প্ৰশ্ন ১৬
জীৱনৰ দুশ্চিন্তাবোৰ আপুনি কেনেকৈ সন্মুখীন হʼব?
“নিজৰ সকলো বোজা যিহোৱাৰ ওপৰত দি দিয়া, তেওঁ তোমাক চম্ভালিব। তেওঁ ভাল মানুহক কেতিয়াও লৰচৰ হʼবলৈ নিদিব।”
গীতমালা ৫৫:২২
“পৰিশ্ৰমী লোকৰ পৰিকল্পনাবোৰ নিশ্চয় সফল হʼব, কিন্তু খৰ-খেদা কৰোঁতাবিলাকলৈ দৰিদ্ৰতা আহি পৰিব।”
হিতোপদেশ ২১:৫
“তুমি ভয় নকৰিবা, কিয়নো মই তোমাৰ লগতে আছোঁ; ব্যাকুল নহʼবা, কিয়নো মই তোমাৰ ঈশ্বৰ হওঁ; মই তোমাক শক্তি দিম, তোমাক সহায়ো কৰিম, এনে কি মোৰ সোঁ হাতেৰে তোমাক চম্ভালি ৰাখিম, যিয়ে সদায় ভাল কাম কৰে।”
যিচয়া ৪১:১০
“তোমালোকৰ মাজৰ কোনে চিন্তা কৰি অলপ হʼলেও নিজৰ বয়স বঢ়াব পাৰে?”
“সেইবাবে, কাইলৈৰ কাৰণে কেতিয়াও চিন্তা নকৰিবা। কিয়নো কাইলৈ বেলেগ চিন্তা থাকিব। আজিৰ কাৰণে আজিৰ চিন্তাই যথেষ্ট।”
‘বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰা।’
“কোনো বিষয়ক লৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়ত প্ৰাৰ্থনা আৰু মিনতি আৰু ধন্যবাদেৰে সৈতে ঈশ্বৰলৈ নিবেদন কৰা। তেতিয়া ঈশ্বৰে সেই শান্তি দিব, যি মানুহে বুজিব নোৱাৰে। এই শান্তিয়ে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকৰ হৃদয় আৰু মগজুক ৰক্ষা কৰিব।”