প্ৰশ্ন ৫
বাইবেলৰ মূল বিষয় কি?
“মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰ মাজত শত্ৰুতা সৃষ্টি কৰিম, তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰি গোৰোহা গুড়ি কৰিবি।”
আদিপুস্তক ৩:১৫
“পৃথিৱীৰ সমুদায় জাতি, তোমাৰ বংশতে আশীৰ্বাদপ্ৰাপ্ত হʼব; কিয়নো তুমি মোৰ বাক্য পালন কৰিলা।”
আদিপুস্তক ২২:১৮
“তোমাৰ ৰাজ্য আহক; যেনেকৈ স্বৰ্গত তোমাৰ ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক।”
“শান্তি দিওঁতা ঈশ্বৰে অতি সোনকালে চয়তানক তোমালোকৰ ভৰিৰ তলত ধ্বংস কৰি দিব।”
“সকলো পুত্ৰৰ অধীনত যেতিয়া কৰা হʼব, তেতিয়া পুত্ৰয়ো নিজকে ঈশ্বৰৰ অধীনত কৰিব, যিজনে সকলো তেওঁৰ অধীনত কৰিছিল যাতে ঈশ্বৰেই সকলোৰ কাৰণে সকলো হয়।”
“অব্ৰাহাম আৰু তেওঁৰ বংশৰ লগত প্ৰতিজ্ঞা কৰা হৈছিল . . . যি খ্ৰীষ্ট হয়। আৰু যদি তোমালোক খ্ৰীষ্টৰ হোৱা, তেনেহʼলে তোমালোক সঁচাকৈ অব্ৰাহামৰ বংশৰ হোৱা।”
“জগতৰ ৰাজ্য এতিয়া আমাৰ মালিক আৰু তেওঁৰ খ্ৰীষ্টৰ হৈ গʼল আৰু তেওঁ ৰজা হিচাপে সদায় কাললৈকে শাসন কৰিব।”
“সেইবাবে, সেই ডাঙৰ ভয়ানক অজগৰ অৰ্থাৎ পুৰণি সাপ, যাক দিয়াবল আৰু চয়তান বুলি কোৱা হয় আৰু যিয়ে গোটেই জগতক ভুল পথলৈ নিয়ে, তাক পৃথিৱীলৈ পেলাই দিয়া হʼল আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাককো তাৰ লগতে পেলাই দিয়া হʼল।”
“তেওঁ সেই অজগৰক অৰ্থাৎ সেই পুৰণি সাপক ধৰি লʼলে, যাক দিয়াবল আৰু চয়তান বুলি কোৱা হয় আৰু তাক ১,০০০ বছৰৰ কাৰণে বান্ধি দিলে।”