ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 মে’ পৃষ্ঠা ৮-১১
  • উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • মিল থকা বিষয়
  • শেষকালত ‘উত্তৰ দ্শেৰ ৰজা’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বৰ্তমান সময়ত ‘উত্তৰ দেশৰ ৰজা’ কোন?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • প্ৰকাশিত বাক্যত ঈশ্বৰৰ শত্ৰুৰ নাশৰ ভৱিষ্যতবাণী
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • বাইবেলৰ ভৱিষ্যতবাণীৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 মে’ পৃষ্ঠা ৮-১১

উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ

উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ এই তালিকাখনত উল্লেখ কৰা কিছুমান ভৱিষ্যতবাণী একে সময়তে পূৰ হয়। এই সকলো ভৱিষ্যতবাণীৰপৰা প্ৰমাণ হয় যে আমি ‘শেষকালত’ জীয়াই আছোঁ।—দানি. ১২:৪.

তালিকাখনত ১৮৭০ চনৰপৰা বৰ্তমানলৈকে পূৰ হোৱা ভৱিষ্যতবাণী আৰু উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাক চিনাক্ত কৰা হৈছে।
  • তালিকা ১-ত, ১৮৭০ চনৰপৰা ১৯১৮ চনলৈকে শেষকালৰ ভৱিষ্যতবাণীবোৰ দেখুওৱা হৈছে। ১৯১৪ চনৰ পিছৰ সময়ছোৱাক শেষকাল হয় বুলি চিনাক্ত কৰা হৈছে। ভৱিষ্যতবাণী ১: সাতোটা মূৰ থকা পশুৰ উপস্থিতি তালিকাখনত প্ৰথম তাৰিখত আছে। প্ৰথম বিশ্বযুদ্ধত সাতোটা মূৰ থকা পশু দুৰ্বল হয়। ১৯১৭ চনৰপৰা সাতোটা মূৰ থকা পশু পুনৰ শক্তিশালী হৈ পৰে। ভৱিষ্যতবাণী ২: ১৮৭১ চনত উত্তৰ দেশৰ ৰজা আৰু ১৮৭০ চনত দক্ষিণ দেশৰ ৰজাৰ চিনাক্ত হয়। ১৮৭১ চনত উত্তৰ দেশৰ ৰজা অৰ্থাৎ জাৰ্মানীৰ পুনৰ আৰ্বিভাৱ হয়। প্ৰথমে দক্ষিণ দেশৰ ৰজা গ্ৰেট ব্ৰিটেইন আছিল, কিন্তু ১৯১৭ চনত সলনি হৈ দক্ষিণ দেশৰ ৰজা ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি হৈ পৰে। ভৱিষ্যতবাণী ৩: ১৮৭০ চনত চি. টি. ৰছল আৰু তেওঁৰ সহযোগীসকলে ‘দূত’ হিচাপে চিনাক্ত হয়। ১৮৮১ চনৰপৰা জাইন ওৱাচ টাৱাৰে পঢ়ুৱৈসকলক প্ৰচাৰ কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে। ভৱিষ্যতবাণী ৪: ১৯১৪ চনৰপৰা শস্য দোৱা আৰম্ভ হয়। ধানক বিনৈ বনৰপৰা পৃথক কৰা হʼল। ভৱিষ্যবাণী ৫: ১৯১৭ চনৰপৰা মাটি আৰু লোহাৰ ভৰিৰ চিনাক্ত হʼবলৈ ধৰে। এয়াও চিত্ৰিত কৰা হৈছে: ১৯১৪ চনৰপৰা ১৯১৮ চনৰলৈকে বিশ্বযুদ্ধত হোৱা বিশ্ব ঘটনা। যিহোৱাৰ লোকসকলক প্ৰভাৱিত কৰা ঘটনা: ১৯১৪-১৯১৮ ব্ৰিটেইন আৰু জাৰ্মানীত বাইবেল বিদ্যাৰ্থীসকলক জেলত বন্দী কৰা হৈছিল। ১৯১৮ চনত আমেৰিকা মুখ্য কাৰ্য্যালয়ৰ কিছুমান ভাইক জেলত বন্দী কৰা হৈছিল।
    ভৱিষ্যতবাণী ১.

    পদবোৰ: প্ৰকা. ১১:৭; ১২:১৩, ১৭; ১৩:১-৮, ১২

    ভৱিষ্যতবাণী: ‘পশুৱে’ ৩,০০০ বছৰৰপৰা মানৱজাতিৰ ওপৰত শাসন কৰিছে। শেষকালত ইয়াৰ সাতোটা মূৰ আঘাতপ্ৰাপ্ত হয়। ই পুনৰ সুস্থ হয় আৰু ‘গোটেই জগত’ সেই পশুক অনুকৰণ কৰে। চয়তানে এই পশুৰ যোগেদি “অৱশিষ্ট” অভিষিক্ত লোকৰ লগত ‘যুদ্ধ কৰে।’

    পূৰ্ণতা: জলপ্লাৱনৰ পাছত যিহোৱাৰ বিৰোধ কৰা চৰকাৰবোৰে শাসন কৰিবলৈ আৰম্ভ কৰে। জলপ্লাৱনৰ হাজাৰ হাজাৰ বছৰৰ পাছত প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত ব্ৰিটিছ সাম্ৰাজ্য একেবাৰে দুৰ্বল হৈ পৰিছিল। পাছত যেতিয়া আমেৰিকাই তেওঁৰ লগত মিলি যায়, তেতিয়া তেওঁ পুনৰ শক্তিশালী হৈ পৰে। চয়তানে সকলো চৰকাৰৰ যোগেদি ঈশ্বৰৰ লোকসকলক তাড়না দিছিল। বিশেষকৈ শেষকালত সি বেছিকৈ তাড়না দিছিল।

  • ভৱিষ্যতবাণী ২.

    পদবোৰ: দানি. ১১:২৫-৪৫

    ভৱিষ্যতবাণী: শেষকালত উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই বেছিকৈ শক্তিশালী হʼবলৈ এজনে-আনজনৰ লগত যুদ্ধ কৰিব।

    পূৰ্ণতা: জাৰ্মানী আৰু ব্ৰিটেইন-আমেৰিকাই বেছি শক্তিশালী হʼবলৈ এজনে-আনজনৰ লগত যুদ্ধ কৰে। ১৯৪৫ চনত ছʼভিয়েট সংঘ আৰু তেওঁৰ বন্ধুত্ব ৰাষ্ট্ৰই উত্তৰ দেশৰ ৰজা হয়। ১৯৯১ চনত ছʼভিয়েট সংঘৰ ধ্বংস হয়। কিছু সময়ৰ পাছত ৰুছ আৰু তেওঁৰ বন্ধুত্ব ৰাষ্ট্ৰই উত্তৰ দেশৰ ৰজা হয়।

  • ভৱিষ্যতবাণী ৩.

    পদবোৰ: যিচ. ৬১:১; মলা. ৩:১; লূক ৪:১৮

    ভৱিষ্যতবাণী: মচীহৰ ৰাজ্য আৰম্ভ হোৱাৰ আগতে যিহোৱাই নিজৰ ‘দূত’ পঠাব, যাতে তেওঁ “বাট যুগুত কৰিব।” এই দূতে “দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ” কৰিব।

    পূৰ্ণতা: ১৮৭০ চনৰপৰা ভাই ৰছল আৰু তেওঁৰ সহযোগীসকলে গভীৰভাৱে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে, যাতে বাইবেলে প্ৰকৃততে কি শিকায়, তাৰ বিষয়ে জানিব পাৰে। ১৮৮১ চনত তেওঁলোকে বুজিব পাৰিলে যে প্ৰচাৰ কৰাটো অতি প্ৰয়োজন। “১,০০০ প্ৰচাৰকৰ প্ৰয়োজন আছে” আৰু “প্ৰচাৰ কৰিবলৈ অভিষিক্ত কৰা হʼল” এনেধৰণৰ লেখ তেওঁলোকে প্ৰকাশিত কৰে।

  • ভৱিষ্যতবাণী ৪.

    পদবোৰ: মথি ১৩:২৪-৩০, ৩৬-৪৩

    ভৱিষ্যতবাণী: এজন শত্ৰুৱে ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি দিব। সেই বনক শস্য দোৱাৰ সময়লৈকে ধানৰ লগতে একেলগে বাঢ়িবলৈ দিয়া হʼব। সেই সময়ছোৱাত বিনৈ বন ইমানেই বাঢ়ি যাব যে ধানক দেখা পোৱা নাযাব। শস্য দোৱাৰ সময়ত ধানক বিনৈ বনৰপৰা পৃথক কৰা হʼব।

    পূৰ্ণতা: ১৮৭০ চনৰপৰা সত্য আৰু মিছা খ্ৰীষ্টানসকলৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা গʼল। শেষকালত সত্য খ্ৰীষ্টানসকলক মিছা খ্ৰীষ্টানসকলৰপৰা পৃথক কৰি খ্ৰীষ্টান মণ্ডলীত একত্ৰিত কৰা হয়।

  • ভৱিষ্যতবাণী ৫.

    পদবোৰ: দানি. ২:৩১-৩৩, ৪১-৪৩

    ভৱিষ্যতবাণী: লোহা আৰু মাটিৰ ভৰি এনে এক মূৰ্তিৰ হয়, যি বেলেগ বেলেগ ধাতুৰে নিৰ্মিত।

    পূৰ্ণতা: মাটি সেই সাধাৰণ লোকসকলক চিত্ৰিত কৰে, যিসকলৰ ওপৰত ব্ৰিটেইন আৰু আমেৰিকাই শাসন কৰে। এই লোকসকলে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিৰ বিৰুদ্ধে বিদ্ৰোহ কৰে, যাৰ বাবে ইয়াৰ লোহাৰ দৰে শক্তি দুৰ্বল হৈ পৰে অৰ্থাৎ এই বিশ্ব শক্তিয়ে নিজৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব নোৱাৰে।

  •  তালিকা ২, ১৯১৯ চনৰপৰা ১৯৪৫ চনলৈকে শেষকালৰ ভৱিষ্যতবাণীবোৰ দেখুওৱা হৈছে। ১৯৪৫ চনলৈকে উত্তৰ দেশৰ ৰজা জাৰ্মানী আছিল আৰু তাৰ পাছত নতুন ৰজা উদ্ভৱ হৈছিল। দক্ষিণ দেশৰ ৰজা ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি হিচাপে চিনাক্ত হৈ পৰে। ভৱিষ্যতবাণী ৬: ১৯১৯ চনত অভিষিক্ত খ্ৰীষ্টানসকলক পবিত্ৰ কৰা মণ্ডলীত একগোট কৰা হৈছিল। ১৯১৯ চনৰপৰা প্ৰচাৰ কাৰ্য্য উৎসাহেৰে কৰা হয়। ভৱিষ্যতবাণী ৭: ১৯২০ চনত ৰাষ্ট্ৰ সংঘৰ স্থাপন হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধলৈকে আছিল। এয়াও চিত্ৰিত কৰা হৈছে: ভৱিষ্যতবাণী ১: সাতোটা মূৰ থকা পশু আছে। ভৱিষ্যতবাণী ৫: লোহা আৰু মাটিৰে নিৰ্মিত ভৰি আছে। ১৯৩৯ চনৰপৰা ১৯৪৫ চনলৈকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত হোৱা বিশ্ব ঘটনাবোৰ। যিহোৱাৰ লোকসকলক প্ৰভাৱিত কৰা ঘটনা: ১৯৩৩ চনৰপৰা ১৯৪৫ চনলৈকে জাৰ্মানী ১১,০০০ তকৈ বেছি সাক্ষীক জেলত বন্দী কৰা হৈছিল। ১৯৩৯ চনৰপৰা ১৯৪৫ চনলৈকে ব্ৰিটেইনত প্ৰায় ১,৬০০ সাক্ষীক জেলত বন্দী কৰা হৈছিল। ১৯৪০ চনৰপৰা ১৯৪৪ চনলৈকে আমেৰিকাত সাক্ষীসকলক ২,৫০০ তকৈ বেছি বাৰ উগ্ৰ জনতাই আক্ৰমণ কৰিছিল।
    ভৱিষ্যতবাণী ৬.

    পদবোৰ: মথি ১৩:৩০; ২৪:১৪, ৪৫; ২৮:১৯, ২০

    ভৱিষ্যতবাণী: “ধান” অৰ্থাৎ সত্য খ্ৰীষ্টানসকলক “ভঁৰালত” অৰ্থাৎ সত্য খ্ৰীষ্টান মণ্ডলীত একত্ৰিত কৰা হʼব। ‘বিশ্বাসী বুদ্ধিমান দাসক’ “সিহঁতৰ” ওপৰত নিযুক্ত কৰা হʼব। “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে” ঘোষণা কৰাৰ কাম আৰম্ভ হʼব।

    পূৰ্ণতা: ১৯১৯ চনত বিশ্বাসী বুদ্ধিমান দাসক ঈশ্বৰৰ লোকসকলৰ ওপৰত নিযুক্ত কৰা হৈছিল। তেতিয়াৰেপৰা বাইবেল বিদ্যাৰ্থীসকলে প্ৰচাৰ কাম উৎসাহেৰে কৰিবলৈ আৰম্ভ কৰে। আজি যিহোৱাৰ সাক্ষীসকলে ২০০ তকৈ বেছি দেশত প্ৰচাৰ কৰিছে আৰু ১,০০০ তকৈ বেছি ভাষাত বাইবেল আধাৰিত প্ৰকাশনবোৰ প্ৰস্তুত কৰিছে।

  • ভৱিষ্যতবাণী ৭.

    পদবোৰ: দানি. ১২:১১; প্ৰকা. ১৩:১১, ১৪, ১৫

    ভৱিষ্যতবাণী: দুটা শিং থকা পশুৱে লোকসকলক ‘পশুৰ এটা প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিবলৈ’ কʼব আৰু দুটা শিং থকা পশুৱে আন পশুৰ “প্ৰতিমূৰ্ত্তিক প্ৰাণ-বায়ু” দিব।

    পূৰ্ণতা: ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে ৰাষ্ট্ৰ সংঘ স্থাপন কৰাত প্ৰথম পদক্ষেপ লৈছিল। আন আন ৰাষ্ট্ৰবোৰেও এই সংগঠনত জড়িত হৈছিল। কিন্তু তেওঁ কেৱল ১৯২৬ চনৰপৰা ১৯৩৩ চনলৈকে এই সংঘৰ সদস্য আছিল। লোকসকলে বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰ সংঘই জগতত শান্তি আনিব। কিন্তু এই কাম কেৱল ঈশ্বৰৰ ৰাজ্যই কৰিব পাৰে। পাছলৈ তেওঁলোকে যুক্তৰাষ্টৰ বিষয়েও এইদৰে বিশ্বাস কৰিছিল।

  • তালিকা ৩, ১৯৪৫ চনৰপৰা ১৯৯১ চনলৈকে শেষকালৰ ভৱিষ্যতবাণীবোৰ দেখুওৱা হৈছে। ১৯৯১ চনলৈকে উত্তৰ দেশৰ ৰজা ছʼভিয়েট সংঘ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰ আছিল, তাৰ পাছত ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰ উত্তৰ দেশৰ ৰজা হৈ পৰিল। দক্ষিণ দেশৰ ৰজা ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি হিচাপে চিনাক্ত হৈ পৰে। ভৱিষ্যতবাণী ৮: যুদ্ধত পৰমাণু বোমা বিস্ফোৰণ হৈ ডাৱৰ কাঠফোলাৰ দৰে আকাৰ লৈছে, যিয়ে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে কৰা ধ্বংসক চিত্ৰিত কৰিছে। ভৱিষ্যতবাণী ৯: ১৯৪৫ চনত ৰাষ্ট্ৰ সংঘৰ ঠাইত যুক্তৰাষ্ট্ৰ স্থাপন হৈছিল। এয়াও চিত্ৰিত কৰা হৈছে: প্ৰথম ভৱিষ্যতবাণী, সাতোটা মূৰ থকা পশু আছে। ভৱিষ্যতবাণী ৫: লোহা আৰু মাটিৰে নিৰ্মিত ভৰি আছে। ভৱিষ্যতবাণী ৬, ১৯৪৫ চনত প্ৰচাৰকৰ সংখ্যা ১,৫৬,০০০ তকৈ বেছি। ১৯৯১ চনত ৪২,৭৮,০০০ তকৈ বেছি প্ৰচাৰক। যিহোৱাৰ লোকসকলক প্ৰভাৱিত কৰা ঘটনা: ১৯৪৫ চনৰপৰা ১৯৫১ চনলৈকে ছʼভিয়েট সংঘই হাজাৰ হাজাৰ সাক্ষীক ছাইবেৰিয়ালৈ পঠাই দিয়ে।
    ভৱিষ্যতবাণী ৮.

    পদবোৰ: দানি. ৮:২৩, ২৪

    ভৱিষ্যতবাণী: এজন ভয়ংকৰ ৰজাই “বিস্ময় মনাকৈ সংহাৰ কৰিব।”

    পূৰ্ণতা: ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে বহুতোলোকক হত্যা কৰিলে আৰু সংহাৰ কৰিলে। উদাহৰণস্বৰূপে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত আমেৰিকাই এনে এক দেশত দুটা পৰমাণু বোমা বিস্ফোৰণ কৰে, যি ব্ৰিটেইন আৰু আমেৰিকাৰ শত্ৰু আছিল। এই বোমা বিস্ফোৰণৰপৰা ইমানেই ধ্বংস হৈছিল, যি আগতে কেতিয়াও হোৱা নাছিল।

  • ভৱিষ্যতবাণী ৯.

    পদবোৰ: দানি. ১১:৩১; প্ৰকা. ১৭:৩, ৭-১১

    ভৱিষ্যতবাণী: দহোটা শিং থকা এটা “সেন্দুৰ বৰণীয়া” পশু অগাধ ঠাইৰপৰা বাহিৰলৈ ওলাব। তেওঁ অষ্টম ৰজা হʼব। দানিয়েল কিতাপত এই ৰজাজনক “ধ্বংসকাৰী ঘিণলগীয়া বস্তু” বুলি কোৱা হৈছে।

    পূৰ্ণতা: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ৰাষ্ট্ৰ সংঘৰ ধ্বংস হয়। যুদ্ধৰ পাছত যুক্তৰাষ্ট্ৰক “স্থাপন” কৰা হৈছিল। ৰাষ্ট্ৰ সংঘৰ দৰে যুক্তৰাষ্ট্ৰয়ো শান্তি আনিব বুলি বিশ্বাস কৰা হৈছিল। কিন্তু এই কাম ঈশ্বৰৰ ৰাজ্যই কৰিব পাৰে। যুক্তৰাষ্ট্ৰই ধৰ্মবোৰক ধ্বংস কৰিব।

  • তালিকা ৪, বৰ্তমানৰপৰা হৰমাগিদোনলৈকে শেষকালৰ ভৱিষ্যতবাণীবোৰ দেখুওৱা হৈছে। ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰ উত্তৰ দেশৰ ৰজা হিচাপে চিনাক্ত হৈছে। দক্ষিণ দেশৰ ৰজা ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি হিচাপে চিনাক্ত হৈ পৰে। ভৱিষ্যতবাণী ১০: জগতৰ ৰাষ্ট্ৰই ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰ’ ঘোষণা কৰিব। তাৰ পাছত মহাক্লেশ আৰম্ভ হʼব। ভৱিষ্যতবাণী ১১: ৰাষ্ট্ৰই মিছা ধৰ্মক ধ্বংস কৰিব। ভৱিষ্যবাণী ১২: জগতৰ চৰকাৰে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। বাকী থকা অভিষিক্ত লোকসকলক স্বৰ্গত একত্ৰিত কৰা হʼব। ভৱিষ্যতবাণী ১৩: হৰমাগিদোন। বগা ঘোঁৰা ওপৰত উঠাজনে জয় কৰিব। সাতোটা মূৰ থকা পশুক ধ্বংস হʼল; বিশাল মূৰ্তিৰ লোহা আৰু মাটিৰে নিৰ্মিত ভৰিক ধ্বংস হʼল। এয়াও চিত্ৰিত কৰা হৈছে: ভৱিষ্যবাণী ১, সাতোটা মূৰ থকা পশু হৰমাগিদোনলৈকে থাকিব। ভৱিষ্যতবাণী ৫, লোহা আৰু মাটিৰে নিৰ্মিত ভৰি হৰমাগিদোনলৈকে থাকিব। ভৱিষ্যতবাণী ৬, বৰ্তমান সময়ত ৮৫,৮০,০০০ তকৈ বেছি প্ৰচাৰক। যিহোৱাৰ লোকসকলক প্ৰভাৱিত কৰা ঘটনা: ২০১৭ ৰুছ অধিকাৰীসকলে সাক্ষীসকলক জেলত বন্দী কৰি শাখা কাৰ্য্যালয়বোৰ দখল কৰিছিল।
    ভৱিষ্যতবাণী ১০ আৰু ১১.

    পদবোৰ: ১ থিচ. ৫:৩; প্ৰকা. ১৭:১৬

    ভৱিষ্যতবাণী: জগতৰ ৰাষ্ট্ৰই ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰ’ ঘোষণা কৰিব। “দহোটা শিং” আৰু “পশুৱে” “বেশ্যাক” ধ্বংস কৰিব। তাৰ পাছত ৰাষ্ট্ৰকো ধ্বংস কৰা হʼব।

    পূৰ্ণতা: জগতত শান্তি আৰু সুৰক্ষা আনিব বুলি ৰাষ্ট্ৰই হয়তো দাবী কৰিব পাৰে। তাৰ পাছত সেই যুক্তৰাষ্ট্ৰৰ সদস্য ৰাষ্ট্ৰই মিছা ধৰ্মক ধ্বংস কৰিব। এইদৰে মহাক্লেশৰ আৰম্ভ হʼব। যেতিয়া হৰমাগিদোনত জগতৰ দুষ্ট ব্যৱস্থাক ধ্বংস কৰা হʼব তেতিয়া মহাক্লেশ শেষ হʼব।

  • ভৱিষ্যতবাণী ১২.

    পদবোৰ: যিহি. ৩৮:১১, ১৪-১৭; মথি ২৪:৩১

    ভৱিষ্যতবাণী: গোগে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। ইয়াৰ পাছত স্বৰ্গদূতসকলে “মনোনীত লোকবিলাকক” একগোট কৰিব।

    পূৰ্ণতা: উত্তৰ দেশৰ ৰজা আৰু বাকী থকা জগতৰ চৰকাৰে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। গোগে আক্ৰমণ কৰাৰ কিছুসময়ৰ পাছত বাকী থকা অভিষিক্ত লোকক স্বৰ্গলৈ নিয়া হʼব।

  • ভৱিষ্যতবাণী ১৩.

    পদবোৰ: যিহি. ৩৮:১৮-২৩; দানি. ২:৩৪, ৩৫, ৪৪, ৪৫; প্ৰকা. ৬:২; ১৬:১৪, ১৬; ১৭:১৪; ১৯:২০

    ভৱিষ্যতবাণী: ‘বগা ঘোঁৰা ওপৰত উঠাজনে’ গোগ আৰু তাৰ সৈন্য-বাহিনীক ধ্বংস কৰিব আৰু এইদৰে “জয় কৰিব।” ‘পশুক গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, পেলাই’ দিয়া হʼব। বিশাল মূৰ্তিক ধ্বংস কৰা হʼব।

    পূৰ্ণতা: ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিব। যীচু, ১,৪৪,০০০ জন লোক আৰু স্বৰ্গদূতে ৰাষ্ট্ৰৰ সেই সমূহক ধ্বংস কৰিব, যিয়ে ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰিব। এইদৰে চয়তানৰ ব্যৱস্থাৰ ধ্বংস হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক