ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g25 নং ১ পৃষ্ঠা ১০-১১
  • যি আছে তাতে আনন্দিত থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যি আছে তাতে আনন্দিত থাকক
  • সচেতন থাকক!—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এইদৰে কৰাটো কিয় প্ৰয়োজন
  • আপুনি এয়া কেনেকৈ কৰিব পাৰে
  • আপুনি ‘সন্তুষ্ট হৈ থকাৰ ৰহস্য শিকিলে নে?’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • সুখ আৰু সন্তুষ্টি কেনেকৈ লাভ কৰিব পাৰি?
    সচেতন থাকক!—২০২১
  • ধাৰ আৰু টকা-পইচাৰ সমস্যা—বাইবেলে সহায় আগবঢ়ায়নে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • আপুনি টকা-পইচাৰ প্ৰতি কেনেকৈ সঠিক দৃষ্টিভঙ্গী বজাই ৰাখিব পাৰে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
সচেতন থাকক!—২০২৫
g25 নং ১ পৃষ্ঠা ১০-১১
ছবি: ১. এজন পিতৃয়ে নিৰ্মাণ কামৰ ঠাইৰ পৰা নিজৰ কাম শেষ কৰি আনন্দেৰে আহি আছে। ২. পাছত তেওঁ নিজৰ সৰু এখন ঘৰৰ বাহিৰত নিজৰ দুটি সন্তান আৰু কুকুৰৰ লগত খেলি আছে। তেওঁৰ পত্নীয়ে তেওঁলোকক চাই হাঁহি আছে।

বস্তু-বাহানিৰ বাঢ়ি যোৱা দাম কেনেকৈ সন্মুখীন হʼম

যি আছে তাতে আনন্দিত থাকক

জীৱনত সন্তুষ্ট থকা লোকসকলে আনন্দত থাকে। যেতিয়া তেওঁলোকৰ পৰিস্থিতি সলনি হয়, তেতিয়া তেওঁলোকে সহজতে সাল-সলনি কৰিব পাৰে যাতে তেওঁলোকে যিমান উপাৰ্জন কৰে, তাতকৈ বেছি খৰচ নকৰে।

এইদৰে কৰাটো কিয় প্ৰয়োজন

মনোবৈজ্ঞানিক জেচিকা কলাৰে কয় যে যি লোকসকলে জীৱনত সন্তুষ্ট থাকে, তেওঁলোক সঠিক দৃষ্টিভংগী ৰাখে আৰু হাঁহি-ধেমালি কৰে। তেওঁ এয়াও মন কৰিছে যে তেওঁলোকৰ মনলৈ ঈৰ্ষা কমহে অহা দেখিবলৈ পোৱা যায়। সেইবাবে, এয়া কোনো আচৰিত কথা নহয় যে এনে লোকসকলক নিৰাশাত কম, আনন্দত বেছি দেখিবলৈ পোৱা যায়। লগতে এয়াও দেখিবলৈ পোৱা গৈছে যে কিছুমান লোকৰ ওচৰত কম টকা-পইচা বা বেছি বস্তু-বাহানি নথকাৰ সত্ত্বেও তেওঁলোকে আনন্দত থাকে। কিয়নো তেওঁলোকে এনে বস্তুবোৰক গুৰুত্ব দিয়ে, যি টকা-পইচাৰে কিনিব নোৱাৰি। যেনে, পৰিয়াল আৰু বন্ধুসকলৰ লগত কটোৱা সময়।

“যদি আমাৰ ওচৰত খাবলৈ আৰু পিন্ধিবলৈ আছে, তেনেহʼলে আমি তাতেই সন্তুষ্ট হোৱা উচিত।”—১ তীমথিয় ৬:৮.

আপুনি এয়া কেনেকৈ কৰিব পাৰে

তুলনা নকৰিব। কাৰোবাক দেখি এয়া নাভাবিব যে তেওঁৰ ওচৰত বহুত বস্তু আছে, মোৰ ওচৰত একোৱে নাই। এইদৰে তুলনা কৰিলে আপুনি নিজৰ আনন্দ হেৰুৱাব পাৰে আৰু ঈৰ্ষা কৰিব পাৰে। আচলতে আপুনি যি ভাবিছে, সেয়া সঁচা নহʼবও পাৰে। কিছুমান লোকক দেখি হয়তো এনে লাগিব পাৰে যে তেওঁ বহুত ধনী, তেওঁৰ ওচৰত সকলো বস্তু আছে। কিন্তু সঁচা কথাটো তেওঁহে জানে, তেওঁ হয়তো ধাৰত ডুবি আছে। আফ্ৰিকাৰ এখন দেশ চেনিগালত থকা নীকলাই কৈছে, “মই লক্ষ্য কৰিছোঁ যে আনন্দিত থাকিবলৈ বেছি বস্তু-বাহানিৰ প্ৰয়োজন নাই। যদি মই জীৱনত সন্তুষ্ট থাকিবলৈ শিকোঁ, তেনেহʼলে মোৰ ওচৰত আনতকৈ কম থাকিলেও মই আনন্দিত থাকিব পাৰোঁ।”

এইদৰে কৰি চাওক: এনে বিজ্ঞাপন বা চʼচিয়েল মিডিয়া পোষ্ট নাচাব, যʼত লোকসকলক ধনী দেখুৱা হৈছে বা যিসকলৰ ওচৰত লাস-বিলাসৰ সকলো বস্তু আছে।

“এজন ব্যক্তিৰ বহুত ধন-সম্পত্তি থাকিলেও সেইবোৰে তেওঁক জীৱন দিব নোৱাৰে।”—লূক ১২:১৫.


কৃতজ্ঞ হওক। আপোনাৰ ওচৰত যি আছে, তাৰ প্ৰতি কৃতজ্ঞ হওক। যি লোকসকলে এইদৰে কৰে, তেওঁলোক সন্তুষ্ট হৈ থাকে। তেওঁলোকে ‘মোক এয়াও লাগে, সেয়াও লাগে বা এই বস্তুটো ময়ে পাব লাগিব’ বুলি ভাবি নাথাকে। হাইটি দেশত থকা ৰবাৰ্টনে কৈছে, “মই সময় উলিয়াই চিন্তা কৰোঁ যে আনে কেনেকৈ মোৰ আৰু মোৰ পৰিয়ালৰ সহায় কৰিলে। এইদৰে মই তেওঁলোকক হৃদয়ৰে ধন্যবাদ দিব পাৰোঁ। মই নিজৰ আঁঠ বছৰীয়া লʼৰাকো শিকাওঁ যে যেতিয়া কোনোবাই তাক কিবা বস্তু দিয়ে, তেতিয়া থেঙ্কিউ কʼব লাগে।”

এইদৰে কৰি চাওক: আপুনি প্ৰতিদিনে যি বস্তুবোৰৰ বাবে কৃতজ্ঞ, সেইবোৰ লিখি ৰাখক। যেনে: ভাল স্বাস্থ্য, মৰমৰ পৰিয়াল, প্ৰকৃত বন্ধু, কাঁচিজোন বা মেঘধেনুৰ সুন্দৰ দৃশ্য।

“যি জনৰ চিত্ত [হৃদয়] প্ৰফুল্লিত, তেওঁৰ দিন নিত্য-ভোজৰ দিনস্বৰূপ।”—হিতোপদেশ ১৫:১৫.

আমাৰ ওচৰত যি আছে, তাতে আনন্দিত থাকিবলৈ আমাৰ কাৰণে কেতিয়াবা কেতিয়াবা কঠিন হʼব পাৰে। তথাপিও আমি সন্তুষ্ট থাকিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। যদি আমি সন্তুষ্ট থাকিবলৈ শিকোঁ, তেনেহʼলে আমি আনন্দিত থাকিম। এয়া আন এটা বস্তু যি টকা-পইচাৰে কিনিব নোৱাৰি।

এৰিক।

“আমাৰ ওচৰত যি আছে, তাতে আমি আনন্দিত থাকিবলৈ শিকিলোঁ। এইদৰে কৰাৰ বাবে আমাৰ পৰিয়ালে বহুতো আশীৰ্বাদ লাভ কৰিছে। এতিয়া আমি আগৰ দৰে ব্যস্ত হৈ নাথাকোঁ। সেইবাবে, আমি এজনে-আনজনৰ লগত বেছি সময় কটাব পাৰোঁ আৰু আমাৰ ওচৰত যি আছে, তাৰ আনন্দ লʼব পাৰোঁ।”—এৰিক, আমেৰিকা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক