ভাগ ৬
যীচুৰ জন্মৰপৰা তেওঁৰ মৃত্যুলৈকে
ঈশ্বৰে গাব্ৰিয়েল স্বৰ্গদূতক মৰিয়ম নামৰ এজনী গাভৰু ছোৱালীৰ ওচৰলৈ পঠিয়ালে। স্বৰ্গদূতজনে মৰিয়মক কʼলে যে তাই এটা পুত্ৰ সন্তানৰ জন্ম দিব আৰু পাছলৈ এই সন্তানটিয়ে অনন্ত কালৰ বাবে ৰজা হিচাপে শাসন কৰিব। এই সন্তানটিৰ জন্ম আস্তাবলত হৈছিল আৰু তাৰ নাম হৈছে যীচু। এই শিশুক চাবলৈ কেইজনমান ভেড়াৰখীয়া আহিছিল। পূবফালৰপৰা অহা কিছুমান লোকক এটা তৰাই শিশু থকা ঘৰটোলৈ পৰিচালিত কৰিছিল। তেওঁলোকক এই তৰাটো কোনে দেখুৱাইছিল আৰু কেনেকৈ শত্ৰুবিলাকৰপৰা যীচুৰ প্ৰাণ ৰক্ষা পৰিল, তাৰ বিষয়ে আমি শিকিবলৈ পাম।
বাৰ বছৰ বয়সত যীচুয়ে মন্দিৰত শিক্ষকসকলৰ লগত শাস্ত্ৰৰ বিষয়ে আলোচনা কৰে। এই ঘটনাৰ ১৮ বছৰৰ পাছত যীচুৰ বাপ্তিষ্মা হয়। বাপ্তিষ্মাৰ পাছত তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা আৰু শিক্ষা দিয়া কামত ব্যস্ত হৈ পৰে। এই কাৰ্য্যৰ বাবেহে ঈশ্বৰে তেওঁক পৃথিৱীলৈ পঠিয়াইছিল। ঘোষণা কৰা কাৰ্য্যত সহায় কৰিবলৈ যীচুয়ে ১২জন লোকক নিৰ্ব্বাচন কৰে আৰু তেওঁলোকক নিজৰ শিষ্য কৰি লয়।
যীচুয়ে বহুতো আচৰিত কাৰ্য্যও কৰিছিল। তেওঁ কেইটামান মাছ আৰু পিঠাৰে হাজাৰ হাজাৰ লোকক আহাৰ খুৱাইছিল। যীচুয়ে বেমাৰী লোকক সুস্থ কৰিছিল। আনকি তেওঁ মৃত ব্যক্তিকো পুনৰ জীৱিত কৰিছিল। যীচুৰ জীৱনৰ অন্তিম সময়ছোৱাত হোৱা ঘটনাবোৰৰ বিষয়ে আমি শিকিবলৈ পাম। ইয়াৰ লগতে তেওঁৰ মৃত্যু কেনেকৈ হʼল, তাৰ বিষয়েও আমি শিকিম। যীচুয়ে প্ৰায় চাৰে তিনিবছৰ ধৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল। এই ষষ্ঠম ভাগত ৩৪ বছৰতকৈ অধিক সময়ৰ বিৱৰণ আছে।