ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ৯৪-৯৫
  • ভাগ ৭-ত কি শিকিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাগ ৭-ত কি শিকিম
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • দায়ূদ আৰু চৌল
    বাইবেলৰ পৰা শিকোঁ আহা
  • দায়ূদৰ পলায়ন
    বাইবেলৰ কাহিনী
  • দায়ূদ ৰজা হʼল
    বাইবেলৰ কাহিনী
  • ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ৯৪-৯৫
দায়ূদে ভেড়াবিলাকক এটা ভালুকৰ পৰা বচাই আছে

ভাগ ৭-ত কি শিকিম

এই ভাগত আমি প্ৰায় ৮০ বছৰৰ সময়ছোৱাৰ ৰজা চৌল আৰু ৰজা দায়ূদৰ জীৱন কাহিনীৰ ঘটনাবোৰ পঢ়িবলৈ পাম। ৰজা চৌল নম্ৰ আছিল আৰু যিহোৱাৰ প্ৰতি ভয় ৰাখিছিল। কিন্তু অতি সোনকালে তেওঁ সলনি হৈ গʼল। তেওঁ যিহোৱাৰ কথা শুনিবলৈ এৰি দিলে। যিহোৱাই চৌলক ত্যাগ কৰিলে আৰু কিছু সময়ৰ পাছত ইস্ৰায়েলৰ পাছৰ ৰজা হʼবলৈ দায়ূদক অভিষেক কৰিবলৈ চমূৱেলক কʼলে। চৌলে দায়ূদক ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু বহুবাৰ তেওঁক মাৰি পেলাবলৈ চেষ্টা কৰিছিল। কিন্তু দায়ূদে কেতিয়াও প্ৰতিশোধ নলʼলে। চৌলৰ লʼৰা যোনাথনে জানিছিল যে দায়ূদক যিহোৱাই বাছনি কৰিছে, সেইবাবে তেওঁ দায়ূদৰ বিশ্বাসী হৈ থাকিল। দায়ূদে কিছুমান গভীৰ পাপ কৰিলে। কিন্তু যিহোৱাই যেতিয়া তেওঁক শুধৰণি কৰিছিল, তেতিয়া তেওঁ মানি লৈছিল। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক বুজিবলৈ সহায় কৰক যে আমি সদায় যিহোৱাৰ আজ্ঞা পালন কৰা উচিত আৰু তেওঁৰ বিশ্বাসী হৈ থকা উচিত। লগতে যিহোৱাই যিসকলক নেতৃত্ব লʼবলৈ বাছনি কৰিছে, আমি তেওঁলোকৰ কথা শুনা উচিত আৰু তেওঁলোকৰ প্ৰতি বিশ্বাসী হৈ থকা উচিত।

আমি কি শিকিবলৈ পাম

  • আমি যিহোৱাক প্ৰেম কৰাৰ কাৰণে তেওঁৰ আজ্ঞা পালন কৰা উচিত, ইয়াতকৈ বেছি আৰু তেওঁ আমাৰ পৰা একো নিবিচাৰে

  • প্ৰতিশোধ নলʼবা, ইয়াৰ পৰিৱৰ্তে যিহোৱাই সঠিক সময়ত সকলো ঠিক কৰি দিব বুলি ভৰসা ৰাখা

  • যদি আমি কিবা গভীৰ পাপ কৰিছোঁ, তেনেহʼলে আমি তাক লুকুৱাবলৈ চেষ্টা কৰা উচিত নহয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক