ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ১২ পৃষ্ঠা ২৬-২৭
  • এজন সাহসী ডেকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজন সাহসী ডেকা
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • সাহসী হওক—যিহোৱা আপোনাৰ সহায়কৰ্তা
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • এজন সাহসী পুৰুষ
    বাইবেলৰ কাহিনী
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ১২ পৃষ্ঠা ২৬-২৭
পৌলৰ ভাগিনজনে সেনাধ্যক্ষজনৰ লগত কথা পাতিছ

১২

এজন সাহসী ডেকা

আহাঁ, আমি এজন ডেকা লʼৰাৰ বিষয়ে শিকোঁ যিয়ে নিজৰ মোমাইয়েকৰ জীৱন ৰক্ষা কৰিছিল। মোমাইয়েকজন হৈছে পাঁচনি পৌল। আমি সেই ডেকাজনৰ নাম নাজানোঁ, কিন্তু তেওঁ যে সাহসী আছিল সেয়া আমি জানোঁ। তেওঁ সাহসেৰে কি কাম কৰিছিল, তুমি জানিব বিচাৰানে?—

পৌল যিৰূচালেমত বন্দী হৈ আছিল। যীচুৰ বিষয়ে ঘোষণা কাৰ্য্য কৰাৰ বাবে তেওঁক বন্দী কৰা হৈছিল। কিছুমান দুষ্টলোকে পৌলক ঘৃণা কৰিছিল আৰু সেইবাবে তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। তেওঁলোকে কৈছিল: ‘আহাঁ, আমি পৌলক মহাসভাত উপস্থিত কৰাবলৈ সেনাধ্যক্ষক কওঁ। মহাসভালৈ পৌলক লৈ যোৱাৰ সময়ত, আমি বাটৰ কাষত লুকাই থাকি তাক হত্যা কৰিম।’

বন্দীশালত থকা পৌলে ভাগিনজনৰ কথা শুনিছ

পৌলৰ ভাগিনজনে পৌল আৰু সেনাধ্যক্ষজনক ষড়যন্ত্ৰৰ বিষয়ে কৈছিল

পৌলৰ ভাগিনজনে এই ষড়যন্ত্ৰৰ বিষয়ে শুনিবলৈ পালে। তেওঁ এতিয়া কি কৰিব? তেওঁ শুনাৰ লগে লগে বন্দীশাললৈ গʼল আৰু পৌলক সকলো কথা কʼলে। পৌলে তেওঁক এই ষড়যন্ত্ৰৰ বিষয়ে সেনাধ্যক্ষক জনাবলৈ কʼলে। তুমি কি ভাবা, এই বিষয়ে পৌলৰ ভাগিনজনে সেনাধ্যক্ষক জনোৱাটো সহজ আছিলনে?— ই সহজ নাছিল। কিয়নো তেওঁ এটা বিশাল সৈন্য-বাহিনীৰ অধ্যক্ষ আছিল। কিন্তু পৌলৰ ভাগিনজন সাহসী আছিল আৰু তেওঁ সেনাধ্যক্ষজনৰ আগত সকলো কথা বৰ্ণনা কৰিলে।

এই বিষয়ে কি কৰিব লাগে সেনাধ্যক্ষজনে ভালদৰে জানে। তেওঁ পৌলক সুৰক্ষা দিবলৈ প্ৰায় ৫০০ জন সৈনিকৰ ব্যৱস্থা কৰিলে। সেই নিশা কৈচৰিয়া নামৰ ঠাইখনলৈ পৌলক লৈ যাবলৈ সেনাধ্যক্ষজনে সৈনিকসকলক আদেশ দিলে। পৌলৰ জীৱন ৰক্ষা পৰিলনে?— হয়, ৰক্ষা পৰিল। দুষ্ট লোকসকলে তেওঁক হত্যা কৰিব নোৱাৰিলে। তেওঁলোকৰ ষড়যন্ত্ৰ বিফল হʼল।

এই কাহিনীৰপৰা তুমি কি শিকিলা?— তুমিও পৌলৰ ভাগিনজনৰ দৰে সাহসী হʼব পাৰিবা। আমি যিহোৱা ঈশ্বৰৰ বিষয়ে আনক সাহসেৰে জনোৱা উচিত। তুমিও সাহসেৰে যিহোৱা ঈশ্বৰৰ বিষয়ে আনক জনাবানে?— যদি এইদৰে কৰা, তেনেহʼলে তুমিও কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰিবা।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • পাঁচনিৰ কৰ্ম্ম ২৩:১২-২৪

  • মথি ২৪:১৪; ২৮:১৮-২০

  • ১ তীমথিয় ৪:১৬

প্ৰশ্ন:

  • কিছুমান দুষ্টলোকে পৌলক কি কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল?

  • পৌলৰ ভাগিনজনে কি কৰিলে? সেয়া কিয় সাহসীকতাৰ কাম আছিল?

  • তুমি কেনেকৈ পৌলৰ ভাগিনজনৰ দৰে সাহসী হʼব পাৰিবা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক