ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ১৫
  • যীচু কোন হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু কোন হয়?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • যীচু খ্ৰীষ্ট—ঈশ্বৰৰ জ্ঞানৰ চাবি
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • যীচুৰ কি কি গুণ আছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ১৫
পাঠ ১৫. যীচুৱে শস্যৰ মাজেৰে খোজকাঢ়ি গৈছে।

পাঠ ১৫

যীচু কোন হয়?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

যীচু এজন পৰিচিত ব্যক্তি। কিন্তু বহুতোলোকে কেৱল তেওঁৰ নামহে জানে আৰু তেওঁৰ বিষয়ে বেলেগ বেলেগ মন্তব্য দিয়ে। কিন্তু যীচু প্ৰকৃততে কোন হয়? আহক, বাইবেলৰপৰা চাওঁ।

১. যীচু কোন হয়?

যীচু এজন শক্তিশালী স্বৰ্গদূত আৰু তেওঁ স্বৰ্গত থাকে। সৰ্বপ্ৰথমে যিহোৱাই যীচুক সৃষ্টি কৰিছিল, সেইবাবে বাইবেলত তেওঁক “গোটেই সৃষ্টিৰ প্ৰথমজাত” বুলি কোৱা হয়। (কলচীয়া ১:১৫) যীচুক ঈশ্বৰৰ ‘একমাত্ৰ পুত্ৰ’ বুলিও কোৱা হৈছে, কিয়নো যিহোৱাই তেওঁক নিজে সৃষ্টি কৰিছিল। (যোহন ৩:১৬) বাকী সকলো বস্তু সৃষ্টি কৰিবলৈ যীচুৱে নিজৰ পিতৃ যিহোৱাক সহায় কৰিছিল আৰু আজিও যীচু যিহোৱাৰ লগত কাম কৰি আছে। (হিতোপদেশ ৮:৩০, ৩১ পঢ়ক।) যীচুক “বাক্য” বুলিও কোৱা হৈছে। কিয়নো এজন বিশ্বাসী সেৱক হিচাপে তেওঁ যিহোৱাৰ বাৰ্তা আৰু নিৰ্দেশনা আনক দিয়ে।—যোহন ১:১৪.

২. যীচুৱে পৃথিৱীলৈ কিয় আহিছিল?

আজিৰপৰা প্ৰায় ২,০০০ বছৰ আগতে যীচুৱে স্বৰ্গৰপৰা পৃথিৱীলৈ আহিছিল। কিন্তু কেনেকৈ? যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ যোগেদি এটা আচৰিত কৰ্ম কৰিলে। তেওঁ যীচুৰ জীৱন মৰিয়ম নামৰ এগৰাকী তিৰোতাৰ গৰ্ভত দিয়াৰ ব্যৱস্থা কৰিলে। এইদৰে যীচুৱে মানুহ হিচাপে এই পৃথিৱীত জন্ম হৈছিল। কিন্তু তেতিয়ালৈকে মৰিয়মৰ বিয়া হোৱা নাছিল। (লূক ১:৩৪, ৩৫ পঢ়ক।) লোকসকলৰ জীৱন ৰক্ষা কৰিবলৈ যীচুৱে মচীহ হিচাপে এই পৃথিৱীলৈ আহিছিল।a বাইবেলত মচীহৰ বিষয়ে বহুতো ভৱিষ্যতবাণী কৰা হৈছে আৰু সেইবোৰ যীচুৰ ওপৰত পূৰ হৈছে। সেইবাবে, লোকসকলে বুজিব পাৰিলে যে যীচুৱেই হৈছে “অভিষিক্ত জনা, জীৱনময় ঈশ্বৰৰ পুত্ৰ।”—মথি ১৬:১৬.

৩. যীচু এতিয়া কʼত আছে?

যীচুৰ মৃত্যুৰ পাছত যিহোৱাই তেওঁক মানুহ হিচাপে নহয়, কিন্তু অদৃশ্য প্ৰাণী হিচাপে জীয়াই তুলিলে আৰু পৃথিৱীত কিছু দিন থকাৰ পাছত তেওঁ স্বৰ্গলৈ উভতি গʼল। স্বৰ্গত ঈশ্বৰে “তেওঁক অতি ওখ পদ দিলে।” (ফিলিপীয়া ২:১০) যিহোৱাৰ পাছত যীচুৱেই হৈছে আন সকলো স্বৰ্গদূততকৈ বেছি শক্তিশালী আৰু অধিকাৰ থকা স্বৰ্গদূত।

গভীৰভাৱে ধ্যান কৰক

যীচু প্ৰকৃততে কোন হয়? তেওঁৰ বিষয়ে জনাটো কিয় অতি গুৰুত্বপূৰ্ণ? আহক এই বিষয়ে আলোচনা কৰোঁ।

যীচুৰ বাপ্তিষ্মাৰ পাছত যীচু আৰু যোহন বাপ্তাইজকে পানীত থিয় হৈ আছে আৰু স্বৰ্গৰপৰা এটা মাত শুনিবলৈ পাইছে।

৪. যীচু সৰ্ব্বশক্তিমান ঈশ্বৰ নহয়

বাইবেলত লিখা আছে যে যীচু এজন শক্তিশালী স্বৰ্গদূত হয় আৰু তেওঁৰ ওচৰত এক মহান অধিকাৰ আছে। তথাপি তেওঁ নিজৰ পিতৃ যিহোৱা ঈশ্বৰৰ সকলো কথা শুনে। কিয় বাৰু? বাইবেলত উল্লেখ আছে যে যীচু আৰু যিহোৱাৰ মাজত কি পাৰ্থক্য আছে। ভিডিঅʼখন চাওক।

ভিডিঅʼ: যীচু খ্ৰীষ্ট ঈশ্বৰ নে? (৩:২২)

তলত দিয়া পদবোৰ পঢ়িলে আপুনি বুজিব পাৰিব যে যিহোৱা আৰু যীচুৰ মাজত কি সম্বন্ধ আছে। প্ৰত্যেকটো পদ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

লূক ১:৩০-৩২ পঢ়ক।

  • যীচু আৰু ‘সৰ্ব্বোপৰি জনা’ যিহোৱাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে স্বৰ্গদূতে কি কৈছিল?

মথি ৩:১৬, ১৭ পঢ়ক।

  • যীচুৰ বাপ্তিষ্মাৰ সময়ত স্বৰ্গৰপৰা কি শুনিবলৈ পোৱা গৈছিল?

  • আপুনি কি ভাবে, সেই কথাষাৰ কোনে কৈছিল?

যোহন ১৪:২৮ পঢ়ক।

  • এটা পৰিয়ালত কোন ডাঙৰ আৰু কাৰ ওচৰত বেছি অধিকাৰ থাকে, পিতৃ নে পুত্ৰৰ ওচৰত?

  • যীচুৱে যিহোৱাক পিতৃ বুলি কৈছিল। ইয়াৰপৰা কি বুজিব পাৰি?

যোহন ১২:৪৯ পঢ়ক।

  • যীচুৱে ভাবেনে যে পিতৃ আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য নাই? আপুনি কি ভাবে?

৫. যীচুৱেই মচীহ হয়

মচীহৰ বিষয়ে বাইবেলত বহুতো ভৱিষ্যতবাণী কৰা হৈছে, যাতে লোকসকলে মচীহক চিনাক্ত কৰিব পাৰে। আহক, যীচুৰ ওপৰত পূৰ হোৱা কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে ধ্যান দিওঁ। ভিডিঅʼখন চাওক।

ভিডিঅʼ: যীচুৰ ওপৰত পূৰ হোৱা ভৱিষ্যতবাণী (৩:০৩)

বাইবেলত দিয়া ভৱিষ্যতবাণীবোৰ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

মচীহ কʼত জন্ম হʼবলগীয়া আছিল, এই বিষয়ে জানিবলৈ মীখা ৫:২ পঢ়ক।b

  • যীচুৰ জন্ম কʼত হʼবলগীয়া আছিল আৰু তেওঁৰ জন্ম কʼত হʼল?—মথি ২:১.

মচীহৰ মৃত্যুৰ বিষয়ে আগতীয়াকৈ কি কোৱা হৈছিল, তাৰ বিষয়ে জানিবলৈ গীতমালা ৩৪:২০ আৰু যিচয়া ৫৩:৫ পঢ়ক।

  • এই ভৱিষ্যতবাণীবোৰ পূৰ হʼল নে?—যোহন ১৯:৩৩-৩৭.

  • আপুনি কি ভাবে, যীচুৱে নিজৰ শত্ৰুসকলক কʼব পাৰিলেহেঁতেন নে যে তেওঁৰ মৃত্যুৰ আগত আৰু পাছত তেওঁৰ লগত কি কি কৰা হʼব?

  • ইয়াৰপৰা আপুনি যীচুৰ বিষয়ে কি জানিব পাৰে?

৬. যীচুৰ বিষয়ে জানিলে আমি লাভৱান হʼম

বাইবেলত কোৱা হৈছে যে যীচু কোন হয় আৰু ঈশ্বৰে তেওঁক কি কাম দিছে, এই বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। যোহন ১৪:৬ আৰু ১৭:৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি যীচুৰ বিষয়ে কিয় শিকা উচিত?

যীচুৱে কেইজনমান পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীক শিক্ষা দিছে।

যীচুৱেই হৈছে সত্য আৰু জীৱন। যীচুৱে আমাৰ বাবে বাট মুকলি কৰিলে যাতে আমি ঈশ্বৰৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ

কিছুমান লোকে কয়: “যিহোৱাৰ সাক্ষীসকলে যীচুক উপাসনা নকৰে।”

  • কোনোবাই যদি আপোনাক এইদৰে কয়, তেনেহʼলে আপুনি কি কʼব?

আমি কি শিকিলোঁ

যীচু এজন শক্তিশালী স্বৰ্গদূত। তেওঁ ঈশ্বৰৰ পুত্ৰ আৰু মচীহ হয়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুক “গোটেই সৃষ্টিৰ প্ৰথমজাত” বুলি কিয় কোৱা হৈছে?

  • যীচুৱে পৃথিৱীলৈ অহাৰ আগতে কি কৰিছিল?

  • যীচুৱেই মচীহ হয় বুলি আমি কিয় কʼব পাৰোঁ?

লক্ষ্য

বেছিকৈ জানক

যীচুৱেই মচীহ হয় বুলি আমি কিয় কʼব পাৰোঁ।

“মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰে প্ৰমাণ কৰেনে যে যীচু মচীহ হয়?” (ৱেবছাইটত দিয়া লেখ)

মানুহে যিদৰে সন্তানক জন্ম দিয়ে, ঠিক সেইদৰে ঈশ্বৰেও নিজৰ পুত্ৰক জন্ম দিয়াৰ ব্যৱস্থা কৰিছিল বুলি বাইবেলে শিকায় নে? আহক চাওঁ।

“যীচুক ঈশ্বৰৰ পুত্ৰ বুলি কিয় কোৱা হয়?” (ৱেবছাইটত দিয়া লেখ)

ত্ৰিয়েকৰ শিক্ষাটো বাইবেলৰপৰা হয়নে? আহক চাওঁ।

“যীচু ঈশ্বৰ নে?” (প্ৰহৰীদুৰ্গ লেখ)

বাইবেলৰপৰা যীচুৰ বিষয়ে জানি এগৰাকী তিৰোতাৰ জীৱন কেনেকৈ পৰিৱৰ্তন হʼল? আহক চাওঁ।

“নিজৰ ধৰ্মৰ বিষয়ে এগৰাকী যিহূদী তিৰোতাই নিজৰ দৃষ্টিভংগী কিয় সলনি কৰিলে?” (সচেতন থাকক! লেখ)

a ঈশ্বৰে মানুহক উদ্ধাৰ কৰিবলৈ যিজনক নিযুক্ত কৰিলে, সেইজনক মচীহ বা খ্ৰীষ্ট বুলি কোৱা হয়। পাঠ ২৬ আৰু ২৭-ত আমি আলোচনা কৰিম যে যীচুৱে লোকসকলৰ জীৱন ৰক্ষা কৰিবলৈ কিয় আহিবলগীয়া হʼল আৰু তেওঁ লোকসকলৰ জীৱন কেনেকৈ ৰক্ষা কৰিলে।

b মচীহ এই পৃথিৱীলৈ কেতিয়া আহিব, তাৰ বিষয়ে এটা ভৱিষ্যতবাণী কৰা হৈছিল। সেই ভৱিষ্যতবাণীৰ বিষয়ে বেছিকৈ জানিবলৈ টোকা ২ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক