পাঠ ৮২
যীচুৱে প্ৰাৰ্থনা কৰিবলৈ শিকালে
ফৰীচীসকলে সকলো কাম আনৰ প্ৰশংসা পাবলৈ কৰিছিল। তেওঁলোকে আনক দেখুৱাবলৈ লোকসকলক সহায় কৰিছিল, তেওঁলোকে এনে ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰিছিল, যʼত সকলোৱে তেওঁলোকক চাব পাৰিছিল। তেওঁলোকে দীঘল দীঘল প্ৰাৰ্থনা মুখস্থ কৰি লৈছিল; সভাঘৰ আৰু বজাৰত সেই প্ৰাৰ্থনাবোৰ বাৰে বাৰে কৰিছিল যাতে লোকসকলে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব পাৰে। সেইবাবে, লোকসকলে আচৰিত হৈছিল, যেতিয়া যীচুৱে তেওঁলোকক এইদৰে কʼলে, ‘তোমালোকে ফৰীচীসকলৰ দৰে প্ৰাৰ্থনা নকৰিবা, তেওঁলোকে ভাবে যে দীঘল দীঘল প্ৰাৰ্থনা কৰিলে ঈশ্বৰক আনন্দিত কৰিব পাৰি। কিন্তু ইয়াৰ পৰা ঈশ্বৰ আনন্দিত নহয়। প্ৰাৰ্থনা মাত্ৰ তোমাৰ আৰু যিহোৱাৰ মাজত হোৱা এক ব্যক্তিগত কথা আৰু একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা। কিয়নো তুমি নিজৰ মনৰ কথা তেওঁক জনোৱাটো যিহোৱাই বিচাৰে।
তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা উচিত, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক। তোমাৰ ৰাজ্য আহক; যেনেকৈ স্বৰ্গত তোমাৰ ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক।”’ যীচুৱে তেওঁলোকক এয়াও কʼলে যে তেওঁলোকে প্ৰতিদিনৰ আহাৰৰ কাৰণে, পাপৰ ক্ষমাৰ কাৰণে আৰু নিজৰ জীৱনৰ আন আন বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰা উচিত।
যীচুৱে কʼলে, ‘তোমালোকে প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নেৰিবা। নিজৰ পিতৃ যিহোৱাৰ পৰা ভাল বস্তু খুজি থাকা। এজন পিতৃয়ে নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিয়াটো বিচাৰে। যদি তোমাৰ সন্তানে আহাৰ বিচাৰে, তেনেহʼলে তুমি তাক নিশ্চয় শিল নিদিয়া? যদি মাছ খোজে, তেনেহʼলে তুমি তাক নিশ্চয় সাপ নিদিয়া?’
তাৰ পাছত যীচুৱে তেওঁলোকক বুজালে, ‘তোমালোকে যদি নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিব জানা, তেনেহʼলে তোমালোকৰ পিতৃয়ে তোমালোকক পবিত্ৰ শক্তি নিদিব নে? তোমালোকে কেৱল তেওঁক খুজি থকাৰ প্ৰয়োজন আছে।’ তোমালোকে যীচুৰ এই পৰামৰ্শ পালন কৰা নে? তোমালোকে কি কি বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰা?
“খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব।”—মথি ৭:৭