰথমবাৰৰ বাবে এই ভৱিষ্যতবাণী পূৰ হʼল। তেওঁলোকে তাত “নতুন পৃথিবী” হিচাপে এক নতুন সমাজ গঠন কৰে আৰু এক নতুন চৰকাৰ অৰ্থাৎ ‘নতুন আকাশ মণ্ডলৰ’ অধীনত থাকে। কিন্তু, পাঁচনি পিতৰে এই ভৱিষ্যতবাণীৰ দ্বিতীয় পূৰ্ণতাৰ বিষয়ে এইদৰে কয়: “তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।” (২ পিতৰ ৩:১৩) যোহনে দেখুৱায় যে এই প্ৰতিজ্ঞা প্ৰভুৰ দিনত পূৰ হʼব। ‘প্ৰথম আকাশ- মণ্ডল আৰু প্ৰথম পৃথিবীৰ’ অৰ্থ হৈছে চয়তানৰ ৰীতি-ব্যৱস্থা, চয়তান আৰু তাৰ ভূতবোৰৰ অধীনত থকা চৰকাৰবোৰ গুচি যাব। দুষ্ট আৰু বিদ্ৰোহী লোকসকলৰ এই “সমুদ্ৰ” ধ্বংস কৰা হʼব আৰু ইয়াৰ পৰিৱৰ্তে “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবী” হʼব। ‘নতুন আকাশ-মণ্ডলৰ’ অৰ্থ হৈছে এক নতুন চৰকাৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্য আৰু ‘নতুন পৃথিবীৰ’ অৰ্থ হৈছে ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা লোক।—প্ৰকাশিত বাক্য ২০:১১ পদৰ লগত তুলনা কৰক।

w১৩ ১২/১ ১১ ¶২-৪

“চোৱা, মই সকলোকে নতুন কৰোঁ”

“[ঈশ্বৰে] তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব।” (প্ৰকাশিত বাক্য ২১:৪) ঈশ্বৰে কেনেধৰণৰ চকু পানীক মচি গুচাব? ঈশ্বৰে আনন্দৰ চকু পানী আৰু আমাৰ চকুক সুৰক্ষা দিয়া চকু পানীক মচি নুগুচাব, কিন্তু আমাক কষ্ট দিয়া চকু পানীক তেওঁ মচি গুচাব। ঈশ্বৰে চকু পানীক শুকাই নিদিব, তাৰ পৰিৱৰ্তে তেওঁ চকু পানী ওলোৱা সকলো কাৰণক মচি গুচাব। এইদৰে আমি কʼব পাৰোঁ যে ঈশ্বৰে সম্পূৰ্ণৰূপে চকু পানী মচি গুচাব।

“মৃত্যু আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৪) মৃত্যু আমাৰ শত্ৰু হয়, কিয়নো ইয়ে আমাক বৰ দুখ দিয়ে। যিহোৱাৰ আজ্ঞা পালন কৰা লোকসকলক তেওঁ মৃত্যুৰ কবলৰপৰা মুক্ত কৰিব। কিন্তু কেনেকৈ? তেওঁ মৃত্যুৰ প্ৰকৃত কাৰণ, অৰ্থাৎ আদমৰপৰা উত্তৰাধিকাৰী হিচাপে লাভ কৰা পাপক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব। (ৰোমীয়া ৫:১২) যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত, আজ্ঞা পালন কৰা লোকসকলক সিদ্ধ কৰিব। তাৰ পাছত শেষ শত্ৰু, মৃত্যুক “লোপ কৰা হব।”(১ কৰিন্থীয়া ১৫:২৬) ইশ্বৰৰ উদ্দেশ্যৰ অনুসৰি বিশ্বাসী লোকসকল স্বাস্থ্যৱান হৈ অনন্ত কাললৈকে জীয়াই থাকিব।

“বেদনাও আৰু নহব” (প্ৰকাশিত বাক্য ২১:৪) কেনেধৰণৰ বেদনা নাথাকিব? মানসিক, আবেগিক, শাৰীৰিক আদি কোনোধৰণৰ বেদনা নাথাকিব। নিঃসন্দেহ, আমি পাপ আৰু অসিদ্ধতাৰ বাবে কষ্ট পাইছোঁ আৰু ইয়ে শ শ মানুহৰ জীৱন দুখজনক কৰি তুলিছে। কিন্তু এই সকলো ঈশ্বৰে নাইকিয়া কৰিব।

w০৩ ৮/১ ১১ ¶১৪

যিহোৱা হৈছে সত্য ঈশ্বৰ

১৪ যিহোৱাই তেওঁৰ বাক্যৰ দ্বাৰা যি কৈছে তাক আমি গম্ভীৰতাৰে লোৱা আৱশ্যক। তেওঁ নিজৰ বিষয়ে যি কৈছে সেইয়া সত্য আৰু তেওঁ যি কয় তাক অৱশ্যেই পূৰণ কৰিব। গতিকে আমাৰ ওচৰত তেওঁত ভাৰসা ৰাখাৰ সকলো কাৰণ আছে। আমি এই কথাষাৰৰ ওপৰতো বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই তেওঁক “নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।” (২ থিচলনীকীয়া ১:৬) তেওঁ ধাৰ্ম্মিকতাৰ অনুগামীসকলক প্ৰেম কৰে, চিৰকালৰ জীৱন দিব আৰু শোক বা বেদনা, ক্ৰন্দন আৰু মৃত্যুক আঁতৰ কৰিব বুলি কোৱা কথাষাৰতো আমি ভাৰসা ৰাখিব পাৰোঁ। এই শেষ প্ৰতিজ্ঞাবোৰ যে নিশ্চয়ে পূৰণ হʼব তাক আমি যোহনে দিয়া নিৰ্দ্দেশনাৰ পৰা জানিব পাৰোঁ, যʼত তেওঁ কৈছে: “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”—প্ৰকাশিত বাক্য ২১:৪, ৫; হিতোপদেশ ১৫:৯; যোহন ৩:৩৬.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ২৪৯ ¶২

জীৱন

আদমক আজ্ঞা দিয়াৰ সময়ত ঈশ্বৰে পৰামৰ্শ দিছিল যে যদি আদমে তেওঁৰ আজ্ঞাকাৰী হৈ থাকে, তেনেহʼলে তেওঁৰ কেতিয়াও মৃত্যু নহʼব। (আদি ২:১৭) গতিকে, যেতিয়া শেষ শত্ৰু, মৃত্যুক নাইকিয়া কৰা হʼব, তেতিয়া যিহোৱাৰ আজ্ঞা পালন কৰা কোনো লোকৰ কেতিয়াও মৃত্যু নহʼব। (১কৰি ১৫:২৬) প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰা হৈছে যে যীচুৰ হাজাৰ বছৰৰ শাসনৰ শেষত মৃত্যুক শেষ কৰা হʼব। ইয়াৰ উপৰিও, যিসকলে ৰজা আৰু পুৰোহিত হিচাপে যীচুৰ লগত সেৱা কৰিব, তেওঁলোকৰ বিষয়ে এইদৰে লিখা আছে: “তেওঁবিলাকে জীলে, আৰু এহেজাৰ বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব কৰিলে।” প্ৰকাশিত বাক্য কিতাপত এয়াও উল্লেখ আছে যে “মৃতবিলাকৰ অৱশিষ্ট” লোকে “হাজাৰ বছৰ পূৰ নহয়মানে” জীৱিত হোৱা নাই। এওঁলোক হয়তো সেই লোকসকল হয়, যিসকলে খ্ৰীষ্টৰ হাজাৰ বছৰৰ শেষৰ সময়ত আৰু চয়তানক অগাধ ঠাইত পেলোৱাৰ আগতে জীয়াই আছিল। কিন্তু হাজাৰ বছৰৰ শেষত তেওঁলোকে পৃথিৱীত সিদ্ধতাৰ আশীৰ্ব্বাদ লাভ কৰিব, যি আদম আৰু হৱাই পাপ কৰাৰ আগতে লাভ কৰিছিল। তাৰ পাছত, চয়তানক অলপ সময়ৰ বাবে মুকলি কৰা হʼব আৰু যিসকলে এই পৰীক্ষাৰ সময়ত বিশ্বাসী হৈ থাকিব, তেওঁলোকে অনন্ত জীৱন লাভ কৰিব পাৰিব।—প্ৰকা ২০:৪-১০.

it-২ ১৮৯-১৯০

জুই আৰু গন্ধকৰ সৰোবৰ

“জুই আৰু গন্ধকৰ সৰোবৰ” শব্দটো কেৱল প্ৰকাশিত বাক্য কিতাপত উল্লেখ আছে আৰু ই সম্পূৰ্ণ লাক্ষণিক। বাইবেলে এইদৰে কৈছে: “গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব, এয়ে দ্বিতীয় মৃত্যু।”—প্ৰকা ২০:১৪; ২১:৮.

জুই আৰু গন্ধকৰ সৰোবৰৰ লাক্ষণিক অৰ্থ আমি প্ৰকাশিত বাক্য কিতাপৰ আন আন পদৰপৰা জানিব পাৰিম। কিন্তু কেনেকৈ? প্ৰকাশিত বাক্য ২০:১৪ পদত লিখা আছে যে মৃত্যুক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হʼল। (প্ৰকা ১৯:২০) মৃত্যুক কেতিয়াও আক্ষৰিকভাৱে ধ্বংস কৰিব নোৱাৰি। ইয়াৰ উপৰিও, প্ৰকাশিত বাক্য ২০:১০ পদত লিখা আছে যে চয়তান অৰ্থাৎ অদৃশ্য প্ৰাণীক এই সৰোবৰত পেলোৱা হʼব। অদৃশ্য প্ৰাণী হোৱাৰ বাবে চয়তানৰ জুইত কেতিয়াও বিনাশ নহʼব।—যাত্ৰা ৩:২ আৰু বিচা ১৩:২০ পদৰ লগত তুলনা কৰক।

জুই আৰু গন্ধকৰ সৰোবৰে ‘দ্বিতীয় মৃত্যুক’ চিত্ৰিত কৰে। কিন্তু প্ৰকাশিত বাক্য ২০:১৪ পদত কৈছে যে ‘মৃত্যু আৰু পৰলোক’ এই দুয়োটাক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হʼব। সেইবাবে, এই জুই আৰু গন্ধকৰ সৰোবৰ সেই মৃত্যুক নুবুজায়, যি আদমৰ যোগেদি মানৱজাতিয়ে লাভ কৰিছে (ৰোম ৫:১২) আৰু হেডীজকো (চিয়োল) বুজোৱা নাই। সেইবাবে, আমি কʼব পাৰোঁ যে ইয়াৰ লাক্ষণিক অৰ্থ হৈছে আন এক প্ৰকাৰৰ মৃত্যু। ই এনে এক মৃত্যু হয়, যʼত পুনৰুত্থান হোৱাৰ কোনো আশা নাই। কিয়নো বাইবেলত কʼতো উল্লেখ নাই যে ‘সৰোবৰে’ মৃত লোকসকলক পুনৰ উভতাই দিছে। কিন্তু আদমৰপৰা পোৱা মৃত্যু আৰু হেডীজ (চিয়োল) বা কবৰৰপৰা পুনৰুত্থান হোৱাটো নিশ্চিত। (প্ৰকা ২০:১৩) গতিকে, যিসকলৰ নাম “জীৱন-পুস্তকত” নাথাকিব, যেনে সেইসকল লোক, যিসকলে ঈশ্বৰৰ সাৰ্বভৌমত্বৰ বিৰোধ কৰে, তেওঁলোকক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হʼব। ইয়াৰ অৰ্থ হৈছে অনন্ত বিনাশ অথবা দ্বিতীয় মৃত্যু।—প্ৰকা ২০:১৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক