প্ৰশ্ন ১৪
আপুনি কেনেকৈ ধন-সম্পত্তিৰ উচিত ব্যৱহাৰ কৰিব পাৰে?
“যি মানুহে আনন্দ-ফূৰ্তিক প্ৰেম কৰে, তেওঁ দৰিদ্ৰ হʼব আৰু যি মানুহে দ্ৰাক্ষাৰস আৰু তেলক প্ৰেম কৰে, তেওঁ ধনৱান নহʼব।”
হিতোপদেশ ২১:১৭
“ধৰুৱা ধাৰ দিওঁতাৰ দাস হয়।”
হিতোপদেশ ২২:৭
“তোমালোকৰ মাজৰ কোনোবাই যদি এটা দুৰ্গ নিৰ্মাণ কৰিব বিচাৰে, তেনেহʼলে তেওঁ প্ৰথমে বহি হিচাপ নকৰিব নে যে সেয়া সম্পূৰ্ণ কৰিবলৈ তেওঁৰ ওচৰত যথেষ্ট টকা-পইচা আছে নে নাই? নহʼলে ভিত্তিমূল স্থাপন কৰাৰ পাছত তেওঁ যদি সেই দুৰ্গ নিৰ্মাণ কৰা কাম সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেহʼলে যিসকলে ইয়াক দেখিব, তেওঁলোক সকলোৱে তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিব আৰু কʼব, ‘এই মানুহজনে বনাবলৈ আৰম্ভতো কৰিলে, কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে।’”
“যেতিয়া তেওঁলোকে পেট ভৰাই খালে, তেতিয়া তেওঁ শিষ্যসকলক কʼলে, ‘ৰৈ যোৱা টুকুৰাবোৰ গোটাই লোৱা যাতে একোৱেই নষ্ট নহয়।’”