ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • মৃত্যুৰ পাছত আমাৰ কি হয়?
    বাইবেলে আমাক কি শিকায়?
    • ছয় অধ্যায়

      মৃত্যুৰ পাছত আমাৰ কি হয়?

      ১-৩. (ক) মৃত্যুৰ বিষয়ে লোকসকলে কি কি প্ৰশ্ন কৰে? (খ) কিছুমান ধৰ্মই এই প্ৰশ্নবোৰৰ উত্তৰ কেনেধৰণে দিয়ে?

      বাইবেলে এনে এক সময়ৰ বিষয়ে উল্লেখ কৰিছে, যেতিয়া মৃত্যু আৰু নহ’ব। (প্ৰকাশিত বাক্য ২১:৪) এয়া কেনেকৈ সম্ভৱ? আমি ৫ অধ্যায়ত শিকিছিলোঁ যে মুক্তিপণৰ যোগেদি আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ। তথাপিও আজি লোকসকলৰ মৃত্যু হয়। (উপদেশক ৯:৫) গতিকে, এটা প্ৰশ্ন আমাৰ মনলৈ প্ৰায়ে আহে যে মৃত্যুৰ পাছত আমাৰ কি হয়?

      ২ যেতিয়া আমাৰ আপোনজনৰ মৃত্যু হয়, তেতিয়া এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ বাবে আৰু প্ৰয়োজন হৈ পৰে। হয়তো আমি ভাবিব পাৰোঁ যে তেওঁলোক ক’লৈ গ’ল? তেওঁলোকে আমাক ক’ৰবাৰপৰা চাই আছে নেকি? তেওঁলোকে আমাক সহায় কৰিব পাৰেনে? তেওঁলোকক আমি কেতিয়াবা দেখিবলৈ পামনে?

      ৩ সকলো ধৰ্মই এই প্ৰশ্নবোৰৰ উত্তৰ বেলেগ বেলেগ ধৰণে দিয়ে। কিছুমানে কয় যে ভাল কাম কৰা লোকসকলে স্বৰ্গলৈ আৰু বেয়া কাম কৰা লোকসকলে নৰকলৈ যায়। আন কিছুমানে কয় যে মৃত্যুৰ পাছত, এজন ব্যক্তি আত্মা হৈ তেওঁৰ মৃত প্ৰিয়জনৰ ওচৰলৈ গুচি যায়। আন কিছুমানে বিশ্বাস কৰে যে মৃত্যুৰ পাছত লোকসকলৰ পুনৰ জন্ম হয় আৰু তেওঁলোকে কেতিয়াবা মানুহ অথবা কিবা জীৱ-জন্তুৰূপে জন্ম লয়।

      ৪. মৃত্যুৰ বিষয়ে সকলো ধৰ্মৰ শিক্ষাৰ মাজত কি মিল থকা দেখিবলৈ পোৱা যায়?

      ৪ সকলো ধৰ্মই মৃত্যুৰ বিষয়ে বেলেগ বেলেগ ধৰণে শিক্ষা দিয়ে। যদি আপুনি তেওঁলোকৰ শিক্ষাৰ প্ৰতি মন কৰে, তেনেহ’লে আপুনি জানিব পাৰিব যে তেওঁলোকৰ শিক্ষাৰ মাজত এটা কথা মিল আছে। সেয়া হৈছে এজন ব্যক্তিৰ মৃত্যুত, তাৰ শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মা জীয়াই থাকে। এয়া সত্যনে?

      মৃত্যুৰ পাছত কি হয়?

      ৫, ৬. মৃত্যুৰ পাছত কি হয়, ইয়াৰ বিষয়ে বাইবেলে কি শিকায়?

      ৫ এজন ব্যক্তিৰ মৃত্যুৰ পাছত কি হয়, তাক যিহোৱাই জানে। তেওঁ বাইবেলৰ যোগেদি আমাক কৈছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁৰ সকলো শেষ হৈ যায়। মৃতসকলৰ কোনো ধৰণৰ আত্মা নাথাকে।a তেওঁলোকৰ চিন্তাধাৰা আৰু স্মৃতি শক্তি সকলো নষ্ট হয়। মৃতসকলে দেখা নাপায়, শুনি নাপায় আৰু একো চিন্তা কৰিব নোৱাৰে।

      ৬ প্ৰাচীন সময়ত ৰজা চলোমনে এইদৰে লিখিছিল: “মৃত লোকবিলাকে একোকেই নাজানে।” মৃত লোকসকলে কাকো প্ৰেম কৰিব নোৱাৰে বা ঘৃণাও কৰিব নোৱাৰে। কবৰত “কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।” (উপদেশক ৯:৫, ৬, ১০ পঢ়ক।) গীতমালা ১৪৬:৪ পদত উল্লেখ আছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া “তাৰ সঙ্কল্পবোৰ নষ্ট হয়।”

      মৃত্যুৰ বিষয়ে যীচুৱে কি কৈছিল

      এজন স্বামী আৰু পত্নীয়ে বাগিচাত বহি ফুলৰ প্ৰশংসা কৰি আছে

      যিহোৱাই সদায় দিনৰ বাবে জীয়াই থাকিবলৈ মানুহক সৃষ্টি কৰিলে

      ৭. মৃত্যুৰ বিষয়ে যীচুৱে কি কৈছিল?

      ৭ যীচুৰ এজন বন্ধু আছিল লাজাৰ। লাজাৰৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে।” ইয়াক শুনি তেওঁৰ শিষ্যসকলে ভাবিলে যে যীচুৱে সঁচাকৈ টোপনি যোৱাৰ কথা কৈছে। সেইবাবে, যীচুৱে তেওঁলোকক স্পষ্টকৈ কৈছিল: “লাজাৰ মৰিল।” (যোহন ১১:১১-১৪) ইয়াত যীচুৱে মৃত্যুক টোপনিৰ লগত তুলনা কৰিছে। তেওঁ এইদৰে কোৱা নাছিল যে লাজাৰ স্বৰ্গলৈ গৈছিল অথবা তেওঁ মৃত্যু হোৱা নিজৰ আপোনাজনাৰ লগত আছিল। লাজাৰ নৰকত যাতনা ভুগি আছিল বা তেওঁ পুনৰ জন্ম হৈছে বুলিও যীচুৱে কোৱা নাছিল। ইয়াৰ উপৰিও, যীচুৱে কৈছিল যে লাজাৰ গভীৰ টোপনিত আছে। বাইবেলৰ আন পদতো মৃত্যুক টোপনিৰ লগত তুলনা কৰিছে। বাইবেলত উল্লেখ আছে যে যেতিয়া যীচুৰ এজন শিষ্য স্তিফানক হত্যা কৰা হৈছিল, তেতিয়া “তেওঁ মহা-নিদ্ৰা গল।” (পাঁচনিৰ কৰ্ম্ম ৭:৬০) পাঁচনি পৌলে মৃত্যু হোৱা শিষ্যসকলৰ বিষয়ে এইদৰে কৈছিল, তেওঁলোক “নিদ্ৰিত হল।”—১ কৰিন্থীয়া ১৫:৬.

      ৮. আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱা ঈশ্বৰে মানুহক মৃত্যু হ’বলৈ সৃষ্টি কৰা নাছিল?

      ৮ যিহোৱা ঈশ্বৰে আদম আৰু হৱাক বৃদ্ধ হৈ মৃত্যু হোৱাৰ বাবে সৃষ্টি কৰিছিলনে? নহয়! যিহোৱা ঈশ্বৰে তেওঁলোকক সদায় জীয়াই থাকিবলৈ সৃষ্টি কৰিছিল আৰু তেওঁলোকক সুস্থ শৰীৰ দিছিল। কেৱল এয়াই নহয়, তেওঁলোকৰ হৃদয়ত অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছা দিছিল। (উপদেশক ৩:১১) কোনো পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালী বৃদ্ধ হৈ মৃত্যু হোৱাটো কেতিয়াও নিবিচাৰে। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰেও আমাৰ লগত এনে হোৱাটো কেতিয়াও নিবিচাৰে। যদি ঈশ্বৰে আমাক অনন্ত জীৱন জীয়াই থাকিবলৈ সৃষ্টি কৰিছে, তেন্তে আমি কিয় মৃত্যু হওঁ?

      আমাৰ কিয় মৃত্যু হয়

      ৯. (ক) যিহোৱাৰ আজ্ঞা পালন কৰাটো আদম আৰু হৱাৰ বাবে কিয় কঠিন নাছিল? (খ) যিহোৱাৰ আজ্ঞা পালন কৰি তেওঁলোকে কি দেখুৱাব পাৰিলেহেঁতেন?

      ৯ এদন বাগিচাত যিহোৱা ঈশ্বৰে আদমক আজ্ঞা দিছিল যে “তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা; কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।” (আদিপুস্তক ২:৯, ১৬, ১৭) এই আজ্ঞা পালন কৰিবলৈ আদম আৰু হৱাৰ বাবে কোনো কঠিন নাছিল। আদম আৰু হৱাৰ ভাল আৰু বেয়াৰ বিষয়ে নিৰ্ণয় লোৱাৰ অধিকাৰ যিহোৱাৰ আছিল। যিহোৱাৰ আজ্ঞা পালন কৰাৰ যোগেদি তেওঁলোকে যিহোৱাৰ অধিকাৰৰ প্ৰতি সন্মান দেখুৱাব পাৰিলেহেঁতেন। ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰে তেওঁলোকক যি দিছে, তাৰ প্ৰতি তেওঁলোকে কৃতজ্ঞতা দেখুৱাব পাৰিলেহেঁতেন।

      ১০, ১১. (ক) চয়তানে আদম আৰু হৱাক কেনেকৈ ফুচুলালে? (খ) আদম আৰু হৱাৰ পাপৰ কিয় ক্ষমা নাছিল?

      ১০ কিন্তু দুখৰ বিষয় যে আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন নকৰিলে। চয়তানে হৱাক কৈছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কলে নে?” হৱাই কৈছিল: “বাৰীৰ গছ বোৰৰ ফল আমি খাব পাৰোঁ; কিন্তু বাৰীৰ মাজত থকা যি গছ জোপা আছে তাৰ ফল হলে, ঈশ্বৰে কৈছে, তোমালোকে তাক নেখাবাও, নুচুবাও; তাকে কৰিলেই মৰিবা।”—আদিপুস্তক ৩:১-৩.

      ১১ তেতিয়া চয়তানে কৈছিল: “দৰাচলতে তোমালোকে নমৰা; কিয়নো, যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে।” (আদিপুস্তক ৩:৪-৬) হৱাৰ বাবে কি ভাল আৰু কি বেয়া, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ অধিকাৰ কেৱল তাইৰ আছে বুলি চিন্তা কৰিবলৈ চয়তানে বাধ্য কৰাইছিল। চয়তানে মিছা কথা কৈছিল যে যদি তাই যিহোৱাৰ আজ্ঞা পালন নকৰে, তেন্তে তাই নমৰিব। সেইবাবে, হৱাই সেই ফলটো খালে আৰু নিজৰ স্বামীকো খাবলৈ দিলে। আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা ভালদৰে জানিছিল আৰু এয়াও জানিছিল যে এই আজ্ঞা পালন কৰিবলৈ কঠিন নাছিল। তথাপিও তেওঁলোকে জানি-শুনি ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু সেই গছৰ ফল খালে। এইদৰে তেওঁলোকে দেখুৱালে যে স্বৰ্গত থকা মৰমিয়াল পিতৃৰ প্ৰতি কোনো সন্মান বা আদৰ নাই। গতিকে, তেওঁলোকে যি কৰিলে, তাৰ বাবে কোনো ক্ষমা নাছিল।

      ১২. আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন নকৰাটো কিয় এক দুখৰ বিষয় আছিল?

      ১২ দুখৰ বিষয় যে আমাৰ প্ৰথম পিতৃ-মাতৃয়ে নিজৰ সৃষ্টিকৰ্তাৰ অপমান কৰিলে। কল্পনা কৰক যে আপোনাৰ সন্তানক আপুনি কোনো বস্তুৰ অভাৱ নোহোৱাকৈ ডাঙৰ-দীঘল কৰিছে। যদি সেই সন্তানজনে আপোনাৰ বিৰোধ হৈ যায় আৰু আপোনাৰ কথা নামানে, তেনেহ’লে আপোনাক কেনে লাগিব? আপোনাক দুখ নালাগিবনে?

      সৃষ্টিৰ সময়ত আদম

      আদমক ধূলিৰপৰা সৃষ্টি কৰা হৈছিল আৰু সি পুনৰ ধূলিলৈ উলটি গ’ল

      ১৩. যিহোৱাই কৈছিল: ‘তুমি পুনৰায় ধূলিলৈকে উলটি যাবা,’ ইয়াৰ অৰ্থ কি আছিল?

      ১৩ আজ্ঞা পালন নকৰাৰ বাবে আদম আৰু হৱাই অনন্ত জীৱন হেৰুৱালে। যিহোৱাই আদমক কৈছিল: “তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯ পঢ়ক।) ইয়াৰ অৰ্থ হৈছে আদমক ধূলিৰপৰা সৃষ্টি কৰা হৈছিল। সেইবাবে, মৃত্যু হোৱাৰ পাছত, তেওঁ পুনৰ ধূলিলৈ উলটি গ’ল। (আদিপুস্তক ২:৭) যিদৰে আদমক সৃষ্টি কৰাৰ আগতে তেওঁৰ কোনো অস্তিত্ব নাছিল, ঠিক সেইদৰে মৃত্যুৰ পাছতো তেওঁৰ কোনো অস্তিত্ব নাথাকিল।

      ১৪. আমাৰ কিয় মৃত্যু হয়?

      ১৪ যদি আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন কৰিলেহেঁতেন, তেনেহ’লে তেওঁলোক আজিও জীৱিত থাকিলেহেঁতেন। কিন্তু তেওঁলোকে আজ্ঞা পালন নকৰি পাপ কৰিলে আৰু পাছত তেওঁলোকৰ মৃত্যু হ’ল। যেনেকৈ ভয়ানক বেমাৰ মা-দেউতাৰপৰা নিজৰ ল’ৰা-ছোৱালীলৈ বিয়পি যায়, ঠিক সেইদৰে আমাৰ প্ৰথম পিতৃ-মাতৃৰপৰা পাপ গোটেই মানৱজাতিলৈ বিয়পি পৰিছে। সেইবাবে, আমি সকলোৱে পাপত জন্ম হওঁ আৰু আমাৰ মৃত্যু হয়। (ৰোমীয়া ৫:১২) কিন্তু এয়া ঈশ্বৰৰ উদ্দেশ্য নাছিল। আমি মৃত্যু হোৱাটো তেওঁ কেতিয়াও বিচৰা নাছিল। সেইবাবে, বাইবেলত মৃত্যুক “শত্ৰু” বুলি কোৱা হৈছে।—১ কৰিন্থীয়া ১৫:২৬.

      সত্যতাই আমাক মুক্ত কৰে

      ১৫. মৃত্যুৰ বিষয়ে সত্যতাই কেনেকৈ আমাক মুক্ত কৰে?

      ১৫ মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমি বহুতো ভুল চিন্তাধাৰাৰপৰা দূৰে থাকিব পাৰিম। বাইবেলে শিকায় যে মৃত লোকসকলে কোনো ধৰণৰ দুখ বা যাতনা ভুগি থকা নাই। আমি তেওঁলোকৰ লগত কথা পাতিব নোৱাৰোঁ আৰু তেওঁলোকেও আমাৰ লগত কথা পাতিব নোৱাৰে। আমি তেওঁলোকক কোনো ধৰণৰ সহায় কৰিব নোৱাৰোঁ আৰু তেওঁলোকেও আমাক সহায় কৰিব নোৱাৰে। তেওঁলোকে আমাৰ কোনো হানি কৰিব নোৱাৰে। গতিকে, আমি তেওঁলোকক ভয় কৰাৰ প্ৰয়োজন নাই। কিন্তু বহুতো ধৰ্মই শিকায় যে মানুহৰ মৃত্যুৰ পাছতো আত্মা জীয়াই থাকে আৰু ধৰ্ম গুৰুবিলাকক টকা-পইচা দিয়াৰ যোগেদি আমি মৃত লোকসকলক সহায় কৰিব পাৰোঁ। কিন্তু, আমি মৃত্যুৰ বিষয়ে সত্যতা জনাৰ পাছত, এনেধৰণৰ মিছা শিক্ষাৰ ফান্দৰপৰা আঁতৰি থাকিব পাৰিম।

      ১৬. মৃত্যুৰ বিষয়ে বহুতো ধৰ্মই কি শিকায়?

      ১৬ চয়তানে মিছা ধৰ্মৰ যোগেদি আমাক মিছা কথা কয় আৰু আমাক বিশ্বাস জন্মাব বিচাৰে যে মানুহৰ মৃত্যুৰ পাছতো আত্মা জীয়াই থাকে। উদাহৰণস্বৰূপে, কিছুমান ধৰ্মই শিকায় যে আমি যেতিয়া মৃত্যু হওঁ, তেতিয়া আমাৰ এটা অংশ কোনোবা প্ৰকাৰে ক’ৰবাত জীয়াই থাকে। আপোনাৰ ধৰ্মই এইদৰে শিকায়নে? অথবা বাইবেলে যি শিকায় সেয়া আপোনাৰ ধৰ্মই শিকায়নে? চয়তানে এনেধৰণৰ মিছা শিক্ষা ব্যৱহাৰ কৰাৰ যোগেদি যিহোৱা ঈশ্বৰৰপৰা লোকসকলক আঁতৰ কৰিব বিচাৰে।

      ১৭. নৰকৰ শিক্ষাই কেনেকৈ যিহোৱা ঈশ্বৰক অপমান কৰে?

      ১৭ কিছুমান ধৰ্মই মৃত্যুৰ বিষয়ে যি শিকায় সেয়া সঁচাকৈ আচৰিত কথা। উদাহৰণস্বৰূপে, কিছুমানে শিকায় যে দুষ্ট লোকসকলক নৰকৰ জুইত সদায় দিনৰ বাবে যাতনা দিয়া হ’ব। এনে মিছা শিক্ষাই যিহোৱা ঈশ্বৰক অপমান কৰে। ঈশ্বৰে কেতিয়াও এনেধৰণৰ যাতনা ভুগিবলৈ লোকসকলক অনুমিত নিদিয়ে। (১ যোহন ৪:৮ পঢ়ক।) যদি কোনো এজন ব্যক্তিয়ে নিজৰ সন্তানক শাস্তি দিবলৈ তাৰ হাতখন জুইত পুৰি দিয়ে, তেতিয়া এনে দেখি আপোনাক কেনে লাগিব? আপুনি ভাবিব পাৰে যে সেই ব্যক্তিজন বহুত নিষ্ঠুৰ হয়! আপুনি তেওঁৰ লগত কেতিয়াও বন্ধুত্ব কৰিব নিবিচাৰে। ঠিক এইদৰে, যিহোৱা ঈশ্বৰৰ লগত আমি বন্ধুত্ব কৰাটো চয়তানে কেতিয়াও নিবিচাৰে।

      ১৮. আমি কিয় মৃতবিলাকক ভয় কৰা উচিত নহয়?

      ১৮ কিছুমান ধৰ্মই শিকায় যে এজন ব্যক্তিৰ মৃত্যুৰ পাছত, তেওঁ আত্মা হৈ যায়। তেওঁলোকে ইয়াকো শিকায় যে সেই আত্মাক আমি সন্মান আৰু ভয় কৰা উচিত। কিয়নো সেই আত্মাই আমাৰ ভাল বন্ধু হ’ব পাৰে বা ভয়ানক শত্ৰু হ’ব পাৰে। বহুতোলোকে এই মিছা কথাৰ ওপৰত বিশ্বাস কৰে। তেওঁলোকে মৃতবিলাকক ভয় কৰে, সেইবাবে যিহোৱা ঈশ্বৰৰ সলনি তেওঁলোকক উপাসনা কৰে। কিন্তু মনত ৰখা উচিত যে মৃতবিলাকৰ কোনো অনুভূতি বা চেতনা নাথাকে। গতিকে, আমি তেওঁবিলাকক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। যিহোৱা আমাৰ সৃষ্টিকৰ্তা আৰু সত্য ঈশ্বৰ হোৱাৰ বাবে আমি কেৱল তেওঁকেই উপাসনা কৰা উচিত।—প্ৰকাশিত বাক্য ৪:১১.

      ১৯. মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমাৰ কি লাভ আছে?

      ১৯ আমি মৃত্যুৰ বিষয়ে সত্যতা জনাৰ পাছত, আমি মিছা ধৰ্মৰ শিক্ষাৰপৰা মুক্ত হওঁ। ইয়াৰ উপৰিও এই সত্যতাই আমাৰ জীৱন আৰু ভৱিষ্যতৰ বিষয়ে যিহোৱাই কৰা প্ৰতিজ্ঞাক ভালদৰে বুজিবলৈ আমাক সহায় কৰে।

      ২০. পৰৱৰ্তী অধ্যায়ত আমি কিহৰ বিষয়ে শিকিবলৈ পাম?

      ২০ বহুবছৰৰ আগতে ইয়োব নামৰ এজন ঈশ্বৰৰ সেৱকে এইদৰে সুধিছিল, “মানুহ মৰিলে পুনৰায় জীব নে?” (ইয়ো ১৪:১৪) হয়তো আপোনাৰ মনলৈ এনে প্ৰশ্ন আহিব পাৰে। ইয়াৰ উত্তৰ ঈশ্বৰে আমাক বাইবেলত দিছে, যাৰ বিষয়ে জানি আপুনি আচৰিত হ’ব পাৰে। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম।

      a কিছুমান লোকে বিশ্বাস কৰে যে এজন ব্যক্তিৰ মৃত্যুৰ পাছত, আত্মা জীয়াই থাকে। ইয়াৰ বিষয়ে অধিক জানিবলৈ “আত্মা” চাওক।

      আপুনি কি শিকিলে?

      প্ৰথম সত্যতা: যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁৰ জীৱন নষ্ট হৈ যায়

      “মৃত লোকবিলাকে একোকেই নাজানে।”—উপদেশক ৯:৫

      মৃত্যুৰ পাছত কি হয়?

      • গীতমালা ১৪৬:৩, ৪; উপদেশক ৯:৬, ১০

        যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁলোকে একো দেখা নাপায়, শুনি নাপায় আৰু একো চিন্তা কৰিবও নোৱাৰে।

      • যোহন ১১:১১-১৪

        যীচুৱে মৃত্যুৰ তুলনা টোপনিৰ লগত কৰিছিল।

      দ্বিতীয় সত্যতা: মানুহৰ মৃত্যু হোৱাটো যিহোৱা ঈশ্বৰে কেতিয়াও বিচৰা নাছিল

      “ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা; কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।”—আদিপুস্তক ২:১৭

      আমাৰ কিয় মৃত্যু হয়?

      • আদিপুস্তক ৩:১-৬

        যদি হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰে, তেন্তে তাই কেতিয়াও নমৰে বুলি চয়তানে মিছা কৈছিল। আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰাৰ বাবে পাপ কৰিলে আৰু পাছত তেওঁলোকৰ মৃত্যু হ’ল।

      • আদিপুস্তক ৩:১৯

        যেতিয়া আদমৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ জীৱন সম্পূৰ্ণৰূপে শেষ হৈছিল।

      • ৰোমীয়া ৫:১২

        যেনেকৈ মাৰাত্মক বেমাৰ মা-দেউতাৰপৰা নিজৰ ল’ৰা-ছোৱালীলৈ বিয়পি পৰে, ঠিক সেইদৰে আমাৰ প্ৰথম পিতৃ-মাতৃৰপৰা পাপ গোটেই মানৱজাতিলৈ বিয়পি পৰিছে। সেইবাবে, আমি সকলোৱে পাপত জন্ম হৈছোঁ আৰু আমাৰ মৃত্যু হয়।

      • ১ কৰিন্থীয়া ১৫:২৬

        বাইবেলত মৃত্যুক এটা শক্ৰ বুলি উল্লেখ কৰিছে।

      তৃতীয় সত্যতা: মৃত্যুৰ বিষয়ে সত্যতাই আমাক মুক্ত কৰে

      “মানুহ মৰিলে পুনৰায় জীব নে? . . . মই তোমাৰ সৈন্যবৃত্তিৰ দিন কেইটা বাট চাই থাকিম।”—ইয়োব ১৪:১৪

      মৃত্যুৰ বিষয়ে সত্যতা জানিলে, আমি কেনেকৈ ভুল ধাৰণাৰপৰা মুক্ত হ’ব পাৰিম?

      • ১ যোহন ৪:৮

        নৰকৰ শিক্ষাই যিহোৱাক অপমান কৰে। যিহোৱাই কেতিয়াও লোকসকলক এইদৰে যাতনা ভুগিবলৈ অনুমতি নিদিয়ে।

      • প্ৰকাশিত বাক্য ৪:১১

        বহুতোলোকে মৃতবিলাকক ভয় কৰে। সেইবাবে, তেওঁলোকে যিহোৱাৰ সলনি মৃতবিলাকক উপাসনা কৰে। যিহোৱা সত্য ঈশ্বৰ হয় আৰু আমি কেৱল তেওঁকেই উপাসনা কৰা উচিত।

  • মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব!
    বাইবেলে আমাক কি শিকায়?
    • সাত অধ্যায়

      মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব!

      ১-৩. (ক) আমি সকলোৱে কাৰ কবলত আছোঁ? (খ) যিহোৱাই আমাক সেই কবলৰপৰা কেনেকৈ মুক্ত কৰিব?

      কল্পনা কৰক, আপুনি যি অপৰাধ কৰা নাই, সেই অপৰাধৰ বাবে আপোনাক গোটেই জীৱন জেলত শাস্তি দিয়া হৈছে। এনে পৰিস্থিতিত আপুনি হয়তো নিৰাশ অনুভৱ কৰিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে জেলৰপৰা কেতিয়াও মুক্ত হ’ব নোৱাৰিব। কিন্তু আপুনি গম পালে যে এজন ব্যক্তিয়ে আপোনাক জেলৰপৰা মুক্ত কৰিব পাৰে আৰু তেওঁ আপোনাক মুক্ত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে! এই কথা জানি আপোনাৰ কেনে লাগিব?

      ২ আমি সকলোৱে মৃত্যুৰ কবলত আছোঁ। আমি যিয়ে নকৰোঁ কিয় আমি সেই মৃত্যুৰ কবলৰপৰা মুক্ত হ’ব নোৱাৰোঁ। কিন্তু আমাক মুক্ত কৰিবলৈ যিহোৱাৰ ওচৰত শক্তি আছে। তেওঁ প্ৰতিজ্ঞা কৰিছে: “শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হ’ব।”—১ কৰিন্থীয়া ১৫:২৬.

      ৩ কল্পনা কৰকচোন, যেতিয়া মৃত্যু নাথাকিব, তেতিয়া কিমান যে আনন্দময় পৰিৱেশ হ’ব। কিন্তু যিহোৱাই কেৱল মৃত্যুক নাইকিয়া কৰিব এনে নহয়, তেওঁ মৃত লোকসকলকো পুনৰ জীৱিত কৰিব। ইয়াৰ অৰ্থ আপুনি জানেনে? মৃত্যু হোৱা আমাৰ আপোনজনাক আমি পুনৰ লগ পাম! যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে যি লোকসকলৰ মৃত্যু হৈছে, তেওঁ সেই লোকসকলক পুনৰ জীৱিত কৰিব।—যিচয়া ২৬:১৯.

      যেতিয়া আপোনজনাৰ মৃত্যু হয়

      ৪. (ক) যেতিয়া পৰিয়ালৰ কোনো সদস্য বা আমাৰ প্ৰিয় বন্ধুৰ মৃত্যু হয়, তেতিয়া আমি ক’ৰপৰা শান্ত্বনা লাভ কৰিব পাৰোঁ? (খ) যীচুৰ বন্ধুসকল কোন আছিল?

      ৪ যেতিয়া আমাৰ পৰিয়ালৰ কোনো সদস্য বা আমাৰ প্ৰিয় বন্ধুৰ মৃত্যু হয়, তেতিয়া আমি দুখ বা বেদনা সহ্য কৰিব নোৱাৰোঁ। আমি ভাবোঁ, যদি মই তেওঁক ঘূৰাই আনিব পৰাহ’লে! কিন্তু আমি একো কৰিব নোৱাৰোঁ। এনে পৰিস্থিতিত বাইবেলে আমাক শান্ত্বনা দিয়ে। (২ কৰিন্থীয়া ১:৩, ৪ পঢ়ক।) এটা উদাহৰণলৈ লক্ষ্য কৰক, যিয়ে দেখুৱায় যে যিহোৱা আৰু যীচুৱে আমাৰ সেই মৃত্যু হোৱা আপোনজনাক জীৱিত কৰিব বিচাৰে। যীচুৱে পৃথিৱীত থাকোতে লাজাৰ, মৰিয়ম আৰু মাৰ্থাৰ ঘৰলৈ প্ৰায়েই গৈছিল আৰু এই তিনিজন যীচুৰ ভাল বন্ধু আছিল। বাইবেলে উল্লেখ কৰিছে যে যীচুৱে তেওঁলোকক “প্ৰেম কৰিছিল।” এদিনাখন হঠাতে লাজাৰৰ মৃত্যু হ’ল।—যোহন ১১:৩-৫.

      ৫, ৬. (ক) মাৰ্থা, মৰিয়ম আৰু বন্ধুসকলক কান্দি থকা দেখি, যীচুৱে কি কৰিছিল? (খ) এজন ব্যক্তিৰ মৃত্যুত যীচুৱে দুখ আৰু বেদনা প্ৰকাশ কৰে, তাক জানি আমি কিয় শান্ত্বনা লাভ কৰিব পাৰোঁ?

      ৫ যীচুৱে মাৰ্থা আৰু মৰিয়মক শান্ত্বনা দিবলৈ গৈছিল। যেতিয়া মাৰ্থাই শুনিলে যে যীচু আহিছে, তেতিয়া তাই যীচুক লগ কৰিবলৈ নগৰৰ বাহিৰলৈ গৈছিল। যীচুক দেখি তাই আনন্দিত হৈছিল, কিন্তু তাই ক’লে: “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন।” মাৰ্থাই ভাবিছিল যে যীচুৱে অহা দেৰি কৰিলে। সেইসময়ত যীচুৱে মৰিয়ম আৰু আন লোকসকলক কান্দি থকা দেখিলে। এয়া দেখি যীচুৰ বৰ বেজাৰ লাগিছিল আৰু যীচুৱেও কান্দিছিল। (যোহন ১১:২১, ৩৩, ৩৫) আপোনজনাৰ মৃত্যুৰ বেদনা যীচুৱে অনুভৱ কৰিব পাৰিছিল।

      ৬ যীচুৱে আমাৰ দুখ আৰু বেদনা বুজি পায়। এয়া জানি আমি শান্ত্বনা নাপাওঁনে? যীচু নিজৰ পিতৃৰ দৰে আছিল, সেইবাবে আমি ভৰসা কৰিব পাৰোঁ যে তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰেও আমাৰ দুখ আৰু বেদনা বুজি পায়। (যোহন ১৪:৯) যিহোৱাৰ ওচৰত সদায় দিনৰ বাবে মৃত্যুক নাইকিয়া কৰিব পৰা শক্তি আছে আৰু তেওঁ অতি সোনকালে এনে কৰিব।

      “লাজাৰ, বাহিৰলৈ আহাঁ!”

      ৭, ৮. (ক) গুহাৰপৰা শিলচটা আঁতৰাই দিয়াটো মাৰ্থাই কিয় বিচৰা নাছিল? (খ) কিন্তু যীচুৱে কি কৰিলে?

      ৭ লাজাৰৰ মৃতদেহটো এটা গুহাৰ ভিতৰত আছিল আৰু গুহাৰ মুখখন এটা ডাঙৰ শিলেৰে বন্ধ কৰি ৰখা হৈছিল। যীচুৱে গুহাৰ ওচৰলৈ গৈ লোকসকলক এইদৰে কৈছিল: “শিলচটা গুচাই দিয়া।” কিন্তু এনে কৰাটো মাৰ্থাই বিচৰা নাছিল। কিয় বাৰু? কিয়নো লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈছিল। (যোহন ১১:৩৯) যীচুৱে কি কৰিবলৈ গৈছিল, তাক মাৰ্থাই জনা নাছিল।

      যীচুৱে লাজাৰক পুনৰ জীৱিত কৰিছে, তেওঁৰ পৰিয়াল আৰু বন্ধুসকলে আনন্দিত হৈছে

      লাজাৰক পুনৰ জীৱিত কৰাৰ সময়ত, তেওঁৰ পৰিয়াল আৰু বন্ধুসকল কিমান আনন্দিত হৈছিল!—যোহন ১১:৩৮-৪৪

      ৮ শিলচটা আঁতৰাই দিয়াত যীচুৱে এইদৰে কৈছিল: “লাজাৰ, বাহিৰলৈ আহাঁ!” তেতিয়া “সেই মৃতজন, হাতভৰি মৈদামৰ কাপোৰেৰে বন্ধা, আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহিল।” (যোহন ১১:৪৩, ৪৪) লাজাৰ পুনৰ জীৱিত হ’ল! এয়া দেখি মাৰ্থা আৰু মৰিয়ম আচৰিত হ’ল। লাজাৰক পুনৰ লগ পাই তেওঁৰ পৰিয়াল আৰু বন্ধুসকলে আনন্দিত হ’ল। এতিয়া তেওঁলোকে লাজাৰক চুব পাৰিছিল আৰু সাবটি ধৰিব পাৰিছিল আৰু তেওঁৰ লগত কথাও পাতিব পাৰিছিল। ই এক ডাঙৰ আচৰিত কাৰ্য্য আছিল! যীচুৱে লাজাৰক জীৱিত কৰিছিল।

      “আইটি, মই তোমাক কওঁ, উঠা!”

      ৯, ১০. (ক) মৃত লোকসকলক জীৱিত কৰিবলৈ যীচুক কোনে শক্তি দিছিল? (খ) মৃত লোকসকলক জীৱিত কৰাৰ ঘটনাবোৰ পঢ়াটো কিয় লাভজনক?

      ৯ যীচুৱে নিজৰ শক্তিৰে লাজাৰক জীৱিত কৰিছিলনে? নহয়! তেওঁক জীৱিত কৰাৰ আগতে যীচুৱে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। যিহোৱা ঈশ্বৰে যীচুক শক্তি দিলে, যাতে তেওঁ লাজাৰক জীৱিত কৰিব পাৰে। (যোহন ১১:৪১, ৪২ পঢ়ক।) কিন্তু যীচুৱে কেৱল লাজাৰকে জীৱিত কৰা নাছিল। বাইবেলে উল্লেখ কৰিছে যে তেওঁ যায়ীৰ নামৰ ব্যক্তিজনৰ ১২ বছৰীয়া ছোৱালীজনীকো জীৱিত কৰিছিল। তাইৰ বেছিকৈ বেমাৰ হৈছিল আৰু যায়ীৰে তাইক বচাব বিচাৰিছিল। কিয়নো তাই তেখেতৰ একমাত্ৰ ছোৱালী আছিল। যায়ীৰে নিজৰ ছোৱালীজনীক সুস্থ কৰিবলৈ যীচুক অনুৰোধ কৰিছিল। তেওঁ যীচুৰ লগত কথা পাতি থাকোতেই, কিছুমান মানুহে আহি তেওঁক কৈছিল: “তোমাৰ ছোৱালী মৰিল; গুৰুক আৰু কিয় দুখ দিয়া?” কিন্তু যীচুৱে যায়ীৰক ক’লে: “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা।” তাৰ পাছত তেওঁ যায়ীৰৰ লগত তেওঁৰ ঘৰলৈ গৈছিল। যেতিয়া তেওঁলোকে ঘৰৰ ওচৰত পালেগৈ, তেতিয়া যীচুৱে দেখিলে যে লোকসকলে কান্দি আছে। যীচুৱে তেওঁলোকক ক’লে: “কিয় কন্দা-কটা আৰু ক্ৰন্দন কৰিছা? ছোৱালীটী মৰা নাই, টোপনিতে আছে।” হয়তো ছোৱালীজনীৰ মা-দেউতাই চিন্তিত হৈছিল যে যীচুৱে এইদৰে কিয় কৈছে। যীচুৱে লোকসকলক বাহিৰলৈ পঠিয়ালে আৰু ছোৱালীজনীৰ মা-দেউতাকক লৈ সেই কোঠাত সোমালে, য’ত ছোৱালীজনীক শুৱাই থোৱা হৈছিল। যীচুৱে ছোৱালীজনীৰ হাতত ধৰি তাইক ক’লে: “আইটি মই তোমাক কওঁ, উঠা।” তাই লগে লগে উঠি খোজকাঢ়িবলৈ ধৰিলে। এয়া দেখি তাইৰ মা-দেউতাই বৰ আনন্দিত হ’ল! যীচুৱে তেওঁৰ ছোৱালীজনীক পুনৰ জীৱিত কৰিলে। (মাৰ্ক ৫:২২-২৪, ৩৫-৪২; লূক ৮:৪৯-৫৬) সেইদিনাৰপৰা যেতিয়া তেওঁলোকে সেই ছোৱালীজনীক দেখে, তেওঁলোকে অনুভৱ কৰে যে যিহোৱা ঈশ্বৰে আৰু যীচুৱে তেওঁলোকৰ প্ৰতি কিমান দয়া দেখুৱালে।a

      ১০ যি লোকসকলক যীচুৱে জীৱিত কৰিছিল, তেওঁলোকৰ পুনৰ মৃত্যু হৈছিল। তথাপিও এই ঘটনাৰ বিষয়ে পঢ়িলে আমি লাভৱান হওঁ। কিয়নো ইয়াৰপৰা আমি এক প্ৰকৃত আশা লাভ কৰোঁ। যিহোৱা ঈশ্বৰে মৃত লোকসকলক জীৱিত কৰিব বিচাৰে আৰু তেওঁ নিশ্চয় কৰিব।

      এই সত্য ঘটনাবোৰৰপৰা আমি কি শিকোঁ

      পিতৰে দৰ্কাক পুনৰ জীৱিত কৰিছে আৰু লোকসকলে চাই আছে

      পাঁচনি পিতৰে দৰ্কা নামৰ এজনী শিষ্যক পুনৰ জীৱিত কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২

      এলিয়াই এগৰাকী বিধৱাৰ ল’ৰাটিক পুনৰ জীৱিত কৰাৰ পাছত তাই নিজৰ পুত্ৰক সাবটি ধৰিছে

      এলিয়াই এগৰাকী বিধৱাৰ পুত্ৰক পুনৰ জীৱিত কৰিছিল। —১ ৰাজাৱলি ১৭:১৭-২৪

      ১১. উপদেশক ৯:৫ পদৰ অনুসৰি, কবৰত লাজাৰ কি পৰিস্থিতিত আছিল?

      ১১ বাইবেলে স্পষ্টকৈ উল্লেখ কৰিছে: “মৃত লোকবিলাকে একোকেই নাজানে।” লাজাৰৰ বিষয়েও এই কথা সত্য আছিল। (উপদেশক ৯:৫) যীচুৱে কোৱাৰ দৰে তেওঁ গভীৰ টোপনিত আছিল। (যোহন ১১:১১) কবৰত লাজাৰে ‘একোকেই নাজানিছিল।’

      ১২. লাজাৰক পুনৰ জীৱিত কৰাৰ কি প্ৰমাণ আছে?

      ১২ যীচুৱে বহুতো লোকৰ আগত লাজাৰক জীৱিত কৰিছিল। তেওঁৰ শত্ৰুসকলেও এই আচৰিত কাৰ্য্যৰ বিষয়ে জানিছিল। লাজাৰ নিজেই এই ঘটনাৰ প্ৰমাণ আছিল। (যোহন ১১:৪৭) এয়াই নহয়, বহুতো মানুহে লাজাৰক পুনৰ লগ পাই যীচুক যিহোৱা ঈশ্বৰে পঠিয়াইছে বুলি বিশ্বাস কৰিছিল। এয়া দেখি যীচুৰ শত্ৰুসকলৰ খং উঠিছিল। তেওঁলোকে যীচু আৰু লাজাৰক হত্যা কৰিবলৈ পৰিকল্পনা কৰিছিল।—যোহন ১১:৫৩; ১২:৯-১১.

      ১৩. যিহোৱা ঈশ্বৰে মৃত লোকসকলক জীৱিত কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

      ১৩ যীচুৱে কৈছিল যে “মৈদামত থকা” সকলো লোকক জীৱিত কৰা হ’ব। (যোহন ৫:২৮) ইয়াৰ অৰ্থ হৈছে যে যিহোৱা ঈশ্বৰে মনত ৰখা সকলো মৃত লোকসকলক তেওঁ জীৱিত কৰিব। কিন্তু ইয়াৰ বাবে তেওঁক সেই মৃত লোকসকলৰ সৰু সৰু কথা মনত ৰাখিব লাগিব। এনে কৰাটো তেওঁৰ বাবে সম্ভৱনে? এই কথালৈ লক্ষ্য কৰক। আকাশত কোটি কোটি তৰা আছে আৰু বাইবেলে উল্লেখ কৰিছে যে তেওঁ এই সকলো তৰাৰ নাম জানে। (যিচয়া ৪০:২৬ পঢ়ক।) যদি তেওঁ প্ৰতিটো তৰাৰ নাম মনত ৰাখিব পাৰে, তেনেহ’লে নিশ্চয় তেওঁ মৃত লোকৰ বিষয়ে সৰু সৰু কথাও মনত ৰাখিব পাৰে। মন কৰিবলগীয়া বিষয় যে যিহোৱা ঈশ্বৰে সকলো বস্তু সৃষ্টি কৰিছে। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁৰ ওচৰত মৃত লোকক জীৱিত কৰাৰ শক্তি আছে।

      ১৪, ১৫. ইয়োবে যি উত্তৰ দিছিল, তাৰপৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

      ১৪ ঈশ্বৰৰ সেৱক ইয়োবৰ সম্পূৰ্ণ বিশ্বাস আছিল যে মৃত লোকসকলক জীৱিত কৰা হ’ব। তেওঁ যিহোৱা ঈশ্বৰক সুধিলে: “মানুহ মৰিলে পুনৰায় জীব নে?” পুনৰ তেওঁ নিজে যিহোৱা ঈশ্বৰক উত্তৰ দিলে: “তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্ম্মলৈ হাবিয়াহ কৰিবা।” নিশ্চয়, ইয়োবে জানিছিল যে যিহোৱা ঈশ্বৰে সেইসময়ৰ বাবে অপেক্ষা কৰি আছে, যেতিয়া তেওঁ মৃত লোকসকলক পুনৰ জীৱিত কৰিব।—ইয়োব ১৪:১৩-১৫.

      ১৫ মৃত লোকসকলক পুনৰ জীৱিত কৰাৰ এই আশাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে? হয়তো আপুনি ভাবিব পাৰে, ‘মোৰ পৰিয়ালবৰ্গ আৰু বন্ধুসকল, যিসকলৰ মৃত্যু হৈছে তেওঁলোকক পুনৰ জীৱিত কৰা হ’বনে?’ যিহোৱা ঈশ্বৰে সঁচাকৈ মৃত লোকসকলক জীৱিত কৰিবলৈ ইচ্ছা কৰে, এই কথাই আমাক শান্ত্বনা দিব পাৰে। কিন্তু তেওঁ কোন লোকসকলক জীৱিত কৰিব আৰু তেওঁলোক ক’ত থাকিব? ইয়াৰ বিষয়ে বাইবেলে কি শিকায়, আহক চাওঁ।

      তেওঁলোকে “তেওঁৰ মাত শুনি . . . ওলাব”

      ১৬. পৃথিৱীত পুনৰ জীৱিত হোৱা লোকসকলৰ জীৱন কেনেকুৱা হ’ব?

      ১৬ প্ৰাচীন সময়ত যিসকলক জীৱিত কৰা হৈছিল, তেওঁলোকে এই পৃথিৱীত নিজৰ পৰিয়াল আৰু বন্ধুসকলক লগ পালে। ভৱিষ্যতেও এইদৰে হ’ব, কিন্তু পৰিস্থিতি আৰু ভাল হ’ব। যিসকলক জীৱিত কৰা হ’ব, তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। তেওঁলোকৰ আৰু কেতিয়াও মৃত্যু নহ’ব। যুদ্ধ, অপৰাধ আৰু বেমাৰ-আজাৰে ভৰি থকা এই পৃথিৱীত তেওঁলোকক জীৱিত কৰা নহ’ব, ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নতুন পৃথিৱীত জীৱিত কৰা হ’ব।

      ১৭. কোন লোকসকলক পুনৰ জীৱিত কৰা হ’ব?

      ১৭ কোন লোকসকলক জীৱিত কৰা হ’ব? যীচুৱে কৈছিল: “মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি . . . ওলাব।” (যোহন ৫:২৮, ২৯) প্ৰকাশিত বাক্য ২০:১৩ পদত এইদৰে কৈছে: “সাগৰে নিজত থকা মৃতবিলাকক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক শোধাই দিলে।” সঁচাকৈ, কোটি কোটি লোকক জীৱিত কৰা হ’ব। পৌলেও কৈছিল: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পঢ়ক।) ইয়াৰ অৰ্থ কি?

      প্ৰমোদবনত পুনৰুত্থান হোৱা আপোনজনাৰ লগত লোকসকলে পুনৰ লগ পাইছে

      যেতিয়া পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হ’ব, সেইসময়ত মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব আৰু তেওঁলোকে নিজৰ পৰিয়াল আৰু বন্ধুসকলক পুনৰ লগ পাব।

      ১৮. ‘ধাৰ্ম্মিকসকলৰ’ ভিতৰত কোন লোক জড়িত আছে?

      ১৮ যীচুৰ জন্মৰ আগতে, এই পৃথিৱীত বিশ্বাসেৰে যিহোৱাৰ উপাসনা কৰা লোকসকলক “ধাৰ্ম্মিক” বুলি কোৱা হৈছিল। উদাহৰণস্বৰূপে, নোহ, অব্ৰাহাম, চাৰা, মোচি, ৰূথ আৰু ইষ্টেৰ। বাইবেলৰ ইব্ৰী নামৰ কিতাপখনৰ ১১ অধ্যায়ত এনে বহুতো বিশ্বাসী লোকৰ বিষয়ে আপুনি পঢ়িব পাৰে। কিন্তু আমাৰ সময়ত যিসকল বিশ্বাসী সেৱকৰ মৃত্যু হৈছে, তেওঁলোকৰ বিষয়নো কি? তেওঁলোকেও “ধাৰ্ম্মিক” হয়, সেইবাবে, তেওঁলোককো জীৱিত কৰা হ’ব।

      ১৯. (ক) ‘অধাৰ্ম্মিকসকলৰ’ ভিতৰত কোন লোক জড়িত আছে? (খ) যিহোৱা ঈশ্বৰে তেওঁলোকক কি সুযোগ দিব?

      ১৯ ‘অধাৰ্ম্মিকসকলৰ’ ভিতৰত কোটি কোটি লোক জড়িত আছে, যিসকলে যিহোৱা ঈশ্বৰৰ বিষয়ে শিকিবলৈ সুযোগ নাপালে। যদিও তেওঁলোকৰ মৃত্যু হ’ল, কিন্তু যিহোৱা ঈশ্বৰে তেওঁলোকক পাহৰা নাই। যিহোৱাই তেওঁলোকক জীৱিত কৰিব আৰু তেওঁলোকক তেওঁৰ বিষয়ে শিকিবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ সুযোগ দিব।

      ২০. সকলো লোককে কিয় জীৱিত কৰা নহ’ব?

      ২০ ইয়াৰ অৰ্থ এইটো নেকি যে যিমান লোকৰ মৃত্যু হৈছে, সেই সকলোকে জীৱিত কৰা হ’ব? নিশ্চয় নহয়। যীচুৱে কৈছিল যে কিছুমান লোকক জীৱিত কৰা নহ’ব। (লূক ১২:৫) এজন ব্যক্তিক জীৱিত কৰা হ’ব নে নহ’ব, ইয়াৰ নিৰ্ণয় কোনে ল’ব? যিহোৱা ঈশ্বৰে যীচুক “জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা” হ’বলৈ নিযুক্ত কৰিলে। কিন্তু ইয়াৰ অন্তিম নিৰ্ণয় যিহোৱা ঈশ্বৰে ল’ব। (পাঁচনিৰ কৰ্ম্ম ১০:৪২) যদি এজন ব্যক্তিয়ে মৃত্যুৰ আগত বেয়া কাম কৰি অনুতাপ নকৰে, তেনেহ’লে তেওঁক জীৱিত কৰা নহ’ব।—“গেহেনা” চাওক।

      কিছুমান লোকক স্বৰ্গত জীৱন দিয়া হ’ব

      ২১, ২২. (ক) স্বৰ্গত জীৱন পোৱা লোকসকলৰ কেনেধৰণৰ শৰীৰ হ’ব? (খ) স্বৰ্গত জীৱন পোৱা প্ৰথম ব্যক্তিজন কোন আছিল?

      ২১ বাইবেলে উল্লেখ কৰিছে যে কিছুমান লোক মৃত্যুৰ পাছত স্বৰ্গলৈ যাব। তেওঁলোকক মানৱীয় শৰীৰ নহয় আত্মিক শৰীৰ দিয়া হ’ব।

      ২২ স্বৰ্গত জীয়াই থাকিবলৈ জীৱিত কৰা প্ৰথম ব্যক্তিজনৰ নাম হৈছে যীচু খ্ৰীষ্ট। (যোহন ৩:১৩) যীচুৰ মৃত্যুৰ তিনিদিনৰ পাছত, যিহোৱা ঈশ্বৰে তেওঁক পুনৰ জীৱিত কৰিছিল। (গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ১৩:৩৪, ৩৫) কিন্তু তেওঁক মানৱীয় শৰীৰ দিয়া নাছিল। যীচুৰ এজন শিষ্য পিতৰে বুজালে যে যেতিয়া যীচু “মাংসত হত হল, কিন্তু আত্মাত হলে পুনৰ্জীৱিত হল।” (১ পিতৰ ৩:১৮) যীচুক এজন শক্তিশালী স্বৰ্গদূত হিচাপে পুনৰ জীৱিত কৰা হৈছিল। (১ কৰিন্থীয়া ১৫:৩-৬) কিন্তু বাইবেলত উল্লেখ আছে যে স্বৰ্গত জীৱন পোৱা কেৱল যীচু খ্ৰীষ্টই নহয়, আন কিছুমান লোককো স্বৰ্গত জীৱন দিয়া হ’ব।

      ২৩, ২৪. (ক) কোন লোকসকলক স্বৰ্গত পুনৰ জীৱিত কৰা হ’ব? (খ) ‘তাকৰ জাকটিৰ’ সংখ্যা কিমান?

      ২৩ মৃত্যুৰ আগমুহূৰ্তত যীচুৱে নিজৰ বিশ্বাসী শিষ্যসকলক এইদৰে কৈছিল: “মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।” (যোহন ১৪:২) ইয়াৰ অৰ্থ হৈছে, তেওঁৰ কিছুমান শিষ্যসকলক স্বৰ্গত তেওঁৰ লগত থাকিবলৈ পুনৰ জীৱিত কৰা হ’ব। কিন্তু কিমান লোকক? যীচুৱে কৈছিল: “তাকৰ জাকটি।” ইয়াৰ অৰ্থ হৈছে স্বৰ্গত জীৱিত হোৱা লোকসকলৰ সংখ্যা কম হ’ব। (লূক ১২:৩২) যীচুৰ এজন শিষ্য যোহনে ইয়াৰ সঠিক সংখ্যাৰ বিষয়ে কৈছিল। তেওঁ এক দৰ্শন দেখিছিল যে যীচু খ্ৰীষ্টই “চিয়োন পৰ্ব্বতৰ ওপৰত থিয় হৈ আছিল; আৰু তেওঁৰ লগত এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল।”—প্ৰকাশিত বাক্য ১৪:১.

      ২৪ এই ১,৪৪,০০০ জন লোকক স্বৰ্গত কেতিয়া পুনৰ জীৱিত কৰা হ’ব? বাইবেলে উল্লেখ কৰিছে যে যেতিয়া যীচু খ্ৰীষ্টই স্বৰ্গত ৰাজত্ব কৰিব, তেতিয়াৰেপৰা তেওঁলোকক স্বৰ্গত পুনৰ জীৱিত কৰা হ’ব। (১ কৰিন্থীয়া ১৫:২৩) আজি আমি সেইসময়ছোৱাত জীয়াই আছোঁ য’ত ১,৪৪,০০০ জনৰ ভিতৰত বহু সংখ্যক লোকক স্বৰ্গত পুনৰ জীৱিত কৰা হ’ল। বৰ্তমানে পৃথিৱীত জীয়াই থকা লোকসকলৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁলোকক লগে লগে স্বৰ্গত পুনৰ জীৱিত কৰা হয়। কিন্তু বেছি সংখ্যক মৃত লোকসকলক এই পৃথিৱীত হ’বলগীয়া প্ৰমোদবনত পুনৰ জীয়াই তোলা হ’ব।

      ২৫. পৰৱৰ্তী অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰা হ’ব?

      ২৫ অতি সোনকালে যিহোৱা ঈশ্বৰে মানৱজাতিক মৃত্যুৰ কবলৰপৰা মুক্ত কৰিব! (যিচয়া ২৫:৮ পঢ়ক।) কিন্তু যিসকলে স্বৰ্গলৈ যাব, তেওঁলোকে তাত কি কৰিব? বাইবেলে বৰ্ণনা কৰে যে তেওঁলোকে যীচুৰ সৈতে শাসন কৰিব। এই ৰাজ্যৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হ’ব।

      a বাইবেলত মৃত লোকসকলক পুনৰ জীৱিত কৰা আৰু বহুতো সত্য ঘটনা উল্লেখ আছে। ইয়াত কোৱা হৈছে যে কেনেকৈ বৃদ্ধ-ডেকা, পুৰুষ-স্ত্ৰী, ইস্ৰায়েলী আৰু বিদেশীসকলক মৃত্যুৰপৰা পুনৰ জীৱিত কৰা হৈছিল। আপুনি এই ঘটনাবোৰৰ বৰ্ণনা এই পদবোৰত পঢ়িব পাৰে: ১ ৰাজাৱলি ১৭:১৭-২৪; ২ ৰাজাৱলি ৪:৩২-৩৭; ১৩:২০, ২১; মথি ২৮:৫-৭; লূক ৭:১১-১৭; ৮:৪০-৫৬; পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২; ২০:৭-১২.

      আপুনি কি শিকিলে?

      প্ৰথম সত্যতা: যিহোৱা ঈশ্বৰে মৃত্যুক নাইকিয়া কৰিব

      “শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হব।”—১ কৰিন্থীয়া ১৫:২৬

      আমাৰ আপোনজনাৰ মৃত্যু হ’লে, বাইবেলে আমাক কেনেকৈ প্ৰকৃত শান্ত্বনা দিব পাৰে?

      • ২ কৰিন্থীয়া ১:৩, ৪

        আমাৰ পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ বন্ধুৰ মৃত্যু হোৱাৰ সময়ত, হয়তো আমি অকলশৰীয়া যেন অনুভৱ কৰিব পাৰোঁ। কিন্তু এনে পৰিস্থিতিত আমি বাইবেলৰপৰা প্ৰকৃত শান্ত্বনা লাভ কৰোঁ।

      • যিচয়া ২৫:৮; ২৬:১৯

        মৃত্যুক নাইকিয়া কৰিবলৈ যিহোৱা ঈশ্বৰৰ শক্তি আছে। তেওঁ মৃত লোকসকলকো জীৱিত কৰিব।

      দ্বিতীয় সত্যতা: মৃত লোকসকলক পুনৰ জীৱিত কৰিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ

      “আইটি, মই তোমাক কওঁ, উঠা।”—মাৰ্ক ৫:৪১

      মৃত লোকসকলক পুনৰ জীৱিত কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

      • যোহন ১১:১-৪৪

        যীচুৱে লাজাৰক পুনৰ জীৱিত কৰিছিল।

      • মাৰ্ক ৫:২২-২৪, ৩৫-৪২

        যীচুৱে এজনী সৰু ছোৱালীক পুনৰ জীৱিত কৰিছিল।

      • যোহন ১১:৪১, ৪২

        যীচুৱে যিহোৱা ঈশ্বৰৰ সহায়ত মৃত লোকক জীৱিত কৰিছিল।

      • যোহন ১২:৯-১১

        যীচুৱে কৰা পুনৰ জীৱিতৰ কাৰ্য্য বহুতোলোকে দেখিছিল। ইয়াৰ উপৰিও যীচুৰ শত্ৰুবিলাকেও এই কাৰ্য্য তেওঁ কৰিছিল বুলি জানিছিল।

      তৃতীয় সত্যতা: যিহোৱা ঈশ্বৰে কোটি কোটি মৃত লোকক পুনৰ জীৱিত কৰিব

      “তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্ম্মলৈ হাবিয়াহ কৰিবা।”—ইয়োব ১৪:১৩-১৫

      কোন লোকসকলক পুনৰ জীৱিত কৰা হ’ব?

      • যোহন ৫:২৮, ২৯

        যিহোৱা ঈশ্বৰে মনত ৰখা সকলোকে পুনৰ জীৱিত কৰিব।

      • পাঁচনিৰ কৰ্ম্ম ২৪:১৫

        ধাৰ্মিক আৰু অধাৰ্মিক এই দুবিধ লোকক পুনৰ জীৱিত কৰা হ’ব।

      • যিচয়া ৪০:২৬

        যদি যিহোৱা ঈশ্বৰে প্ৰতিটো তৰাৰ নাম মনত ৰাখিব পাৰে, তেনেহ’লে নিশ্চয় তেওঁ যিসকলক পুনৰ জীৱিত কৰিব, তেওঁলোকৰ সৰু সৰু কথাও মনত ৰাখিব পাৰে।

      চতুৰ্থ সত্যতা: কিছুমান লোকক স্বৰ্গত জীৱন দিয়া হ’ব

      “মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ”—যোহন ১৪:২

      কোন লোকসকলক স্বৰ্গত পুনৰ জীৱিত কৰা হ’ব?

      • ১ পিতৰ ৩:১৮

        স্বৰ্গত জীয়াই থাকিবলৈ পুনৰ জীৱিত কৰা প্ৰথম ব্যক্তি আছিল যীচু খ্ৰীষ্ট।

      • লূক ১২:৩২

        যীচুৱে কৈছিল যে তেওঁৰ শিষ্যৰ কম সংখ্যক লোকক স্বৰ্গীয় জীৱনৰ বাবে পুনৰ জীৱিত কৰা হৈছিল।

      • প্ৰকাশিত বাক্য ১৪:১

        যিহোৱা ঈশ্বৰে স্বৰ্গীয় জীৱনৰ বাবে মুঠ ১,৪৪,০০০ জন লোকক বাছনি কৰিছে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক