দৃঢ় নিশ্চয়তাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক
১ প্ৰথম শতাব্দীত যীচুৱে তেওঁৰ শিষ্যসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰি “সকলো জাতিকে শিষ্য” বনাবলৈ আজ্ঞা দিছিল। (মথি ২৪:১৪; ২৮:১৯, ২০) এই আজ্ঞাক যিহোৱাৰ সাক্ষীসকলে গভীৰভাৱে লৈ প্ৰচাৰ কৰিছে। তাৰ ফলস্বৰূপে কুৰি শতিকাৰ শেষলৈকে ২৩৪ খন দেশত শিষ্যসকলৰ সংখ্যা ৫৯,০০,০০০ জনতকৈও বেছি বৃদ্ধি হৈছে। এই সকলোবোৰে স্বৰ্গীয় পিতৃ যিহোৱাক মহিমাম্বিত নকৰেনে?
২ যিহেতু আমি একবিশং শতিকাত প্ৰৱেশ কৰিছোঁ। সেইবাবে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত বাধা উৎপন্ন কৰিবলৈ আমাৰ প্ৰধান শত্ৰু চয়তানে প্ৰাণপণে চেষ্টা কৰিছে। সি এই জগতক ব্যৱহাৰ কৰি আমাৰ ওপৰত হেচাঁ আনে যাতে আমি শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত মনোযোগ নিদি বিভিন্ন প্ৰকাৰৰ সংসাৰিক কাৰ্য্যত ব্যস্ত হৈ থাকোঁ। ইয়াক আমি কেনেকৈ বাধা দিব পাৰিম? জগতৰ বস্তুবিলাকৰ প্ৰতি আমি মনোযোগ নিদি আমাৰ জীৱনত ঈশ্বৰৰ বাক্যক প্ৰথম স্থান দি যিহোৱাৰ ইচ্ছাক পূৰণ কৰাৰ দ্বাৰা। (ৰোমীয়া ১২:২) ইয়াৰ অৰ্থ হৈছে শাস্ত্ৰৰ উপদেশ পালন কৰি ‘সময়ত আৰু অসময়তো উৎসাহী হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰা।’—২ তীমথিয় ৪:২, ৫.
৩ দৃঢ় নিশ্চয়তা বিকাশ কৰক: খ্ৰীষ্টানসকলে “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থাকা” আৱশ্যক। (কলচীয়া ৪:১২) “নিশ্চয়” শব্দৰ অৰ্থ হৈছে “এক দৃঢ় বিশ্বাস বা প্ৰত্যয়; এনে এটা পৰিস্থিতিক নিশ্চিতভাৱে স্বীকাৰ কৰা।” গতিকে খ্ৰীষ্টান হোৱাৰ বাবে ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য যে নিশ্চিতৰূপে পূৰ্ণ হʼব আৰু আমি যে একেবাৰে শেষ সময়ত জীয়াই আছোঁ তাক স্বীকাৰ কৰা উচিত। ইয়াৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত আমাৰ বিশ্বাস পাচঁনি পৌলৰ বিশ্বাসৰ দৰে দৃঢ় হোৱা আৱশ্যক, যি জনে কৈছিল শুভবাৰ্ত্তা “বিশ্বাস কৰা প্ৰত্যেক জনলৈ সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।”—ৰোমীয়া ১:১৬.
৪ চয়তানে আমাক ভ্ৰান্তি জন্মাবলৈ এনে দুষ্ট আৰু প্ৰবঞ্চক লোকক ব্যৱহাৰ কৰে যিসকলে নিজেই ভ্ৰান্ত। (২ তীমথিয় ৩:১৩) এই বিষয়ে আমি আগতীয়াকৈ সাৱধান বাণী পোৱাৰ বাবে সত্যত দৃঢ় নিশ্চয়তা হৈ থাকিবলৈ সঠিক পদক্ষেপ লোৱা আৱশ্যক। সেইবাবে দৈনিন্দন জীৱনৰ দুখ-চিন্তাৰ প্ৰতি গুৰুত্ব নিদি, তাৰ পৰিৱৰ্ত্তে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া উচিত। (মথি ৬:৩৩, ৩৪) আমি এইটো ভবা উচিত নহয় যে জগতখন শেষ হʼবলৈ এতিয়াও সময় আছে। কিন্তু আমি মনত ৰখা উচিত যে জগতৰ একেবাৰে শেষ কালত জীয়াই আছোঁ। দিনে দিনে শেষকাল অধিক কাষ চাপি আহিছে। (১ পিতৰ ৪:৭) কেতিয়াবা আমি ভাবিব পাৰোঁ যে কিছুমান দেশত শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ ফলত অলপহে লোক সত্যত আহিছে তথাপিও আমি আনক একেৰাহে সাক্ষী দিয়া উচিত কিয়নো ই এক সতৰ্কবাণী।—যিহি. ৩৩:৭-৯.
৫ শেষকালৰ সম্পৰ্কে বিবেচনা কৰিবলগীয়া প্ৰশ্নসমূহ হৈছে: ‘যীচুৱে দিয়া শিষ্য বনোৱা আজ্ঞাক মই গভীৰভাৱে লৈছোঁনে? ঈশ্বৰৰ ৰাজ্য যে বাস্তৱ তাক মই দৃঢ় নিশ্চয়তাৰে শুভবাৰ্ত্তাত প্ৰকাশ কৰোঁনে? এই জীৱন ৰক্ষক প্ৰচাৰ কাৰ্য্যত যিমান সম্ভৱ হয় সিমান বেছি সময় কটাবলৈ থিৰাং কৰিছোঁনে?’ জগতৰ শেষ সময় একেবাৰে ওচৰত থকা বুলি জানি আমাৰ প্ৰচাৰ কাৰ্য্য, শিক্ষা দিয়া আৰু নিজৰ বিষয়ে সাৱধান হোৱা উচিত। এইদৰে কৰাৰ দ্বাৰা আমি নিজকে আৰু আমাৰ বাৰ্ত্তা শুনোতাসকলৰ জীৱন ৰক্ষা কৰিব পাৰিম। (১ তীম. ৪:১৬) আমি সকলোৱে শুভবাৰ্ত্তা প্ৰচাৰত কেনেকৈ নিজৰ নিশ্চয়তাক দৃঢ় কৰিব পাৰিম?
৬ থিচলনীকীয়া মণ্ডলীৰ ভাই-ভনীসকলক অনুকৰণ কৰক: পাঁচনি পৌলে থিচলনীকীয়াত থকা ভাইসকলৰ কঠোৰ পৰিশ্ৰমৰ কথা স্মৰণ কৰি এইদৰে কৈছিল: “আমাৰ শুভবাৰ্ত্তা কেৱল বাক্যেৰে নহৈ, শক্তি, পবিত্ৰ আত্মা, আৰু সম্পূৰ্ণ নিশ্চয়তাৰে তোমালোকৰ মাজত উপস্থিত হʼল; আমি তোমালোকৰ অৰ্থে তোমালোকৰ প্ৰতি কেনে লোক আছিলোঁ, তাক তোমালোকেও জানা। আৰু তোমালোকে বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দেৰে বাক্য গ্ৰাহ্য কৰি, আমাৰ আৰু প্ৰভুৰো এনে অনুকাৰী হলা।” (১ থিচ. ১:৫, ৬) সেইবাবে পৌলে থিচলনীকীয়া মণ্ডলীক, তেওঁলোকৰ ক্লেশৰ স্বত্বেও উৎসাহ আৰু সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰচাৰ কৰাৰ বাবে প্ৰশংসা কৰিছিল। তেওঁলোকক এইদৰে প্ৰচাৰ কৰাত কিহে সহায় কৰিছিল? প্ৰচাৰৰ কাৰ্য্যৰ প্ৰতি থকা পাঁচনি পৌল আৰু তেওঁৰ সহযোগীসকলৰ উৎসাহ, নিশ্চয়তা আৰু সঠিক মনোবৃত্তিয়ে তেওঁলোকক সহায় কৰিছিল। থিচলনীকীয়াত থকা ভাই-ভনীসকলক পৌল আৰু তেওঁৰ সহযোগীসকলৰ কাৰ্য্যই কেনেকৈ প্ৰভাৱিত কৰিছিল?
৭ কিয়নো তেওঁলোকে দেখিবলৈ পাইছিল যে পৌল আৰু তেওঁৰ সহযোগীসকলে শুভবাৰ্ত্তাৰ বাবে যাতনা ভুগীবলৈও ইচ্ছুক আছিল। এইটো স্পষ্টৰূপে প্ৰমাণ দিছিল যে তেওঁলোকৰ ওপৰত ঈশ্বৰৰ আত্মা আছে আৰু তেওঁলোকে যি প্ৰচাৰ কৰিছিল তাত সম্পূৰ্ণ হৃদয়ৰে বিশ্বাস কৰিছিল। পৌল আৰু চীলে থিচলনীকীয়াত অহা পূৰ্বেই ফিলিপত আছিল আৰু তাত তেওঁলোকে পৈশাৱিক অত্যাচাৰৰ সন্মূখীন হʼবলগীয়া হৈছিল। তেওঁলোকৰ কোনো যথাৰ্থ অভিযোগ নোপোৱাৰ স্বত্তেও তেওঁলোকক বেতেৰে কোবোৱা, ফাটেকত দিয়া আৰু তেওঁলোকৰ ভৰি কুন্দাত বন্ধ কৰিছিল। এই পৈশাৱিক অত্যাচাৰে শুভবাৰ্ত্তাৰ প্ৰতি থকা তেওঁলোকৰ উৎসাহ হ্ৰাস কৰিব নোৱাৰিলে। কিন্তু এনে পৰিস্থিতিত তেওঁলোকক যিহোৱাই কেতিয়াও ত্যাগ কৰা নাছিল, ঈশ্বৰে তেওঁলোকক মুক্তি কৰিলে। সেই ঘটনাই তেওঁলোকক ফাটেকৰ দাৰোগা আৰু তেওঁৰ পৰিয়ালবৰ্গৰ লোকসকলক শুভবাৰ্ত্তা দিবলৈ পথ মুকলি কৰিলে। এইদৰে এই ভাইসকলে একেৰাহে প্ৰচাৰ কৰি থাকিল।—পাঁচ. ১৬:১৯-৩৪.
৮ ঈশ্বৰৰ আত্মাৰ দ্বাৰা শুভবাৰ্ত্তা প্ৰচাৰত দৃঢ় নিশ্চয়তা হৈ পৌলে থিচলনীকীয়াত ভ্ৰমণ কৰিছিল। তাত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ আৱশ্যকতাক পূৰ কৰাৰ বাবে পৰিশ্ৰম কৰে আৰু থিচলনীকীয়াত থকা লোকসকলক সত্যৰ শিক্ষা দিয়া কাৰ্য্যত সম্পূৰ্ণৰূপে ব্যস্ত থাকে। যি কোনো পৰিস্থিতি নহওঁক কিয় তেওঁ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ অৱহেলা কৰা নাছিল। (১ থিচ. ২:৯) পৌলে দৃঢ় নিশ্চয়তাৰে প্ৰচাৰ কৰাৰ ফলস্বৰূপে তাত থকা লোকসকলৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পৰে, যাৰ বাবে তেওঁলোকৰ কিছুমানে মূৰ্ত্তিপূজা ত্যাগ কৰি সত্য ঈশ্বৰ যিহোৱাৰ উপাসক হৈ পৰিল।—১ থিচ. ১:৮-১০.
৯ যেতিয়া থিচলনীকীয়াৰ মণ্ডলীৰ ভাই-ভনীসকলে সত্য আৰু আশীৰ্ব্বাদসমূহক জানিব পাৰিছিল তেতিয়া তেওঁলোকে আগ্ৰহী হৈ ইয়াক স্বীকাৰ কৰি আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ উৎসাহিত হৈছিল। সেইবাবে নতুনকৈ হোৱা বিশ্বাসীসকলৰ ওপৰত যিয়ে উৎপীড়ন নহওঁক কিয় তেওঁলোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰাত একোৱে বাধা দিব নোৱাৰিছিল। তেওঁলোকে ইমানেই সক্ৰিয় হৈছিল যে তেওঁলোকৰ বিশ্বাস আৰু ব্যগ্ৰতা মেচিদোনিয়াত থকা আন আন ভাগত আৰু আশায়ালৈকে বিয়পি পৰিছিল। সেইবাবে পৌলে থিচলনীকীয়া মণ্ডলীৰ বাবে লিখা তেওঁৰ প্ৰথম পত্ৰত এইদৰে লিখিছিল, যে তেওঁলোকৰ ভাল কাৰ্য্যৰ ফলত সকলো ঠাইত জনাজাত হৈ পৰিছে। (১ থিচ. ১:৭) ই কি যে এক উত্তম উদাহৰণ!
১০ ঈশ্বৰ আৰু লোকসমূহৰ প্ৰতি প্ৰেমৰ দ্বাৰা আগ্ৰহী হওঁক: বৰ্তমান সময়তো প্ৰচাৰ কৰোঁতে আমি থিচলনীকীয়াত থকা ভাইসকলৰ দৰে ব্যক্তিগতৰূপে দৃঢ় বিশ্বাস কেনেকৈ বজাই ৰাখিব পাৰোঁ? সেইবাবে পৌলে লিখিছিল: ‘আমি তোমালোকৰ বিশ্বাসৰ কাৰ্য্য, প্ৰেমৰ পৰিশ্ৰম . . . নিৰন্তৰে সুঁৱৰোঁ।’ (১ থিচ. ১:২) তেওঁলোকে এনে কাৰ্য্য এইবাবে কৰিব পাৰিছিল কিয়নো যিহোৱা আৰু তেওঁলোকে প্ৰচাৰ কৰা লোকসকলৰ প্ৰতি গভীৰ প্ৰেম আছিল। সেই একেই প্ৰেমে পৌল আৰু তেওঁৰ সহগামীসকলক থিচলনীকীয়া মণ্ডলীৰ বাবে “কেৱল ঈশ্বৰৰ শুভবাৰ্ত্তা নহয়, . . . নিজ নিজ প্ৰানো . . . দিবলৈ” উৎসাহিত কৰিছিল।—১ থিচ. ২:৮.
১১ ঠিক সেইদৰে, যিহোৱা আৰু আমাৰ সঙ্গী মানৱৰ প্ৰতি থকা প্ৰেমে ঈশ্বৰে কৰিবলৈ দিয়া প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লবলৈ আমাক আগ্ৰহী কৰে। এই প্ৰেমৰ দ্বাৰা আমি জানিব পাৰিছোঁ যে ঈশ্বৰে দিয়া শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য সকলো ঠাইতে বিস্তাৰিত কৰাতো আমাৰ ব্যক্তিগত দায়ীত্ব। যিহোৱাই আমাক ‘প্ৰকৃত জীৱনলৈ’ লৈ যাবৰ বাবে যি উত্তম আৰু প্ৰশংসনীয় কাৰ্য্য কৰিছে তাক আমি বিবেচনা কৰা আৱশ্যক। ইয়ে আমি সম্পূৰ্ণ হৃদয়ৰে বিশ্বাস কৰা সেই সত্যৰ বিষয়ে আনক কবলৈ পৰিচালিত কৰিব।—১ তীম. ৬:১৯.
১২ যেতিয়া আমি নিজকে প্ৰচাৰ কাৰ্য্যত ব্যস্ত ৰাখিম, এই কাৰ্য্যই আমাক ঈশ্বৰ আৰু লোকসমূহৰ প্ৰতি প্ৰেম বৃদ্ধি কৰাত সহায় কৰিব। সেই প্ৰেমে ঘৰে-ঘৰে আৰু সকলো স্থানত প্ৰচাৰ কৰিবলৈ উত্তেজিত কৰিব। তেতিয়া আমাৰ সম্বন্ধীয়, ওচৰ-চুবুৰীয়া আৰু আমাৰ পৰিচিত ব্যক্তিৰ সৈতে অনিয়মীতৰূপে সাক্ষী দিবলৈ আমি সকলো সুযোগ লʼম। যিহেতু বেছিভাগ লোকে আমি প্ৰচাৰ কৰা বাৰ্ত্তাক গ্ৰহণ নকৰিবও পাৰে কিন্তু কম সংখ্যক লোকেহে ৰাজ্যৰ বাৰ্ত্তাক স্বীকাৰ কৰিব তেতিয়াও আমি অতিশয়ৰূপে আনন্দ অনুভৱ কৰিম। কিয়? কিয়নো আমি জানো যে সকলোকে ৰাজ্যৰ বিষয়ে সাক্ষী দিবলৈ আৰু তেওঁলোকক উদ্ধাৰ পাবলৈ সহায় কৰাত আমি আমাৰ সকলো প্ৰচেষ্ঠা কৰিছোঁ। ধাৰ্ম্মিকলোকক বিচাৰি পোৱাৰ এই প্ৰচেষ্টাত যিহোৱাই আমাক আশীৰ্ব্বাদ কৰিব। তাৰ বিপৰীতে চয়তানে নানা পৰীক্ষা আনি আমাৰ আনন্দ কাঢ়ি লʼবলৈ বিচাৰিব। কিন্তু আমি তেনে পৰিস্থিতিতো আমাৰ দৃঢ় নিশ্চয়তাক বজাই ৰাখিম আৰু উৎসাহিত হৈ সাক্ষী দিবলৈ সক্ষম হʼম। যেতিয়া তেনেদৰে কৰিবলৈ চেষ্টা কৰিম তাৰ ফলস্বৰূপে আমি থিচলনীকীয়া মণ্ডলীৰ দৰে উৎসাহিত হʼব পাৰিম।
১৩ পৰীক্ষাৰ সময়ত আশ্বাস এৰি নিদিব: যেতিয়া আমি নানা প্ৰকাৰৰ পৰীক্ষাৰ সন্মূখীন হওঁ তেতিয়াও আমাৰ বিশ্বাস দৃঢ় থকা আৱশ্যক। (১ পিত. ১:৬, ৭) কিয়নো যীচুৱে, তেওঁক অনুকৰণ কৰা শিষ্যসকলক স্পষ্টৰূপে আগতীয়াকৈ কৈছিল যে “তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) ঠিক একেদৰে পৌল আৰু চীলে ফিলিপী নগৰত থাকোঁতে অনুভৱ কৰিছিল। পাঁচনিৰ কৰ্ম্ম ১৬ অধ্যয়ত বৰ্ণনা কৰিছে পৌল আৰু চীলক ভিতৰৰ বন্দীশাললৈ সুমুৱাই নি তেওঁলোকৰ ভৰি কুন্দাত বন্ধ কৰিছিল। সাধাৰণতে বন্দীশাল দুটা ভাগত ভাগ কৰা থাকে ভিতৰৰ বন্দীশাল আৰু বাহিৰৰ বন্দীশাল। বাহিৰৰ বন্দীশালত বাহিৰৰ পৰা পোহৰ আৰু বতাহ আহিব পৰা বাট থাকে, কিন্তু ভিতৰৰ বন্দীশালত তেনে কোনো ব্যৱস্থা নাথাকে কিয়নো এই বন্দীশাল মাটিৰ তলত থাকে। পৌল আৰু চীলক ভিতৰৰ বন্দীশালত ৰখা হৈছিল যʼত তেওঁলোকে অন্ধকাৰ, গৰম আৰু দুৰ্গন্ধ সহন কৰিবলগীয়া হৈছিল। কুন্দাত তেওঁলোকৰ হাত-ভৰি সন্মূখলৈ বান্ধি ৰখাৰ ফলত হোৱা পিঠিৰ বিষ আৰু তেওঁলোকৰ ক্ষত স্থানৰ তেজ বিৰিঙি থকা পৰিস্থিতিৰ বিষয়ে আপুনি কল্পনা কৰিব পাৰিবনে?
১৪ এই সকলো পৰীক্ষাৰ সন্মূখীন হোৱা স্বত্তেও পৌল আৰু চীলে বিশ্বাসত দৃঢ় হৈ থাকিল। তেওঁলোকে এই সকলো যাতনাৰ মাজত থাকিও যিহোৱা ঈশ্বৰৰ প্ৰতি দৃঢ় বিশ্বাসক প্ৰকাশ কৰিলে। তেওঁলোকৰ দৃঢ় বিশ্বাসৰ সম্পৰ্কে পাঁচনিৰ কৰ্ম্ম ১৬:২৫ পদত বৰ্ণনা কৰিছে। উক্তপদত কোৱা হৈছে যে পৌল আৰু চীলে “ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি গীত গাইছিল।” যদিও ভিতৰৰ বন্দীশালত আছিল তেওঁলোকে নিশ্চিত হৈছিল যে তেওঁলোকৰ গীতৰ বাবে ঈশ্বৰৰ সন্মতি আছে আৰু যাৰ বাবে আন বন্দীসকলে শুনিব পৰাকৈ উচ্চ স্বৰত গীত গাব পাৰিছিল! সেই একেদৰে আজিৰ সময়তো আমি যেতিয়া কোনো পৰীক্ষাৰ সন্মূখীন হওঁ তেনেধৰণৰ দৃঢ় বিশ্বাস দেখুৱা আৱশ্যক।
১৫ চয়তানে আমাৰ ওপৰত বিভিন্ন প্ৰকাৰে পৰীক্ষা আনিব পাৰে। কিছুমানৰ ওপৰত হয়তো তেওঁলোকৰ পৰিয়াল, আইন আৰু ধৰ্ম্মত্যাগীসকলৰ পৰা পৰীক্ষা আহিব পাৰে। তাৰ ওপৰিও কিছুমানে কেনেকৈ অৰ্থিক সমস্যাৰ সন্মূখীন হʼব আৰু পৰিয়ালক কেনেকৈ পোহপাল দিব সেই বিষয়ে চিন্তিত হʼব পাৰে। ডেকাসকলক হয়তো স্কুলৰ সহপাঠীয়ে কৰা বেয়া কাৰ্য্যত ভাগ লবলৈ হেঁচা দিব পাৰে। এনে পৰীক্ষাসমূহত আমি কেনেকৈ সফলতাৰে সন্মূখীন হʼব পাৰিম? এনে বিষয়ত দৃঢ় বিশ্বাস দেখুৱাবলৈ কিহৰ প্ৰয়োজন?
১৬ এনে পৰীক্ষাসমূহত সন্মূখীন হʼবলৈ প্ৰথমতে আমি যিহোৱাৰ সৈতে এক গভীৰ সম্পৰ্ক বজাই ৰখা উচিত। যেতিয়া পৌল আৰু চীলে ভিতৰৰ বন্দীশালত বন্দী হৈ আছিল তেতিয়া তেওঁলোকৰ ওপৰত হোৱা অন্যায় আৰু অত্যাচাৰৰ কাৰণে আপত্তি বা অনুতাপ কৰি সেই সময়খিনি ব্যৱহাৰ কৰা নাছিল। তাৰ পৰিৱৰ্ত্তে তেওঁলোকে কোনো পলম নকৰাকৈ সেই সময়ত ঈশ্বৰলৈ প্ৰাৰ্থনা আৰু গীত গান কৰিছিল। কিয় তেনে কৰিছিল? কিয়নো স্বৰ্গীয় পিতৃৰ সৈতে তেওঁলোকৰ গভীৰ সম্পৰ্ক আছিল। তেওঁলোকে জানিছিল যে ধৰ্ম্মিকতাৰ বাবে তেওঁলোকক এনে যাতনা দিয়া হৈছে আৰু মাত্ৰ যিহোৱাই হে উদ্ধাৰ কৰিব পাৰে।—গীত. ৩:৮.
১৭ যেতিয়া কোনো পৰীক্ষাৰ সন্মূখীন হওঁ সেই একেদৰে আমিও যিহোৱাৰ ওচৰত সহায় বিচাৰি নিৱেদন কৰা আৱশ্যক। পৌলে আমাক উৎসাহিত কৰি কৈছিল, ‘আমাৰ যাচ্না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওঁক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, . . . আমাৰ হৃদয় আৰু মতিক পহৰা দিব।’ (ফিলি. ৪:৬, ৭) যিহোৱাই যে আমাক পৰীক্ষাৰ সময়ত কেতিয়াও অকলে এৰি নিদিয়ে, এই কথাই আমাক কিমান যে মানসিক সন্তোষ দিয়ে! (যিচ. ৪১:১০) আমি দৃঢ় বিশ্বাসেৰে সেৱা কৰি থকালৈকে যিহোৱা আমাৰ সঙ্গী হৈ থাকিব।—গীত. ৪৬:৭.
১৮ বিশ্বাস প্ৰকাশ কৰা আন এক মুখ্য সজুঁলি হৈছে যিহোৱাৰ কাৰ্য্যত সদায়ে নিজকে ব্যস্ত ৰখা। (১ কৰি. ১৫:৫৮) পৌল আৰু চীলক বন্দীশালত এইবাবে ৰখা হৈছিল কিয়নো তেওঁলোকে নিজকে প্ৰচাৰ কাৰ্য্যত ব্যস্ত ৰাখিছিল। তেওঁলোকৰ ওপৰত অহা অত্যাচাৰৰ বাবে প্ৰচাৰ কাৰ্য্য ত্যাগ কৰিছিলনে? অৱশ্যে নহয়, কিয়নো তেওঁলোকে বন্দীশালত থকা সময়ত আৰু তাৰ পৰা মুক্তি পোৱাৰ পাছতো প্ৰচাৰ কৰিছিল। ইয়াৰ প্ৰমাণস্বৰূপে তেওঁলোকে থিচলনীকীয়াত থকা যিহুদীসকলৰ নামঘৰত গৈ ‘শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই ভাঙি বুজাই দিছিল।’ (পাঁচ. ১৭:১-৩) যদি যিহোৱালৈ আমাৰ দৃঢ় সিদ্ধান্ত বা বিশ্বাস আৰু সত্যৰ প্ৰতি দৃঢ় নিশ্চয়তা থাকে, তেন্তে “আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা . . . কোনো সৃষ্ট বস্তুৱে আমাক বিছিন্ন কৰিব নোৱাৰে।”—ৰোমী. ৮:৩৫-৩৯.
১৯ বৰ্তমান সময়ৰ দৃঢ় নিশ্চয়তাৰ উদাহৰণসমূহ: বৰ্তমান সময়ত আমাৰ বহুতো ভাই-ভনীয়ে পৌল আৰু চীলৰ দৰে দৃঢ় বিশ্বাসৰ প্ৰমাণ দিছে। উদাহৰণস্বৰূপে আউছ্উইট্জ যাতনা শিবীৰত ৰক্ষা পোৱা এগৰাকী ভনীয়ে কৈছিল যে সেই শিবীৰত আমাৰ বহুতো ভাই-ভনীয়ে তেওঁলোকৰ অটল বিশ্বাস আৰু দৃঢ় নিশ্চয়তাৰ প্ৰমাণ দিছিল। আৰু তাই এইদৰে কৈছিল: “যাতনা শিবীৰত থকা সময়ত মোৰ ওচৰলৈ এজন অফিচাৰে আহি অতি খঙেৰে কৈছিল, ‘আমি তোমালোকৰ সৈতে কি কৰিব পাৰোঁ? আমি এৰেষ্ট কৰিলেও তোমালোকে একো অনুভৱ নকৰা, আমি কাৰাগাৰত ৰাখিলেও তোমালোকে অলপো কেৰেপ নকৰা। আমি যাতনা শিবীৰত পঠালেও তোমালোকে একোটেই চিন্তা নকৰা, মৃত্যুদণ্ড দিয়া সময়তো আওকণীয়াভাৱে থাকা। আমি তোমালোকৰ সৈতে কি কৰিম?’” সেই অমানুষিক যাতনাৰ স্বত্তেও ভাইসকলৰ অটল বিশ্বাসে আমাৰ বিশ্বাসক কিমান যে দৃঢ় কৰে! এনে যাতনাতো তেওঁলোকে সহন কৰিবলৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিছিল।
২০ কিছু বছৰৰ আগতে আমাৰ ভাইসকলে সন্মূখীন হোৱা জাতিগত সঙ্ঘৰ্ষৰ কথা স্মৰণ কৰিব পাৰোঁ। আমাৰ বহুতো ভাই-ভনীয়ে বিপদজনক পৰিস্থিতিত আছিল। যদিও তেওঁলোকে বিপদজনক পৰিস্থিতিত আছিল, মুখ্য ভূমিকা লোৱা ভাইসকলে আন ভাই-ভনীসকলক বিশ্বাসত দৃঢ় হৈ থাকিবলৈ আধ্যাত্মিক আহাৰৰ যোগান ধৰাত আগভাগ লৈছিল। তেওঁলোকৰ সকলোৱে আজিলৈকে বিশ্বাসী হৈ আছে আৰু সম্পূৰ্ণ দৃঢ় নিশ্চয়তা আছে যে ‘তেওঁলোকৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহʼব।’—যিচ. ৫৪:১৭.
২১ যিসকলৰ সঙ্গী সত্যত নাই আমাৰ তেনে বহুতো ভাই-ভনীয়ে, তেওঁলোকৰ ধৈৰ্য্য আৰু দৃঢ় নিশ্চয়তাৰ প্ৰমাণ দিছে। গৌড্লৌপ দেশত থকা এজন ভায়ে সত্যত নথকা তেওঁৰ পত্নীৰ পৰা কঠোৰ বিৰুদ্ধীতাৰ সন্মূখীন হʼবলগীয়া হৈছিল। তেওঁৰ পত্নীয়ে সাজ-পোচাক নোধোৱা, ইস্ত্ৰী নকৰা, আহাৰ তৈয়াৰ নকৰা, আৰু তেওঁৰ সৈতে কটু ব্যৱহাৰ কৰি তেওঁক নিৰুৎসাহী কৰিবলৈ আৰু সভাত উপস্থিত হোৱাৰ পৰা বিৰত ৰাখিবলৈ বহু ধৰণৰ মানসিক কষ্ট দিছিল। আনকি বহু সময় ধৰি পত্নীয়ে তেওঁৰ সৈতে কথা-বতৰাও নাপাতিছিল। কিন্তু ঈশ্বৰৰ সেৱাত সম্পূৰ্ণ বিশ্বাস প্ৰকাশ কৰি যিহোৱালৈ সহন কৰিবলৈ সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল, তাৰ ফলস্বৰূপে তেওঁ সহন কৰিবলৈ সক্ষম হৈছিল। আপুনি জানেনে কিমান বছৰলৈকে সহন কৰিবলগীয়া হৈছিল? প্ৰায় ২০ বছৰ, তাৰ পাছত ক্ৰমান্বয়ে তেওঁৰ পত্নীয়ে নিজৰ মন পৰিৱৰ্তন কৰে। অৱশেষত তেওঁৰ পত্নীয়ে সত্যক গ্ৰহণ কৰে আৰু ভাইজনে প্ৰকৃত আনন্দ লাভ কৰে।
২২ স্কুল-কলেজত পঢ়া ডেকা ভাই-ভনীসকলৰ দৃঢ় বিশ্বাসৰ বিষয়ে আমি পাহৰি যোৱা উচিত নহয়। কিয়নো তেওঁলোকে নিতৌ সহপাঠীসকলৰ হেচাঁ আৰু বিভিন্ন প্ৰত্যাহ্বানৰ সন্মূখীন হয়। স্কুলত পঢ়া এনে এগৰাকী কিশোৰী ভনীৰ কথা বিবেচনা কৰক, যি গৰাকীয়ে কয়: “যেতিয়া আপুনি স্কুলত পঢ়ে তেতিয়া সকলো সহপাঠীয়ে নিতৌ অলপ মাত্ৰাত হʼলেও বেয়া কাৰ্য্য কৰিবলৈ হেচাঁ দিয়ে। যদি আপুনি তেওঁলোকে কোৱা অনুসাৰে কাৰ্য্য কৰে, তেনেহʼলে সেই সহপাঠীসকলে আপোনাক সন্মান কৰিব।” আমাৰ কিশোৰ-কিশোৰীসকলে কিমান যে হেচাঁৰ সন্মূখীন হʼবলগীয়া হয়! গতিকে তেওঁলোকে সকলো প্ৰলোভনক বাধা দিবলৈ নিজৰ মন আৰু হৃদয়ত দৃঢ় সংকল্প লোৱা উচিত।
২৩ আমাৰ বহুতো কিশোৰ-কিশোৰীয়ে কঠোৰ পৰীক্ষাৰ মাজতো তেওঁলোকৰ নিষ্ঠা বজাই ৰাখিছে। উদাহৰণস্বৰূপে ফ্ৰান্সত থকা এগৰাকী ভনীয়ে স্কুলত দুপৰীয়াৰ জিৰণীৰ সময়ত কিছুমান লʼৰাই ভনীজনীৰ পৰা চুমা লʼবলৈ বল প্ৰয়োগ কৰে। তেনে পৰিস্থিতিত তাই যিহোৱালৈ প্ৰাৰ্থনা কৰে আৰু দৃঢ়ভাৱে বাধা দিয়ে, তেতিয়া লʼৰাবোৰে তাইক অকলশৰীয়াকৈ এৰি গুছি যায়। পাছত সেই লʼৰাবোৰৰ মাজৰ এজনে আহি তাইৰ সাহসৰ বাবে প্ৰশংসা কৰে। ভনীজনীয়ে সেই লʼৰাজনক ঈশ্বৰৰ ৰাজ্য আৰু তেওঁ প্ৰৱন্ধ কৰা উচ্চ নৈতিক স্তৰৰ বিষয়ে বৰ্ণনা কৰি এক উত্তম সাক্ষী দিয়ে আৰু কয় যে যিসকলে ঈশ্বৰৰ আশীৰ্ব্বাদ পাবলৈ বিচাৰে তেওঁলোকে সেই সকলোবোৰ পালন কৰা আৱশ্যক। স্কুলত থকা সময়ছোৱাত তাইৰ ক্লাচৰ সকলোকে নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰে।
২৪ যিহোৱাই যিসকলক তেওঁৰ ইচ্ছাৰ বিষয়ে দৃঢ় বিশ্বাসেৰে কবলৈ ব্যৱহাৰ কৰে তেওঁলোকৰ মাজৰে এজন হোৱাটো আমাৰ বাবে কিযে বহুমূলীয়া বিশেষ অধিকাৰ! (কল. ৪:১২) তাৰ উপৰিও, আমাৰ ওচৰত সিংহৰূপী চয়তানে কৰা আক্ৰমণত আমাৰ নিষ্ঠা বজাই ৰখাৰ এক উত্তম সুযোগ আছে। (১ পিত. ৫:৮, ৯) আমি কেতিয়াও পাহৰিৰ নালাগিব যে যিসকলে ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰে আৰু যিসকলে গ্ৰহণ কৰে উভয়কে যিহোৱাই উদ্ধাৰ কৰিব। সেইবাবে আমি লোৱা সিদ্ধান্ত আৰু আমাৰ জীৱন প্ৰণালীৰে এইটো প্ৰমাণ কৰিম যে আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিছোঁ। আহঁক আমি দৃঢ় নিশ্চয়তাৰে শুভবাৰ্ত্তাক প্ৰচাৰ কৰোঁহঁক!