পাঠ ৯৭
কৰ্ণীলিয়ই পবিত্ৰ শক্তি পালে
কৈচৰিয়া নামৰ চহৰখনত কৰ্ণীলিয় নামৰ এজন ডাঙৰ ৰোমান সেনাপতি আছিল। তেওঁ যিহূদী নাছিল, তথাপিও যিহূদী লোকসকলে তেওঁক বহুত সন্মান কৰিছিল। তেওঁ দুখীয়া আৰু অভাৱত থকা লোকসকলক সহায় কৰিছিল। তেওঁ যিহোৱাৰ ওপৰত বিশ্বাস কৰিছিল, সেইবাবে নিয়মীয়াকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। এদিন তেওঁ দৰ্শনত এজন স্বৰ্গদূতক দেখিলে। স্বৰ্গদূতে তেওঁক কʼলে, ‘ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিলে। এতিয়া তুমি নিজৰ মানুহবিলাকক যাফো চহৰলৈ পঠিয়াই দিয়া, তাত পিতৰ আছে। তেওঁক তোমাৰ ওচৰলৈ আহিবলৈ কোৱা।’ কৰ্ণীলিয়ই লগে লগে তিনিজন মানুহক যাফোলৈ পঠিয়ালে, যি প্ৰায় ৫০ কিলোমিটাৰ দূৰ দক্ষিণফালে আছিল।
এইবোৰ হৈ থাকোঁতেই পিতৰেও এটা দৰ্শন দেখিলে। সেই দৰ্শনত তেওঁ এনে জন্তুবোৰ দেখিলে, যি যিহূদীসকলে খোৱাটো মানা আছিল। তেতিয়াই তেওঁ এনে এটা মাত শুনিল, যিয়ে তেওঁক সেই জন্তুবোৰক খাবলৈ কৈ আছিল। কিন্তু পিতৰে এইদৰে কৈ মানা কৰিলে, ‘মই মোৰ জীৱনত কেতিয়াও অশুচি জন্তু খোৱা নাই।’ তেতিয়া সেই মাতে তেওঁক কʼলে, ‘তুমি এই জন্তুবোৰক অশুচি বুলি নকʼবা। কিয়নো ঈশ্বৰে এইবোৰক শুনি কৰিছে।’ পিতৰক এয়াও কোৱা হʼল, ‘তোমাৰ দুৱাৰ মুখত তিনিজন মানুহ থিয় হৈ আছে, তুমি তেওঁলোকৰ লগত যোৱা।’ পিতৰে দুৱাৰ মুখত গৈ সেই মানুহ কেইজনক তালৈ অহাৰ কাৰণ সুধিলে। তেওঁলোকে কʼলে, ‘আমাক এজন ৰোমান সেনাপতি কৰ্ণীলিয়ই পঠিয়াইছে। তেওঁ আপোনাক কৈচৰিয়াত নিজৰ ঘৰলৈ মাতিছে।’ পিতৰে তেওঁলোকক সেই ৰাতি তেওঁৰ ঘৰত আলহী হৈ থাকিবলৈ কʼলে। পাছ দিনাখন পিতৰে তেওঁলোকৰ লগত কৈচৰিয়ালৈ গʼল আৰু যাফোৰ কিছুমান ভায়ো তেওঁৰ লগত গʼল।
বহুত অপেক্ষা কৰাৰ পাছত যেতিয়া কৰ্ণীলিয়ই পিতৰক লগ পালে, তেতিয়া তেওঁ পিতৰৰ ভৰিত পৰি তেওঁক প্ৰণাম কৰিলে। তেতিয়া পিতৰে কʼলে, ‘উঠক! ময়ো আপোনাৰ নিচিনাই এজন মানুহে হওঁ। ঈশ্বৰে মোক আপোনাৰ ঘৰলৈ আহিবলৈ কৈছে, যদিও যিহূদীসকল ইস্ৰায়েলী নোহোৱা লোকসকলৰ ঘৰলৈ নাযায়। এতিয়া মোক কওক আপুনি কিয় মোক ইয়ালৈ মাতিছে।’
কৰ্ণীলিয়ই পিতৰক কʼলে, ‘চাৰি দিনৰ আগতে যেতিয়া মই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া এজন স্বৰ্গদূতে আপোনাক মোৰ ইয়ালৈ মাতিবলৈ কʼলে। অনুগ্ৰহ কৰি আমাক যিহোৱাৰ বিষয়ে শিকাওক।’ পিতৰে কʼলে, ‘এতিয়া মই ভালদৰে বুজি পালোঁ যে ঈশ্বৰে পক্ষপাত নকৰে। যিকোনোৱে তেওঁৰ উপাসনা কৰিব বিচাৰে, ঈশ্বৰে তেওঁক গ্ৰহণ কৰে।’ পিতৰে তেওঁলোকক যীচুৰ বিষয়ে বহুতো কথা শিকালে। ইয়াৰ পাছত কৰ্ণীলিয় আৰু তেওঁৰ লগত যি লোকসকল আছিল, তেওঁলোকৰ ওপৰত পবিত্ৰ শক্তি আহিল আৰু তেওঁলোকে বাপ্তিষ্মা লʼলে।
“যিয়ে জাতিৰ নহওক কিয় যদি কোনোবাই ঈশ্বৰলৈ ভয় ৰাখে আৰু সঠিক কাম কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক গ্ৰহণ কৰে।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৫