ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g25 নং ১ পৃষ্ঠা ১৪-১৫
  • আশা ৰাখক ভাল সময় আহিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আশা ৰাখক ভাল সময় আহিব
  • সচেতন থাকক!—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এইদৰে কৰাটো কিয় প্ৰয়োজন
  • আপুনি এয়া কেনেকৈ কৰিব পাৰে
  • ঈশ্বৰৰ ৰাজ্য কি হয় আৰু ইয়ে কি কৰিব?
  • এক সুন্দৰ ভৱিষ্যতৰ আশা
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • এক সুন্দৰ ভৱিষ্যতৰ আশা
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • সূচীপত্ৰ
    সচেতন থাকক!—২০২৫
  • গোটেই পৃথিৱীত বস্তু-বাহানিৰ দাম বৃদ্ধি—বাইবেলত কি লিখা আছে?
    আৰু কিছুমান বিষয়
আৰু চাওক
সচেতন থাকক!—২০২৫
g25 নং ১ পৃষ্ঠা ১৪-১৫
এটা পৰিয়াল পিকনিকলৈ গৈছে আৰু এক ধুনীয়া দৃশ্যৰ আনন্দ লৈছে।

বস্তু-বাহানিৰ বাঢ়ি যোৱা দাম কেনেকৈ সন্মুখীন হʼম

আশা ৰাখক ভাল সময় আহিব

আপোনাৰ লগত এইদৰে হৈছে নে? বস্তু-বাহানিৰ দাম বাঢ়িছে, কিন্তু আপোনাৰ দৰমহা বঢ়া নাই? আপুনি চিন্তিত নে যে আপুনি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিব? আগলৈ কি হʼব এয়া ভাবি হয়তো আপুনি চিন্তিত হৈ পৰিছে; কিন্তু আশা ৰাখক, পৰিস্থিতি এদিন নহয় এদিন সলনি হʼব।

এইদৰে কৰাটো কিয় প্ৰয়োজন

যি লোকসকলে আহিবলগীয়া সময় ভাল হʼব বুলি আশা ৰাখে, তেওঁলোকে কেৱল মনতে নাভাবে যে সকলো ঠিক হৈ যাব। ইয়াৰ পৰিৱৰ্তে নিজৰ পৰিস্থিতি সলনি কৰিবলৈ পদক্ষেপো লয়। কিছুমান ডাক্টৰে কয় যে এনে লোকসকলে . . .

  • সমস্যা আহিলে সহজতে হাৰ নামানে

  • প্ৰয়োজন অনুসৰি সাল-সলনি কৰিব পাৰে

  • জীৱন-যাপন কৰাৰ ক্ষেত্ৰত ভাল নিৰ্ণয় লʼব পাৰে আৰু স্বাস্থ্যৱান থাকে

আপুনি এয়া কেনেকৈ কৰিব পাৰে

পবিত্ৰ শাস্ত্ৰ বাইবেলৰ পৰা আপুনি সহায় লাভ কৰিব পাৰে। বস্তু-বাহানিৰ দাম বাঢ়ি যোৱা দেখি বহুতো লোকে সহায়হীন অনুভৱ কৰে। তেওঁলোকে কি কৰিম বুজিয়ে নাপায়। কিন্তু বাইবেলত এনে বহুতো পৰামৰ্শ দিয়া হৈছে, যিবোৰ পালন কৰিলে আপুনি নিজৰ পৰিস্থিতি সলনি কৰিব পাৰে, লগতে আপোনাৰ সাহস বাঢ়িব যে যদি পৰিস্থিতি আৰু বেয়ালৈ ঢাল খায়, তেনেহʼলে আপুনি সেই পৰিস্থিতিৰ ভালদৰে সন্মুখীন হʼব পাৰিব।

“সতৰ্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব।”—হিতোপদেশ ২:১১, IRV.


পবিত্ৰ শাস্ত্ৰ বাইবেলত ভৱিষ্যতৰ বিষয়েও লিখা আছে। যেতিয়া আপুনি জানিব পাৰিব যে বাইবেলত দিয়া পৰামৰ্শবোৰ কিমান লাভজনক, তেতিয়া হয়তো ভৱিষ্যতৰ বিষয়ে বাইবেলত কি লিখা আছে, সেয়াও জানিবলৈ আপোনাৰ মন যাব। আপুনি এয়া জানি আচৰিত হʼব যে বাইবেলত এক ভাল ভৱিষ্যতৰ বিষয়ে জনোৱা হৈছে। ঈশ্বৰে নিজেই প্ৰতিজ্ঞা কৰিছে যে ‘তেওঁ আমাক এক ভাল ভৱিষ্যত দিব।’ (যিৰিমিয়া ২৯:১১) কিন্তু ঈশ্বৰে নিজৰ এই প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিব? নিজৰ ৰাজ্যৰ যোগেদি।

ঈশ্বৰৰ ৰাজ্য কি হয় আৰু ইয়ে কি কৰিব?

ঈশ্বৰৰ ৰাজ্য এক চৰকাৰ হয়, যি স্বৰ্গত আছে আৰু ইয়ে অতি সোনকালে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। (দানিয়েল ২:৪৪; মথি ৬:১০) এই ৰাজ্যই পৃথিৱীৰ সকলো দুখ-কষ্ট আৰু দৰিদ্ৰতা নাইকিয়া কৰিব, গোটেই পৃথিৱীত শান্তি হʼব আৰু লোকসকলৰ কোনো বস্তুৰ অভাৱ নহʼব। এই বিষয়ে বাইবেলত কি লিখা আছে, চাওক:

‘তুমি সুখী হʼবা আৰু আনন্দ উপভোগ কৰিবা।’—গীতমালা ১২৮:২.

‘তেওঁলোকৰ অৰ্থাৎ ৰাজ্যৰ প্ৰজাৰ পৰিশ্ৰম ব্যৰ্থ নহʼব।’—যিচয়া ৬৫:২৩.

‘পৃথিৱীত প্ৰচুৰ পৰিমাণে শস্য হʼব।’—গীতমালা ৭২:১৬.

লাখ লাখ লোকে এই প্ৰতিজ্ঞাবোৰৰ ওপৰত বিশ্বাস কৰে, কিয়নো তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে যে “মিছা নোকোৱা ঈশ্বৰে” এই কথা কৈছে। (তীত ১:২) সেইবাবে আপুনিও বাইবেল পঢ়ি চাওক। ইয়াত দিয়া আশাই আজি আপোনাক আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ সহায় কৰিব আৰু আপোনাৰ বিশ্বাস বাঢ়িব যে আহিবলগীয়া সময় ভাল হʼব।

ৰামাজ।

“বাইবেলত এক ভাল ভৱিষ্যতৰ বিষয়ে জনোৱা হৈছে। ইয়াৰ পৰা মই জানিব পাৰিলোঁ যে পৃথিৱীত যি সমস্যাবোৰ আছে, সেই সকলোবোৰ খন্তেকীয়া। সেইবাবে পৃথিৱীৰ বেয়া পৰিস্থিতি আৰু টকা-পইচাৰ সমস্যা দেখি মই চিন্তিত নহওঁ। যাৰ বাবে মই শান্ত হৈ থাকিব পাৰিছোঁ আৰু সাহসেৰে পৰিস্থিতিৰ সন্মুখীন হʼবলৈ পাৰিছোঁ।”—ৰামাজ, জৰ্জিয়া।

বেছিকৈ জানক

বাইবেলত ভৱিষ্যতৰ বিষয়ে যি লিখা আছে, তাৰ ওপৰত আপুনি সঁচাকৈ বিশ্বাস কৰিব পাৰেনে? এয়া জানিবলৈ jw.org ৱেবছাইটলৈ গৈ বাইবেলখন ঈশ্বৰৰ পৰা হয় বুলি আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ? আৰু ঈশ্বৰৰ ৰাজ্য কি হয়? নামৰ ভিডিঅʼখন চাওক।

এগৰাকী তিৰোতাই বুকশ্বেল্ফৰ পৰা বাইবেল উলিয়াই আছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক