ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g25 নং ১ পৃষ্ঠা ৪-৫
  • বাস্তৱিকতাক স্বীকাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাস্তৱিকতাক স্বীকাৰ কৰক
  • সচেতন থাকক!—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এইদৰে কৰাটো কিয় প্ৰয়োজন
  • আপুনি এয়া কেনেকৈ কৰিব পাৰে
  • গোটেই পৃথিৱীত বস্তু-বাহানিৰ দাম বৃদ্ধি—বাইবেলত কি লিখা আছে?
    আৰু কিছুমান বিষয়
  • সূচীপত্ৰ
    সচেতন থাকক!—২০২৫
  • আশা ৰাখক ভাল সময় আহিব
    সচেতন থাকক!—২০২৫
  • ভাবি-চিন্তি খৰচ কৰক
    সচেতন থাকক!—২০২৫
আৰু চাওক
সচেতন থাকক!—২০২৫
g25 নং ১ পৃষ্ঠা ৪-৫
ছবি: ১. এগৰাকী তিৰোতাই বজাৰত বিলাহী বাচি আছে। ২. তাই বেপাৰীক পইচা দি আছে।

বস্তু-বাহানিৰ বাঢ়ি যোৱা দাম কেনেকৈ সন্মুখীন হʼম

বাস্তৱিকতাক স্বীকাৰ কৰক

যেতিয়া বস্তু-বাহানিৰ দাম লাহে লাহে বাঢ়ে, তেতিয়া আমি হয়তো ইমান চিন্তা নকৰোঁ। বিশেষকৈ, যেতিয়া আমাৰ উপাৰ্জন বাঢ়ি গৈ থাকে। কিন্তু যেতিয়া বস্তু-বাহানিৰ দাম বাঢ়ি গৈ থাকে আৰু আমাৰ উপাৰ্জন একে থাকে, তেতিয়া হয়তো আমি চিন্তিত হʼব পাৰোঁ। যদি পৰিয়ালৰ চোৱা-চিতা কৰাৰ দায়িত্ব আমাৰ ওপৰত আছে, তেনেহʼলে আমাৰ চিন্তা আৰু বাঢ়ি যাব পাৰে।

এই কথা সঁচা যে বস্তু-বাহানিৰ বাঢ়ি থকা দামক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। কিন্তু যদি আমি এই কথাক মানি লওঁ, তেনেহʼলে আমাৰে লাভ হʼব।

এইদৰে কৰাটো কিয় প্ৰয়োজন

যিসকলে এয়া মানি লয় যে বস্তু-বাহানিৰ বাঢ়ি থকা দামক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, তেওঁলোকে . . .

  • শান্ত হৈ থাকিব পাৰে। যেতিয়া আমি শান্ত হৈ থাকোঁ, তেতিয়া ভালদৰে ভাবিব পাৰোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰোঁ।

  • বেপৰোৱা নহয়। যেনে, তেওঁলোকে বিজুলী, পানী, গেছ আদিৰ বিল নিদিয়াকৈ নাথাকে বা অযথা খৰচ নকৰে।

  • টকা-পইচাক লৈ পৰিয়ালত কাজিয়া নকৰে।

  • সৰল জীৱন-যাপন কৰিবৰ বাবে সাজু থাকে। যেনে, তেওঁলোকে খৰচ কম কৰে আৰু যি প্ৰয়োজনীয় সেয়াহে কিনে।

আপুনি এয়া কেনেকৈ কৰিব পাৰে

সাল-সলনি কৰক। যেতিয়া বস্তু-বাহানিৰ দাম বাঢ়ি গৈ থাকে, তেতিয়া খৰচ কম কৰাটোৱেই বুদ্ধিমানৰ কাম হʼব। কিছুমান লোকে যিমান উপাৰ্জন নকৰে, তাতকৈ বেছি খৰচ কৰে। তেওঁলোকৰ ওচৰত টকা-পইচা নাথাকিলেও বিলাসিতাপূৰ্ণ জীৱন কটাব বিচাৰে। এইদৰে কৰাটো বেগেৰে বৈ থকা নদীৰ বিপৰীত দিশত সাঁতুৰিবলৈ চেষ্টা কৰাৰ দৰে হয়। এইদৰে কৰি তেওঁলোকৰ একো লাভ নহʼব। কেৱল ভাগৰি যাব। যদি আপোনাৰ পৰিয়াল আছে, তেনেহʼলে হয়তো তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ আপুনি চিন্তা কৰে আৰু এইদৰে চিন্তা কৰাটো স্বাভাৱিক। কিন্তু মনত ৰাখিব আপোনাৰ পৰিয়ালক আটাইতকৈ বেছি আপোনাৰ প্ৰয়োজন। সেইবাবে আপুনি তেওঁলোকক ধ্যান দিয়ক, তেওঁলোকৰ লগত সময় কটাওক আৰু প্ৰেম দেখুৱাওক।

“তোমালোকৰ মাজৰ কোনে চিন্তা কৰি অলপ হʼলেও নিজৰ বয়স বঢ়াব পাৰে?”—লূক ১২:২৫.

“কাইলৈৰ কাৰণে কেতিয়াও চিন্তা নকৰিবা। কিয়নো কাইলৈ বেলেগ চিন্তা থাকিব। আজিৰ কাৰণে আজিৰ চিন্তাই যথেষ্ট।”—মথি ৬:৩৪.

নিজৰ সামৰ্থ নথকাৰ সত্ত্বেও লাস-বিলাসেৰে জীৱন কটাবলৈ চেষ্টা কৰাটো বেগেৰে বৈ থকা নদীৰ বিপৰীত দিশত সাঁতুৰিবলৈ চেষ্টা কৰাৰ দৰে হয়

ফাজিলিয়া।

“শাস্ত্ৰত আগৰে পৰা কোৱা হৈছে যে ‘সংকটেৰে ভৰা এনে সময় আহিব, যাৰ সন্মুখীন হোৱাটো বৰ কঠিন হʼব।’ (২ তীমথিয় ৩:১) আমি সেই সময়তে জীয়াই আছোঁ। সেইবাবে, যেতিয়া টকা-পইচাৰ সমস্যা হয় আৰু বস্তু-বাহানিৰ দাম বাঢ়ি যায়, তেতিয়া মই আচৰিত নহওঁ। ইয়াৰ পৰিৱৰ্তে মই বুদ্ধিমতাৰে কাম কৰোঁ। অদৰকাৰী বস্তুবোৰ কিনাৰ পৰা মই আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ।”—ফাজিলিয়া, এজাৰবাইজান।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক