ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr20 মে’ পৃষ্ঠা ১-৮
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
  • উপশীৰ্ষক
  • মে’ ৪-১০
  • মে’ ১১-১৭
  • মে’ ১৮-২৪
  • মে’ ২৫-৩১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
mwbr20 মে’ পৃষ্ঠা ১-৮

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

মে’ ৪-১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ৩৬-৩৭

“যোচেফে নিজৰ ককায়েকহঁতৰ ঘৃণাৰ পাত্ৰ হʼল”

w১৪ ৮/১ ১২-১৩

“মই যি সপোন দেখিলোঁ, বিনয় কৰোঁ, তাক শুনা”

বাইবেলত উল্লেখ আছে যে, “কিন্তু তেওঁৰ ককায়েকবিলাকত্‌কৈ বাপেকে তেওঁক অধিক স্নেহ কৰা দেখি, ককায়েকবিলাকে যোচেফক ঘিণ কৰে; এই নিমিত্তে সিবিলাকে তেওঁক মৰমেৰে কথা কব নোৱাৰে।” (আদিপুস্তক ৩৭:৪) যোচেফ নিজৰ পিতৃৰ প্ৰিয় আছিল, সেইবাবে এইটো সাধাৰণ কথা যে তেওঁৰ ককায়েকহঁতে যোচেফক ঈৰ্ষা কৰিব। কিন্তু তেওঁলোকে ঈৰ্ষা কৰিবলৈ বন্ধ নকৰিলে। এইদৰে তেওঁলোকে ভুল কৰিলে। (হিতোপদেশ ১৪:৩০; ২৭:৪) আপোনাক কেতিয়াবা কাৰোবাৰ প্ৰতি ঈৰ্ষা হৈছেনে? বিশেষকৈ সেইসময়ত, যেতিয়া লোকসকলে তেওঁক ভাল পায় আৰু আদৰ-সন্মান কৰে? যদি হয় তেনেহʼলে যোচেফৰ ককায়েকহঁতৰ উদাহৰণ মনত পেলাওক। ঈৰ্ষা হোৱাৰ বাবে তেওঁলোকে এনে কাম কৰিলে, যাৰ বাবে পাছলৈ তেওঁলোকে অনুশোচনা কৰিলে। তেওঁলোকৰ উদাহৰণৰপৰা খ্ৰীষ্টানসকলে শিকিব পাৰে যে ‘আনন্দ কৰা লোকসকলৰ সৈতে আনন্দ কৰি’ তেওঁলোকে বহুতো সমস্যাৰপৰা আঁতৰি থাকিব পাৰে।—ৰোমীয়া ১২:১৫.

যোচেফৰ ককায়েকহঁতে তেওঁক ঘৃণা কৰে বুলি নিশ্চয় তেওঁ বুজিব পাৰিছিল। সেইবাবে, যেতিয়া ককায়েকহঁতে তেওঁৰ কাষত থাকিছিল, তেতিয়া হয়তো তেওঁ নিজৰ চোলাটো খোলি লুকোৱাই থʼবলৈ ভাবিছিল। কিন্তু সেই চোলাটো যাকোবে যোচেফক দিছিল, যিয়ে প্ৰমাণ কৰে যে তেওঁ যোচেফক বহুত প্ৰেম কৰিছিল। যোচেফে নিজৰ পিতৃৰ বিশ্বাস হেৰুৱাব বিচৰা নাছিল, সেইবাবে তেওঁ সেই চোলাটো পিন্ধি থাকিছিল। তেওঁৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? যদিও যিহোৱা ঈশ্বৰে সকলোকে একেধৰণে প্ৰেম কৰে, কিন্তু কেতিয়াবা কেতিয়াবা নিজৰ বিশ্বাসী সেৱকসকলক বেছি গুৰুত্ব দিয়ে আৰু তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰে। তেওঁ বিচাৰে যে তেওঁলোকে এই দুষ্ট আৰু অনৈতিক জগতৰ লোকসকলক অনুকৰণ নকৰে। যোচেফৰ চোলাৰ দৰে সত্য খ্ৰীষ্টানসকলৰ আচাৰ-ব্যৱহাৰে, তেওঁলোকক এই জগতৰ লোকসকলৰপৰা পৃথক কৰে। সেইবাবে, তেওঁলোকে কেতিয়াবা কেতিয়াবা এই জগতৰ লোকসকলৰ ঘৃণাৰ পাত্ৰ হয়। (১ পিতৰ ৪:৪) গতিকে সত্য খ্ৰীষ্টানসকলে ঈশ্বৰৰ সেৱক হয় বুলি নিজৰ পৰিচয় লুকোৱা উচিতনে? যোচেফে নিজৰ চোলা লুকোৱা নাছিল, সেইদৰে আমিও নিজৰ পৰিচয় লুকোৱা উচিত নহয়।—লূক ১১:৩৩.

w১৪ ৮/১ ১৩ ¶২-৪

“মই যি সপোন দেখিলোঁ, বিনয় কৰোঁ, তাক শুনা”

যিহোৱাই এই সপোন যোচেফক দেখুৱাইছিল। ইয়াত কোৱা হৈছিল যে ভৱিষ্যতে কি হʼব আৰু যোচেফে নিজৰ সপোনৰ বিষয়ে পৰিয়াল বৰ্গক জনোৱাটো যিহোৱাই বিচাৰিছিল। এইদৰে যোচেফে প্ৰকৃততে সেই কাম কৰিলে, যি আগলৈ ঈশ্বৰৰ ভৱিষ্যতবক্তাই কৰিলেহেঁতেন। এই ভৱিষ্যতবক্তাসকলে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলক ন্যায়ৰ বাৰ্ত্তা শুনায়।

যোচেফে নিজৰ ককায়েকহঁতক এইদৰে কৈছিল, “মই যি সপোন দেখিলোঁ, বিনয় কৰোঁ, তাক শুনা।” যোচেফৰ ককায়েকহঁতে সেই সপোনৰ বিষয়ে বুজি পাইছিল আৰু সেইবাবে তেওঁলোকে ভাল পোৱা নাছিল। তেওঁলোকে কৈছিল, “তেনে হলে তই নিশ্চয়ে আমাৰ ওপৰত ৰজা হবি নে কি?” তাৰ পাছত, “তেওঁৰ সেই সপোন, আৰু তেওঁৰ কথাৰ নিমিত্তেও, সিবিলাকে তেওঁক আগত্‌কৈও অধিক্‌কৈ ঘিণ কৰিলে।” যোচেফে যেতিয়া তেওঁৰ পিতৃ আৰু ককায়েকহঁতক নিজৰ দ্বিতীয় সপোনৰ বিষয়ে জনালে, তেতিয়াও তেওঁলোকে ক্ৰোধীত হৈছিল। বাইবেলত এইদৰে উল্লেখ আছে, “তেওঁৰ বাপেকে তেওঁক ডবিয়াই কʼলে, তই এইটো কি সপোন দেখিলি? মই, তোৰ মাৰ, আৰু ককায়েৰহঁত আমি তোৰ আগত মাটিত পৰি প্ৰাণিপাত কৰিবলৈ আহিম নে?” কিন্তু যাকোবে এই কথাষাৰ মনত ৰাখিলে। তেওঁৰ মনত প্ৰশ্ন হʼল যে যিহোৱাই তেওঁক তেওঁৰ পুত্ৰৰ যোগেদি কিবা জনাব বিচাৰিছেনে?—আদিপুস্তক ৩৭:৬, ৮, ১০, ১১.

যিহোৱাই বিচাৰিছিল যে ভৱিষ্যতত কি হʼব, তাৰ বিষয়ে যোচেফে আনক জনায়। যিহোৱাই আন সেৱকসকলকো এই দায়িত্ব দিছিল। ঈশ্বৰৰ বাৰ্ত্তা ঘোষণা কৰাৰ বাবে তেওঁলোকক তাড়না দিয়া হৈছিল। যীচুৰ লগতো এইদৰে হৈছিল। শুভবাৰ্ত্তা ঘোষণা কৰাৰ বাবে লোকসকলে তেওঁক তাড়না দিছিল। তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব।” (যোহন ১৫:২০) আমাৰ বয়স যিমানেই নহওক কিয়, আমি যোচেফৰ বিশ্বাস আৰু সাহসৰপৰা বহুতো কথা শিকিব পাৰোঁ।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৬৭৮

ইদোম

(ইদোম) [ৰঙা], ইদোমৰ

এচৌক ইদোম নাম দিয়া হৈছিল। এয়া তেওঁৰ আন এটা নাম বা উপাধি আছিল। তেওঁ যাকোবৰ যঁজা ভায়েক আছিল। (আদি ৩৬:১) তেওঁ ৰঙা দাইলৰ সলনি নিজৰ জ্যষ্ঠাধিকাৰ বেচিছিল আৰু সেইবাবে তেওঁক এই নাম দিয়া হৈছিল।(আদি ২৫:৩০-৩৪) জন্ম হোৱাৰ সময়ত এচৌৰ ৰং ৰঙা আছিল। (আদি ২৫:২৫) ইয়াৰ উপৰিও এচৌ আৰু তেওঁৰ বংশ যʼত বাস কৰিছিল, সেই মাটিৰ ৰং ৰঙা আছিল।

it-১ ৫৬১-৫৬২

ৰখীয়া

যেতিয়া এজন ৰখীয়াই আন কাৰোবাৰ মেৰ-ছাগলীৰ চোৱা-চিতা কৰিবলৈ সন্মত হয়, তেতিয়া তেওঁ আইনগতভাৱে সেই জাকৰ দায়িত্ব লয়। তেওঁ গৰাকীক নিশ্চয়তা দিয়ে যে তেওঁ মেৰ-ছাগলীৰ চোৱা-চিতা কৰিব আৰু চুৰ হʼবলৈ নিদিব। এনে কৰিব নোৱাৰিলে তেওঁ গৰাকীক ক্ষতিপূৰণ দিব লাগিব। কিন্তু কিছুমান পৰিস্থিতিত ৰখীয়াসকলৰ বাবে এনে কৰাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে, কোনো হিংস্ৰ জন্তুৱে মেৰ-ছাগলীৰ ওপৰত আক্ৰমণ কৰা। আইনগতভাৱে এনে পৰিস্থিতিত ক্ষতিপূৰণ দিবলগীয়া নহয়। ৰখীয়াই নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ গৰাকীৰ আগত আক্ৰমণ কৰা জন্তুৰ মৃত দেহ দেখুৱাৰ প্ৰয়োজন হয়। ইয়াৰ পাছত গৰাকীয়ে প্ৰমাণবোৰ চালি-জাৰি চাই আৰু ৰখীয়াক নিৰ্দোষী বুলি প্ৰমাণ কৰে।

মেৰ-ছাগলীৰ বাহিৰে আন কোনো বস্তুৰ দায়িত্বৰ ক্ষেত্ৰতো সেই একেই সিদ্ধান্ত প্ৰযোজ্য হয়। ইয়াৰ উপৰিও পৰিয়ালৰ দায়িত্বৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত প্ৰযোজ্য হয়। উদাহৰণস্বৰূপে, আইনগতভাৱে পৰিয়ালৰ ডাঙৰ পুত্ৰৰ দায়িত্ব হৈছে নিজৰ সৰু ভাই-ভনীসকলক চোৱা-চিতা কৰা। সেইবাবে, যোচেফক ককায়েকহঁতে হত্যা কৰিবলৈ বিচৰাৰ সময়ত, ডাঙৰ ককায়েক ৰূবেণ বহুত চিন্তিত হৈছিল। (আদি ৩৭:১৮-৩০) তেওঁ কৈছিল, “আমি তাক বধ নকৰোঁ।” ৰূবেণে যোচেফক নিজৰ ভাইসকলৰ হাতৰপৰা ৰক্ষা কৰি বাপেকৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিছিল। পাছত যেতিয়া ৰূবেণে গাঁতৰ ওচৰলৈ গৈ যোচেফক গাঁতত দেখা নাপায়, তেতিয়া তেওঁ বেছিকৈ চিন্তাত পৰিল আৰু তেওঁ “নিজৰ কাপোৰ ছিৰিলে।” আৰু কৈছিল “লৰাটি নাইকিয়া; মই নো এতিয়া কʼলৈ যাম?” তেওঁ জানিছিল যে যদি যোচেফৰ কিবা হয়, তেনেহʼলে তাৰ বাবে তেওঁ দায়ী হʼব। নিজৰ অপৰাধ লুকোৱাবলৈ যোচেফৰ ককায়েকহঁতে চতুৰতাৰে মিছাৰ প্ৰমাণ দিলে, যাতে তেওঁলোকে বিশ্বাস কৰে যে যোচেফক কোনো হিংস্ৰ জন্তুৱে আক্ৰমণ কৰিলে। তেওঁলোকে যোচেফৰ চোলাটোত এটা মেৰৰ তেজ লগালে। ইয়াৰ পাছত এই তেজ লগা চোলাটো প্ৰমাণ হিচাপে যাকোবক দেখুৱালে, যিয়ে তেওঁৰ পিতৃ আৰু পৰিয়ালৰ ন্যায় কৰোঁতা আছিল। এই প্ৰমাণৰ ওপৰত যাকোবে বিশ্বাস কৰিলে যে যোচেফক কোনো হিংস্ৰ জন্তুৱে আক্ৰমণ কৰিলে আৰু ইয়াৰ বাবে ৰূবেণ দায়ী নহয়।—আদি ৩৭:৩১-৩৩.

মে’ ১১-১৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ৩৮-৩৯

“যিহোৱাই যোচেফক কেতিয়াও ত্যাগ কৰা নাছিল”

w১৪ ১১/১ ১২ ¶৪-৫

‘এতেকে মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম কৰিব পাৰোঁ?’

“যোচেফক মিচৰলৈ নিয়া হলত, যি ইশ্মায়েলীয়াহঁতে তেওঁক লৈ গৈছিল, সিহঁতৰ হাতৰ পৰা এজন মিচৰীয়াই, ফৰৌণ ৰজাৰ বিষয়া ৰক্ষক-সেনাপতি পোটীফৰে তেওঁক কিনি ললে।” (আদিপুস্তক ৩৯:১) যোচেফক পুনৰ বেচি দিয়া হয়, যেন তেওঁ কিবা বস্তুহে। এই কথা তেওঁৰ বাবে কিমান যে অপমানৰ বিষয় আছিল! আমি হয়তো কল্পনা কৰিব পাৰোঁ যে যোচেফে নিজৰ নতুন মিচৰ গৰাকীৰ পাছে পাছে গৈছে। যোচেফে বজাৰৰ ভিৰ থকা সেই এলেকাৰে তেওঁ নতুন ঘৰলৈ গৈ আছে।

যোচেফৰ গৰাকীৰ ঘৰটো তেওঁৰ বাবে নিজৰ ঘৰ দৰে লাগিবনে? নিশ্চয় নালাগে। কিয়নো যোচেফে সঘনাই সলনি হৈ থকা এটা অঘৰী পৰিয়ালত ডাঙল-দীঘল হৈছিল। তেওঁলোকে তম্বুত বাস কৰিছিল আৰু এঠাইৰপৰা আন ঠাইলৈ সলাই যাত্ৰা কৰিছিল আৰু মেৰ পুহিছিল। কিন্তু পোটীফৰ নিচিনা ধনী মিচৰীয়াৰ ঘৰ ডাঙৰ অট্টালিকাৰ দৰে আছিল। ঘৰৰ চাতৰ ৰং উজ্জ্বল আছিল। পুৰাতত্ত্ববিদসকলৰ মতে, মিচৰীয়াসকলে গছ-গছনি বহুত ভাল পাইছিল। তেওঁলোকৰ সুন্দৰ বাগিচা আছিল আৰু তাৰ বাগিচাৰ চাৰিওফালে দেৱাল আছিল। এই বাগিচাবোৰত ছাঁ পৰা গছ লগাইছিল আৰু শান্ত পুখুৰী আছিল, যʼত নেকি পদুম ফুল আৰু আন বহুতো পানীত হোৱা গছ-গছনি আছিল। কিছুমান ঘৰ বাগিচাৰ মাজত আছিল, তাৰপৰা শীতল মলয়া বতাহৰ আনন্দ লʼবলৈ বাৰাণ্ডা, ডাঙৰ খিৰিকী আৰু বহুতো কোঠা আছিল। ইয়াৰ উপৰিও ঘৰত খোৱা-বোৱা কৰিবলৈ ডাঙৰ কোঠালি আৰু দাসবিলাক থাকিবলৈ কোঠালি আছিল।

w১৪ ১১/১ ১৪-১৫

‘এতেকে মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম কৰিব পাৰোঁ?’

আমাৰ মিচৰ দেশৰ বন্দীশালৰ বিষয়ে বৰ বেছি জ্ঞান নাই। পুৰাতত্ত্ববিদসকলক এই বন্দীশালৰ ধ্বংসাৱশেষ লাভ কৰিছিল আৰু ইয়াৰপৰা বুজিব পাৰি যে এইবোৰ দূৰ্গৰ দৰে ওখ আছিল। ইয়াত সৰু সৰু কোঠালি আৰু বন্দীশাল আছিল। যোচেফে এই বন্দীশালৰ বাবে “গাঁত” শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰপৰা বুজিব পাৰি যে এয়া এক এনে ঠাইত আছিল, যʼত কোনো পোহৰ অহা নাছিল আৰু ইয়াৰপৰা বাহিৰলৈ ওলাই যোৱাটো সম্ভৱ নাছিল। (আদিপুস্তক ৪০:১৫) ইয়াৰ উপৰিও গীতমালা কিতাপৰপৰা জানিব পাৰি, যোচেফৰ লগত আৰু বেয়াকৈ অত্যাচাৰ হৈছিল। তাত উল্লেখ কৰিছে যে “তেওঁৰ ভৰিত বেৰীৰে দুখ দিলে; তেওঁক লোহাৰ শিকলিৰে বন্ধা হল।” (গীতমালা ১০৫:১৭, ১৮) মিচৰীয়াসকলে কেতিয়াবা কেতিয়াবা বন্দীসকলৰ হাত দুখন পিছফালে বান্ধিছিল বা লোহাৰ শিকলিৰে ডিঙিত বান্ধিছিল। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে যোচেফৰ কিমান দুখ-কষ্ট হৈছিল, কিয়নো তেওঁ কোনো ভুল কাম কৰা নাছিল!

যোচেফে এই দুখ-কষ্ট অলপ সময়ৰ বাবে ভোগা নাছিল। বাইবেলত উল্লেখ কৰিছে যে “এইদৰে তেওঁ বন্দীশালত থাকিল।” তেওঁ বন্দীশালৰ কোঠাত বহুবছৰ আছিল। এই বন্দীশালৰপৰা মুকলি হʼব পাৰিবনে নোৱাৰে, তাক তেওঁ জনা নাছিল। লাহে লাহে এদিন দুদিন পাৰ হৈ মাহ হʼবলৈ ধৰিলে আৰু এমাহ দুমাহ পাৰ হৈ বছৰ হৈ গʼল। এনে পৰিস্থিতিত তেওঁক নিৰাশ নহʼবলৈ কি কথাই সহায় কৰিছিল?

ইয়াত উল্লেখ কৰা পদৰপৰা আমি এই উত্তৰ লাভ কৰোঁ: “যিহোৱাই যোচেফৰ সঙ্গী হৈ, তেওঁলৈ দয়া” কৰি থাকিল। (আদিপুস্তক ৩৯:২১) বন্দীশালৰ দেৱাল, লোহাৰ শিকলি বা বন্দীশালৰ কোঠাই নহওঁক কিয়, এনে যিকোনো বস্তুয়ে যিহোৱাৰ প্ৰেমৰপৰা তেওঁৰ বিশ্বাসী সেৱকসকলক কেতিয়াও দূৰ কৰিব নোৱাৰে। (ৰোমীয়া ৮:৩৮, ৩৯) স্বৰ্গত থকা আমাৰ পিতৃ যিহোৱা ঈশ্বৰক যোচেফে নিশ্চয় নিজৰ অন্তৰৰ কথা প্ৰাৰ্থনাৰ যোগেদি জনাইছিল। ইয়াৰ উত্তৰত “সকলো শান্ত্বনাৰ ঈশ্বৰ” যিহোৱাই নিশ্চয় তেওঁক শান্ত্বনা দিছিল। (২ কৰিন্থীয়া ১:৩, ৪; ফিলিপীয়া ৪:৬, ৭) যিহোৱাই যোচেফৰ বাবে আৰু কি কি কৰিলে? যিহোৱাই একেলেথাৰিয়ে তেওঁক আশীৰ্বাদ দিলে আৰু “বন্দীশালৰ অধ্যক্ষৰ অনুগ্ৰহপ্ৰাপ্ত কৰিলে।”

w১৪ ১১/১ ১৫ ¶২

‘এতেকে মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম কৰিব পাৰোঁ?’

ইয়াত উল্লেখ কৰা পদৰপৰা আমি এই উত্তৰ লাভ কৰোঁ: “যিহোৱাই যোচেফৰ সঙ্গী হৈ, তেওঁলৈ দয়া” কৰি থাকিল। (আদিপুস্তক ৩৯:২১) বন্দীশালৰ দেৱাল, লোহাৰ শিকলি বা বন্দীশালৰ কোঠাই নহওঁক কিয়, এনে যিকোনো বস্তুয়ে যিহোৱাৰ প্ৰেমৰপৰা তেওঁৰ বিশ্বাসী সেৱকসকলক কেতিয়াও দূৰ কৰিব নোৱাৰে। (ৰোমীয়া ৮:৩৮, ৩৯) স্বৰ্গত থকা আমাৰ পিতৃ যিহোৱা ঈশ্বৰক যোচেফে নিশ্চয় নিজৰ অন্তৰৰ কথা প্ৰাৰ্থনাৰ যোগেদি জনাইছিল। ইয়াৰ উত্তৰত “সকলো শান্ত্বনাৰ ঈশ্বৰ” যিহোৱাই নিশ্চয় তেওঁক শান্ত্বনা দিছিল। (২ কৰিন্থীয়া ১:৩, ৪; ফিলিপীয়া ৪:৬, ৭) যিহোৱাই যোচেফৰ বাবে আৰু কি কি কৰিলে? যিহোৱাই একেলেথাৰিয়ে তেওঁক আশীৰ্বাদ দিলে আৰু “বন্দীশালৰ অধ্যক্ষৰ অনুগ্ৰহপ্ৰাপ্ত কৰিলে।”

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ৫৫৫

ওনন

(ওনন) [ই এনে এক শব্দৰপৰা ওলাইছে, যাৰ মূল অৰ্থ হৈছে “প্ৰজনন কৰাৰ শক্তি; গতিশীল শক্তি।”]

ওনন যিহূদাৰ আন এক সন্তান আছিল আৰু তেওঁ চূৱা নামৰ এজন কনানীয়া ব্যক্তিৰ জীয়েকৰ যোগেদি জন্ম হৈছিল। (আদি ৩৮:২-৪; ১ বংশা ২:৩) ওননৰ ভায়েক এৰ দুষ্ট আছিল, সেইবাবে যিহোৱাই তেওঁক মৃত্যুদণ্ড দিছিল। যেতিয়া এৰৰ মৃত্যু হৈছিল, তেতিয়ালৈকে তেওঁৰ কোনো সন্তান নাছিল। সেইবাবে, যিহূদাই ওননক কʼলে যে তেওঁ দেওৰেকে কৰিব লগা নিয়মৰ অনুসৰি নিজৰ ভায়েকৰ পত্নী তামাৰক বিবাহ কৰি লওক। এই বিবাহৰ পাছত যদি তেওঁলোকৰ এজন পুত্ৰ জন্ম হয়, তেনেহʼলে সেই সন্তান ওননৰ পৰিৱৰ্তে এৰৰ বংশ হʼব আৰু জ্যেষ্ঠ হোৱাৰ বাবে সেই সন্তানটি সম্পত্তিৰ ভাগ লাভ কৰিব। কিন্তু যদি কোনো পুত্ৰ জন্ম নহয়, তেনেহʼলে সকলো সম্পত্তিৰ অধিকাৰ ওননে লাভ কৰিলেহেঁতেন। যেতিয়া ওননে তামাৰৰ লগত সম্বন্ধ ৰাখিলে, তেতিয়া “মাটিতে বীৰ্য্যপাত কৰিলে।” তেওঁ নিজৰ বীৰ্য্যপাত হস্তমৈথুনৰ দ্বাৰা মাটিত পেলাইছিলনে? নিশ্চয় নহয়, কিয়নো সেই বিবৰণত স্পষ্টকৈ উল্লেখ আছে যে ওননে তামাৰৰ সৈতে “গমন কৰা কালত” এইদৰে কৰিছিল। এই ঘটনাৰপৰা বুজিব পাৰি যে তেওঁ জানি-শুনি তামাৰৰ যৌনাঙ্গত বীৰ্য্যপাত হʼবলৈ নিদিলে। এইদৰে তেওঁ নিজৰ পিতৃ যিহূদাৰ আজ্ঞা পালন কৰা নাছিল, লোভ কৰিছিল আৰু বিবাহৰ পবিত্ৰ ব্যৱস্থাক অপমান কৰিছিল। সেইবাবে, তেওঁ সন্তানহীন হʼল আৰু যিহোৱাই তেওঁক মৃত্যুদণ্ড দিলে।—আদি ৩৮:৬-১০; ৪৬:১২; গণ ২৬:১৯.

w০৪ ১/১৫ ৩০ ¶৪-৫

পাঠকসকলৰ প্ৰশ্ন

যিহূদাই নিজৰ প্ৰতিজ্ঞাৰ অনুসৰি, চেলহৰ বিয়া তামাৰ লগত নিদি, তেওঁৰ লগত বিশ্বাসঘাত কৰিলে। ইয়াৰ উপৰিও, তেওঁ আন এগৰাকী তিৰোতাৰ লগত সম্বন্ধ ৰাখিলে। এইদৰে তেওঁ যিহোৱাৰ উদ্দেশ্যৰ বিৰুদ্ধে পাপ কৰিলে, যাৰ অনুসৰি এজন পুৰুষক কেৱল নিজৰ পত্নীৰ লগতহে শাৰীৰক সম্বন্ধ ৰখা উচিত। (আদিপুস্তক ২:২৪) আচলতে, যিহূদাই কোনো বেশ্যাৰ লগত সম্বন্ধ ৰখা নাছিল। তেওঁ অজানিতে নিজৰ পুত্ৰ, চেলহৰ ঠাই লৈছিল আৰু দেওৰেকৰ নিয়ম পূৰ্ণ কৰিলে আৰু এইদৰে তামাৰৰ সন্তান অবৈধ নহʼল।

তামাৰ যি কৰিছিল, সেয়া অনৈতিক কাৰ্য্য নাছিল। তেওঁৰ যঁজা সন্তানসকলক ব্যভিচাৰী পুত্ৰ বুলি গণ্য কৰা নহয়। যেতিয়া বৈৎলেহমত বাস কৰা বোৱজে দেওৰেক বিবাহৰ ব্যৱস্থাৰ অনুসৰি মোৱাবী ৰূথক আপোন কৰি লয়, তেতিয়া বৈৎলেমহমৰ প্ৰাচীনসকলে তামাৰৰ পুতেক পেৰচৰ ভাল গুণবোৰ উল্লেখ কৰি এইদৰে কয়, “যিহোৱাই সেই যুৱতীৰ পৰা তোমাক যি সন্তান দিব, তাৰ দ্বাৰাই, তামাৰৰ পৰা যিহূদালৈ জন্মা পেৰচৰ বংশৰ দৰে তোমাৰ বংশ হওক।” (ৰূথ ৪:১২) ইয়াৰ উপৰিও, পেৰচৰ নাম যীচু খ্ৰীষ্টৰ বংশৰ তালিকাত উল্লেখ আছে।—মথি ১:১-৩; লূক ৩:২৩-৩৩.

মে’ ১৮-২৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ৪০-৪১

“যিহোৱাই যোচেফক মুকলি কৰালে”

w১৫ ২/১ ১৪ ¶৪-৫

“সপোনৰ অৰ্থ কেৱল যিহোৱাই বৰ্ণনা কৰিব পাৰে”

পান-পাত্ৰ ধৰোঁতাই হয়তো যোচেফৰ বিষয়ে পাহৰি গʼল, কিন্তু যিহোৱাই তেওঁক পাহৰা নাছিল। এদিন নিশা যিহোৱাই ফৰৌণ ৰজাক দুটা সপোন দেখুৱালে। প্ৰথম সপোনত তেওঁ দেখিলে যে নদীৰ পাৰত সাতজনী সুন্দৰ আৰু হৃষ্টপুষ্ট গৰু ওলাই আৰু তাৰ পাছত নদীৰপৰা আৰু সাতজনী কুচ্ছিত আৰু ক্ষীণোৱা গৰু ওলাই। এই সাতজনী কুচ্ছিত আৰু ক্ষীণোৱা গৰুবোৰে, এই সাতজনী সুন্দৰ আৰু হৃষ্টপুষ্ট গৰুবোৰক গিলি পেলাই। দ্বিতীয় সপোনত তেওঁ দেখিলে যে ঘেঁহুৰ একে ডাল ঠাৰিতে গুটিৰে ভৰা উত্তম সাতোটা থোক ওলাল। ইয়াৰ পাছত পতমুৱা আৰু পূবৰ বতাহত শুকুৱা এনে সাতোটা থোক ওলাল আৰু এই লেৰেলা থোকে গুটিৰে ভৰা সেই সাতোটা পূৰ থোক গিলি পেলাই। পুৱা হʼলত, ফৰৌণৰ মন অস্থিৰ হয়। তেওঁ মিচৰ দেশৰ সকলো শাস্ত্ৰজ্ঞ আৰু বিদ্বানলোকক মাতিলে, যাতে তেওঁলোকে তেওঁৰ সপোনৰ ফলিতা দিব পাৰে। কিন্তু, তেওঁলোকৰ মাজৰ কোনেও সপোনৰ ফলিতা দিব নোৱাৰে। (আদিপুস্তক ৪১:১-৮) হয়তো সেই শাস্ত্ৰজ্ঞ আৰু বিদ্বানসকলে একো বুজি নাপালে বা তেওঁলোকৰ মন্তব্য এজনে-আনজনৰ লগত মিল নাছিল। আমি ইয়াৰ বিষয়ে স্পষ্টকৈ নাজানোঁ। কিন্তু, এয়া সঁচা যে ফৰৌণৰ নিশ্চয় খং উঠিছিল আৰু তেওঁ সপোনৰ অৰ্থ জানিবলৈ উচ্ছুক আছিল।

অৱশেষত, পান-পাত্ৰ ধৰোঁতাৰ যোচেফৰ বিষয়ে মনত পৰে! তেওঁ ফৰৌণক যোচেফৰ বিষয়ে কʼবলৈ পাহৰি যোৱাৰ বাবে দুখী অনুভৱ কৰিছিল। পান-পাত্ৰ ধৰোঁতাই ফৰৌণক কʼলে যে যোচেফে কেনেকৈ দুবছৰ আগত তেওঁৰ আৰু বৰ চাংমাইৰ সপোনৰ ফলিতা সঠিকভাৱে অৰ্থ বুজাইছিল। এই কথা শুনি ফৰৌণে লগে লগে যোচেফক বন্দীশালৰপৰা মুকলি কৰালে।—আদিপুস্তক ৪১:৯-১৩.

w১৫ ২/১ ১৪-১৫

“সপোনৰ অৰ্থ কেৱল যিহোৱাই বৰ্ণনা কৰিব পাৰে”

যিহোৱাই নম্ৰ আৰু বিশ্বাসী লোকসকলক প্ৰেম কৰে। সেইবাবে, তেওঁ শাস্ত্ৰজ্ঞ আৰু বিদ্বানসকলৰ পৰিৱৰ্তে যোচেফকহে ফৰৌণৰ সপোনৰ অৰ্থ কৈছিল। যোচেফে ফৰৌণক জনালে যে তেওঁৰ দুয়োটা সপোনৰ অৰ্থ একেটাই। দুবাৰ সপোন দেখুৱাই যিহোৱাই জনাব বিচাৰিছিল যে তেওঁ যি প্ৰতিজ্ঞা কৰিছে, “তাক শীঘ্ৰে ঘটাবও।” সাতজনী সুন্দৰ গৰু আৰু গুটিৰে ভৰা সাতোটা থোকৰ অৰ্থ হৈছে, সাত বছৰলৈকে প্ৰচুৰ পৰিমাণে শস্য উৎপন্ন হʼব আৰু সাতজনী কুচ্ছিত আৰু ক্ষীণোৱা গৰু আৰু পতমুৱা আৰু পূবৰ বতাহত শুকুৱা সাতোটা থোকৰ অৰ্থ হৈছে, সাত বছৰৰ বাবে আকাল হʼব। এই আকাল প্ৰচুৰ পৰিমাণে শস্য উৎপাদন হোৱা বছৰৰ পাছত হʼব। এই আকাল সকলো দেশৰ উৎপাদন শেষ কৰিব।—আদিপুস্তক ৪১:২৫-৩২.

w১৫ ২/১ ১৫ ¶৩

“সপোনৰ অৰ্থ কেৱল যিহোৱাই বৰ্ণনা কৰিব পাৰে”

ফৰৌণে নিজৰ কথা পূৰ কৰিছিল। যোচেফক মিহি শণ সূতাৰ কাপোৰ পিন্ধোৱা হʼল। ইয়াৰ উপৰিও ফৰৌণে তেওক নিজৰ মোহৰ মৰা আঙুঠি দিলে, সোণৰ হাৰ পিন্ধালে, আৰু দ্বিতীয় ৰথত তোলালে। লগতে, যোচেফক গোটেই দেশৰখনৰ ওপৰত নিযুক্ত কৰিলে আৰু নিজৰ পৰিকল্পনা অনুসৰি কাম কৰিবলৈ অধিকাৰ দিলে। (আদিপুস্তক ৪১:৪২-৪৪) যোচেফে নিশাৰ ভিতৰতে বন্দীশালৰপৰা ৰাজগৃহত পালেগৈ। খন্তেকতে তেওঁ বন্দীৰপৰা মুকলি হৈ মিচৰ দেশৰ প্ৰধান মন্ত্ৰী হʼল। যোচেফক যিহোৱাৰ ওপৰত ভৰসা আছিল আৰু যিহোৱা ঈশ্বৰেও তেওঁৰ লগত ভৰসা দেখুৱালে। যোচেফৰ লগত যি অন্যায় হৈছিল, সেয়া যিহোৱাই ভালদৰে জানিছিল। যোচেফৰ লগত হোৱা অন্যায়ক যিহোৱাই সঠিক সময়ত আৰু সঠিক উপায়েৰে সমাধান কৰিছিল আৰু ভৱিষ্যতে হʼবলগীয়া ইস্ৰায়েল ৰাষ্ট্ৰক ধ্বংস হোৱাৰপৰা ৰক্ষা কৰিছিল। কেনেকৈ বাৰু? এয়া পৰৱৰ্ত্তী লেখত আলোচনা কৰা হʼব।

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৫ ১১/১ ৯ ¶১-৩

আপুনি জানেনে?

ফৰৌণৰ ওচৰলৈ যোৱাৰ আগতে যোচেফে কিয় নিজৰ মূৰ খুৰালে?

আদিপুস্তক কিতাপখনৰপৰা বুজিব পাৰি যে ফৰৌণে নিজৰ সপোনৰ অৰ্থ জানিবলৈ উচ্ছুক আছিল। সেইবাবে, তেওঁ আদেশ দিলে যে যোচেফক অতি সোনকালে বন্দীশালৰপৰা মুকলি কৰা হয়। যোচেফৰ বন্দীশালত থকা কিছুবছৰপাৰ হৈ গৈছিল। যদিও ফৰৌণে যোচেফক সোনকালে মাতিছিল, তথাপিও যোচেফে সময় ওলিয়াই নিজৰ মূৰ খুৰালে। (আদিপুস্তক ৩৯:২০-২৩; ৪১:১, ১৪) যদিও এই কথাটো ইমান অৰ্থ নাৰাখে, কিন্তু ইয়াৰপৰা বুজিব পাৰি যে যোচেফে মিচৰ দেশৰ ৰীতি-নিয়মবোৰ জানিছিল।

প্ৰাচীন সময়ত বহুতো দেশত দাড়ি ৰখাটো সাধাৰণ কথা আছিল আৰু ইব্ৰীয়াবিলাকেও এইদৰে কৰিছিল। কিন্তু মেক্লিন্টʼক আৰু ষ্ট্ৰঙ্গৰ এখন বিশ্বকোষৰ অনুসৰি, “প্ৰাচীন সময়ৰ দেশৰ ভিতৰত মিচৰ এনে এখন দেশ আছিল, যʼত লোকসকলে দাড়ি নাৰাখিছিল।”

যোচেফে কেৱল দাড়ি খুৰালেনে? বিবিলিক্‌ল আৰ্কিয়ʼলজি ৰিভিউ নামৰ এখন প্ৰকাশনে বৰ্ণনা কৰে যে মিচৰ দেশৰ কিছুমান ৰীতি-নিয়মৰ অনুসৰি এজন ব্যক্তিয়ে মন্দিৰলৈ যোৱাৰ আগতে যিদৰে প্ৰস্তুতি কৰে, ঠিক সেইদৰে ফৰৌণৰ সন্মুখত উপস্থিত হʼবলৈও প্ৰস্তুতি কৰাৰ প্ৰয়োজন হৈছিল। সেইবাবে হয়তো, যোচেফে নিজৰ শৰীৰ আৰু মূৰৰ চুলি খুৰাবলগীয়া হৈছিল।

w০৯ ১১/১৫ ২৮ ¶১৪

ঈশ্বৰৰ সেৱকসকলে ভাল ব্যৱহাৰ কৰা উচিত

১৪ প্ৰাচীন সময়ত ঈশ্বৰক ভয় কৰোঁতা পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক ঘৰতে আনৰ লগত ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকাইছিল। লক্ষ্য কৰক, আদিপুস্তক ২২:৭ পদত অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইচহাকে কেনেকৈ এজনে আনজনৰ লগত সন্মানেৰে কথা পাতিছিল। যোচেফৰ উদাহৰণেও দেখুৱাই যে তেওঁ নিজৰ পিতৃ-মাতৃৰপৰা ভাল ব্যৱহাৰ কৰিবলৈ শিক্ষা লাভ কৰিছিল। তেওঁ যেতিয়া বন্দীশালত আছিল, তেতিয়াও তেওঁ আন বন্দীসকলৰ লগত সন্মানেৰে ব্যৱহাৰ কৰিছিল। (আদি. ৪০:৮, ১৪) তেওঁ যিদৰে ফৰৌণৰ লগত কথা পাতিছিল তাৰপৰা জানিব পাৰি যে তেওঁ অধিকাৰীসকলৰ লগত কেনেকৈ কথা-বতৰা কৰা উচিত তাৰ বিষয়ে তেওঁ ভালদৰে জানিছিল।—আদি. ৪১:১৬, ৩৩, ৩৪.

মে’ ২৫-৩১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আদিপুস্তক ৪২-৪৩

“যোচেফে আত্মসংযম দেখুৱালে”

w১৫ ৭/১ ১৩ ¶৫

“মই জানো ঈশ্বৰৰ প্ৰতিনিধি?”

যোচেফে নিজৰ ককায়েকহঁতক দেখাৰ লগে লগে চিনি পালে! তেওঁলোকক প্ৰণিপাত কৰা দেখি, তেওঁক সৰুকালৰ কথা মনত পৰিলে। বাইবেলত উল্লেখ আছে যে যোচেফে “যি কেইটা সপোন দেখিছিল,” তেওঁৰ মনত পৰিল। এই সপোনত তেওঁ কৈছিল যে এনে এটা সময় আহিব, যেতিয়া তেওঁৰ ককায়েকহঁতে তেওঁক প্ৰণিপাত কৰিব আৰু এতিয়া এইদৰেই ঘটিছিল! (আদিপুস্তক ৩৭:২, ৫-৯; ৪২:৭, ৯) এতিয়া যোচেফে কি কৰিব? তেওঁ তেওঁলোকক সাৱটি ধৰিব নে প্ৰতিশোধ লʼব?

w১৫ ৭/১ ১৪ ¶১

“মই জানো ঈশ্বৰৰ প্ৰতিনিধি?”

আপুনি হয়তো নিজৰ জীৱনত এনেধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া নহয়। কিন্তু বৰ্তমান সময়ত পৰিয়ালত হাই-কাজিয়া হোৱা আৰু পৰিয়াল ভাঙি যোৱাটো এক সাধাৰণ কথা। যদি আমি এনেধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, তেনেহʼলে হয়তো আমি নিজৰ মনৰ কথা শুনি আৰু আবেগিক হৈ নিৰ্ণয় লʼব পাৰোঁ। কিন্তু আমি যোচেফৰ দৰে বুদ্ধিমতাৰে কাম কৰা উচিত আৰু যিহোৱাই বিচৰাৰ দৰে সমস্যাৰ সমাধান কৰা উচিত। (হিতোপদেশ ১৪:১২) মনত ৰাখিব যে পৰিয়ালৰ সদস্যৰ লগত শান্তি বজাই ৰখাটো অতি প্ৰয়োজন, কিন্তু যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ লগত শান্তি বজাই ৰখাটো তাতকৈ প্ৰয়োজন।—মথি ১০:৩৭.

w১৫ ৫/১ ১৪ ¶২

“মই জানো ঈশ্বৰৰ প্ৰতিনিধি?”

যোচেফে নিজৰ ককায়েকহঁতৰ মন চালি-জাৰি চাবলৈ কেইবাৰো পৰীক্ষা কৰিলে। প্ৰথমে, তেওঁ এজন অনুবাদৰ যোগেদি নিজৰ ককায়েকহঁতৰ লগত কঠোৰতাৰে কথা পাতিলে আৰু তেওঁলোকৰ ওপৰত বিদেশী চোৰাংচোৱা বুলি অভিযোগ লগাইছিল। নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ তেওঁলোকে নিজৰ পৰিয়ালৰ বিষয়ে তেওঁক জনাই। তেওঁলোকে যোচেফক এয়াও জনাই যে ঘৰত তেওঁলোকৰ এজন সৰু ভায়েক আছে। যোচেফে এই বিষয়ে জানি বহুত আনন্দিত হয়, কিন্তু নিজৰ আনন্দ তেওঁলোকৰ আগত প্ৰকাশ নকৰে। তেওঁ ভাবিছিল যে, ‘মোৰ সৰু ভায়েক এতিয়াও জীয়াই আছেনে?’ যোচেফে তেওঁলোকৰ পৰীক্ষা কৰিবলৈ এটা উপায় বিচাৰিলে। তেওঁ কʼলে, “ইয়াৰেই তহঁতৰ পৰীক্ষা কৰা হব” আৰু তেওঁলোকক সৰু ভায়েকক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিয়ে। কিছুসময়ৰ পাছত তেওঁ তেওঁলোকক কʼলে যে যদি তেওঁলোকৰ মাজৰ এজনে মিচৰ দেশত বন্দী হৈ থাকে, তেনেহʼলে তেওঁ আন ভাইসকলক ঘৰলৈ গৈ তেওঁলোকৰ সৰু ভায়েকক আনিবলৈ অনুমতি দিব।—আদিপুস্তক ৪২:৯-২০.

it-২ ১০৮ ¶৪

যোচেফ

যোচেফৰ ককায়েকহঁতে ভাবিছিল যে ঈশ্বৰে তেওঁলোকক শাস্তি দিছে, কিয়নো কেইবাবছৰ আগতে তেওঁলোকে নিজৰ ভায়েক যোচেফক দাস হিচাপে বেচি দিছিল। যোচেফ তেওঁলোকৰ কাষতে আছিল, তেওঁলোকে তেওঁক চিনি নাপালে আৰু তেওঁৰ ওচৰতে তেওঁলোকে নিজৰ ভুলৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। ইয়াক দেখি যোচেফে আবেগিক হয় আৰু দূৰত গৈ কান্দিব ধৰিলে। ইয়াৰ পাছত তেওঁ পুনৰ তেওঁলোকৰ ওচৰত আহিল আৰু চিমিয়োনক বন্দী কৰি থ‘লে যেতিয়ালৈকে তেওঁলোকৰ সৰু ভায়েকক যোচেফৰ সন্মুখত উপস্থিত নকৰে।—আদি ৪২:২১-২৪.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ৭৯৫

ৰূবেণ

ৰূবেণৰ বহুতো ভাল গুণ আছিল। আমি এয়া কিয় কʼব পাৰোঁ? কিয়নো যেতিয়া যোচেফৰ ন জন ককায়েকহঁতে তেওঁক হত্যা কৰিব বিচাৰিছিল, তেতিয়া ৰূবেণে তেওঁলোকক এনে কৰিবলৈ বাধা দিছিল। ৰূবেণে তেওঁৰ ককায়েকহঁতক কৈছিল যে যোচেফক বধ কৰা পৰিৱৰ্তে তেওঁক গাঁতত পেলাই দিয়া। ৰূবেণে ভাবিছিল যে তেওঁ পাছত মনে মনে আহি, যোচেফক গাঁতৰপৰা উলিয়াই তেওঁৰ পিতৃৰ ওচৰলৈ উভটাই লয় যাব। (আদি ৩৭:১৮-৩০) প্ৰায় বিশ বছৰৰ পাছত, যেতিয়া যোচেফৰ ককায়েকহঁতক মিচৰ দেশৰ চোৰাংচোৱা বুলি অভিযোগ কৰা হৈছিল, তেতিয়া তেওঁলোকে এজনে-আনজনক কৈছিল যে তেওঁলোকে নিজৰ ভায়েকৰ লগত যি কৰিছিল, তাৰ বাবে আজি তেওঁলোকে ভুগিবলগীয়া হৈছে। সেইসময়ত ৰূবেণে তেওঁলোকক মনত পেলাই দিয়ে যে তেওঁ নিজৰ ককায়েকহঁতৰ ষড়যন্ত্ৰৰ ভাগ নহয়। (আদি ৪২:৯-১৪, ২১, ২২) যোচেফৰ ককায়েকহঁতে যেতিয়া দ্বিতীয়বাৰ মিচৰলৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিতৃ যাকোবে বিন্যমীনক তেওঁলোকৰ লগত লৈ যাবলৈ অনুমতি নিদিয়ে। সেইসময়ত ৰূবেণে নিজৰ দুজন পুত্ৰক যাকোবক দিলে আৰু কʼলে যে, “মই যদি তাক তোমাৰ ওচৰলৈ আকৌ নানো, তেতিয়া মোৰ দুই পুত্ৰকে বধ কৰিবা।”—আদি ৪২:৩৭.

w০৪ ২/১ ৩১ ¶১

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—২

৪৩:৩২—এজন হিব্ৰু ব্যক্তিৰ সৈতে একেলগে আহাৰ কৰাটো এজন মিচৰীয়া ব্যক্তিৰ বাবে কিয় ঘৃণনীয় বিষয় আছিল? ইয়াৰ মূল কাৰণ আছিল ধৰ্ম্মীয় পক্ষপাত বা জাতিগত অহঙ্কাৰ। তদুপৰি মিচৰীয়াসকলে পশুপালকবিলাকক ঘৃণা কৰিছিল। (আদিপুস্তক ৪৬:৩৪) কিয় ঘৃণা কৰিছিল? কিয়নো পশুপালকবিলাকক মিচৰীয়াসকলে সাধাৰণভাৱে তেওঁলোকৰ ৰীতি-ব্যৱস্থাৰ অনুসাৰে নিম্ন জাতি যেন জ্ঞান কৰিছিল। অথবা চৰণীয়া পথাৰ সীমিত হোৱাৰ বাবে যিসকলে নিজৰ জীৱ-জন্তুক চৰাবলৈ তালৈ আনিছিল তেওঁলোকক হেয়জ্ঞান কৰিছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক