সাত অধ্যায়
মৃত্যুৰ টোপনিত থকা আপোনাৰ আপোন লোকসকলৰ বাবে আশা
মৃত লোকসকলৰ যে পুনৰুত্থান হʼব তাৰ বিষয়ে আমাৰ ওচৰত কি প্ৰমাণ আছে?
মৃত লোকসকলৰ পুনৰুত্থান হোৱাৰ বিষয়ে যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰে?
কাক পুনৰুত্থান কৰা হʼব?
১-৩. আমাৰ সকলোকে পিছা কৰি থকা সেই শত্ৰু কোন, আৰু বাইবেলে ইয়াৰ বিষয়ে যি বৰ্ণনা কৰিছে তাক জানিলে আমি কিয় সকাহ পাম?
কল্পনা কৰক যে আপুনি এটা ভয়ানক শত্ৰুৰপৰা নিজৰ জীৱন বচাবলৈ পলাই ফুৰিছে। এই শত্ৰুজন আপোনাতকৈ বলৱান আৰু বেগেৰে দৌৰিব পাৰে। আপুনি এই শত্ৰুজনৰ বিষয়ে ভালদৰে জানে, কাৰণ সি আপোনাৰ কিছুমান বন্ধুক হত্যা কৰাও দেখিছে। আপুনি এই শত্ৰুজনৰপৰা পলাই সাৰিবলৈ চেষ্টা কৰিছে যদিও সফল হʼব পৰা নাই। সি আপোনাৰ নিচেই কাষ চাপিছে আৰু এনে লাগে যেন ইয়াৰপৰা উদ্ধাৰ পাবলৈ আৰু কোনো পথ নাই। হঠাতে, এজন ব্যক্তিয়ে আপোনাক স্ব-ইচ্ছাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এই ব্যক্তিজন কিন্তু আপোনাৰ শত্ৰুতকৈও বেছি বলৱান আৰু তেওঁ আপোনাক সহায় কৰিব বুলি আশ্বাস দিয়ে। এই ব্যক্তিজনৰ আশ্বাসে আপোনাক এক আশাৰ কিৰণ দিয়ে, নহয়নে বাৰু?
২ কʼবলৈ গʼলে সঁচাকৈ আজিও এই শত্ৰুৱে আপোনাৰ পিছ এৰা নাই। দৰাচলতে, কেৱল আপোনাকেই নহয় কিন্তু আমাৰ সকলোকে এই শত্ৰুৱে পিছা কৰিছে। আপোনাৰ নিশ্চয় মনত আছে যে আমি ছয় অধ্যায়ত শিকাৰ দৰে বাইবেলে মৃত্যুক এটা শত্ৰুৰ লগত তুলনা কৰিছে। এই শত্ৰু অৰ্থাৎ মৃত্যুৰপৰা কোনেও ৰক্ষা পাব নোৱাৰে। আমি সকলোৱে দেখিবলৈ পাইছোঁ যে কেনেকৈ এই শত্ৰুৱে আমাৰ আপোন লোকসকলৰ প্ৰাণ লৈছে। কিন্তু আমি মনত ৰখা উচিত যে আমাৰ ঈশ্বৰ যিহোৱা এই শত্ৰুতকৈ বহু বলৱান। তেওঁ এক প্ৰেমময় উদ্ধাৰকৰ্ত্তা হোৱাৰ হেতুকে এই শত্ৰুক পৰাজয় কৰাটো তেওঁৰ বাবে কোনো কঠিন কাম নহয়। কিয়নো তেওঁ আগতেই প্ৰমাণ কৰিছে যে তেওঁ এনে কৰিবলৈ সামৰ্থ ৰাখে। মাত্ৰ এয়াই নহয়, যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ এই শত্ৰুক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব। বাইবেলে ইয়াৰ বিষয়ে বৰ্ণনা কৰিছে: “শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হব।” (১ কৰিন্থীয়া ১৫:২৬) ই এক আনন্দৰ খবৰ নহয়নে বাৰু?
৩ মৃত্যুৱে আমাক আঘাত কৰিলে কেনে লাগে, আহক আমি অলপ সময় ইয়াৰ বিষয়ে আলোচনা কৰোঁ। এনে আলোচনাৰ দ্বাৰা আমি যিহোৱাৰ এই প্ৰতিজ্ঞাবোৰৰ বিষয়ে ভালদৰে বুজিব পাৰিম আৰু ইয়ে আমাৰ মনলৈ আনন্দ কঢ়িয়াই আনিব। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে মৃত লোকসকলক পুনৰায় জীয়াই তোলা হʼব। (যিচয়া ২৬:১৯) ইয়াৰ অৰ্থ হৈছে মৃত লোকসকলক পুনৰ জীৱন দিয়া হʼব আৰু এয়াই হৈছে পুনৰুত্থানৰ আশা।
যেতিয়া আপোনজনাৰ মৃত্যু হয়
৪. (ক) মৃত্যুৰ বিষয়ে যীচুৰ অনুভূতিৰপৰা আমি যিহোৱাৰ অনুভূতিৰ বিষয়ে কি শিকিব পাৰিম? (খ) কাৰ লগত যীচুৰ এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল?
৪ বিগত সময়ছোৱাত আপোনাৰ অতি মৰমৰ তথা কোনো আপোনজনাৰ মৃত্যু হৈছে নেকি বাৰু? নিশ্চয় ইয়াৰ বাবে আমি সকলোৱে অসহায় তথা দুখ আৰু বেদনা অনুভৱ কৰোঁ। এনে পৰিস্থিতিত শান্তনা পাবলৈ আমি ঈশ্বৰৰ বাক্যৰ সহায় লোৱাৰ আৱশ্যক। (২ কৰিন্থীয়া ১:৩, ৪ পঢ়ক।) যিহোৱা ঈশ্বৰ আৰু যীচুৱে মৃত্যুৰ বিষয়ে কেনে অনুভৱ কৰে ইয়াৰ বিষয়ে ঈশ্বৰৰ বাক্য বাইবেলে আমাক বুজিবলৈ সহায় কৰে। পিতৃ যিহোৱাক প্ৰতিবিম্ব কৰা যীচুৱে জানিছিল যে পৰিয়ালৰ কাৰোবাৰ মৃত্যু হোৱাৰ বেদনা কি। (যোহন ১৪:৯) এই ঘটনালৈ লক্ষ্য কৰক। যীচুৱে যিৰূচালেমলৈ যাত্ৰা কৰাৰ সময়ত বৈথনিয়া নামৰ নগৰত বাস কৰা লাজাৰ, মৰিয়ম আৰু মাৰ্থাৰ ঘৰলৈ প্ৰায়েই গৈছিল আৰু লাহে লাহে তেওঁলোকৰ মাজত এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল। তেওঁলোকৰ বিষয়ে বাইবেলে এইদৰে উল্লেখ কৰিছে: “যীচুৱে মাৰ্থা আৰু তেওঁৰ ভনীয়েক আৰু লাজাৰকো প্ৰেম কৰিছিল।” (যোহন ১১:৫) যীচুৰ এই প্ৰিয় বন্ধু লাজাৰৰ বিষয়ে আমি ছয় অধ্যায়ত শিকিছিলোঁ যে তেওঁৰ মৃত্যু হৈছিল।
৫, ৬. (ক) লাজাৰৰ মৃত্যুত শোক কৰি থকা পৰিয়ালবৰ্গ আৰু বন্ধুসকলক লগ পোৱাৰ সময়ত যীচুৰ কেনে লাগিছিল? (খ) যীচুৱে দুখ আৰু বেদনা প্ৰকাশ কৰাৰ বাবে আমি কিয় শান্তনা লাভ কৰিব পাৰোঁ?
৫ যীচুৰ প্ৰিয় বন্ধু লাজাৰৰ মৃত্যুত তেওঁৰ কেনে লাগিছিল? বাইবেলে বৰ্ণনা কৰিছে যে লাজাৰৰ মৃত্যুত শোক কৰি থকা লাজাৰৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলক লগ ধৰিবলৈ যীচু তালৈ গৈছিল। শোক কৰি থকা এই লোকসকলক দেখি যীচুৰ বৰ বেজাৰ লাগিছিল আৰু “আত্মাত উত্তেজিত” হৈ তেওঁ “ক্ৰন্দন কৰিলে।” (যোহন ১১:৩৩, ৩৫) যীচুৱে ক্ৰন্দন কৰাৰ অৰ্থ কি বাৰু? লাজাৰক আৰু কেতিয়াও দেখা নাপাব বুলি তেওঁ ভাবিছিল নেকি? কেতিয়াও নহয়! যীচুৱে জানিছিল যে অতি সোনকালে তেওঁ আচৰিতভাৱে লাজাৰক জীয়াই তুলিব। (যোহন ১১:৩, ৪) এই সকলোবোৰ জনাৰ সত্ত্বেও যীচুৱে কান্দিছিল, কাৰণ তেওঁ অনুভৱ কৰিব পাৰিছিল যে এজন ব্যক্তিৰ মৃত্যুত কেনে দুখ আৰু বেদনা লাগে।
৬ যীচুৱে দুখ আৰু বেদনা প্ৰকাশ কৰাৰ বাবে এটা কথা কʼব পাৰি যে যিহোৱা ঈশ্বৰ আৰু যীচুৱে মৃত্যুক ঘৃণা কৰে। তেওঁলোকে মাত্ৰ ইয়াক ঘৃণা কৰে এনে নহয়, কিন্তু যিহোৱা ঈশ্বৰ আৰু যীচুৱে এই শত্ৰুক দমন কৰি নিজৰ অধীনত ৰাখিব পাৰে। গতিকে আহক আমি চাওঁ যে ঈশ্বৰে, যীচুক কি কৰিবলৈ ক্ষমতা দিয়ে।
“হে লাজাৰ, বাহিৰলৈ আহাঁ”
৭, ৮. মানৱ দৃষ্টিৰে চাবলৈ গʼলে কিয় লাজাৰৰ কোনো আশা নাছিল, কিন্তু যীচুৱে কি কৰিলে?
৭ লাজাৰৰ মৃতদেহটো এটা গুহাৰ ভিতৰত ৰখা হৈছিল আৰু গুহাৰ মুখখন এটা ডাঙৰ শিলেৰে বন্ধ কৰি ৰাখিছিল। যীচুৱে তাত উপস্থিত হৈ গুহাৰ শিলচটা আঁতৰাবলৈ আজ্ঞা দিলে। এনে কৰিবলৈ মাৰ্থাই যীচুক বাধা দিছিল। তাই ভাবিছিল যে লাজাৰৰ মৃত্যু হোৱা চাৰি দিন হৈছে আৰু নিশ্চয় তাৰ মৃতদেহটো গেলিবলৈ ধৰিছে। (যোহন ১১:৩৯) যদি আমি মানৱ দৃষ্টিৰে চাওঁ তেনেহʼলে এই গেলি যোৱা মৃতদেহটোৰ কিবা আশা আছেনে?
লাজাৰৰ পুনৰুত্থানে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনিলে।—যোহন ১১:৩৮-৪৪
৮ কিন্তু মৃতদেহটোৰ অৱস্থাৰ বিষয়ে জনাৰ সত্ত্বেও যীচুৱে এই শিলচটা গুহাৰ মুখৰপৰা আঁতৰাবলৈ কʼলে আৰু তেওঁ বৰ মাতেৰে চিঞৰি কʼলে: “হে লাজাৰ, বাহিৰলৈ আহাঁ।” তেতিয়া কি হʼল? “তাতে সেই মৃতজন . . . বাহিৰলৈ আহিল।” (যোহন ১১:৪৩, ৪৪) তাত উপস্থিত থকা লাজাৰৰ পৰিয়াল তথা আত্মীয় লোকসকল, বন্ধুবৰ্গ আৰু ওচৰ-চুবুৰীয়া সকলোৱে জানিছিল যে লাজাৰৰ মৃত্যু হৈছে। কিন্তু লাজাৰক আকৌ জীৱিত দেখি আপুনি তেওঁলোকৰ আনন্দৰ বিষয়ে কল্পনা কৰিব পাৰিবনে? অলপ দিনৰ আগতে যি লাজাৰৰ মৃত্যু হৈছিল, সেই লাজাৰ আকৌ তেওঁলোকৰ মাজত জীৱিত হৈ থিয় দি আছে। তেওঁলোকৰ চকুৱে হয়তো ইয়াক দেখি বিশ্বাস কৰিব পৰা নাছিল। নিঃসন্দেহ, তাত উপস্থিত থকা বহুতোলোকে আনন্দতে লাজাৰক সাবটি ধৰিছিল আৰু সঁচাকৈ, মৃত্যুৰ ওপৰত ই আছিল এক বিজয়ী!
এলিয়াই এগৰাকী বিধবাৰ পুত্ৰক পুনৰুত্থান কৰিছিল।—১ ৰাজাৱলি ১৭:১৭-২৪
৯, ১০. (ক) যীচুৱে কেনেকৈ দেখুৱালে যে লাজাৰক তেওঁ নিজ শক্তিৰে পুনৰুত্থান কৰা নাছিল? (খ) বাইবেলত উল্লেখ কৰা পুনৰুত্থানৰ বিৱৰণবোৰ পঢ়িলে আমাৰ কি লাভ আছে?
৯ যীচুৱে এই আচৰিত কাম নিজ শক্তিৰে কৰিছে বুলি কেতিয়াও দাবী কৰা নাই। লাজাৰক পুনৰুত্থান কৰাৰ আগতে যীচুৱে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল আৰু ইয়াৰ যোগেদি তেওঁ প্ৰমাণ কৰিলে যে প্ৰাৰ্থনা শুনোতা ঈশ্বৰ যিহোৱাই হৈছে, পুনৰুত্থানৰ একমাত্ৰ উৎস। (যোহন ১১:৪১, ৪২ পঢ়ক।) যিহোৱাই প্ৰথম বাৰৰ বাবে তেওঁৰ শক্তি ব্যৱহাৰ কৰি এজন মৃত ব্যক্তিক পুনৰুত্থান কৰিছে এনে নহয়। বাইবেলত উল্লেখ কৰা নটা পুনৰুত্থানৰ ভিতৰত লাজাৰৰ পুনৰুত্থান হৈছে মাত্ৰ এটাহে উদাহৰণ।a পুনৰুত্থানৰ এই বিৱৰণবোৰ পঢ়িলে আৰু অধ্যয়ন কৰিলে আমি বৰ আনন্দিত হʼম। এই পুনৰুত্থানত ডেকা-বুঢ়া, স্ত্ৰী-পুৰুষ আদি বিভিন্ন বৰ্গৰ লোক জড়িত আছে আৰু ইয়াৰ দ্বাৰা আমি কʼব পাৰোঁ যে যিহোৱা এজন নিৰপেক্ষ ঈশ্বৰ। পুনৰুত্থানৰ এই বিৱৰণবোৰত আনন্দ আৰু উল্লাসৰ বিষয়ে বৰ্ণনা আছে। উদাহৰণস্বৰূপে, এনে এক আনন্দৰ বিষয়ে লক্ষ্য কৰক। এজনী সৰু ছোৱালীৰ মৃত্যুত যীচুৱে তাইক পুনৰুত্থান কৰিছিল। এই মৃত ছোৱালীজনীক আকৌ জীৱিত দেখি তাইৰ মাক-দেউতাকে ‘অতিশয় বিস্ময় মানিছিল’ তথা তেওঁলোকে বৰ আনন্দিত হৈছিল। (মাৰ্ক ৫:৪২) এই পুনৰুত্থানৰ যোগেদি যিহোৱাই তেওঁলোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিছিল আৰু এই আনন্দৰ কাৰণ তেওঁলোকে জীৱনত কেতিয়াও নাপাহৰে।
পাঁচনি পিতৰে দৰ্কা নামৰ শিষ্য এজনীক পুনৰুত্থান কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২
১০ আমি মনত ৰখা উচিত যে যীচুৱে যিসকল লোকক পুনৰুত্থান কৰিছিল, তেওঁলোকৰ আকৌ এদিন মৃত্যু হʼল। ইয়াৰ অৰ্থ এইটো নেকি যে তেওঁলোকক পুনৰুত্থান কৰাৰ কোনো অৰ্থ নাছিল? কেতিযাও নহয়! বাইবেলত উল্লেখ কৰা এই ঘটনাবোৰে ইয়াৰ সত্যতাৰ প্ৰমাণ কৰে আৰু আমাক আশা দিয়ে যে মৃত লোকসকলৰ পুনৰুত্থান কৰা হʼব।
পুনৰুত্থানৰ বিৱৰণৰপৰা আমি কি শিকোঁ
১১. লাজাৰক পুনৰুত্থান কৰা ঘটনাই উপদেশক ৯:৫ পদত বৰ্ণনা কৰা সত্যতা কেনেকৈ প্ৰমাণ কৰে?
১১ বাইবেলে আমাক শিক্ষা দিয়ে যে “মৃত লোকবিলাকে একোকেই নাজানে” আৰু লাজাৰৰ ঘটনাই এই সত্যতাৰ প্ৰমাণ দিয়ে। (উপদেশক ৯:৫) খন্তেক চিন্তা কৰক। যেতিয়া লাজাৰক পুনৰুত্থান কৰা হৈছিল তেতিয়া তেওঁ স্বৰ্গৰ সৌন্দৰ্য্য বা নৰকৰ ভয়ানক শাস্তিৰ বিষয়ে বৰ্ণনা কৰিছিল নেকি? ইয়াৰ বিষয়ে লাজাৰে কেতিয়াও কোৱা নাছিল আৰু বাইবেলতো ইয়াৰ বিষয়ে কোনো উল্লেখ নাই। তাৰ পৰিৱৰ্তে বাইবেলত উল্লেখ কৰিছে যে মৃত্যু হোৱা চাৰি দিনৰ সময়ছোৱাত লাজাৰে ‘একোকেই নাজানিছিল।’ লাজাৰ মাত্ৰ মৃত্যুৰ টোপনিত আছিল।—যোহন ১১:১১.
১২. আমি কিয় নিশ্চিত হʼব পাৰোঁ যে প্ৰকৃততে লাজাৰৰ পুনৰুত্থান হৈছিল?
১২ লাজাৰৰ এই ঘটনাৰপৰা আমি শিকিব পাৰোঁ যে পুনৰুত্থান কোনো সাধু-কথা নহয়, কিন্তু ই এক বাস্তৱ ঘটনা। যীচুৱে লাজাৰক পুনৰুত্থান কৰাৰ সময়ত বহুতোলোকে ইয়াক নিজ চকুৰে দেখিছিল। যীচুক ঘৃণা কৰা ধৰ্ম্মীয় নেতাসকলেও এই আচৰিত ঘটনাক নুই কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে কৈছিল: “আমি কি কৰিছোঁ? এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে।” (যোহন ১১:৪৭) পুনৰুত্থানৰ পাছত বহুতোলোকে লাজাৰক চাবলৈ গৈছিল। লাজাৰক পুনৰ জীৱিত দেখি বহুতোলোকে যীচুৰ ওপৰত বিশ্বাস কৰিছিল। যীচু খ্ৰীষ্টই লাজাৰক পুনৰুত্থান কৰাৰ দ্বাৰা প্ৰমাণ কৰিলে যে তেওঁক ঈশ্বৰে পঠিয়াইছিল। এই প্ৰমাণ ইমানেই প্ৰভাৱশালী আছিল যে কিছুমান নিষ্ঠুৰ ধৰ্ম্মীয় নেতাই লাজাৰ আৰু যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল।—যোহন ১১:৫৩; ১২:৯-১১.
১৩. আমি কেনেকৈ কʼব পাৰোঁ যে মৃত লোকসকলক যিহোৱা ঈশ্বৰে পুনৰ জীৱন দিবলৈ সক্ষম?
১৩ বৰ্তমানলৈকে মৃত্যু হোৱা লোকসকলক পুনৰুত্থান কৰা অসম্ভৱ নেকি? কেতিয়াও নহয়! কিয়নো যীচুৱে কৈছিল যে “মৈদামত থকা” সকলোকে ঈশ্বৰে এদিন আকৌ পুনৰাই জীৱন দিব। (যোহন ৫:২৮) সকলো প্ৰাণীৰ সৃষ্টিকৰ্ত্তা তথা জন্মদাতা হৈছে, যিহোৱা ঈশ্বৰ। গতিকে, যিসকল লোকৰ মৃত্যু হৈ গʼল তেওঁলোকক পুনৰ জীৱন দিয়াটো তেওঁৰ বাবে কোনো কঠিন কাম নহয়। কিন্তু এই সকলো মাত্ৰ নিৰ্ভৰ কৰে যিহোৱাৰ স্মৃতিশক্তিৰ ওপৰত। মৃত্যুৰ টোপনিত থকা আমাৰ মৰমৰ আপোন লোকসকলক ঈশ্বৰে সঁচাকৈ মনত ৰাখিব পাৰেনে? এই কথালৈ লক্ষ্য কৰক। আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডত কোটি কোটি তৰা আছে, কিন্তু মন কৰিবলগীয়া বিষয় যে তেওঁ প্ৰতিটো তৰাৰে নাম জানে। (যিচয়া ৪০:২৬) গতিকে, যিহোৱাই মৃত্যু হোৱা আমাৰ মৰমৰ তথা আপোন লোকসকলৰ সকলো বিৱৰণ বিতংভাৱে মনত ৰাখিব পাৰে। মাত্ৰ এয়ে নহয়, তেওঁ এই মৃত লোকসকলক জীৱন দিবলৈও সক্ষম।
১৪, ১৫. ইয়োবে বৰ্ণনা কৰা অনুসৰি, যিহোৱা ঈশ্বৰে মৃত লোকসকলক জীৱিত কৰাটো কেনে অনুভৱ কৰে?
১৪ যিহোৱা ঈশ্বৰে মৃত লোকসকলক পুনৰুত্থান কৰাটো কেনে অনুভৱ কৰে? বাইবেলে বৰ্ণনা কৰিছে যে যিহোৱাই মৃত লোকসকলক পুনৰুত্থান কৰিবলৈ ব্যাকুল হৈ আছে। ইয়োব নামৰ এজন ঈশ্বৰৰ বিশ্বাসী দাসে এইদৰে কৈছিল: “মানুহ মৰিলে পুনৰায় জীব নে?” ঈশ্বৰৰ এই দাসে কʼব বিচাৰিছিল যে মৃত্যুৰ পাছত তেওঁক কবৰ দিয়া হʼব আৰু কবৰত তেওঁ পুনৰুত্থানৰ বাবে ঈশ্বৰলৈ অপেক্ষা কৰি থাকিব। তেওঁ যিহোৱাক কৈছিল: “তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্ম্মলৈ হাবিয়াহ কৰিবা।”—ইয়োব ১৪:১৩-১৫.
১৫ খন্তেক চিন্তা কৰকচোন! যিহোৱা ঈশ্বৰে মৃত লোকসকলক পুনৰুত্থান কৰিবলৈ ব্যাকুল হৈ আছে। এই কথাষাৰৰপৰা আমাৰ আনন্দ নালাগেনে যে যিহোৱা ঈশ্বৰে নিজেও মৃত লোকসকলৰ বাবে এনে অনুভৱ কৰে? এতিয়া প্ৰশ্ন হয় যে ভৱিষ্যতে হʼবলগীয়া পুনৰুত্থানৰ বিষয়েনো কি? কোন লোকসকলক পুনৰুত্থান কৰা হʼব আৰু এই পুনৰুত্থান কʼত হʼব?
মৃত লোকসকলক পুনৰ জীৱন দিয়া হʼব
১৬. মৃত লোকসকলক পুনৰুত্থান কৰাৰ সময়ত এই পৃথিৱীৰ পৰিস্থিতি কেনে হʼব?
১৬ বাইবেলত উল্লেখ কৰা পুনৰুত্থানৰ বিৱৰণবোৰৰপৰা আমি ভৱিষ্যতে হʼবলগীয়া পুনৰুত্থানৰ বিষয়ে বহু কথা শিকিব পাৰোঁ। উদাহৰণস্বৰূপে, অতীতত যিসকল লোকক এই পৃথিৱীত পুনৰুত্থান কৰা হৈছিল, তেওঁলোকে নিজ পৰিয়ালবৰ্গৰ লগত আকৌ এবাৰ মিলিত হৈছিল। ঠিক সেইদৰে, যিসকল লোকৰ ভৱিষ্যতে পুনৰুত্থান হʼব তেওঁলোকেও নিজৰ পৰিয়ালবৰ্গ আৰু আত্মীয় লোকসকলক লগ পাব। কিন্তু সেই সময়ৰ পৰিস্থিতি আগতকৈ বহুগুণে ভাল হʼব। যেনেকৈ আমি তিনি অধ্যায়ত শিকিলোঁ যে ঈশ্বৰৰ উদ্দেশ্য হৈছে গোটেই পৃথিৱীখনক এখন সুন্দৰ বাগিচালৈ পৰিণত কৰা। যুদ্ধ, অপৰাধ আৰু ৰোগেৰে ভৰি থকা এখন পৃথিৱীত মৃত লোকসকলক পুনৰুত্থান কৰা নহʼব, কিন্তু তাৰ পৰিৱৰ্তে এখন সুন্দৰ পৃথিৱীত তেওঁলোকক পুনৰুত্থান কৰা হʼব। তেওঁলোকক এই পৃথিৱীত শান্তি আৰু এক আনন্দৰ পৰিস্থিতিত অনন্ত জীৱন জীয়াই থাকিবলৈ সুযোগ দিয়া হʼব।
১৭. পুনৰুত্থান কিমান ব্যাপকৰূপে হʼব?
১৭ কিন্তু এতিয়া প্ৰশ্ন হয় যে কাক পুনৰুত্থান কৰা হʼব? যীচুৱে কৈছিল, “কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ [যীচুৰ] মাত শুনি . . . পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।” (যোহন ৫:২৮, ২৯) এই বিষয়ে প্ৰকাশিত বাক্য ২০:১৩ পদত বৰ্ণনা কৰিছে: “তেতিয়া সাগৰে নিজত থকা মৃতবিলাকক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক শোধাই দিলে।” ইয়াত উল্লেখ কৰা অনুসৰি পৰলোকৰ অৰ্থ হৈছে কবৰ। এই কবৰ মৃত্যুৰ পাছত সকলোৱে যোৱাৰ ঠাই আৰু এই কবৰক খালী কৰা হʼব। (“চিয়োল আৰু হেডীজ্ কি হয়?” নামৰ অতিৰিক্ত লেখত চাওক।) বৰ্তমান, যিসকল লোক মৃত্যুৰ টোপনিত আছে তেওঁলোকক পুনৰ জীৱন দিয়া হʼব অৰ্থাৎ কবৰত থকা সকলো লোকক পুনৰুত্থান কৰা হʼব। ইয়াৰ বিষয়ে পৌল নামৰ যীচুৰ এজন শিষ্যই এইদৰে কৈছিল: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) এতিয়া প্ৰশ্ন হয় যে ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক এই দুবিধ লোকৰ পুনৰুত্থান কৰাৰ অৰ্থ কি?
প্ৰমোদবনত মৃত লোকসকলক পুনৰুত্থান কৰা হʼব আৰু তেওঁলোকে আপোন লোকসকলৰ সৈতে মিলিত হʼব
১৮. পুনৰুত্থান হʼবলগীয়া ‘ধাৰ্ম্মিকসকলৰ’ ভিতৰত কোন লোকসকল জড়িত আৰু এই আশাই আপোনাক ব্যক্তিগতভাৱে কেনেকৈ প্ৰভাৱিত কৰে?
১৮ যীচুৰ জন্মৰ আগত এই পৃথিৱীত বাস কৰা লোকসকলক “ধাৰ্ম্মিক” বুলি কʼব পাৰি। এই লোকসকলৰ ভিতৰত নোহ, অব্ৰাহাম, চাৰা, মোচি, ৰূথ, ইষ্টেৰ আদি নাম আপোনাৰ মনলৈ হয়তো আহিব পাৰে। বাইবেলৰ ইব্ৰী নামৰ কিতাপখনৰ ১১ অধ্যায়ত এনে বহুতো ঈশ্বৰ বিশ্বাসী লোকৰ নাম উল্লেখ আছে। ‘ধাৰ্ম্মিকসকলৰ’ ভিতৰত আমাৰ সময়ত মৃত্যু হোৱা যিহোৱাৰ সেৱকসকলেও জড়িত আছে। পুনৰুত্থানৰ আশাৰ বাবে আমি যিহোৱা ঈশ্বৰৰ প্ৰতি সদায় কৃতজ্ঞ, কাৰণ এই আশাই আমাক মৃত্যুৰ ভয়ৰপৰা মুক্ত কৰে।—ইব্ৰী ২:১৫.
১৯. বাইবেলত উল্লেখ কৰা “অধাৰ্ম্মিক” লোকসকল কোন আৰু যিহোৱা ঈশ্বৰে তেওঁলোকক কি সুযোগ দিব?
১৯ কিন্তু এতিয়া প্ৰশ্ন হয় যে যিসকল লোকে যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ বা তেওঁৰ বিষয়ে জানিবলৈ সুযোগেই নাপালে সেই লোকসকলৰ বিষয়েনো কি? সেই লোকসকলক যিহোৱা ঈশ্বৰে কেতিয়াও নাপাহৰে। তেওঁলোকক “অধাৰ্ম্মিক” লোকসকলৰ তালিকাত গণিত কৰা হৈছে। তেওঁলোকক পুনৰুত্থান কৰা হʼব আৰু সত্য ঈশ্বৰ যিহোৱাৰ বিষয়ে শিকিবলৈ তথা তেওঁক সেৱা কৰিবলৈ সুযোগ দিয়া হʼব। এক হাজাৰ বছৰৰ সময়ছোৱাৰ ভিতৰত মৃত লোকসকলক পুনৰুত্থান কৰা হʼব আৰু এই পৃথিৱীত জীয়াই থকা বিশ্বাসী লোকসকলৰ লগত যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ সুযোগ দিয়া হʼব। সেই সময় কি যে এক আনন্দৰ হʼব, নহয়নে বাৰু? বাইবেলে এই সময়ছোৱাক মহা-বিচাৰৰ দিন বুলিও উল্লেখ কৰিছে।b
২০. বৰ্তমানলৈকে মৃত্যু হোৱা, সকলো লোকক পুনৰুত্থান কৰা হʼব নেকি?
২০ ইয়াৰ অৰ্থ এইটো নেকি যে অতীত আৰু বৰ্তমানে মৃত্যু হোৱা সকলো লোককে পুনৰুত্থান কৰা হʼব? নহয়। বাইবেলে উল্লেখ কৰিছে যে কিছুমান মৃত লোক গেহেনাত আছে। গেহেনা শব্দৰ তুলনা সদায় বিনাশৰ লগত কৰা হৈছে আৰু অসমীয়া বাইবেলত ইয়াক, “নৰক” বুলি বৰ্ণনা কৰিছে। (লূক ১২:৫) গেহেনা, এই নামটো প্ৰাচীন যিৰূচালেম নগৰৰ বাহিৰত জাবৰ-জোঁথৰ পেলোৱা ঠাইখনৰ নামৰপৰা লোৱা হৈছে। এই ঠাইখনত জাবৰ-জোঁথৰ আৰু মৰা শৱ জ্বলোৱা হৈছিল। তাত পেলোৱা শৱবোৰ কবৰ দিয়া আৰু পুনৰুত্থানৰ বাবে অযোগ্য বুলি ভবা হৈছিল। গতিকে, গেহেনা শব্দৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে ধ্বংস। যীচুৱে যদিও জীৱিত আৰু মৃত লোকসকলক বিচাৰ কৰিব কিন্তু সৰ্ব্বশ্ৰেষ্ঠ বিচাৰকৰ্ত্তা হৈছে যিহোৱা ঈশ্বৰ। (পাঁচনিৰ কৰ্ম্ম ১০:৪২) দুষ্ট আৰু নিজক পৰিৱৰ্তন কৰিবলৈ ইচ্ছা নকৰা এনে লোকসকলক যিহোৱা ঈশ্বৰে কেতিয়াও পুনৰুত্থান নকৰে।
স্বৰ্গীয় পুনৰুত্থান
২১, ২২. (ক) আৰু কেনেধৰণৰ পুনৰুত্থানৰ বিষয়ে বৰ্ণনা আছে? (খ) আত্মিক প্ৰাণীৰূপে কাক প্ৰথমে পুনৰুত্থান কৰা হৈছিল?
২১ বাইবেলে আন এক পুনৰুত্থানৰ বিষয়েও উল্লেখ কৰিছে। এই পুনৰুত্থানৰ যোগেদি কিছুমান লোকে আত্মিক প্ৰাণীৰূপে স্বৰ্গত জীৱন লাভ কৰিব। বাইবেলত এনে পুনৰুত্থানৰ বিষয়ে কেৱল এটা উদাহৰণ পোৱা যায় আৰু সেয়া হৈছে, যীচু খ্ৰীষ্টৰ পুনৰুত্থান।
২২ যীচুৰ মৃত্যুৰ পাছত যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰৰ দেহটো চিৰদিনৰ বাবে কবৰত থাকিবলৈ নিদিলে। (গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ১৩:৩৪, ৩৫) যিহোৱাই তেওঁৰ পুত্ৰক পুনৰুত্থান কৰিলে। কিন্তু মন কৰিবলগীয়া কথা যে যীচুক তেওঁ মানৱ জীৱন দি পুনৰুত্থান কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁক আত্মিকৰূপে পুনৰুত্থান কৰিছিল। (১ কৰিন্থীয়া ১৫:৩-৬ পঢ়ক।) পিতৰ নামৰ শিষ্য এজনে যীচুৰ পুনৰুত্থানৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “তেওঁ মাংসত হত হল, কিন্তু আত্মাত হলে পুনৰ্জীৱিত হল।” (১ পিতৰ ৩:১৮) যীচুৰ পুনৰুত্থান সঁচাকৈ আচৰিতজনক আছিল। আত্মিকৰূপে পুনৰুত্থান হোৱা যীচুৱেই হৈছে প্ৰথম ব্যক্তি। কিন্তু আত্মিকৰূপে পুনৰুত্থান হোৱা যীচুৱে মাত্ৰ এজনা নহয়।—যোহন ৩:১৩.
২৩, ২৪. যীচুৱে বৰ্ণনা কৰা অনুসৰি ‘তাকৰ জাকটিত’ কোন লোকসকল জড়িত আছে আৰু ইয়াৰ সংখ্যা কিমান?
২৩ যীচুৱে জানিছিল যে মৃত্যুৰ পাছত তেওঁ অতি সোনকালে স্বৰ্গলৈ উভতি যাব। সেইবাবে যীচুৱে তেওঁৰ বিশ্বাসী অনুগামীসকলৰ বাবে স্বৰ্গত এক “ঠাই যুগুত” কৰিব বুলি তেওঁলোকক কৈছিল। (যোহন ১৪:২) স্বৰ্গলৈ যোৱা এই গোটক যীচুৱে “তাকৰ জাকটি” বুলি আখ্যা দিছে। (লূক ১২:৩২) বিশ্বাসী খ্ৰীষ্টানসকলৰ এই জাকটিত কিমান জন লোক হʼব পাৰে বাৰু? বাইবেলৰ প্ৰকাশিত বাক্য নামৰ কিতাপৰ ১৪:১ পদত ইয়াৰ উত্তৰ এইদৰে দিছে, “পাছে মই চাই দেখিলোঁ, সেই মেৰ পোৱালি চিয়োন পৰ্ব্বতৰ ওপৰত থিয় হৈ আছিল; আৰু তেওঁৰ লগত এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁবিলাকৰ কপালত তেওঁৰ নাম, আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।”
২৪ স্বৰ্গলৈ যোৱা এই ১,৪৪,০০০ লোকৰ ভিতৰত যীচুৰ পাঁচনিসকলেও জড়িত আছে। এই লোকসকলৰ পুনৰুত্থান কেতিয়াৰপৰা আৰম্ভ হʼল? পাঁচনি পৌলে বৰ্ণনা কৰিছিল যে এই পুনৰুত্থান, খ্ৰীষ্টৰ উপস্থিতিৰ সময়ত হʼব। আপুনি ৯ অধ্যায়ত শিকিবলৈ পাব যে খ্ৰীষ্টৰ উপস্থিতিৰ সময়ছোৱাত আমি বাস কৰিছোঁ অৰ্থাৎ এই লোকসকলৰ পুনৰুত্থান ইতিমধ্যে আৰম্ভ হৈ গʼল। বৰ্তমানে ১,৪৪,০০০ লোকৰ ভিতৰত মাত্ৰ কেইজনমানহে জীয়াই আছে। মৃত্যুৰ পাছত চকুৰ পচাৰতে স্বৰ্গৰ বাবে এই লোকসকলক আত্মিকৰূপে পুনৰুত্থান কৰা হয়। (১ কৰিন্থীয়া ১৫:৫১-৫৫) কিন্তু মন কৰিবলগীয়া বিষয় যে মৃত্যু হোৱা বেছিভাগ লোকৰ পুনৰুত্থান এই পৃথিৱীত হʼবলগীয়া প্ৰমোদবনত হʼব।
২৫. পৰৱৰ্তী অধ্যায়ত কি বিষয় আলোচনা কৰা হʼব?
২৫ সঁচাকৈ আমাৰ সকলোৰে শত্ৰু, অৰ্থাৎ মৃত্যুক যিহোৱাই পৰাজিত কৰিব আৰু চিৰকালৰ বাবে তাৰ অস্তিত্ব নাইকিয়া কৰিব। (যিচয়া ২৫:৮ পঢ়ক।) এতিয়া আপোনাৰ মনলৈ হয়তো প্ৰশ্ন আহিব পাৰে যে ‘স্বৰ্গলৈ যোৱা এই লোকসকলে তাত কি কৰিব বাৰু?’ তেওঁলোকে এক স্বৰ্গীয় ৰাজ্য বা চৰকাৰৰ অধীনত কাম কৰিব। পৰৱৰ্তী অধ্যায়ত এই চৰকাৰৰ বিষয়ে আলোচনা কৰা হʼব।
a বাইবেলত উল্লেখ কৰা পুনৰুত্থানৰ বিৱৰণবোৰ এই পদবোৰত পোৱা যায়: ১ ৰাজাৱলি ১৭:১৭-২৪; ২ ৰাজাৱলি ৪:৩২-৩৭; ১৩:২০, ২১; মথি ২৮:৫-৭; লূক ৭:১১-১৭; ৮:৪০-৫৬; পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২; যোহন ১১:৩৮-৪৪ আৰু পাঁচনিৰ কৰ্ম্ম ২০:৭-১২.
b মহা-বিচাৰৰ দিন কি আৰু এই বিচাৰ কিহৰ আধাৰত কৰা হʼব, তাৰ বিষয়ে জানিবলৈ “মহা-বিচাৰৰ দিন—কি হয়?” নামৰ অতিৰিক্ত লেখত চাওক।