খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সৃষ্টিয়ে যিহোৱাৰ বুদ্ধিৰ ওপৰত আমাৰ ভৰসা বঢ়ায়
আমাৰ বাবে কি ভাল হয়, সেয়া যিহোৱাই ভালদৰে জানে। এই কথাৰ ওপৰত যদি আমাৰ বিশ্বাস বাঢ়িব, তেনেহʼলে আমি তেওঁৰ আজ্ঞা মানিম। এইদৰে কৰাটো বুদ্ধিমত্তাৰ কাম হʼব। (হিতো ১৬:৩, ৯) কিন্তু যেতিয়া তেওঁৰ চিন্তাধাৰা আমাৰ চিন্তাধাৰাৰ লগত নিমিলে, তেতিয়া তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাক কঠিন লাগিব পাৰে। যদি আমি সৃষ্টিৰ ওপৰত ধ্যান কৰোঁ, তেনেহʼলে আমি গম পাওঁ যে যিহোৱা কিমান বুদ্ধিমান হয় আৰু তেওঁৰ ওপৰত আমাৰ ভৰসা বাঢ়ে।—হিতো ৩০:২৪, ২৫; ৰোম ১:২০.
ইয়াক সৃষ্টি কৰা হৈছিল নেকি? পৰুৱাই ইটোৱে-সিটোক কিয় খুন্দা নামাৰে? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
পৰুৱাবোৰে প্ৰতিদিনে কি কৰে?
পৰুৱাই ইটোৱে-সিটোক খুন্দা নমৰাকৈ কিয় যাব পাৰে?
পৰুৱাৰপৰা মানুহে কি শিকিব পাৰে?
ইয়াক সৃষ্টি কৰা হৈছিল নেকি? ভোমোৰাই বেগেৰে বলা বতাহতো উৰিব পাৰে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
সৰু উৰা জাহাজ চলাওতে কি কি সমস্যা হয়?
ভোমোৰাই বেগেৰে বলা বতাহত কেনেকৈ উৰিব পাৰে?
ভোমোৰাৰ বুদ্ধি দেখি মানুহে আগলৈ গৈ কি আৱিষ্কাৰ কৰিব পাৰে?
আপুনি যʼত থাকে, সেই ঠাইৰ সৃষ্টিৰ কি বস্তু দেখি যিহোৱা বুদ্ধিমান হয় বুলি আপোনাৰ বিশ্বাস হʼল?