ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh পৃষ্ঠা ২১৯-পৃষ্ঠা ২২০
  • ‘মহা-বাবিলক’ চিনাক্ত কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘মহা-বাবিলক’ চিনাক্ত কৰক
  • বাইবেলে প্ৰকৃততে কি শিকায়?
বাইবেলে প্ৰকৃততে কি শিকায়?
bh পৃষ্ঠা ২১৯-পৃষ্ঠা ২২০

অতিৰিক্ত লেখ

‘মহা-বাবিলক’ চিনাক্ত কৰক

বাইবেলৰ প্ৰকাশিত বাক্য নামৰ কিতাপখনত এনে কিছুমান বৰ্ণনা আছে, যিবোৰ সাধাৰণতে বুজিবলৈ সহজ নহয়। কিয়নো ইয়াক লাক্ষণিকৰূপে বৰ্ণনা কৰা হৈছে। (প্ৰকাশিত বাক্য ১:১) উদাহৰণস্বৰূপে, কপালত “মহা-বাবিল” বুলি লিখা এজনী তিৰোতাৰ বিষয়ে ইয়াত বৰ্ণনা আছে। এনে লাগে যেন এই তিৰোতাজনী ‘জাতিবিলাক আৰু ভাষাৰ লোকবিলাকৰ’ ওপৰত বহি আছে। (প্ৰকাশিত বাক্য ১৭:১, ৫, ১৫) বাস্তৱতে কোনো তিৰোতাই এনে কৰিব নোৱাৰে, গতিকে আমি কʼব পাৰোঁ যে মহা-বাবিল হৈছে লাক্ষণিক। তেনেহʼলে, প্ৰশ্ন হয় যে এই লাক্ষণিক বেশ্যাই কাক চিত্ৰিত কৰে?

প্ৰকাশিত বাক্য ১৭:১৮ পদত এই লাক্ষণিক তিৰোতাজনীক, “পৃথিবীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ” বুলি কোৱা হৈছে। ইয়াত উল্লেখ কৰা “নগৰ” শব্দই এক সংগঠিত লোক সমূহক চিত্ৰিত কৰে। যিহেতু, এই ‘মহা-নগৰে’ “পৃথিবীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব” কৰে, গতিকে এই মহা-বাবিল নামৰ তিৰোতাজনী নিশ্চয় গোটেই পৃথিৱীকে প্ৰভাৱিত কৰা এক সংগঠন। সেইবাবে ইয়াক বিশ্ব সাম্ৰাজ্য বুলিও কʼব পাৰি। কিন্তু এই সাম্ৰাজ্য কেনেধৰণৰ? ই এখন ধাৰ্ম্মিক সাম্ৰাজ্য। লক্ষ্য কৰক যে প্ৰকাশিত বাক্য কিতাপে ইয়াৰ বিৱৰণ কেনেকৈ দিছে।

এক সাম্ৰাজ্য বুলি কʼলে ৰাজনৈতিক, বাণিজ্যিক বা ধাৰ্ম্মিক সাম্ৰাজ্যও হʼব পাৰে। মহা-বাবিল নামৰ এই তিৰোতাজনী কোনো ৰাজনৈতিক সাম্ৰাজ্য নহয়। কিয়নো ঈশ্বৰৰ বাক্য বাইবেলে বৰ্ণনা কৰিছে যে “পৃথিবীৰ ৰজাসকলে” বা এই জগতৰ ৰাজনৈতিক ব্যৱস্থাই তাইৰ লগত ‘ব্যভিচাৰ কৰিলে।’ এই পৃথিৱীৰ শাসকসকলৰ লগত বিভিন্ন ধৰণৰ সন্ধি কৰাৰ যোগেদি তাই ব্যভিচাৰি হৈ পৰিল আৰু সেইবাবে তাইক ‘মহা-বেশ্যা’ বুলি কোৱা হৈছে।—প্ৰকাশিত বাক্য ১৭:১, ২; যাকোব ৪:৪.

মহা-বাবিল, এক বাণিজ্যিক সাম্ৰাজ্যও নহয়। বাইবেলে উল্লেখ কৰিছে যে জগতৰ বাণিজ্যিক ব্যৱস্থাক চিত্ৰিত কৰা, ‘পৃথিবীৰ সদাগৰবিলাকে’ তাইৰ ধ্বংসৰ সময়ত শোক কৰিব। বাইবেলে ইয়াকো বৰ্ণনা কৰিছে যে ৰজা আৰু সদাগৰবিলাকে ধ্বংসৰ সময়ত “দূৰৈত থিয় হৈ” মহা-বাবিলক চাই থাকিব। (প্ৰকাশিত বাক্য ১৮:৩, ৯, ১০, ১৫-১৭) গতিকে, যুক্তিসংগতভাৱে আমি এই মীমাংসাত আহিব পাৰোঁ যে মহা-বাবিল কোনো ৰাজনৈতিক বা বাণিজ্যিক সাম্ৰাজ্য নহয়, কিন্তু ই এক ধাৰ্ম্মিক সাম্ৰাজ্যক চিত্ৰিত কৰে।

মহা-বাবিলে যে ধাৰ্ম্মিক সাম্ৰাজ্যক চিত্ৰিত কৰে, ইয়াৰ বিষয়ে আন এটা প্ৰমাণলৈ লক্ষ্য কৰক। বাইবেলে বৰ্ণনা কৰিছে যে তাই “মায়াকৰ্ম্মৰ” দ্বাৰা সকলো জাতিকে ভুল পথলৈ পৰিচালিত কৰিছে। (প্ৰকাশিত বাক্য ১৮:২৩) আমি জানো যে সকলো ধৰণৰ মায়াকৰ্ম্ম ধৰ্ম্মৰ লগত জড়িত আৰু ভূতবোৰৰ দ্বাৰা পৰিচালিত। সেইবাবে বাইবেলে মহা-বাবিলক “ভূতবিলাকৰ বাসস্থান” বুলি উল্লেখ কৰিছে। (প্ৰকাশিত বাক্য ১৮:২; দ্বিতীয় বিবৰণ ১৮:১০-১২) বাইবেলে ইয়াকো বৰ্ণনা কৰিছে যে এই সাম্ৰাজ্যই সত্য ধৰ্ম্মৰ বিৰুদ্ধে থিয় দিছে, তথা ‘ভাববাদীসকল আৰু পবিত্ৰবিলাকৰ’ ওপৰত অত্যাচাৰ কৰিছে। (প্ৰকাশিত বাক্য ১৮:২৪) ইয়াৰ উপৰিও সত্য ধৰ্ম্মৰ ওপৰত মহা-বাবিলৰ ইমানেই ঘৃণা আছে যে তাই, ‘যীচুৰ সাক্ষীবিলাকক’ জঘন্যভাৱে তাড়না দিছে আৰু তেওঁলোকক হত্যাও কৰিছে। (প্ৰকাশিত বাক্য ১৭:৬) গতিকে, আমি কʼব পাৰোঁ যে মহা-বাবিল মিছা ধৰ্ম্মৰ বিশ্ব সাম্ৰাজ্যক চিত্ৰিত কৰে, যʼত যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে থিয় দিয়া সকলো ধৰ্ম্ম জড়িত হৈ আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক