ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lv পৃষ্ঠা ২৪৯-পৃষ্ঠা ২৫১ অনু. ১
  • হস্তমৈথুন অভ্যাসৰ ওপৰত জয় লাভ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হস্তমৈথুন অভ্যাসৰ ওপৰত জয় লাভ কৰক
  • “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • মিল থকা বিষয়
  • আমি যিহোৱাৰ দৃষ্টিত কেনেকৈ শুদ্ধ আৰু পৰিষ্কাৰ হৈ থাকিব পাৰোঁ?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • “ব্যভিচাৰৰ পৰা পলোৱা”
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
lv পৃষ্ঠা ২৪৯-পৃষ্ঠা ২৫১ অনু. ১

অতিৰিক্ত লেখ

হস্তমৈথুন অভ্যাসৰ ওপৰত জয় লাভ কৰক

হস্তমৈথুন হৈছে এনে এক অভ্যাস, যাক যিহোৱা ঈশ্বৰে ঘৃণা কৰে।a এই অভ্যাস কৰা লোকসকলে কেৱল নিজৰ স্বাৰ্থ পূৰ কৰিবলৈ বিচাৰে আৰু ইয়ে এজন ব্যক্তিৰ চিন্তাধাৰাক ভ্ৰষ্ট কৰিব পাৰে। ইয়াৰ উপৰিও হস্তমৈথুন কৰা লোকসকলে, বিপৰীত লিংগক যৌন ইচ্ছা পূৰ কৰা কেৱল এক বস্তু বুলি ভাবিব পাৰে। তেওঁলোকৰ বাবে যৌন সম্পৰ্ক দুজন ব্যক্তিৰ মাজত হোৱা প্ৰেমৰ পৰিণামস্বৰূপে নহয়, কিন্তু এনেকুৱা অভ্যাসলৈ পৰিণত হয়, যিয়ে কেৱল অলপ সময়ৰ বাবে আনন্দ দিয়ে আৰু তেওঁলোকৰ যৌন উত্তেজনাৰ পৰা শাম কটাৰ এক উপায় বুলি ভাবে। কিন্তু মন কৰিবলগীয়া কথা যে ইয়ে কেৱল অলপ সময়ৰ বাবেহে উত্তেজনা লাঘব কৰে। প্ৰকৃততে হস্তমৈথুনে “ব্যভিচাৰ, অশুচিতা, কামাভিলাষ” আদি কাৰ্য্যবোৰক দমন কৰাৰ পৰিৱৰ্তে ইয়াক বেছি কৰিবলৈ জাগৃত কৰে।—কলচীয়া ৩:৫.

পাঁচনি পৌলে এইদৰে লিখিছিল, “এই হেতুকে, হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহক।” (২ কৰিন্থীয়া ৭:১) যদি আপোনাক পৌলৰ এই বাক্য পালন কৰিবলৈ অসুবিধা হৈছে, তেনেহʼলে নিৰাশ নহʼব। যিহোৱা ঈশ্বৰে সকলো সময়তে ‘ক্ষমা’ কৰিবলৈ আৰু সহায় কৰিবলৈ সাজু থাকে। (গীতমালা ৮৬:৫; লূক ১১:৯-১৩) নিঃসন্দেহ, নিজৰ ধিক্কাৰ দিয়া হৃদয় আৰু কেতিয়াবা কেতিয়াবা ব্যৰ্থ হোৱাৰ পাছতো, এই অভ্যাস এৰিবলৈ আপুনি কৰা চেষ্টাই ইয়াৰ প্ৰমাণ দিয়ে যে আপোনাৰ এক ভাল মনোভাব আছে। আমি এই কথা মনত ৰখা উচিত যে “ঈশ্বৰ আমাৰ হৃদয়তকৈয়ো মহান, আৰু তেওঁ সকলোকে জানে।” (১ যোহন ৩:২০) ঈশ্বৰে আমাৰ কেৱল পাপবোৰকে লক্ষ্য কৰে এনে নহয়, কিন্তু তেওঁ আমাৰ সম্পূৰ্ণ ব্যক্তিত্বলৈ লক্ষ্য কৰে। তেওঁ আমাৰ বিষয়ে সম্পূৰ্ণ জানে আৰু সেইবাবে যেতিয়া আমি তেওঁৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ বৰ পুতৌৰে আমাৰ প্ৰাৰ্থনা শুনে। সেইবাবে, এটা সৰু লʼৰাই যেনেকৈ কিবা সমস্যা হʼলে দেউতাকৰ ওচৰলৈ দৌৰি যায়, ঠিক সেইদৰে নম্ৰতাৰে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰিব। তেওঁ আপোনাক এক শুদ্ধ বিবেক ৰাখিবলৈ সহায় কৰিব। (গীতমালা ৫১:১-১২, ১৭; যিচয়া ১:১৮) নিঃসন্দেহ, আপুনি প্ৰাৰ্থনা কৰাৰ অনুসৰি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। উদাহৰণস্বৰূপে, আপুনি যিকোনো ধৰণৰ অশ্লীল কাৰ্য্যক্ৰমবোৰৰপৰা আৰু অসৎ সংগতিৰপৰা আঁতৰি থাকিবলৈ প্ৰাণ-টাকি চেষ্টা কৰক।b

যদি এই বেয়া অভ্যাসৰপৰা আপুনি ওলাই আহিব পৰা নাই, তেনেহʼলে ইয়াৰ বিষয়ে আপোনাৰ পিতৃ বা মাতৃক জনাওক বা আপোনাৰ বিষয়ে চিন্তা কৰা কোনো পৰিপক্ক ভাই বা ভনীৰ লগত কথা হওক।c—হিতোপদেশ ১:৮, ৯; ১ থিচলনীকীয়া ৫:১৪; তীত ২:৩-৫.

a হস্তমৈথুন হৈছে যৌনাঙ্গবোৰত হাত বুলোৱা বা ঘৰ্ষণ কৰা, যাৰ যোগেদি যৌন উত্তেজনাৰ সৰ্ব্বোচ্চ পৰ্য্যায়ত উপনিত হোৱা।

b ব্যৱহাৰিক পদক্ষেপ হিচাপে বহুতো পৰিয়ালে কম্পিউটাৰটো এনে স্থানত ৰাখে, যʼত সকলোৱে অহা-যোৱা কৰোঁতে চাব পাৰে। কিছুমান পৰিয়ালে এনেধৰণৰ কম্পিউটাৰ প্ৰʼগ্ৰাম কিনে যাৰ সহায়ত বেয়া বিষয়বোৰ প্ৰৱেশ কৰাত বাধা দিয়ে। কিন্তু মনত ৰখা উচিত যে কোনো প্ৰʼগ্ৰামৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব নোৱাৰি।

c হস্তমৈথুন অভ্যাসৰ ওপৰত কেনেকৈ জয় কৰিব পাৰি তাৰ বিষয়ে ব্যৱহাৰিক পৰাপৰ্শৰ বাবে ২০০৬ চনৰ, নবেম্বৰ মাহৰ সচেতন থাকক! (ইংৰাজী) আলোচনীখনৰ “যুৱক-যুৱতীসকলে সোধা . . . এই অভ্যাসৰ ওপৰত মই কেনেকৈ জয় কৰিব পাৰোঁ?” আৰু যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ কিতাপখনৰ খণ্ড ১, পৃষ্ঠা ১৭৮-১৮২ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক