পাঠ ৭
বাবিলৰ এটা ওখ ঘৰ
জলপ্লাৱনৰ পাছত নোহৰ লʼৰাবিলাকৰ আৰু বহুতো লʼৰা-ছোৱালী হʼল। তেওঁলোকৰ পৰিয়াল বাঢ়িবলৈ ধৰিলে আৰু যিহোৱাই যিদৰে কৈছিল, ঠিক সেইদৰে তেওঁলোকে পৃথিৱীৰ বেলেগ বেলেগ ঠাইত গৈ থাকিবলৈ ধৰিলে।
কিন্তু কিছুমান পৰিয়ালে যিহোৱাৰ কথা নামানিলে। তেওঁলোকে কʼলে, ‘আহা, আমি ইয়াত এখন চহৰ বনাওঁ আৰু ইয়াতে থাকোঁ আৰু আমি এটা ওখ ঘৰো বনাম। আৰু ই ইমানেই ওখ হʼব যে ইয়ে আকাশ চুবগৈ। ইয়াৰ পৰা আমাৰ বহুত নাম হʼব।’
যিহোৱাই সেই লোকসকলৰ কামৰ পৰা আনন্দিত নাছিল। সেইবাবে, তেওঁলোকক বাধা দিবলৈ নিৰ্ণয় লʼলে। জানা নে যিহোৱাই কি কৰিলে? যিহোৱাই হঠাতে এনে কিবা কৰিলে, যাৰ বাবে সিহঁতে বেলেগ বেলেগ ভাষা কʼবলৈ ধৰিলে। তেওঁলোকে এজনে-আনজনৰ কথা একেবাৰে বুজি পোৱা নাছিল। সেইবাবে, তেওঁলোকে চহৰ বনোৱা কাম বন্ধ কৰি দিলে। সেই চহৰৰ নাম বাবিল হʼল। বাবিল মানে হৈছে, “খেলিমেলি।” লোকসকলে সেই চহৰ এৰি পৃথিৱীৰ বেলেগ বেলেগ ঠাইত থাকিবলৈ ধৰিলে, কিন্তু তাতো তেওঁলোকে বেয়া কাম কৰি থাকিল। পৃথিৱীত এনে কোনো মানুহ আছিল নে, যিজনে যিহোৱাক ভাল পাইছিল? ইয়াৰ বিষয়ে আমি আগৰ অধ্যায়ত শিকিম।
“যি কোনোৱে নিজকে ডাঙৰ কৰে, তেওঁক সৰু কৰা হʼব আৰু যি কোনোৱে নিজকে সৰু কৰে, তেওঁক ডাঙৰ কৰা হʼব।”—লূক ১৮:১৪