ভাগ ৭
যীচুৰ পুনৰুত্থানৰপৰা পৌলক বন্দী কৰালৈকে
মৃত্যুৰ পাছত তৃতীয়দিনাখন যীচুৰ পুনৰুত্থান হৈছিল। সেইদিনাখনেই তেওঁ পাঁচবাৰ নিজৰ শিষ্যসকলক দেখা দিছিল। এইদৰে যীচুয়ে ৪০ দিনলৈকে তেওঁলোকক দেখা দিয়ে। ইয়াৰ পাছত কিছুমান শিষ্যৰ উপস্থিতিত তেওঁ স্বৰ্গলৈ যায়। এই ঘটনাৰ দহদিনৰ পাছত, যিৰূচালেমত একগোট হোৱা যীচুৰ শিষ্যসকলৰ ওপৰত ঈশ্বৰে পবিত্ৰ আত্মা দিয়ে।
ইয়াৰ পাছত ঈশ্বৰৰ শত্ৰুবিলাকে কেইজনমান পাঁচনিক বন্দীশালত ৰাখিলে, কিন্তু আচৰিতভাৱে এজন স্বৰ্গদূতে তেওঁলোকক মুক্ত কৰে। স্তিফান নামৰ যীচুৰ শিষ্য এজনক বিৰোধীসকলে শিল দলিয়াই বধ কৰিলে। কিন্তু বিৰোধীবিলাকৰ এজনক যীচুয়ে কেনেকৈ নিজৰ বিশেষ শিষ্য হিচাপে নিৰ্ব্বাচন কৰে, তাৰ বিষয়ে আমি শিকিবলৈ পাম। এই শিষ্যজন পাঁচনি পৌল নামেৰে পৰিচিত হয়। যীচুৰ মৃত্যুৰ চাৰে তিনিবছৰৰ পাছত ঈশ্বৰে পাঁচনি পিতৰক, কৰ্ণীলিয় আৰু তেওঁৰ পৰিয়ালৰ ওচৰলৈ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ পঠিয়ায়। কৰ্ণীলিয় আৰু তেওঁৰ পৰিয়ালৰ লোকসকল কিন্তু যিহূদী নাছিল।
প্ৰায় ১৩ বছৰৰ পাছত পৌলে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ প্ৰথম যাত্ৰা আৰম্ভ কৰে। পৌলৰ দ্বিতীয় যাত্ৰাৰ সময়ছোৱাত তীমথিয় নামৰ এজন শিষ্যই তেওঁৰ লগত যোগ দিয়ে। পৌল আৰু তেওঁৰ লগত যোগ দিয়া শিষ্যসকলে ঈশ্বৰৰ সেৱাত কেনেধৰণৰ অভিজ্ঞতা লাভ কৰে, তাৰ বিষয়ে আমি শিকিবলৈ পাম। অৱশেষত পৌলক ৰোমত বন্দী কৰা হয়। দুবছৰৰ পাছত তেওঁক বন্দীশালৰপৰা মুকলি কৰা হয়। কিন্তু পৌলে বেছিদিনলৈ ইয়াৰ আনন্দ লʼব নোৱাৰিলে। তেওঁক আকৌ বন্দী কৰা হয় আৰু পাছলৈ তেওঁক বধ কৰা হয়। এই সপ্তম ভাগত প্ৰায় ৩২ বছৰজোৰা ইতিহাস বৰ্ণনা আছে।