ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr20 ফেব্ৰুৱাৰী পৃষ্ঠা ১-৮
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
  • উপশীৰ্ষক
  • ফেব্ৰুৱাৰী ৩-৯
  • ফেব্ৰুৱাৰী ১০-১৬
  • ফেব্ৰুৱাৰী ১৭-২৩
  • ফেব্ৰুৱাৰী ২৪–মাৰ্চ ১
  • “চাৰাই তোমাক কোৱা সকলো কথা তুমি শুনা”
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
mwbr20 ফেব্ৰুৱাৰী পৃষ্ঠা ১-৮

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

ফেব্ৰুৱাৰী ৩-৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ১২-১৪

“এক চুক্তি যিয়ে আপোনাক প্ৰভাৱিত কৰে”

it-১ ৫২২ ¶৪

চুক্তি

অব্ৰাহামৰ লগত চুক্তি। যেতিয়া অব্ৰাম (অব্ৰাহামে) কনানলৈ যাবলৈ ফৰাৎ নদী পাৰ হয়, তেতিয়া এই চুক্তি প্ৰযোজ্য হয়। ইয়াৰ ৪৩০ বছৰৰ পাছত নিয়মৰ চুক্তি কৰা হয়। (গালা ৩:১৭) অব্ৰাহামে মিচপতামিয়া নামৰ ঠাইৰ কলদীয়াসকলৰ ঊৰ চহৰত থকাৰ সময়ত যিহোৱা ঈশ্বৰে তেওঁক এনে এখন দেশত যাবলৈ কয়, যি তেওঁক যিহোৱাই দেখুৱাব। (পাঁচ ৭:২, ৩; আদি ১১:৩১; ১২:১-৩) ছেপ্টুৱেজিণ্ট বাইবেলৰ গণনাপুস্তক ১২:৪০, ৪১ পদৰপৰা বুজিব পাৰি যে যিদিনাখন কনান আৰু মিচৰত ইস্ৰায়েলীসকলৰ ৪৩০ বছৰ পূৰ্ণ হয়, “সেই দিনাখনেই” তেওঁলোকে মিচৰৰ দাসত্বৰপৰা মুক্ত হয়। এয়া খ্ৰীষ্টপূৰ্ব ১৫১৩-ৰ নিচান মাহৰ ১৪ তাৰিখ আছিল। সেই দিনাখনেই নিস্তাৰ-পৰ্ব্ব পালন কৰা হৈছিল। (যাত্ৰা ১২:২, ৬, ৭) ইয়ে দেখুৱায় যে ৪৩০ বছৰৰ পূৰ্ব্বে অব্ৰাহামে খ্ৰীষ্টপূৰ্ব ১৯৪৩-ৰ নিচান মাহৰ ১৪ তাৰিখে ফৰাৎ নদী পাৰ হৈছিল। তেতিয়াৰেপৰা তেওঁৰ লগত কৰা চুক্তি প্ৰযোজ্য হʼবলৈ আৰম্ভ হয়। যেতিয়া অব্ৰাহামে কনানত যাত্ৰা কৰি কৰি চিখিম পায়, তেতিয়া যিহোৱাই তেওঁৰ আগত পুনৰ দৰ্শন দিয়ে আৰু তেওঁক নিজৰ প্ৰতিজ্ঞাৰ বিষয়ে আৰু কিছুমান কথা কয়। যিহোৱাই অব্ৰাহামক এইদৰে কয়, “তোমাৰ বংশকেই মই এই দেশ দিম।” ইয়ে প্ৰকাশ কৰে যে এই চুক্তি আৰু এদন বাগিচাত কৰা বংশৰ প্ৰতিজ্ঞাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। ইয়াৰপৰা এইটোও বুজিব পাৰি যে সেই বংশ এজন ব্যক্তি হয়। (আদি ১২:৪-৭) যিহোৱাৰ আগলৈ গৈ এই বংশৰ আৰু বহুতো তথ্য দিয়ে, যিবোৰ আদিপুস্তক ১৩:১৪-১৭; ১৫:১৮; ১৭:২-৮, ১৯; ২২:১৫-১৮ পদত উল্লেখ আছে।

w৮৯ ৭/১ ৩ ¶৪

আপুনি অব্ৰাহামৰ বিষয়ে কিয় সত্যতা জনা উচিত?

এই প্ৰতিজ্ঞা সঁচাকৈ আচৰিতজনক। এই প্ৰতিজ্ঞাৰ বিষয়ে যিহোৱা ঈশ্বৰে অব্ৰাহামক দুবাৰ কৈছিল। (আদিপুস্তক ১৮:১৮; ২২:১৮) নিজৰ এই প্ৰতিজ্ঞা পূৰ কৰিবলৈ যিহোৱা ঈশ্বৰে এনে জাতিকো পুনৰুত্থান কৰিব, যাৰ অস্তিত্ব সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে। এয়া তেওঁলোকৰ বাবে সঁচাকৈ এক ডাঙৰ আশীৰ্ব্বাদ হʼব। কিয়নো সেইসময়ত পৃথিৱীখন পুনৰ এদন বাগিচাৰ দৰে হৈ পৰিব। তাৰ পাছত এই লোকসকলকো শিক্ষা দিয়া হʼব যে তেওঁলোকে অনন্ত জীৱন লাভ কৰিবলৈ কি কৰা উচিত।—আদিপুস্তক ২:৮, ৯, ১৫-১৭; ৩:১৭-২৩.

it-২ ২১৩ ¶৩

নিয়ম

ইতিহাসত পোৱা প্ৰমাণৰ আধাৰত কিছুমান বিদ্বানে অনুমান কৰিছে যে যেতিয়া কিনা-বেচাৰ কথা আহে, তেতিয়া কিনোতাজনক এক উচ্চ স্থানত লৈ যোৱা হৈছিল। তাৰ পাছত তেওঁক মাটি আৰু তাৰ চাৰিসীমা দেখুৱা হৈছিল। যদি কিনোতাজনে কয় যে “মই দেখিলোঁ,” তেন্তে ইয়াৰ অৰ্থ হৈছে এই মাটি তেওঁ পছন্দ কৰিছে আৰু এতিয়া সেই মাটিত তেওঁৰ আইনগত অধিকাৰ আছে। যেতিয়া যিহোৱা ঈশ্বৰে কনান দেশ দিবলৈ প্ৰতিজ্ঞা কৰিছিল, তেতিয়া তেওঁ অব্ৰাহামক চকু তুলি চাৰিওফালে চাবলৈ কৈছিল। কিন্তু “মই দেখিলোঁ” বুলি অব্ৰাহামে কোৱা নাছিল। ইয়াৰ অৰ্থ এইটো হʼব পাৰে যে যিহোৱা ঈশ্বৰে অব্ৰহামক নহয়, কিন্তু তেওঁৰ বংশক এই দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল। (আদি ১৩:১৪, ১৫) ইস্ৰায়েলীসকলক নেতৃত্ব কৰা মোচিকো প্ৰতিজ্ঞা কৰা দেশখন চাবলৈ কোৱা হৈছিল। যদি বিদ্বানসকলৰ অনুমান সঠিক হয়, তেনেহʼলে মোচিয়ে চোৱাৰ অৰ্থ হৈছে যিহোৱা ঈশ্বৰে এই দেশ ইস্ৰায়েলীসকলক দিবলৈ গৈ আছে আৰু যিহূচোৱাই তেওঁলোকক নেতৃত্ব কৰি সেই দেশত লৈ যাব। (দ্বিতীয় বিবৰণ ৩:২৭, ২৮; ৩৪:৪; চয়তানে যীচু খ্ৰীষ্টক মথি ৪:৮ পদত কিদৰে ফুচুলাইছিল সেয়াও চাওক।) ইয়াৰ উপৰিও, যেতিয়া এজন ব্যক্তিয়ে কোনো মাটিত ভৰি দিয়ে অথবা তাত ফুৰি চায়, তেতিয়া সেই মাটি ডোখৰ আইনগতভাৱে সেই ব্যক্তিজনৰ হৈ পৰে। (আদি ১৩:১৭; ২৮:১৩) কিছুমান প্ৰাচীন নথি-পত্ৰৰ অনুসৰি মাটি বিক্ৰী কৰাৰ সময়ত, এয়া লিখা হৈছিল যে সেই মাটিত কিমান গছ-গছনি আছে।—আদি ২৩:১৭, ১৮ পদৰ লগত তুলনা কৰক।

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৬.০৫ ৫ ¶১২

প্ৰেমেৰে বাদ-বিবাদৰ সমাধান কৰক

১২ লেখৰ আৰম্ভণিতে দেখিলোঁ যে বাইবেলত উল্লেখ কৰা এটা বিৱৰণত ঈশ্বৰৰ সেৱকসকলে এটা বিষয় শান্তিৰে সমাধান কৰিলে, যʼত সমস্যাই সৃষ্টি কৰিছিল। সেই সমস্যা অব্ৰাহাম আৰু তেওঁৰ ভতিজা লোটৰ মাজত আছিল। দুয়োজনৰ ওচৰত বহুতো ঘৰচীয়া জীৱ-জন্তু আছিল আৰু তেওঁলোকৰ পশু ৰখীয়াসকলে জীৱ-জন্তু চৰোৱা ঠাইক লৈ বাদ-বিবাদ হৈছিল। অব্ৰাহামে অতি সোনকালে সমস্যা সমাধান কৰিব বিচাৰিছিল। সেইবাবে, লোটক প্ৰথমে নিজৰ বাবে ঠাই বাছনি কৰিবলৈ অব্ৰাহামে কৈছিল। (আদি. ১৩:১, ২, ৫-৯) কি যে উত্তম উদাহৰণ! অব্ৰাহামে নিজৰ ভালটো নিবিচাৰি, শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। উদাৰ হোৱাৰ বাবে তেওঁৰ হানি হৈছিল নেকি? নহয়। এই ঘটনাৰ পাছতে, যিহোৱা ঈশ্বৰে অব্ৰাহামক বহুতো আশীৰ্ব্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিলে। (আদি. ১৩:১৪-১৭) যদি ঈশ্বৰৰ সেৱকসকলে বাইবেলৰ সিদ্ধান্ত অনুসৰি চলে আৰু প্ৰেমেৰে বাদ-বিচাৰ সমাধান কৰে, তেনেহʼলে ঈশ্বৰে তেওঁলোকৰ কোনো হানি হʼবলৈ নিদিব, যি কেতিয়াও পূৰ কৰিব নোৱাৰি।

(ইব্ৰী ৭:৪-১০) বিবেচনা কৰি চোৱা, যি জনাক আমাৰ পিতৃ-কুলপতি অব্ৰাহামে লুট কৰা বস্তুৰ দহ ভাগৰ এভাগ দিলে, তেওঁ কেনে মহান। ৫ আৰু লেবীৰ সন্তানবিলাকৰ মাজৰ যিবিলাকে পুৰোহিত-বাব পালে, তেওঁবিলাকে বিধান অনুসাৰে মানুহবিলাকৰ পৰা, অৰ্থাৎ অব্ৰাহামৰ কাটিৰ পৰা ওলোৱা নিজ ভাইবিলাকৰ পৰা দশম ভাগ লবলৈ আদেশ পালে; ৬ কিন্তু যি জনৰ বংশাৱলি তেওঁবিলাকৰ মাজৰ পৰা গণিত হোৱা নাই, সেই জনে অব্ৰাহামৰ পৰা দশম ভাগ লৈ, প্ৰতিজ্ঞাবোৰৰ অধিকাৰীকেই আশীৰ্ব্বাদ কৰিছিল। ৭ আৰু সৰু লোকে বৰৰ পৰাহে আশীৰ্ব্বাদ পোৱা হয়, ইয়াত সংশয় নাই। ৮ আৰু ইটোত হলে, যিবিলাকে দশম ভাগ পায়, তেওঁবিলাক মৃত্যুৰ অধীন মানুহ; কিন্তু সিটোত, যি জনে দহ ভাগৰ এভাগ পায়, তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে। ৯ আৰু দহ ভাগৰ এভাগ পোৱা যি লেবী, তেওঁ নিজেই অব্ৰাহামৰ দ্বাৰাই দহ ভাগৰ এভাগ দিলে, ইয়াকো কলে কব পাৰি; ১০ কিয়নো মল্কীচেদক যেতিয়া তেওঁৰ পিতৃক লগ পালে, তেতিয়া লেবী তেওঁৰ কাটিৰ ভিতৰতে আছিল।

it-২ ৬৮৩ ¶১

পুৰোহিত

মল্কীচেদক চলোমৰ ৰজা আৰু পুৰোহিত (কʼহেন) আছিল। তেওঁৰ দৰে পুৰোহিত কোনো নাছিল। বাইবেলত তেওঁৰ বংশাৱলি, জন্ম অথবা মৃত্যুৰ বিষয়ে কʼতো উল্লেখ নাই। মল্কীচেদকে উত্তৰাধিকাৰী হিচাপে পুৰোহিত পদ পোৱা নাছিল। মল্কীচেদকৰ পদত আগতে কোনো পুৰোহিত নাছিল আৰু পাছতো কোনো নাছিল। তেওঁ পুৰোহিত আৰু ৰজা হৈ সেৱা কৰিছিল। তেওঁৰ পুৰোহিত পদ লেবীসকলৰ পুৰোহিত পদতকৈ উত্তম আছিল। কিয়নো লেবীসকলে মল্কীচেদকক দশম অংশ দিছিল। কেনেকৈ বাৰু? প্ৰকৃততে লেবীসকলে ভৱিষ্যতে অব্ৰাহামৰ বংশৰ হʼলহেঁতেন। সেইবাবে, অব্ৰাহামে মল্কীচেদকক যেতিয়া দশম ভাগ দিছল আৰু তাৰ বিনিময়ত আশীৰ্ব্বাদ লাভ কৰিছিল, তেন্তে এয়া এনে আছিল যেন লেবীসকলে দশম অংশ দিছে। (আদি ১৪:১৮-২০; ইব্ৰী ৭:৪-১০) এই ক্ষেত্ৰত মল্কীচেদকে যীচু খ্ৰীষ্টক চিত্ৰিত কৰে। কিয়নো তেওঁ মল্কীচেদকৰ দৰে পুৰোহিত হয় আৰু সদায় কালৰ বাবে পুৰোহিত হৈ থাকিব।—ইব্ৰী ৭:১৭.

ফেব্ৰুৱাৰী ১০-১৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ১৫-১৭

“যিহোৱাই অব্ৰাম আৰু চাৰীৰ নাম কিয় সলনি কৰে?”

it-১ ৮১৭

দোষ, দোষ বিচৰা

আনহাতে, মানুহে কাম কৰাৰ পদ্ধতি আৰু তেওঁলোকে বনোৱা বস্তুবোৰত প্ৰায়ে খুঁত পোৱা যায়। কিয়নো প্ৰতিজন লোকে আদমৰপৰা উত্তৰাধিকাৰী হিচাপে পাপ লাভ কৰিছে আৰু তেওঁলোকৰ মাজত খুঁত আছে। (ৰোম ৫:১২; গীত ৫১:৫) যিহোৱাৰ কোনো দোষ বা খুঁত নাই, তথাপি তেওঁ “আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।” তেওঁ আমাক দয়া কৰে। (গীত ১০৩:১৩, ১৪) নোহে যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল আৰু তেওঁৰ বিশ্বাসী হৈ আছিল। যিহোৱাৰ দৃষ্টিত তেওঁ “ধাৰ্ম্মিক আৰু সিদ্ধ পুৰুষ আছিল।” (আদি ৬:৯) তেওঁ অব্ৰাহামক আজ্ঞা দিছিল, “মোৰ আগত চলাচল কৰি সিদ্ধ হোৱা।” (আদি ১৭:১) এই দুয়োজন ব্যক্তি অসিদ্ধ আছিল আৰু তেওঁলোকৰ এদিন মৃত্যু হʼল। কিন্তু যিহোৱাৰ দৃষ্টিত তেওঁলোক নিৰ্দোষী আছিল, কিয়নো “যিহোৱাই মনলৈ দৃষ্টি ৰাখে।” (১চমূ ১৬:৭; ২ৰাজা ২০:৩; ২বং ১৬:৯ পদৰ লগত তুলনা কৰক।) যিহোৱা ঈশ্বৰে ইস্ৰায়েল ৰাষ্ট্ৰক এইদৰে কৈছিল: “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে সিদ্ধ হবা।” (দ্বিতী ১৮:১৩; ২চমূ ২২:২৪) যিহোৱা ঈশ্বৰে নিজৰ নিৰ্দোষী পুত্ৰক মুক্তিপণস্বৰূপ বলিদান হিচাপে আগবঢ়ালে। (ইব্ৰী ৭:২৬) এই বলিদানৰ আধাৰতে ঈশ্বৰে সেই লোকসকলক “ধাৰ্ম্মিক” বুলি গণিত কৰে, যিসকলে সেই বলিদানৰ ওপৰত বিশ্বাস কৰে আৰু সেই অনুসৰি কাম কৰে। তেওঁলোকক নিৰ্দোষী বুলি কোৱাৰ সময়ত যিহোৱা ঈশ্বৰে নিজৰ মানদণ্ডবোৰ আপোচ নকৰে। কিয়নো তেওঁ এজন ধাৰ্ম্মিক আৰু নিৰ্দোষী ন্যায়ী ঈশ্বৰ হয়।—ৰোম ৩:২৫, ২৬.

it-১ ৩১ ¶১

অব্ৰাহাম

সময় পাৰ হৈ গʼল। অব্ৰাহাম আৰু চাৰাক কনান দেশত অহা প্ৰায় ১০ বছৰ হৈ গৈছে আৰু চাৰা এতিয়াও কাঠবাজী আছিল। সেইবাবে, মিচৰীয়া দাস হাগাৰৰ যোগেদি তাইৰ বাবে সন্তান জন্ম দিবলৈ তাই অব্ৰাহামক অনুৰোধ কৰে। অব্ৰাহামে চাৰৰ কথা মানি লয় আৰু খ্ৰীষ্টপূৰ্ব ১৯৩২-ত ইশ্মায়েলৰ জন্ম হয়। সেইসময়ত অব্ৰাহামৰ বয়স ৮৬ আছিল। (আদি ১৬:৩, ১৫, ১৬) তাৰ পাছত কিছু সময় পাৰ হয়। খ্ৰীষ্টপূৰ্ব ১৯১৯-ত যেতিয়া অব্ৰাহাম ৯৯ বছৰৰ আছিল, তেতিয়া তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ পুৰুষসকলক চুন্নৎ কৰিবলৈ যিহোৱা ঈশ্বৰে আজ্ঞা দিছিল। যিহোৱা ঈশ্বৰে অব্ৰাহামৰ লগত যি এক বিশেষ চুক্তি কৰিছিল, চুন্নৎ কৰাটো তাৰ এক চিন আছিল। সেইসময়তে যিহোৱা ঈশ্বৰে অব্ৰাম নামটো সলনি কৰি অব্ৰাহাম ৰাখে। কিয়নো যেনেকৈ যিহোৱাই কৈছিল: “মই তোমাক জাতিসমূহৰ আদিপিতৃ কৰিলোঁ।” (আদি ১৭:৫, ৯-২৭; ৰোম ৪:১১) ইয়াৰ কিছুদিনৰ পাছত অব্ৰাহামৰ ঘৰলৈ তিনিজন স্বৰ্গদূত আহে আৰু যিহোৱাৰ নামেৰে তেওঁ তেওঁলোকক অতিথি-সৎকাৰ কৰে। তেওঁলোকে যিহোৱাৰ বাৰ্ত্তা জনায় যে চাৰা অহা বছৰ গৰ্ভৱতী হʼব আৰু এটি পুত্ৰ সন্তানক জন্ম দিব।—আদি ১৮:১-১৫.

w০৯ ২/১ ১৩

কোনো নামৰ অৰ্থ ৰাখেনে?

ঈশ্বৰে ভৱিষ্যতে হʼবলগীয়া কোনো কথা বা ঘটনাক চিত্ৰিত কৰিবলৈ কিছুমান লোকৰ নাম সলনি কৰিছিল। যেনে, অব্ৰাম নামৰ অৰ্থ হৈছে, “পিতৃ উচ্চ কৰা হৈছে।” যিহোৱা ঈশ্বৰে তেওঁৰ নাম সলনি কৰি অব্ৰাহাম ৰাখিলে, যাৰ অৰ্থ হৈছে “জাতিসমূহৰ আদিপিতৃ।” নিজৰ নামৰ অৰ্থ অনুসৰি অব্ৰাহামে সঁচাকৈ বহুতো জাতিৰ পিতৃ হʼল। (আদিপুস্তক ১৭:৫, ৬) সেইদৰে অব্ৰাহামৰ পত্নী চাৰী, যাৰ অৰ্থ হৈছে “খিংখিঙিয়া।” কিন্তু যিহোৱা ঈশ্বৰে তাইৰ নাম “চাৰা” ৰাখে আৰু ইয়াৰ অৰ্থ হৈছে, “অনেক জাতিৰ আদিমাতৃ।” ইয়াৰপৰা বুজিব পাৰি যে নানা দেশৰ ৰজাবিলাক আদিমাতৃ হʼব। কল্পনা কৰকচোন, এই নাম পোৱাৰ বাবে চাৰাই কিমান যে আনন্দিত হৈছিল!—আদিপুস্তক ১৭:১৫, ১৬.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৪৬০-৪৬১

ক্ৰমাগতভাৱে হোৱা ঘটনা

যিহোৱা ঈশ্বৰে অব্ৰামক (অব্ৰাহাম) কʼলে, “তোমাৰ সন্তানবিলাকে যে পৰদেশত প্ৰবাসী হৈ থাকি সিহঁতৰ বন্দীকাম কৰিব, আৰু সিহঁতে চাৰি শ বছৰলৈকে সিবিলাকক নিকাৰ ভুঞ্জাব, ইয়াক নিশ্চয়ে জানিবা।” (আদি ১৫:১৩; অনুগ্ৰহ কৰি পাঁচ ৭:৬, ৭ চাওক।) যিহোৱা ঈশ্বৰে এই কথা প্ৰতিজ্ঞা কৰা “বংশ” অৰ্থাৎ ইচহাকৰ জন্মৰ পাছতে কৈছিল। খ্ৰীষ্টপূৰ্ব ১৯৩২-ত অব্ৰামৰ যোগেদি মিচৰীয়া দাস হাগাৰৰ এটি পুত্ৰ জন্ম হয়। পুত্ৰটিৰ নাম আছিল ইশ্মায়েল। তাৰ পাছত খ্ৰীষ্টপূৰ্ব ১৯১৮-ত ইচহাকৰ জন্ম হয়। (আদি ১৬:১৬; ২১:৫) খ্ৰীষ্টপূৰ্ব ১৫১৩-ত যেতিয়া অব্ৰাহামৰ বংশ মিচৰৰ দাসত্বৰপৰা মুক্ত হয়, তেতিয়া তেওঁলোকক তাড়না দিয়া কাল শেষ হয়। (আদি ১৫:১৪) যদি আমি এই ঘটনাৰ ৪০০ বছৰ পাছলৈ হিচাপ কৰোঁ, তেন্তে আমি খ্ৰীষ্টপূৰ্ব ১৯১৩ পাম। অনুমান কৰা হৈছে যে ইচহাক “পৰদেশত” বন্দী হৈ আছিল। সেইসময়ত তেওঁ পাঁচ বছৰৰ আছিল আৰু পিয়াহ এৰুৱা হৈছিল। সেইসময়তে ১৯ বছৰৰ ইশ্মায়েলে তেওঁৰ “পৰিহাস” কৰিছিল। ভৱিষ্যতবাণী কৰাৰ দৰে এই ঘটনাৰপৰা বংশক তাড়না দিয়া সময় আৰম্ভ হৈছিল। (আদি ২১:৮, ৯) আজি বহুতোলোকে হয়তো ভাবিব পাৰে যে ‘ইশ্মায়েলে অব্ৰাহামৰ পুত্ৰক উপহাস কৰাটোনো কি ডাঙৰ কথা আছিল?’ কিন্তু প্ৰকৃততে কুলপিতৃৰ সময়ছোৱাত এয়া কোনো সাধাৰণ কথা নাছিল। কিয়নো ইশ্মায়েলে কৰা কাৰ্য্যক যেতিয়া চাৰাই লক্ষ্য কৰিলে, তেতিয়া তাই লগে লগে হাগাৰ আৰু তাইৰ পুত্ৰ ইশ্মায়েলক ঘৰৰপৰা বাহিৰ কৰিবলৈ অব্ৰাহামক কৈছিল। ঈশ্বৰেও তাইৰ কথা শুনিবলৈ কৈছিল। (আদি ২১:১০-১৩) বাইবেলত এই ঘটনাৰ প্ৰতিটো কথা কিয় অন্তৰ্ভূক্ত কৰা হৈছে? কিয়নো ইয়াৰপৰা বুজিব পাৰি যে বংশক ৪০০ বছৰলৈকে তাড়না দিয়া সময়, কেতিয়া আৰম্ভ হৈছিল। যেতিয়া ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰপৰা মুক্ত কৰা হৈছিল, তেতিয়া এই সময় শেষ হৈছিল।—গালা ৪:২৯.

it-১ ৭৭৮ ¶৪

মিচৰৰপৰা ইস্ৰায়েলীসকল ওলাই যোৱা

“চতুৰ্থ পুৰুষ।” আমি মনত ৰখা উচিত যে যিহোৱা ঈশ্বৰে অব্ৰাহামক কৈছিল যে বংশৰ চতুৰ্থ পুৰুষ কনান দেশলৈ পুনৰ আহিব। (আদি ১৫:১৬) এয়া সঁচা যে অন্তৰ্ভূক্ত তথ্যৰ অনুসৰি সেইসময়ত লোকসকলে বহু বয়সলৈকে জীয়াই আছিল। তথাপিও অব্ৰাহামৰ চুক্তি প্ৰযোজ্য হোৱাৰপৰা ইস্ৰায়েলীসকলে মিচৰৰপৰা মুক্ত হোৱালৈকে অৰ্থাৎ ৪৩০ বছৰত চতুৰ্থতকৈ বেছি পুৰুষ আহিছিল। কিন্তু যদি ইস্ৰায়েলীসকলে মিচৰত থকাৰ বিষয়ে কোৱা হয়, তেন্তে তেওঁলোকে তাত কেৱল ২১৫ বছৰ আছিল। এই গণনাৰ অনুসৰি যদি আমি ইস্ৰায়েলৰ এটা গোষ্ঠীৰ উদাহৰণ লওঁ অৰ্থাৎ লেবী গোষ্ঠীৰ, তেন্তে মিচৰত থকাৰ সময়ত তাৰ ‘চতুৰ্থ পুৰুষ’ হৈছে: (১) লেবী, (২) কহাত, (৩) অমৰাম আৰু (৪) মোচি।—যাত্ৰা ৬:১৬, ১৮, ২০.

ফেব্ৰুৱাৰী ১৭-২৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ১৮-১৯

“‘সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই’ চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰিলে”

w১৭.০৪ ১৮ ¶১

“সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা” সদায় যি সঠিক, তাক কৰে

“সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই জানো ন্যায়-বিচাৰ নকৰিব?” (আদি. ১৮:২৫) এই প্ৰশ্ন অব্ৰাহামে কৰিছিল। ঈশ্বৰে ন্যায় নকৰে বুলি সেই বিশ্বাসী ব্যক্তিজনৰ মনত সন্দেহ আছিল নেকি? নিশ্চয় নহয়। ইয়াৰ পৰিৱৰ্তে, এই প্ৰশ্নৰপৰা বুজিব পাৰি যে যিহোৱাই চদোম আৰু ঘমোৰাৰ ক্ষেত্ৰত সঠিক ন্যায় কৰিব বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। অব্ৰাহামে কল্পনাই কৰিব নোৱাৰে যে যিহোৱা ঈশ্বৰে ‘দুষ্টৰ লগত ধাৰ্ম্মিকৰ প্ৰাণ লʼব।’ আগলৈ গৈ যিহোৱা ঈশ্বৰে নিজৰ বিষয়ে কয়, “তেওঁ শিলা, তেওঁৰ কৰ্ম্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়; তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই; তেওঁ ধাৰ্ম্মিক আৰু সৰল।”—দ্বিতী. ৩১:১৯; ৩২:৪.

w১৮.০৮ ৩০ ¶৪

ধৈৰ্য্য—আশা এৰি নিদিব

ইয়াত কোনো সন্দেহ নাই যে ধৈৰ্য্য ধৰাত ঈশ্বৰে আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে। (২ পিত. ৩:১৫) ঈশ্বৰে ধৈৰ্য্য ধৰাৰ বিষয়ে বাইবেলত বহুতো ঘটনা উল্লেখ আছে। (নহি. ৯:৩০; যিচ. ৩০:১৮) উদাহৰণস্বৰূপে, চদোম নগৰৰ ধ্বংসৰ বিষয়ে অব্ৰাহামে যিহোৱাক প্ৰশ্ন কৰাৰ সময়ত, ঈশ্বৰে তেওঁৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল? প্ৰথমটো হৈছে, অব্ৰাহামে কৈ থকাৰ সময়ত ঈশ্বৰে মাজতে একো কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, যিমান বাৰ অব্ৰাহামে প্ৰশ্ন কৰিছিল, সিমান বাৰ যিহোৱা ঈশ্বৰে মনোযোগেৰে শুনিছিল। দ্বিতীয়তে, যিহোৱা ঈশ্বৰে তেওঁৰ কথা পুনৰ উল্লেখ কৰে। ইয়ে দেখুৱায় যে তেওঁ অব্ৰাহামৰ কথা মনোযোগেৰে শুনিছিল। তাৰ পাছত তেওঁ আশ্বাস দিয়ে যে যদি চদোম নগৰত দহজনো ধাৰ্ম্মিক ব্যক্তি থাকে, তেন্তে তেওঁ নগৰখন ধ্বংস নকৰিব। (আদি. ১৮:২২-৩৩) কাৰোবাৰ কথা মনোযোগেৰে শুনা আৰু খং নকৰাৰ বিষয়ে যিহোৱা ঈশ্বৰে এক উত্তম উদাহৰণ ৰাখিছে।

w১০ ১১/১৫ ২৬ ¶১২

যিহোৱা আমাৰ সৰ্ব্বশক্তিমান ঈশ্বৰ!

১২ আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱা ঈশ্বৰে অতি সোনকালে নিজৰ শাসন কৰাৰ অধিকাৰক সাবস্ত্য কৰিব। তেওঁ সদায় কালৰ বাবে দুষ্টতাক সহন নকৰিব আৰু আমি এয়াও জানো যে আমি অন্তিম সময়ত জীয়াই আছোঁ। জল-প্লাৱনৰ সময়ছোৱাতো তেওঁ দুষ্টতাক ধ্বংস কৰিছিল। তেওঁ চদোম আৰু ঘমোৰা লগতে ফৰৌণ আৰু তেওঁৰ সৈন্য-বাহিনীক ধ্বংস কৰিছিল। তেওঁ চীচৰা আৰু তেওঁৰ সেনা আৰু অচূৰৰ ৰজা চন্‌হেৰীব আৰু তেওঁৰ সৈন্য-বাহিনীকো ধ্বংস কৰিছিল। (আদি. ৭:১, ২৩; ১৯:২৪, ২৫; যাত্ৰা. ১৪:৩০, ৩১; বিচাৰ. ৪:১৫, ১৬; ২ ৰাজা. ১৯:৩৫, ৩৬) গতিকে, আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে নিজৰ নামৰ ওপৰত কলংক অহা আৰু নিজৰ সেৱকসকলকৰ ওপৰত তাড়না অহাটো তেওঁ বহুদিনলৈকে সহ্য নকৰে। ইয়াৰ উপৰিও, আজি আমি যীচুৰ উপস্থিতি আৰু এই দুষ্ট ব্যৱস্থাৰ শেষ কালৰ চিনবোৰ নিজ চকুৰে দেখিছোঁ।—মথি ২৪:৩.

আধ্যাত্মিক ৰত্ন বিচাৰক

w৮৮ ৫/১৫ ২৩ ¶৪-৫

কোনোবাই যিহোৱা ঈশ্বৰক দেখিছেনে?

এতিয়া আমি বুজিব পাৰিছোঁ যে অব্ৰাহামে কেনেকৈ মানৱীয় ৰূপ ধাৰণ কৰা স্বৰ্গদূতসকলৰ লগত এইদৰে কথা পাতিছিল যেন তেওঁ যিহোৱা ঈশ্বৰৰ লগতহে কথা পাতিছে। এই স্বৰ্গদূতসকলক যিহোৱা ঈশ্বৰে নিজে পঠিয়াইছিল আৰু তেওঁলোকে যিহোৱাৰ সকলো কথা অব্ৰাহামক কৈছিল। সেইবাবে, বাইবেলে কৈছে যে “যিহোৱাই . . . অব্ৰাহামক দৰ্শন দিলে।”—আদিপুস্তক ১৮:১.

টেলিফোন বা ৰেডিঅʼৰ যোগেদি এজন ব্যক্তিৰ শব্দ, আন এজন ব্যক্তিৰ ওচৰলৈ নিব পাৰি। ঠিক সেইদৰে, স্বৰ্গদূতৰ যোগেদি ঈশ্বৰৰ বাৰ্ত্তা লোকসকললৈ কঢ়িয়াই নিব পাৰে। সেইবাবে, অব্ৰাহাম, মোচি, মানোহ আৰু আন আন সেৱকসকলে এইদৰে কথা কʼব পাৰিলে যেন তেওঁলোকে যিহোৱাৰ লগতহে কথা পাতিছে। যদিও তেওঁলোকে মানৱ শৰীৰ ধাৰণ কৰা স্বৰ্গদূত আৰু তেওঁলোকৰ যোগেদি যিহোৱাৰ মহিমা দেখিবলৈ পাইছিল, কিন্তু তেওঁলোকে যিহোৱা ঈশ্বৰক দেখা নাছিল। এইদৰে পাঁচনি যোহনৰ কথা সত্য হʼল: “কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই।” (যোহন ১:১৮) ইয়াৰপৰা বুজিব পাৰি যে অব্ৰাহাম, মোচি আৰু মানোহে যিহোৱাক দেখা নাছিল, কিন্তু তেওঁ পঠোৱা স্বৰ্গদূতসকলকহে দেখিছিল।

w১৯.০৬ ২০ ¶৩

চিন্তাৰ সন্মুখীন হʼবলৈ আনক সহায় কৰক

৩ এইটো সঁচা যে চদোমৰ মাটি ডোখৰ সাৰুৱা আছিল। কিন্তু তাত থকা লোকসকলে অনৈতিক কাম কৰিছিল। (২ পিতৰ ২:৭, ৮ পঢ়ক।) লোটে এনেধৰণৰ এলেকাত থাকিবলৈ নিৰ্ণয় কৰি এক ডাঙৰ মূল্য পৰিশোধ কৰিবলগীয়া হয়। (আদি. ১৩:৮-১৩; ১৪:১২) লোটৰ পত্নীৰ হয়তো সেই নগৰ আৰু তাত থকা লোকসকলক ইমানেই ভাল পাইছিল যে তাই যিহোৱাৰ আজ্ঞা পালন নকৰিলে। যিহোৱা ঈশ্বৰে সেই এলেকাত গন্ধকৰ জুই বৰষোৱাৰ সময়ত তাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। লোটৰ দুগৰাকী তিৰোতাৰ বিষয়েও চিন্তা কৰক। যিসকলে তেওঁলোকক আঙুঠি পিন্দাইছিল, তেওঁলোকৰ চদোমতে মৃত্যু হৈছিল। লোটে নিজৰ ধন-সম্পত্তি আৰু নিজৰ পত্নীক হেৰুৱাই পেলালে। (আদি. ১৯:১২-১৪, ১৭, ২৬) এই কঠিন পৰিস্থিতিত যিহোৱা ঈশ্বৰে কেনেকৈ তেওঁৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰিলে? আহক চাওঁ।

ফেব্ৰুৱাৰী ২৪–মাৰ্চ ১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ২০-২১

“যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে”

wp১৭.৫ ১৪-১৫

ঈশ্বৰে তাইক “ৰাণী” বুলি কʼলে

যিহোৱাৰ ওপৰত বিশ্বাস নথকাৰ বাবে চাৰাই হাঁহিছিল নেকি? নিশ্চয় নহয়। বাইবেলে এইদৰে কৈছে: “বিশ্বাসৰ গুণে, চাৰায়ো অতিৰিক্ত বয়সত বংশ-উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনাক বিশ্বাসী বুলি জ্ঞান কৰিছিল।” (ইব্ৰী ১১:১১) চাৰাই যিহোৱাক ভালদৰে জানিছিল। তাইৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱা ঈশ্বৰে যিকোনো প্ৰতিজ্ঞা পূৰ কৰিব পাৰে। চাৰাৰ দৰে আমিও যিহোৱাৰ ওপৰত বিশ্বাস ৰখা উচিত। আমি ঈশ্বৰক ভালদৰে জনা উচিত। যেতিয়া আমি বাইবেলৰপৰা তেওঁৰ বিষয়ে শিকিম, তেতিয়া আমি বুজিব পাৰিম যে চাৰাই ঈশ্বৰক বিশ্বাস কৰাটো কিয় সঠিক আছিল। যিহোৱা সঁচাকৈ বিশ্বাসী ঈশ্বৰ হয় আৰু তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব পাৰে। কেতিয়াবা কেতিয়াবা তেওঁ নিজৰ প্ৰতিজ্ঞাবোৰ এইদৰে পূৰ কৰে যে আমি আচৰিত হৈ যাওঁ অথবা চাৰাৰ দৰে আমাৰ হাঁহিও উঠিব পাৰে।

“চাৰাই তোমাক কোৱা সকলো কথা তুমি শুনা”

অৱশেষত ৯০ বছৰ বয়সত চাৰাই আশীৰ্ব্বাদ লাভ কৰিলে, যাৰ বাবে তাই বহুতো সময় অপেক্ষা কৰিছিল। তাই নিজৰ স্বামীক এটি পুত্ৰ সন্তান দিলে। সেইসময়ত অব্ৰাহাম ১০০ বছৰৰ আছিল। ঈশ্বৰে কোৱাৰ দৰে তেওঁ পুত্ৰটিৰ নাম ইচহাক ৰাখিলে, যাৰ অৰ্থ হৈছে ‘হাঁহি।’ পৰিশ্ৰান্ত হোৱাৰ সত্ত্বেও চাৰাৰ মুখখন কেনেকৈ আনন্দেৰে জিলিকি উঠিছিল, যেতিয়া তাই কৈছিল, “ঈশ্বৰে মোক হঁহুৱালে; আৰু শুনাবিলাকৰ প্ৰতিজনেও মোৰ বিষয়ে হাঁহিব।” (আদিপুস্তক ২১:৬) তাই যিহোৱাৰপৰা আচৰিতভাৱে যি আশীৰ্ব্বাদ লাভ কৰিছিল, ইয়ে তাইক জীৱনৰ শেষ মুহূৰ্ত্তলৈকে আনন্দ দিছিল। কিন্তু তেওঁৰ ওপৰত বহুতো দায়িত্বও আহিবলগীয়া আছিল।

যেতিয়া ইচহাক পাঁচ বছৰৰ হয়, তেতিয়া পিতৃ-মাতৃয়ে তেওঁৰ পিয়াহ এৰুৱাৰ উপলক্ষ্যত এটি ভোজৰ আয়োজন কৰিছিল। কিন্তু সেইদিনাখন সকলোৱে আনন্দিত নাছিল। আমি পঢ়োঁ যে ১৯ বছৰৰ ইশ্মায়েলে ইচহাকৰ লগত বেয়া ব্যৱহাৰ কৰা আৰু তেওঁক পৰিহাস কৰা চাৰাই “দেখিলে।” এয়া কোনো হাঁহি-ধেমালিৰ কথা নাছিল। পাছলৈ ঈশ্বৰৰ প্ৰেৰণাৰে পাঁচনি পৌলে লিখিছিল যে ইশ্মায়েলৰ এই ব্যৱহাৰ এক অপৰাধ আছিল। এই পৰিহাসৰ অৰ্থ চাৰাই বুজি পাইছিল। এয়া প্ৰকৃততে তেওঁৰ পুত্ৰৰ বাবে এক ডাঙৰ বিপদ আছিল। চাৰাই ভালদৰে জানে যে ইচহাক কেৱল তাইৰ পুত্ৰই নহয়, কিন্তু তেওঁ নিযুক্ত কৰা এজন ব্যক্তি হয়। যিজনে যিহোৱাৰ উদ্দেশ্য পূৰ কৰাত এক ডাঙৰ ভূমিকা পালন কৰিবলগীয়া আছিল। সেইবাবে, তাই সাহস গোটাই অব্ৰাহামৰ লগত কথা পাতে। তাই হাগাৰৰ আৰু ইশ্মায়েলক দূৰলৈ পঠিয়াই দিবলৈ কয়।—আদিপুস্তক ২১:৮-১০; গালাতীয়া ৪:২২, ২৩, ২৯.

অব্ৰাহামে চাৰাৰ কথা মানি লয়নে? শাস্ত্ৰত এইদৰে লিখা আছে: “এই কথা শুনি অব্ৰাহামে পুতেকৰ নিমিত্তে অতিশয় অসন্তুষ্ট হল।” তেওঁ ইশ্মায়েলক বহুত প্ৰেম কৰিছিল। প্ৰেমৰ বাবে তেওঁ বিষয়টো ভালদৰে বুজি পোৱা নাছিল। কিন্তু যিহোৱাই ভালদৰে বুজাই দিয়ে। সেইবাবে, তেওঁ অব্ৰাহামক পৰামৰ্শ দিয়ে, “লৰাটিৰ আৰু তোমাৰ সেই বেটীৰ কাৰণে সেই কথাত তুমি অসন্তুষ্ট নহবা; চাৰাই তোমাক কোৱা সকলো কথা তুমি শুনা; কিয়নো ইচ্‌হাকৰ পৰাহে তোমাৰ বংশ তোমাৰ বুলি বিখ্যাত হব।”—আদিপুস্তক ২১:১১-১৪.

আধ্যাত্মিক ৰত্ন বিচাৰক

wp১৭.৩ ১২

‘তুমি সুন্দৰী তিৰোতা’

চাৰা অব্ৰাহামৰ সতীয়া ভনী আছিল। তেওঁলোক দুয়োজনৰে পিতৃ তেৰহ আছিল, কিন্তু তেওঁলোকৰ মা বেলেগ বেলেগ আছিল। (আদিপুস্তক ২০:১২) যদিও আজিৰ সময়ত এনে বিবাহ সঠিক নহয়, কিন্তু আমি মনত ৰখা উচিত যে সেইসময়ত বহু কিছু বেলেগ আছিল। সেইসময়ত লোকসকলে বহু বয়সলৈকে জীয়াই আছিল আৰু তেওঁলোক হৃষ্ট-পুষ্ট আছিল। কিয়নো সিদ্ধতা হেৰুৱাৰ বহু সময় হোৱা নাছিল। সেইবাবে, ওচৰ সম্বন্ধীয়ৰ লগত বিয়া কৰিলে লʼৰা-ছোৱালীৰ বেমাৰ-আজাৰ হোৱাৰ কোনো ভয় নাছিল। কিন্তু অব্ৰাহামৰ সময়ৰপৰা প্ৰায় ৪০০ বছৰৰ পাছত লোকসকলৰ স্বাস্থ্য আৰু বয়স আগৰ দৰে নাথাকিল। সেইবাবে, ঈশ্বৰে ইস্ৰায়েলীসকলক যি নিয়ম দিছিল, তাত ওচৰ সম্বন্ধীয়ৰ লগত যৌন সম্পৰ্ক ৰাখিবলৈ মানা কৰিছিল।—লেবীয়া পুস্তক ১৮:৬.

w৮৯ ৭/১ ২০ ¶৯

অব্ৰাহাম—ঈশ্বৰৰ লগত বন্ধুত্ব কৰা লোকসকলৰ বাবে এটা উদাহৰণ

৯ অব্ৰামে আন এক প্ৰকাৰে নিজৰ বিশ্বাসৰ প্ৰমাণ দিয়ে। এই বিষয়ে বাইবেলে কৈছে যে তেওঁ “এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।” (আদিপুস্তক ১২:৭) তেওঁ হয়তো এই বেদীত জীৱ-জন্তুৰ বলিদান আগবঢ়াইছিল। কিয়নো যি ইব্ৰী শব্দৰ অনুবাদ “বেদী” কৰা হৈছে, তাৰ অৰ্থ হৈছে “বলিদানৰ ঠাই।” অব্ৰামে পাছলৈ দেশৰ বেলেগ বেলেগ ঠাইত বিশ্বাসৰ প্ৰমাণ দিবলৈ বেদী নিৰ্ম্মাণ কৰি “যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।” (আদিপুস্তক ১২:৮; ১৩:১৮; ২১:৩৩) যি ইব্ৰী শব্দৰ অনুবাদ “যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে,” কৰা হৈছে, তাৰ অৰ্থ হৈছে “নামৰ ঘোষণা (প্ৰচাৰ) কৰা।” অব্ৰামৰ ঘৰৰ লোক আৰু কনানীয়াসকলে নিশ্চয় তেওঁক যিহোৱা ঈশ্বৰৰ নাম নিৰ্ভয়ে ঘোষণা কৰা শুনিছিল। (আদিপুস্তক ১৪:২২-২৪) ঠিক সেইদৰে, আজি যিসকলে যিহোৱাৰ লগত বন্ধুত্ব কৰিব বিচাৰে, তেওঁলোকক বিশ্বাসেৰে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব লাগিব। ইয়াত প্ৰচাৰ কাম জড়িত আছে। আন এক কথাত কʼবলৈ গʼলে আমি ‘তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁ।’—ইব্ৰী ১৩:১৫; ৰোমীয়া ১০:১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক