অধ্যয়নৰ লেখ ১২
আমি কেতিয়া কথা পতা উচিত আৰু কেতিয়া অনুচিত?
“প্ৰত্যেক বিষয়ৰেই এক এক সময় আছে . . . নিমাতে থাকিবৰ সময় আৰু কথা কবৰ সময়।”—উপ. ৩:১, ৭.
গীত ১২৪ সদায় নিষ্ঠাৱান
লেখৰ এক আভাসa
১. উপদেশক ৩:১, ৭ পদৰপৰা আমি কি শিকিব পাৰোঁ?
কিছুমান লোকে কথা পাতি বহুত ভাল পায়। আন কিছুমান লোকে মনে মনে থাকি ভাল পায়। যিদৰে এই লেখৰ পদে এইদৰে কয়, কথা পতাৰ আৰু মনে মনে থকাৰ এটা সময় আছে। (উপদেশক ৩:১, ৭ পঢ়ক।) কিছুমান ভাই-ভনীয়ে বেছিকৈ কথা পতা আৰু কিছুমান ভাই-ভনীয়ে কমকৈ কথা পতাটো আমি হয়তো বিচাৰোঁ।
২. আমি কেতিয়া কথা পতা উচিত আৰু কেনেধৰণে কথা পতা উচিত, তাৰ বিষয়ে আমাক কোনে কʼব পাৰে?
২ কথা কোৱাটো যিহোৱাৰপৰা পোৱা এটা উপহাৰ। (যাত্ৰা. ৪:১০, ১১; প্ৰকা. ৪:১১) যিহোৱাই বাইবেলত উল্লেখ কৰিছে যে আমি সেই উপহাৰটো সঠিকভাৱে কেনেকৈ ব্যৱহাৰ কৰা উচিত। এই লেখত আমি বাইবেলৰ কিছুমান উদাহৰণ আলোচনা কৰিম আৰু জানিম যে আমি কেতিয়া কথা কোৱা উচিত আৰু কেতিয়া মনে মনে থকা উচিত। আমি এয়াও চাম যে আমি আনৰ লগত কৰা কথা-বতৰা শুনি যিহোৱাই কেনে অনুভৱ কৰে। সৰ্বপ্ৰথমে আহক আমি চাম যে আমি কেতিয়া কথা কোৱা উচিত।
আমি কেতিয়া কথা পতা উচিত?
৩. ৰোমীয়া ১০:১৪, ১৫ পদৰ অনুসৰি আমি কেতিয়া কথা কʼবলৈ সাজু থকা উচিত?
৩ আমি সদায় যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে আনক কʼবলৈ সাজু থকা উচিত। (মথি ২৪:১৪; ৰোমীয়া ১০:১৪, ১৫ পঢ়ক।) এনে কৰিলে আমি যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ দৰে হয়। যীচুৱে পৃথিৱীলৈ অহাৰ মুখ্য কাৰণ হৈছে, তেওঁৰ পিতৃৰ সত্যতাৰ বিষয়ে আনক শিকোৱা। (যোহ. ১৮:৩৭) কিন্তু আমি কেনেদৰে কথা পাতোঁ, সেয়াও মনত ৰখা উচিত। আমি আনৰ লগত যিহোৱাৰ বিষয়ে কথা পতাৰ সময়ত “নম্ৰতাৰে আৰু ভয়েৰে” কথা পতা উচিত। (১ পিত. ৩:১৫) আমি তেওঁলোকৰ ভাবনা আৰু বিশ্বাসৰ প্ৰতি ধ্যান দিয়া উচিত। এই কথাবোৰৰ ওপৰত ধ্যান দিলে আমি তেওঁলোকক সত্যৰ বিষয়ে শিকাব পাৰিম আৰু আমাৰ কথাই তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব।
৪. হিতোপদেশ ৯:৯ পদৰ অনুসৰি প্ৰাচীনসকলে কিয় পৰামৰ্শ দিয়াত সংকোচ কৰা উচিত নহয়?
৪ যদি এজন ভাই বা ভনীক পৰামৰ্শৰ প্ৰয়োজন হয়, তেনেহʼলে প্ৰাচীনসকলে তেওঁক পৰামৰ্শ দিয়াত সংকোচ কৰা উচিত নহয়। কিন্তু সেই ভাই বা ভনীয়ে যাতে লাজ অনুভৱ নকৰে, তাৰ বাবে প্ৰাচীনসকলে তেওঁলোকক পৰামৰ্শ দিয়াৰ সঠিক সময়ৰ প্ৰতি ধ্যান দিয়া উচিত। পৰামৰ্শ দিয়াৰ সময়ত আশে-পাশে যাতে আন ব্যক্তি নাথাকে, তাৰ ওপৰতো তেওঁলোকে ধ্যান দিয়া উচিত। প্ৰাচীনসকলে তেওঁলোকৰ মৰ্য্যদা বজাই ৰখা উচিত। কিন্তু প্ৰাচীনে বাইবেলৰ সিদ্ধান্ত স্পষ্টকৈ কোৱা উচিত, যাতে তেওঁলোকে নিজৰ চিন্তাধাৰা শুধৰণি কৰিব পাৰে। (হিতোপদেশ ৯:৯ পঢ়ক।) আনক তেওঁলোকৰ ভুলৰ বিষয়ে কোৱাৰ সময়ত আমাক কিয় সাহসৰ প্ৰয়োজন? ইয়াক বুজিবলৈ আহক দুটা বিপৰীত উদাহৰণলৈ ধ্যান দিওঁ। এজন ব্যক্তিয়ে নিজৰ পুত্ৰসকলৰ ভুল শুধৰণি কৰাৰ প্ৰয়োজন আছিল। আনহাতে, এগৰাকী তিৰোতাই ভৱিষ্যতে হʼবলগীয়া এজন ৰজাৰ নিৰ্ণয় ভুল হয় বুলি কʼবলগীয়া আছিল।
৫. মহা-পুৰোহিত এলীয়ে কেতিয়া কথা কোৱা উচিত আছিল?
৫ মহা-পুৰোহিত এলীৰ দুজন পুত্ৰ আছিল আৰু এলীয়ে তেওঁলোকক বহুত প্ৰেম কৰিছিল। কিন্তু তেওঁৰ পুত্ৰই যিহোৱাৰ সন্মান কৰা নাছিল। তেওঁলোক মন্দিৰত পুৰোহিত হিচাপে সেৱা কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিল। কিন্তু তেওঁলোকে নিজৰ অধিকাৰক অপব্যৱহাৰ কৰিছিল। তেওঁলোকে যিহোৱালৈ উৎসৰ্গ কৰা বলিদানৰ অপমান কৰিছিল আৰু তাত সেৱা কৰা তিৰোতাসকলৰ লগত অনৈতিক কাৰ্য্য কৰিছিল। (১ চমূ. ২:১২-১৭, ২২) মোচিৰ নিয়ম অনুসৰি তেওঁলোক মৃত্যুৰ যোগ্য আছিল কিন্তু এলীয়ে তেওঁলোকক কেৱল গালি-শপনি দিছিল আৰু মন্দিৰত পুনৰ সেৱা কৰিবলৈ দিছিল। (দ্বিতী. ২১:১৮-২১) এলীৰ কাৰ্য্য দেখি যিহোৱাই কেনে অনুভৱ কৰিছিল? তেওঁ এলীক এইদৰে কৈছিল, “তুমি মোতকৈ কিয় নিজ পোহঁতক অধিক আদৰ কৰিছা?” যিহোৱাই এলীৰ পুত্ৰকেইজনক মৃত্যুদণ্ড দিবলৈ নিৰ্ণয় লয়।—১ চমূ. ২:২৯, ৩৪.
৬. এলীৰপৰা আমি কি শিক্ষা লাভ কৰোঁ?
৬ এলীৰ ভুলৰপৰা আমি এটা ভাল শিকা পাওঁ। যদি এজন বন্ধু বা পৰিয়ালৰ সদস্যই ঈশ্বৰৰ নিয়ম উলংঘন কৰিছে বুলি গম পাওঁ, তেনেহʼলে আমি তেওঁক যিহোৱাৰ মানদণ্ডৰ বিষয়ে জনোৱা উচিত। আমি নিশ্চিত কৰা উচিত যে তেওঁ যাতে প্ৰাচীনসকলৰপৰা সহায় লাভ কৰে। (যাকো. ৫:১৪) আমি এলীৰ দৰে হোৱা উচিত নহয়। নিজৰ বন্ধু বা পৰিয়ালৰ সদস্যতকৈ আমি যিহোৱাক সন্মান কৰা উচিত। কাৰোবাক শুধৰণি কৰিবলৈ সাহসৰ প্ৰয়োজন। কিন্তু এনে কৰিলে পৰিণাম ভাল হয়। এই কথা বুজিবলৈ আহক আমি চাওঁ অবীগলে কি কৰিলে।
অবীগলৰপৰা আমি শিকিলোঁ যে সঠিক সময়ত আমি কথা কোৱা উচিত (অনুচ্ছেদ ৭-৮ চাওক)d
৭. অবীগলে দায়ূদৰ লগত কথা পাতিবলৈ কিয় নিৰ্ণয় লৈছিল?
৭ অবীগল, নাবাল নামৰ এজন ধনৱান জমিদাৰৰ পত্নী আছিল। যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলে ৰজা চৌলৰপৰা পলাই ফুৰিছিল, তেতিয়া সেইসময়ত তেওঁলোকে নাবালৰ মেৰৰখীয়াৰ বহুত সহায় কৰিছিল আৰু নাবালৰ ভেৰাবোৰক ডকাইতৰপৰা ৰক্ষা কৰিছিল। কিন্তু নাবালে দায়ূদ আৰু তেওঁৰ লোকসকলৰ প্ৰতি কৃতজ্ঞ আছিলনে? নাছিল। যেতিয়া দায়ূদে নিজৰ লোকসকলৰ বাবে নাবালৰপৰা খোৱা-বোৱাৰ বস্তু বিচাৰিছিল, তেতিয়া নাবাল অতি ক্ৰোধিত হৈছিল আৰু তেওঁলোকক ঠাট্টা কৰিছিল। (১ চমূ. ২৫:৫-৮, ১০-১২, ১৪) সেইবাবে, দায়ূদে নাবাল আৰু তেওঁৰ পৰিয়ালক হত্যা কৰিবলৈ নিৰ্ণয় লৈছিল। (১ চমূ. ২৫:১৩, ২২) অবীগলে বুজিলে যে সমস্যাটো পাৰ কৰিবলৈ দায়ূদৰ লগত কথা পতাটো অতি প্ৰয়োজন। অবীগলে সাহস গোটাই দায়ূদ আৰু তেওঁৰ ৪০০ জন লোকক লগ কৰিবলৈ গʼল, যিসকল ক্ৰোধিত হৈ আছিল।
৮. অবীগলৰপৰা আমি কি শিকিব পাৰোঁ?
৮ দায়ূদক লগ পোৱাৰ সময়ত অবীগলে তেওঁৰ লগত সাহসেৰে আৰু সন্মানেৰে কথা পাতিছিল। তাই দায়ূদক নিজৰ কথাৰ ওপৰত বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল। যি সমস্যাৰ সৃষ্টি হৈছিল, তাত অবীগলৰ কোনো দোষ নাছিল। তথাপিও তাই দায়ূদক ক্ষমা খুজিছিল। যিহোৱাই অবীগলক সহায় কৰিব বুলি তাইৰ ভৰসা আছিল। তাই দায়ূদক কৈছিল যে তেওঁ এজন ভাল ব্যক্তি হয়, সেইবাবে তাইৰ সম্পূৰ্ণ ভৰসা আছে যে তেওঁ নিশ্চয় সঠিক কাম কৰিব। (১ চমূ. ২৫:২৪, ২৬, ২৮, ৩৩, ৩৪) কাৰোবাক ভুল পথলৈ যোৱা দেখিলে আমি অবীগলৰ দৰে সাহসেৰে আৰু সন্মানেৰে তেওঁৰ লগত কথা পতা উচিত। (গীত. ১৪১:৫) যেতিয়া আমি কাৰোবাক প্ৰেমেৰে বুজাও, তেতিয়া আমি তেওঁৰ ভাল বন্ধু বুলি প্ৰমাণ কৰোঁ।—হিতো. ২৭:১৭.
৯-১০. কাৰোবাৰ ভুল শুধৰণি কৰাৰ সময়ত প্ৰাচীনসকলে কি কথা মনত ৰখা উচিত?
৯ যেতিয়া এজন ভাই বা ভনীয়ে ভুল কৰে, তেতিয়া প্ৰাচীনসকলে তেওঁৰ লগত সাহসেৰে কথা পতা উচিত। (গালা. ৬:১) প্ৰাচীনসকলে জানে যে তেওঁলোকেও ভুল কৰে আৰু তেওঁলোককো এদিন পৰামৰ্শৰ প্ৰয়োজন হʼব। কিন্তু ইয়াৰ বাবে তেওঁলোকে আনৰ ভুল চিন্তাধাৰা শুধৰণি কৰাত সংকোচ কৰা উচিত নহয়। (২ তীম. ৪:২; তীত ১:৯) কাৰোবাক পৰামৰ্শ দিয়াৰ সময়ত প্ৰাচীনসকলে কৌশলতাৰে আৰু ধৈৰ্য্যেৰে কথা পতা উচিত। ভাই-ভনীৰ প্ৰতি থকা প্ৰেমেই তেওঁলোকক এইদৰে কৰিবলৈ উৎসাহিত কৰিব। (হিতো. ১৩:২৪) কিন্তু আটাইতকৈ ডাঙৰ কাৰণ হৈছে তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন কৰি যিহোৱাক সন্মান কৰে আৰু মণ্ডলীক বিপদৰপৰা ৰক্ষা কৰিব বিচাৰে।—পাঁচ. ২০:২৮.
১০ এতিয়ালৈকে আমি শিকিলোঁ যে আমি কেতিয়া কথা কোৱা উচিত। এতিয়া আহক চাওঁ যে আমি কেতিয়া মনে মনে থকা উচিত। মনে মনে থকাটো কিয় কঠিন হʼব পাৰে?
কেতিয়া মনে মনে থকা উচিত?
১১. যাকোবে কি উদাহৰণ দিছিল? এয়া কিয় এক ভাল উদাহৰণ হয়?
১১ নিজৰ জিবাক নিয়ন্ত্ৰণ কৰি ৰখাটো কেতিয়াবা কঠিন হʼব পাৰে। এই কথা বুজাবলৈ বাইবেলৰ এজন লেখক যাকোবে এটা ভাল উদাহৰণ দিছিল। তেওঁ এইদৰে কৈছিল, “কোনোৱে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, গোটেই শৰীৰকো দমন কৰিবলৈ সমৰ্থ। ঘোঁৰাবোৰো আমাৰ বশীভূত হবলৈ আমি যদি সিহঁতৰ মুখত লাগাম দিওঁ, তেন্তে সিহঁতৰ গোটেই গা ঘূৰাব পাৰোঁ।” (যাকো. ৩:২, ৩) লাগামৰ এটা ভাগ ঘোঁৰাৰ মূৰত আৰু আনটো ভাগ মুখত লগোৱা হয়, যাতে তাক নিয়ন্ত্ৰণত ৰাখিব পাৰি। যদি এজন অশ্বাৰোহীয়ে ঘোঁৰাক লাগাম নলগাকৈ এৰি দিয়ে, তেন্তে তেওঁ ঘোঁৰাটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব আৰু ঘোঁৰাটো পলাই যাব। ঘোঁৰাটো নিজেও দুখ পাব আৰু অশ্বাৰোহীজনকো আঘাত দিব। ঠিক সেইদৰে আমিও যদি নিজৰ জিবাক নিয়ন্ত্ৰণ নকৰোঁ, তেনেহʼলে বহুতো সমস্যাৰ সৃষ্টি হʼব পাৰে। গতিকে, আহক চাওঁ যে আমি কেতিয়া নিজৰ জিবাক নিয়ন্ত্ৰণ কৰা উচিত।
১২. আমি কেতিয়া নিজৰ জিবাক নিয়ন্ত্ৰণ কৰা উচিত?
১২ যদি এজন ভাই বা ভনীৰ ওচৰত এনে কিছুমান তথ্য আছে, যি আনক কোৱা উচিত নহয়, তেনেহʼলে আপুনি কি কৰিব? উদাহৰণস্বৰূপে, আমাৰ কাম নিষেধ কৰা দেশৰ কোনো ভাই বা ভনীক যদি আপুনি লগ পায়, তেনেহʼলে তেওঁলোকৰ দেশৰ প্ৰচাৰ কাম কেনেকৈ হৈছে, তাৰ বিষয়ে আপুনি সুধিবনে? হয়তো আপোনাৰ প্ৰশ্ন সোধাৰ উদ্দেশ্য ভুল নহয়। আমি সকলোৱে আমাৰ ভাই-ভনীক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ খা-খবৰ জানিব বিচাৰোঁ। তেওঁলোকৰ বিষয়ে স্পষ্টকৈ জানিলে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমি এয়াও মনত ৰখা উচিত যে এনে ভাই বা ভনীক লগ কৰা সময়ত আমি নিজৰ জিবাক নিয়ন্ত্ৰণ কৰা উচিত। কিয় বাৰু? যদি আমি তেওঁলোকক সেই দেশৰ প্ৰচাৰ কামৰ বিষয়ে কʼবলৈ হেঁচা দিওঁ, তেনেহʼলে আমি তেওঁলোকৰ প্ৰতি প্ৰেম নেদেখুৱাওঁ। আমি সেই দেশৰ ভাই-ভনীসকলক বিপদত পেলোৱাৰ দৰে হʼব। তেওঁ যʼতেই নাযাওক কিয় সেই তথ্য গোপনে ৰখাটো সেই দেশৰ ভাই-ভনীসকলে তেওঁৰপৰা আশা কৰে। আমাৰ বাবে সেই ভাই-ভনীসকলে সমস্যাত পৰাটো আমি নিবিচাৰোঁ। সেই দেশৰ ভাই-ভনীসকলকো মনত ৰখা উচিত যে তেওঁলোকৰ দেশত প্ৰচাৰ কাম কেনেকৈ হয় আৰু সভাবোৰ কেনেকৈ পৰিচালনা কৰা হয়, তাৰ বিষয়ে যাতে আনক নজনায়।
১৩. হিতোপদেশ ১১:১৩ পদৰ অনুসৰি প্ৰাচীনসকলে কি কথাৰ ওপৰত ধ্যান দিয়া উচিত আৰু কিয়?
১৩ প্ৰাচীনসকলে হিতোপদেশ ১১:১৩ পদত উল্লেখ কৰা সিদ্ধান্ত পালন কৰি গুপনীয় তথ্যবোৰ গোপনে ৰাখিবলৈ ধ্যান দিয়া উচিত। (পঢ়ক।) বিশেষকৈ বিবাহিত প্ৰাচীনসকলৰ বাবে এয়া কঠিন হʼব পাৰে। এয়া সত্য যে বিবাহিত দম্পতীয়ে এজনে-আনজনৰ লগত কথা পাতিলে তেওঁলোকৰ সম্পৰ্ক দৃঢ় হয়। কিন্তু এজন প্ৰাচীনে কেতিয়াও মণ্ডলীৰ ভাই-ভনীসকলৰ “গুপুত কথা” নিজৰ পত্নীক কোৱা উচিত নহয়। যদি তেওঁ এইদৰে কৰে, তেন্তে ভাই-ভনীসকলে তেওঁৰ ওপৰত বিশ্বাস নকৰিব। প্ৰাচীনসকলক ভৰসা কৰি মণ্ডলীত দায়িত্ব দিয়া হয়, সেইবাবে তেওঁলোকে “দুতলীয়া” বা আনক আঘাত লগা কথা কʼব নোৱাৰে। (১ তীম. ৩:৮) ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে নিজৰ ভাই-ভনীৰ গুপুত কথা আনক কৈ তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰে। এজন প্ৰাচীনে যদি নিজৰ পত্নীক সঁচাকৈ প্ৰেম কৰে, তেনেহʼলে তেওঁ তাই চিন্তিত হোৱা কথা নকʼব, যিটো কথা তাইক জনাৰ প্ৰয়োজন নাই।
১৪. এজন প্ৰাচীনক ভাল নাম বজাই ৰাখিবলৈ পত্নীয়ে কেনেকৈ সহায় কৰিব পাৰে?
১৪ গোপন কথাবোৰ কʼবলৈ হেঁচা নিদি পত্নীয়ে নিজৰ স্বামীক ভাল নাম বজাই ৰাখিবলৈ সহায় কৰিব পাৰে। যেতিয়া এগৰাকী পত্নীয়ে এই পৰামৰ্শ পালন কৰে, তেতিয়া তাই নিজৰ স্বামীক সহযোগ কৰে। তাই সেই ভাই-ভনীসকলকো সন্মান কৰে, যিসকলে তাইৰ স্বামীক নিজৰ গোপন কথা কৈছে। বিশেষকৈ তাই যিহোৱাক আনন্দিত কৰে, কিয়নো তাইৰ ভাল ব্যৱহাৰৰ বাবে মণ্ডলীত শান্তি আৰু একতা বৰ্তি থাকিব।—ৰোম. ১৪:১৯.
আমাৰ কথা শুনি যিহোৱাই কেনে অনুভৱ কৰে?
১৫. ইয়োবৰ তিনিজন বন্ধুৰ কথা শুনি যিহোৱাই কেনে অনুভৱ কৰিছিল আৰু কিয়?
১৫ আমি বাইবেলৰ ইয়োব কিতাপৰপৰা শিকিব পাৰোঁ যে আমি কেতিয়া আৰু কেনেধৰণৰ কথা কোৱা উচিত। ইয়োবে সমস্যাৰ বাবে নিৰাশাত থকাৰ সময়ত চাৰিজন ব্যক্তিয়ে তেওঁক শান্ত্বনা আৰু পৰামৰ্শ দিবলৈ আহিছিল। প্ৰথমে তেওঁলোকে বহু দেৰিলৈকে মনে মনে আছিল। কিন্তু তাৰে মাজৰ তিনিজনে কʼবলৈ ধৰিলে। তেওঁলোক আছিল ইলীফজ, বিলদদ আৰু চোফৰ। তেওঁলোকৰ কথাৰপৰা বুজিব পাৰি যে তেওঁলোকে মনে মনে থাকি ইয়োবক কেনেকৈ শান্ত্বনা দিব, তাৰ বিষয়ে চিন্তা কৰা নাছিল। ইয়াৰ পৰিৰ্ৱতে, তেওঁলোকে ভাবিছিল যে ইয়োবে ভুলি কাম কৰিছে বুলি তেওঁলোকে কেনেকৈ প্ৰমাণ কৰিব পাৰে। তেওঁলোকৰ কিছুমান কথা সত্য আছিল, কিন্তু তেওঁলোকে ইয়োবক আঘাত দিয়া কথা কৈছিল আৰু যিহোৱাৰ বিষয়েও মিছা কথা কৈছিল। (ইয়ো. ৩২:১-৩) তেওঁলোকৰ কথা শুনি যিহোৱাই কেনে অনুভৱ কৰিলে? যিহোৱাই তেওঁলোকৰ ওপৰত ক্ৰোধিত হৈছিল। যিহোৱাই তেওঁলোকক মুৰ্খ বুলি কৈছিল আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ইয়োবলৈ অনুৰোধ কৰিবলৈ কৈছিল।—ইয়ো. ৪২:৭-৯.
১৬. ইলীফজ, বিলদদ আৰু চোফৰৰ বেয়া উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?
১৬ ইলীফজ, বিলদদ আৰু চোফৰৰ বেয়া উদাহৰণৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। প্ৰথমতে, আমি নিজৰ ভাই-ভনীক দোষী কৰা উচিত নহয়। (মথি ৭:১-৫) আমি কিবা কোৱাৰ আগতে তেওঁলোকৰ কথা মনোযোগেৰে শুনা উচিত। তেতিয়াহে আমি তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে বুজিব পাৰিম। (১ পিত. ৩:৮) দ্বিতীয়তে, আমি কথা কোৱাৰ সময়ত নিশ্চিত কৰা উচিত যে আমাৰ কথা সত্য হয় আৰু ভাই-ভনীসকলে যাতে আঘাত নাপায়। (ইফি. ৪:২৫) তৃতীয়তে, আমাৰ কথা-বতৰা যিহোৱাই মনোযোগেৰে শুনে।
১৭. ইলীহূৰপৰা আমি কি শিকিব পাৰোঁ?
১৭ ইয়োবক লগ কৰিবলৈ অহা লোকসকলৰ মাজৰ চতুৰ্থ ব্যক্তিজন ইলীহূ আছিল। তেওঁ অব্ৰাহামৰ সম্পৰ্কীয় আছিল। ইয়োব আৰু আন তিনিজন ব্যক্তিয়ে কথা পতাৰ সময়ত ইলীহূয়ে মনোযোগেৰে তেওঁলোকৰ কথা শুনিছিল। সেইবাবে, তেওঁ ইয়োবক প্ৰেমেৰে পৰামৰ্শ দিব পাৰিলে আৰু ইয়োবক নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ সহায় কৰিব পাৰিলে। (ইয়ো. ৩৩:১, ৬, ১৭) ইলীহূয়ে নিজৰ বা আনৰ প্ৰশংসা কৰাৰ পৰিৰ্ৱতে যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰিছিল। (ইয়ো. ৩২:২১, ২২; ৩৭:২৩, ২৪) ইলীহূৰপৰা আমি শিকিলোঁ যে কথা কোৱাৰ আৰু মনে মনে থকাৰ এটা সময় থাকে। (যাকো. ১:১৯) আমি এয়াও শিকিলোঁ যে যেতিয়া আমি কাৰোবাক শুধৰণি কৰিবলৈ পৰামৰ্শ দিওঁ, তেতিয়া আমি নিজৰ প্ৰশংসা কৰাৰ পৰিৰ্ৱতে যিহোৱাৰ প্ৰশংসা কৰা উচিত।
১৮. যদি আমি যিহোৱাই দিয়া উপহাৰৰ প্ৰতি কৃতজ্ঞ, তেনেহʼলে আমি কি কৰিম?
১৮ কেতিয়া আৰু কেনেধৰণৰ কথা কোৱা উচিত, তাৰ বিষয়ে বাইবেলত দিয়া পৰামৰ্শ পালন কৰি আমি কথা কʼব পৰা উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। বুদ্ধিমান ৰজা চলোমনে ঈশ্বৰৰ প্ৰেৰণাৰে এইদৰে লিখিছিল, “ৰূপৰ ডালি-খৰাহিত থোৱা সোণৰ সুমথিৰাবোৰ যেনে, উচিত সময়ত কোৱা বাক্যও তেনে।” (হিতো. ২৫:১১) যেতিয়া কোনোবাই কথা কৈ থকাৰ সময়ত আমি মনোযোগেৰে শুনোঁ আৰু কোৱাৰ আগতে ভাবোঁ, তেতিয়া আমাৰ কথা-বতৰা সোণৰ সুমথিৰাৰ দৰে হʼব, যি সুন্দৰ হোৱাৰ লগতে মূল্যৱানো হয়। যদি আমি এইদৰে কৰোঁ, তেন্তে আমি যিমানেই কথা নকওঁ কিয়, আমাৰ কথা-বতৰাই আনক উৎসাহিত কৰিব আৰু যিহোৱা আনন্দিত হʼব। (হিতো. ২৩:১৫; ইফি. ৪:২৯) যিহোৱাই দিয়া উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এয়া আমাৰ বাবে এক ভাল উপায় হয়।
গীত ৮২ ‘তোমালোকৰ পোহৰ প্ৰকাশিত হওক’
a আমি কেতিয়া কথা পতা উচিত আৰু কেতিয়া মনে মনে থকা উচিত, এই বিষয়ে বাইবেলত কিছুমান সিদ্ধান্ত উল্লেখ কৰা হৈছে। যেতিয়া আমি এই সিদ্ধান্তবোৰ পালন কৰিম, তেতিয়া যিহোৱা আনন্দিত হʼব।
b ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে আন এগৰাকী ভনীক ভাল পৰামৰ্শ দিছে।
c ছবিৰ বিষয়ে: এজন ভায়ে আন এজন ভাইক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে কিছুমান উপায় দিছে।
d ছবিৰ বিষয়ে: অবীগলে সঠিক সময়ত দায়ূদৰ লগত কথা পাতিছিল। সেইবাবে, ভাল পৰিণাম হৈছিল।
e ছবিৰ বিষয়ে: এজন ভাই আৰু তেওঁৰ পত্নীয়ে এনে দেশত হোৱা প্ৰচাৰ কামৰ বিষয়ে একো কোৱা নাই, যি দেশত আমাৰ কাম নিষেধ কৰা হৈছে।
f ছবিৰ বিষয়ে: এজন প্ৰাচীনে এই কথাৰ ওপৰত ধ্যান দিছে যে মণ্ডলীৰ গোপন কথা কোনো লোকে শুনা নাপায়।