-
প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ১৫
প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?
ফিনলেণ্ড
শিক্ষা দিয়া
উৎসাহ দিয়া
ঘোষণা কৰা
আমাৰ সংগঠনত কোনো দৰমহা দি ৰখা পাদুৰীৰ ব্যৱস্থা নাই। ইয়াৰ পৰিৱৰ্ত্তে, প্ৰথম শতিকাৰ দৰে বৰ্তমান সময়তো যোগ্য লোকসকলক “ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপালন” কৰিবলৈ নিযুক্ত কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) আধ্যাত্মিকভাৱে পৰিপক্ক এই প্ৰাচীনসকলে মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব লয়। তেওঁলোকে “আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ইচ্ছাৰে, ঈশ্বৰৰ দৰে, কুচ্ছিত লাভৰ অৰ্থেও নহয়, কিন্তু সন্তুষ্ট মনেৰে” মণ্ডলীৰ প্ৰতিপালন কৰে। (১ পিতৰ ৫:১-৩) মণ্ডলীৰ প্ৰাচীনসকলে আমাৰ বাবে কেনেধৰণৰ সেৱা আগবঢ়ায়?
তেওঁলোকে আমাৰ যত্ন লয় আৰু সুৰক্ষা দিয়ে। প্ৰাচীনসকলে মণ্ডলীৰ আধ্যাত্মিকভাৱে সুৰক্ষা দিবলৈ সহায় আৰু নিৰ্দ্দেশনা দিয়ে। ঈশ্বৰে যি গধুৰ দায়িত্ব দিছে, তাক প্ৰাচীনসকলে ভালদৰে বুজি পায়। সেইবাবে তেওঁলোকে মণ্ডলীৰ লোকসকলৰ ওপৰত কোনোধৰণৰ প্ৰভুত্ব নচলাই, কিন্তু তেওঁলোকে আমাৰ ভাল আৰু আনন্দৰ বাবে কাম কৰে। (২ কৰিন্থীয়া ১:২৪) যেনেকৈ এজন ভেঁড়াৰখীয়াই নিজৰ জাকত থকা প্ৰতিটো ভেঁড়াক ভালদৰে যত্ন লয়, ঠিক সেইদৰে প্ৰাচীনসকলে মণ্ডলীত থকা প্ৰতিজন সদস্যক ভালদৰে জানিবলৈ চেষ্টা কৰে।—হিতোপদেশ ২৭:২৩.
ঈশ্বৰৰ ইচ্ছা অনুসৰি কেনেকৈ চলিব লাগে তাৰ বিষয়ে তেওঁলোকে শিক্ষা দিয়ে। আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ প্ৰাচীনসকলে প্ৰতি সপ্তাহে মণ্ডলীৰ সভাবোৰত শিকোৱাৰ দায়িত্ব বহন কৰে। (পাঁচনিৰ কৰ্ম্ম ১৫:৩২) ঈশ্বৰৰ কাৰ্য্যত নিজকে বিলীন কৰা এই প্ৰাচীনসকলে ঘোষণা কৰা কাৰ্য্যটো আগভাগ লয় আৰু সেৱকীয়া কাৰ্য্যৰ বিভিন্ন পদ্ধতিবোৰ আমাক শিকায়।
ব্যক্তিগতভাৱে তেওঁলোকে আমাক উৎসাহ দিয়ে। যিহোৱা ঈশ্বৰৰ লগত আমাৰ ব্যক্তিগত সম্বন্ধ দৃঢ় কৰিবলৈ স্থানীয় প্ৰাচীনসকলে আমাৰ ঘৰলৈ আহি বা ৰাজ্যগৃহত শাস্ত্ৰৰপৰা উৎসাহ আৰু সহায় আগবঢ়াবলৈ আমাৰ লগত কথা পাতে।—যাকোব ৫:১৪, ১৫.
মণ্ডলীৰ দায়িত্ব থকাৰ উপৰিও, বেছিভাগ প্ৰাচীনৰ নিজৰ নিজৰ চাকৰি আৰু পৰিয়ালৰ দায়িত্ব আছে। ইয়াৰ বাবে তেওঁলোকক সময়ৰ প্ৰয়োজন। কঠিন পৰিশ্ৰম কৰা এই প্ৰাচীনসকল আমাৰ সন্মানৰ পাত্ৰ।—১ থিচলনীকীয়া ৫:১২, ১৩.
মণ্ডলীৰ প্ৰাচীনসকলৰ দায়িত্ব কি?
প্ৰাচীনসকলে কেনেকৈ আমাৰ প্ৰতি ব্যক্তিগত আগ্ৰহ দেখুৱায়?
-
-
পৰিচাৰকসকলৰ দায়িত্ব কি?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ১৬
পৰিচাৰকসকলৰ দায়িত্ব কি?
ম্যানমাৰ
সভাৰ ভাগ
সেৱাৰ গোট
ৰাজ্যগৃহৰ চোৱা-চিতা
বাইবেলে বৰ্ণনা কৰিছে যে মণ্ডলীক চোৱা-চিতা কৰিবলৈ ভাইসকলৰ দুটা সমূহক দায়িত্ব দিয়া হৈছে। তেওঁলোকক ‘অধ্যক্ষ আৰু পৰিচাৰক’ বুলি কোৱা হয়। (ফিলিপীয়া ১:১) প্ৰতিখন মণ্ডলীতে কেইবাজনো প্ৰাচীন আৰু পৰিচাৰকে সেৱা কৰে। এই পৰিচাৰকসকলে আমাৰ উপকাৰৰ বাবে কি দায়িত্ব বহন কৰে?
তেওঁলোকে প্ৰাচীনসকলক সহায় কৰে। পৰিচাৰকসকল আধ্যাত্মিক, নিৰ্ভৰযোগ্য আৰু নিষ্ঠাৱান ব্যক্তি। ইয়াৰে কিছুমান বয়সত ডাঙৰ আৰু কিছুমান সৰু। পৰিচাৰকসকলে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দাযিত্ববোৰ নিৰ্দ্দিষ্টভাৱে বৰ্ণনা থাকে আৰু মণ্ডলীৰ বিভিন্ন কামত তেওঁলোকে সহযোগীতা আগবঢ়ায়। তেওঁলোকে এইদৰে কৰাৰ বাবে মণ্ডলীৰ প্ৰাচীনসকলে শিক্ষা আৰু উৎসাহ দিয়া কাৰ্য্যত মনোযোগ দিব পাৰে।
তেওঁলোকে ব্যৱহাৰিক সেৱাবোৰ আগবঢ়ায়। সভালৈ অহা লোকসকলক আদৰণি জনাবলৈ কিছুমান পৰিচাৰকক দায়িত্ব দিয়া হয়। আন কিছুমানক সাহিত্য বিভাগ, হিচাপ-নিকাচ চোৱা, চাউণ্ডৰ যন্ত্ৰ-পাতিৰ ব্যৱহাৰ কৰা আৰু ভাই-ভনীসকলক ঘোষণা কৰাৰ বাবে এলাকাবোৰ দিয়া আদি কাৰ্য্যবোৰ কৰিবলৈ দায়িত্ব দিয়া হয়। ৰাজ্যগৃহৰ মেৰামতি কাৰ্য্যৰ বাবেও তেওঁলোকে সহায় কৰে। মণ্ডলীত থকা বৃদ্ধ ভাই-ভনীসকলক সহায় কৰিবলৈ, প্ৰাচীনসকলে পৰিচাৰকসকলক অনুৰোধ কৰিব পাৰে। পৰিচাৰকসকলে নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰাৰ বাবে মণ্ডলীৰ সকলোৱে তেওঁলোকক সন্মান কৰে।—১ তীমথিয় ৩:১৩.
তেওঁলোকে এটা ভাল উদাহৰণ ৰাখে। পৰিচাৰকসকলক তেওঁলোকৰ আধ্যাত্মিক গুণবোৰৰ বাবে এই দায়িত্ব দিয়া হয়। তেওঁলোকে যেতিয়া সভাৰ ভাগবোৰ ভালদৰে প্ৰস্তুত কৰে, তেতিয়া তেওঁলোকে আমাৰ বিশ্বাস দৃঢ় কৰে। ঘোষণা কৰা কাৰ্য্যত তেওঁলোকে আগভাগ লোৱাৰ যোগেদি তেওঁলোকে আমাক উৎসাহ দিয়ে। প্ৰাচীনসকলৰ লগত সহযোগীতা কৰাৰ বাবে মণ্ডলীত আনন্দ আৰু একতা দেখিবলৈ পোৱা যায়। সময়ৰ লগে লগে পৰিচাৰকসকলেও প্ৰাচীন হিচাপে সেৱা কৰে।
পৰিচাৰকসকল কেনেধৰণৰ লোক হয়?
মণ্ডলীৰ কাম-কাজ কৰিবলৈ পৰিচাৰকসকলে কেনেকৈ সহায় কৰে?
-
-
চাৰ্কিট ওভাৰচিয়াৰে আমাক কেনেকৈ সহায় কৰে?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ১৭
চাৰ্কিট ওভাৰচিয়াৰে আমাক কেনেকৈ সহায় কৰে?
মালাৱি
সেৱা গোট
ঘোষণা কাৰ্য্য
প্ৰাচীনসকলৰ সভা
বাইবেলৰ গ্ৰীক শাস্ত্ৰত বাৰ্ণাব্বা আৰু পাঁচনি পৌলৰ নাম প্ৰায়ে পোৱা যায়। তেওঁলোকে চাৰ্কিট ওভাৰচিয়াৰ হিচাপে আৰম্ভণিৰ মণ্ডলীবিলাকত সেৱা কৰিছিল। কেনেকৈ বাৰু? নিস্বাৰ্থভাৱে তেওঁলোকে আধ্যাত্মিক ভাই-ভনীসকলৰ হিতৰ বাবে চিন্তা কৰিছিল। পৌলে কৈছিল যে তেওঁ “সেই নগৰলৈ আকৌ গৈ, ভাইবিলাকক দেখা কৰিবলৈ” ইচ্ছা কৰিছে। ভাইসকলক উৎসাহ কৰিবলৈ তেওঁ শ শ মাইল যাত্ৰা কৰিবলৈও ৰাজী আছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:৩৬) বৰ্তমান সময়ত আমাৰ চাৰ্কিট ওভাৰচিয়াৰসকলৰো সেই একেই ইচ্ছা।
আমাক উৎসাহিত কৰিবলৈ তেওঁলোক আহে। প্ৰতিজন চাৰ্কিট ওভাৰচিয়াৰে বছেৰেকত দুবাৰকৈ প্ৰায় বিশটা মণ্ডলী পৰিদৰ্শন কৰে। এই ভাইসকল আৰু যদি তেওঁলোক বিবাহিত, তেনেহʼলে আমি তেওঁলোকৰ পত্নীবিলাকৰ অনুভৱৰপৰাও বহু কথা শিকিব পাৰোঁ। মণ্ডলীৰ ডেকা বা বয়সীয়া সকলো ভাই-ভনীৰ লগত তেওঁলোকে পৰিচয় হʼবলৈ চেষ্টা কৰে। আমাৰ লগত ঘোষণা কৰা বা বাইবেল অধ্যয়নত যোগ দিবলৈয়ো তেওঁলোক আগ্ৰহী। প্ৰাচীনসকলৰ লগত লগ লাগি তেওঁলোকে আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ আহে। এই ওভাৰচিয়াৰসকলে সভা আৰু সন্মিলনবোৰত নিজৰ ভাষণৰ দ্বাৰা আমাক উৎসাহিত কৰে।—পাঁচনিৰ কৰ্ম্ম ১৫:৩৫.
তেওঁলোকে সকলোৰে প্ৰতি আগ্ৰহ দেখুৱায়। চাৰ্কিট ওভাৰচিয়াৰসকলে মণ্ডলীৰ আধ্যাত্মিক পৰিস্থিতিৰ বাবে খুবেই আগ্ৰহী। তেওঁলোকে প্ৰাচীন আৰু পৰিচাৰকসকলৰ লগত মণ্ডলীৰ উন্নতিৰ বাবে আলোচনা কৰে আৰু তেওঁলোকৰ দায়িত্ববোৰ কেনেকৈ ভালদৰে পালন কৰিব পাৰি তাৰ বিষয়ে ব্যৱহাৰিক উপদেশ দিয়ে। ঘোষণা কৰা কাৰ্য্যত কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে অগ্ৰগামীসকলক সহায় কৰে। চাৰ্কিট ওভাৰচিয়াৰসকলে মণ্ডলীত নতুনকৈ অহা লোকসকলৰ লগত সময় অতিবাহিত কৰে আৰু তেওঁলোকৰ অনুভৱবোৰ শুনে। তেওঁলোকৰ প্ৰতিজনে, নিজকে আমাৰ ‘সহভাগীৰূপে’ বিলীন কৰি দিছে। (২ কৰিন্থীয়া ৮:২৩) ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাস আৰু ভক্তিক আমি অনুকৰণ কৰিব পাৰোঁ।—ইব্ৰী ১৩:৭.
চাৰ্কিট ওভাৰচিয়াৰসকলে কিয় মণ্ডলীবোৰ পৰিদৰ্শন কৰে?
তেওঁলোকৰ পৰিদৰ্শনৰপৰা আপুনি কেনেকৈ লাভৱান হʼব?
-
-
বিপত্তিৰ সময়ত আমি আমাৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰোঁ?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ১৮
বিপত্তিৰ সময়ত আমি আমাৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰোঁ?
ডোমানিকান গণৰাজ্য
জাপান
হাইটি
যেতিয়া কিবা প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে, তেতিয়া যিহোৱাৰ সাক্ষীসকলে লগে লগে তেওঁলোকৰ ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে। এনে কাৰ্য্যই এজনে-আনজনৰ প্ৰতি থকা প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিয়ে। (যোহন ১৩:৩৪, ৩৫; ১ যোহন ৩:১৭, ১৮) কিন্তু আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?
আমি টকা-পইচা দান কৰোঁ। যিহূদিয়াত যেতিয়া এক বৰ আকালে দেখা দিছিল, তেতিয়া আন্তিয়খিয়াত থকা খ্ৰীষ্টানসকলে তেওঁলোকৰ আধ্যাত্মিক ভাই-ভনীসকলক সহায় কৰিবলৈ টকা-পইচা পঠাইছিল। (পাঁচনিৰ কৰ্ম্ম ১১:২৭-৩০) ঠিক সেইদৰে, যেতিয়া আমি আমাৰ ভাই-ভনীসকলে কিবা বিপত্তিৰ সন্মুখীন হৈছে বুলি জানিব পাৰোঁ, তেতিয়া আমি স্থানীয় মণ্ডলীৰ যোগেদি তেওঁলোকক সহায় কৰিবলৈ বস্তু-বাহানি দান দিওঁ।—২ কৰিন্থীয়া ৮:১৩-১৫.
আমি ব্যৱহাৰিক সহায় আগবঢ়াওঁ। দুৰ্যোগৰ স্থানত থকা প্ৰাচীনসকলে মণ্ডলীৰ প্ৰতিজন সদস্যৰ বিষয়ে খবৰ লয় আৰু তেওঁলোকে সুৰক্ষিত আছে নে নাই তাৰ বিষয়ে খবৰ লয়। উদ্ধাৰ সমিতিয়ে খাদ্য, খোৱা পানী, কাপোৰ-কানি, তম্বু আৰু দৰৱ-পাতি আদি বিষয়বোৰৰ প্ৰতি মনোযোগ দিয়ে। বিশেষ কামত নিপুন থকা বহুতো যিহোৱাৰ সাক্ষীয়ে তেওঁলোকে নিজৰ খৰচত স্ব-ইচ্ছাৰে উদ্ধাৰ কামৰ বাবে আগবাঢ়ি আহে। তেওঁলোকে ৰাজ্যগৃহ বা ঘৰ মেৰামতি কামত সহযোগ কৰে। এটা সংগঠন হিচাপে আমাৰ একতা আৰু এজনে-আনজনৰ লগত কাম কৰাৰ যি অনুভৱ আছে, তাৰ বাবে আমি অতি সহজে প্ৰয়োজনীয় সময়ত সহায় আৰু ভাইসকলক একগোট কৰিবলৈ সক্ষম হওঁ। যদিও আমি “বিশ্বাস কৰাবিলাকলৈ” আমাৰ সহায় আগবঢ়াওঁ, কিন্তু যেতিয়াই সম্ভৱ আমি আন ধৰ্মৰ লোকসকলকো সহায় কৰোঁ।—গালাতীয়া ৬:১০.
আমি শাস্ত্ৰৰপৰা আশা আৰু শান্ত্বনা আগবঢ়াওঁ। দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলক বিশেষকৈ শান্ত্বনাৰ প্ৰয়োজন। এনে সময়ত আমি যিহোৱা ঈশ্বৰৰপৰা “শান্ত্বনা পাওঁ।” (২ কৰিন্থীয়া ১:৩, ৪) দুখ আৰু বেদনাত থকা এই লোকসকলক আমি শাস্ত্ৰৰপৰা বৰ্ণনা কৰোঁ যে অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই এই সকলোবোৰ অন্ত কৰিব।—প্ৰকাশিত বাক্য ২১:৪.
যিহোৱাৰ সাক্ষীসকলে কেনেকৈ বিপত্তিৰ সময়ত নিজৰ ভাই-ভনীসকলক সহায় কৰিবলৈ সমৰ্থ হৈছে?
দুৰ্যোগৰপৰা উদ্ধাৰ হোৱা লোকসকলক আমি শাস্ত্ৰৰপৰা কি শান্ত্বনা দিব পাৰোঁ?
-
-
বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ১৯
বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?
আধ্যাত্মিক আহাৰৰপৰা আমি সকলোৱে লাভৱান হওঁ
মৃত্যুৰ আগমুহূৰ্ত্তত যীচুয়ে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয় নামৰ এই চাৰিজন শিষ্যৰ লগত কিছুমান বিষয় আলোচনা কৰিছিল। অন্তিম দিনত তেওঁৰ উপস্থিতিৰ বিষয়ে বৰ্ণনা কৰি যীচুয়ে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল: “দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ, যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন?” (মথি ২৪:৩, ৪৫; মাৰ্ক ১৩:৩, ৪) যীচুয়ে শিষ্যসকলক নিশ্চয়তা দিছিল যে তেওঁলোকৰ “প্ৰভুৱে” এনে কিছুমান লোকক নিযুক্ত কৰিব, যিয়ে অন্তিম কালত আধ্যাত্মিক আহাৰ নিয়মিতৰূপে যোগান ধৰি থাকিব। এই দাস কোন হয় বাৰু?
তেওঁলোক আত্মাত অভিষিক্ত যীচুৰ অনুগামী। এই ‘দাসে’ উচিত সময়ত আধ্যাত্মিক আহাৰ যোগান ধৰাৰ কামত জড়িত থাকে। আমাক “উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ” আমি এই দাসৰ ওপৰত নিৰ্ভৰ কৰোঁ।—লূক ১২:৪২.
তেওঁলোকে ঈশ্বৰৰ গৃহক চোৱা-চিতা কৰে। (১ তীমথিয় ৩:১৫) যীচুয়ে এই দাসক যিহোৱা ঈশ্বৰৰ পাৰ্থিৱ সংগঠনৰ কাম-কাজবোৰ চোৱা-চিতাৰ বাবে গভীৰ দায়িত্ব দিছে। তেওঁলোকে সংগঠনৰ সম্পত্তিবোৰ চোৱা-চিতা কৰে, ঘোষণা কৰা কাৰ্য্য কেনেকৈ কৰিব লাগে, তাৰ বাবে নিৰ্দ্দেশনা দিয়ে আৰু মণ্ডলীবোৰৰ যোগেদি আমাক শিক্ষা দিয়ে। এইদৰে তেওঁলোকে আমাৰ সময় অনুসৰি প্ৰয়োজনীয়তা পূৰ কৰে। এই বিশ্বাসী বুদ্ধিমান দাসে প্ৰকাশন, সভা, সন্মিলন আৰু অধিৱেশনবোৰৰ যোগেদি আমাক আধ্যাত্মিক আহাৰৰ যোগান ধৰে।
এই দাসক বিশ্বাসী বুলি কোৱা হয়। কিয়নো তেওঁলোকে বাইবেলৰ সত্যতা বিশ্বাসেৰে প্ৰকাশ কৰে আৰু শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যক মনে-প্ৰাণে কৰে। তেওঁলোকক বুদ্ধিমান দাস বুলিও কোৱা হয়। কিয়নো তেওঁলোকক যীচু খ্ৰীষ্টই এই পৃথিৱীত থকা বস্তুবোৰক চোৱা-চিতা কৰাৰ যি দায়িত্ব দিছে, তাক তেওঁলোকে বুদ্ধিমানেৰে কৰে। (পাঁচনিৰ কৰ্ম্ম ১০:৪২) যিহোৱা ঈশ্বৰে আশীৰ্ব্বাদ কৰাৰ বাবে বিশ্বাসী বুদ্ধিমান দাসে প্ৰচুৰ পৰিমাণে আধ্যাত্মিক আহাৰ যোগান ধৰিছে আৰু সাক্ষীসকলৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে।—যিচয়া ৬০:২২; ৬৫:১৩.
যীচুয়ে নিজৰ শিষ্যসকলক আধ্যাত্মিক আহাৰ দিবলৈ কাক মনোনীত কৰিছিল?
দাসক কি অৰ্থত বিশ্বাসী আৰু বুদ্ধিমান বুলি কোৱা হয়?
-
-
বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ কাৰ্য্য কৰে?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২০
বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ কাৰ্য্য কৰে?
প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠী
প্ৰশাসন গোষ্ঠীৰপৰা অহা চিঠিখন পঢ়িছে
প্ৰথম শতিকাত “পাঁচনি আৰু বৃদ্ধলোকৰ” এটা সৰু দলে যিৰূচালেমত প্ৰশাসন গোষ্ঠী হিচাপে কাৰ্য্য কৰিছিল। তেওঁলোকে অভিষিক্ত মণ্ডলীবোৰৰ হৈ গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লৈছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:২) শাস্ত্ৰৰ আৰু পবিত্ৰ আত্মাৰ নিৰ্দ্দেশনা অনুসৰি তেওঁলোকে একতাৰে নিৰ্ণয়বোৰ লৈছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:২৫) বৰ্তমান সময়তো প্ৰশাসন গোষ্ঠীয়ে এইদৰে কাৰ্য্য কৰে।
নিজৰ ইচ্ছা পূৰ কৰিবলৈ ঈশ্বৰে তেওঁলোকক ব্যৱহাৰ কৰিছে। প্ৰশাসন গোষ্ঠীত সেৱা কৰা অভিষিক্ত ভাইসকলৰ বাইবেলৰ প্ৰতি বৰ ধাউতি আছে। তেওঁলোকে ব্যৱহাৰিক তথা আধ্যাত্মিক বিষয়বোৰ পৰিচালনা কৰাত পাৰ্গত। গোটেই পৃথিৱীজুৰি থকা ভাই-ভনীসকলৰ প্ৰয়োজনীয়তাবোৰৰ ওপৰত আলোচনা কৰিবলৈ প্ৰশাসন গোষ্ঠীৰ প্ৰতি সপ্তাহে সভা হয়। প্ৰথম শতিকাৰ দৰে, তেওঁলোকে বাইবেলৰ ওপৰত আধাৰিত নিৰ্দ্দেশনাবোৰ চিঠি, ভ্ৰমণ পৰিদৰ্শক বা আন লোকসকলৰ যোগেদি মণ্ডলীবিলাকলৈ পঠায়। ইয়াৰ যোগেদি ঈশ্বৰৰ লোকসকলক একতাৰে চিন্তা আৰু কাৰ্য্য কৰিবলৈ সহায় কৰে। (পাঁচনিৰ কৰ্ম্ম ১৬:৪, ৫) প্ৰশাসন গোষ্ঠীয়ে আধ্যাত্মিক আহাৰ তৈয়াৰ কৰা আৰু ভাইসকলক দায়িত্ব দিয়াৰ বিষয়টো তত্ত্বাৱধান লয়। ঘোষণা কৰা কাৰ্য্যক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ তেওঁলোকে সকলোকে উৎসাহিত কৰে।
তেওঁলোকে ঈশ্বৰৰ আত্মাৰ নিৰ্দ্দেশনা পালন কৰে। প্ৰশাসন গোষ্ঠীয়ে সৰ্ব্বশক্তিমান ঈশ্বৰ যিহোৱা আৰু মণ্ডলীৰ মুৰব্বী যীচুৰ নিৰ্দ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰে। (১ কৰিন্থীয়া ১১:৩; ইফিচীয়া ৫:২৩) প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে নিজকে ঈশ্বৰৰ লোকসকলৰ দলপতি বুলি জ্ঞান নকৰে। সকলো অভিষিক্তসকলৰ সৈতে তেওঁলোকেও “মেৰ পোৱালি [যীচু] যʼলৈকে যায়, তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়।” (প্ৰকাশিত বাক্য ১৪:৪) তেওঁলোকে কৰা কাৰ্য্য আৰু তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰাটো প্ৰশাসন গোষ্ঠীয়ে বিচাৰে।
প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীত কোন লোকসকল আছিল?
বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ ঈশ্বৰৰ নিৰ্দ্দেশনা বিচাৰে?
-
-
বেথেল কি হয়?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২১
বেথেল কি হয়?
ছবি আঁকা বিভাগ, আমেৰিকা
জাৰ্মানী
কেনিয়া
কলম্বিয়া
হীব্ৰু ভাষাত বেথেল শব্দৰ অৰ্থ হৈছে “ঈশ্বৰৰ গৃহ।” (আদিপুস্তক ২৮:১৭, ১৯) ঘোষণা কৰা কাৰ্য্যৰ বাবে নিৰ্দ্দেশনা আৰু সহায় কৰিবলৈ, যিহোৱাৰ সাক্ষীসকলে পৃথিৱীজুৰি কিছুমান ঘৰ নিৰ্মাণ কৰিছে আৰু এই ঘৰবোৰক বেথেল বুলি কোৱা হয়। আমেৰিকাত থকা নিউয়ৰ্ক চহৰত প্ৰশাসন গোষ্ঠীৰ মুখ্য কাৰ্য্যালয় আছে আৰু তাৰপৰা বিভিন্ন দেশত থকা শাখা কাৰ্য্যালয়বোৰৰ তত্ত্বাৱধান লোৱা হয়। এই ঘৰবোৰত কাম কৰা সদস্যসকলক বেথেল পৰিয়াল বুলি কোৱা হয়। এটা পৰিয়ালৰ দৰে তেওঁলোকে একেলগে বাস কৰে আৰু কাম কৰে। ইয়াৰ উপৰিও তেওঁলোকে একেলগে খোৱা-বোৱা কৰে আৰু বাইবেলৰপৰা অধ্যয়ন কৰে।—গীতমালা ১৩৩:১.
বেথেলত কাম কৰা লোকসকলে আত্মত্যাগৰ ভাৱনা দেখুৱায়। প্ৰতিটো বেথেলত খ্ৰীষ্টান পুৰুষ আৰু মহিলাই পূৰ্ণসময় ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ সময় আৰু শক্তি ব্যৱহাৰ কৰে। (মথি ৬:৩৩) ইয়াত কাম কৰা লোকসকলক থাকিবলৈ এটা কোঠা আৰু খোৱা-বোৱা দিয়া হয়। ইয়াৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত খৰচৰ বাবে অলপ ধন দিয়া হয়। কিছুমান লোকে অফিচত, ৰান্ধনি ঘৰ বা কাপোৰ ধোৱা কাম কৰে। আন কিছুমানে ছপাশালত, কিতাপ বন্ধা বা মেৰামতি আদি কাম কৰে।
ঘোষণা কাৰ্য্যক সমৰ্থন কৰাৰ বাবে এক ব্যস্ত স্থান। প্ৰতিটো বেথেল ঘৰৰ উদ্দেশ্য হৈছে যিমান সম্ভৱ হয় সিমান লোকক বাইবেলৰ সত্যৰ বিষয়ে জনোৱা। এই ব্ৰচাৰখন তাৰেই এক উদাহৰণ। এই ব্ৰচাৰখন প্ৰশাসন গোষ্ঠীৰ তত্ত্বাৱধানত লিখা হৈছে। গোটেই পৃথিৱীজুৰি থকা শ শ অনুবাদ কৰা দলবোৰলৈ কম্পিউটাৰৰ মাধ্যমেৰে ইয়াৰ ফাইলবোৰ পঠোৱা হৈছে। বিভিন্ন বেথেল ঘৰবোৰত থকা ডাঙৰ ডাঙৰ ছপাশালবোৰত ছপা কৰি, ১,১০,০০০ তকৈ বেছি মণ্ডলীবোৰলৈ ইয়াক পঠোৱা হৈছে। এই সকলো কাৰ্য্যত বেথেল পৰিয়ালে সম্পূৰ্ণ সমৰ্থন কৰে। এইদৰে বেথেলৰ সকলো সদস্যই আটাইতকৈ প্ৰয়োজনীয় কাম অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ ঘোষণা কৰা কামত সহযোগ কৰে।—মাৰ্ক ১৩:১০.
বেথেল ঘৰবোৰত কোনে সেৱা কৰে আৰু তেওঁলোকক কেনেকৈ যত্ন লোৱা হয়?
বেথেল ঘৰত থকা প্ৰতিজন সদস্যই আটাইতকৈ কি প্ৰয়োজনীয় কামক সমৰ্থন কৰে?
-
-
শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২২
শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?
ছলʼমন দ্বীপপুঞ্জ
কানাডা
দক্ষিণ আফ্ৰিকা
বেথেল পৰিয়ালৰ সদস্যসকলে বিভিন্ন বিভাগত কাম কৰে। এখন বা তাতকৈ বেছি দেশবোৰত হৈ থকা ঘোষণা কৰা কাৰ্য্যবোৰৰ বাবে তেওঁলোকে সহায় কৰে। ইয়াৰে কিছুমান লোকে অনুবাদ বিভাগ, আলোচনী ছপা কৰা, কিতাপ বন্ধোৱা, প্ৰকাশন ৰখা ঠাই, অডিঅ’ আৰু ভিডিঅ’ বা অন্যান্য বিভাগবোৰত কাম কৰে।
এটা শাখা সমিতিয়ে তত্ত্বাৱধান লয়। প্ৰতিটো শাখা কাৰ্য্যালয়ৰ তত্ত্বাৱধান লʼবলৈ তিনিজন বা তাতকৈ বেছি প্ৰাচীনক শাখা সমিতি হিচাপে প্ৰশাসন গোষ্ঠীয়ে নিযুক্ত কৰে। শাখা সমিতিয়ে সেই দেশত হৈ থকা কাৰ্য্যবোৰ আৰু যদি কিবা সমস্যা থাকে, তাৰ বিষয়ে প্ৰশাসন গোষ্ঠীক নিয়মীয়াকৈ ৰিপৰ্ট দি থাকে। এই ৰিপৰ্টবোৰৰ আধাৰত প্ৰশাসন গোষ্ঠীয়ে নিৰ্ণয় লয় যে ভৱিষ্যতে ছপা কৰিবলগীয়া প্ৰকাশন, সভা, সন্মিলন আৰু অধিৱেশনবোৰত কেনেধৰণৰ বিষয় প্ৰকাশ কৰা উচিত। প্ৰশাসন গোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা সদস্যসকলে বিভিন্ন দেশত থকা শাখা কাৰ্য্যালয়বোৰত আহে আৰু শাখা সমিতিক বিভিন্ন বিষয়বোৰৰ ওপৰত পৰামৰ্শ দিয়ে। (হিতোপদেশ ১১:১৪) তেওঁলোকে সাক্ষাৎ কৰাৰ সময়ত এক বিশেষ সভাৰ আয়োজন কৰা হয়। তেওঁলোকে সেই সভাত এক উৎসাহজনক ভাষণ দিয়ে আৰু সেই দেশৰ ভাই-ভনীসকলে ইয়াৰপৰা লাভৱান হয়।
স্থানীয় মণ্ডলীবোৰক সহায় কৰে। নতুন মণ্ডলী স্থাপন কৰাৰ বিষয়টো শাখা কাৰ্য্যালয়ত দায়িত্বত থকা ভাইসকলে চোৱা-চিতা কৰে। ইয়াৰ উপৰিও, সেই দেশত থকা অগ্ৰগামী, মিছনাৰী আৰু চাৰ্কিট ওভাৰচিয়াৰসকলৰ দায়িত্ববোৰৰ তত্ত্বাৱধান লয়। সন্মিলন, অধিৱেশন, ৰাজ্যগৃহৰ নিৰ্মাণৰ কাম আৰু মণ্ডলীবিলাকে প্ৰকাশনবোৰ তেওঁলোকৰ প্ৰয়োজন অনুসৰি পাইছে নে নাই, তাৰ বিষয়েও তেওঁলোকে লক্ষ্য ৰাখে। শাখা কাৰ্য্যালয়ত যিয়ে কাম কৰা নহওঁক কিয়, এই সকলোবোৰ ঘোষণা কৰা কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ কৰা হয়।—১ কৰিন্থীয়া ১৪:৩৩, ৪০.
শাখা সমিতিয়ে কেনেকৈ প্ৰশাসন গোষ্ঠীক সহযোগ কৰে?
শাখা কাৰ্য্যালয়ত কি কি কামৰ তত্ত্বাৱধান লোৱা হয়?
-
-
আমাৰ প্ৰকাশনবোৰ লিখা আৰু অনুবাদ কেনেকৈ কৰা হয়?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২৩
আমাৰ প্ৰকাশনবোৰ লিখা আৰু অনুবাদ কেনেকৈ কৰা হয়?
লেখন বিভাগ, আমেৰিকা
দক্ষিণ কোৰিয়া
আৰ্মেনিয়া
বুৰুণ্ডী
শ্ৰীলংকা
পৃথিৱীৰ “সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত . . . শুভবাৰ্ত্তা” ঘোষণা কৰিবলৈ ৭৫০ তকৈ বেছি ভাষাত আমাৰ প্ৰকাশনবোৰ অনুবাদ কৰা হয়। (প্ৰকাশিত বাক্য ১৪:৬) এনে এক কঠিন কাম কেনেকৈ কৰা হয় বাৰু? গোটেই পৃথিৱীজুৰি থকা আমাৰ লেখকসকলে আৰু অনুবাদকসকলে এই কাৰ্য্য কৰিছে। তেওঁলোক সকলোৱে যিহোৱাৰ সাক্ষী।
মূল লেখবোৰ প্ৰথমতে ইংৰাজীত লিখা হয়। আমাৰ মুখ্য কাৰ্য্যালত থকা প্ৰশাসন গোষ্ঠীয়ে লেখন বিভাগৰ কাৰ্য্যবোৰৰ তত্ত্বাৱধান লয়। লেখন বিভাগে মুখ্য কাৰ্য্যালয় আৰু বিভিন্ন শাখা কাৰ্য্যালয়বোৰত থকা লিখকসকলক কামৰ দায়িত্ব দিয়ে। আমাৰ লেখকসকল বিভিন্ন দেশৰপৰা হোৱাৰ বাবে, আমি এনে বিষয়বোৰ লিখিবলৈ সমৰ্থ হৈছোঁ যিবোৰে সকলোৰে হৃদয় স্পৰ্শ কৰে।
মূল লেখবোৰ অনুবাদকসকলৰ ওচৰলৈ পঠোৱা হয়। মূল লেখবোৰ লিখাৰ পাছত, ইয়াক ভালদৰে পৰীক্ষা কৰি প্ৰয়োজনীয় পৰিৱৰ্ত্তন কৰা হয়। অনুমোদন পোৱাৰ পাছত, ইয়াক কম্পিউটাৰৰ সহায়ত পৃথিৱীজুৰি থকা অনুবাদকসকলৰ ওচৰলৈ পঠোৱা হয়। তেওঁলোকে মূল লেখবোৰ নিজৰ ভাষালৈ অনুবাদ কৰে। অনুবাদকসকলে “সত্য” বাক্য নিৰ্ব্বাচন কৰিবলৈ চেষ্টা কৰে, যাতে ইংৰাজী ভাষাত যি লিখা হৈছে তাক সঠিকভাৱে অনুবাদ কৰা হয়।—উপদেশক ১২:১০.
কম্পিউটাৰৰ সহায়ত এই কাম সহজ হয়। কম্পিউটাৰে এজন লেখক বা অনুবাদকৰ ঠাই লʼব নোৱাৰে। কিন্তু, কম্পিউটাৰৰ সহায়ত বহুতো কাম সহজ হৈ পৰে। উদাহৰণস্বৰূপে, কম্পিউটাৰত থকা শব্দকোষ, কিছুমান প্ৰগ্ৰেম আৰু অনুসন্ধান কৰিবলৈ বিষয়বোৰ থকাৰ বাবে অনুবাদৰ কাম খৰকৈ কৰিব পাৰে। যিহোৱাৰ সাক্ষীসকলে মাল্টীলেংগুইজ ইলেকট্ৰনিক পাব্লিছিং চিষ্টেম (MEPS) নামৰ প্ৰগ্ৰেম বনাইছে। ইয়াৰ সহায়ত তেওঁলোকে শ শ ভাষাত অনুবাদ কৰিবলৈ, ছবিবোৰ সঠিক ঠাইত যোগ কৰি ছপা কৰিবলৈ সক্ষম হৈছে।
কিছুমান ভাষাত মাত্ৰ কেইহাজাৰমান লোক থকাৰ সত্ত্বেও আমি কিয় সেই ভাষাত অনুবাদ বা ছপা কৰিবলৈ ইমান পৰিশ্ৰম কৰোঁ? কিয়নো যিহোৱা ঈশ্বৰৰ ইচ্ছা যে “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।”—১ তীমথিয় ২:৩, ৪.
আমাৰ প্ৰকাশনবোৰ লিখাত কি কি জড়িত আছে?
আমি কিয় বহুতো ভাষাত আমাৰ প্ৰকাশনবোৰ অনুবাদ কৰোঁ?
-
-
আমাৰ বিশ্বজুৰি হৈ থকা কাৰ্য্যবোৰৰ খৰচ কেনেকৈ বহন কৰা হয়?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২৪
আমাৰ বিশ্বজুৰি হৈ থকা কাৰ্য্যবোৰৰ খৰচ কেনেকৈ বহন কৰা হয়?
নেপাল
টোগো
ব্ৰিটেইন
প্ৰতি বছৰে আমাৰ সংগঠনে লাখ লাখ সংখ্যাত বাইবেল আৰু অন্যান্য প্ৰকাশনবোৰ কোনো টকা-পইচা নোলোৱাকৈ বিতৰণ কৰে। ৰাজ্যগৃহ আৰু শাখা কাৰ্য্যালয়বোৰ আমি নিৰ্মাণ আৰু মেৰামতি কৰোঁ। হাজাৰ হাজাৰ বেথেল সদস্য আৰু মিছনাৰীসকলৰ খৰচ বহন কৰোঁ। ইয়াৰ উপৰিও কিবা দুৰ্যোগ হʼলে আমি প্ৰয়োজনীয় সহায় আগবঢ়াওঁ। আপুনি হয়তো চিন্তা কৰিব পাৰে যে ‘এই সকলোবোৰৰ বাবে খৰচ কেনেকৈ বহন কৰা হয়?’
আমি দশমাংশ, মাননি বা চান্দা নিবিচাৰোঁ। যদিও ঘোষণা কৰা কাৰ্য্যৰ বাবে বহুতো টকা-পইচাৰ প্ৰয়োজন, কিন্তু আমি কেতিয়াও কাৰোৰেপৰা টকা-পইচা নিবিচাৰোঁ। প্ৰায় এশ বছৰৰ আগতে আমাৰ প্ৰহৰীবুৰুজ আলোচনীখনত বৰ্ণনা কৰা হৈছিল যে আমি বিশ্বাস কৰোঁ যে যিহোৱা ঈশ্বৰে আমাক সহায় কৰিছে আৰু “আমি কেতিয়াও মানুহৰ সহায়ৰ বাবে নোখোজো বা অনুৰোধ নকৰোঁ।” আমি এনে কৰাৰ কেতিয়াও প্ৰয়োজন হোৱা নাই।—মথি ১০:৮.
স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা আমাৰ কাৰ্য্যবোৰ চলে। আমাৰ বাইবেল আধাৰিত শিক্ষাবোৰৰ বাবে বহুতো লোকে মূল্যাঙ্কণ দেখুৱাই আৰু ইয়াৰ বাবে বৰঙণি দিয়ে। যিহোৱাৰ সাক্ষীসকলে আনন্দেৰে সময়, শক্তি, ধন-সম্পত্তি আৰু অন্যান্য বস্তুবোৰ এই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ দান দিয়ে। (১ বংশাৱলি ২৯:৯) ৰাজ্যগৃহ, সন্মিলন আৰু অধিৱেশনবোৰত বৰঙণিৰ বাকচবোৰ থাকে আৰু যিসকল লোকে স্ব-ইচ্ছাৰে বৰঙণি দিব বিচাৰে তেওঁলোকে তাত দিব পাৰে। নতুবা jw.org ৱেবছাইটৰ যোগেদি দান-বৰঙণি দিব পাৰে। যীচুয়ে বৰ্ণনা কৰা অনুসৰি যেনেকৈ যিৰূচালেম মন্দিৰত এগৰাকী দুখীয়া তিৰোতাই মন্দিৰৰ দান পাত্ৰত দুটা সৰু মুদ্ৰা দিছিল, ঠিক সেইদৰে বৰঙণিবোৰ সাধাৰণতে দুখীয়া লোকসকলৰপৰাহে আহে। (লূক ২১:১-৪) সেইবাবে যিকোনোৱে “সাঁচি” ৰাখি “নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ” বৰঙণি দিব পাৰে।—১ কৰিন্থীয়া ১৬:২; ২ কৰিন্থীয়া ৯:৭.
আমি নিশ্চিত যে যিসকল লোকে ঈশ্বৰৰ ৰাজ্যৰ কামৰ বাবে নিজৰ ‘সম্পত্তিৰে আদৰ’ কৰিবলৈ ইচ্ছা কৰে, তেনে লোকসকলৰ হৃদয় যিহোৱা ঈশ্বৰে প্ৰেৰিত কৰি থাকিব।—হিতোপদেশ ৩:৯.
অন্য ধৰ্মতকৈ আমাৰ সংগঠন কি অৰ্থত বেলেগ?
স্ব-ইচ্ছাৰে দিয়া বৰঙণিবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয়?
-
-
ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২৫
ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?
বলিভিয়া
নাইজেৰিয়া, আগত আৰু পাছত
তাহিটি
ৰাজ্যগৃহবোৰত ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত থকা বাইবেলৰ বিষয়বোৰ আলোচনা কৰা হয় আৰু যীচু খ্ৰীষ্টই ঘোষণা কৰাৰ এয়াই আছিল মুখ্য বিষয়।—লূক ৮:১.
সত্য উপাসনাৰ বাবে ৰাজ্যগৃহবোৰ হৈছে মুখ্য স্থান। এই স্থানৰপৰাই স্থানীয় এলাকাবোৰত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যৰ পৰিচালনা কৰা হয়। ৰাজ্যগৃহবোৰ বিভিন্ন আকাৰত তৈয়াৰ কৰা হয়। বহুতো ৰাজ্যগৃহত এটাতকৈ বেছি মণ্ডলীয়ে সভাৰ আয়োজন কৰে। প্ৰচাৰক আৰু মণ্ডলীৰ সংখ্যা বঢ়াৰ বাবে যোৱা কেইবছৰমানৰপৰা আমি বহুতো নতুন ৰাজ্যগৃহ (গড় হিচাপত প্ৰতিদিনে পাঁচটাকৈ) নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। ই কেনেকৈ সম্ভৱ বাৰু?—মথি ১৯:২৬.
ৰাজ্যগৃহ নিৰ্মাণৰ বাবে দিয়া বৰঙণিৰ দ্বাৰা ৰাজ্যগৃহবোৰ নিৰ্মাণ কৰা হয়। এই বৰঙণিবোৰ শাখা কাৰ্য্যালয়লৈ পঠাই দিয়া হয় আৰু শাখা কাৰ্য্যালয়ে যʼত নতুন ৰাজ্যগৃহ নিৰ্মাণ বা পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন, সেই ঠাইত দিয়ে।
দৰমহা নিদিয়া স্বেচ্ছাসেৱকসকলে এই কাৰ্য্য কৰে। পৃথিৱীৰ বহুতো দেশত ৰাজ্যগৃহ নিৰ্মাণ দল গঠন কৰা হৈছে। এই দলৰ সদস্য আৰু স্বেচ্ছাসেৱকসকলে নিজৰ দেশতেই এখন ঠাইৰপৰা আন এখন ঠাইলৈ গৈ স্থানীয় যিহোৱাৰ সাক্ষীসকলক তেওঁলোকৰ ৰাজ্যগৃহ নিৰ্মাণ কামৰ বাবে সহায় কৰে। আন কিছুমান দেশত, নতুন ৰাজ্যগৃহ নিৰ্মাণ বা পুনৰ নিৰ্মাণ কৰাৰ বাবে যোগ্য ভাইসকলক সেই দেশৰ বিভিন্ন স্থানক তত্ত্বাৱধান লবলৈ নিযুক্ত কৰে। নিৰ্মাণ কাৰ্য্যত অভিজ্ঞতা থকা এই ভাইসকলে বেলেগ বেলেগ ঠাইৰপৰা আহি সহায় কৰে যদিও স্থানিয় মণ্ডলীৰ বহুতো স্বেচ্ছাসেৱকে নিৰ্মাণ কাৰ্য্যত সহায় আগবঢ়াই। যʼতেই ৰাজ্যগৃহ নিৰ্মাণ হয়, তাতেই যিহোৱাৰ সাক্ষীসকলৰ স্বেচ্ছাসেৱকসকলে কঠোৰ পৰিশ্ৰম কৰে। যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু তেওঁৰ লোকসকলে সম্পূৰ্ণ হৃদয়েৰে কৰা প্ৰচেষ্টাৰ বাবে এই সকলোবোৰ সম্ভৱ হৈছে।—গীতমালা ১২৭:১; কলচীয়া ৩:২৪.
আমি উপাসনা কৰা ঠাইখনক কিয় ৰাজ্যগৃহ বুলি কোৱা হয়?
গোটেই পৃথিৱীজুৰি ৰাজ্যগৃহবোৰৰ নিৰ্মাণ কাৰ্য্য কেনেকৈ সম্ভৱ হৈছে?
-
-
আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২৬
আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?
এষ্টোনিয়া
জিম্বাবুৱে
মংগোলিয়া
পিৰুটৰিকো
যিহোৱাৰ সাক্ষীসকলৰ প্ৰতিটো ৰাজ্যগৃহই ঈশ্বৰৰ পবিত্ৰ নাম বহন কৰে। গতিকে এই গৃহক পৰিষ্কাৰ আৰু ভালদৰে ৰখা আমাৰ বাবে এক ডাঙৰ সুযোগ আৰু ই আমাৰ উপাসনাৰ এক ভাগ হয়। ৰাজ্যগৃহৰ পৰিষ্কাৰ কৰা কামত সকলোৱে ভাগ লʼব পাৰে।
সভাৰ পাছত পৰিষ্কাৰ কৰিবলৈ কিছুমান স্বেচ্ছাসেৱক। প্ৰতিখন সভাৰ পাছত কিছুমান ভাই-ভনীয়ে আনন্দেৰে ৰাজ্যগৃহটো পৰিষ্কাৰ কৰে। কিন্তু সপ্তাহত এবাৰ ৰাজ্যগৃহৰ চাৰিওফালে ভালদৰে পৰিষ্কাৰ কৰা হয়। এজন প্ৰাচীন বা পৰিচাৰকে এই কামবোৰৰ তত্ত্বাৱধান লয় আৰু তালিকা অনুসৰি কাৰ্য্যবোৰ কৰে। প্ৰয়োজনীয়তা অনুসৰি কিছুমান ভাই-ভনীয়ে জাৰু মাৰে, মজিয়াখন মচে, চকী-টেবুলবোৰ চফা কৰে, শৌচালয় পৰিষ্কাৰ কৰে, দুৱাৰ-খিৰিকীবোৰ চফা কৰে, জাবৰ-জোঁথৰবোৰ পেলাই আৰু ৰাজ্যগৃহৰ বাহিৰফালে ভালদৰে পৰিষ্কাৰ কৰে। বছৰত এবাৰকৈ গোটেই ৰাজ্যগৃহটো ভালদৰে পৰিষ্কাৰ কৰা হয়। আমাৰ সৰু সৰু লʼৰা-ছোৱালীবোৰক ৰাজ্যগৃহৰ পৰিষ্কাৰ কৰা কামত জড়িত কৰাৰ দ্বাৰা আমি তেওঁলোকক উপাসনা কৰা ঠাইৰ প্ৰতি সন্মান কৰিবলৈ শিকাওঁ।—উপদেশক ৫:১.
প্ৰয়োজনীয় মেৰামতি কৰিবলৈ কিছুমান স্বেচ্ছাসেৱক। প্ৰতি বছৰে ৰাজ্যগৃহৰ বাহিৰে-ভিতৰে ভালদৰে নিৰীক্ষণ কৰি আমি প্ৰয়োজনীয় মেৰামতি কৰোঁ। এইদৰে কৰি আমি অযথা টকা-পইচা ব্যয় কৰাৰপৰা বিৰত থাকোঁ। (২ বংশাৱলি ২৪:১৩; ৩৪:১০) এক পৰিষ্কাৰ আৰু ভাল ৰাজ্যগৃহত আমাৰ ঈশ্বৰক উপাসনা কৰা উচিত। ৰাজ্যগৃহৰ পৰিষ্কাৰ কৰা কামত ভাগ লোৱাৰ যোগেদি আমি দেখুৱাওঁ যে আমাৰ ঈশ্বৰ যিহোৱা আৰু আমাৰ উপাসনা কৰা ঠাইক আমি কিমান ভাল পাওঁ। (গীতমালা ১২২:১) ৰাজ্যগৃহটো পৰিষ্কাৰ থকাৰ বাবে ওচৰ-চুবুৰীয়াৰ মনটো এক ভাল চাপ পৰে।—২ কৰিন্থীয়া ৬:৩.
আমি উপাসনা কৰা ঠাইক কিয় আওকাণ কৰা উচিত নহয়?
ৰাজ্যগৃহটো পৰিষ্কাৰ কৰি ৰাখিবলৈ কি ব্যৱস্থা কৰা হৈছে?
-
-
ৰাজ্যগৃহত থকা লাইব্ৰেৰীৰপৰা আমি কেনেকৈ লাভৱান হওঁ?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২৭
ৰাজ্যগৃহত থকা লাইব্ৰেৰীৰপৰা আমি কেনেকৈ লাভৱান হওঁ?
ইজৰাইল
চেক প্ৰজাতন্ত্ৰৰ
বেনিন
কেমন দ্বীপপুঞ্জ
বাইবেলৰ জ্ঞান বৃদ্ধি কৰিবলৈ আপুনি অলপ অনুসন্ধান কৰিব বিচাৰেনে? বাইবেলত উল্লেখ থকা বিশেষ এটা পদ বা ব্যক্তি, ঠাই বা কিছুমান বিষয় আপুনি জানিব বিচাৰেনে? বা আপোনাৰ সমস্যাবোৰ বাইবেলে সমাধান কৰিবলৈ সহায় কৰিব পাৰে নে নোৱাৰে, তাৰ বিষয়ে আপুনি কেতিয়াবা চিন্তা কৰিছেনে? এই বিষয়বোৰ জানিবলৈ আপুনি ৰাজ্যগৃহত থকা লাইব্ৰেৰী ব্যৱহাৰ কৰা উচিত।
ইয়াত বিভিন্ন বিষয়বোৰ অনুসন্ধান কৰিবলৈ কিতাপ-পত্ৰ আছে। আপোনাৰ ভাষাত হয়তো যিহোৱাৰ সাক্ষীসকলৰ সকলো প্ৰকাশন নাথাকিব পাৰে। কিন্তু ৰাজ্যগৃহৰ লাইব্ৰেৰীত বৰ্তমান সময়ত প্ৰকাশিত সকলো প্ৰকাশন থাকিব। ইয়াত হয়তো বাইবেলৰ বিভিন্ন অনুবাদ, শব্দকোষ আৰু অন্যান্য ভাল ভাল কিতাপ থাকিব পাৰে। সভাৰ আগত বা পাছত আপুনি এই লাইব্ৰেৰী বিনামূল্যে ব্যৱহাৰ কৰিব পাৰে। যদি ৰাজ্যগৃহত এটা কম্পিউটাৰ আছে, তেনেহʼলে তাত ৱাচটাৱাৰ লাইব্ৰেৰী থাকিব। এই প্ৰগ্ৰেমত আমাৰ বহুতো প্ৰকাশন আছে আৰু ইয়াৰ সহায়ত আপুনি সহজতে এটা বিষয়, শব্দ বা এটা শাস্ত্ৰৰ পদৰ ওপৰত অনুসন্ধান কৰিব পাৰিব।
জীৱন আৰু পৰিচৰ্য্যা সভাৰ ছাত্ৰসকলৰ বাবে উপযোগী। আপুনি নিজৰ ভাগ ভালদৰে তৈয়াৰ কৰিবলৈ ৰাজ্যগৃহৰ লাইব্ৰেৰী ব্যৱহাৰ কৰিব পাৰে। জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষই এই লাইব্ৰেৰীখন চোৱা-চিতা কৰে। নতুন নতুন প্ৰকাশনবোৰ যাতে এই লাইব্ৰেৰীত থাকে আৰু এইবোৰ পৰিপাটিকৈ ৰখা হয়, তাৰ বাবে তেওঁ ধ্যান দিয়ে। আপোনাক যিজনে বাইবেলৰপৰা অধ্যয়ন কৰিছে বা জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষই, এই লাইব্ৰেৰীৰ সহায়ত আপোনাক অনুসন্ধান কৰিবলৈ সহায় কৰিব পাৰে। কিন্তু মনত ৰখা উচিত যে কোনো কিতাপ যাতে ৰাজ্যগৃহৰপৰা লৈ যোৱা নহয়। নিঃসন্দেহ, আমি এই কিতাপবোৰ ভালদৰে ব্যৱহাৰ কৰিম আৰু তাত কোনো দাগ নিদিম।
বাইবেলে আমাক বৰ্ণনা কৰিছে যে “ঈশ্বৰবিষয়ক জ্ঞান” পাবলৈ আমি “গুপ্ত ধনৰ” দৰে অনুসন্ধান কৰা উচিত। (হিতোপদেশ ২:১-৫) ৰাজ্যগৃহত থকা লাইব্ৰেৰীয়ে আপোনাক অনুসন্ধান কৰিবলৈ সহায় কৰিব।
ৰাজ্যগৃহত থকা লাইব্ৰেৰীত অনুসন্ধান কৰিবলৈ কি ব্যৱস্থা আছে?
লাইব্ৰেৰীখন ভালদৰে ব্যৱহাৰ কৰিবলৈ আপোনাক কোনে সহায় কৰিব পাৰে?
-
-
আমাৰ ৱেবছাইটত কি কি আছে?বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
-
-
পাঠ ২৮
আমাৰ ৱেবছাইটত কি কি আছে?
ফ্ৰান্স
পোলেণ্ড
ৰাছিয়া
যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক কৈছিল: “এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।” (মথি ৫:১৬) বৰ্তমান সময়ত, আমি আধুনিক প্ৰযুক্তিবোৰ ভালদৰে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ ভিতৰত এটা হৈছে ইণ্টাৰনেট। আমাৰ অফিচিয়েল ৱেবছাইটতো হৈছে jw.org আৰু ইয়াত যিহোৱাৰ সাক্ষীসকলৰ বিশ্বাস আৰু কাৰ্য্যবোৰৰ বিষয়ে বৰ্ণনা আছে। এই ৱেবছাইটত আপুনি কি কি দেখিবলৈ পাব?
প্ৰশ্নবোৰৰ উত্তৰ বাইবেলৰপৰা দিয়া হয়। সাধাৰণতে লোকসকলে সোধা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপুনি বিচাৰি পাব। উদাহৰণস্বৰূপে, দুখ-কষ্টৰ অন্ত হʼবনে? আৰু মৃত লোকসকল পুনৰ জীৱিত হʼবনে? এই ট্ৰেক্ট কেইখন ৬০০ তকৈ বেছি ভাষাত অনলাইনত উপলব্ধ আছে। এই ৱেবছাইটত ১৩০ তকৈ বেছি ভাষাত নতুন পৃথিৱী অনুবাদ নামৰ বাইবেলখন উপলদ্ধ আছে। ইয়াৰ উপৰিও, বাইবেল অধ্যয়নৰ বাবে বহুতো কিতাপ আৰু আলোচনী পোৱা যায়। উদাহৰণস্বৰূপে, বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপ, প্ৰহৰীবুৰুজ আৰু সচেতন থাকক! নামৰ আলোচনী আদি আপুনি বিচাৰি পাব। ইয়াৰে বহুতো প্ৰকাশন অনলাইনত পঢ়িব বা শুনিব পাৰে বা MP3, PDF বা EPUB ফৰমেট্ত ডাউনলʼড কৰিব পাৰে। আনকি আপুনি কোনো আগ্ৰহী ব্যক্তিক তেওঁ জনা ভাষাত কিছু আলোচনী প্ৰিন্ট কৰি দিব পাৰে। বিভিন্ন সংকেতিক ভাষাত আমাৰ বহুতো ভিডিঅ’ আছে। নাটকৰ আকাৰত বাইবেল পঢ়া, বাইবেলৰ আধাৰত নাটক আৰু বহুতো সঙ্গীত এই ৱেবছাইটৰপৰা ডাউনলʼড কৰিব পাৰে।
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সত্য খবৰ। পৃথিৱীজুৰি হৈ থকা আমাৰ কাৰ্য্যবোৰৰ ভিডিঅ’ আৰু যিহোৱাৰ সাক্ষীসকলৰ লগত জড়িত ঘটনা, আমি কৰা উদ্ধাৰৰ কাৰ্য্য আৰু শেহতীয়া খবৰবোৰ এই ৱেবছাইটৰ যোগেদি প্ৰকাশ কৰা হয়। হʼবলগীয়া অধিৱেশন আৰু বিভিন্ন দেশৰ শাখা কাৰ্য্যালয়বোৰৰ যোগাযোগৰ ঠিকনা থাকে।
এই মাধ্যমৰ যোগেদি আমি সত্যৰ বিষয়ে পৃথিৱীৰ চুকে-কোনে জনাবলৈ সক্ষম হৈছোঁ। সকলো মহাদেশৰ লগতে এণ্টাৰ্কটিকাৰ লোকসকলেও এই ৱেবছাইটৰপৰা লাভৱান হৈছে। আমি প্ৰাৰ্থনা কৰোঁ যে ঈশ্বৰৰ বাক্য ‘দ্ৰুতগতিৰে’ তেওঁৰ মহিমাৰ বাবে পৃথিৱীৰ চাৰিওফালে বিয়পি পৰক।—২ থিচলনীকীয়া ৩:১.
কেনেকৈ jw.org ৱেবছাইটে লোকসকলক বাইবেলৰ সত্য শিকিবলৈ সহায় কৰিছে?
আমাৰ ৱেবছাইটত আপুনি কি বিচাৰিবলৈ ইচ্ছা কৰে?
-