ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩ ভাগ ১-৬
  • ঈশ্বৰে কোৱা কথাবোৰ আপুনি বিশ্বাস কৰিব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে কোৱা কথাবোৰ আপুনি বিশ্বাস কৰিব পাৰেনে?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • ঈশ্বৰে কোৱা কথাবোৰ আপুনি বিশ্বাস কৰিব পাৰেনে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়
    বাইবেলে আমাক কি শিকায়?
  • বাইবেল—ঈশ্বৰৰপৰা এখন কিতাপ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩ ভাগ ১-৬
পাঠ ৩. বাইবেলৰ পুৰণি হস্তলিপিবোৰ মেজত থোৱা আছে

পাঠ ০৩

ঈশ্বৰে কোৱা কথাবোৰ আপুনি বিশ্বাস কৰিব পাৰেনে?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

এতিয়ালৈকে আপুনি শিকিলে যে ঈশ্বৰে ভৱিষ্যতে এটা ভাল জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে আৰু আমাক ভাল পৰামৰ্শও দিছে। এইবোৰ কথা জানি আপোনাক হয়তো ভাল লাগিছে। কিন্তু আপুনি হয়তো ভাবিব পাৰে, ‘এইখন পুৰণি কিতাপ হয়। ইয়াত লিখা কথাবোৰ মই বিশ্বাস কৰিব পাৰোঁনে?’ লাখ লাখ লোকে বিশ্বাস কৰে যে বাইবেলত লিখা কথাবোৰ সঁচা হয়। বাইবেলত লিখা কথাবোৰৰ ওপৰত আপুনি কিয় বিশ্বাস কৰিব পাৰে, আহক চাওঁ।

১. বাইবেলত উল্লেখ থকা ঘটনাবোৰ সঁচানে?

বাইবেলে কয় যে ইয়াত “সত্য বচন” লিখা আছে। (উপদেশক ১২:১০) ইয়াত উল্লেখ থকা ঘটনাবোৰ সঁচা হয় আৰু যিসকলৰ বিষয়ে ইয়াত উল্লেখ আছে, তেওঁলোক সঁচাকৈ জীয়াই আছিল। (লূক ১:৩, ৪; ৩:১, ২ পঢ়ক।) বুৰঞ্জীবিদ আৰু কিছুমান পুৰাতত্ববিদৰ মতে বাইবেলত যি তাৰিখ, মানুহ, ঘটনা আৰু ঠাইৰ বিষয়ে উল্লেখ কৰা হৈছে, সেই সকলো সঁচা হয়।

২. বাইবেলত লিখা কথাবোৰ আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

বাইবেলত পৃথিৱী আৰু আন কিছুমান বিষয়ে যি লিখা আছে, সেইবোৰ পুৰণি সময়ৰ লোকসকলে বিশ্বাস কৰা নাছিল। কিন্তু বহুবছৰৰ পাছত বৈজ্ঞানিকসকলৰ অনুসন্ধানৰপৰা গম পোৱা গʼল যে বাইবেলত লিখা কথাবোৰ সঠিক হয়। বাইবেলত লিখা কথাবোৰ আমি বৰ্তমান আৰু ভৱিষ্যৎ, সকলো সময়তে ‘বিশ্বাস’ কৰিব পাৰোঁ।—গীতমালা ১১১:৭, ৮.

৩. বাইবেলত ভৱিষ্যতৰ বিষয়ে যি লিখা আছে, সেইবোৰ আমি কিয় ভৰসা কৰিব পাৰোঁ?

ঈশ্বৰে এনে কথা কʼব পাৰে, যিবোৰ ‘এতিয়ালৈকে হোৱা নাই।’a (যিচয়া ৪৬:১০) প্ৰাচীন সময়ত ঈশ্বৰে আগতিয়াকৈ কৈছিল যে ভৱিষ্যতে কি কি হʼব আৰু ঠিক সেইদৰেই হʼল। আমাৰ সময়ৰ বিষয়ে কোৱা কথাবোৰ আজি পূৰ হৈ আছে। এই পাঠত আমি এনেধৰণৰ কিছুমান ঘটনাৰ ওপৰত ধ্যান দিম। আপুনি এই বিষয়ে জানি আচৰিত হʼব যে বাইবেলত কোৱা এটা এটা কথা কেনেকৈ পূৰ হʼল।

গভীৰভাৱে ধ্যান কৰক

বৈজ্ঞানিকসকলৰ অনুসন্ধানৰপৰা কেনেকৈ গম পোৱা গʼল যে বাইবেলত লিখা কথাবোৰ সঠিক হয়। বাইবেলৰ কিছুমান ভৱিষ্যতবাণীৰ ওপৰত ধ্যান দিয়ক। ইয়াৰ বিষয়ে জানি আপুনি আচৰিত হʼব।

৪. বাইবেলখন বিজ্ঞানৰ অনুসৰি সঠিক হয়

প্ৰাচীন সময়ত বহুতোলোকে বিশ্বাস কৰিছিল যে পৃথিৱীখন কোনো জীৱ-জন্তুৰ ওপৰত আছে। ভিডিঅʼখন চাওক।

ভিডিঅʼ: পৃথিৱীখন শূন্যত ওলমি আছে (১:১৩)

মন কৰক যে প্ৰায় ৩,৫০০ বছৰৰ আগতে পৃথিৱীৰ বিষয়ে বাইবেলত কি লিখা হৈছিল। ইয়োব ২৬:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পদত পৃথিৱীৰ বিষয়ে কি লিখা আছে? বাইবেলৰ এই কথাষাৰ পঢ়ি আমি কিয় আচৰিত হওঁ?

পৃথিৱীৰ পানী ভাপ হৈ আকাশত ডাৱৰৰ সৃষ্টি কৰে আৰু সেই ডাৱৰ পুনৰ বৰষুণৰূপে পৃথিৱীত পৰে, তাকে জলচক্ৰ বুলি কোৱা হয়। লোকসকলে জলচক্ৰৰ বিষয়ে ২০০ বছৰৰ আগতে জানিব পাৰিলে। কিন্তু বাইবেলত হাজাৰ হাজাৰ বছৰৰ আগতেই এই বিষয়ে কোৱা হৈছিল। উপদেশক ১:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • জলচক্ৰৰ বিষয়ে বাইবেলত বহু হাজাৰ বছৰৰ আগতেই লিখা হৈছিল। এয়া কিয় এক আচৰিত কথা হয়?

  • আপুনি এতিয়া যি পদ পঢ়িলে, এই পদৰ অনুসৰি আপুনি কি কʼব? আপুনি বাইবেলৰ ওপৰত বিশ্বাস কৰিব পাৰেনে?

বাইবেলত জলচক্ৰৰ বিষয়ে উল্লেখ আছে। কাঁড়ৰ চিনৰ যোগেদি দেখুৱা হৈছে যে পানী কেনেকৈ পৃথৱীৰপৰা আকাশলৈ যায় আৰু পুনৰ পৃথিৱীলৈ আহে।

৫. কিছুমান ডাঙৰ ডাঙৰ ঘটনাৰ বিষয়ে বাইবেলত আগতিয়াকৈ কোৱা হৈছিল

যিচয়া ৪৪:২৭–৪৫:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বাবিল ধ্বংস হোৱাৰ ২০০ বছৰৰ আগতে বাইবেলত ইয়াৰ বিষয়ে কি কোৱা হৈছিল?

ভিডিঅʼখন চাওক।

ভিডিঅʼ: বাবিল পৰাজয়ৰ ভৱিষ্যতবাণী (০:৫৮)

বুৰঞ্জীৰ কিতাপৰপৰা জানিব পাৰি যে খ্ৰীষ্টপূৰ্বb ৫৩৯-ত পাৰস্য ৰজা কোৰচে বাবিল নগৰখন জয় কৰিছিল। বাবিল নগৰৰ চাৰিওফালে এখন নদী বৈ গৈছিল আৰু ইয়াৰ বাবে শত্ৰুসকলে নগৰত সোমাব নোৱাৰিছিল। কিন্তু কোৰচে নদীৰ পানী বৈ যোৱা দিশ সলনি কৰিলে আৰু নদীৰ পানী কম হৈ গʼল। বাবিল নগৰৰ দুৱাৰখন খোলা আছিল। সেইবাবে, তেওঁলোকে যুদ্ধ নকৰাকৈ সহজে নগৰখন অধিকাৰ কৰিব পাৰিলে। এই ঘটনা ২,৫০০ বছৰৰ আগতেই ঘটিছিল, কিন্তু এতিয়াও তাত কোনেও বাস নকৰে। এই বিষয়ে বাইবেলত আগতিয়াকৈ ভৱিষ্যতবাণী কৰা হৈছিল।

যিচয়া ১৩:১৯, ২০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল?

ইৰাকত বাবিলৰ ধ্বংসাৱশেষ

ছবি: ‘শেষ-কালৰ’ বিষয়ে বাইবেলত যি কোৱা হৈছে, তাৰ দৃশ্য। ১. অট্টালিকাত জুই লাগিছে। ২. এজন সৈনিকে বন্দুক চলাইছে। ৩. মাৰপিট হৈ আছে আৰু কিমান লোকে পুলিচৰ লগত কাজিয়া কৰিছে। ৪. দুজন ব্যক্তিয়ে এজন দুকানীক লুট কৰিছে। ৫. আৰ্মিৰ এটা টেঙ্কে চহৰত হুলস্থূলৰ পৰিৱেশ সৃষ্টি কৰিছে। ৬. কিছুমান ভোকাতুৰ লʼৰা-ছোৱালীয়ে মাক্স পিন্ধি আহাৰৰ বাবে শাৰীত থিয় হৈ আছে। ৭. শুকান ভূমি বহু দূৰলৈ ফাটিছে। ৮. ভূমিকম্পৰ ফলত এটা ঘৰ ভাঙি পৰিল।

৬. বৰ্তমান সময়ৰ পৰিস্থিতিৰ বিষয়ে বাইবেলত আগতিয়াকৈ কোৱা হৈছিল

“শেষ-কালত” কি কি হʼব, তাৰ বিষয়ে বাইবেলত আগতিয়াকৈ কোৱা হৈছে। (২ তীমথিয় ৩:১) সেইবোৰ পূৰ হৈ থকা আজি আমি দেখিবলৈ পাইছোঁ।

মথি ২৪:৬, ৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বাইবেলত শেষ-কালৰ বিষয়ে কি লিখা আছে?

দ্বিতীয় তীমথিয় ৩:১-৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদবোৰৰ অনুসৰি শেষ-কালত কেনেধৰণৰ লোকসকলক দেখিবলৈ পোৱা যাব?

  • আপুনিও এনে লোকসকলক দেখিবলৈ পাইছেনে?

কিছুমান লোকে কয়: “বাইবেল এখন কল্পনা কাহিনীৰ কিতাপ।”

  • বাইবেলৰ ওপৰত ভৰসা কৰিবলৈ আপোনাক কি কথাই সহায় কৰিলে?

আমি কি শিকিলোঁ

বুৰঞ্জী, বিজ্ঞান আৰু ভৱিষ্যতবাণীবোৰৰপৰা জানিব পাৰি যে বাইবেলত লিখা কথাবোৰ সঁচা হয়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • বাইবেলত উল্লেখ কৰা ঘটনাবোৰ সঁচাকৈ ঘটিছিল নে?

  • বাইবেলত উল্লেখ থকা কোনটো কথা বিজ্ঞানৰ অনুসৰি সঠিক হয়?

  • আপুনি কি ভাবে, বাইবেলত ভৱিষ্যতৰ বিষয়ে যি উল্লেখ আছে, সেয়া বিশ্বাস কৰিব পাৰিনে?

লক্ষ্য

বেছিকৈ জানক

বাইবেলত এনে কথা উল্লেখ আছেনে, যিবোৰ বিজ্ঞানৰ অনুসৰি সঠিক নহয়?

“বিজ্ঞান আৰু পবিত্ৰ শাস্ত্ৰৰ মাজত মিল আছেনে?” (ৱেবছাইটত দিয়া লেখ)

‘শেষ-কালৰ’ বিষয়ে বাইবেলত যি লিখা আছে, সেইবোৰ আজি পূৰ হৈ আছেনে?

“বাইবেলৰ ছটা ভৱিষ্যতবাণী বৰ্তমান সময়ত পূৰ হৈ আছে” (প্ৰহৰীদুৰ্গ লেখ)

বাইবেলত গ্ৰীক সাম্ৰাজ্যৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল, তাৰ বিষয়ে জানক।

‘ভাববাদীসকলৰ বাক্যৰপৰা’ দৃঢ় কৰা হʼল (৫:২২)

বাইবেলৰ ভৱিষ্যতবাণীবোৰ জনাৰ পাছত এজন ব্যক্তিয়ে বাইবেলৰ ওপৰত কেনেকৈ বিশ্বাস কৰিবলৈ ধৰিলে, তাৰ বিষয়ে জানক।

“মই ভাবিছিলোঁ কোনো ঈশ্বৰ নাই” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ৫ ২০১৭)

a ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে আগতিয়াকৈ কোৱা কথাবোৰক ভৱিষ্যতবাণী বুলি কোৱা হয়।

b যীচুৰ জন্মৰেপৰা আজিৰ সময়ৰ কেলেণ্ডাৰ আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয়। তেওঁৰ জন্মৰ পাছৰ বছৰবোৰক খ্ৰীষ্টাব্দ আৰু তেওঁৰ জন্মৰ আগৰ বছৰবোৰক খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক