অতিৰিক্ত লেখ
ব্যৱসায়ৰ লগত জড়িত থকা বিবাদবোৰ মীমাংসা কৰা
প্ৰথম কৰিন্থীয়া ৬:১-৮ পদত পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত হোৱা বিচাৰ বা মোকৰ্দ্দমাৰ বিষয়ে আলোচনা কৰিছে। তেওঁ এই বিষয়ে জানি নিৰাশ হৈছিল যে কৰিন্থীৰ কিছুমান খ্ৰীষ্টানে “অধৰ্ম্মী লোকৰ আগত গোচৰ কৰিবলৈ সাহ” কৰিছিল। (১ পদ) পৌলে কিছুমান গুৰুত্বপূৰ্ণ কাৰণ দৰ্শাইছিল যে খ্ৰীষ্টান ভাই-ভনীসকলে ন্যায়ালয়ত এজনে-আনজনৰ ওপৰত মোকৰ্দ্দমা কৰাৰ পৰিৱৰ্তে, কিয় মণ্ডলীৰ ভিতৰতে নিজৰ বিবাদ মীমাংসা কৰা উচিত। আহক আমি এতিয়া ঈশ্বৰৰ প্ৰেৰণাৰে পৌলে এই পৰামৰ্শ কিয় দিছিল, তাৰ বিষয়ে আলোচনা কৰোঁ। ইয়াৰ পাছত এনে কিছুমান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম, যʼত ন্যায়ালয়লৈ যোৱাৰ প্ৰয়োজন হʼব পাৰে।
যদি ব্যৱসায়ৰ লগত জড়িত থকা কিবা বিষয়ত কোনো খ্ৰীষ্টান ভাই বা ভনীৰ লগত আমাৰ বিবাদ হয়, তেনেহʼলে নিজে সমাধান কৰাৰ পৰিৱৰ্তে আমি যিহোৱা ঈশ্বৰে দিয়া নিৰ্দেশনা অনুসৰি সমাধান কৰা উচিত। (হিতোপদেশ ১৪:১২) যীচুৱে উপদেশ দিছিল যে যদি আমাৰ মাজত কোনো বিবাদ হয়, তেনেহʼলে ই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ আগতেই, যিমান সোনকালে পাৰি সিমান সোনকালে সমাধান কৰা উচিত। (মথি ৫:২৩-২৬) কিন্তু দুখৰ বিষয় যে কিছুমান খ্ৰীষ্টানে আনৰ লগত হাই-কাজিয়া কৰে আৰু ইয়াৰ সমাধানৰ বাবে ন্যায়ালয়লৈ যায়। পৌলে কৈছিল: “তোমালোকে ইজনে সিজনৰ ওপৰত মোকৰ্দ্দমা কৰাত, সকলো পিনে তোমালোকৰ হানি হব লাগিছে।” কিয় বাৰু? ইয়াৰ এটা প্ৰধান কাৰণ হৈছে এইদৰে এজনে-আনজনৰ ওপৰত মোকৰ্দ্দমা কৰাৰ বাবে মণ্ডলী আৰু ঈশ্বৰৰ নামৰ ওপৰত কলংক আহিব পাৰে। সেইবাবে, পৌলৰ এই প্ৰশ্নক বিবেচনা কৰা উচিত: “তোমালোকে অন্যায় কিয় নসহা?”—৭ পদ।
ন্যায়ালয়লৈ নাযাবলৈ কাৰণ দৰ্শাই পৌলে বৰ্ণনা কৰিছিল যে বিভিন্ন বিবাদ মীমাংসা কৰাৰ বাবে ঈশ্বৰে মণ্ডলীত এক সুন্দৰ ব্যৱস্থা কৰিছে। মণ্ডলীৰ প্ৰাচীনসকল হৈছে শাস্ত্ৰৰ ওপৰত সঠিক জ্ঞান থকা খ্ৰীষ্টান পুৰুষ আৰু তেওঁলোকৰ ওচৰত প্ৰজ্ঞা আছে। সেইবাবে, পৌলে এই ভাইসকলৰ বিষয়ে কৈছিল যে তেওঁলোক “এই জীৱনৰ সম্পৰ্কীয়” বিষয়বোৰৰ ওপৰত “ভাই ভাইৰ মাজতে নিষ্পত্তি” কৰিব পাৰে। (৩-৫ পদ) যীচু খ্ৰীষ্টই দেখুৱাইছিল যে যদি বিবাদ কিবা গুৰুতৰ পাপৰ বাবে হৈছে, যেনে মিছা অপবাদ দিয়া আৰু ঠগ বা প্ৰবঞ্চনা আদি জড়িত আছে, তেনেহʼলে এনে বিবাদ সমাধান কৰাৰ বাবে তিনিটা পদক্ষেপ লোৱা উচিত: প্ৰথমটো হৈছে যাৰ লগত বিবাদ হৈছে, তেওঁলোকে অকলশৰীয়াকৈ ইয়াৰ সমাধান কৰা। দ্বিতীয়টো হৈছে, প্ৰথম পদক্ষেপটো যদি বিফল হয়, তেনেহʼলে এজন বা দুজন ব্যক্তিক সাক্ষী হিচাপে লৈ সেই সমস্যা সমাধান কৰাৰ বাবে চেষ্টা কৰা। তৃতীয়টো হৈছে, যদি দ্বিতীয় পদক্ষেপটো সফল নহয়, তেনেহʼলে মণ্ডলীৰ প্ৰাচীনসকলক জনোৱা।—মথি ১৮:১৫-১৭.
ইয়াৰ বাবে খ্ৰীষ্টান প্ৰাচীনসকল কোনো উকিল বা ব্যৱসায়ী হোৱাৰ প্ৰয়োজন নাই আৰু তেওঁলোকে কোনো ব্যৱসায় বা আইনগত বিষয়াৰ দৰে পৰামৰ্শ দিয়া উচিত নহয়। ভাইসকলৰ মাজত হোৱা বিবাদক সমাধান কৰাৰ বাবে তেওঁলোকে কোনোধৰণৰ চৰ্ত আৰোপ নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে বিবাদৰ লগত জড়িত থকা উভয় পক্ষক, বাইবেলৰ পৰামৰ্শ পালন কৰিবলৈ আৰু শান্তিৰে সমস্যা সমাধান কৰিবলৈ সহায় কৰে। জটিল বিষয়বোৰ সমাধান কৰাৰ বাবে তেওঁলোকে হয়তো চাৰ্কিট ওভাৰচিয়াৰ বা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ৰপৰা পৰামৰ্শ বিচাৰি যোগাযোগ কৰিব পাৰে। কিন্তু পৌলে যি বিষয়বোৰৰ ওপৰত পৰামৰ্শ দিছে, তাৰ উপৰিও আৰু কিছুমান পৰিস্থিতি আছে। তাৰে ভিতৰত কিছুমান পৰিস্থিতি কি হʼব পাৰে?
কিছুমান বিষয় নিস্বাৰ্থ আৰু শান্তিৰে সমাধান কৰাৰ বাবে কোনো মোকৰ্দ্দমা কৰা হয়তো নিয়ম অনুসৰি অথবা আইনৰ প্ৰয়োজনীয়তা হʼব পাৰে। উদাহৰণস্বৰূপে, বিবাহ বিচ্ছেদৰ ৰায় লাভ কৰা, সন্তানৰ তত্বাবধান কৰাৰ দায়িত্ব অৰ্জন কৰা, বিবাহ বিচ্ছেদৰ পাছত দিবলগীয়া ভাট্টা নিৰ্দ্ধাৰণ কৰা, বীমা কোম্পানিৰপৰা ক্ষতিপূৰণ আদায় কৰা, দেউলীয়া হৈ ধাৰ পৰিশোধ কৰিব নোৱাৰা লোকৰ তালিকাবদ্ধ হোৱা আৰু তাৰ মান্যতা পোৱা আদি। এনে বহুতো বিষয় আছে, যʼত এজন ভায়ে হয়তো নিজকে ৰক্ষা কৰাৰ বাবে মোকৰ্দ্দমা কৰিব পাৰে।a
যদি এনে মোকৰ্দ্দমা বিবাদ নকৰাৰ ভাৱনাৰে কৰা হয়, তেনেহʼলে ই পৌলৰ পৰামৰ্শৰ বিৰুদ্ধে কৰা নহʼব।b কিন্তু এজন খ্ৰীষ্টানক যিহোৱা ঈশ্বৰৰ নাম পবিত্ৰ কৰা আৰু মণ্ডলীৰ শান্তিৰ লগতে একতাৰ বিষয়ে চিন্তা কৰা উচিত। যীচু খ্ৰীষ্টৰ শিষ্যসকল তেওঁলোকৰ প্ৰেমৰ বাবে পৰিচিত আৰু “প্ৰেমে . . . নিজৰ লাভ নিবিচাৰে।”—১ কৰিন্থীয়া ১৩:৪, ৫; যোহন ১৩:৩৪, ৩৫.
a এনে ঘটনা বহুত কম পৰিলক্ষিত হয়, যʼত এজন খ্ৰীষ্টানে আন এজন খ্ৰীষ্টানৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ কৰিব পাৰে, যেনে, ধৰ্ষণ, নিৰ্যাতন, হত্যা বা চুৰি আদি কাৰ্য্য। এনে বিষয়বোৰৰ বাবে অধিকাৰীসকলক জনোৱাটো খ্ৰীষ্টান সিদ্ধান্তৰ বিৰুদ্ধে নহʼব। অধিকাৰীসকলক জনোৱাৰ বাবে হয়তো অপৰাধী সংক্ৰান্ত বিচাৰৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে।
b ইয়াৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি ১৯৯৭, ১৫ মাৰ্চ প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ১৭-২২ আৰু ১৯৯১, ১৫ অক্টোবৰ প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ২৫-২৮ চাওক।