ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ৭
  • যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টান হয়নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টান হয়নে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • মিল থকা বিষয়
  • যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ৭
এগৰাকী মহিলাই বাইবেল অধ্যয়ন কৰিছে

যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টান হয়নে?

যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টান হয়। নিম্নলিখিত কাৰণসমূহৰ বাবে আমি খ্ৰীষ্টান হওঁ:

  • আমি যীচুৰ শিক্ষা আৰু তেওঁ দেখুৱাই যোৱা আৰ্হিক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ।​—১ পিতৰ ২:২১.

  • আমি বিশ্বাস কৰোঁ যে যীচুৱেই হৈছে উদ্ধাৰৰ একমাত্ৰ পথ। যীচুৰ বাহিৰে “আন কতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই।”​—পাঁচনিৰ কৰ্ম্ম ৪:১২.

  • যেতিয়া এজন ব্যক্তি যিহোৱাৰ সাক্ষী হয়, তেতিয়া তেওঁ যীচুৰ নামেৰে বাপ্তিষ্মা লয়।​—মথি ২৮:​১৮, ১৯.

  • আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰোঁ।​—যোহন ১৫:১৬.

  • আমি বিশ্বাস কৰোঁ যে যীচু হৈছে প্ৰতিজন পুৰুষৰ মূৰস্বৰূপ অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ ওপৰত তেওঁক অধিকাৰ দিয়া হৈছে।​—১ কৰিন্থীয়া ১১:৩.

কিন্তু, নিজকে খ্ৰীষ্টান বুলি দাবী কৰা আন বহুতো সমূহৰপৰা আমি কেইবাটাও কাৰণত পৃথক। উদাৰণস্বৰূপে, বাইবেলৰ এই শিক্ষাক আমি বিশ্বাস কৰোঁ যে যীচু হৈছে ঈশ্বৰৰ পুত্ৰ, তেওঁ কোনো ত্ৰিয়কৰ অংশ নহয়। (মাৰ্ক ১২:​২৯, ৩০) আত্মা জীয়াই থাকে বুলি আমি বিশ্বাস নকৰোঁ বা মানুহৰ মৃত্যুৰ পাছত ঈশ্বৰে নৰকত অনন্ত কাল শাস্তি দিয়ে বুলি বাইবেলত কʼতো উল্লেখ নাই। ধৰ্ম্মীয় কাম-কাজবোৰ আগবঢ়াই লৈ যোৱা ব্যক্তিসকলৰ এক বিশেষ উপাধি থকা উচিত বুলিও আমি সন্মত নহওঁ।​—উপদেশক ৯:৫; যিহিষ্কেল ১৮:৪; মথি ২৩:​৮-১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক