ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 জুলাই পৃষ্ঠা ৮-১৩
  • যিহোৱাৰ দৰে ধৈৰ্য্য ধৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ দৰে ধৈৰ্য্য ধৰক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই কি কি সহন কৰিছে?
  • আমি যিহোৱাৰ ধৈৰ্য্য গুণৰপৰা কি শিকিব পাৰোঁ?
  • সহনশীলতাৰ বাবে পুৰষ্কাৰ পোৱা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 জুলাই পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ২৭

যিহোৱাৰ দৰে ধৈৰ্য্য ধৰক

“তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।”—লূক ২১:১৯.

গীত ১১৪ “সহন কৰক”

লেখৰ এক আভাসa

১-২. যিচয়া ৬৫:১৬, ১৭ পদৰ অনুসৰি আশা এৰি নিদিবলৈ কিহে আমাক সহায় কৰে?

২০১৭ চনৰ আঞ্চলিক অধিৱেশনৰ বিষয় আছিল, “আশা এৰি নিদিব!” এই অধিৱেশনত শিকোৱা হৈছিল যে আমি সমস্যাবোৰ কেনেকৈ ধৈৰ্য্যেৰে সন্মুখীন হʼব পাৰোঁ। এই অধিৱেশন শেষ হোৱা আজি চাৰি বছৰ হʼল। কিন্তু আমি এতিয়াও চয়তানৰ জগতত জীয়াই আছোঁ আৰু সমস্যাৰ সন্মুখীন হৈ আছোঁ।

২ আপুনি অলপতে কিবা সমস্যাৰ সন্মুখীন হৈছিলনে? আপুনি পৰিয়ালৰ লোক বা বন্ধুক মৃত্যুত হেৰুৱাইছেনে? আপুনি কিবা ডাঙৰ বেমাৰত ভুগি আছে নে বৃদ্ধ হোৱাৰ বাবে দুখ-কষ্ট ভুগি আছে? আপুনি প্ৰাকৃতিক দুৰ্যোগ, হিংসা বা অন্যায়ৰ সন্মুখীন হৈছে নে কভিড-১৯ মহামাৰীৰ বাবে চিন্তিত হৈছে? যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে অতি সোনকালে তেওঁ সকলো সমস্যা দূৰ কৰিব আৰু সেইবোৰ কেতিয়াও মনত পেলোৱা নহʼব। আমি সকলোৱে সেই দিনৰ বাবে আশাৰে বাট চাই আছোঁ।—যিচয়া ৬৫:১৬, ১৭ পঢ়ক।

৩. আমি এতিয়াৰেপৰা ধৈৰ্য্যৰ গুণটো কিয় বঢ়াই থকা উচিত?

৩ এই জগতত জীয়াই থকাটো ইমান সহজ নহয় আৰু আহিবলগীয়া সময়ত আমি আৰু বেছি সমস্যাৰ সন্মুখীন হʼব লাগিব। (মথি ২৪:২১) সেইবাবে, আমি এতিয়াৰেপৰা ধৈৰ্য্যৰ গুণ বঢ়াই থকা উচিত। ইয়াৰ বিষয়ে যীচুৱেও কৈছিল, “তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।” (লূক ২১:১৯) আমি ধৈৰ্য্যৰ বিষয়ে আনৰপৰা বহুতো কথা শিকিব পাৰোঁ।

৪. ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত যিহোৱা আটাইতকৈ ভাল উদাহৰণ হয় বুলি আমি কিয় কʼব পাৰোঁ?

৪ ধৈৰ্য্য ধৰাৰ আটাইতকৈ ভাল উদাহৰণ হৈছে যিহোৱা। কেতিয়াবা হয়তো আমি ভাবিব পাৰোঁ যে যিহোৱাক ধৈৰ্য্য ধৰাৰ কিয় প্ৰয়োজন? কিন্তু আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই একে দিনাই সকলো সমস্যা দূৰ কৰিব পাৰে, তথাপি তেওঁ এইদৰে কৰা নাই। কিয়নো চয়তানৰ জগতক ধ্বংস কৰিবলৈ তেওঁ এটা নিৰ্দিষ্ট দিন বাছনি কৰিছে। (ৰোম. ৯:২২) সেই সময়লৈকে তেওঁ ধৈৰ্য্য ধৰিছে। এতিয়া আহক আমি এনে ৯ টা বিষয়ৰ ওপৰত ধ্যান দিওঁ, যিবোৰ যিহোৱাই সহন কৰি আছে।

যিহোৱাই কি কি সহন কৰিছে?

হৱাই মনা কৰা ফলটো খাবলৈ গৈ আছে আৰু চয়তানে তাইক চাই আছে।

৫. (ক) যিহোৱাৰ নাম কেনেকৈ কলংকিত হʼল? (খ) ইয়াৰ বিষয়ে জানি আপোনাক কেনেকুৱা লাগে?

৫ তেওঁৰ নাম কলংকিত হʼল। যিহোৱাই নিজৰ নামক বহুত প্ৰেম কৰে আৰু আমিও তেওঁৰ নামক সন্মান কৰাটো তেওঁ বিচাৰে। (যিচ. ৪২:৮) কিন্তু যোৱা ৬০০০ বছৰ ধৰি যিহোৱাৰ নামক অসন্মান কৰা হৈছে। (গীত. ৭৪:১০, ১৮, ২৩) ইয়াৰ আৰম্ভণি এদন নামৰ বাগিচাখনত হৈছিল। দিয়াবল অৰ্থাৎ ‘মিছলীয়াই’ যিহোৱাৰ বিৰোধে মিছা কথা কৈছিল। সি কৈছিল যে আদম আৰু হৱাই আনন্দত থাকিবলৈ যি বস্তুবোৰৰ প্ৰয়োজন আছিল, সেই সকলো বস্তুৰপৰা যিহোৱাই তেওঁলোকক আঁতৰাই ৰাখিছে। (আদি. ৩:১-৫) তেতিয়াৰেপৰা যিহোৱাৰ ওপৰত অভিযোগ কৰা হৈছে যে তেওঁ সকলো ভাল বস্তুৰপৰা মানৱজাতিক আঁতৰাই ৰাখিছে। যীচুৱেও ইয়াৰ বিষয়ে চিন্তিত হৈছিল যে যিহোৱাৰ নামৰ ওপৰত কলংক লগোৱা হৈছে। সেইবাবে, তেওঁ নিজৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক।”—মথি ৬:৯.

হৱাই মনা কৰা ফলটো আদম দি আছে।

৬. শাসন কৰাৰ অধিকাৰৰ ওপৰত যি সমস্যা হৈছিল, তাক সমাধান কৰিবলৈ কিয় সময়ৰ প্ৰয়োজন আছিল?

৬ তেওঁৰ শাসন কৰা অধিকাৰৰ ওপৰত বিৰোধ। যিহোৱাৰ স্বৰ্গ আৰু পৃথিৱীত শাসন কৰাৰ সকলো অধিকাৰ আছে আৰু তেৱেঁই সকলোতকৈ ভাল ৰজা হয়। (প্ৰকা. ৪:১১) কিন্তু চয়তানে স্বৰ্গদূত আৰু মানুহক যিহোৱাৰ অধিকাৰক বিৰোধ কৰিবলৈ উৎসাহিক কৰিলে। সি কৈছিল যে আমাৰ ওপৰত শাসন কৰাৰ যিহোৱাৰ কোনো অধিকাৰ নাই। এই সমস্যাটো সমাধান কৰিবলৈ সময়ৰ প্ৰয়োজন আছিল। সেইবাবে, যিহোৱাই মানৱজাতিক শাসন কৰিবলৈ অনুমতি দিলে, যাতে লোকসকলে বুজি পায় যে যিহোৱাৰ অবিহনে তেওঁলোকে কেতিয়াও ভালদৰে শাসন কৰিব নোৱাৰে। (যিৰি. ১০:২৩) যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে প্ৰমাণ হʼব যে স্বৰ্গত আৰু পৃথিৱীত শাসন কৰাৰ অধিকাৰ কেৱল তেওঁৰহে আছে আৰু কেৱল তেওঁৰ ৰাজ্যইহে পৃথিৱীত প্ৰকৃত শান্তি আৰু সুৰক্ষা আনিব পাৰিব।

স্বৰ্গত চয়তানে নিজৰ দুষ্ট স্বৰ্গদূতসকলৰ লগত আছে।

৭. (ক) কোন লোকসকলে যিহোৱাৰ বিৰোধ কৰিলে? (খ) যিহোৱাই বিৰোধীসকলক কি কৰিব?

৭ তেওঁৰ কিছুমান সন্তানে কৰা বিৰোধ। যিহোৱাই সৃষ্টি কৰাৰ সময়ত স্বৰ্গদূত আৰু মানৱজাতি সিদ্ধ আছিল। কিন্তু চয়তান আৰ্থাৎ ‘বিৰোধীয়ে’ যিহোৱাৰ বিৰোধ কৰিলে আৰু আদম আৰু হৱাকো যিহোৱাৰ বিৰোধ কৰিবলৈ উৎসাহিত কৰিলে। তাৰ পাছত কিছুমান স্বৰ্গদূত আৰু মানুহে চয়তানৰ ফলীয়া হʼল। (যিহূ. ৬) আগলৈ গৈ যিহোৱাৰ বিশেষ জাতি অৰ্থাৎ ইস্ৰায়েলীসকলেও মিছা উপাসনা কৰিবলৈ ধৰিলে। (যিচ. ৬৩:৮, ১০) সঁচাকৈ, তেওঁলোকে যিহোৱাৰ লগত কিমান ডাঙৰ বিশ্বাসঘাত কৰিলে। তথাপি যিহোৱাই ধৈৰ্য্য ধৰিলে আৰু এতিয়ালৈকে তেওঁ ধৈৰ্য্য ধৰি আছে। কিন্তু তেওঁ সেইসময়ৰ বাবে অপেক্ষা কৰি আছে, যেতিয়া তেওঁ বিৰোধীসকলক একেবাৰে ধ্বংস কৰিব। ইয়াৰ পাছত যিহোৱা আৰু তেওঁৰ বিশ্বাসী সেৱকসকলে আনন্দিত হʼব যে তেওঁলোকে দুষ্টতাক আৰু কেতিয়াও সহন কৰিব নালাগিব।

চয়তানে স্বৰ্গত যিহোৱাৰ ওচৰত ইয়োবৰ ওপৰত অভিযোগ কৰিছে। ইয়োবে মাটিত বহিছে আৰু তেওঁৰ শৰীৰত খহু হৈছে।

৮-৯. (ক) ঈশ্বৰৰ ওপৰত কি কি অভিযোগ কৰা হৈছিল? (খ) সেই অভিযোগবোৰ মিছা হয় বুলি প্ৰমাণ কৰিবলৈ আমি কি কৰিব পাৰোঁ?

৮ চয়তানে কৰা মিছা অভিযোগ। চয়তানে ইয়োবৰ বিষয়ে কৈছিল যে যিহোৱাই সকলো ভাল বস্তু ইয়োবক দিয়াৰ বাবে তেওঁ যিহোৱাৰ উপাসনা কৰিছে। ঠিক সেইদৰে, চয়তানে আজিও যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ ওপৰত এই অভিযোগ কৰে। (ইয়ো. ১:৮-১১; ২:৩-৫; প্ৰকা. ১২:১০) কিন্তু আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ বাবে সমস্যাৰ সত্ত্বেও ধৈৰ্য্য ধৰিম আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিম। আমি এইদৰে কৰাৰ যোগেদি চয়তান মিছলীয়া হয় বুলি প্ৰমাণ কৰিম আৰু আমি ইয়োবৰ দৰে আশীৰ্বাদ লাভ কৰিম।—যাকো. ৫:১১.

৯ চয়তানে মিছা ধৰ্মগুৰুসকলৰ যোগেদি শিকাই যে যিহোৱা নিষ্ঠুৰ হয় আৰু তেওঁ মানৱজাতিক দুখ-কষ্ট দিয়ে। যেতিয়া কোনো লʼৰা-ছোৱালীৰ মৃত্যু হয়, তেতিয়া তেওঁলোকে কয় যে ঈশ্বৰে তেওঁলোকক নিজৰ ওচৰলৈ নিলে। কিয়নো ঈশ্বৰক তেওঁৰ প্ৰয়োজন আছিল। সঁচাকৈ, এয়া কিমান ডাঙৰ মিছা কথা হয়। ঈশ্বৰে কেতিয়াও এইদৰে কৰিব নোৱাৰে। কিয়নো তেওঁ আমাক বহুত প্ৰেম কৰে। সেইবাবে, যেতিয়া আমি বেমাৰত ভুগি থাকোঁ বা আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া আমি তেওঁক দোষাৰোপ নকৰোঁ। কিন্তু আমাৰ সম্পূৰ্ণ ভৰসা আছে যে ঈশ্বৰে সকলো ঠিক কৰিব আৰু ইয়াৰ বিষয়ে আমি সকলোকে জনাওঁ। যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া যিহোৱাই চয়তানক উত্তৰ দিব পাৰে।—হিতো. ২৭:১১.

এগৰাকী তিৰোতাই হস্পিতালৰ বিচনাত শুই আছে। তাইৰ হাতত আৰু নাকত পাইপ লগোৱা হৈছে আৰু তাইক অক্সিজেন আৰু দৰৱ দিয়া হৈছে।

১০. গীতমালা ২২:২৩, ২৪ পদৰপৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি?

১০ তেওঁৰ প্ৰিয় সেৱকসকলৰ দুখ-কষ্ট। যিহোৱা দয়ালু ঈশ্বৰ হয়। যেতিয়া তেওঁৰ সেৱকসকলে অন্যায় সহন কৰে, বেমাৰত ভুগে বা নিজৰ দুৰ্বলতাৰ বাবে দোষী অনুভৱ কৰে, তেতিয়া যিহোৱাকো বৰ দুখ লাগে। (গীতমালা ২২:২৩, ২৪ পঢ়ক।) যিহোৱাই আমাৰ দুখ-কষ্ট ভালদৰে বুজি পায়, সেইবাবে তেওঁ এইবোৰ দূৰ কৰিব বিচাৰে আৰু এয়া তেওঁ নিশ্চয় কৰিব। (যাত্ৰাপুস্তক ৩:৭, ৮ আৰু যিচয়া ৬৩:৯ তুলনা কৰক) অতি সোনকালে তেওঁ আমাৰ “চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকা. ২১:৪.

এহাল দম্পতীয়ে কবৰস্তান আছে। মৃত দেহৰ বাকচটো কবৰত ৰখা হৈছে আৰু সেয়া দেখি তেওঁলোকে কান্দি আছে।

১১. যিহোৱাই মৃত্যুত হেৰুৱা নিজৰ বন্ধুসকলৰ বিষয়ে কি কি কথা মনত পেলায়?

১১ নিজৰ বন্ধুসকলক হেৰুৱাৰ বেদনা। যিহোৱাৰ বহুতো বিশ্বাসী সেৱকসকলৰ মৃত্যু হৈছে। তেওঁলোকক পুনৰ লগ পাবলৈ যিহোৱাই আগ্ৰহেৰে বাট চাই আছে। (ইয়ো. ১৪:১৫) চিন্তা কৰক, হয়তো যিহোৱাক নিজৰ বন্ধু অব্ৰাহামৰ কথা মনত পৰে! (যাকো. ২:২৩) তেওঁক হয়তো মোচিৰ কথাও মনত পৰে, যাৰ লগত তেওঁ “সম্মুখা-সম্মুখিকৈ” কথা পাতিছিল। (যাত্ৰা. ৩৩:১১) হয়তো তেওঁক দায়ূদ আৰু আন গীত ৰচকসকলৰো কথা মনত পৰে, যিসকলে তেওঁৰ প্ৰশংসাত গীত গাইছিল। (গীত. ১০৪:৩৩) যদিও তেওঁলোকৰ মৃত্যু হোৱা বহুবছৰ হʼল, কিন্তু যিহোৱাই তেওঁলোকক পাহৰি যোৱা নাই। (যিচ. ৪৯:১৫) তেওঁলোকৰ প্ৰতিটো কথা যিহোৱাৰ মনত আছে। যিহোৱাৰ দৃষ্টিত তেওঁলোক “জীয়াই আছে।” (লূক ২০:৩৮) নতুন পৃথিৱীত যেতিয়া তেওঁলোকক পুনৰ জীৱিত কৰা হʼব, তেতিয়া যিহোৱা বৰ আনন্দিত হʼব। কিয়নো তেওঁলোকে পুনৰ যিহোৱাৰ উপাসনা কৰিব আৰু তেওঁলৈ প্ৰাৰ্থনা কৰিব। যদি আমাৰ মাজৰ কোনোবাই নিজৰ আপোনজনাক হেৰুৱাইছে, তেনেহʼলে এই সকলো কথাৰপৰা তেওঁলোকে সান্ত্বনা লাভ কৰিব।

ছবি: বিভিন্ন ধৰণৰ অত্যাচাৰ। ১. এজন সৈনিকে টেংকৰ ওপৰত আছে আৰু বাকী সৈনিকসকলে খোজ কাঢ়ি তেওঁৰ পিছে পিছে আহিছে। ২. পুলিচে যিহোৱাৰ সাক্ষীৰ এহাল দম্পতীক গ্ৰেপ্তাৰ কৰি নিছে।

১২. যিহোৱাক কেতিয়া বেছিকৈ দুখ লাগে?

১২ দুষ্ট লোকসকলৰ অত্যাচাৰ। যেতিয়া এদন বাগিচাত বিৰোধ আৰম্ভ হৈছিল, তেতিয়া যিহোৱাই ভালদৰে জানিছিল যে আগলৈ গৈ পৰিস্থিতি আৰু বেয়া হʼব। আজি চাৰিওফালে দুষ্টতা, অন্যায় আৰু হিংসা দেখিবলৈ পোৱা যায়। যিহোৱাই এই সকলো ঘৃণা কৰে। যেতিয়া অনাথ আৰু বিধবাসকলৰ লগত অন্যায় কৰা হয়, তেতিয়া যিহোৱাক বৰ দুখ লাগে। (জখ. ৭:৯, ১০) বিশেষকৈ, যেতিয়া যিহোৱাৰ বিশ্বাসী সেৱকসকলক তাড়না দিয়া হয় আৰু জেলত বন্দী কৰা হয়, তেতিয়া তেওঁক বেছিকৈ দুখ লাগে। গতিকে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিসকল সেৱকে অন্যায় সহন কৰিছে, তেওঁলোকক যিহোৱাই বহুত প্ৰেম কৰে।

নাইট ক্লাবত লোকসকলে মদ খাইছে আৰু পাৰ্টি কৰিছে।

১৩. (ক) আজি লোকসকলে কেনেধৰণৰ অনৈতিক কাম কৰি আছে? (খ) অতি সোনকালে যিহোৱা ঈশ্বৰে কি কৰিব?

১৩ লোকসকলৰ দুষ্ট আৰু অনৈতিক কাম। যিহোৱাই মানুহক নিজৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিছিল। কিন্তু চয়তানে লোকসকলক দুষ্ট আৰু অনৈতিক কাম কৰাইছে। নোহৰ সময়তো ঠিক এইদৰেই হৈছিল। “যিহোৱাই দেখিলে, পৃথিবীত মানুহৰ দুষ্টতা অধিক” হৈছে আৰু তেওঁক “পৃথিবীত মানুহ সৃষ্টি কৰাত বেজাৰ লাগি, মনত বিষাদ” পালে। (আদি. ৬:৫-৭) তেতিয়াৰেপৰা পৃথিৱীৰ পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাইছে। আজি বিপৰীত লিংগৰ লোকসকল আৰু সমকামিতাসকলে সকলো ধৰণৰ অনৈতিক কাম কৰি আছে। (ইফি. ৪:১৮, ১৯) যেতিয়া কোনো এজন খ্ৰীষ্টানে এনেধৰণৰ বেয়া কামত লিপ্ত থাকে, তেতিয়া চয়তান বৰ আনন্দিত হয়। কিন্তু যিহোৱাই এনেধৰণৰ বেয়া কাম বেছি দিনলৈকে সহন কৰি নাথাকিব। তেওঁ অতি সোনকালে সেই সকলো লোকক ধ্বংস কৰিব, যিসকলে অনৈতিক কামত লিপ্ত আছে।

ফেক্টৰীৰ কাৰণে পৰিৱেশ প্ৰদুৰ্ষণ হৈছে। এজনী চৰাইয়ে তেলত জুবুৰি আছে, যাৰ বাবে তাই উৰিব পৰা নাই।

১৪. মানৱ জাতিৰ বাবে পৃথিৱীখনৰ পৰিস্থিতি কি হৈছে?

১৪ পৃথিৱীৰ ক্ষতি। যিহোৱাই মানুহক পৃথিৱীখন চোৱা-চিতা কৰিবলৈ দায়িত্ব দিছিল। কিন্তু মানুহে ‘এজনে আন জনৰ ওপৰত ক্ষমতা পায়’ তাৰ অপকাৰহে কৰে। ইয়াৰ উপৰিও তেওঁলোকে পৃথিৱী আৰু জীৱ-জন্তুবোৰৰো ক্ষতি কৰে। (উপ. ৮:৯; আদি. ১:২৮) কিছুমান বৈজ্ঞানিকসকলে কয় যে যদি লোকসকলে এইদৰেই কৰি থাকে, তেনেহʼলে কিছু বছৰৰ ভিতৰতে ১০ লাখ জীৱ-জন্তুৰ প্ৰজাতি লুপ্ত হʼব। সেইবাবে, লোকসকলে আজি পৃথিৱীৰ পৰিস্থিতিক লৈ চিন্তিত হয়। কিন্তু আনন্দৰ কথা যে যিহোৱাই অতি সোনকালে “পৃথিবী নাশকবিলাকক নাশ” কৰিব আৰু পৃথিৱীখনক ধুনীয়া বাগিচালৈ পৰিৱৰ্তন কৰিব।—প্ৰকা. ১১:১৮; যিচ. ৩৫:১.

আমি যিহোৱাৰ ধৈৰ্য্য গুণৰপৰা কি শিকিব পাৰোঁ?

১৫-১৬. যিহোৱাৰ প্ৰেমৰপৰা আমি কি শিকিব পাৰোঁ? এটা উদাহৰণ দিয়ক।

১৫ চিন্তা কৰক যে যিহোৱাই বহু বছৰৰপৰা কি কি সহন কৰিছে। (“যিহোৱাই কি কি বিষয়ত ধৈৰ্য্য ধৰিছে” নামৰ বক্স পঢ়ক।) তেওঁ ইচ্ছা কৰা হʼলে চয়তানৰ জগতক একে দিনাই ধ্বংস কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ ধৈৰ্য্য ধৰিছে। যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে আমাৰ বহুতো লাভ হৈছে। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। এহাল দম্পতীক কোৱা হৈছে যে তেওঁলোকৰ সন্তানটি জন্মৰেপৰা বেমাৰী হʼব আৰু বেছি দিনলৈকে জীয়াই নাথাকিব। তথাপি তেওঁলোকে সন্তানটিক এই জগতত জন্ম লʼবলৈ সহায় কৰে। যদিও তেওঁলোকে বহুতো দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হʼব, তথাপি তেওঁলোকে সন্তানটিৰ চোৱা-চিতা কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিব। কিয়নো তেওঁলোকে সন্তানটিক বহুত প্ৰেম কৰে।

১৬ আদম আৰু হৱাৰ অসিদ্ধ সন্তানসকল সেই বেমাৰী সন্তানৰ দৰে হয়। তথাপি যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ যত্ন লয়। (১ যোহ. ৪:১৯) যিহোৱা ঈশ্বৰ উদাহৰণত কোৱা সেই পিতৃ-মাতৃসকলৰ দৰে নহয়, যিসকলে নিজৰ সন্তানৰ দুখ-কষ্ট আঁতৰাব নোৱাৰে। যিহোৱাই নিজৰ সন্তানসকলৰ দুখ-কষ্ট নাইকিয়া কৰিব পাৰে আৰু তেওঁ এইদৰে কৰিবলৈ এটা নিৰ্দিষ্ট সময় বাছনি কৰিছে। (মথি ২৪:৩৬) গতিকে, আমি যিহোৱাৰ প্ৰেমৰপৰা কি শিকিব পাৰোঁ? যিহোৱাই এই পৃথিৱীৰপৰা সকলো দুখ-কষ্ট নাইকিয়া নকৰালৈকে আমি ধৈৰ্য্য ধৰা উচিত।

যিহোৱাই কি কি বিষয়ত ধৈৰ্য্য ধৰিছে

  1. হৱাই মনা কৰা ফলটো খাবলৈ গৈ আছে আৰু চয়তানে তাইক চাই আছে।

    ১. তেওঁৰ নামত লগা কলংক

  2. হৱাই মনা কৰা ফলটো আদম দি আছে।

    ২. তেওঁৰ শাসন কৰা অধিকাৰৰ ওপৰত বিৰোধ

  3. স্বৰ্গত চয়তানে নিজৰ দুষ্ট স্বৰ্গদূতসকলৰ লগত আছে।

    ৩. তেওঁৰ কিছুমান সন্তানে কৰা বিৰোধ

  4. চয়তানে স্বৰ্গত যিহোৱাৰ ওচৰত ইয়োবৰ ওপৰত অভিযোগ কৰিছে। ইয়োবে মাটিত বহিছে আৰু তেওঁৰ শৰীৰত খহু হৈছে।

    ৪. চয়তানে কৰা মিছা অভিযোগ

  5. এগৰাকী তিৰোতাই হস্পিতালৰ বিচনাত শুই আছে। তাইৰ হাতত আৰু নাকত পাইপ লগোৱা হৈছে আৰু তাইক অক্সিজেন আৰু দৰৱ দিয়া হৈছে।

    ৫. তেওঁৰ প্ৰিয় সেৱকসকলৰ দুখ-কষ্ট

  6. এহাল দম্পতীয়ে কবৰস্তান আছে। মৃত দেহৰ বাকচটো কবৰত ৰখা হৈছে আৰু সেয়া দেখি তেওঁলোকে কান্দি আছে।

    ৬. নিজৰ বন্ধুসকলক হেৰুৱাৰ বেদনা

  7. ছবি: বিভিন্ন ধৰণৰ অত্যাচাৰ। ১. এজন সৈনিকে টেংকৰ ওপৰত আছে আৰু বাকী সৈনিকসকলে খোজ কাঢ়ি তেওঁৰ পিছে পিছে আহিছে। ২. পুলিচে যিহোৱাৰ সাক্ষীৰ এহাল দম্পতীক গ্ৰেপ্তাৰ কৰি নিছে।

    ৭. দুষ্ট লোকসকলৰ অত্যাচাৰ

  8. নাইট ক্লাবত লোকসকলে মদ খাইছে আৰু পাৰ্টি কৰিছে।

    ৮. লোকসকলৰ অনৈতিক কাম

  9. ফেক্টৰীৰ কাৰণে পৰিৱেশ প্ৰদুৰ্ষণ হৈছে। এজনী চৰাইয়ে তেলত জুবুৰি আছে, যাৰ বাবে তাই উৰিব পৰা নাই।

    ৯. পৃথিৱীৰ ক্ষতি

১৭. ইব্ৰী ১২:২, ৩ পদত দিয়া যীচুৰ উদাহৰণৰপৰা আমি কেনেকৈ সাহস লাভ কৰোঁ?

১৭ ধৈৰ্য্য ধৰাৰ ক্ষেত্ৰত যিহোৱা সকলোতকৈ ভাল উদাহৰণ হয়। যীচুৱেও যিহোৱাৰ দৰে ধৈৰ্য্য ধৰিছিল। যেতিয়া তেওঁ এই পৃথিৱীত আছিল, তেতিয়া তেওঁ বহুতো অপমান সহ্য কৰিছিল আৰু আমাৰ বাবে যাতনা স্তম্ভত নিজৰ প্ৰাণো দিছিল। (ইব্ৰী ১২:২, ৩ পঢ়ক।) যিহোৱাক ধৈৰ্য্য ধৰা দেখি যীচুৱেও সকলো সহন কৰিবলৈ সাহস লাভ কৰিলে। আজি আমিও তেওঁৰপৰা বহুতো সাহস লাভ কৰিব পাৰোঁ।

১৮. দ্বিতীয় পিতৰ ৩:৯ পদৰ অনুসৰি যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে লোকসকলে কি সুযোগ লাভ কৰিছে?

১৮ দ্বিতীয় পিতৰ ৩:৯ পঢ়ক। যিহোৱাই ভালদৰে জানে যে এই দুষ্ট জগতক কেতিয়া নাশ কৰিব লাগিব। তেওঁ ধৈৰ্য্য ধৰাৰ বাবে আজি এক বৰ লোক সমূহে তেওঁৰ উপাসনা কৰিব পাৰিছে। যিহোৱাই এই দুষ্ট জগতক ধ্বংস কৰিবলৈ খৰ-খেদা কৰা নাই, সেইবাবে এই বৰ লোক সমূহে আজি আনন্দিত। কিয়নো তেওঁলোকে এই জগতত জন্ম লৈ যিহোৱাৰ বিষয়ে শিকিবলৈ আৰু সেৱা কৰিবলৈ সুযোগ পাইছে। যেতিয়া যিহোৱাই এই দুষ্ট জগতক ধ্বংস কৰিব, তেতিয়া ধৈৰ্য্য ধৰা লাখ লাখ লোকৰ জীৱন ৰক্ষা পৰিব আৰু যিহোৱাই ধৈৰ্য্য ধৰাটো সঠিক আছিল বুলি প্ৰমাণ হʼব।

১৯. (ক) আমি কি কৰিবলৈ উৎসাহিত হওঁ? (খ) আমি কি পুৰস্কাৰ লাভ কৰিম?

১৯ চয়তানে জগতৰ বহুতো ক্ষতি কৰিছে আৰু যিহোৱাক বহুত দুখ দিছে, তথাপি যিহোৱাই আনন্দিত হৈ থাকে। (১ তীম. ১:১১) ঠিক সেইদৰে যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমিও যিহোৱাৰ দৰে সেই সমস্যা আনন্দেৰে সহন কৰা উচিত। আমি সেই দিনলৈ আগ্ৰহেৰে বাট চাই আছোঁ, যেতিয়া যিহোৱাই নিজৰ নাম পবিত্ৰ কৰিব, তেওঁৰ শাসন কৰা অধিকাৰ সঠিক হয় বুলি প্ৰমাণ কৰিব, সকলো দুষ্টতা আৰু দুখ-কষ্ট সদায় কালৰ বাবে নাইকিয়া কৰিব। যদি আমি মনত ৰাখোঁ যে যিহোৱাই সকলো ধৈৰ্য্যেৰে সহন কৰি আছে, তেনেহʼলে আমিও সকলো ধৈৰ্য্যেৰে সহন কৰিবলৈ উৎসাহিত হʼম। এইদৰে কৰিলে বাইবেলত লিখা এই কথাষাৰ আমাৰ ক্ষেত্ৰতো সঁচা হʼব, “যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষাসিদ্ধ হলে, প্ৰভুক প্ৰেম কৰাবিলাকক জীৱনৰূপ যি কিৰীটি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে, তাক তেওঁ পাব।”—যাকো. ১:১২.

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই ধৈৰ্য্য ধৰা ৯ টা বিষয়ৰ ভিতৰত কোনটো বিষয় আপোনাৰ হৃদয় স্পৰ্শ কৰিলে?

  • যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে যীচুৱে কি কৰিব পাৰিলে?

  • আপুনি আশা এৰি নিদিবলৈ আৰু ধৈৰ্য্য ধৰিবলৈ কিয় থিৰাং কৰিছে?

গীত ১৩৯ নিজকে নতুন পৃথিৱীত চাওক!

a আমি সকলোৱে কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হৈ আছোঁ, তাৰে মাজৰ বেছিভাগ সমস্যাৰ সমাধান আমাৰ হাতত নাই। আমি কেৱল ধৈৰ্য্যেৰে সহনহে কৰিব পাৰোঁ। আমাৰ দৰে যিহোৱা ঈশ্বৰেও বহুবছৰৰপৰা ধৈৰ্য্য ধৰিছে। এই লেখত আমি যিহোৱাই ধৈৰ্য্য ধৰা ৯ টা বিষয়ৰ ওপৰত আলোচনা কৰিম। লগতে আমি এয়াও আলোচনা কৰিম যে যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে আমাৰ কি লাভ হৈছে আৰু আমি তেওঁৰপৰা কি শিকিব পাৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক