জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
এপ্ৰিল ১৩-১৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ৩১
“যাকোব আৰু লাবনে শান্তিৰ নিয়ম স্থিৰ কৰিলে”
it-১ ৮৮৩ ¶১
গলেদ
যাকোব আৰু লাবনে শান্তিৰে নিজৰ কাজিয়া সমাধান কৰিলে আৰু তেওঁলোকে এজনে-আনজনৰ লগত এটা নিয়ম স্থিৰ কৰিলে। ইয়াৰ পাছত যাকোবে এটা শিল লৈ তাক স্তম্ভস্বৰূপে স্থাপন কৰিলে। তেওঁ নিজৰ “কুটুম্ববিলাকক” কলে যে তেওঁলোকেও শিল গোটাই এটা হাদাম বান্ধে। তেওঁলোকে হয়তো এই হাদাম টেবুলৰ আকাৰত স্থাপন কৰিছিল। যাকোব আৰু লাবনৰ মাজত যি নিয়ম স্থিৰ কৰিছিল, তাক চিনাক্ত কৰিবলৈ সেই হাদামত ভোজন কৰিলে। লাবনে অৰামীয়া (বা চিৰিয়া) ভাষাত সেই হাদামৰ নাম “যিগৰ-চাহদূথা” ৰাখিলে। কিন্তু যাকোবে ইব্ৰী ভাষাত এই স্তম্ভটোক “গলেদ” বুলি কৈছিল। এই দুয়োটা নামৰ অৰ্থ একেই। এই হাদামৰ নামতেই এই ঠাইডোখৰৰ নাম ৰখা হʼল, যʼত তেওঁলোকে নিয়ম স্থিৰ কৰিছিল। লাবনে কলে, “এই হাদামেই [ইব্ৰী ভাষাত গল] আজি তোমাৰে মোৰে মাজত সাক্ষী [ইব্ৰী ভাষাত এদ] হৈছে।” (আদি ৩১:৪৪-৪৮) চোৱাসকলৰ বাবে নিৰ্মাণ কৰা শিলৰ স্তম্ভ কিহৰ প্ৰতীক আছিল? ৪৯ পদৰ অনুসৰি “প্ৰহৰিস্থান [ইব্ৰী ভাষাত মিস্পা]” এই কথাক চিত্ৰিত কৰে যে যাকোব আৰু লাবনে এজনে-আনজনৰ লগত শান্তিৰ নিয়ম স্থিৰ কৰিছিল আৰু নিজৰ নিজৰ পৰিয়ালতো শান্তি স্থাপন কৰাৰ প্ৰতিজ্ঞা কৰিছিল। (আদি ৩১:৫০-৫৩) আগলৈ আৰু কিছুমান পৰিস্থিতিত শিলৰ স্তম্ভক চুক্তিৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰা হৈছিল।—যিহো ৪:৪-৭; ২৪:২৫-২৭.
it-২ ১১৭২
প্ৰহৰিস্থান
যাকোবে শিলৰ যি হাদাম বান্ধিছিল তাৰ নাম “গলেদ” (সাক্ষীৰ হাদাম) আৰু “প্ৰহৰিস্থান” ৰাখে। শিলৰ এই হাদাম যাকোব আৰু লাবনৰ মাজত সাক্ষী হʼলহেঁতেন। কেনেকৈ? লাবনে কৈছিল, “ইজনে সিজনে আঁতৰা-আঁতৰি হোৱাত, যিহোৱাই তোমাৰ আৰু মোৰ মাজত পৰ দি থাকক।”—আদি ৩১:৪৫-৪৯.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ১০৮৭-১০৮৮
গৃহ-দেৱতাবোৰ
মিচপতামিয়া আৰু ওচৰ-পাজৰৰ ঠাইবোৰত পুৰাতত্ব গৱেশনাৰপৰা জানিব পৰা গʼল যে পৰিয়ালৰ যি সদস্যৰ ওচৰত গৃহ-দেৱতাৰ মূৰ্ত্তি আছিল, তেওঁলোক উতৰাধিকাৰী পাইছিল। নুজি নামৰ চহৰত পোৱা এখন ফলিৰ অনুসৰি, কিছুমান পৰিস্থিতিত গৃহ-দেৱতাৰ মূৰ্ত্তি থাকিলে, এজন জোঁৱায়ে নিজৰ শহুৰ মৃত্যুৰ পাছত ন্যায়লয়ত গৈ তেওঁৰ ধন-সম্পত্তি পোৱাৰ দাবী কৰিব পাৰে। (পূৰ্বৰ প্ৰাচীন গ্ৰন্থ ইংৰাজী, জে. প্ৰিচাৰ্ড দ্বাৰা সম্পাদিত, ১৯৭৪, পৃষ্ঠা ২১৯, ২২০ আৰু ফুটনোট ৫১) সেইবাবে, ৰাহেলে হয়তো পিতৃৰ গৃহ-দেৱতাবোৰ চুৰ কৰিছিল। হয়তো তাই ভাবিছিল যে তাই কোনো ভুল কৰা নাই কিয়নো যাকোবে তাইৰ স্বামীক বহুতোবাৰ বিশ্বাসঘাত কৰিছিল। (আদি ৩১:১৪-১৬, তুলনা কৰক।) আমি লক্ষ্য কৰিলোঁ যে যাৰ ওচৰত গৃহ-দেৱতাবোৰৰ মূৰ্ত্তি থাকিছিল, তেওঁৱে ধন-সম্পত্তিৰ গৰাকী হৈছিল। সেইবাবে যেতিয়া লাবনে গম পাই যে তেওঁৰ মূৰ্ত্তিবোৰ চুৰ হʼল, তেতিয়া তেওঁ সেইবোৰ পুনৰ পাবলৈ চেষ্টা কৰিছিল। তেওঁ নিজৰ ভাইসকলৰ লগত যাকোবৰ অভিমুখে ওলাই গʼল, তেওঁ সাত দিনৰ দীঘলীয়া যাত্ৰা কৰিলে। (আদি ৩১:১৯-৩০) কিন্তু ৰাহেলে লাবনৰ মূৰ্ত্তি চুৰ কৰিছিল বুলি যাকোবে জনা নাছিল। (আদি ৩১:৩২) ইয়াৰ উপৰিও, এই বিষয়েও কোনো প্ৰমাণ নাই যে যাকোবে সেই মূৰ্ত্তিবোৰ ব্যৱহাৰ কৰি লাবনৰ সন্তানসকলৰ সম্পত্তি দখল কৰিবলৈ চেষ্টা কৰিছিল। যাকোবৰ লগত এই মূৰ্ত্তিবোৰৰ কোনো সম্পৰ্ক নাছিল। তেনেহʼলে লাবনৰ এই মূৰ্ত্তিবোৰৰ কি হʼল? যাকোবে নিজৰ পৰিয়ালৰ লোকসকলক কোৱাৰ বাবে যেতিয়া তেওঁলোকে মিছা দেৱতাবোৰৰ মূৰ্ত্তিবোৰ দূৰ কৰে আৰু মূৰ্ত্তিবোৰ চিখিমৰ ওচৰৰ এলা গছজোপাৰ তলতে পুতি দিয়ে, তেতিয়া হয়তো লাবনৰ মূৰ্ত্তিবোৰোঁ পুতি দিয়া হয়।—আদি ৩৫:১-৪.
w১৩ ৩/১৫ ২১ ¶৮
যিহোৱা আমাৰ আশ্ৰয়স্থান
৮ যেতিয়া যাকোবে হাৰণলৈ গৈছিল, তেতিয়া তেওঁৰ মোমাইক লাবনে তেওঁক আনন্দেৰে আদৰণি জনালে আৰু পাছত লেয়া আৰু ৰাহেলক তেওঁৰ লগত বিয়া কৰালে। কিন্তু পাছত লাবনে যাকোবৰ লগত অন্যায় কৰিলে আৰু তেওঁৰ বেচ দহবাৰ সলনি কৰিলে। (আদি. ৩১:৪১, ৪২) যাকোবে এই সকলোবোৰ সহন কৰিলে কিয়নো তেওঁ ভৰসা কৰিছিল যে যিহোৱাই তেওঁৰ যত্ন লʼব। সেইবাবে, যিহোৱাই যাকোবক আশীৰ্ব্বাদ দিয়ে। যেতিয়া ঈশ্বৰে যাকোবক কনানলৈ উভটি যাবলৈ কʼলে, তেতিয়ালৈকে যাকোবৰ ওচৰত, “মানুহ সম্পত্তিৰে অতিশয়ৰূপে বৃদ্ধি পাই, তেওঁৰ বিস্তৰ পশু, বন্দী, বেটী, উট আৰু গাধও হল।” (আদি. ৩০:৪৩) নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰি যাকোবে যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিলে, “তুমি নিজৰ দাসলৈ যি সকলো দয়া আৰু সত্য ব্যৱহাৰ কৰিলা, মই তাৰ এফেৰিও যোগ্য নহওঁ; কিয়নো মই হাতৰ লাখুটিডালিৰে মাথোন এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মই দুদল হলোঁ।”—আদি. ৩২:১০.
এপ্ৰিল ২০-২৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ৩২-৩৩
“আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?”
w০৩ ৮/১৫ ২৫ ¶৩
আপুনি যিহোৱাক মনে-প্ৰাণে বিচাৰিছেনে?
বাইবেলত এনে কিছুমান লোকৰ উদাহৰণ আছে, যিসকলে যিহোৱাক মনে-প্ৰাণে বিচাৰিছিল। যাকোবো এনে এজন ব্যক্তি আছিল, যিয়ে যিহোৱাৰ এজন স্বৰ্গদূতৰ লগত ৰাতিপুৱালৈকে যুদ্ধ কৰিছিল আৰু ইয়াৰ বাবে যাকোবক ইস্ৰায়েল (ঈশ্বৰৰ লগত যুঁজ কৰোঁতা) নাম দিয়া হৈছিল। কিয়নো তেওঁ ঈশ্বৰৰ লগত যুদ্ধ অৰ্থাৎ একেলেথাৰিয়ে যুঁজ কৰি আছিল। যাকোবে সম্পূৰ্ণ হৃদয়েৰে যি পৰিশ্ৰম কৰিছিল, তাৰ বাবে স্বৰ্গদূতে তেওঁক আশীৰ্বাদ কৰিছিল। —আদিপুস্তক ৩২:২৪-৩০.
it-২ ১৯০
লেঙেৰা, লেঙেৰুৱা
যাকোবে লেঙেৰাবলৈ ধৰিলে। যাকোবৰ যেতিয়া ৯৭ বছৰ হৈছিল, তেতিয়া তেওঁ ঈশ্বৰৰ এজন স্বৰ্গদূতৰ লগত গোটেই ৰাতিটো মল্লযুদ্ধ কৰিছিল। স্বৰ্গদূতে তেওঁক আশীৰ্ব্বাদ নিদিয়ালৈকে তেওঁ যুঁজ কৰি আছিল। যুঁজ কৰি থকাৰ সময়ত স্বৰ্গদূতে যাকোবৰ কৰঙনৰ জোৰাত চুলে আৰু তেওঁৰ জোৰা লৰিল। ইয়াৰ পাছত যাকোবে লেঙেৰাই লেঙেৰাই খোজকাঢ়িবলৈ ধৰিলে। (আদি ৩২:২৪-৩২; হোচে ১২:২-৪) এই কথাই তেওঁক সদায় মনত পেলাই দিয়ে যে তেওঁ ঈশ্বৰৰ স্বৰ্গদূতক পৰাজয় কৰা নাছিল। কিন্তু স্বৰ্গদূতে যাকোবক কিয় কৈছিল যে তেওঁ, “[ঈশ্বৰৰ লগত যুঁজ কৰোঁতা] বুলিহে মতা হব; কিয়নো তুমি ঈশ্বৰে সৈতে আৰু মানুহে সৈতেও যুঁজ কৰিলা, আৰু জিকিলা”? কিয়নো এয়া ঈশ্বৰৰ উদ্দেশ্য আছিল আৰু যিহোৱাই নিজেই যাকোবক স্বৰ্গূদতৰ লগত যুঁজ কৰিবলৈ দিছিল। স্বৰ্গদূতৰ লগত যুঁজ কৰাৰ যোগেদি যাকোবে ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞতা দেখুৱাৰ সুযোগ লাভ কৰিলে আৰু যিকোনো উপায়েৰে ইয়াক লাভ কৰিবলৈ চেষ্টা কৰিছিল।
it-১ ১২২৮
ইস্ৰায়েল
১. যাকোবক প্ৰায় ৯৭ বছৰ বয়সত ঈশ্বৰে এই নামটো দিছিল। এই কথা সেইসয়মৰ আছিল, যেতিয়া যাকোবে নিজৰ ভাই এচৌক লগ কৰিবলৈ গৈছিল। নিশাৰ সময়ৰ ঘটনা আছিল। যাকোবে যব্বোক নদী পাৰ কৰাৰ পাছত এজন ব্যক্তিৰ লগত যুঁজ কৰিছিল আৰু আচলতে তেওঁ এজন স্বৰ্গূদত আছিল। তেওঁ বহুত দেৰিলৈকে যুঁজ কৰি আছিল আৰু তেওঁ কেতিয়াও হাৰ মনা নাছিল। সেইবাবে, তেওঁ যিহোৱাৰপৰা এক আশীৰ্ব্বাদ লাভ কৰিছিল। তেওঁৰ নাম সলনি কৰি ইস্ৰায়েল ৰখা হৈছিল। এই ঘটনাক সুঁৱৰি যাকোবে এই ঠাইৰ নাম পনীয়েল বা পুনূৱেল ৰাখিলে। (আদি ৩২:২২-৩১; যাকোব নং. ১ চাও।) পাছলৈ যাকোবে যেতিয়া বৈৎএল নামৰ ঠাইত বাস কৰিছিল, তেতিয়া ঈশ্বৰে পুনৰ তেওঁৰ নাম যাকোব নহয় ইস্ৰায়েল বুলি কৈছিল। ইয়াৰ পাছত যাকোবৰ মৃত্যু হোৱালৈকে কেইবাবাৰু তেওঁক ইস্ৰায়েল বুলি মতা হৈছিল। (আদি ৩৫:১০, ১৫; ৫০:২; ১ বংশা ১:৩৪) বাইবেলত ইস্ৰায়েল নাম প্ৰায় ২,৫০০ তকৈ বেছি বাৰ উল্লেখ কৰা হৈছে। কিন্তু ইয়াত যাকোবৰ বিষয়ে উল্লেখ কৰা নাই, ইয়াৰ পৰিৱৰ্তে এখন ৰাষ্ট্ৰ হিচাপে তেওঁৰ বংশধৰ বিষয়ে কোৱা হৈছে।—যাত্ৰা ৫:১, ২
আধ্যাত্মিক ৰত্ন বিচাৰক
w১০ ৬/১৫ ২২ ¶১০-১১
ভাল কথা-বতৰাই আমাৰ সম্পৰ্ক দৃঢ় কৰে
১০ ভাল কথা-বতৰাই আমাৰ সম্পৰ্ক দৃঢ় কৰে আৰু আনৰ লগত শান্তি বজাই ৰখাত সহায় কৰে। যদি আমি সম্পৰ্ক দৃঢ় কৰিবলৈ ভাল কাম কৰোঁ, তেনেহʼলে তেওঁলোকৰ লগত আমাৰ কথা-বতৰাও ভাল হৈ পৰিব। আনক সহায় কৰিবলৈ বিচৰা, উপহাৰ দিয়া, অতিথি-সৎকাৰ কৰা আদিয়ে আনৰ লগত মনৰ কথা পাতিবলৈ সুযোগ দিয়ে। এনে কৰাৰ যোগেদি সেই ব্যক্তিজনৰ “মূৰত জ্বলি থকা আঙঠা দʼম” ৰখাৰ দৰে হয়। ইয়াৰ দ্বাৰা তেওঁৰ ভাল গুণবোৰ দেখিবলৈ পোৱা যায় আৰু সমস্যাবোৰ সহজে সমাধান কৰিব পাৰে।—ৰোম. ১২:২০, ২১.
১১ এই বিষয়ে আমাৰ পূৰ্ব্বপিতৃ যাকোবেও বুজিছিল। তেওঁৰ যঁজা ভাই এচৌৱে ইমানে ক্ৰোধিত হৈছিল যে তেওঁ নিজৰ জীৱন বচাবলৈ পলাই যাবলগীয়া হৈছিল। বহুবছৰৰ পাছত যাকোবে উভটি আহিছিল। সেইসময়ত এচৌৱে ৪০০ লোকক লৈ তেওঁক লগ কৰিবলৈ আহিছিল। যাকোবে সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। তাৰ পাছত এচৌৰ বাবে বহুতো পোহনীয়া জীৱ-জন্তু উপহাৰ হিচাপে পঠিয়াইছিল। এই উপহাৰৰ এটা ভাল পৰিণাম হʼল। যেতিয়া দুইজন ভায়ে লগ হʼল, তেতিয়া এচৌৰ মনত দয়া উপজিল আৰু দৌৰি গৈ নিজৰ ভাইক সাবটি ধৰিলে।—আদি. ২৭:৪১-৪৪; ৩২:৬, ১১, ১৩-১৫; ৩৩:৪, ১০.
it-১ ৯৮০
ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ
পনীয়েল নামৰ ঠাইত যাকোবে ঈশ্বৰৰ এজন স্বৰ্গদূতৰ লগত যুঁজ কৰাৰ পাছত তেওঁৰ নাম ইস্ৰায়েল ৰখা হৈছিল। ইয়াৰ পাছত তেওঁ নিজৰ ভাই এচৌক লগ কৰি আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিলে। ইয়াৰ পাছত তেওঁ চুক্কোতত বাস কৰিবলৈ লʼলে, কিন্তু কিছুসময়ৰ পাছত চিখিমত থাকিবলৈ গʼল। চিখিমত তেওঁ হমোৰৰ সন্তানসকলৰপৰা এটোকোৰা মাটি কিনি তাত থাকিবলৈ লʼলে। (আদি ৩২:২৪-৩০; ৩৩:১-৪, ১৭-১৯) যাকোবে, “এটা যজ্ঞবেদি স্থাপন কৰি, তাৰ নাম এল-এলোহে ইস্ৰায়েল [ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ] ৰাখিলে।” (আদি ৩৩:২০) যাকোবে বেদিৰ নাম নিজৰ নামত কিয় ৰাখিলে? তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল যে তেওঁ এই নাম স্বীকাৰ কৰিছে আৰু ইয়াৰ বাবে তেওঁ বহুত আনন্দিত। তেওঁ এই কথাৰ বাবেও কৃতজ্ঞ যে যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰা দেশত সুৰক্ষিতভাৱে উভটাই আনিলে। “ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ” এই বাক্য বাইবেলত কেৱল এবাৰহে উল্লেখ আছে।
এপ্ৰিল ২৭–মে ৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ৩৪-৩৫
“কুসংগতিৰ দুখজনক পৰিণাম”
w৯৭ ২/১ ৩০ ¶৪
চিখিম—উপত্যকাৰ এখন নগৰ
যেতিয়া দীনাৰ দৰে এগৰাকী গাভৰু ছোৱালী বাৰে বাৰে সেই নগৰলৈ গৈছিল, তেতিয়া তাত থকা ডেকা লʼৰাবিলাকে কি ভাবিছিল? তেওঁলোকে ভাবিলেনে যে তাই অকলশৰীয়া আৰু তাইৰ লগত কোনো নাই? হয়তো তেওঁলোকে এইদৰে ভাবিছিল। তেতিয়া সেই নগৰৰ অধিপতিৰ পুত্ৰই “তাইক দেখি ধৰি নি, তায়ে সৈতে শয়ন কৰি তাইক ভ্ৰষ্ট কৰিলে।” দীনাই অনৈতিক কামত লিপ্ত থকা কনানী লোকৰ লগত সংগতি কৰি কিয় নিজৰ বাবে সমস্যা আঁকোৱালি লʼলে? তাই এইদৰে ভাবিছিলনে যে সমবয়সৰ ছোৱালীবিলাকৰ লগত সময় অতিবাহিত কৰাটো তাইৰ বাবে উচিত? তাই নিজৰ ককাইয়েকহঁতৰ দৰে আঁকোৰগোজ আৰু স্বতন্ত্ৰ হʼব বিচাৰিছিলনে? তাই যিয়ে নাভাবক কিয় কিন্তু বাৰে বাৰে চিখিম নগৰলৈ যোৱাৰ বাবে বেয়া পৰিণাম হৈছিল। এই ঘটনাৰ বিষয়ে আদিপুস্তক কিতাপত উল্লেখ কৰা হৈছে। অধ্যয়ন কৰাৰ সময়ত বুজিবলৈ চেষ্টা কৰক যে, যি বেয়া পৰিণাম হৈছিল, তাৰ বাবে যাকোব আৰু লেয়াক কেনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল আৰু তেওঁলোকে হয়তো কিমান অপমানিত হৈছিল।—আদিপুস্তক ৩৪:১-৩১; ৪৯:৫-৭.
“ব্যভিচাৰৰ পৰা পলোৱা”
১৪ দীনাই চিখিমক দেখাৰ সময়ত, যৌন সম্পৰ্ক কৰাৰ বিষয়ে তাৰ মনলৈ হয়তো অহা নাছিল। কিন্তু অনৈতিক ভাৱনা জাগৃত হʼলে কনানীয়াসকলে যি কৰে চিখিমেও দীনাৰ লগত তাকেই কৰিলে, যিটো তেওঁলোকৰ বাবে সাধাৰণ কথা আছিল। শেষ মুহূৰ্তত দীনাই হয়তো বাধা দিছিল কিন্তু একো লাভ নহʼল, কাৰণ চিখিমে “ধৰি নি, তায়ে সৈতে শয়ন কৰি তাইক ভ্ৰষ্ট কৰিলে।” ইয়াৰ পাছত চিখিমে হয়তো দীনাক ‘প্ৰেম কৰিছিল,’ কিন্তু দীনাৰ লগত তেওঁ যি কৰিলে তাক পৰিৱৰ্তন কৰিব নোৱাৰিলে। (আদিপুস্তক ৩৪:১-৪ পঢ়ক।) ইয়াৰ বেয়া পৰিণাম কেৱল দীনাই ভুগিছিল এনে নহয়, তাইৰ পৰিয়ালৰ সকলো লোকে ভুগিবলগীয়া হৈছিল। বেয়া সংগতি নিৰ্বাচন কৰাৰ বাবে পাছলৈ এনে কিছুমান ঘটনাৰ সূত্ৰপাত হৈছিল, যাৰ বাবে দীনাৰ পৰিয়ালৰ সুনাম কলংকিত হৈছিল।—আদিপুস্তক ৩৪:৭, ২৫-৩১; গালাতীয়া ৬:৭, ৮.
w১০ ১/১ ১১ ¶১-২
যেতিয়া কোনোবাই আপোনাক আঘাত কৰে
যিসকলে প্ৰতিশোধ লʼবলৈ সুযোগ বিচাৰে, তেওঁলোকে প্ৰকৃততে নিজৰ মনৰ শান্তিৰ বাবেহে এইদৰে কৰে। উদাহৰণস্বৰূপে, বাইবেলত উল্লেখ থকা এটা ঘটনালৈ মন কৰক। কনান দেশত বাস কৰা চিখিমে ইব্ৰী পূৰ্ব্বপিতৃ যাকোবৰ জীয়েক দীনাক ধৰ্ষণ কৰিছিল। যেতিয়া যাকোবৰ পুত্ৰসকলে এই কথা গম পালে, তেতিয়া তেওঁলোকে, “বেজাৰ পাই অতিশয় ক্ৰুদ্ধ হল।” (আদিপুস্তক ৩৪:১-৭) সেইবাবে, যাকোবৰ দুজন পুত্ৰ চিমিয়োন আৰু লেবীয়ে প্ৰতিশোধ লʼবলৈ থিৰাং কৰিলে। তেওঁলোকে চিখিম আৰু তাৰ পৰিয়ালবৰ্গৰ ওপৰত ষড়যন্ত্ৰ কৰিলে। তেওঁলোকে ছলেৰে কনানীয়া নগৰত সোমাই চিখিমৰ লগতে সকলো পুৰুষক হত্যা কৰিলে।—আদিপুস্তক ৩৪:১৩-২৭.
এইদৰে লোকসকলক হত্যা কৰাৰ বাবে সমস্যা সমাধান হʼলনে? যেতিয়া যাকোবে নিজৰ পুত্ৰসকলৰ কাৰ্য্যৰ বিষয়ে গম পাল, তেতিয়া যাকোবে তেওঁলোকক খঙত কʼলে, “তহঁতে এই দেশ-নিবাসী কনানীয়া আৰু পৰীজ্জীয়া লোকবিলাকৰ মাজত মোক দুৰ্গন্ধ যেন কৰি ব্যাকুল কৰিলিহঁক; আৰু মোৰ লোক তাকৰ হোৱাত, সিহঁতে মোৰ অহিতে গোট খাই মোক বধ কৰিব; এইদৰে মই সপৰিবাৰে বিনষ্ট হম।” (আদিপুস্তক ৩৪:৩০) সঁচাকৈ, প্ৰতিশোধ লোৱাৰ ফলত সমস্যা সমাধান হোৱাৰ পৰিৱৰ্তে আৰু বেয়া হʼল। সেই নগৰৰ লোকসকলে ক্ৰোধিত হৈ যাকোবৰ পৰিয়ালৰ শত্ৰু হৈ পৰিল। তেওঁলোকে যিকোনো সময়ত তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে হয়। সেইবাবে, ঈশ্বৰে যাকোবক পৰিয়ালৰ লগত বৈৎএললৈ যাবলৈ নিৰ্দেশনা দিয়ে।—আদিপুস্তক ৩৫:১, ৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৬০০ ¶৪
দবোৰা
১. ৰিবেকাৰ ধাত্ৰী। ৰিবেকা যেতিয়া ইচহাকৰ লগত বিয়া কৰিবলৈ নিজৰ পিতৃ বথুৱেলৰ ঘৰ এৰি প্ৰতিজ্ঞা কৰা দেশলৈ গৈছিল, তেতিয়া দবোৰাও তাইৰ লগত গৈছিল। (আদি. ২৪:৫৯) দবোৰাই কেইবাবছৰ ইচহাকৰ ঘৰত সেৱা কৰিলে। ৰিবেকাৰ মৃত্যুৰ পাছত হয়তো তাই যাকোবৰ পৰিয়ালবৰ্গৰ ঘৰত সেৱা কৰিছিল। অনুমান কৰা হয় যে ইচহাক আৰু ৰিবেকাৰ বিবাহৰ ১২৫ বছৰৰ পাছত দবোৰাৰ মৃত্যু হৈছিল। তাইক বৈৎএলৰ ওচৰত থকা এজোপা ডাঙৰ গছৰ তলত মৈদাম দিয়া হৈছিল। সেই গছজোপাৰ নাম “অল্লোন-বাখুৎ” বুলি দিয়া হʼল যাৰ অৰ্থ হৈছে, “ক্ৰন্দন-গছ।” ইয়াৰপৰা জানিব পাৰি যে যাকোব আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে দবোৰাক বহুত মৰম কৰিছিল।—আদি. ৩৫:৮.
w১৭.১২ ১৪
পাঠকসকলৰ প্ৰশ্ন
আমি কেনেকৈ জানিব পাৰোঁ যে মচীহৰ পূৰ্ব্বপুৰুষ হʼবলৈ জ্যেষ্ঠীধিকাৰ হোৱাৰ প্ৰয়োজন নাছিল?
আগতে আমাৰ প্ৰকাশনবোৰত এয়া প্ৰয়োজন আছিল বুলি উল্লেখ কৰা হৈছিল। কিয়নো, ইব্ৰী ১২:১৬ পদৰ অনুসৰি আমি এইদৰেই ভাবিছিলোঁ। তাত উল্লেখ আছে যে এচৌৱে “এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ” যাকোবক বেচি দিয়ে। এই পদ পঢ়ি আমি বুজিছিলোঁ যে যেতিয়া যাকোবে “জ্যেষ্ঠাধিকাৰ” লাভ কৰিলে, তেতিয়া তেওঁ খ্ৰীষ্টৰ পূৰ্ব্বপুৰুষ হʼবলৈও সন্মান লাভ কৰিলে।—মথি ১:২, ১৬; লূক ৩:২৩, ৩৪.
কিন্তু বাইবেলৰ কিছুমান বিবৰণ অধ্যয়ন কৰি আমি বুজিব পাৰিলোঁ যে মচীহৰ পূৰ্ব্বপুৰুষ হʼবলৈ জ্যেষ্ঠীধিকাৰ হোৱাৰ প্ৰয়োজন নাছিল। আহক কিছুমান বিবৰণলৈ মন কৰোঁ:
যাকোবৰ (অৰ্থাৎ ইস্ৰায়েল) প্ৰথম সন্তান ৰূবেণ, লেয়াৰ দ্বাৰা হৈছিল। তাৰ পাছত ৰাহেলৰ দ্বাৰা তেওঁৰ প্ৰথম সন্তান যোচেফ জন্ম হয়। আগলৈ ৰূবেণে এটা ঘৃণণীয় কাৰ্য্য কৰাৰ বাবে জ্যেষ্ঠীধিকাৰ যোচেফক দিয়া হয়। (আদি. ২৯:৩১-৩৫; ৩০:২২-২৫; ৩৫:২২-২৬; ৪৯:২২-২৬; ১ বংশা. ৫:১, ২) কিন্তু মচীহ ৰূবেণৰ বংশ নাইবা যোচেফৰ বংশৰপৰা অহা নাছিল। ইয়াৰ পৰিৱৰ্তে মচীহ যিহূদাৰ বংশৰপৰাহে আহিছিল, যি লেয়াৰ চতুৰ্থ পুত্ৰ আছিল।—আদি. ৪৯:১০.