ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৫৬
  • মণ্ডলীত একতা বজাই ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মণ্ডলীত একতা বজাই ৰাখক
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • এজনে-আনজনৰ কাষ চপাটো আমাৰ বাবে লাভজনক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • “এই সৰুবিলাকৰ মাজৰ এজনোকো” উজুটি নোখোৱাব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱাই আপোনাক ক্ষমা কৰিছে—আপুনি আনক ক্ষমা কৰিব নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি প্ৰেম বঢ়াওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৫৬
পাঠ ৫৬. বেলেগ বেলেগ দেশৰ দুগৰাকী ভনীয়ে আনন্দেৰে কথা পাতিছে।

পাঠ ৫৬

মণ্ডলীত একতা বজাই ৰাখক

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

যেতিয়া আমি খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত থাকোঁ, তেতিয়া ৰজা দায়ূদৰ দৰে আমিও অনুভৱ কৰোঁ। তেওঁ এইদৰে কৈছিল, “ভাইবিলাকে ঐক্যেৰে একে-লগে বাস কৰা কেনে উত্তম আৰু সন্তোষজনক।” (গীতমালা ১৩৩:১) আমাৰ মাজত যি একতা আছে, সেয়া নিজেই নিজেই অহা নাই। এয়া বজাই ৰাখিবলৈ সকলো ভাই-ভনীয়ে সহযোগ কৰিছে।

১. ঈশ্বৰৰ লোকসকলৰ বিষয়ে কি কথা মন কৰিবলগীয়া?

কল্পনা কৰক, আপুনি বেলেগ দেশৰ কোনো এখন মণ্ডলীলৈ সভাৰ কাৰণে গৈছে। কিন্তু আপুনি তেওঁলোকৰ ভাষা নাজানে। তথাপিও তেওঁলোকৰ মাজত আপোনাক অচিনাকী যেন নালাগিব। কিয়নো আপুনি ঈশ্বৰৰ লোকসকলৰ লগত আছে আৰু তেওঁলোকে এজনে-আনজনক প্ৰেম কৰে। ইয়াৰ উপৰিও, সকলো মণ্ডলীত বাইবেল অধ্যয়নৰ বাবে একেধৰণৰ প্ৰকাশন ব্যৱহাৰ কৰা হয়। আমি যʼতেই নাথাকোঁ, কিয় আমি সকলোৱে ‘যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰোঁ, আৰু একে মনেৰে তেওঁৰ আৰাধনা কৰোঁ।’—চফনিয়া ৩:৯.

২. মণ্ডলীত একতা বজাই ৰাখিবলৈ আমি সকলোৱে কি কৰিব পাৰোঁ?

বাইবেলত লিখা আছে, “হৃদয়ৰ সহিত পৰস্পৰে আগ্ৰহেৰে প্ৰেম কৰা।” (১ পিতৰ ১:২২) আমি এই পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ? আমি ভাই-ভনীসকলৰ বেয়া গুণবোৰলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে ভাল গুণবোৰলৈ ধ্যান দিব পাৰোঁ। আমি প্ৰায় এনে লোকসকলৰ লগত বন্ধুত্ব কৰোঁ, যিসকলৰ চিন্তাধাৰা আৰু পচন্দ আমাৰ লগত মিল খায়। কিন্তু আমাতকৈ একেবাৰে বেলেগ ভাই-ভনীৰ বিষয়েও আমি জানিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ উপৰিও, যদি কোনো সমাজ, ভাষা বা সংস্কৃতিৰ লোকসকলৰ প্ৰতি আমাৰ ভুল চিন্তাধাৰা আছে, তেনেহʼলে সেইবোৰ দূৰ কৰিবলৈও কঠিন পৰিশ্ৰম কৰা উচিত।—১ পিতৰ ২:১৭ পঢ়ক।a

৩. যদি কোনো ভাই-ভনীক আমি আঘাত দিছোঁ বা তেওঁলোকে আমাক আঘাত দিছে, তেনেহʼলে আমি কি কৰা উচিত?

আমাৰ মাজত একতা আছে। কিন্তু অসিদ্ধ হোৱাৰ বাবে কেতিয়াবা কেতিয়াবা হয়তো আমাৰ কথা-বতৰা আৰু কামৰ যোগেদি আমি ভাই-ভনীসকলক দুখ বা আঘাত দিব পাৰোঁ। সেইবাবে, বাইবেলত এইদৰে কোৱা হৈছে, “পৰস্পৰে ক্ষমা কৰা।” ইয়াত এয়াও কোৱা হৈছে, “প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা।” (কলচীয়া ৩:১৩ পঢ়ক।) আমি বাৰে বাৰে যিহোৱাৰ মনক দুখ দিওঁ, তথাপিও তেওঁ আমাক ক্ষমা কৰে। সেইবাবে, আমিও নিজৰ ভাই-ভনীসকলক ক্ষমা কৰাটো তেওঁ বিচাৰে। যদি আপোনাৰ মনত পৰে যে আপুনি কাৰোবাৰ মনত দুখ দিছে, তেনেহʼলে তেওঁৰ লগত কথা পাতক আৰু সমস্যাটো সমাধান কৰক।—মথি ৫:২৩, ২৪ পঢ়ক।b

গভীৰভাৱে ধ্যান কৰক

মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিবলৈ আপুনি কি কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

ছবি: এজন ভাই সমস্যাটো সমাধান কৰিছে। ১. আন এজন ভাইয়ে তেওঁৰ লগত খঙেৰে কথা পাতিছে। ২. আন এজন ভাইয়ে কি কৰিলে, তাৰ বিষয়ে তেওঁ চিন্তা কৰিছে। ৩. বেয়া পালে কি কৰিব লাগে, তাৰ বিষয়ে তেওঁ বাইবেলৰ পৰামৰ্শৰ ওপৰত ধ্যান দিছে। ৪. তেওঁ কফি খাবলৈ এজন ভাইক মাতিছে আৰু তেওঁৰ লগত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিছে।

সমস্যা সমাধান কৰিবলৈ আপুনি কি কৰিব?

৪. পক্ষপাত নকৰিব

আমি সকলো ভাই-ভনীকে প্ৰেম কৰিব বিচাৰোঁ। কিন্তু কিছুমান ভাই-ভনী আমাতকৈ একেবাৰে বেলেগ। সেইবাবে, তেওঁলোকক আপোন বুলি ভাবিবলৈ আমাৰ কাৰণে কঠিন হʼব পাৰে। এনে পৰিস্থিতিত কি কথাই আমাক সহায় কৰিব পাৰে? পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাই সকলোকে নিজৰ সাক্ষী বুলি গ্ৰহণ কৰে। তেনেহʼলে যিসকল লোক আপোনাতকৈ একেবাৰে বেলেগ, তেওঁলোকৰ প্ৰতি আপুনি কেনে দৃষ্টিভংগী ৰখা উচিত?

  • আপোনাৰ এলেকাত লোকসকলে কেনেধৰণৰ সংস্কৃতি আৰু ভাষাৰ লোকসকলক ভাল নাপায়? এনেধৰণৰ চিন্তাধাৰাৰপৰা আপুনি কিয় আঁতৰি থকা উচিত?

দ্বিতীয় কৰিন্থীয়া ৬:১১-১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিসকল ভাই-ভনী আপোনাতকৈ একেবাৰে বেলেগ, তেওঁলোকৰ প্ৰতিও আপুনি কেনেকৈ প্ৰেম দেখুৱাব পাৰে?

৫. হৃদয়েৰে ক্ষমা কৰক আৰু শান্তি বজাই ৰাখক

যিহোৱাই কেতিয়াও ভুল নকৰে আৰু আনৰপৰা ক্ষমা বিচৰাও তেওঁৰ প্ৰয়োজন নহয়। তথাপিও যেতিয়া আমি কিবা ভুল কৰোঁ, তেওঁ আমাক ক্ষমা কৰে। গীতমালা ৮৬:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদৰপৰা যিহোৱাৰ ক্ষমা কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?

  • যিহোৱাই ক্ষমা কৰিবলৈ সদায় সাজু থাকে, ইয়াৰ বাবে আপুনি কিয় কৃতজ্ঞ?

  • শান্তি বজাই ৰাখিবলৈ কেতিয়া কঠিন হʼব পাৰে?

আমি যিহোৱাৰ দৰে হʼব বিচাৰোঁ আৰু ভাই-ভনীসকলৰ মাজত একতা বজাই ৰাখিব বিচাৰোঁ। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ? হিতোপদেশ ১৯:১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি কোনোবাই আমাক খং উঠাই বা আঘাত দিয়ে, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

কেতিয়াবা কেতিয়াবা আমিও আনক আঘাত দিওঁ, সেইসময়ত আমি কি কৰিব পাৰোঁ? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: শান্তি বজাই ৰাখিলে আশীৰ্বাদ পোৱা যায় (৬:০১)

  • সমস্যাটো সমাধান কৰিবলৈ ভনীগৰাকীয়ে কি কৰিলে?

৬. ভাই-ভনীসকলৰ ভাল গুণবোৰলৈ ধ্যান দিয়ক

যেতিয়া আমি ভাই-ভনীসকলক ভালদৰে জানিবলৈ ধৰোঁ, তেতিয়া আমি তেওঁলোকৰ ভাল গুণবোৰৰ লগতে বেয়া গুণবোৰো দেখা পাওঁ। কিন্তু আমি তেওঁলোকৰ ভাল গুণবোৰলৈ কেনেকৈ ধ্যান দিব পাৰোঁ? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: প্ৰকৃত সৌন্দয্যতা! (৫:১০)

  • ভাই-ভনীসকলৰ ভাল গুণবোৰলৈ ধ্যান দিবলৈ কিহে আমাক সহায় কৰিব পাৰে?

যিহোৱাই আমাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে। ২ বংশাৱলি ১৬:৯ক পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই আপোনাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে বুলি জানি আপোনাক কেনেকুৱা লাগে?

এটা হীৰাৰ আঙঠি।

এটা ধুনীয়া হীৰা শিতল নাথাকে, তথাপিও ই মূল্যৱান হয়, ঠিক সেইদৰে আমাৰ ভাই-ভনীসকলৰো কিছুমান দুৰ্বলতা আছে, কিন্তু যিহোৱাৰ বাবে তেওঁলোক মূল্যৱান হয়

কিছুমান লোকে কয়: “তেওঁ প্ৰথমে ক্ষমা খোজক।”

  • আনক ক্ষমা কৰিবলৈ আমি কিয় সাজু থকা উচিত?

আমি কি শিকিলোঁ

আমি সকলো ভাই-ভনীক প্ৰেম কৰা উচিত আৰু তেওঁলোকক ক্ষমা কৰা উচিত। এইদৰে আমি মণ্ডলীত একতা বজাই ৰাখিব পাৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • পক্ষপাত কৰাৰপৰা আঁতৰি থাকিবলৈ আপুনি কি কৰিব পাৰে?

  • যদি কোনো ভাই বা ভনীৰ লগত আপোনাৰ সমস্যা হৈছে, তেনেহʼলে আপুনি কি কৰা উচিত?

  • যিহোৱাৰ দৰে আপুনিও আনক কিয় ক্ষমা কৰিব বিচাৰে?

লক্ষ্য

বেছিকৈ জানক

আনৰ ভুলবোৰলৈ ধ্যান নিদিয়াৰ বিষয়ে যীচুৱে এটা ভাল উদাহৰণ দিছিল। তেওঁৰ এই উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

চকুৰপৰা কুটাডালি উলিয়াই দিয়া (৭:১)

আমি একো ভুল নকৰিলেও আনৰপৰা ক্ষমা বিচৰা উচিত নে?

“ক্ষমা বিচৰাটো শান্তি বজাই ৰখাৰ এটা ভাল উপায়” (প্ৰহৰীদুৰ্গ-হিন্দী, নবেম্বৰ ১, ২০০২)

দুজন ব্যক্তিয়ে এনে এখন দেশত ডাঙৰ-দীঘল হৈছিল, যʼত কʼলা-বগা মানুহৰ মাজত পক্ষপাত কৰা হৈছিল। তথাপিও, তেওঁলোকে কেনেকৈ এই ভুল চিন্তাধাৰা দূৰ কৰিব পাৰিলে আৰু এজনে-আনজনৰ ভাল বন্ধু হʼব পাৰিলে, আহক চাওঁ।

বাহিৰৰ ৰূপ চাই কোনো কথা ভাবি নলʼব (৫:০৬)

এজনে-আনজনৰ মাজৰ সমস্যা সমাধান নকৰিলে মণ্ডলীৰ শান্তি ভংগ হʼব পাৰে। এনে পৰিস্থিতি নহʼবলৈ আমি কি কৰিব পাৰোঁ? আহক এই বিষয়ে চাওঁ।

“এজনে-আনজনৰ মাজত থকা সমস্যা প্ৰেমেৰে সমাধান কৰক” (প্ৰহৰীদুৰ্গ-হিন্দী, মেʼ ২০১৬)

a টোকা ৬-ত কোৱা হৈছে যে যদি এজন খ্ৰীষ্টানৰ সংক্ৰামক বেমাৰ হৈছে, তেনেহʼলে ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁ কি কৰিব।

b টোকা ৭-ত ব্যৱসায় আৰু আইনৰ বিষয়বোৰ কেনেকৈ সমাধান কৰিব পাৰি, তাৰ বিষয়ে উল্লেখ কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক