প্ৰশ্ন ২
আপুনি ঈশ্বৰৰ বিষয়ে কেনেকৈ শিকিব পাৰে?
“নিয়মৰ এই কিতাপখনক নিজৰ মুখৰ পৰা দূৰ নকৰিবা। তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা যাতে তুমি ইয়াৰ এটা এটা কথা ভালদৰে পালন কৰিব পাৰা। তেতিয়া তুমি সফল হʼবা আৰু বুদ্ধিমতাৰে চলিব পাৰিবা।”
যিহোচূৱা ১:৮
“লেবীসকলে সত্য ঈশ্বৰৰ নিয়মৰ কিতাপ পঢ়ি শুনাই থাকিল। তেওঁলোকে তাত লিখা কথাবোৰ খুলি খুলি বুজাবলৈ আৰু তাৰ অৰ্থ কʼবলৈ ধৰিলে। এইদৰে পঢ়া কথাবোৰ বুজিবলৈ তেওঁলোকে লোকসকলক সহায় কৰিলে।”
নহিমিয়া ৮:৮
“সুখী সেই লোক, যিজনে দুষ্টবিলাকৰ উপদেশৰ মতে নচলে . . . কিন্তু তেওঁ যিহোৱাৰ নিয়মত আনন্দিত হয়, দিনে-ৰাতিয়ে তেওঁৰ নিয়মৰ ওপৰত ধ্যান কৰে। . . . সেই মানুহজন নিজৰ সকলো কামত সফল হʼব।”
গীতমালা ১:১-৩
“ফিলিপে সেই ৰথৰ লগে লগে দৌৰিবলৈ ধৰিলে আৰু তেওঁ নপুংসকজনক ভৱিষ্যবক্তা যিচয়াৰ কিতাপ পঢ়ি থকা শুনিলে আৰু তেওঁক সুধিলে, ‘আপুনি যি পঢ়িছে, সেয়া বুজি পাইছে নে?’ তেওঁ কʼলে, ‘কোনোবাই মোক বুজাই নিদিলে মই কেনেকৈ বুজি পাম?’”
“তেওঁৰ অদৃশ্য গুণ জগতৰ সৃষ্টিৰ কালৰে পৰা স্পষ্টকৈ দেখিবলৈ পোৱা যায় অৰ্থাৎ তেওঁৰ ওচৰত অনন্ত শক্তি আছে আৰু তেৱেঁই সঁচাকৈ ঈশ্বৰ হয়। এই গুণবোৰ তেওঁ সৃষ্টি কৰা বস্তুবোৰ চাই ভালদৰে বুজিব পাৰি। সেইবাবে, তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰিবলৈ কোনো কাৰণ দিব নোৱাৰে।”
“এই কথাবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি থাকা আৰু এইবোৰত লাগি থাকা যাতে তোমাৰ উন্নতি সকলোৱে স্পষ্টকৈ দেখা পায়।”
“আহা আমি এজনে-আনজনক মনোযোগ দিওঁ যাতে এজনে-আনজনক প্ৰেম আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিব পাৰোঁ। একগোট হʼবলৈ এৰি দিয়াৰ কিছুমান লোকৰ অভ্যাস হৈ পৰিছে, কিন্তু আমি সেইদৰে একগোট হʼবলৈ এৰি নিদিওঁ।”
“তোমালোকৰ মাজত যদি কাৰোবাৰ বুদ্ধিৰ অভাৱ হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ পৰা খুজি থাকক আৰু সেয়া তেওঁক দিয়া হʼব। কিয়নো ঈশ্বৰে সকলোকে খং নকৰাকৈ উদাৰতাৰে দিয়ে।”