ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g21 নং ১ পৃষ্ঠা ১৪
  • ঈশ্বৰৰ বিষয়ে ভালদৰে জানক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বিষয়ে ভালদৰে জানক
  • সচেতন থাকক!—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ এটা নাম আছে
  • যিহোৱা ঈশ্বৰে আমাক বহুত প্ৰেম কৰে
  • যিহোৱাই ক্ষমা কৰে
  • আমি তেওঁৰ লগত কথা পতাটো যিহোৱা ঈশ্বৰে বিচাৰে
  • যিহোৱা—ক্ষমা কৰাত মহান!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ঈশ্বৰৰ বিষয়ে সত্যতা কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰ কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • আনক ক্ষমা কৰিবলৈ সাজু থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
সচেতন থাকক!—২০২১
g21 নং ১ পৃষ্ঠা ১৪

ঈশ্বৰৰ বিষয়ে ভালদৰে জানক

ঈশ্বৰ কেৱল শক্তি নহয়, তেওঁৰ বহুতো গুণ আছে। তেওঁ চাব পাৰে, শুনিব পাৰে আৰু অনুভৱো কৰিব পাৰে। আমি তেওঁৰ বিষয়ে জনা আৰু তেওঁৰ কাষ চপাটো ঈশ্বৰে বিচাৰে, যিদৰে আমি নিজৰ বন্ধুৰ কাষত অনুভৱ কৰোঁ। সেইবাবে, তেওঁ নিজৰ বিষয়ে আমাক বহুতো কথা জনাইছে। (যোহন ১৭:৩; যাকোব ৪:৮) আহক, তেওঁৰ বিষয়ে শিকোঁ।

ঈশ্বৰৰ এটা নাম আছে

“যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।”—গীতমালা ৮৩:১৮.

পবিত্ৰ শাস্ত্ৰত লিখা আছে যে কেৱল এজনেই ঈশ্বৰ আছে। তেওঁৰ নাম হৈছে যিহোৱা। তেওঁ পৃথিৱী, আকাশ, জোন, তৰা আৰু সকলো প্ৰাণীক সৃষ্টি কৰিলে। সেইবাবে, আমি কেৱল তেওঁৰেই উপাসনা কৰা উচিত।—প্ৰকাশিত বাক্য ৪:১১.

যিহোৱা ঈশ্বৰে আমাক বহুত প্ৰেম কৰে

ঈশ্বৰৰ নাম যিহোৱা বুলি হিন্দী, পাঞ্জাবী, গুজৰাটী, তেলেগু, তামিল আৰু ইংৰাজী ভাষাত লিখা হৈছে।

“ঈশ্বৰ প্ৰেম।”—১ যোহন ৪:৮.

যদি আমি বাইবেল পঢ়োঁ আৰু পৃথিৱীৰ সৌন্দৰ্য্যৰ বিষয়ে ধ্যান কৰোঁ, তেনেহʼলে আমি বুজিব পাৰিম যে যিহোৱা কিমান মৰমিয়াল ঈশ্বৰ হয়। তেওঁৰ মুখ্য গুণ হৈছে প্ৰেম আৰু প্ৰেমৰ বাবেই তেওঁ সকলো কাম কৰে। আমি যিমানেই যিহোৱাৰ বিষয়ে জানিম, সিমানেই তেওঁৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব।

যিহোৱাই ক্ষমা কৰে

“তুমি ক্ষমাৱান ঈশ্বৰ।”—নহিমিয়া ৯:১৭.

যিহোৱাই জানে যে আমি অসিদ্ধ। সেইবাবে, তেওঁ আমাক ক্ষমা কৰিবলৈ সাজু থাকে। যদি আমি নিজৰ ভুলৰ কাৰণে অনুতাপ কৰোঁ, যিহোৱাক ক্ষমা বিচাৰোঁ আৰু সেই ভুল আমি পুনৰ নকৰিম বুলি থিৰাং কৰোঁ, তেনেহʼলে যিহোৱাই আমাক ক্ষমা কৰিব। আগতে কৰা সেই ভুলৰ কাৰণে তেওঁ আমাক শাস্তি নিদিব।—গীতমালা ১০৩:১২, ১৩.

আমি তেওঁৰ লগত কথা পতাটো যিহোৱা ঈশ্বৰে বিচাৰে

‘যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। তেওঁ সিবিলাকৰ কাতৰোক্তি শুনে।’—গীতমালা ১৪৫:১৮, ১৯.

যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ আমি কোনো ৰীতি-নীতি পালন কৰা বা ছবি বা মূৰ্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। আমি যিকোনো সময়ত তেওঁক প্ৰাৰ্থনা কৰিলে তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। কিয়নো তেওঁ আমাক প্ৰেম কৰে, যিদৰে পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে আৰু তেওঁলোকৰ কথা শুনে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক