ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp20 নং ২ পৃষ্ঠা ৮-১০
  • এই ৰাজ্যই পৃথিৱীত শাসন কৰিবলৈ কেতিয়া আৰম্ভ কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই ৰাজ্যই পৃথিৱীত শাসন কৰিবলৈ কেতিয়া আৰম্ভ কৰিব?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে কোনবোৰ ঘটনাৰ বিষয়ে কৈছিল?
  • এই চিনবোৰ আমাৰ বাবে কি অৰ্থ ৰাখে?
  • আমি “শেষ-কালত” জীয়াই আছোঁ নেকি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • এই জগতৰ অন্ত একেবাৰে কাষত আছে নেকি?
    বাইবেলে আমাক কি শিকায়?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
wp20 নং ২ পৃষ্ঠা ৮-১০
এগৰাকী যিহোৱাৰ সাক্ষীয়ে কাৰ্ডৰ ওচৰত থিয় হৈ থকা তিৰোতা গৰাকীক নিমন্ত্ৰণ পত্ৰ দিছে।

এই ৰাজ্যই পৃথিৱীত শাসন কৰিবলৈ কেতিয়া আৰম্ভ কৰিব?

যীচুৰ কিছুমান বিশ্বাসী শিষ্যই জানিব বিচাৰিছিল যে ঈশ্বৰৰ ৰাজ্যই শাসন কৰিবলৈ কেতিয়া আৰম্ভ কৰিব। যীচুৱে তেওঁলোকক কৈছিল যে এই ৰাজ্যই পৃথিৱীত শাসন কৰিবলৈ কেতিয়া আৰম্ভ কৰিব, তাক তেওঁলোকে নাজানিব। (পাঁচনিৰ কৰ্ম্ম ১:৬, ৭) কিন্তু ইয়াৰ আগতে যীচুৱে এবাৰ কৈছিল যে যেতিয়া তেওঁৰ শিষ্যসকলে কিছুমান ঘটনা একেলগে ঘটা দেখিব, তেতিয়া বুজিব পাৰিব যে ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিছে আৰু অতি সোনকালে পৃথিৱীত শাসন কৰিবলৈ আৰম্ভ কৰিব।—লূক ২১:৩১.

যীচুৱে কোনবোৰ ঘটনাৰ বিষয়ে কৈছিল?

যীচুৱে কৈছিল, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; আৰু বৰ ভূমিকম্প, ঠায়ে ঠায়ে আকাল, আৰু মহামাৰী হব।” (লূক ২১:১০, ১১) এই সকলোবোৰ ঘটনা একেলগে ঘটাতো এই কথাৰ চিন হʼব যে ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিছে। আজি সঁচাকৈ এইদৰে হৈছেনে? এই ঘটনাবোৰ বৃহতভাৱে আৰু একেলগে ঘটিছেনে? আহক ইয়াৰ কিছুমান প্ৰমাণলৈ মন কৰোঁ।

১. যুদ্ধ

যুদ্ধৰ উৰা জাহাজ, টেংক আৰু মিচাইল।

১৯১৪ চনত এনে এক যুদ্ধ আৰম্ভ হৈছিল, যি মানৱ ইতিহাসত আগতে কেতিয়াও হোৱা নাছিল। ইতিহাসবিদসকলৰ মতে ১৯১৪ চনে পৃথিৱীৰ দিশ একেবাৰে সলনি কৰি পেলালে, কিয়নো এই বছৰতেই প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত প্ৰথমবাৰ এনে অস্ত্ৰবোৰ ব্যৱহাৰ কৰা হৈছিল, যিয়ে চাৰিওফালে ধ্বংসৰ সৃষ্টি কৰিছিল। যেনে, উৰা জাহাজেৰে বোমা পেলোৱা, মেচিন গান, যুদ্ধৰ টেংক, বিষাক্ত গেছ আৰু মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ পাছত দ্ধিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, যʼত প্ৰথমবাৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। ১৯১৪ চনৰ পৰাই লোকসকলে যুদ্ধ কৰি আহিছে আৰু যুদ্ধত লাখ লাখ লোকৰ মৃত্যু হৈছে।

২. ভূমিকম্প

ভূমিকম্পৰ ফলত বিল্ডিঙবোৰ ফাটি গৈছে।

ইনচাইক্লʼপিডিয়া ব্ৰিটেনিকাৰ মতে, “প্ৰতি বছৰে প্ৰায় ১০০-তকৈও বেছি ভূমিকম্প হয়, যাৰ বাবে প্ৰচুৰ পৰিমাণে ক্ষতি হয়। আমেৰিকাৰ ভূ-বৈজ্ঞানিকসকলৰ অনুসন্ধানৰ মতে ১৯০০ চনৰ পৰা যি ৰিপৰ্ট প্ৰস্তুত কৰা হৈছে, তাৰ আধাৰত এয়া কʼব পাৰি যে প্ৰতি বছৰে প্ৰায় ১৬ টা ডাঙৰ ডাঙৰ ভূমিকম্প হোৱাটো নিশ্চিত।” কিছুমান লোকে কয় যে টেকন’লজিৰ জৰিয়তে আজি ভূমিকম্পৰ বিষয়ে আৰু ভালদৰে জানিব পৰা যায়। সেইবাবে, আজি-কালি ভূমিকম্প হোৱাৰ খবৰ বেছিকৈ পোৱা যায়। এয়া কিমান সঁচা আমি নাজানোঁ, কিন্তু এটা কথা সঁচা যে গোটেই পৃথিৱীত হোৱা ডাঙৰ ডাঙৰ ভূমিকম্পৰ বাবে বহুতো ক্ষতি হৈছে আৰু বহুতো লোকে নিজৰ জীৱনো হেৰুৱাবলগীয়া হৈছে।

৩. আকাল

এখন লাইন গ্ৰাফত উৎপাদনৰ হ্ৰাস দেখুৱা হৈছে।

গোটেই পৃথিৱীত প্ৰায় যুদ্ধ, দুৰ্নীতি, অৰ্থনৈতিক পতন আৰু শস্য নষ্ট হোৱাৰ বাবে আকাল হয়। ২০১৮ চনৰ বিশ্ব খাদ্য কাৰ্যসূচী ৰিপৰ্টৰ অনুসৰি “গোটেই পৃথিৱীত ৮২ কোটি ১০ লাখ লোকৰ খাদ্যৰ অভাৱ হৈছে আৰু ইয়াৰে মাজৰ ১২ কোটি ৪০ লাখ লোকৰ খাদ্য নোহোৱাৰ বাবে মৃত্যু হয়।” পুষ্টিহীনতাৰ বাবে প্ৰতি বছৰে প্ৰায় ৩১ লাখ শিশুৰ মৃত্যু হয়। ২০১১ চনৰ পৰা গোটেই পৃথিৱীত যিমান শিশুৰ মৃত্যু হৈছে, তাৰে ভিতৰত পুষ্টিহীনতাৰ বাবে ৪৫ শতাংশ শিশুৰ মৃত্যু হʼল।

৪. বেমাৰ আৰু মহামাৰী

জৈৱ ৰাসায়নিক বিপদ আৰু বেক্টেৰিয়াৰ প্ৰতীক।

বিশ্ব স্বাস্থ্য সংস্থাৰ এখন পত্ৰিকাই এইদৰে কৈছে, ‘২১ শতিকাত ডাঙৰ ডাঙৰ মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। যেনে, কলেৰা, প্লেগ, পিত্ত জ্বৰৰ দৰে পুৰণি বেমাৰবোৰ আকৌ বিয়পিবলৈ ধৰিছে। ইয়াৰ উপৰিও ইবʼলা, জীকা আৰু মাৰ্স ভাইৰাচ, পেণ্ডেমিক ইনফ্লুয়েঞ্জা আৰু ছাৰ্চৰ নিচিনাকৈ কিছুমান নতুন বেমাৰ লোকসকলৰ মাজত বিয়পিবলৈ ধৰিছে।’ কিছু সময়ৰ আগতে কভিড ১৯ মহামাৰীয়ে পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। যদিও চিকিৎসাৰ ক্ষেত্ৰত বহুতো উন্নতি হৈছে, তথাপিও বৈজ্ঞানিক আৰু ডাক্তৰসকলে কিছুমান বেমাৰৰ চিকিৎসা বিচৰাত আৰু মহামাৰী দূৰ কৰাত বিফল হৈছে।

৫. গোটেই পৃথিৱীত প্ৰচাৰ কাম

গোলাকাৰ পৃথিৱীত এডাল কাঁড় চিন আৰু ইয়াৰ আগফালে এখন খুলি থোৱা বাইবেল।

যীচুৱে চিনবোৰৰ বিষয়ে কোৱাৰ সময়ত এয়াও কৈছিল যে “সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব আৰু ইয়াৰ পাছতহে অন্ত আহিব।” (মথি ২৪:১৪) যদিও লোকসকলে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আছে, তথাপি ৮০ লাখতকৈয়ো বেছি লোকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি আছে। এই কাম ২৪০ খন দেশত প্ৰায় ১০০০-তকৈ ভাষাত হৈ আছে। ইমান বৃহতভাৱে প্ৰচাৰ কাম আগতে কেতিয়াও হোৱা নাছিল।

এই চিনবোৰ আমাৰ বাবে কি অৰ্থ ৰাখে?

যীচুৱে যিবোৰ চিন দিছিল আৰু ঘটনা হʼব বুলি কৈছিল, সেয়া আজি আমাৰ সময়ত পূৰ হৈ আছে। এই কথাৰ ওপৰত আমি কিয় ধ্যান দিয়া উচিত? কিয়নো যীচুৱে কৈছিল, “যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈছেহি বুলি জানিবা।”—লূক ২১:৩১.

যীচুৱে ৰজা হিচাপে সিংহাসনত বহি আছে আৰু তলত পৃথিৱীৰ প্ৰমোদবনৰ দৃশ্য।

অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত নিজৰ ইচ্ছা পূৰ কৰিব

আমি যেতিয়া যীচুৱে কোৱা চিনবোৰ আৰু বাইবেলত উল্লেখ কৰা ঘটনাবোৰ পৰীক্ষা কৰি চাওঁ, তেতিয়া আমি বুজিব পাৰোঁ যে ঈশ্বৰৰ ৰাজ্য ১৯১৪a চনত স্বৰ্গত স্থাপন হʼল। সেই সময়তে ঈশ্বৰ যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক ৰজা হিচাপে নিযুক্ত কৰিছিল। (গীতমালা ২:২, ৪, ৬-৯) যেতিয়া ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শাসন আৰম্ভ কৰিব, তেতিয়া মানৱীয় চৰকাৰবোৰক শেষ কৰি দিয়া হʼব। তাৰ পাছত পৃথিৱীখনক সুন্দৰ বাগিছা কৰি তোলা হʼব, যাতে লোকসকলে ইয়াত সদায় জীয়াই থাকিব পাৰে।

কিছু সময়ৰ পাছত যীচুৱে কৰা এই প্ৰাৰ্থনা পূৰ হʼব, “তোমাৰ ৰাজ্য আহক; যেনেকৈ স্বৰ্গত তোমাৰ ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক।” (মথি ৬:১০) কিন্তু প্ৰশ্ন হৈছে যে এই ৰাজ্যই ১৯১৪ চনত স্থাপন হোৱাৰ পাছৰ পৰা কি কৰি আহিছে? যেতিয়া এই ৰাজ্যই গোটেই পৃথিৱীত নিজৰ শাসন আৰম্ভ কৰিব, তেতিয়া কি হʼব? আহক চাওঁ।

a দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৩২ পঢ়ক। ইয়াত ১৯১৪ চনৰ বিষয়ে বেছিকৈ জনোৱা হৈছে। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক