পাঠ ২৮
যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ হওক
যেতিয়া কোনো এজন বন্ধুৱে আপোনাক উপহাৰ দিয়ে, তেতিয়া আপুনি কেনে অনুভৱ কৰে? নিশ্চয় আপুনি আনন্দিত হয় আৰু উপহাৰ দিয়াৰ বাবে আপুনি তেওঁক ধন্যবাদ দিব বিচাৰে। যিহোৱা আৰু যীচুৱেও আমাক এটা উপহাৰ দিছে। সেই উপহাৰ হৈছে মুক্তিপণস্বৰূপ বলিদান আৰু এই উপহাৰ আমি কোনো বস্তুৰ লগত তুলনা কৰিব নোৱাৰোঁ। এই উপহাৰৰ বাবে আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ, আহক চাওঁ।
১. যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এটা উপায় কি?
বাইবেলত প্ৰতিজ্ঞা কৰা হৈছে যে ‘যি কোনোৱে তেওঁত (যীচুত) বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন লাভ কৰিব।’ (যোহন ৩:১৬) কিন্তু বিশ্বাস কৰাৰ অৰ্থ কি হয়? যীচুৱে আমাৰ বাবে মৃত্যু হʼল বুলি বিশ্বাস কৰাটোৱেই যথেষ্ট নহয়, ইয়াৰ উপৰিও আমি নিজৰ কথা, কাম আৰু নিৰ্ণয়ৰ যোগেদি নিজৰ বিশ্বাস প্ৰকাশ কৰা উচিত। (যাকোব ২:১৭) এইদৰে কৰিলে যিহোৱা আৰু যীচুৰ লগত আমাৰ সম্পৰ্ক দৃঢ় হʼব।—যোহন ১৪:২১ পঢ়ক।
২. আমি কি বিশেষ উপায়েৰে যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?
যীচুৱে নিজৰ শিষ্যসকলক আৰু এটা উপায়ৰ বিষয়ে কৈছিল আৰু ইয়াৰ যোগেদি তেওঁলোকে যীচুৰ বলিদানৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰে। যীচুৱে নিজৰ মৃত্যুৰ আগ নিশা এটা বিশেষ ভোজৰ আয়োজন কৰিছিল আৰু বাইবেলত ইয়াক “প্ৰভু ভোজ” বুলি কোৱা হৈছে। এই ভোজ যীচুৰ মৃত্যুৰ স্মৰণত ৰখা হয়। সেইবাবে, ইয়াক স্মৰণীয় দিন বুলিও কোৱা হয়। (১ কৰিন্থীয়া ১১:২০) পাঁচনি আৰু সত্য খ্ৰীষ্টানসকলে যাতে যীচুৰ মৃত্যুৰ দিনটো মনত ৰাখিব পাৰে, সেইবাবে যীচুৱে এই ভোজৰ আৰম্ভ কৰিছিল। যীচুৱে নিজৰ শিষ্যসকলক এইদৰে আজ্ঞা দিছিল, “মোক সুৱিৰবলৈ ইয়াকে কৰা।” (লূক ২২:১৯) এই স্মৰণীয় দিনত উপস্থিত হৈ যিহোৱা আৰু যীচুৱে দেখুৱা প্ৰেমৰ প্ৰতি আপুনি কৃতজ্ঞতা দেখুৱাব পাৰে।
গভীৰভাৱে ধ্যান কৰক
আমি যিহোৱা আৰু যীচুৰ প্ৰতি আৰু কি কি উপায়েৰে কৃতজ্ঞতা দেখুৱাব পাৰোঁ? যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত উপস্থিত হোৱাটো কিয় প্ৰয়োজন? আহক এই বিষয়ে আলোচনা কৰোঁ।
৩. কৃতজ্ঞ হʼলে আমি কি কৰিম?
কল্পনা কৰক, আপুনি পানীত ডুবি আছে আৰু কোনোবাই আপোনাক বচালে। সেই ব্যক্তিজনে কৰা সহায় আপুনি পাহৰি যাব, নে তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ কিবা কৰিব?
যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে আমাৰ জীৱন ৰক্ষা কৰিলে আৰু সদায় জীয়াই থকাৰ সুযোগ দিলে। ১ যোহন ৪:৮-১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
যীচুৰ বলিদান কিয় এক মূল্যৱান উপহাৰ হয়?
যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে যি কৰিলে, তাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?
যদি আমি যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ, তেনেহʼলে আমি কি কৰিম? ২ কৰিন্থীয়া ৫:১৫ আৰু ১ যোহন ৪:১১; ৫:৩ পঢ়ক। প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
এই পদবোৰৰ অনুসৰি যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ আমি কি কৰিব পাৰোঁ?
৪. যীচুক অনুকৰণ কৰক
আমি আৰু এটা উপায়েৰে যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। তেওঁক আমি অনুকৰণ কৰিব পাৰোঁ। ১ পিতৰ ২:২১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
আপুনি কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰে?
যীচুৱে ঈশ্বৰৰ বাক্যক প্ৰেম কৰিছিল, শুভবাৰ্তা জনাইছিল আৰু লোকসকলক সহায় কৰিছিল
৫. যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত উপস্থিত হওক
যেতিয়া প্ৰভুৰ ভোজ আৰম্ভ কৰা হৈছিল, তেতিয়া তাত কি হৈছিল? এই বিষয়ে জানিবলৈ লূক ২২:১৪, ১৯, ২০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
প্ৰভু ভোজত কি কৰা হৈছিল?
পিঠা আৰু দ্ৰাক্ষাৰসে কিহক চিত্ৰত কৰে?—পদ ১৯ আৰু ২০ চাওক।
প্ৰতিবছৰে যীচুৰ মৃত্যুৰ দিনা তেওঁৰ শিষ্যসকলে প্ৰভু ভোজ পালন কৰাটো যীচুৱে বিচাৰে। সেইবাবে, যিহোৱাৰ সাক্ষীসকলে প্ৰতিবছৰে যীচুৰ মৃত্যুৰ দিন পালন কৰিবলৈ একগোট হয় আৰু যীচুৱে আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে পালন কৰে। এই বিশেষ সভাৰ বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
স্মৰণীয় দিনত কি কৰা হয়?
পিঠা আৰু দ্ৰাক্ষাৰস প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। পিঠাই আমাৰ বাবে বলিদান দিয়া যীচুৰ সিদ্ধ শৰীৰক চিত্ৰিত কৰে আৰু দ্ৰাক্ষাৰসে তেওঁৰ তেজক চিত্ৰিত কৰে
কিছুমান লোকে কয়: “যীচুৰ ওপৰত বিশ্বাস কৰিলেই আপোনাৰ উদ্ধাৰ হʼব।”
যীচুৰ ওপৰত বিশ্বাস কৰাৰ উপৰিও আৰু কিবা কৰাৰ প্ৰয়োজন আছে বুলি আপুনি যোহন ৩:১৬ আৰু যাকোব ২:১৭ পদৰপৰা কেনেকৈ বুজাব পাৰে?
আমি কি শিকিলোঁ
যেতিয়া আমি নিজৰ কথা, কাম আৰু নিৰ্ণয়ৰ যোগেদি নিজৰ বিশ্বাস প্ৰকাশ কৰোঁ আৰু যীচুৰ স্মৰণীয় দিনত উপস্থিত হওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি যীচুৰ বলিদানৰ প্ৰতি কৃতজ্ঞ।
আপুনি কেনেকৈ উত্তৰ দিব?
যীচুৰ ওপৰত বিশ্বাস কৰাৰ অৰ্থ কি?
যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ বুলি আপুনি কি কি উপায়েৰে দেখুৱাব বিচাৰে?
স্মৰণীয় দিনত উপস্থিত হোৱাটো কিয় অতি গুৰুত্বপূৰ্ণ?
বেছিকৈ জানক
যীচুৰ বলিদানৰপৰা আমি কি কৰিবলৈ উৎসাহিত হওঁ?
বিশ্বাস কি হয় আৰু আমাৰ বিশ্বাস কি কি উপায়েৰে প্ৰকাশ কৰিব পাৰোঁ, আহক চাওঁ।
“যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰক” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ ২০১৬)
যেতিয়া এগৰাকী তিৰোতাই বুজিব পাৰিলে যে যীচুৱে তাইৰ বাবে নিজৰ জীৱন বলিদান দিলে, তেতিয়া তাইৰ ওপৰত কেনে প্ৰভাৱ পৰিল? এই বিষয়ে জানিবলৈ “এতিয়া মই আনন্দিত আৰু মোৰ বিবেক শুদ্ধ” এই জীৱন কাহিনীটো পঢক।
স্মৰণীয় দিনত কেৱল কেইজনমান লোকেহে কিয় পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে, এই বিষয়ে জানক।
“যিহোৱাৰ সাক্ষীসকলে যীচুৰ মৃত্যুৰ দিনটো আন ধৰ্মৰ দৰে কিয় পালন নকৰে?” (ৱেবছাইটত দিয়া লেখ)