ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g21 নং ১ পৃষ্ঠা ৬-৭
  • সকলোৰে লগত কেনেকৈ ভাল সম্পৰ্ক বজাই ৰাখিব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সকলোৰে লগত কেনেকৈ ভাল সম্পৰ্ক বজাই ৰাখিব পাৰি?
  • সচেতন থাকক!—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এজনে-আনজনক ক্ষমা কৰক
  • নম্ৰ হৈ থাকক আৰু সকলোকে সন্মান কৰক
  • পক্ষপাত নকৰিব
  • শান্ত আৰু মৃদু স্বভাৱৰ হওক
  • দানশীল আৰু কৃতজ্ঞ হওক
  • উদাৰশীল হওক
    সচেতন থাকক!—২০২৫
  • “এই সৰুবিলাকৰ মাজৰ এজনোকো” উজুটি নোখোৱাব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱাই আপোনাক ক্ষমা কৰিছে—আপুনি আনক ক্ষমা কৰিব নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
সচেতন থাকক!—২০২১
g21 নং ১ পৃষ্ঠা ৬-৭
এটা পৰিয়ালে নিজৰ ঘৰত খোৱাৰ বাবে আলহী মাতিছে।

সকলোৰে লগত কেনেকৈ ভাল সম্পৰ্ক বজাই ৰাখিব পাৰি?

ঈশ্বৰে আমাক ভাল পৰামৰ্শ দিছে। এইবোৰ পালন কৰিলে আমি সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিম। বহুতোলোকে ঈশ্বৰে দিয়া পৰামৰ্শ পালন কৰি লাভৱান হৈছে। তেওঁলোকে ঘৰত, কামৰ ঠাইত আৰু নিজৰ বন্ধুসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিছে। আহক চাওঁ, ঈশ্বৰে আমাক কি পৰামৰ্শ দিছে।

এজনে-আনজনক ক্ষমা কৰক

“যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা।”—কলচীয়া ৩:১৩.

আমি সকলোৱে ভুল কৰোঁ। কেতিয়াবা আমি আনৰ অন্তৰত আঘাত দিওঁ আৰু কেতিয়াবা আনে আমাক আঘাত দিয়ে। সেইবাবে, আমি এজনে-আনজনক ক্ষমা কৰা উচিত। যেতিয়া আমি আনক ক্ষমা কৰোঁ, তেতিয়া আমি তেওঁৰ প্ৰতি খং পুহি নাৰাখোঁ। আমি “অপকাৰৰ সলনি কাৰো অপকাৰ” নকৰোঁ আৰু তেওঁলোকৰ ভুলবোৰ বাৰে বাৰে মনত পেলাই নিদিওঁ। (ৰোমীয়া ১২:১৭) কিন্তু কেতিয়াবা কেতিয়াবা কাৰোবাৰ কথা আমাক ইমানেই বেয়া লাগে যে তেওঁক ক্ষমা কৰিবলৈ আমাৰ বাবে কঠিন হৈ পৰে। সেইসময়ত আমি কি কৰা উচিত? আমাৰ সম্পৰ্ক ভাল কৰি তুলিবলৈ আমি সেই ব্যক্তিজনৰ লগত অকলে কথা পতা উচিত। সেইসময়ত আমি এজনে-আনজনক দোষী বা নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰা উচিত নহয়।—ৰোমীয়া ১২:১৮.

নম্ৰ হৈ থাকক আৰু সকলোকে সন্মান কৰক

“প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা।”—ফিলিপীয়া ২:৩.

আমি সকলোৱে এনে লোকসকলৰ লগত বন্ধুত্ব কৰিব বিচাৰোঁ, যিসকল নম্ৰ, আনক সন্মান কৰে আৰু সকলোৰে লগত ভাল ব্যৱহাৰ কৰে। এনে লোকসকলে জানি-বুজি আনৰ অন্তৰত আঘাত নিদিয়ে। যিসকলে নিজকে আনতকৈ ভাল বুলি ভাবে আৰু নিজৰ কথাতে লাগি থাকে, তেওঁলোকৰ লগত কোনেও বন্ধুত্ব কৰিব নিবিচাৰে।

পক্ষপাত নকৰিব

“ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্ম-আচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

আমি যিয়েই দেশ, যিয়ে ভাষা, ধনী বা দুখীয়া বা কʼলা-বগা যিয়েই নহওঁ কিয় ঈশ্বৰৰ দৃষ্টিত আমি সকলোৱে সমান। তেওঁ ‘এজনৰ পৰাই মনুষ্যৰ সকলো জাতিৰ উৎপন্ন কৰিলে।’ (পাঁচনিৰ কৰ্ম্ম ১৭:২৬) সেইবাবে, আমি সকলোৱে ভাই-ভনী হওঁ। যেতিয়া আমি আনৰ লগত ভাল ব্যৱহাৰ কৰোঁ, তেতিয়া তেওঁলোকৰ লগতে আমিও আনন্দিত হওঁ। এই সকলোতকৈ আমি আমাৰ সৃষ্টিকৰ্তাৰ মন আনন্দিত কৰোঁ।

শান্ত আৰু মৃদু স্বভাৱৰ হওক

‘মৃদুতাক পিন্ধা।’—কলচীয়া ৩:১২.

যদি আমি মৃদু স্বভাৱৰ হওঁ, তেনেহʼলে লোকসকলে আমাৰ লগত সহজে কথা পাতিব পাৰিব। আমাৰপৰা কিবা ভুল হʼলে তেওঁলোকে কʼবলৈ সংকোচ নকৰিব। কিয়নো আমি খং নকৰিম বুলি তেওঁলোকে ভালদৰে জানে। যেতিয়া কোনোবাই আমাক বেয়াকৈ কয়, তেতিয়া আমি যদি শান্ত হৈ থাকিম, তেনেহʼলে তেওঁৰ খং শান্ত হʼব পাৰে। এজন বুদ্ধিমান ব্যক্তিয়ে এইদৰে কৈছিল, “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে, কিন্তু কটু কথাই খং তোলে।”—হিতোপদেশ ১৫:১.

দানশীল আৰু কৃতজ্ঞ হওক

“গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

আজি বহুতোলোক লুভীয়া আৰু কেৱল নিজৰ বিষয়ে চিন্তা কৰে। কিন্তু যিসকলে দান কৰে, তেওঁলোকে প্ৰকৃত আনন্দ লাভ কৰে। (লূক ৬:৩৮) তেওঁলোকে বস্তুবোৰতকৈ বেছি লোকসকলক প্ৰেম কৰে। যেতিয়া কোনোবাই তেওঁলোকক কিবা বস্তু দিয়ে, তেতিয়া তেওঁলোকে কৃতজ্ঞতা দেখুৱায় আৰু ধন্যবাদ দিয়ে। (কলচীয়া ৩:১৫) ক্ষন্তেকৰ বাবে চিন্তা কৰক, আপুনি কেনে লোকক ভাল পায়, চিকটা নে দানশীল লোকক? ধন্যবাদ দিয়া লোকক ভাল পায় নে কৃতজ্ঞতা নেদেখুৱা লোকক? গতিকে, আপুনিও দানশীল হওক আৰু অন্তৰৰপৰা আনক ধন্যবাদ দিয়ক।—মথি ৭:১২.

মই আনক তলতীয়া বুলি নাভাবোঁ

আচায়ে এইদৰে কৈছে, “শাস্ত্ৰত কোৱা হৈছে যে আমি নিজৰ বিষয়ে যিদৰে ভাবোঁ, সেইদৰে আনৰ বিষয়েও ভবা উচিত। আমি নিজকে বেছি বুদ্ধিমান বুলি ভবা উচিত নহয়।” (ৰোমীয়া ১২:১৬) তাই এয়াও কৈছে, “এই পৰামৰ্শ পালন কৰি মোৰ বহুত লাভ হৈছে। আগতে মই নিজৰ জাতিক আন জাতিবোৰতকৈ উত্তম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া মই তেওঁলোকক তলতীয়া বুলি নাভাবোঁ। সকলোৰে লগত ভালদৰে কথা পাতোঁ।”

আচা।

বেছিকৈ জানক:

সকলোৰে লগত কেনেকৈ ভাল সম্পৰ্ক বজাই ৰাখিব পাৰি, এই বিষয়ে বেছিকৈ জানিবলৈ jw.org/hi ৱেবছাইটত যাওক আৰু বাইবেলৰ শিক্ষা > সুখ আৰু শান্তি > সম্পৰ্ক ভাগত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক