ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৯৯ পৃষ্ঠা ২৩০-পৃষ্ঠা ২৩১ অনু. ৪
  • জেলৰ অধ্যক্ষই সত্য শিকিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জেলৰ অধ্যক্ষই সত্য শিকিলে
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • দৃঢ় নিশ্চয়তাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাৰ সেৱাত আপোনাৰ আনন্দ বজাই ৰাখক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৯৯ পৃষ্ঠা ২৩০-পৃষ্ঠা ২৩১ অনু. ৪
ফিলিপীত জেলৰ অধ্যক্ষই দেখিলে যে জেলৰ দুৱাৰবোৰ খোলা আছে, তথাপি সকলো কয়দী তাতেই আছে

পাঠ ৯৯

জেলৰ অধ্যক্ষই সত্য শিকিলে

ফিলিপীত এজনী দাসী আছিল, যাৰ শৰীৰত দুষ্ট স্বৰ্গদূত সোমাই আছিল। সেই দুষ্ট স্বৰ্গদূতৰ সহায়ত তাই ভৱিষ্যতৰ বিষয়ে জনাইছিল আৰু এইদৰে তাই নিজৰ মালিকসকলৰ বাবে বহুতো টকা উপাৰ্জন কৰিছিল। যেতিয়া পৌল আৰু চীল ফিলিপীলৈ গʼল, তেতিয়া বহু দিনলৈকে সেই ছোৱালীজনী তেওঁলোকৰ পিছে পিছে গʼল। দুষ্ট স্বৰ্গদূতজনে সেই ছোৱালীজনীক চিঞৰি কোৱাইছিল, “এই মানুহবিলাক মহান ঈশ্বৰৰ দাস হয়।” অৱশেষত পৌলে দুষ্ট স্বৰ্গদূতক কʼলে, “মই তোক যীচু খ্ৰীষ্টৰ নামেৰে আদেশ দিছোঁ, তাৰ শৰীৰৰ পৰা ওলাই যা।” তেতিয়া দুষ্ট স্বৰ্গদূতে ছোৱালীজনীক এৰি গুচি গʼল।

যেতিয়া ছোৱালীজনীৰ মালিকবিলাকে দেখিলে যে এতিয়া তেওঁলোকে তাৰ পৰা টকা উপাৰ্জন কৰিব নোৱাৰে, তেতিয়া তেওঁলোকৰ বহুত খং উঠিল। তেওঁলোকে পৌল আৰু চীলক চোঁচৰাই নগৰ অধিকাৰীসকলৰ ওচৰলৈ লৈ গʼল। তেওঁলোকে কʼলে, ‘এই মানুহ কেইজনে নিয়ম মনা নাই আৰু গোটেই চহৰত অশান্তি কৰি আছে।’ অধিকাৰীসকলে পৌল আৰু চীলক বেতেৰে কোবোৱাৰ পাছত জেলত বন্দী কৰিবলৈ আদেশ দিলে। জেলৰ অধ্যক্ষজনে তেওঁলোকক জেলৰ একেবাৰে ভিতৰৰ কোঠালিত সোমোৱাই থʼলে আৰু তেওঁলোকৰ ভৰি কাঠত সোমোৱাই বান্ধি দিলে।

পৌল আৰু চীলে যিহোৱাৰ প্ৰশংসাত গীত গাবলৈ ধৰিলে আৰু বাকী কয়দীবিলাকে শুনি আছিল। মাজৰাতি হঠাতে এটা ডাঙৰ ভূমিকম্প হʼল আৰু গোটেই জেলৰ ভিত্তি হিলি গʼল। জেলৰ সকলো দুৱাৰ খুলি গʼল আৰু কয়দীসকলৰ শিকলি খুলি পৰিল, লগতে কাঠবোৰো খুলি গʼল। জেলৰ অধ্যক্ষই দৌৰি ভিতৰৰ কোঠালিলৈ গʼল আৰু দেখিলে যে দুৱাৰখন খোলা আছে। তেওঁ ভাবিলে যে সকলো কয়দী পলাই গʼল, সেইবাবে নিজকে মাৰি পেলাবলৈ তৰোৱাল উলিয়ালে।

তেতিয়া পৌলে জোৰেৰে চিঞৰি কʼলে, “নিজকে হত্যা নকৰিব, কিয়নো আমি সকলোৱে ইয়াতে আছোঁ!” তেতিয়া জেলৰ অধ্যক্ষই লগে লগে ভিতৰলৈ গৈ পৌল আৰু চীলৰ ভৰিত পৰিলে আৰু তেওঁলোকক কʼলে, “উদ্ধাৰ পাবলৈ মই কি কৰিব লাগিব?” তেতিয়া তেওঁলোকে কʼলে, ‘আপুনি আৰু আপোনাৰ পৰিয়ালে যীচুৰ ওপৰত বিশ্বাস কৰিব লাগিব।’ তাৰ পাছত পৌল আৰু চীলে তেওঁলোকক যিহোৱাৰ বাক্য শুনালে। জেলৰ অধ্যক্ষ আৰু তেওঁৰ পৰিয়ালৰ সকলোৱে বাপ্তিষ্মা লʼলে।

“লোকসকলে তোমালোকক গ্ৰেপ্তাৰ কৰিব, তোমালোকক তাড়না দিব, তোমালোকক সভাঘৰবোৰত গতাই দিব আৰু জেলত বন্দী কৰিব। মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু ৰাজ্যপালবিলাকৰ ওচৰলৈ নিয়া হʼব। তেতিয়া তোমালোকে সাক্ষ্য দিবলৈ সুযোগ পাবা।”—লূক ২১:১২, ১৩

প্ৰশ্ন: পৌল আৰু চীলক কিয় জেলত বন্দী কৰা হৈছিল? জেলৰ অধ্যক্ষই কেনেকৈ সত্য শিকিলে?

পাঁচনিৰ কৰ্ম্ম ১৬:১৬-৩৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক