-
যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?বাইবেলে প্ৰকৃততে কি শিকায়?
-
-
অতিৰিক্ত লেখ
যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?
যীচু খ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল, ইয়াৰ বিষয়ে বাইবেলত কোনো উল্লেখ নাই। কিন্তু বাইবেলত এনে কিছুমান প্ৰমাণ আছে যাৰ দ্বাৰা আমি কʼব পাৰোঁ যে যীচুৰ জন্ম ডিচেম্বৰ মাহত হোৱা নাছিল।
যীচুৰ জন্মৰ সময়ছোৱাত বৈৎলেহমত বতৰ কেনে আছিল, তাৰ বিষয়ে অলপ চিন্তা কৰকচোন। যিহূদী কেলেন্ডাৰৰ অনুসৰি কিচ্লেব মাহটো, (আজিৰ নবেম্বৰ/ডিচেম্বৰ) অতি ঠান্ডা আৰু বৰষুণৰ বতৰ আছিল। তাৰ পাছৰ মাহটো হৈছে, টেবেৎ (আজিৰ ডিচেম্বৰ/জানুৱাৰী)। এই মাহত সাধাৰণতে বৈৎলেহমত তাপমাত্ৰা অতি কম আৰু মাজে-সময়ে পাহাৰীয়া ঠাইবোৰত বৰফ পৰাও দেখা গৈছিল। এতিয়া আহক আমি বাইবেলে এই অঞ্চলৰ বতৰৰ বিষয়ে কি বৰ্ণনা কৰিছে, তালৈ লক্ষ্য কৰোঁ।
বাইবেলৰ এজন লেখক ইজ্ৰাই বৰ্ণনা কৰিছে যে কিচ্লেব মাহটো সঁচাকৈ বৰ ঠান্ডা আৰু বৰষুণৰ বতৰ আছিল। তেওঁ বৰ্ণনা কৰিছে যে “নৱম মাহৰ বিশ দিনৰ দিনা” যিৰূচালেমত এচাম মানুহে গোট খাইছিল আৰু তেওঁলোকে “বৰ বৰষুণৰ কাৰণে কঁপি” আছিল। সেই বতৰৰ বিষয়ে তাত গোট খোৱা লোকসকলে কৈছিল: “এতিয়া বৰ বৰষুণ দিছে, বাহিৰত থিয় হৈ থাকিব নোৱাৰোঁ।” (ইজ্ৰা ১০:৯, ১৩; যিৰিমিয়া ৩৬:২২) গতিকে, আমি কʼব পাৰোঁ যে বৈৎলেহমত বাস কৰা মেৰৰখীয়াবিলাকে ডিচেম্বৰ মাহত নিশ্চয় নিজৰ জাকবোৰক ৰাতি বাহিৰত নাৰাখে।
বাইবেলত বৰ্ণনা কৰা অনুসৰি যীচুৰ জন্ম হোৱা ৰাতি মেৰৰখীয়াবিলাকে পথাৰত নিজ নিজ জাকৰ পহৰা দি আছিল। ইয়াৰ বিষয়ে বাইবেলৰ লূক নামৰ লেখকজনে বৰ্ণনা কৰিছে যে বৈৎলেহমৰ ওচৰত মেৰৰখীয়াবিলাকে, “পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল।” (লূক ২:৮-১২) লক্ষ্য কৰক যে মেৰৰখীয়াবিলাকে ৰাতি জাকবোৰক পহৰা দি আছিল। এনে ঠান্ডা আৰু বৰষুণৰ বতৰত মেৰৰখীয়াবিলাকে ৰাতি পহৰা দিব পাৰিবনে? কেতিয়াও নোৱাৰে। গতিকে, এই ঘটনাবোৰৰপৰা আমি কʼব পাৰোঁ যে যীচুৰ জন্ম ডিচেম্বৰ মাহত হোৱা নাছিল।
যীচুৰ মৃত্যু কেতিয়া হৈছিল, তাৰ বিষয়ে ঈশ্বৰৰ বাক্য বাইবেলে আমাক বিতংভাৱে বৰ্ণনা কৰিছে, কিন্তু তেওঁৰ জন্ম কেতিয়া হৈছিল, তাৰ বিষয়ে বাইবেলত কোনো স্পষ্ট বিৱৰণ নাই। এই সন্দৰ্ভত ৰজা চলোমনৰ এষাৰ বাক্য আমাৰ মনলৈ আহে: “সুগন্ধি তেলতকৈ সুনাম উত্তম, আৰু জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।” (উপদেশক ৭:১) সেইবাবে, ই কোনো আচৰিত হʼবলগীয়া কথা নহয় যে বাইবেলে আমাক যীচুৰ সেৱকীয়া কাৰ্য্য আৰু মৃত্যুৰ বিষয়ে বিতংভাৱে বৰ্ণনা দিছে, কিন্তু জন্মৰ বিষয়ে বহুলভাৱে উল্লেখ কৰা নাই।
যীচুৰ জন্ম হোৱা ৰাতি মেৰৰখীয়াবিলাকে পথাৰত নিজ নিজ জাকৰ পহৰা দি আছিল
-
-
আমি উৎসৱ পালন কৰা উচিতনে?বাইবেলে প্ৰকৃততে কি শিকায়?
-
-
অতিৰিক্ত লেখ
আমি উৎসৱ পালন কৰা উচিতনে?
আজি গোটেই পৃথিৱীজুৰি পালন কৰা বিভিন্ন ধৰ্ম্মীয় উৎসৱ আৰু বন্ধৰ দিনবোৰৰ বিষয়ে বাইবেলত কোনো উল্লেখ নাই। তেনেহʼলে, এই উৎসৱবোৰৰ আৰম্ভণি কেনেকৈ হʼল বাৰু? আজি প্ৰচলিত উৎসৱবোৰৰ বিষয়ে যদি আপুনি লাইব্ৰেৰীৰ কিতাপবোৰত অলপ অনুসন্ধান কৰে, তেনেহʼলে কিছুমান আকৰ্ষণীয় বিষয় জানিব পাৰিব। আহক আমি ইয়াৰে কিছুমান উদাহৰণলৈ মনোযোগ দিওঁ।
ঈষ্টাৰ পৰ্ব্ব। দী এনচাইক্লোপিডিয়া ব্ৰিটেনিকা (ইংৰাজী) নামৰ বিশ্বকোষখনে ইয়াৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে, “বাইবেলৰ নতুন নিয়মত ঈষ্টাৰ পৰ্ব্ব পালন কৰাৰ বিষয়ে কোনো উল্লেখ নাই।” তেনেহʼলে প্ৰশ্ন হয় যে ঈষ্টাৰ পৰ্ব্বৰ আৰম্ভণি কেনেকৈ হʼল? ইয়াৰ আৰম্ভণি মিছা ধৰ্ম্মৰপৰা আহিছে। যদিও এই উৎসৱ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ উপলক্ষ্যত পালন কৰা হয়, কিন্তু ইয়াৰ লগত জড়িত পৰম্পৰাবোৰ খ্ৰীষ্টান ধৰ্ম্মৰপৰা নহয়। ইয়াৰ পৰিৱৰ্তে, এই পৰ্ব্বৰ সকলো পৰম্পৰা মিছা ধৰ্ম্মৰ লগত জড়িত হৈ আছে।
নৱ বৰ্ষৰ উদ্যাপন। আজি গোটেই পৃথিৱীজুৰি বছৰৰ বেলেগ বেলেগ সময়ত নিজৰ পৰম্পৰা অনুসৰি নৱ বৰ্ষ উদ্যাপন কৰা হয়। এই উদ্যাপনৰ আৰম্ভণিৰ বিষয়ে দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই (ইংৰাজী) এইদৰে বৰ্ণনা কৰিছে: “ৰোমান শাসক জুলিয়াছ চিজাৰে খ্ৰীষ্টপূৰ্ব ৪৬ জানুৱাৰী মাহৰ ১ তাৰিখৰ দিনটো নৱ বৰ্ষৰ দিন হিচাপে প্ৰতিষ্ঠা কৰিছিল। এই দিনটোক ৰোমানসকলে জপনা, দুৱাৰ আৰু সকলো বস্তুৰ আৰম্ভণিৰ দেৱতা, জেনাছʼৰ প্ৰতি সমৰ্পিত কৰিছিল। জেনাছ’ দেৱতাৰ নামৰপৰাই জানুৱাৰী মাহ ৰখা হৈছিল। এই দেৱতাজনৰ দুখন মুখ আছিল—এখন মুখ আগফালে আৰু আনখন পিছফালে।” গতিকে, ইয়াৰপৰা কʼব পাৰি যে নৱ বৰ্ষৰ আৰম্ভণি মিছা ধৰ্ম্মৰ পৰম্পৰাৰপৰা আহিছে।
ভেলেন্টিন দিৱস। দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই (ইংৰাজী) এই উৎসৱৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “ভেলেন্টিন দিৱস, ভেলেন্টিন নামৰ দুজন খ্ৰীষ্টানৰ শ্বহীদ হোৱা দিনটোৰপৰা এই দিৱস পালন কৰা হয়। কিন্তু, এই উৎসৱৰ লগত জড়িত থকা পৰম্পৰাবোৰ হয়তো প্ৰাচীন ৰোমানসকলৰ লুপাৰকেলিয়া নামৰ উৎসৱৰপৰা আৰম্ভ হৈছে। এই উৎসৱ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে পালন কৰা হৈছিল। স্ত্ৰী আৰু বিয়াৰ দেৱী জুনো আৰু প্ৰকৃতি দেৱতা, প্যানৰ সন্মানত এই উৎসৱ পালন কৰা হৈছিল।”
অন্যান্য উৎসৱবোৰ। আজি গোটেই পৃথিৱীজুৰি উদ্যাপন কৰা সকলো উৎসৱৰ বিষয়ে আলোচনা কৰাটো সম্ভৱ নহয়। কিন্তু আমি মনত ৰখা উচিত যে যি উৎসৱে কোনো মানৱ তথা মানৱীয় সংগঠনক মহিমা কৰে, তেনে উৎসৱক যিহোৱা ঈশ্বৰে কেতিয়াও গ্ৰহণ নকৰে। (যিৰিমিয়া ১৭:৫-৭; পাঁচনিৰ কৰ্ম্ম ১০:২৫, ২৬) আমি ইয়াকো মনত ৰখা উচিত যে ধৰ্ম্মীয় উৎসৱবোৰৰ আৰম্ভণিয়ে থিৰাং কৰিব যে এইবোৰে যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰে নে নকৰে। (যিচয়া ৫২:১১; প্ৰকাশিত বাক্য ১৮:৪) ধৰ্ম্মৰ লগত সম্পৰ্ক নথকা উৎসৱবোৰ আৰু বন্ধৰ দিনবোৰৰ উদ্যাপনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভংগী জানিবলৈ, এই কিতাপখনৰ ষোল অধ্যায়ত উল্লেখ কৰা কিছুমান সিদ্ধান্তই আপোনাক সহায় কৰিব।
-