গা-ধন হিচাপে জীৱ-জন্তুও দিব পাৰিছিল
আপুনি জানেনে?
প্ৰাচীন ইস্ৰায়েলত গা-ধন কিয় দিছিল?
লʼৰা-ছোৱালীৰ বিয়া ঠিক হোৱাৰ পাছত লʼৰা বা তেওঁৰ পৰিয়ালে ছোৱালীৰ পৰিয়ালক গা-ধন অৰ্থাৎ কইনাৰ মূল্য দিবলগীয়া হৈছিল। গা-ধন হিচাপে টকা-পইচাৰ লগতে আন কিবা মূল্যৱান বস্তু বা জীৱ-জন্তুও দিছিল। কেতিয়াবা কেতিয়াবা গা-ধন দিয়াৰ পৰিৱৰ্তে লʼৰাজনে ছোৱালীৰ ঘৰত কাম কৰিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে, যাকোবে ৰাহেলক বিয়া কৰিবলৈ তাইৰ পিতৃৰ ঘৰত সাত বছৰ কাম কৰিছিল। (আদি. ২৯:১৭, ১৮, ২০) কিন্তু এতিয়া প্ৰশ্ন হৈছে গা-ধন কিয় দিবলগীয়া হৈছিল?
বাইবেল বিদ্বান কেৰল মায়ৰ্ছে এইদৰে কৈছে, “প্ৰচীন ইস্ৰায়েলত এজনী ছোৱালীয়ে নিজৰ পিতৃৰ ঘৰত খেতি-বাতি কৰিবলৈ সহায় কৰিছিল। কিন্তু তাইৰ বিয়াৰ পাছত তাইৰ পিতৃৰ ঘৰত কাম কৰা এজন ব্যক্তি কম হৈ গৈছিল। সেইবাবে, গা-ধন ক্ষতিপূৰণ হিচাপে দিয়া হৈছিল। গা-ধন দিয়াৰ বাবে ছোৱালী আৰু লʼৰাজনৰ পৰিয়ালৰ মাজত যি সম্পৰ্ক আছিল, সেয়া আৰু মজবুত হৈছিল। এই সম্পৰ্কৰ বাবে তেওঁলোকে সমস্যাৰ সময়ত এজনে-আনজনক সহায় কৰিছিল। ইয়াৰ উপৰিও গা-ধন দিয়াৰ বাবে স্পষ্ট হৈছিল যে এজনী ছোৱালীৰ আঙুঠি পিন্ধোৱা হৈ গʼল আৰু অতি সোনকালে তাই পিতৃ ঘৰ এৰি নিজৰ স্বামীৰ ঘৰলৈ যাব।
গা-ধন দিয়াৰ অৰ্থ এয়া নাছিল যে ছোৱালীজনী কিবা বস্তু হয়, যাক কিনা-বেচা কৰিব পাৰি। প্ৰাচীন ইস্ৰায়েলত লোকসকলৰ জীৱন প্ৰণালী আৰু প্ৰথা (ইংৰাজী) নামৰ কিতাপখনত এইদৰে লিখা আছে, “ছোৱালীৰ পৰিয়ালত টকা-পইচা বা কিবা বস্তু দিয়াৰ প্ৰথাৰপৰা লোকসকলে ভাবিব পাৰে যে ইস্ৰায়েলীসকলৰ বিয়া কিনা-বেচা কৰাৰ নিচিনা আছিল। কিন্তু গা-ধন ছোৱালীৰ পৰিয়ালক ছোৱালীৰ মূল্য হিচাপে নহয়, ছোৱালীৰ ক্ষতিপূৰণ হিচাপেহে দিয়া হৈছিল।
বৰ্তমান সময়তো কিছুমান দেশত গা-ধন দিয়াৰ প্ৰথা আছে। সেই দেশতবোৰত থকা খ্ৰীষ্টান পিতৃ-মাতৃসকলে “ক্ষান্ত স্বভাৱ” অৰ্থাৎ দয়া দেখুৱা উচিত। তেওঁলোকে দৰাজনৰপৰা বেছি টকা-পইচা বিচাৰিব নালাগে। (ফিলি. ৪:৫; ১ কৰি. ১০:৩২, ৩৩) এইদৰে কৰিলে তেওঁলোকে ধন লুভীয়া নহয় বুলি দেখুৱাব। (২ তীম. ৩:২) যদি তেওঁলোকে বেছিকৈ টকা-পইচা বিচাৰে, তেনেহʼলে দৰাজনে গা-ধন দিয়াৰ পইচা গুটাবলৈ বিয়াৰ তাৰিখ পিছোৱালগীয়া হʼব পাৰে। তেওঁ যদি অগ্ৰগামী সেৱক হয়, তেনেহʼলে তেওঁ নিজৰ অগ্ৰগামী সেৱা এৰি পূৰ্ণ সময়ৰ চাকৰি কৰিবলৈ তেওঁৰ ওপৰত হেঁচা আহিব পাৰে।
বহুতো দেশৰ চৰকাৰে গা-ধন দিয়াৰ কিছুমান নিয়ম বনাইছে। এনে পৰিস্থিতিত খ্ৰীষ্টান পিতৃ-মাতৃসকলে সেই নিয়মবোৰ পালন কৰা উচিত। কিয় বাৰু? কিয়নো বাইবেলত লিখা আছে খ্ৰীষ্টানসকলে “ক্ষমতা পোৱাবিলাকৰ বশীভূত” হোৱা উচিত আৰু ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধে নোহোৱা নিয়মবোৰ পালন কৰা উচিত।—ৰোম. ১৩:১; পাঁচ. ৫:২৯