ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৫৮
  • যিহোৱাৰ বিশ্বাসী হৈ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ বিশ্বাসী হৈ থাকক
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • ধৰ্মবোৰে কেনেকৈ মানুহক ঈশ্বৰৰপৰা দূৰ কৰিছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ধৰ্মবিলাকৰ কি হʼব?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • আমি যিহোৱাক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৫৮
পাঠ ৫৮. অধিৱেশনলৈ অহা যিহোৱাৰ সাক্ষীসকলক কিছুমান ধৰ্মত্যাগীয়ে ঠাট্টা কৰিছে। এটা সাক্ষী পৰিয়ালে তেওঁলোকৰ কথাবোৰলৈ ধ্যান নিদিয়াকৈ অধিৱেশনলৈ গৈ আছে।

পাঠ ৫৮

যিহোৱাৰ বিশ্বাসী হৈ থাকক

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

সত্য খ্ৰীষ্টানসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰে আৰু যিকোনো পৰিস্থিতিত তেওঁৰ সেৱা কৰিবলৈ ঠিৰাং কৰিছে। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনিও এইদৰে কৰিব বিচাৰে আৰু ইয়াৰ বাবে যিহোৱাই আপোনাৰ মূল্যাংকন কৰে। (১ বংশাৱলি ২৮:৯ পঢ়ক।) কিন্তু কেনে পৰিস্থিতিত যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আপোনাৰ বাবে কঠিন হʼব পাৰে? এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

১. যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ কেনে লোকসকলৰ বাবে কঠিন হʼব পাৰে?

যিহোৱাৰ সেৱা কৰিবলৈ কিছুমান লোকে আমাক বাধা দিব পাৰে। এইদৰে কোনে কৰে? কিছুমান লোকে সত্য এৰি দিলে আৰু তেওঁলোকে এতিয়া আমাৰো বিশ্বাস দুৰ্বল কৰিব বিচাৰে। সেইবাবে, তেওঁলোকে সংগঠনৰ বিষয়ে মিছা কথা প্ৰচাৰ কৰে। এই লোকসকলক ধৰ্মত্যাগী বুলি কোৱা হয়। ইয়াৰ উপৰিও, কিছুমান ধৰ্ম গুৰুৱে সাক্ষীসকলৰ বিষয়ে মিছা কথা কয় যাতে মণ্ডলীৰ লোকসকলে তেওঁলোকৰ কথা শুনি সত্য এৰি দিয়ে। যদি আমি এই লোকসকলৰ লগত তৰ্ক কৰোঁ, তেওঁলোকৰ ব্লক বা কিতাপ পঢ়োঁ আৰু তেওঁলোকৰ ৱেবছাইটলৈ যাওঁ বা ভিডিঅʼ চাওঁ, তেনেহʼলে আমি বিপদত পৰিব পাৰোঁ। যীচুৰ সময়তো কিছুমান ধৰ্ম গুৰুৱে যিহোৱাৰ সেৱা কৰিবলৈ লোকসকলক বাধা দিছিল। তেওঁলোকৰ বিষয়ে যীচুৱে এইদৰে কৈছিল, “তেওঁবিলাকক এৰি দিয়া; তেওঁবিলাক অন্ধ পথদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”—মথি ১৫:১৪.

২. নিজৰ নিৰ্ণয়ৰ যোগেদি আমি যিহোৱাৰ বিশ্বাসী হৈ আছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

যদি আমি যিহোৱাক প্ৰেম কৰোঁ, তেনেহʼলে আমি মিছা ধৰ্মৰ লগত কোনো সম্পৰ্ক নাৰাখিম। সেইবাবে, আমি চিন্তা কৰা উচিত যে আমি যি চাকৰি কৰোঁ, যি সংগঠন বা সংস্থাৰ সদস্য হওঁ বা আমি যিয়েই নকৰোঁ কিয়, সেয়া মিছা ধৰ্মৰ লগত জড়িত আছেনে। যিহোৱাই আমাক স্পষ্টকৈ কৈছে, “হে মোৰ লোকসকল, তোমালোকে [বাবিল মহা-নগৰৰপৰা] ওলাই আহাঁ।”—প্ৰকাশিত বাক্য ১৮:২, ৪.

গভীৰভাৱে ধ্যান কৰক

আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰোঁ। কিন্তু তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ আমি কি কৰিব পাৰোঁ? বাবিল মহা-নগৰৰপৰা ওলাই আহি আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি যিহোৱাৰ বিশ্বাসী হৈ আছোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. মিছা শিক্ষকৰপৰা সাৱধানে থাকক

যদি কোনোবাই যিহোৱাৰ সংগঠনৰ বিষয়ে কিবা কয়, তেনেহʼলে আমি কি কৰা উচিত? হিতোপদেশ ১৪:১৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি সকলো কথা কিয় সহজে বিশ্বাস কৰা উচিত নহয়?

দ্বিতীয় যোহন ৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ধৰ্মত্যাগীসকলৰ লগত আমি কেনেদৰে ব্যৱহাৰ কৰা উচিত?

  • যদিও পোনপটিয়াকৈ আমি ধৰ্মত্যাগীসকলৰ লগত কথা নাপাতোঁ, কিন্তু তেওঁলোকৰ শিক্ষা আমাৰ ওচৰলৈ কেনেকৈ আহিব পাৰে?

  • যিহোৱা আৰু তেওঁৰ সংগঠনৰ বিষয়ে কোৱা মিছা কথাবোৰলৈ যদি আমি ধ্যান দিওঁ, তেনেহʼলে যিহোৱাক কেনেকুৱা লাগিব?

৪. যদি কোনো ভায়ে পাপ কৰে, তেতিয়াও বিশ্বাসী হৈ থাকক

মণ্ডলীৰ কোনো ভাই বা ভনীয়ে পাপ কৰিছে বুলি যদি আমি জানোঁ, তেনেহʼলে আমি কি কৰা উচিত? ইয়াৰ বিষয়ে জানিবলৈ এটা সিদ্ধান্তলৈ মন কৰক। লেবীয়া পুস্তক ৫:১ পঢ়ক।

এই পদৰ অনুসৰি কোনোবাই গভীৰ পাপ কৰিছে বুলি যদি আমি জানোঁ, তেনেহʼলে আমি প্ৰাচীনসকলক জনোৱা উচিত। কিন্তু এইদৰে কৰাৰ আগতে আমি সেই ব্যক্তিজনৰ লগত কথা পাতিব পাৰোঁ আৰু তেওঁ যি পাপ কৰিলে, তাৰ বিষয়ে প্ৰাচীনক জনাবলৈ তেওঁক কʼব পাৰোঁ। যদি তেওঁ এইদৰে নকৰে, তেনেহʼলে আমি কি কৰিম? আমি যি জানোঁ, সেই সকলো কথা প্ৰাচীনক জনাম। কিয়নো আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰোঁ। এইদৰে কৰাৰ যোগেদি তলত উল্লেখ কৰা লোকসকলৰ প্ৰতি আমি নিজৰ প্ৰেম আৰু বিশ্বাস কেনেকৈ দেখুৱাব পাৰোঁ:

  • যিহোৱা

  • পাপ কৰা ব্যক্তি

  • মণ্ডলীৰ ভাই-ভনীসকল

ছবি: এজন ভায়ে পাপ কৰা এজন ভাইক সহায় কৰি আছে। ১. ভাইজনে কোনো এজন ভাইৰ বিষয়ে মোবাইলত কিবা চালে, সেইবাবে তেওঁ চিন্তিত হৈছে। ২. তেওঁ সেই ভাইজনক মোবাইলটো দেখুৱাইছে, কিন্তু ভাইজনে নিজৰ ভুল মানি লোৱা নাই। ৩.  তাৰ পাছত ভাইজনে নিজৰ মোবাইলটো দুজন প্ৰাচীনক দেখুৱায় আৰু তেওঁলোকক সকলো কথা খুলি কয়।

যদি এজন ভায়ে ভুল পথলৈ যায়, তেনেহʼলে তেওঁক সহায় কৰক!

৫. বাবিল মহা-নগৰৰপৰা আঁতৰি থাকক

ভিডিঅʼখন চাওক।

ভিডিঅʼ: বাবিল মহা-নগৰৰপৰা ওলাই আহা! (৫:০৬)

‘বাবিল মহা-নগৰৰপৰা ওলাই আহা!’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। এজন বাইবেল বিদ্যাৰ্থীয়ে গীৰ্জাৰ চাকৰি এৰি দিলে আৰু পুৰোহিতৰপৰা আঁতৰি গৈছে।

লূক ৪:৮ আৰু প্ৰকাশিত বাক্য ১৮:৪, ৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • মই এতিয়াও কোনো মিছা ধৰ্মৰ সদস্য হয়নে বা মোৰ নাম এতিয়াও তাত উল্লেখ আছেনে?

  • মিছা ধৰ্মৰ লগত জড়িত থকা কোনো সংগঠনৰ মই সদস্য হওঁ নে?

  • মোৰ চাকৰিৰ যোগেদি মই মিছা ধৰ্মক সমৰ্থন কৰি আছোঁ নেকি?

  • মই আৰু কিবা উপায়েৰে মিছা ধৰ্মৰ লগত জড়িত হৈ আছোঁ নে, যʼৰপৰা মই ওলাই অহা উচিত?

  • যদি মই এই প্ৰশ্নবোৰৰ ভিতৰত এটাৰো উত্তৰ হয় বুলি দিছোঁ, তেনেহʼলে মই কি সাল-সলনি কৰা উচিত?

এই সকলো পৰিস্থিতিত আপুনি এনে নিৰ্ণয় লোৱা উচিত, যাৰ যোগেদি আপোনাৰ বিবেক শুদ্ধ হৈ থাকে আৰু প্ৰকাশ হয় যে আপুনি যিহোৱাৰ প্ৰতি বিশ্বাসী।

এগৰাকী ভনী আৰু তাইৰ সৰু পুত্ৰ এখন চুপাৰ মাৰ্কেটৰপৰা ওলাই আহিছে। তাত এগৰাকী তিৰোতা থিয় হৈ আছে আৰু সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰিবলৈ চান্দা বিচাৰি আছে, কিন্তু এই কাম এনে সংগঠন বা সংস্থাই চলাইছে, যিয়ে মিছা ধৰ্মৰ লগত জড়িত আছে।

যদি কোনো সংগঠন বা সংস্থাই দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ চান্দা বিচাৰে, কিন্তু তেওঁলোক কোনো ধৰ্মৰ লগত জড়িত হৈ আছে, তেনেহʼলে আপুনি চেৰিটিৰ বাবে দান দিব নে?

কিছুমান লোকে কয়: “ধৰ্মত্যাগীসকলে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কি শিকায়, সেই বিষয়ে জানিলেহে মই তেওঁলোকক ভুল বুলি প্ৰমাণ কৰিব পাৰিম।”

  • এইদৰে ভবাটো বুদ্ধিমানৰ কাম হʼব নে? আপুনি এইদৰে কিয় ভাবে?

আমি কি শিকিলোঁ

আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰোঁ। সেইবাবে, আমি এনে সংগতি কৰাৰ পৰা আঁতৰি থকা উচিত, যিসকলে আমাক যিহোৱাৰ পৰা আঁতৰাই লৈ যাব পাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি কিয় ধৰ্মত্যাগীসকলৰ কথা শুনা উচিত নহয়?

  • যদি এজন ব্যক্তিয়ে গভীৰ পাপ কৰিছে বুলি আমি গম পাওঁ, তেনেহʼলে কি কৰা উচিত?

  • মিছা ধৰ্মৰপৰা ওলাই অহাৰ সতৰ্কবাণী আমি কেনেকৈ পালন কৰিব পাৰোঁ?

লক্ষ্য

বেছিকৈ জানক

যদি লোকসকলে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে মিছা কথা প্ৰচাৰ কৰে, তেনেহʼলে আমি কি কৰিব পাৰোঁ? আহক চাওঁ।

“আপোনাৰ ওচৰত সঠিক তথ্য আছে নে?” (প্ৰহৰীদুৰ্গ-হিন্দী, আগষ্ট ২০১৮)

কোনো এটা কাম বা সংগঠনে বাবিল মহা-নগৰক সহযোগ কৰিছে বুলি আপুনি কেনেকৈ জানিব পাৰে?

“‘শেষ-কালৰ’ শেষ সময়ত যিহোৱাৰ কামত ব্যস্ত থাকক” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ ২০১৯, অনুচ্ছেদ ১৬-১৮)

কিছুমান বিৰোধীয়ে আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ কি কৰিছিল?

তেওঁলোকৰ কথাত ভুল নাযাব (৯:৩২)

“মই লʼৰালি কালৰেপৰা ঈশ্বৰক বিচাৰি আছিলোঁ” এই জীৱন কাহিনীত এনে এজন ব্যক্তিৰ বিষয়ে কোৱা হৈছে, যি আগতে চিণ্টো ধৰ্মৰ পূজাৰী আছিল। কিন্তু তেওঁ মিছা ধৰ্মৰপৰা একেবাৰে ওলাই আহিল। আহক এই কাহিনীটো পঢ়োঁ।

“পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” (প্ৰহৰীদুৰ্গ লেখ-হিন্দী)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক