ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ৫
  • ঈশ্বৰৰ বাক্যৰ ওপৰত নিজৰ বিশ্বাস বঢ়াওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্যৰ ওপৰত নিজৰ বিশ্বাস বঢ়াওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ৫
ছবি: এজনী যুৱতী ভনীয়ে বাইবেল পঢ়ি আছে আৰু তাৰ অধ্যয়ন কৰি আছে। ১. তাই এখন হোৱাইট বোৰ্ডত বাইবেলৰ লোকসকলৰ বিষয়ে সময়-ৰেখা বনাই আছে। ২. তাই jw.org-ত “নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌” বাইবেলৰ অধ্যয়ন সংস্কৰণ পঢ়ি আছে। ৩. তাই বাইবেলত কোৱা ঠাইবোৰৰ মেপ চাই আছে। ৪. তাই মহোপুৰোহিতৰ ছবি আঁকি আছে আৰু তেওঁৰ কাপোৰৰ বেলেগ বেলেগ অংশৰ নাম লিখি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰৰ বাক্যৰ ওপৰত নিজৰ বিশ্বাস বঢ়াওক

বাইবেলত ভাল পৰামৰ্শ আৰু নিৰ্দেশনাবোৰ দিয়া আছে। এইবোৰ পালন কৰিলে আমাৰ জীৱন সলনি হʼব পাৰে। (ইব্ৰী ৪:১২) কিন্তু বাইবেলখন সঁচাকৈ “ঈশ্বৰৰ বাক্য” হয় বুলি বিশ্বাস কৰিলেহে আমাৰ জীৱন সলনি হʼব। (১থিচ ২:১৩) আমি কেনেকৈ বাইবেলৰ ওপৰত নিজৰ বিশ্বাস বঢ়াব পাৰোঁ?

প্ৰতিদিনে বাইবেলৰ কিছু অংশ পঢ়ক। বাইবেলখন পঢ়াৰ সময়ত এনে কিছুমান কথাৰ ওপৰত ধ্যান দিয়ক, যাৰ পৰা ইয়াৰ লেখক যিহোৱা বুলি প্ৰমাণ হয়। উদাহৰণস্বৰূপে, হিতোপদেশ কিতাপত দিয়া পৰামৰ্শৰ ওপৰত ধ্যান দিয়ক আৰু মন কৰক যে আজিও এই পৰামৰ্শবোৰ কিমান লাভজনক!—হিতো ১৩:২০; ১৪:৩০.

কোনো এটা বিষয়ত গভীৰভাৱে অধ্যয়ন কৰক। এনে প্ৰমাণবোৰ চালি-জাৰি চাওক, যাৰ পৰা জানিব পাৰি যে বাইবেলখন ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে। যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) “বাইবেল” ভাগৰ তলত “ঈশ্বৰৰ প্ৰেৰণাৰে লিখা” ভাগত দিয়া লেখ পঢ়ক। ইয়াৰ উপৰিও নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ বাইবেলৰ অতিৰিক্ত লেখ ক৩-ত দিয়া তথ্যবোৰো অধ্যয়ন কৰিব পাৰে। এনে কৰিলে আপোনাৰ বিশ্বাস বাঢ়িব যে যিহোৱাই আৰম্ভণিতে বাইবেলত যি বাৰ্তা লিখাইছিল, সেই একেই বাৰ্তা আজিও বাইবেলত পোৱা যায়।

আমি কিয় বিশ্বাস কৰোঁ . . . ঈশ্বৰৰ বাক্যৰ ওপৰত নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মিচৰৰ কৰ্ণকৰ মন্দিৰৰ দেৱালত যিবোৰ ছবি বিচাৰি পোৱা গʼল, সেইবোৰ অনুসন্ধান কৰি কেনেকৈ প্ৰমাণ হʼল যে ঈশ্বৰৰ বাক্য সত্য হয়?

  • বাইবেলৰ বাৰ্তা সলনি হোৱা নাই বুলি আমি কেনেকৈ জানিব পাৰোঁ?

  • বাইবেলখন আজিও সুৰক্ষিত হৈ আছে, ইয়াৰ পৰা আপুনি কিয় বিশ্বাস কৰে যে ই ঈশ্বৰৰ বাক্য?—যিচয়া ৪০:৮ পঢ়ক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক