ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lffi পাঠ ২
  • এক সুন্দৰ ভৱিষ্যতৰ আশা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক সুন্দৰ ভৱিষ্যতৰ আশা
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • এক সুন্দৰ ভৱিষ্যতৰ আশা
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • নিজৰ আশা দৃঢ় কৰি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lffi পাঠ ২
পাঠ ২. ঘেঁহুৰ খেতিত উদয় হোৱা সূৰ্য্যৰ ৰশ্মি জিকমিকাইছে।

পাঠ ০২

এক সুন্দৰ ভৱিষ্যতৰ আশা

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

আমি সকলোৱে জীৱনত কিবা নহয় কিবা দুখ-কষ্ট ভুগিবলগীয়া হৈছে। কিছুমান লোকে বেমাৰ বা পৰিয়ালত আপোন লোকৰ মৃত্যু হোৱাৰ বাবে নিৰাশ হৈ পৰিছে। আপোনাৰ লগতো এনে হৈছেনে? আপুনি হয়তো ভাবিব পাৰে, ‘মোৰ জীৱনৰ সমস্যাবোৰ কেতিয়াবা শেষ হʼবনে?’ আহক চাওঁ বাইবেলে কি কৈছে। এই বিষয়ে জানিলে আমি এটা ভাল আশা লাভ কৰিব পাৰোঁ।

১. বাইবেলে আমাক কি আশা দিয়ে?

আমাৰ জীৱনত হৈ থকা দুখ-কষ্টৰ কাৰণ বাইবেলত উল্লেখ আছে। ইয়াৰ উপৰিও, এয়াও উল্লেখ আছে যে ঈশ্বৰে অতি সোনকালে এই সকলো দুখ-কষ্ট নাইকিয়া কৰিব। তেওঁৰ এই প্ৰতিজ্ঞাই আমাক এটা আশা দিয়ে যে ভৱিষ্যতে আমি ভাল জীৱন লাভ কৰিম। (যিৰিমিয়া ২৯:১১, ১২ পঢ়ক।) এই আশাই বৰ্তমান সময়ৰ সমস্যাবোৰ পাৰ কৰিবলৈ আৰু সদায় আনন্দত থাকিবলৈ আমাক সহায় কৰে।

২. ভৱিষ্যতে আমাৰ জীৱন কেনেকুৱা হʼব?

বাইবেলত কোৱা হৈছে যে ভৱিষ্যতে “মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৪ পঢ়ক।) বৰ্তমান সময়ত লোকসকলে যিবোৰ সমস্যাক লৈ চিন্তিত, সেইবোৰ নাথাকিব। ভৱিষ্যতে কোনেও দুখীয়া হৈ নাথাকিব, কাৰো লগত অন্যায় নহʼব, কোনেও বেমাৰ আৰু মৃত্যু নহʼব। বাইবেলত উল্লেখ আছে যে মানৱজাতিয়ে এই পৃথিৱীত সদায় আনন্দেৰে জীয়াই থাকিব।

৩. ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আপুনি কেনেকৈ ভৰসা কৰিব পাৰে?

লোকসকলে প্ৰায়ে প্ৰতিজ্ঞা কৰে, কিন্তু তেওঁলোকে কৰা প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰিবলৈ কঠিন হয়। কিন্তু ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ। আপুনি হয়তো ভাবিব পাৰে, ‘মই এই প্ৰতিজ্ঞাবোৰৰ ওপৰত কেনেকৈ ভৰসা কৰিব পাৰোঁ?’ যদি আপুনি সদায় “শাস্ত্ৰ” অৰ্থাৎ বাইবেল পঢ়ে আৰু পৰীক্ষা কৰি চায়, তেনেহʼলে সেই প্ৰতিজ্ঞাবোৰৰ ওপৰত আপোনাৰ বিশ্বাস বাঢ়িব। (পাঁচনিৰ কৰ্ম্ম ১৭:১১) তাৰ পাছত আপুনি নিজেই জানিব পাৰিব যে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ পূৰ হʼব নে নহয়।

গভীৰভাৱে ধ্যান কৰক

ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে কি কি প্ৰতিজ্ঞা কৰিছে? এই প্ৰতিজ্ঞাবোৰৰ বিষয়ে জানি কিছুমান লোকে কেনেকৈ শান্ত্বনা লাভ কৰিছে আৰু সমস্যাৰ সত্ত্বেও আনন্দত থাকিব পাৰিছে? আহক এই বিষয়ে আলোচনা কৰোঁ।

ছবি: কিছুমান ছবিৰ যোগেদি বৰ্তমানৰ পৰিস্থিতি আৰু ভৱিষ্যতৰ পৰিস্থিতিৰ মাজত পাৰ্থক্য দেখুৱা হৈছে। এই ছবিবোৰ তলতো দেখুৱা হৈছে।

৪. কোনো দুখ-কষ্ট নোহোৱাকৈ আমি সদায় জীয়াই থাকিম

তলত উল্লেখ কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে মন কৰক। এই প্ৰতিজ্ঞাবোৰৰ মাজৰ কোনটো প্ৰতিজ্ঞা আপোনাক ভাল লাগিল আৰু কিয়?

প্ৰতিটো প্ৰতিজ্ঞাৰ লগত দিয়া পদবোৰ পঢ়ক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদবোৰ পঢ়ি আপুনি শান্ত্বনা পালেনে? আপুনি কি ভাবে, আপোনাৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলেও শান্ত্বনা পাবনে?

কল্পনা কৰক যে সেইসময়ৰ পৰিস্থিতি কেনেকুৱা হʼব।

কি নহʼব?

কি হʼব?

  • বৃদ্ধ নহʼব, দুখ-কষ্ট আৰু কাৰো মৃত্যু নহʼব।—যিচয়া ২৫:৮.

  • মৃত লোকসকলক জীৱিত কৰা হʼব আৰু পৰিয়ালে মিলি একেলগে আনন্দ কৰিব।—যোহন ৫:২৮, ২৯.

  • বেমাৰ, অন্ধ, কলা বা শাৰীৰিকভাৱে দুৰ্বল নহʼব।—যিচয়া ৩৩:২৪; ৩৫:৫, ৬.

  • সকলোৱে ডেকা আৰু ভাল স্বাস্থ্যৰ আনন্দ লʼব।—ইয়োব ৩৩:২৫.

  • অন্যায় নহʼব।—যিচয়া ৩২:১৬, ১৭.

  • যথেষ্ট পৰিমাণে আহাৰ, থাকিবলৈ ঘৰ আৰু সকলোৱে নিজৰ কামত সন্তুষ্টি লাভ কৰিব।—গীতমালা ৭২:১৬; যিচয়া ৬৫:২১, ২২.

  • যুদ্ধ নহʼব।—গীতমালা ৪৬:৯.

  • শান্তিৰ পৰিৱেশ হʼব।—গীতমালা ৩৭:১১.

  • বেয়া ঘটনাবোৰ মনলৈ নাহিব।—যিচয়া ৬৫:১৭

  • সদায় জীয়াই থাকিব।—গীতমালা ৩৭:২৯.

আগতে বেমাৰত থকা এজন লʼৰাই এতিয়া সুস্থ হৈছে আৰু নিজৰ মাকক সাবটি ধৰিছে। এজন বয়সস্থ ব্যক্তিয়ে এতিয়া ডেকা হৈছে আৰু শাক-পাচলিৰে ভৰা এখন ঠেলা লৈ গৈছে। যিসকল শিশুৰ ওচৰত আগতে খাবলৈ একো নাছিল, এতিয়া গছ পুলি লগাইছে আৰু বল খেলিছে। আগতে নিৰাশাত থকা এগৰাকী তিৰোতা এতিয়া আনন্দত আছে আৰু হাঁহি আছে।

৫. ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে জানি আমি আনন্দত থাকিব পাৰোঁ

কেতিয়াবা কেতিয়াবা লোকসকলে পৃথিৱীৰ পৰিস্থিতি দেখি নিৰাশ হৈ পৰে অথবা তেওঁলোকৰ খং উঠে। কিছুমান লোকে পৰিস্থিতি ভাল কৰিবলৈ প্ৰতিবাদ কৰিবলৈ ধৰে। কিন্তু বাইবেলত উল্লেখ থকা ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে জানি বহুতোলোকে শান্ত্বনা লাভ কৰিছে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: মই অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰিব বিচাৰিছিলোঁ (৪:০৭)

ছবি: ‘মই অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰিব বিচাৰিছিলোঁ’ ভিডিঅʼখনৰ দৃশ্য। ১. ৰাফিকা নামৰ এজনী সৰু ছোৱালী কপাহ খেতি কৰা বাগিচাত কাম কৰিছে। ২. ৰাফিকা প্ৰথম বাৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনলৈ গৈছে আৰু তাত বেলেগ বেলেগ জাতিৰ লোকসকলৰ মাজত প্ৰেম দেখি আচৰিত হৈছে।
  • ৰাফিকা কিয় চিন্তিত আছিল?

  • যদিও ৰাফিকাই পক্ষপাত নাইকিয়া কৰিব নোৱাৰিলে, কিন্তু বাইবেলৰপৰা তাই কি জানিব পাৰিলে?

ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে জানিলে আমি নিৰাশ নহʼম আৰু সমস্যাৰ মাজতো আনন্দত থাকিব পাৰিম। হিতোপদেশ ১৭:২২ আৰু ৰোমীয়া ১২:১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে জানি আপুনি কেনে অনুভৱ কৰে? এতিয়া সমস্যাবোৰৰ বিষয়ে আপুনি কি ভাবে?

কিছুমান লোকে কয়: “এই কথাবোৰ শুনি ভালেই লাগিছে, কিন্তু এইদৰে হʼব জানোঁ।”

  • এই কথাবোৰ পূৰ হʼব নে নহয়, সেয়া কিয় আপুনি পৰীক্ষা কৰি চোৱা উচিত?

আমি কি শিকিলোঁ

ঈশ্বৰে ভৱিষ্যতে আমাক এটা ভাল জীৱন দিব বুলি প্ৰতিজ্ঞা কৰিছে। সেইবাবে, সমস্যাৰ ­সময়তো আমি আনন্দত থাকিব পাৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • লোকসকলক এটা ভাল আশাৰ কিয় প্ৰয়োজন?

  • ভৱিষ্যতে আমাৰ জীৱন কেনেকুৱা হʼব?

  • ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে জানিলে আজিও আপোনাৰ কি লাভ হʼব?

লক্ষ্য

বেছিকৈ জানক

আমি আশা ৰাখিলে কেনেকৈ সমস্যাবোৰ সন্মুখীন হʼব পাৰোঁ, তাৰ বিষয়ে জানক।

“কোনে আমাক আশা দিব পাৰে?” (সচেতন থাকক! লেখ)

বহুদিন ধৰি বেমাৰত ভুগী থকা লোকসকলে ঈশ্বৰৰ প্ৰতিজ্ঞাৰপৰা কেনেকৈ শান্ত্বনা লাভ কৰিছে, তাৰ বিষয়ে জানক।

“গভীৰ ৰোগৰ সৈতে জীৱন অতিবাহিত কৰাত বাইবেলে সহায় কৰিব পাৰেনে?” (ৱেবছাইটত দিয়া লেখ)

সংগীত ভিডিঅʼখন চাওক। কল্পনা কৰক যে ঈশ্বৰে পৃথিৱীখনক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিছে আৰু আপুনি নিজৰ পৰিয়ালৰ লগত আনন্দেৰে জীয়াই আছে।

কেনে পৰিস্থিতি হʼব (৩:৩৭)

এনে এজন ব্যক্তিৰ কাহিনী পঢ়ক, যিজন ব্যক্তিয়ে লোকসকলৰ ­অধিকাৰৰ বাবে যুঁজ কৰিছিল। ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে জনাৰ পাছত তেওঁৰ জীৱন কেনেকৈ পৰিৱৰ্তন হʼল, তাৰ বিষয়ে জানক।

“মই জগতখন সলনি কৰিব লাগিব” (প্ৰহৰীদুৰ্গ লেখ)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক