ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ৮ পৃষ্ঠা ১১
  • শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • “দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মহান শিক্ষকজনক অনুকৰণ কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ৮ পৃষ্ঠা ১১

অধ্যায় ৮

শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ

Cited scripture

মথি ১৩:৩৪, ৩৫

সাৰাংশ: শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ শিকাবলৈ সহজ-সৰল দৃষ্টান্ত ব্যৱহাৰ কৰক।

ইয়াক কেনেকৈ কৰিব:

  • সহজ-সৰল দৃষ্টান্ত নিৰ্ব্বাচন কৰক। যীচুৰ দৰে, সৰু সৰু বিষয়েৰে গভীৰ বিষয়বোৰ বৰ্ণনা কৰক আৰু সহজ বিষয়েৰে কঠিন বিষয়বোৰ তুলি ধৰক। দৃষ্টান্তটো বুজিবলৈ যাতে কঠিন হৈ নপৰে, তাৰ বাবে অপ্ৰয়োজনীয় তথ্যবোৰ তুলি নধৰিব। শ্ৰোতাসকলে যাতে মিল নথকা দৃষ্টান্তটোৰ বাবে অন্যমনস্ক নহয়, তাৰ বাবে আপুনি নিশ্চিত কৰা উচিত হʼব যে দৃষ্টান্তটোৰ দিশবোৰ, আপুনি আগবঢ়োৱা শিক্ষাৰ লগত সঁচাকৈ মিল আছে নে নাই।

    ব্যৱহাৰিক পৰামৰ্শ

    বিভিন্ন বিষয় লক্ষ্য কৰক। আপোনাৰ চাৰিওফালে থকা পৰিৱেশলৈ ধ্যান দিয়ক, বাইবেল আধাৰিত প্ৰকাশনবোৰ অধ্যয়ন কৰক আৰু নিপুণ শিক্ষকসকলৰ ভাষণ শুনক। আপুনি যিবোৰ দৃষ্টান্ত লাভ কৰিব, সেইবোৰ লিখি ৰাখক, যাতে আপুনি আগলৈ আপোনাৰ শিক্ষাত ব্যৱহাৰ কৰিব পাৰে। এই দৃষ্টান্তবোৰ কোনো এখন ফাইলত ৰাখক।

  • শ্ৰোতাসকলৰ বিষয়ে মনত ৰাখক। এনে কিছুমান দৃষ্টান্ত নিৰ্ব্বাচন কৰক, যʼত দৈনন্দিন জীৱনৰ কাম-কাজ আৰু শ্ৰোতাসকলে আগ্ৰহী হোৱা বিষয়বোৰ জড়িত আছে। কিন্তু মনত ৰখা উচিত হʼব যে আপুনি ব্যৱহাৰ কৰা দৃষ্টান্তই যাতে শ্ৰোতাসকলক লজ্জিত নকৰে অথবা মনত আঘাত নিদিয়ে।

  • মূল বিষয়টো শিকাওক। দৃষ্টান্তটোৰ মূল বিষয়বোৰৰ ওপৰত ধ্যান দিয়ক, সৰু সৰু বিষয়ৰ ওপৰত নহয়। নিশ্চিত কৰক যে আপোনাৰ শ্ৰোতাসকলে কেৱল দৃষ্টান্তটো মনত ৰখাই নহয়, কিন্তু ইয়াৰপৰা লাভ কৰা শিক্ষাও যেন মনত ৰাখিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক