ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ১২
  • বাইবেল অধ্যয়ন কৰি থাকক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেল অধ্যয়ন কৰি থাকক!
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আপুনি বাপ্তিষ্মাৰ বাবে সাজু নে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • কাম আৰু টকা-পইচাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ১২
পাঠ ১২. মাক আৰু তাইৰ দুটি সন্তানে এগৰাকী যিহোৱাৰ সাক্ষীৰ লগত বাইবেল অধ্যয়ন কৰিছে।

পাঠ ১২

বাইবেল অধ্যয়ন কৰি থাকক!

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

বাইবেল অধ্যয়ন কৰাটো আনন্দপূৰ্ণ যাত্ৰাৰ লগত তুলনা কৰিব পাৰি, যʼত আমি আনন্দ উপভোগ কৰিব পাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা এয়া সহজ নহয়। ইয়াত বহুতো বাধা আহিব পাৰে। বাইবেল অধ্যয়ন কৰি থাকিবলৈ আপোনাক হয়তো কঠিন লাগিব পাৰে। তথাপিও আপুনি বাইবেল অধ্যয়ন কিয় কৰি থকা উচিত? আপুনি এয়া কেনেকৈ কৰিব পাৰে?

১. বাইবেল অধ্যয়ন কৰিলে আপোনাৰ কি লাভ হʼব?

“ঈশ্বৰৰ বাক্য জীয়া” আৰু “কাৰ্য্য-সাধক।” (ইব্ৰী ৪:১২) বাইবেল পঢ়িলে আমি ঈশ্বৰৰ চিন্তাধাৰা আৰু তেওঁ আমাক কিমান প্ৰেম কৰে, তাৰ বিষয়ে জানিব পাৰোঁ। আমি বাইবেলৰপৰা বহুতো কথা শিকিব পাৰোঁ। আমি কেৱল জ্ঞান আহৰণ কৰিবলৈহে বাইবেল নপঢ়োঁ। কিন্তু ইয়াৰ সহায়ত আমি ভাল নিৰ্ণয় লʼব পাৰোঁ আৰু ভৱিষ্যতৰ বাবে এক আশা লাভ কৰোঁ। ইয়াৰ উপৰিও, ঈশ্বৰৰ লগত ভাল সম্পৰ্ক ৰাখিবলৈ কেৱল বাইবেলে আমাক সহায় কৰিব পাৰিব। বাইবেলত ইমানেই শক্তি আছে যে ই আমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে। কিন্তু ইয়াৰ বাবে আমি বাইবেলৰপৰা শিকি থাকিব লাগিব।

২. বাইবেলৰ সত্যতা গুৰুত্বপূৰ্ণ বুলি কিয় বুজি পোৱা উচিত?

বাইবেলত লিখা সত্যতা এক ৰত্নৰ দৰে হয়। সেইবাবে, বাইবেলে কয় যে যিজন ব্যক্তিয়ে এই ৰত্ন পালে, তেওঁ ইয়াক কেতিয়াও ‘নেবেচক।’ (হিতোপদেশ ২৩:২৩) যদি আমি বাইবেলৰ সত্যতা গুৰুত্বপূৰ্ণ হয় বুলি বুজি পাওঁ, তেনেহʼলে যিয়েই সমস্যা নাহক কিয়, আমি বাইবেলৰপৰা শিকি থাকিম।—হিতোপদেশ ২:৪, ৫ পঢ়ক।

৩. যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব?

যিহোৱা হৈছে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বশক্তিমান ঈশ্বৰ আৰু আমাৰ সৃষ্টিকৰ্তা। তেওঁৰ বন্ধু হিচাপে আপুনি তেওঁৰ বিষয়ে শিকি থকাটো যিহোৱাই বিচাৰে। এইদৰে কৰিবলৈ তেওঁ আপোনাৰ অন্তৰত ইচ্ছা জগাব আৰু ‘শক্তি দিব।’ (ফিলিপীয়া ৪:১৩ পঢ়ক।) যদি কেতিয়াবা বাইবেল অধ্যয়ন কৰিবলৈ বা তাত লিখা কোনো কথা পালন কৰিবলৈ আপোনাক কঠিন লাগে, তেনেহʼলে যিহোৱাই আপোনাক সহায় কৰিব। পৰিয়ালৰ সদস্য বা বন্ধুসকলে যদি আপোনাৰ বাইবেল অধ্যয়ন বন্ধ কৰিব বিচাৰে, তেনেহʼলে যিহোৱাই আপোনাক সাহস দিব। সেইবাবে, অধ্যয়ন কৰি থাকিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক।—১ থিচলনীকীয়া ৫:১৭.

গভীৰভাৱে ধ্যান কৰক

বাইবেল অধ্যয়নৰ বাবে সময় উলিয়াবলৈ আপোনাক হয়তো কঠিন লাগিব পাৰে বা বাইবেল অধ্যয়ন বন্ধ কৰিবলৈ লোকসকলেও চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিটো আপুনি কেনেকৈ বাইবেল অধ্যয়ন কৰি থাকিব পাৰে? যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. বাইবেল অধ্যয়নক গুৰুত্বসহকাৰে লওক

কেতিয়াবা কেতিয়াবা আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে বাইবেল অধ্যয়ন কৰিবলৈ আমাৰ ওচৰত সময়েই নাথাকে। এই ক্ষেত্ৰত আমি কি কথা মনত ৰাখিব পাৰোঁ? ফিলিপীয়া ১:৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আপুনি কি ভাবে, ‘শ্ৰেষ্ঠ বিষয়বোৰ’ কি কি?

  • আপুনি বাইবেল অধ্যয়নক কেনেকৈ গুৰুত্বসহকাৰে লʼব পাৰে?

ক. ছবি: বাল্টিটোত কেনেকৈ শিলগুটি আৰু বালি ভৰাব পাৰি, তাক দেখুৱাবলৈ কেইখনমান ছবি দেখুৱা হৈছে। ১. কেইটামান শিলগুটি আৰু বালিকৰ দʼম। ২. এটা বাল্টিত বালি ভৰাই ৰখা হৈছে। ৩. বালিৰ ওপৰত শিলগুটি থোৱা আছে আৰু কেইটামান শিলগুটিৰ বাবে বাল্টিত ঠাই নাই, সেইবাবে বাকী থকা শিলগুটিবোৰ বাল্টিৰ কাষতে থোৱা আছে। খ. ছবি: ১. আগতে দেখুৱা শিলগুটি আৰু বালিৰ দʼম। ২. সেই বাল্টিত শিলগুটি ভৰোৱা আছে। ৩. বাল্টিত শিলগুটিৰ ওপৰৰপৰা বালি ঢালি দিয়া হৈছে। একেবাৰে কম পৰিমাণৰ বালি বাল্টিৰ কাষত ৰখা হৈছে।
  1. (ক) যদি আপুনি এটা বাল্টিত প্ৰথমে বালি দিয়ে, তাৰ পাছত শিলগুটি, তেনেহʼলে আপুনি গোটেই শিলগুটিবোৰ ভৰাব নোৱাৰিব

  2. (খ) যদি আপুনি প্ৰথমে শিলগুটি দিয়ে, তেনেহʼলে তাত বহু পৰিমাণে বালিও ভৰাব পাৰিব। ঠিক সেইদৰে, যদি আপুনি গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমতে কৰে, তেনেহʼলে সেই কামবোৰ শেষ কৰিব পাৰিব। লগতে আন কামবোৰৰ বাবেও সময় উলিয়াব পাৰিব

আমি নিজৰ আধ্যাত্মিক প্ৰয়োজনীয়তা পূৰ কৰিব পৰাকৈ আমাক সৃষ্টি কৰা হৈছে। আমাৰ আধ্যাত্মিক প্ৰয়োজনীয়তা হৈছে, ঈশ্বৰক জনা আৰু তেওঁৰ উপাসনা কৰা। বাইবেল পঢ়ি আমি এই প্ৰয়োজনীয়তা পূৰ কৰিব পাৰোঁ। মথি ৫:৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বাইবেল অধ্যয়নক গুৰুত্বসহকাৰে লʼলে আমাৰ কি লাভ হʼব?

৫. বিৰোধৰ সত্ত্বেও আশা এৰি নিদিব!

আমি বাইবেল অধ্যয়ন কৰাটো কেতিয়াবা কেতিয়াবা লোকসকলে ভাল নাপাবও পাৰে। ফ্ৰান্সিচকʼৰ লগতো এইদৰেই হৈছিল। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচলা কৰক:

ভিডিঅʼ: তেওঁ আশা এৰি নিদিলে (৫:২২)

‘তেওঁ আশা এৰি নিদিলে’ ভিডিঅʼখনৰ দৃশ্য। ফ্ৰান্সিচকʼই নিজৰ বন্ধুসকলক এৰি থৈ গৈছে। তেওঁ অলপ আগতে তেওঁলোকক কʼলে যে তেওঁ তেওঁলোকৰ লগত বন্ধুত্ব ভাঙিছে।
  • যেতিয়া ফ্ৰান্সিচকʼই নিজৰ মা আৰু বন্ধুসকলক বাইবেল শিকাৰ বিষয়ে জনালে, তেতিয়া তেওঁলোকক কেনেকুৱা লাগিল?

  • ফ্ৰান্সিচকʼই অধ্যয়ন বন্ধ নকৰাৰ বাবে তেওঁ কি আশীৰ্বাদ লাভ কৰিলে?

দ্বিতীয় তীমথিয় ২:২৪, ২৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আপুনি যি শিকি আছে, তাৰ বিষয়ে আপোনাৰ পৰিয়াল আৰু বন্ধুসকলে কেনে অনুভৱ কৰে?

  • এই পদৰ অনুসৰি যদি আপুনি বাইবেল অধ্যয়ন কৰাটো কোনোবাই ভাল নাপায়, তেনেহʼলে আপুনি কি কৰা উচিত? আপুনি এইদৰে কিয় কৰা উচিত?

৬. যিহোৱাই নিশ্চয় আপোনাক সহায় কৰিব!

আমি যিমানেই যিহোৱাৰ বিষয়ে জানিম, সিমানেই তেওঁক আনন্দিত কৰিব বিচাৰিম। কিন্তু নিজকে পৰিৱৰ্তন কৰাটো ইমান সহজ নহয়। যদি আপুনিও এইদৰে ভাবে, তেনেহʼলে আশা এৰি নিদিব। যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: যিহোৱাৰ সহায়ত আমি নিজকে সলনি কৰিব পাৰিম (৩:৫৬)

  • যিহোৱাক আনন্দিত কৰিবলৈ জিমীয়ে কি পৰিৱৰ্তন কৰিলে?

  • আপোনাক জিমীৰ কোনটো কথা ভাল লাগিল?

ইব্ৰী ১১:৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিসকলে মনে-প্ৰাণে যিহোৱাক বিচাৰে অৰ্থাৎ তেওঁক জানিবলৈ আৰু আনন্দিত কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে, তেওঁলোকৰ বাবে যিহোৱাই কি কৰিব?

  • বাইবেল অধ্যয়ন কৰিবলৈ আপুনি যি পৰিশ্ৰম কৰিছে, তাক দেখি যিহোৱাই আনন্দিত হয় নে? আপুনি এইদৰে কিয় ভাবে?

কোনোবাই সুধিব পাৰে: “আপুনি বাইবেল অধ্যয়ন কিয় কৰিছে?”

  • আপুনি তেওঁক কি কʼব?

আমি কি শিকিলোঁ

বাইবেল অধ্যয়ন কৰাৰ সময়ত বহুতো বাধা আহিব পাৰে। কিন্তু বাইবেল অধ্যয়ন কৰি থাকিলে, আমি আনন্দেৰে জীয়াই থাকিব পাৰিম। যিহোৱাৰ ওপৰত ভৰসা ৰাখক, তেওঁ নিশ্চয় আপোনাক সহায় কৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • বাইবেলত লিখা কথাবোৰ আপোনাৰ বাবে কিয় এক ৰত্নৰ দৰে হয়?

  • যি বিষয়বোৰ “শ্ৰেষ্ঠ” বা গুৰুত্বপূৰ্ণ, সেইবোৰ কৰিবলৈ আপুনি কি কৰা উচিত?

  • বাইবেল অধ্যয়ন কৰি থাকিবলৈ আপুনি যিহোৱাৰপৰা কিয় সহায় বিচৰা উচিত?

লক্ষ্য

বেছিকৈ জানক

এনে চাৰিটা উপায়ৰ বিষয়ে জানক, যিবোৰ ব্যৱহাৰ কৰি লোকসকলে সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰিলে।

“মূল্যৱান সময়ৰ সঠিক ব্যৱহাৰ” (সচেতন থাকক!-হিন্দী, এপ্ৰিল ২০১৪)

পত্নীয়ে বাইবেল অধ্যয়ন কৰাটো স্বামীয়ে ভাল পোৱা নাছিল। ভিডিঅʼখনত চাওক যে যিহোৱাই তাইক কেনেকৈ সহায় কৰিলে।

আমাৰ বোজা কঢ়িয়াবলৈ যিহোৱা ঈশ্বৰে সহায় কৰে (৫:০৫)

এগৰাকী পত্নীয়ে দেখুৱা সাহসৰ বাবে স্বামীয়ে কেনেকৈ লাভৱান হʼল, তাৰ বিষয়ে জানক।

মই সত্যক চালি-জাৰি চালোঁ (৬:৩০)

বহুতোলোকে কয় যে যিহোৱাৰ সাক্ষীসকলে পৰিয়ালৰ মাজত বিবাদ সৃষ্টি কৰে। কিন্তু তেওঁলোকে কোৱা কথাষাৰ সঁচানে?

“যিহোৱাৰ সাক্ষীসকলে পৰিয়াল ভাঙে নে গঠন কৰে?” (ৱেবছাইটত দিয়া লেখ)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক