খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সৃষ্টিয়ে আমাক সাহসৰ বিষয়ে কি শিকায়?
যিহোৱাই আমাক তেওঁৰ দৰে গুণ বিকশিত কৰিবলৈ শিকায়। তেওঁ এয়া কেনেকৈ কৰে? তেওঁ বাইবেলত দিয়া লোকসকলৰ উদাহৰণৰ যোগেদি শিকায়। ইয়াৰ উপৰিও তেওঁ সৃষ্টিৰ যোগেদিও আমাক শিকায়। (ইয়ো ১২:৭, ৮) সাহসৰ বিষয়ে আমি সিংহ, ঘোঁৰা, নেউল, হামিংবাৰ্ড আৰু হাতীৰ যোগেদি কি শিকিব পাৰোঁ?
সাহসেৰে কাম কৰিবলৈ সৃষ্টিৰপৰা শিকক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
মাইকী সিংহবিলাকে নিজৰ পোৱালিবোৰক ৰক্ষা কৰাৰ সময়ত কেনেকৈ সাহস দেখুৱাই?
সাহসেৰে যুদ্ধ কৰিবলৈ ঘোঁৰাক কেনেকৈ প্ৰশিক্ষণ দিয়া হয়?
নেউলে কিয় বিষাক্ত সাপক ভয় নকৰে?
হামিংবাৰ্ড সৰু হোৱাৰ সত্ত্বেও কেনেকৈ সাহসৰ প্ৰমাণ দিয়ে?
হাতী কেনেকৈ সাহসেৰে, আন হাতীবোৰক সহায় কৰিবলৈ আগবাঢ়ি আহে?
এই জন্তুবোৰৰপৰা আপুনি সাহসৰ বিষয়ে কি শিকিব পাৰে?